অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কাৰিকৰী শিক্ষাৰ অন্যতম শিক্ষানুষ্ঠান

ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান

ভাৰতৰ কাৰিকৰী শিক্ষাৰ দিশটোলৈ মন কৰিলে প্ৰথম মনলৈ অহা প্ৰতিষ্ঠানটোৰ নামেই হৈছে ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান। ভাৰতীয় ঔদ্যোগিক ক্ষেত্ৰখনত প্ৰয়োজনীয় মানৱ সম্পদৰ চাহিদা পূৰণৰ ক্ষেত্ৰত ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান, চমুকৈ আই টি আইৰ অৱদান যথেষ্ট আছে। ভাৰতত প্ৰথমখন ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান স্থাপন হৈছিল ১৯৬৯ চনত। ভাৰতীয়সকলক কাৰিকৰী শিক্ষাৰ ক্ষেত্ৰত আগবঢ়াই নিয়াৰ উদ্দেশ্য আগত ৰাখি স্থাপন হোৱা চৰকাৰী খণ্ডৰ ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান আৰু বেচৰকাৰী খণ্ডৰ ঔদ্যোগিক প্ৰশিক্ষণ কেন্দ্ৰৰ মুঠ ১২,০০০ শিক্ষা প্ৰতিষ্ঠান ভাৰতত আছে বৰ্তমান।

নিয়োগৰ সুবিধা

আই টি আইৰ বিভিন্ন শিক্ষানুষ্ঠানত নামভৰ্তিৰ বাবে সাধাৰণতে ছাত্ৰ-ছাত্ৰীয়ে Combined Entrance Test নামৰ এক বাছনি পৰীক্ষাত উত্তীৰ্ণ হ’ব লাগে যদিও শৈক্ষিক পাৰদৰ্শিতাৰ ওপৰত ভিত্তি কৰিও নামভৰ্তি কৰা হয়। মাচুলৰ ক্ষেত্ৰত দেখা যায় যে অতি কম খৰচত ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰিব পাৰে। আই টি আইৰ পাঠ্যক্ৰম সম্পূৰ্ণ কৰা সকলৰ বাবে নিয়োগৰো যথেষ্ট সুবিধা আছে। ইয়াৰ বিভিন্ন বিষয়ৰ ওপৰত পাঠ্যক্ৰম সম্পূৰ্ণ কৰাসকলে বিভিন্ন উদ্যোগ, কাৰখানা আদিত নিয়োজিত হ’ব পাৰে। তদুপৰি চৰকাৰী খণ্ডৰ বিভিন্ন বিভাগৰ লগতে বেচৰকাৰী খণ্ডৰো বিভিন্ন বিভাগত নিয়োজিত হ’ব পাৰে। সাধাৰণতে চৰকাৰী খণ্ডৰ ক্ষেত্ৰত ৰে’লৱে, পুলিচ, সামৰিক বাহিনী আদি প্ৰধান। আই টি আইত থকা ষ্টেন’গ্ৰাফী, কম্পিউটাৰ, কোম্পানী ছেক্ৰেটাৰী আদি পাঠ্যক্ৰম সম্পূৰ্ণ কৰাসকলে বিভিন্ন কাৰ্যালয়ত নিয়োজিত হ’ব পাৰে। তদুপৰি যিসকলে শিক্ষকতা আদি ভাল পায়, তেওঁলোকে বিভিন্ন কাৰিকৰী শিক্ষাৰ শিক্ষানুষ্ঠান শিক্ষক/প্ৰশিক্ষক আদি হিচাপে কেৰিয়াৰ আৰম্ভ কৰিব পাৰে। তাৰ বাহিৰেও আই টি আইৰ বিভিন্ন পাঠ্যক্ৰম, যেনে- কাটিং, ইলেক্ট্ৰিচিয়ান, মেকানিক, বিউটিচিয়ান আদিৰ উপৰি আৰু এনে বিভিন্ন পাঠ্যক্ৰম আছে, যি পাঠ্যক্ৰম সম্পূৰ্ণ কৰাসকলে চাকৰি কৰাৰ লগতে স্বাধীন ব্যৱসায়ো কৰিব পাৰে।

শিক্ষাগ্ৰহণৰ সুবিধাবোৰ

বৰ্তমান দেখা যায় যে শিক্ষাগ্ৰহণৰ ক্ষেত্ৰখনত যিকোনো মাধ্যম বা যিকোনো বিষয়তেই হওক ই যথেষ্ট ব্যয়বহুল, কিন্তু ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান ইয়াৰ সম্পূৰ্ণ বিপৰীত। ইয়াত অতি কম খৰচত ছাত্ৰ-ছাত্ৰীয়ে যিকোনো এটা বিষয়ৰ ওপৰত কাৰিকৰী শিক্ষা গ্ৰহণ কৰিব পাৰে। ক’ব পাৰি যে সমাজৰ দুৰ্বল শ্ৰেণীৰ বাবে, যি আৰ্থিক অভাৱৰ বাবে উচ্চ শিক্ষাৰ কথা চিন্তা কৰিব নোৱাৰে, তেওঁলোকে এই প্ৰশিক্ষণৰ জৰিয়তে স্বাৱলম্বী হ’ব পাৰে। যিসকল শিক্ষাগত অৰ্হতাৰ ফালৰপৰা কিছু পিছপৰা, তেওঁলোকৰ বাবেও ই সুবিধাজনক। কাৰণ ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানত নামভৰ্তিৰ বাবে সাধাৰণতে শিক্ষাগত অৰ্হতা মেট্ৰিক বা হাইস্কুল উত্তীৰ্ণ হ’লেই হয়। আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো হৈছে ভাৰতত ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানেই হৈছে একমাত্ৰ শিক্ষানুষ্ঠান, যাৰ এন চি ভি টি চাৰ্টিফিকেট আন্ত:ৰাষ্ট্ৰীয় শ্ৰম সংস্থাই প্ৰদান কৰা। সেয়েহে এই প্ৰমাণপত্ৰ পোৱাসকলে বিশ্বৰ যিকোনো ঠাইত নিয়োগৰ বাবে আবেদন কৰিব পাৰে। বৰ্তমান আই টি আয়ে ছাত্ৰ-ছাত্ৰীৰ বাবে কেম্পাছ ইণ্টাৰভিউৰো আয়োজন কৰে, যাৰ জৰিয়তে ছাত্ৰ-ছাত্ৰী সহজেই নিয়োজিত হ’ব পাৰে। তদুপৰি আই টি আইৰ বিভিন্ন পাঠ্যক্ৰমসমূহ সজোৱা হৈছে বিভিন্ন উদ্যোগত প্ৰয়োজন হোৱা ধৰণেৰে। লগতে আই টি আইৰ দিনৰ আঠ ঘণ্টাৰ পাঠদানেও বিভিন্ন উদ্যোগৰ কাম কৰা সময়ৰ লগতে ইয়াৰ পৰিবেশৰ লগত মিলি যোৱাত সহায় কৰে ছাত্ৰ-ছাত্ৰীক। প্ৰতিটো ক্লাছতে ১৬ জনৰ পৰা ২১ জন ছাত্ৰ-ছাত্ৰী সাধাৰণতে থাকে আৰু সীমিতসংখ্যক ছাত্ৰ-ছাত্ৰী থকাৰ বাবে পাঠদানৰ ক্ষেত্ৰত গুৰুত্ব লাভ কৰে শিক্ষকৰ পৰা। তদুপৰি বৰ্তমান সময়ত আই টি আইত প্ৰায় ৩০০ বিষয়ৰ শিক্ষাদান কৰা হয়। আটাইতকৈ সুবিধাজনক দিশটো হৈছে ইয়াত মাধ্যমৰ ক্ষেত্ৰত কোনো বাধ্যবাধকতা নাই। ছাত্ৰ-ছাত্ৰীয়ে ইংৰাজী বা হিন্দী যিকোনো এটা মাধ্যমতেই পৰীক্ষা দিব পাৰে।

আগশাৰীৰ শিক্ষানুষ্ঠান

  • ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিং ইনষ্টিটিউট, ৰিহাবাৰী, গুৱাহাটী
  • ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিং ইনষ্টিটিউট, তিনিচুকীয়া
  • ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিং ইনষ্টিটিউট, তেজপুৰ, জাহাজঘাট

লিখক: অৰূপ কুমাৰ ডেকা, সম্ভাৰ।

শেহতীয়া উন্নীতকৰণ: : 3/24/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate