অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কৃষি প্ৰযুক্তিবিদ্যাৰ কেৰিয়াৰ

কৃষি প্ৰযুক্তিবিদ্যাৰ কেৰিয়াৰ

এগ্রিকালচাৰ ইঞ্জিনিয়াৰিং বা কৃষি অভিযান্ত্রিক পাঠ্যক্রম পঢ়ি ছাত্র-ছাত্রীসকলে এটা সুন্দৰ কেৰিয়াৰ গঢ়িব পাৰে। এগ্রিকালচাৰ ইঞ্জিনিয়াৰিং বা কৃষি অভিযান্ত্রিক পাঠ্যক্রমত বৈজ্ঞানিক সূত্র প্রয়োগ কৰি প্ৰযুক্তিবিদ্যা পদ্ধতিৰে গুণগত মন অটুট ৰাখি কৃষিজাত উত্পাদনৰ সমস্যা সমাধানৰ বিষয়ে জ্ঞান প্রদান কৰে। এগ্রিকালচাৰ ইঞ্জিনিয়াৰিঙৰ স্নাতক পাঠ্যক্রমত নাম ভৰ্তি কৰিব বাবে ছাত্র -ছাত্রীসকলে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত বিজ্ঞান শাখাত পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, গণিত বিষয়সহ উত্তীৰ্ণ হ’ব লাগে। স্নাতক পাঠ্যক্রমত নাম ভৰ্তি বাবে বাছনি পৰীক্ষা অনুষ্ঠিত হয়।

এগ্রিকালচাৰ ইঞ্জিনিয়াৰিঙত চাৰ্টিফিকেট, ডিপ্লমা , স্নাতকোত্তৰ আৰু পি.এইচ.ডি. পাঠ্যক্রম অধ্যয়ন কৰিব পাৰে। দেশৰ বিভিন্ন স্থানৰ লগতে অসমতো এগ্রিকালচাৰ ইঞ্জিনিয়াৰিঙৰত শিক্ষা গ্রহণ কৰিব পৰা শিক্ষানুষ্ঠান আছে। অসম বিশ্ববিদ্যালয় (http://www.aus.ac.in) ত এগ্রিকালচাৰ ইঞ্জিনিয়াৰিঙৰ স্নাতক পাঠ্যক্রমত আসনৰ সংখ্যা ৬০ খন । ইয়াত এগ্রিকালচাৰ ইঞ্জিনিয়াৰিঙৰ স্নাতকোত্তৰ আৰু পি.এইচ.ডি. পাঠ্যক্রম অধ্যয়ন কৰিব পৰা সুবিধা আছে । যোৰহাটত অৱস্থিত “প্ৰিন্স অফ ৱেল্চ অভিযান্ত্ৰিক আৰু প্ৰযুক্তি প্ৰতিষ্ঠান (http://www.powietjrt.org) ”ত এগ্রিকালচাৰ ইঞ্জিনিয়াৰিঙৰ ডিপ্লমা পাঠ্যক্রম অধ্যয়ন কৰিব পৰা সুবিধা আছে । হাইস্কুল শিক্ষান্ত পৰীক্ষাত গণিত আৰু সাধাৰণ বিজ্ঞান বিষয়ত নূন্যতম ৪০ শতাংশ নম্বৰসহ উত্তীৰ্ণ হোৱা সকলে এটি প্রৱেশ পৰীক্ষা[Polytechnic Admission Test (PAT)]ৰ জৰিয়তে এগ্রিকালচাৰ ইঞ্জিনিয়াৰিঙৰ তিনি বছৰীয়া ডিপ্লমা পাঠ্যক্রমত নামভৰ্তিৰ সুবিধা আছে ।

এগ্রিকালচাৰ ইঞ্জিনিয়াৰিঙৰ শিক্ষা গ্রহণ কৰিব পৰা অসমৰ বাহিৰৰ কেইখনমান শিক্ষানুষ্ঠান হ’ল – অন্ধপ্রদেশ কৃষি বিশ্ববিদ্যালয় (http://www.angrau.ac.in) , এলাহাবাদ কৃষি প্রতিষ্ঠান (http://www.shiats.edu.in),কলেজ অৱ এগ্রিকালচাৰ ইঞ্জিনিয়াৰিং এণ্ড টেকন’লজী (http://caet.ac.in) ,জুনাগড় কৃষি বিশ্ববিদ্যালয় (http://www.jau.in),ভাৰতীয় প্রযুক্তিবিদ্যা প্রতিষ্ঠান খড়গপুৰ (http://www.agri.iitkgp.ernet.in) ,কেৰেলা কৃষি বিশ্ববিদ্যালয় (http://www.kau.in) ,পঞ্জাৱ কৃষি বিশ্ববিদ্যালয় (http://www.pau.edu/) আদি। এই শিক্ষানুষ্ঠানবোৰত এগ্রিকালচাৰ ইঞ্জিনিয়াৰিঙৰ বিভিন্ন পাঠ্যক্রমত নাম ভৰ্তিৰ বাবে প্রয়োজন হোৱা শিক্ষাগত অৰ্হতা তথা নাম ভৰ্তি প্রক্রিয়া শিক্ষানুষ্ঠান অনুযায়ী বিভিন্ন হয়। সবিশেষ তথ্য জানিবৰ বাবে শিক্ষানুষ্ঠানবোৰৰ ৱেবছাইটত চাব পাৰে।

এগ্রিকালচাৰ ইঞ্জিনিয়াৰিং বা কৃষি অভিযান্ত্রিক পাঠ্যক্রম সমাপ্ত হোৱা পিছত চৰকাৰী-বেচৰকাৰী খণ্ডত বিভিন্ন পদত নিযুক্তি লাভ কৰিব পাৰে । কেন্দ্রীয় আৰু ৰাজ্যিক চৰকাৰৰ কৃষি বিভাগ , ভাৰতীয় খাদ্য নিগম, ভাৰতীয় কৃষি গৱেষণা পৰিষদ, ভাৰতীয় বিজ্ঞান আৰু ঔদ্যোগিক গৱেষণা পৰিষদ, কৃষি সজুঁলি উৎপাদন উদ্যোগ আদিত কৃষি অভিযান্ত্রিকৰ পাৰদৰ্শীসকলে নিযুক্তি লাভ কৰা দেখা যায়। কৃষি লগত জড়িত ৰাষ্ট্রীয় আৰু আন্তঃৰাষ্ট্রীয় পৰ্যায়ৰ NGO বোৰেও কৃষি অভিযন্তাসকলক নিযুক্তি দিয়ে। কৃষি বিষয়ৰ গৱেষণা প্রতিষ্ঠানবোৰতো নিযুক্তি লাভ কৰিব পাৰে। কৃষি মহাবিদ্যালয়/বিশ্ববিদ্যালয়ত অধ্যাপক হিচাপে কেৰিয়াৰ আৰম্ভ কৰিব পাৰে।

ড° বুলজিৎ বুঢ়াগোহাঁই, সহকাৰী অধ্যাপক, যান্ত্রিক অভিযান্ত্রিক বিভাগ,

গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড টেকন’লজী.।

শেহতীয়া উন্নীতকৰণ: : 3/7/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate