অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

খাদ্য প্রযুক্তিৰ পাঠ্যক্রম

খাদ্য প্রযুক্তিৰ পাঠ্যক্রম

খাদ্য প্রযুক্তি (Food Technology) পাঠ্যক্রমত বৈজ্ঞানিক পদ্ধতিৰে খাদ্যবস্তু প্রস্তুত, সংৰক্ষণ, গুণগত মন অটুট ৰখা আদি বিষয়ে জ্ঞান প্রদান কৰে। খাদ্য প্রযুক্তি (Food Technology) পাঠ্যক্রমক কেৰিয়াৰ হিচাপে গ্রহণ কৰিব বিচাৰিলে শিক্ষাৰ্থীগৰাকীয়ে এই বিষয়ত চাৰ্টিফিকেট, ডিপ্লমা, স্নাতক, স্নাতকোত্তৰ , পি.এইচ.ডি. আদি পাঠ্যক্রম অধ্যয়ন কৰিব পাৰে। শিক্ষাগত অৰ্হতা আৰু অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি চৰকাৰী-বেচৰকাৰী খণ্ডৰ বিভিন্ন পদত নিযুক্তি লাভ কৰিব পাৰে। যেনে - ফুড টেকন’লজীষ্ট , ফুড ৰিচাৰ্চ এনালিষ্ট , ফুড ইনস্পেক্টৰ , মেনেজাৰ ৰিচাৰ্ছৰ, প্রডাক্ট ডেভেলপেণ্ট, কোৱালিটি এছিউৰ মেনেজাৰ, লেবৰেটৰী ছুপাৰভাইজাৰ, ফুড প্ৰচেচিং অপাৰেটৰ, ফুড পেকেজিং মেনেজাৰ , ফুড প্রচেছিং টেকনিছিয়ান আদি। এজন সফল খাদ্য প্রযুক্তিবিদ হবলৈ হ’লে প্ৰাৰ্থীগৰাকীৰ কিছুমান গুণ থকা দৰকাৰ, যেনে-অনুসন্ধিৎসু মন, নিষ্ঠাবান, সূক্ষ্মদৰ্শী ,পৰিস্কাৰ-পৰিচ্ছন্নতাৰ প্রতি সচেতন , সাৱধানী , কষ্টসহিষ্ণুতা , সুন্দৰ নিৰীক্ষণ ক্ষমতা , দায়িত্ববোধ আদি।

দেশৰ বিভিন্ন স্থানৰ লগতে অসমৰ ‘তেজপুৰ বিশ্ববিদ্যালয় (http://www.tezu.ernet.in )’ ত খাদ্য প্রযুক্তি (Food Technology) বিভিন্ন পাঠ্যক্রমত শিক্ষা গ্রহণ কৰিব পৰা সুবিধা আছে । যেনে- B. Tech. in Food Engineering and Technology (আসনৰ সংখ্যা ১০) , Integrated M. Tech. in Food Engineering and Technology (আসনৰ সংখ্যা ১২) , M. Tech. in Food Engineering and Technology (আসনৰ সংখ্যা ১৮) আৰু Ph.D. in Food Processing Technology । এই পাঠ্যক্রমবোৰত নামভৰ্তিৰ সবিশেষ জানিবৰ বাবে শিক্ষাৰ্থীসকলে তেজপুৰ বিশ্ববিদ্যালয়ৰ ৱেবচাইট (http://www.tezu.ernet.in/dfpt/) চাব পাৰে ।

অসমৰ বাহিৰৰ কেইখনমান শিক্ষানুষ্ঠান হ’ল - অন্ধ্ৰ বিশ্ববিদ্যালয় (http://www.andhrauniversity.edu.in/), আনন্দ কৃষি বিশ্ববিদ্যালয় (www.aau.in ), এম. এচ. ইউনিভাৰ্চিটি অৱ বৰ’ডা (www.msubaroda.ac.in), এলাহাবাদ কৃষি প্রতিষ্ঠান (http://www.shiats.edu.in), কানপুৰ বিশ্ববিদ্যালয় (http://www.kanpuruniversity.org ), কেন্দ্রীয় খাদ্য প্রযুক্তি গৱেষণা প্রতিষ্ঠান, মহীশূৰ (http://www.cftri.com), কলকতা বিশ্ববিদ্যালয় (http://www.caluniv.ac.in/), গুৰু নানক দেৱ বিশ্ববিদ্যালয় ( www.gndu.ac.in ), যাদবপুৰ বিশ্ববিদ্যালয় (www.jaduniv.edu.in ), ড° বাবাচাহেব আম্বেদকাৰ মৰাথৱাদা বিশ্ববিদ্যালয় (www.bamu.net ), তামিল নাডু কৃষি বিশ্ববিদ্যালয় (www.tnau.ac.in/), দিল্লী বিশ্ববিদ্যালয় ( http://www.du.ac.in ), নাগপুৰ বিশ্ববিদ্যালয় (http://www.nagpuruniversity.org), মাদ্রাছ বিশ্ববিদ্যালয় ( www.unom.ac.in ), মণিপুৰ বিশ্ববিদ্যালয় (http://en.manipuruniv.ac.in/), মুম্বাই বিশ্ববিদ্যালয় ( www.mu.ac.in),মহাত্মা গান্ধী বিশ্ববিদ্যালয় (http://www.mgu.ac.in), মহীশূৰ বিশ্ববিদ্যালয় ( www.uni-mysore.ac.in ), হিমাচল প্ৰদেশ কৃষি বিশ্ববিদ্যালয় (http://www.hillagric.ac.in ) আদি ।

এই বিষয়ত অধিক জানিবলৈ গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড টেকন’লজী, গুৱাহাটীত সহকাৰী অধ্যাপক ৰূপে যান্ত্রিক অভিযান্ত্রিক বিভাগত কৰ্মৰত এই লেখকক যোগাযোগো কৰিব পাৰে। যোগাযোগৰ সময়ঃ প্ৰতি শনিবাৰে সন্ধিয়া ৬-৯বজালৈ, ফোন: ০৯৪৩৫১-৮৮৬৩০।

লিখক: ড° বুলজিৎ বুঢ়াগোহাঁই

শেহতীয়া উন্নীতকৰণ: : 6/29/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate