অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

চাকৰি নে ব্যৱসায়

চাকৰি নে ব্যৱসায়

আমি এটা কথা লক্ষ্য কৰিছো যে শিক্ষাগত অৰ্হতা তথা দক্ষতা থাকিলেও বহুক্ষেত্ৰত বিভিন্ন কাৰণত ৰাজ্যখনৰ বহুতো যুৱক-যুৱতীয়ে চৰকাৰী অথবা ব্যক্তিগত প্ৰতিষ্ঠানত আশা কৰা মতে নিযুক্তি পাবলৈ সক্ষম নহয়। ফলত ৰাজ্যখনত নিবনুৱা সমস্যা এটা প্ৰধান সমস্যা হৈ পৰিছে। আমি সকলোৱে বুজি পোৱা উচিত যে চাকৰিৰ দ্বাৰা নিবনুৱা সমস্যা সমাধান কৰা কেতিয়াও সম্ভৱ নহয়। কিন্তু চাকৰি বাহিৰেও সৰু-বৰ উদ্যোগ গঢ়ি বা ব্যৱসায়-বাণিজ্য কৰি নিজে জীৱিকাৰ উপাৰ্জন কৰাৰ লগতে আনকো নিয়োগৰ সুবিধা দিব পাৰি। এই বিষয়ে চৰকাৰী অনুষ্ঠান, বে-চৰকাৰী অনুষ্ঠান, স্বেচ্ছাসেৱী অনুষ্ঠান আৰু ছাত্ৰ সংগঠনবোৰে ছাত্ৰ-ছাত্ৰী তথা যুৱক-যুৱতীসকলক ৰাজ্যখনৰ সকলো অঞ্চলতে সজাগতা সভা আৰু কৰ্মশালা আয়োজন কৰি কেন্দ্ৰীয় চৰকাৰৰ আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনি আৰু সা-সুবিধাবোৰৰ বিষয়ে ভালদৰে বুজাই দিয়াৰ লগতে বিভিন্ন ধৰণৰ ঋণ আগবঢ়োৱা বিত্তীয় অনুষ্ঠানবোৰৰ বিষয়ে বিতংকৈ জনাব লাগে। চৰকাৰী চাকৰি অবিহনে সৰু-বৰ উদ্যোগ গঢ়ি বা ব্যৱসায়-বাণিজ্য কৰিও সন্মানীয় জীৱন আৰু জীৱিকাৰ নিৰ্বাহ যে কৰিব পাৰি সেই কথা উপলব্ধি কৰি কিছুসংখ্যক যুৱক-যুৱতীয়ে স্ব-নিয়োজনৰ পথ বাছি ল’লে নিবনুৱা সমস্যা অলপ হ’লেও কমিব বুলি আশা কৰিব পাৰি।

এইখিনিতে এটা কথা উল্লেখ কৰা ভাল হ’ব যে কোনেও যিকোনো বিভাগৰ যিকোনো বিষয়ৰ কেৰিয়াৰত কেতিয়াও ১০০ শতাংশ সন্তুষ্ট হ’ব নোৱাৰে। সন্তুষ্ট হ’ব নোৱাৰা কাৰণবোৰৰ কিছুমান হ’ল কোনোবাই হয়তো দৰমহাকলৈ সন্তুষ্ট নহ’ব পাৰে, কোনোবাই হয়তো কৰ্মস্থলীক সন্তুষ্ট নহ’ব পাৰে, কোনোবাই হয়তো সহকৰ্মীক লৈ সন্তুষ্ট নহ’ব পাৰে ইত্যাদি। গতিকে যিকোনো বিভাগৰ যি বিষয়ত কেৰিয়াৰ গঢ়ক লাগিলে, তাতে মন-কাণ দি কাম কৰিলে ভাল হয়। লগতে আৰু এটা কথা কোৱা ভাল আমাৰ ৰাজ্যখনৰ বহুতে চৰকাৰী খণ্ডত চাকৰি কৰা বা ব্যৱসায়-বাণিজ্য কৰাসকলক নাচায়। কিন্তু সেইসকলৰে বহুতে আকৌ অসম বাহিৰত যিকোনো খণ্ডতে চাকৰি বা ব্যৱসায়-বাণিজ্য কৰাসকলক একে দৃষ্টিভংগীৰে চায়। এতিয়া কথা হ’ল যোগ্যতা থাকিলেও বিভিন্ন কাৰণত অসমত সকলোৰে চৰকাৰী চাকৰি নাপায় বা বহুতে চৰকাৰী চাকৰি বিভিন্ন কাৰণত কৰিব নিবিচাৰে। যিসকলে অসমত চৰকাৰী খণ্ডত চাকৰি কৰা আৰু ব্যক্তিগত খণ্ডত চাকৰি কৰা বা ব্যৱসায়-বাণিজ্য কৰাসকল বেলেগ বেলেগ দৃষ্টিভংগীয়ে চায়, সেইসকলে সকলোকে একে দৃষ্টিভংগীয়ে চাবলৈ চেষ্টা কৰা উচিত যিহেতু সকলোৰে দক্ষতা থকা বাবেহে কাম কৰি জীৱন ধাৰণ কৰি থকাসকলে চৰকাৰী খণ্ডত চাকৰি কৰা নাই বুলি হীনমন্যতাত ভোগা উচিত নহয়।

এইখিনিতে উদ্যোগী আৰু চাকৰিয়ালৰ মাজত থকা কিছুমান পাৰ্থক্যৰ বিষয়ে উল্লেখ কৰিব বিচাৰিছো। উদ্যোগী আৰু চাকৰিয়ালৰ মাজত থকা পাৰ্থক্যবোৰ হ’ল উদ্যোগীসকলে নিজে জীৱিকা উপাৰ্জন কৰাৰ লগতে আনকো নিয়োগৰ সুবিধা দিব পাৰে। চাকৰিয়ালৰ উপাৰ্জন সীমিত কিন্তু উদ্যোগীৰ নহয়। উদ্যোগীসকলে যিমানে যন্ত কৰে সিমানে উপাৰ্জন বৃদ্ধি হয়। চাকৰিয়ালসকলে সদায় সীমাৰ মাজত কাম কৰিব লাগে। কিন্তু উদ্যোগীসকলৰ কোনো সীমা নাই। উদ্যোগীসকলে নতুন নতুন দিশৰ পিনে কাম সম্প্ৰসাৰিত কৰিব পাৰে। চাকৰিয়াল এজন কৰ্মচাৰী মাথোন, কিন্তু উদ্যোগী এজন মালিক। মালিকৰ পদমৰ্য্যাদা সদায় ওপৰত। উদ্যোগী এজনে নিজে অৱসৰ নল’লে আনে তেওঁক অৱসৰ দিব নোৱাৰে। কাৰণ তেওঁ উদ্যোগৰ মালিক হয়, কৰ্মচাৰী নহয়। সাধাৰণতে চাকৰি কৰি সৎ উপায়েৰে উদ্যোগ গঢ়ি বা ব্যৱসায় কৰি ধনী হোৱা সম্ভৱ। চাকৰিয়ালসকলৰ দিনটোৰ বাবে নিৰ্দিষ্ট কৰ্ম সময় থাকে কিন্তু উদ্যোগীসকলৰ ক্ষেত্ৰত কৰ্মৰ কোনো নিৰ্দিষ্ট সময় সীমা নাথাকে। এতিয়া কথা হ’ল, ছাত্ৰ-ছাত্ৰী তথা শিক্ষিত যুৱক-যুৱতীয়ে চাকৰি কৰা নে উদ্যোগ গঢ়া কথা ভাবিব, সেয়া সকলোৰে ব্যক্তিগত কথা।

ব্যৱসায়-বাণিজ্য বা উদ্যোগ গঢ়িবলৈ হ’লে বিভিন্ন ধৰণৰ ঋণ আৰু সাহায্য আঁচনিৰ বিষয়ে দিহা-পৰামৰ্শ দিবলৈ জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰকে আদি কৰি চৰকাৰী বিভাগ অনুষ্ঠান-প্ৰতিষ্ঠানবোৰৰ উপৰি ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক বিভিন্ন বিত্তীয় অনুষ্ঠান, ৰাষ্ট্ৰীয়কৃত বেংকবোৰৰ আছে। ইয়াৰ ভিতৰত কিছুমান হ’ল ৰাষ্ট্ৰীয় ঔদ্যোগিক বিত্তীয় নিগম, ভাৰতীয় লঘু উদ্যোগ বিকাশ বেংক, ৰাষ্ট্ৰীয় লঘু উদ্যোগ নিগম, ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামীণ উন্নয়ন বেংক।

লিখক: ড০ বুলজিৎ বুঢ়াগোহাঁই।

শেহতীয়া উন্নীতকৰণ: : 3/13/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate