মূল পৃষ্ঠা / শিক্ষা / পেশাগত পথপ্ৰদৰ্শক / ছাত্ৰ-ছাত্ৰীৰ কেৰিয়াৰ গঠনত ছাত্ৰ সংগঠন, শিক্ষক, অভিভাৱকৰ ভূমিকা:
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ছাত্ৰ-ছাত্ৰীৰ কেৰিয়াৰ গঠনত ছাত্ৰ সংগঠন, শিক্ষক, অভিভাৱকৰ ভূমিকা:

ছাত্ৰ-ছাত্ৰীৰ কেৰিয়াৰ গঠনত ছাত্ৰ সংগঠন, শিক্ষক, অভিভাৱকৰ ভূমিকা লিখা হৈছে

 

আমাৰ ৰাজ্যখনৰ শিক্ষানুষ্ঠানসমূহত বিভিন্ন বিষয়ৰ পাঠ্যক্ৰম পঢ়িবৰ সুবিধা আছে। কিন্তু হাইস্কুল শিক্ষান্ত পৰীক্ষাত কৃতকাৰ্য হোৱা সকলো ছাত্ৰ-ছাত্ৰীয়ে নিজৰ পচন্দৰ পাঠ্যক্ৰম লৈ উচ্চ শিক্ষা লাভ কৰিবৰ বাবে পৰ্যাপ্ত সংখ্যক শিক্ষানুষ্ঠান আমাৰ ৰাজ্যখনত নাই। তদুপৰি নতুন নতুন পাঠ্যক্ৰমৰ সকলো বিষয় অসমৰ শিক্ষানুষ্ঠানসমূহত নাই। গতিকে অসমৰ কিছুসংখ্যক ছাত্ৰ-ছাত্ৰীয়ে প্ৰত্যেক বছৰে অসমৰ বাহিৰৰ শিক্ষানুষ্ঠানত উচ্চ শিক্ষা লাভ কৰিবলৈ যাবৰ বাবে বাধ্য হয়। কিন্তু ৰাজ্যখনৰ বহু ছাত্ৰ-ছাত্ৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত কি কি পঢ়িব পাৰি, অসম তথা দেশ-বিদেশৰ বিভিন্ন শিক্ষানুষ্ঠানসমূহত শিক্ষা লাভ কৰিবলৈ কি কি অৰ্হতা লাগে, প্ৰতিযোগিতামূলক পৰীক্ষাবোৰৰ বাবে কেনেদৰে পঢ়া-শুনা কৰিব লাগে, বিভিন্ন চাকৰিৰ কাৰণে কি কি অৰ্হতা লাগে, চাকৰিবোৰৰ বিজ্ঞাপনবোৰ ক’ত পোৱা যাব, বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাবোৰৰ বিষয়ে কেনেকৈ গম পোৱা যাব, ইন্টাৰনেটৰ জৰিয়তে কেনেকৈ শুদ্ধ তথ্য সংগ্ৰহ কৰিব পাৰি ইত্যাদি কথাবোৰ নাজানে। কিন্তু ইয়াৰ বাবে ছাত্ৰ-ছাত্ৰীসকলক দোষ দি লাভ নাই। যিহেতু এইবোৰ কথা আলোচনা কৰিবলৈ বিদ্যালয়-মহাবিদ্যালয়বোৰত সাধাৰণতে কোনো পিৰিয়ড ধাৰ্য কৰা নহয়। গতিকে ছাত্ৰ-ছাত্ৰীসকলে এই কথাষাৰ জনাৰ সুবিধা নাপায়। বিদ্যালয়-মহাবিদ্যালয় সপ্তাহৰ লগত সংগতি ৰাখি বিদ্যালয় তথা মহাবিদ্যালয়বোৰে কেৰিয়াৰ সম্পৰ্কীয় কৰ্মশালাৰ আয়োজন কৰিলে ভাল হয়। তেতিয়া ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন কেৰিয়াৰৰ বিষয়ে ধাৰণা লাভ কৰিবলৈ সক্ষম হ’ব। বিদ্যালয়-মহাবিদ্যালয়ৰ বাৰ্ষিক আলোচনীবোৰত কেৰিয়াৰ বিষয়ক লেখা প্ৰকাশ কৰিলে ছাত্ৰ-ছাত্ৰীসকল উপকৃত হ’ব। ছাত্ৰ-ছাত্ৰীসকলে কেৰিয়াৰ সম্পৰ্কীয় গ্ৰন্থ আৰু আলোচনী নিয়মীয়াকৈ পঢ়িলে নিজৰ কেৰিয়া নিৰ্বাচনত সহায় হ’ব।

বহুতে কয় যে ইন্টাৰনেটৰ জৰিয়তে কেৰিয়াৰ বিষয়ৰ সকলো তথ্য পাব পাৰি। গতিকে ছাত্ৰ-ছাত্ৰীসকলক কেৰিয়াৰ কাউন্সেলিং কৰাৰ প্ৰয়োজন নাই। হয়, ইন্টাৰনেটৰ পৰা কেৰিয়াৰ বিষয়ত তথ্য পাব পাৰি। কিন্তু আমাৰ ৰাজ্যখনৰ সকলো ছাত্ৰ-ছাত্ৰীয়ে ইন্টাৰনেট ব্যৱহাৰ কৰা সুবিধা পোৱা নাই আৰু ইন্টাৰনেট ব্যৱহাৰ কৰাৰ সুবিধা পোৱাসকলৰ বহুতে ইয়াৰ সুপ্ৰয়োগ কৰিবলৈ শিকা নাই। ইন্টাৰনেট কেনেকৈ ব্যৱহাৰ কৰিব লাগে, ইন্টাৰনেটৰ জৰিয়তে কেনেকৈ কেৰিয়াৰ বিষয়ৰ শুদ্ধ তথ্য পোৱা যাব ইত্যাদি বিষয়েও ছাত্ৰ-ছাত্ৰীসকলক শিক্ষা দিয়াৰ প্ৰয়োজন আছে। ইন্টাৰনেটত ছাৰ্চ ইঞ্জিন(Search Engine)ৰ জৰিয়তে কেৰিয়াৰ বিষয়ৰ তথ্য পাব পাৰো। কিন্তু কেনেকৈ শুদ্ধ আৰু শেহতীয়া তথ্য পোৱা যাব, সেই বিষয়ে জানিব লাগিব। কোনো শিক্ষানুষ্ঠান, অনুষ্ঠান-প্ৰতিষ্ঠান, বিভাগ আদিৰ তথ্য জানিব বিচাৰিলে সেই শিক্ষানুষ্ঠান, অনুষ্ঠান-প্ৰতিষ্ঠান, বিভাগবোৰৰ অফিচিয়েল ৱেবছাইটবোৰতহে শুদ্ধ আৰু শেহতীয়া তথ্য পোৱা যায়। যিবোৰ শিক্ষানুষ্ঠান, অনুষ্ঠান-প্ৰতিষ্ঠান, বিভাগৰ নিজস্ব ৱেবছাইট নাই, সেইবোৰৰ বিষয়ে জানিবলৈ বেলেগ অফিচিয়েল ৱেবছাইটবোৰৰ অধীনত থকা তথ্য গ্ৰহণ কৰিব লাগিব। ইন্টাৰনেটৰ পৰা শুদ্ধ আৰু শেহতীয়া তথ্য পাবৰ বাবে ভালদৰে শিকা উচিত, নহ’লে শুদ্ধ তথ্য পোৱা নাযাব তথা অযথা সময় খৰচ হ’ব।

যিকোনো বিশ্ববিদ্যালয়-মহাবিদ্যালয়ত নামভৰ্তি কৰাৰ পূৰ্বে শিক্ষানুষ্ঠানবোৰৰ বৈধতা/ডিগ্ৰীৰ মৰ্যাদা/ব্যৱস্থা/স্বীকৃতিপ্ৰাপ্তিৰ মৰ্যাদা আদিৰ বিষয়ে জানি ল’ব লাগে। এই তথ্যবোৰৰ বিভিন্ন শিক্ষা বিষয়ক পৰিষদ/সংস্থা আদিৰ ৱেবছাইটৰ পৰা লাভ কৰিব পাৰি। যেনে-

১)মানৱ সম্পদ উন্নয়নৰ মন্ত্ৰালয়(www.education.nic.in),

২)বিশ্ববিদ্যালয় অনুদান আয়োগ(www.ugc.ac.in),

৩)ভাৰতীয় চিকিৎসা পৰিষদ(www.mciindia.org),

৪)ৰাষ্ট্ৰীয় মূল্যাংকন আৰু স্বীকৃতি পৰিষদ(www.naac.gov.in),

৫)নিখিল ভাৰত কাৰিকৰী শিক্ষা পৰিষদ(www.aicte-india.org),

৬)ভাৰতীয় বিশ্ববিদ্যালয় সংস্থা(www.aiuweb.org),

৭)দূৰ শিক্ষা পৰিষদ(www.dec.ac.in),

৮)ভাৰতীয় নাৰ্ছিং পৰিষদ(www.indiannursingcouncil.org),

৯)আৰ্কিটেকচাৰ পৰিষদ(http://www.coa.gov.in),

১০)ভাৰতীয় বাৰ পৰিষদ(www.barcouncilofindia.org) আদি।

শিক্ষানুষ্ঠানসমূহ এই পৰিষদ বা সংস্থাবোৰৰ স্বীকৃতিপ্ৰাপ্ত হোৱাৰ উপৰি যি বিভাগত অধ্যয়ন কৰিব বিচাৰে, সেই বিভাগটিও স্বীকৃতিপ্ৰাপ্ত হ’ব লাগিব। তদুপৰি উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলে কেনেদৰে প্ৰতিষ্ঠিত হৈছে তাৰো এটা সম্যক ধাৰণা লোৱা উচিত। সেইদৰে শিক্ষানুষ্ঠানখনৰ শিক্ষণ ব্যৱস্থা, উত্তীৰ্ণৰ হাৰ, নামভৰ্তিৰ প্ৰক্ৰিয়া, পুথিভঁৰাল, ইন্টাৰনেট সেৱা, থকাৰ সা-সুবিধা, আৰ্থিক সাহায্য লাভৰ সুবিধা আছে নে নাই তথা বিভিন্ন মাচুলৰ পৰিমাণৰ বিষয়েও জানি লোৱা উচিত। ইয়াৰ উপৰি জানিব লগা আন দিশবোৰৰ কিছুমান হ’ল- শিক্ষানুষ্ঠানখন চৰকাৰী নে বেচৰকাৰী আৰু সুৰক্ষিত স্থানত অৱস্থিত হয় নে নহয়, শিক্ষানুষ্ঠানখনৰ আকাৰ কেনেকুৱা অৰ্থাৎ ছাত্ৰ আৰু শিক্ষকৰ অনুপাত কিমান, ঘৰৰ পৰা শিক্ষানুষ্ঠানখনৰ দূৰত্ব, কেম্পাচ ইন্টাৰভিউ হয় নে নহয়, খেলা-ধূলাকে আদি কৰি অন্যান্য extra curricular activities কৰিবৰ বাবে সুবিধা আছে নে নাই ইত্যাদি। লগতে প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সংগঠন(Alumni Network) কিমান শক্তিশালী সেই বিষয়েও জানি লোৱাটো উচিত, যিহেতু এই সংগঠন শক্তিশালী হ’লে শিক্ষাৰ্থীসকলৰ চাকৰি লাভ কৰাত অধিক সুবিধা হয়।

হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত উচ্চতৰ মাধ্যমিক কলা, বিজ্ঞান নে বাণিজ্য শাখাত নামভৰ্তি কৰিব নতুবা বৃত্তিমুখী শিক্ষা গ্ৰহণ কৰিব, সেইটো সিদ্ধান্ত লওঁতে কিছুসংখ্যক ছাত্ৰ-ছাত্ৰী বিবুদ্ধিত পৰে আৰু উচ্চতৰ মাধ্যমিকৰ কোনটো শাখা নিৰ্বাচন কৰিলে সোনকালে চাকৰি পোৱা যাব সেই বিষয়েও জানিব বিচাৰে।

হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত উচ্চতৰ মাধ্যমিক কলা, বিজ্ঞান নে বাণিজ্য শাখাত নামভৰ্তি কৰিব নতুবা বৃত্তিমুখী শিক্ষা গ্ৰহণ কৰিব, সেইটো সিদ্ধান্ত লওঁতে কিছুসংখ্যক ছাত্ৰ-ছাত্ৰী বিবুদ্ধিত পৰে আৰু উচ্চতৰ মাধ্যমিকৰ কোনটো শাখা নিৰ্বাচন কৰিলে সোনকালে চাকৰি পোৱা যাব সেই বিষয়েও জানিব বিচাৰে। হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত উচ্চতৰ মাধ্যমিকৰ শাখা নিৰ্বাচনৰ বিষয়ে আলোচনা কৰাৰ আগতে এটা কথা উল্লেখ কৰা ভাল হ’ব যে কলা, বিজ্ঞান বা বাণিজ্য যিকোনো শাখাতে খৰচি মাৰি পঢ়ি ভালদৰে উত্তীৰ্ণ হৈ নিজৰ দক্ষতা প্ৰকাশ কৰিব পাৰিলে ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে সংস্থাপনৰ সুবিধা লাভ কৰিব পাৰে। সাধাৰণতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ভাল নম্বৰসহ উত্তীৰ্ণ হ’লেই ছাত্ৰ-ছাত্ৰীসকলে বিজ্ঞান শাখাত নামভৰ্তি কৰাৰ বাবে নিজে সিদ্ধান্ত গ্ৰহণ কৰে অথবা কোনো কোনো ক্ষেত্ৰত অভিভাৱকসকলেও জোৰ কৰি উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাত নামভৰ্তি কৰিবৰ হ্বাবে বাধ্য কৰায়, কিন্তু এনে হোৱা উচিত নহয়। ছাত্ৰ-ছাত্ৰীসকলৰ ৰাপ তথা আত্মবিশ্বাসৰ ওপৰত ভিত্তি কৰিহে উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান, কলা নে বাণিজ্য শাখাত নামভৰ্তি কৰিব তাৰ সিদ্ধান্ত গ্ৰহণ কৰিব লাগে, নম্বৰৰ ওপৰত ভিত্তি কৰি নহয়। যিহেতু বিভিন্ন কাৰণত আগ্ৰহ থকা বিষয়বোৰত ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে আশা কৰা মতে নম্বৰ লাভ নকৰিবও পাৰে। যদি ছাত্ৰ বা ছাত্ৰীগৰাকীৰ গণিত বিষয়ত ৰাপ আছে তেন্তে বিজ্ঞান অথবা বাণিজ্য শাখাত নামভৰ্তি কৰিব পাৰে। সেইদৰে সাহিত্যৰ বিষয়ত যদি আগ্ৰহ আছে, তেন্তে কলা শাখাত নামভৰ্তি কৰিব পাৰে। সেইদৰে সাহিত্য দুয়োটা বিষয়তো ৰাপ আছে, তেন্তে কলা শাখাত নামভৰ্তি কৰিলে ভাল হয়। আকৌ কোনো ছাত্ৰ-ছাত্ৰীয়ে যদি গণিত আৰু সাহিত্য দুয়োটা বিষয়তে ৰাপ আছে, তেন্তে গণিত বিষয়সহ কলা শাখাত নামভৰ্তি কৰিব পাৰে। সেইদৰে গণিত বিষয়টি নোলোৱাকৈ বিজ্ঞান শাখাত নামভৰ্তি নাপায়, তেনে ছাত্ৰ-ছাত্ৰীয়ে জীৱবিজ্ঞান বিষয়টি নোলোৱাকৈ বিজ্ঞান শাখাত নামভৰ্তি নাপায়, তেনে ছাত্ৰ-ছাত্ৰীয়ে জীৱবিজ্ঞান বিষয়টি নোলোৱাকৈ বিজ্ঞান শাখাত নামভৰ্তি কৰিব পাৰে, একেদৰে জীৱবিজ্ঞান বিষয়টি ভাল পোৱা কিন্তু গণিত বিষয়টি নোপোৱাসকলে গণিত নোলোৱাকৈ উচ্চতৰ মাধ্যমিক বিজ্ঞানক শাখাত নামভৰ্তি কৰিব পাৰে। কিন্তু এইখিনিতে এটা কথা উল্লেখ কৰা ভাল হ’ব যে বিজ্ঞান শাখাত নামভৰ্তি কৰা ছাত্ৰ-ছাত্ৰীসকলে গণিত তথা জীৱবিজ্ঞান দুয়োটা বিষয় নিৰ্বাচন কৰিলেহে ভৱিষ্যতে বহু ক্ষেত্ৰত সুবিধা লাভ কৰিব পাৰিব। ইয়াৰ উপৰি কোনটো শাখাত কি কি বিষয় অন্তৰ্ভুক্ত হৈ আছে তথা সেইবোৰ বিষয় অধ্যয়ন কৰিলে ভৱিষ্যতে কেনেধৰণৰ কেৰিয়াৰ গঢ়াত সুবিধা লাভ কৰিব, সেই সম্পৰ্কে ছাত্ৰ-ছাত্ৰীসকলে এক সম্যক ধাৰণা যুগুতাই ল’ব পাৰিলে শাখা নিৰ্বাচন কৰাৰ ক্ষেত্ৰত যথেষ্ট সুবিধা হ’ব। ইয়াৰ উপৰি শাখা নিৰ্বাচঞ্জ কৰোতে ছাত্ৰ-ছাত্ৰীসকলৰ হবিবোৰকো গুৰুত্ব প্ৰদান কৰিলে ভাল হয়। লগতে আৰু এটা গুৰুত্বপূৰ্ণ দিশ চাব লাগিব। সেই দিশটো হ’ল- অভিভাৱকসকলৰ আৰ্থিক অৱস্থা। ইয়ো ছাত্ৰ-ছাত্ৰীসকলৰ শাখা নিৰ্বাচন কৰাৰ ক্ষেত্ৰত এক বিশেষ ভূমিকা গ্ৰহণ কৰে। যিসকল ছাত্ৰ-ছাত্ৰীয়ে সোনকালে উপাৰ্জন কৰিব বিচাৰে, তেওঁলোকে বৃত্তিমুখী শিক্ষা গ্ৰহণ কৰিব পাৰে। শেষত ছাত্ৰ-ছাত্ৰীসকলে শাখা নিৰ্বাচন কৰোতে কেৰিয়াৰ বিশেষজ্ঞৰ সহায়ো ল’ব পাৰে।

হাইস্কুল শিক্ষান্ত চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত-

 

ক)ঔদ্যোগিক প্ৰশিক্ষণ কেন্দ্ৰ বা আই টি আইৰ বিভিন্ন ট্ৰেডত

খ)পলিটেকনিকৰ বিভিন্ন বিভাগত আৰু

গ)উচ্চতৰ মাধ্যমিকৰ বিভিন্ন শাখাত(কলা/বাণিজ্য/বিজ্ঞান) পঢ়িব পাৰে।

ঔদ্যোগিক প্ৰশিক্ষণ কেন্দ্ৰ বা আই টি আই:

ঔদ্যোগিক প্ৰশিক্ষণ কেন্দ্ৰ বা আই টি আইৰ বিভিন্ন ট্ৰেডত পঢ়িবলৈ শিক্ষাগত অৰ্হতা বেলেগ বেলেগ হয়। হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ নোহোৱা পৰীক্ষাত উত্তীৰ্ণ নোহোৱাসকলে এবছৰীয়া পাঠ্যক্ৰম কাটিং এণ্ড ছিউইং, প্লাম্বাৰ আৰু ট্ৰেক্টৰ মেকানিক ট্ৰেডত অধ্যয়নৰ বাবে নামভৰ্তি কৰিব পাৰে।

দুবছৰীয়া পাঠ্যক্ৰম:

 

১)ড্ৰাফটমেন(চিভিল),

২)ড্ৰাফটমেন(মেকানিক),

৩)ছাৰ্ভেয়ৰ,

৪)ফিটাৰ,

৫)টাৰনাৰ,

৬)মেকানিক ৰেডিঅ’ এণ্ড টিভি,

৭)মেকানিক এয়াৰ কণ্ডিচনাৰ,

৮)ইনষ্ট্ৰমেন্ট মেকানিক,

৯)ইলেক্ট্ৰনিক মেকানিক,

১০)ইনৰফমেচন টেকন’লজী এণ্ড ইলেক্ট্ৰনিক ছিষ্টেম মেইনটেনেন্স,

১১)মেচিনিষ্ট,

১২)ইলেক্ট্ৰিচিয়ান,

১৩)ৱায়াৰমেন মেকানিক,

১৪)ইলেকট্ৰপ্লেটৰ,

১৫)লেবৰেটৰী এছিষ্টেন্ট(কেমিকেল)।

এবছৰীয়া পাঠ্যক্ৰম:

১)ষ্টেনোগ্ৰাফী,

২)ৱেলডাৰ,

৩)ডিজেল মেকানিক,

৪)এমব্ৰইডাৰী এণ্ড নিডল ৱৰ্ক,

৫)প্লাষ্টিক প্ৰচেছিং,

৬)ফটোগ্ৰাফী, লেডাৰ গুদছ মেকাৰ,

৭)ছেক্ৰেটেৰিয়েল প্ৰেকটিচ,

৮)হেয়াৰ এণ্ড স্কিন কেয়াৰ,

৯)ড্ৰেছ মেকিং,

১০)উইভিং এণ্ড ঊলেন ফেব্ৰিক।

দুবছৰীয়া পাঠ্যক্ৰম ‘কম্পিউটাৰ অপাৰেচন প্ৰোগ্ৰামিং এছিষ্টেন্ট’ ট্ৰেডত অধ্যয়নৰ বাবে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হ’ব লাগে। ইয়াৰ উপৰি আই টি আইবোৰত হ্ৰস্বম্যাদী পাঠ্যক্ৰম আছে। যেনে-

১)ট্ৰেভেল এজেন্ট এণ্ড ট্যুৰ অপাৰেটৰৰ তিনিমহীয়া পাঠ্যক্ৰম,

২)ফল-মূল আৰু শাক-পাচলি সংৰক্ষণৰ তিনিমহীয়া পাঠ্যক্ৰম,

৩)ষ্টীল ফাৰ্ণিচাৰ মেকিঙৰ তিনিমহীয়া পাঠ্যক্ৰম,

৪)গ্ৰীল এণ্ড এলাইড প্ৰডাক্ট মেকিঙৰ তিনিমহীয়া পাঠ্যক্ৰম,

৫)কাৰ ছাৰ্ভিচিঙৰ ছয় সপ্তাহৰ পাঠ্যক্ৰম,

৬)ৰিফ্ৰিজাৰেটৰ এণ্ড এয়াৰ কণ্ডিচনাৰৰ ৰিপেয়াৰিঙৰ তিনিমহীয়া পাঠ্যক্ৰম,

৭)পাম্প ৰিপেয়াৰিঙৰ তিনিমহীয়া পাঠ্যক্ৰম আদি আছে।

হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হ’লে নম্বৰ ভিত্তিত পোনপটীয়াকৈ নামভৰ্তিৰ সুবিধা আছে আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ নহ’লে এটি প্ৰৱেশ পৰীক্ষাৰ জৰিয়তে নামভৰ্তিৰ সুবিধা আছে।

অসমত থকা ঔদ্যোগিক প্ৰশিক্ষণ কেন্দ্ৰ বা আই টি আইকেইখনৰ নাম হ’ল-

১)আই টি আই, কৰিমগঞ্জ

২)আই টি আই, কোকৰাঝাৰ,

৩)আই টি আই, গড়গাঁও

৪)আই টি আই, গোৱালপাৰা

৫)আই টি আই, গুৱাহাটী

৬)আই টি আই, ডিব্ৰুগড়

৭)আই টি আই, তেজপুৰ

৮)আই টি আই, তিনিচুকীয়া

৯)আই টি আই, দক্ষিণ শালমাৰা

১০)আই টি আই, নগাঁও

১১)আই টি আই, বৰপেটা

১২)আই টি আই, যোৰহাট

১৩)আই টি আই, শিলচৰ

১৪)আই টি আই, ধনশিৰি

১৫)আই টি আই, ধেমাজি

১৬)আই টি আই, নলবাৰী

১৭)আই টি আই, ভেৰগাঁও

১৮)আই টি আই, মৰিগাঁও

১৯)আই টি আই, হাইলাকান্দি

২০)আই টি আই, মাজুলী

২১)আই টি আই, ডিফু

২২)আই টি আই, হাফলং

২৩)আই টি আই, উত্তৰ লখিমপুৰ।

মহিলাৰ বাবে সংৰক্ষিত আই টি আইকেইখন হ’ল-

১)আই টি আই, শিলচৰ

২)আই টি আই, গুৱাহাটী

৩)আই টি আই, তিনিচুকীয়া

৪)আই টি আই, মাজবাট।

পলিটেকনিক:

পলিটেকনিকবোৰত তিনি বছৰীয়া ডিপ্লমা পাঠ্যক্ৰম প্ৰদান কৰা হয়। হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাসকলে এটি প্ৰৱেশ পৰীক্ষাৰ জৰিয়তে নামভৰ্তিৰ সুবিধা আছে। অসমত থকা পলিটেকনিককেইখন হ’ল-

১)অসম ইঞ্জিনীয়াৰিং ইনষ্টিটিউট, গুৱাহাটী

২)গাৰ্লছ পলিটেকনিক, গুৱাহাটী

৩)বঙাইগাঁও পলিটেকনিক

৪)শিলচৰ পলিটেকনিক

৫)নগাঁও পলিটেকনিক

৬)প্ৰিন্স অব ৱেলছ ইনষ্টিটিউট অব ইঞ্জিনীয়াৰিং এণ্ড টেকনল’জী, যোৰহাট

৭)ডিব্ৰুগড় পলিটেকনিক

৮)গাৰ্লছ পলিটেকনিক, গোলাঘাট

৯)চেণ্ট্ৰেল ইনষ্টিটিউট অব টেকনল’জী, কোকৰাঝাৰ

১০)অসম টেক্সটাইল ইনষ্টিটিউট, গুৱাহাটী।

পলিটেকনিকবোৰত পঢ়াৰ সুবিধা থকা বিভিন্ন বিভাগবোৰ হ’ল-

১)চিভিল,

২)মেকানিকেল,

৩)ইলেকট্ৰিকেল,

৪)ইলেকট্ৰনিকছ এণ্ড টেলিকমিউনিকেচনছ,

৫)অ’টোমোবাইল,

৬)কম্পিউটাৰ ইঞ্জিনীয়াৰিং,

৭)ইনষ্ট্ৰমেনটেচন,

৮)টেক্সটাইল টেকনল’জী,

৯)এগ্ৰিকালছাৰ,

১০)আৰ্কিটেক্ট এছিষ্টেণ্ট আদি।

উচ্চতৰ মাধ্যমিক বা দ্বাদশ শ্ৰেণীৰ পিছত: কলা শাখা:

উচ্চতৰ মাধ্যমিক বা দ্বাদশ শ্ৰেণী কলা শাখাত উত্তীৰ্ণ হোৱাৰ পিছত কি কি পঢ়িব পাৰি:

সাধাৰণ স্নাতক পাঠ্যক্ৰম, মেজৰসহ(যেনে- সমাজশাস্ত্ৰ, অৰ্থনীতি, সাহিত্য(ইংৰাজী, অসমীয়া, হিন্দী, বাঙালী ইত্যাদি)মনোবিজ্ঞান, বুৰঞ্জী, ৰাজনীতি বিজ্ঞান, শিক্ষা, পৰ্যটন, পৰিৱেশ কলা, নৃতত্ব বিজ্ঞান, আইন ইত্যাদি) স্নাতক পাঠ্যক্ৰম। স্নাতক পাঠ্যক্ৰমত উত্তীৰ্ণ হোৱাৰ পিছৰ পাঠ্যক্ৰম হ’ল- স্নাতকোত্তৰ(এম এ) আৰু পি এইচ ডি।

কলা শাখাত অধ্যয়ন কৰি মনোবৈজ্ঞানিক, সমাজবিজ্ঞানী, সমাজকৰ্মী, বুৰঞ্জীবিদ, নৃতত্ত্ববিদ, লেখক, সাংবাদিক, অধিবক্তা, বিদ্যালয়-মহাবিদ্যালয়-বিশ্ববিদ্যালয়ৰ শিক্ষক হিচাপে কেৰিয়াৰ গঢ়িব পাৰে।

কলা শাখাৰ যিকোনো স্নাতক উত্তীৰ্ণ শিক্ষাৰ্থীয়ে অসম লোকসেৱা আয়োগ(এ পি এছ চি)ৰ পৰীক্ষা, কেন্দ্ৰীয় লোকসেৱা আয়োগ(ইউ পি এছ চি)ৰ পৰীক্ষা, বেংকিং খণ্ডৰ পৰীক্ষা আৰু অন্যান্য ইঞ্চিউৰেঞ্চৰ পৰীক্ষাত অৱতীৰ্ণ হ’ব পাৰে। দ্বাদশ শ্ৰেণীৰ যিকোনো শাখাত উত্তীৰ্ণ শিক্ষাৰ্থীয়ে পাঁচ বছৰীয়া সংযুক্ত আইনৰ স্নাতক পাঠ্যক্ৰম আৰু হোটেল পৰিচালনা(হোটেল মেনেজমেন্ট) পাঠ্যক্ৰম অধ্যয়ন কৰিব পাৰে।

দ্বাদশ শ্ৰেণীৰ যিকোনো শাখাত উত্তীৰ্ণ শিক্ষাৰ্থীয়ে পাঁচ বছৰীয়া সংযুক্ত ইংৰাজী/গণসংযোগ/বিদেশী ভাষাৰ স্নাতকোত্তৰ পাঠ্যক্ৰম অধ্যয়ন কৰিব পাৰে।

অবিবাহিত ভাৰতীয় নাগৰিকে ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা শিক্ষা প্ৰতিষ্ঠা(এন ডি এ)ত নামভৰ্তি কৰিব পাৰে যদিহে ভাৰতীয় সেনাবাহিনীত যোগদানৰ ইচ্ছা থাকে। যিকোনো শাখাত দ্বাদশ শ্ৰেণীৰ উত্তীৰ্ণসকলে ইউ পি এছ চিৰ অধীনত অনুষ্ঠিত এন ডি এ পৰীক্ষাত বাছনি হৈ এই প্ৰতিৰক্ষা শিক্ষা প্ৰতিষ্ঠানত নামভৰ্তি কৰিব পাৰে।

যিকোনো শাখাত দ্বাদশ শ্ৰেণীৰ উত্তীৰ্ণসকলে ফাইন আৰ্টছ, দৃশ্য কলা(ভিজুৱেল আৰ্টছ), আভ্যন্তৰীণ সজ্জা(ইণ্টেৰিয়’ৰ ডিজাইন), প্ৰায়োগিক কলা(এপ্লাইড আৰ্ট), ফেশ্বন ডিজাইন, অলংকাৰ সজ্জা(জুৱেলাৰী ডিজাইন) ইত্যাদি পাঠ্যক্ৰম অধ্যয়ন কৰিব পাৰে।

যিসকল শিক্ষাৰ্থীৰ নৃত্য-গীত, নাটকৰ প্ৰতি আসক্তি আছে বা ইয়াক আনুষ্ঠানিক পাঠ্যক্ৰম হিচাপে ল’ব বিচাৰে, তেনে শিক্ষাৰ্থীয়ে পৰিৱেশ কলা স্নাতক পাঠ্যক্ৰম(বি এফ এ)ত নামভৰ্তি কৰিব পাৰে। দ্বাদশ শ্ৰেণীৰ শাখাত উত্তীৰ্ণ যিসকল শিক্ষাৰ্থীয়ে নিজকে এগৰাকী শাৰীৰিক শিক্ষাৰ শিক্ষক, ক্ৰীড়া, প্ৰশিক্ষণ অথবা ফিটনেছ ট্ৰেইনাৰ হিচাপে কেৰিয়াৰ গঢ়িব বিচাৰে, তেওঁলোকে ‘শাৰীৰিক শিক্ষা’ বিষয়ৰ স্নাতক পাঠ্যক্ৰম অধ্যয়ন কৰিব পাৰে।

উচ্চতৰ মাধ্যমিক বা দ্বাদশ শ্ৰেণীৰ পিছত: বাণিজ্য শাখা:

উচ্চতৰ মাধ্যমিক বা দ্বাদশ শ্ৰেণী বাণিজ্য শাখাত উত্তীৰ্ণ হোৱাৰ পিছত কি কি পঢ়িব পাৰি: সাধাৰণ স্নাতক পাঠ্যক্ৰম, মেজৰসহ(যেনে- ইঞ্চিউৰেঞ্চ, কম্পিউটাৰ, বৈদেশিক বাণিজ, বেংকিং আৰু ইঞ্চিউৰেঞ্চ, একাউন্টিং আৰু বিত্ত, ই-বাণিজ্য, অৰ্থনীতি আৰু একাউন্টিং ইত্যাদি) স্নাতক পাঠ্যক্ৰম।

স্নাতক পাঠ্যক্ৰমত উত্তীৰ্ণ হোৱাৰ পিছত পাঠ্যক্ৰম হ’ল- স্নাতকোত্তৰ(এম কম) আৰু পি এইচ ডি।

বাণিজ্য শাখাৰ যিকোনো স্নাতক উত্তীৰ্ণ শিক্ষাৰ্থীয়ে অসম লোকসেৱা আয়োগ(এ পি এছ চি)ৰ পৰীক্ষা, কেন্দ্ৰীয় লোকসেৱা আয়োগ(ইউ পি এছ চি)ৰ পৰীক্ষা, বেংকিং খণ্ডৰ পৰীক্ষা আৰু অন্যান্য ইঞ্চিউৰেঞ্চৰ পৰীক্ষাত অৱতীৰ্ণ হ’ব পাৰে। চি এ(চাৰ্টাৰ্ড একাউন্টেন্সী): ভাৰতীয় চাৰ্টাৰ্ড একাউটেন্ট প্ৰতিষ্ঠানে চাৰ্টাৰ্ড একাউন্টেন্সীৰ শিক্ষা আগবঢ়ায়।

কষ্ট একাউন্টেন্ট:

‘ইনষ্টিটিউট অব কষ্ট এণ্ড ৱকছ একাউনটেন্টছ অব ইণ্ডিয়া’ই এই পাঠ্যক্ৰম আগবঢ়ায়।

কোম্পানী ছেক্ৰেটাৰী:

‘ইনষ্টিটিউট অব কোম্পানী ছেক্ৰেটাৰিজ অব ইণ্ডিয়া’ই এই পাঠ্যক্ৰম আগবঢ়ায়।

উচ্চতৰ মাধ্যমিক বা দ্বাদশ শ্ৰেণীৰ পিছত: বিজ্ঞান শাখা:

উচ্চতৰ মাধ্যমিক বা দ্বাদশ শ্ৰেণী বিজ্ঞান শাখাত উত্তীৰ্ণ হোৱাৰ পিছত কি কি পঢ়িব পাৰি: সাধাৰণ স্নাতক পাঠ্যক্ৰম, মেজৰসহ(যেনে- পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, গণিত, অৰ্থবিজ্ঞান, জীৱবিজ্ঞান, প্ৰাণীবিজ্ঞান, পৰিৱেশ বিজ্ঞান ইত্যাদি) স্নাতক পাঠ্যক্ৰম।

স্নাতক পাঠ্যক্ৰমত উত্তীৰ্ণ হোৱাৰ পিছৰ পাঠ্যক্ৰম হ’ল- স্নাতকোত্তৰ(এম এছ চি) আৰু পি এইচ ডি।

বিজ্ঞান শাখাৰ যিকোনো স্নাতক উত্তীৰ্ণ শিক্ষাৰ্থীয়ে অসম –লোকসেৱা আয়োগ(এ পি এছ চি)ৰ পৰীক্ষা, কেন্দ্ৰীয় লোকসেৱা আয়োগ(ইউ পি এছ চি)ৰ পৰীক্ষা, বেংকিং খণ্ডৰ পৰীক্ষা আৰু অন্যান্য ইঞ্চিউৰেঞ্চৰ পৰীক্ষাত অৱতীৰ্ণ হ’ব পাৰে। ষ্টাফ ছিলেকচন কমিছনৰ কম্বাইণ্ড লেভেল পৰীক্ষাত অৱতীৰ্ণ হ’ব পাৰে। উচ্চতৰ মাধ্যমিক বা দ্বাদশ শ্ৰেণী বিজ্ঞান শাখাত উত্তীৰ্ণ হোৱাৰ পিছত বি চি এ, বি বি এ, বি টেক/ বি ই, বি আৰ্ক, এম বি বি এছ, বি ডি এছ, বি ফাৰ্ম, বি এছ চি নাৰ্ছিং, আয়ুৰ্বেদিক, হোমিঅ’পেথিক, পশু পালন আৰু পশু চিকিৎসাৰ, কৃষি, মীন গাৰ্হস্থ্যবিজ্ঞানত স্নাতক পাঠ্যক্ৰমত নামভৰ্তি কৰিব পাৰে।

ইঞ্জিনীয়াৰিং কলেজবোৰত বি টেক/ বি ই পাঠ্যক্ৰম পঢ়াৰ সুবিধা থকা বিভিন্ন বিভাগবোৰ হ’ল- কেমিকেল, চিভিল, মেকানিকেল, ইলেকট্ৰনিকেল, ইলেকট্ৰনিকছ এণ্ড টেলিকমিউনিকেচনছ, এৰ’স্পেচ, কম্পিউটাৰ ইঞ্জিনীয়াৰিং, টেক্সাটাইল টেকন’লজী, এগ্ৰিকালচাৰ, পেট্ৰ’লিয়াম আদি।

উচ্চতৰ মাধ্যমিক বা দ্বাদশ শ্ৰেণী বিজ্ঞান শাখাত উত্তীৰ্ণ হোৱাসকলে পেৰামেডিকেল বিভিন্ন বিভাগত(Medical Laboratory Technology, Medical Radiographic Technology, Cardiac Care Technology, Physiotherapy, ICU Technology, Physicians Assistance Course, Emergency & First Ai, O.T.Technology(O.T+Anaesthesia+Endoscopy), Dialysis Technician Course) ডিপ্লমা শিক্ষা গ্ৰহণ কৰিবপাৰে। ইয়াৰ বাবে উচ্চতৰ মাধ্যমিক(বিজ্ঞান শাখা) চূড়ান্ত পৰীক্ষাত পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান আৰু জীৱ বিজ্ঞান বিষয়ত ৫০ শতাংশ নম্বৰ সৈতে উত্তীৰ্ণ হ’ব লাগে।

বেংক প্ৰবেচনাৰী অফিচাৰ পদৰ বাবে যিকোনো স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা যিকোনো শাখাত নিম্নতম শিক্ষাগত অৰ্হতা স্নাতকসকলে আৱেদন কৰিব পাৰে।

বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষা তথা নিযুক্তিৰ বাবে আয়োজন কৰা সাক্ষাৎকাৰবোৰত সাধাৰণ জ্ঞানৰ কথা সোধে। এতিয়া কথা হ’ল সাধাৰণ জ্ঞান একে দিনাই গোটোৱা সম্ভৱ নহয়। ইয়াৰ কাৰণে দীঘলীয়া প্ৰস্তুতিৰ প্ৰয়োজন। সাধাৰণ জ্ঞান দুই প্ৰকাৰত ভাগ কৰিব পৰা যায়। পৰম্পৰাগত সাধাৰণ জ্ঞান(Traditional General Knowledge) আৰু সাম্প্ৰতিক ঘটনা প্ৰবাহ(Current Affairs)। পৰম্পৰাগত সাধাৰণ জ্ঞান আহৰণ কৰিবৰ কাৰণে বিদ্যালয়ৰ প্ৰথম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে পঢ়া সকলো বিষয়ৰ পাঠ্যপুথিৰ জ্ঞানবোৰ ভালদৰে আহৰণ কৰিব লাগিব। লগতে বিভিন্ন বিষয় যেনে- ভূগোল, বিজ্ঞান, ৰাজনীতি, সমাজ বিজ্ঞান আদি বিষয়ৰ আনুষংগিক প্ৰসংগ পুথি অধ্যয়ন কৰিব লাগিব। সাম্প্ৰতি ঘটনা প্ৰবাহৰ জ্ঞান আহৰণ কৰিবৰ বাবে দৈনিক বাতৰি কাকত তথা আলোচনী নিয়মীয়াকৈ পঢ়িব লাগিব। সেইদৰে নিয়মীয়াকৈ ৰেডিঅ’ বাতৰি অনুষ্ঠান শুনিব আৰু টেলিভিচনৰ বাতৰি অনুষ্ঠানবোৰ চাব লাগিব। এইবোৰৰ পৰা আহৰণ কৰা জ্ঞানবোৰ লিপিবদ্ধ কৰি ৰাখিব লাগে। ছাত্ৰ-ছাত্ৰীসকলে জ্ঞান আহৰণ কৰিবৰ বাবে ‘ইন্টাৰনেট’ৰ সহায় ল’ব পাৰে। এইখিনিতে উল্লেখ কৰা ভাল হ’ব যে দৈনিক বাতৰি কাকত এখনৰ প্ৰথম পৃষ্ঠাৰ পৰা শেষৰ পৃষ্ঠালৈ জানিবলগীয়া বহুত কথা থাকে। গতিকে অভিভাৱক তথা শিক্ষকসকলে ছাত্ৰ-ছাত্ৰীসকলক এই কথাবোৰ ভালদৰে বুজাই দিলে ভাল হয়। ৰাজ্যিক, ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভিন্ন বিষয়ৰ বৃত্তি বিভিন্ন বাতৰি কাকত, আলোচনী তথা সেই অনুষ্ঠান-প্ৰতিষ্ঠান, বিভাগবোৰৰ নিজস্ব ‘ৱেবছাইট’ৰ যোগেদি প্ৰচাৰ কৰে। গতিকে এই বৃত্তিবোৰৰ বিষয়ে সবিশেষ জানিবলৈ বাতৰি কাকত, আলোচনী, অনুষ্ঠান-প্ৰতিষ্ঠান তথা বিভাগবোৰৰ ৱেবছাইটবোৰত নিয়মীয়াকৈ চকু ফুৰাব লাগিব। এইদৰে মাজে মাজে বিভিন্ন বৃত্তিপ্ৰাপ্তসকলৰ বিষয়ে তথা তেওঁলোকৰ সাক্ষাৎকাৰ আদি বাতৰি কাকত আৰু আলোচনীত প্ৰকাশ পায়। ইয়াৰ জৰিয়তেও এই বৃত্তিবোৰৰ বিষয়ে আভাস পাব পাৰি। লগতে এই বৃত্তি পোৱা লোকসকলক ব্যক্তিগতভাৱে লগ কৰিলেও লাভৱান হ’ব।

ছাত্ৰ সংগঠনবোৰে মহকুমা, জিলা আৰু ৰাজ্যিক ভিত্তিত কেৰিয়াৰ সম্পৰ্কীয় কৰ্মশালা অনুষ্ঠিত কৰিব লাগে। কৰ্মশালাৰ জৰিয়তে ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকসকলক বিভিন্ন বিষয়ৰ কেৰিয়াৰ এটি আভাষ দিব লাগে।

আমাৰ ৰাজ্যত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত বিশেষ কৃতিত্ব অৰ্জন কৰা শিক্ষাৰ্থীক আনুষ্ঠানিকভাৱে অভিনন্দন জ্ঞাপন কৰা লগতে বিভিন্ন উপহাৰ দিয়ে। কৃতিত্ব অৰ্জন কৰা শিক্ষাৰ্থীক অভিনন্দন জ্ঞাপন তথা উপহাৰ প্ৰদান কৰাটো এটা ভাল কথা। আমি ভাবো নিৰ্বাচিত গ্ৰন্থৰ টোপোলা এটিও উপহাৰ হিচাপে দিলে ভাল হয়, যিবোৰ গ্ৰন্থৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীসকলৰ মানসিক তথা বৌদ্ধিক বিকাশত সহায় হয় লগতে সামাজিক দায়বদ্ধতাৰ কথাও মনলৈ আহে। এতিয়া কথা হ’ল পৰীক্ষাবোৰৰ ফলাফল ঘোষণা হোৱাৰ তিনি মাহ পাৰ হৈ যোৱাৰ পিছতো এনেকুৱা অনুষ্ঠান পাতি থকা দেখা যায়। আমি ভাবো এনেকুৱা অনুষ্ঠান যদি সম্ভৱ পৰীক্ষাবোৰৰ ফলাফল ঘোষণা কৰাৰ এমাহৰ ভিতৰতে পাতি শেষ কৰিব লাগে আৰু তিনিটা পৰ্যায়ত তিনি দিন যেনে মহকুমা, জিলা আৰু ৰাজ্যিক ভিত্তিত পাতিব লাগে। এই তিনিটা পৰ্যায়তে যিমান অনুষ্ঠান-প্ৰতিষ্ঠান-সংগঠনে অভিনন্দন জনাব বিচাৰে জনাব লাগে। ইয়াৰ ফলত টকা-পইচা, সময় আদি কম খৰচ হ’ব।

আনহাতেদি পৰীক্ষাবোৰৰ ফলাফল ঘোষণা কৰাৰ লগে লগে কৃতিত্ব অৰ্জন কৰি উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলৰ খবৰ সংবাদ মাধ্যমত ভৰি থাকে, কিন্তু পৰৱৰ্তী সময়ত ছাত্ৰ-ছাত্ৰীসকল ক’লৈ যায় কি কৰে, তেওঁলোকে নিজ নিজ লক্ষ্যত উপনীত হৈছে নে, তেওঁলোকে পঢ়ি অহা বিদ্যালয়, মহাবিদ্যালয়খন বা নিজৰ নিজৰ অঞ্চল তথা জন্মভূমিৰ প্ৰতি কিবা অৰিহণা যোগাইছেনে নাই, এইবোৰ কথা সাধাৰণতে গম পোৱা নাযায়। এই বিষয়বোৰ লৈ সংবাদ মাধ্যমৰ স্থানীয় সংবাদাতাসকলে কৃতী ছাত্ৰ-ছাত্ৰীসকলৰ বিষয়ে অঞ্চল ভিত্তিক বা জিলা ভিত্তিক প্ৰতিবেদন প্ৰস্তুত কৰিলে ভাল হয়। তদুপৰি এই বিষয়ে ছাত্ৰ সংগঠন, স্বেচ্ছাসেৱী অনুষ্ঠান, চৰকাৰী অনুষ্ঠান, বেচৰকাৰী অনুষ্ঠানেও ক্ষেত্ৰ ভিত্তিক অধ্যয়ন কৰিব পাৰে। বিভিন্ন ছাত্ৰ সংগঠন তথা দলবোৰে মাজে মাজে এই দাবী উত্থাপন কৰা দেখা যায় যে অসমত থকা সমূহ কেন্দ্ৰীয়-অৰ্ধকেন্দ্ৰীয়, চৰকাৰী-বেচৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ অনুষ্ঠান-প্ৰতিষ্ঠানত ১০০ শতাংশ থলুৱাৰ বাবে সংস্থাপন বাধ্যতামূলক কৰিব লাগে। আমি ভাবো এনে ধৰণৰ দাবী উপস্থাপন কৰাৰ সলনি অসমত থকা সমূহ কেন্দ্ৰীয়-অৰ্ধকেন্দ্ৰীয়, চৰকাৰী-বেচৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ অনুষ্ঠান-প্ৰতিষ্ঠানবোৰৰ নিযুক্তিৰ ক্ষেত্ৰত সময়ে সময়ে অনুষ্ঠিত কৰা বিভিন্ন পৰীক্ষাসমূহত অসমৰ থলুৱা প্ৰাৰ্থীসকলৰ যাতে ১০০ শতাংশ উত্তীৰ্ণ হ’ব পাৰে, তাৰ বাবে বিভিন্ন ছাত্ৰ সংগঠন তথা দলবোৰে প্ৰশিক্ষণৰ ব্যৱস্থা কৰিলেহে ভাল হয়। যিহেতু এনেধৰণৰ ১০০ থলুৱা নিযুক্তি দাবী যদি বেলেগ ৰাজ্যতো কাৰ্যকৰী হয়, তেন্তে অসমৰ প্ৰাৰ্থীসকলও বেলেগ ৰাজ্যত নিযুক্তি নাপাব। তাৰ ফলত এক ডাঙৰ সমস্যা সৃষ্টি হ’ব, যিহেতু অসমত বেলেগ ৰাজ্যৰ তুলনাত নিয়োগৰ সুবিধা কম আছে।

যিসকলে আমাৰ ৰাজ্যখনৰ বিভিন্ন অঞ্চলৰ বিদ্যালয়ৰ পৰা উত্তীৰ্ণ হৈ বিভিন্ন ক্ষেত্ৰত প্ৰতিষ্ঠা লাভ কৰি সমাজ জীৱনৰ বিভিন্ন ক্ষেত্ৰলৈ অৰিহণা যোগাইছে, সেইসকলক পঢ়ি অহা বিদ্যালয়খনলৈ আমন্ত্ৰণ কৰি ছাত্ৰ-ছাত্ৰীৰ লগত অন্তৰংগ আলাপৰ আয়োজন কৰিলে ছাত্ৰ-ছাত্ৰীসকলৰ মানসিক তথা বৌদ্ধিক বিকাশত সহায় হোৱাৰ লগতে সামাজিক দায়বদ্ধতাৰ কথাও মনলৈ আহিব। আশা কৰিছো, বিদ্যালয়বোৰৰ কৰ্তৃপক্ষই এনেধৰণৰ অন্তৰংগ আলাপৰ আয়োজন কৰিব।

সৰু কালৰে পৰা বহু ছাত্ৰ-ছাত্ৰীৰ কিছুমান হবি থাকে। কিন্তু এই হবিবোৰ কিছুমান ছাত্ৰ-ছাত্ৰীয়ে নৱম-দশম শ্ৰেণী পালে পঢ়া-শুনাত ক্ষতি হ’ব বুলি নিজে অথবা অভিভাৱকসকলৰ বাধাৰ বাবে এৰি দিবলৈ বাধ্য হয়। ছাত্ৰ-ছাত্ৰীসকলে পঢ়া-শুনাত প্ৰধান গুৰুত্ব দি নিজৰ নিজৰ হবিবোৰ চলাই নিয়া উচিত। কিয়নো হবিবোৰে ছাত্ৰ জীৱন, কৰ্ম জীৱন তথা অৱসৰ জীৱনত বিভিন্ন ধৰণে সহায় কৰিব পাৰে। কাৰোবাৰ বাবে হয়তো হবি গৈ এদিন কেৰিয়াৰ হ’ব পাৰে। বিদ্যালয়ৰ শিক্ষকসকলে ছাত্ৰ-ছাত্ৰীসকলক ভালদৰে বুজাই দিয়া উচিত যে প্ৰথম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে পঢ়া সকলো বিষয়ৰ জ্ঞানখিনি ভালদৰে আহৰণ কৰিব লাগিব, কাৰণ অকল শ্ৰেণী পৰীক্ষাবোৰত উত্তীৰ্ণ হ’বলৈ পঢ়িলেই নহ’ব পিছলৈ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষা তথা জীৱন যাপনৰ বিভিন্ন ক্ষেত্ৰত দৰকাৰ হৈ থাকিব। যদি সম্ভৱ হয় শিক্ষকসকলে ছাত্ৰ-ছাত্ৰীসকলক বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ সাধাৰণ জ্ঞানৰ আৰ্হি প্ৰশ্নবোৰ শ্ৰেণী কোঠাত দেখুৱাব লাগে। শিক্ষকসকলে ছাত্ৰ-ছাত্ৰীসকলক বিভিন্ন বিষয়ৰ কেৰিয়াৰৰ এটি আভাষ দিব লাগে। তেতিয়া ছাত্ৰ-ছাত্ৰীসকলে জানিব পাৰিব যে অভিভাৱকসকলে কোৱাৰ দৰে চিকিৎসক অথবা অভিযন্তা হিচাপে কেৰিয়াৰ পঢ়াৰ বাহিৰেও কেৰিয়াৰ গঢ়িবলৈ বহুত বিষয় আছে আৰু সেইবোৰ কেৰিয়াৰ যে চিকিৎসক অথবা অভিযন্তা হিচাপে গঢ়া কেৰিয়াতকৈ সমাজত গুৰুত্ব কোনো গুণে কম নহয়। তদুপৰি কেৰিয়াৰ বিষয়ৰ বিভিন্ন কথা যেনে- বিভিন্ন শিক্ষানুষ্ঠানসমূহত শিক্ষা লাভ কৰিবলৈ কি কি অৰ্হতা লাগে, ছাত্ৰ-ছাত্ৰীসকলে কেনেদৰে পঢ়া-শুনা কৰিব লাগে, বিভিন্ন চাকৰিৰ কাৰণে কি কি অৰ্হতা লাগে, চাকৰিবোৰৰ বিজ্ঞাপনবোৰ ক’ত পোৱা যাব, বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাবোৰৰ বিষয়ে কেনেকৈ গম পোৱা যাব? এই তথ্যবোৰ ক’ৰ পৰা সংগ্ৰহ কৰিব পাৰি। এনেধৰণ কথাবোৰৰ বিষয়ে যদি কোনো আগ্ৰহী ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকসকলে জানিব বিচাৰে, তেন্তে প্ৰত্যেক শনিবাৰে বিয়লি ৬ বজাৰ পৰা নিশা ৯ বজাৰ ভিতৰত আমাৰ লগত ফোনত(০৯৪৩৫১-৮৮৬৩০) যোগাযোগ কৰিব পাৰে।

বৰ্তমান যুগত শিক্ষাগত অৰ্হতা তথা দক্ষতা থাকিলেও বিভিন্ন কাৰণত ৰাজ্যখনৰ বহু ছাত্ৰ-ছাত্ৰীয়ে কেতিয়াবা মনে বিচৰা বিভাগৰ বিভিন্ন বিষয়ত কেৰিয়াৰ গঢ়িবলৈ সক্ষম নহয়। গতিকে ছাত্ৰ-ছাত্ৰীসকলে মাত্ৰ এটা বিষয়তে কেৰিয়াৰ গঢ়িব বুলি ভাবি থকা উচিত নহয়। কোনো বিভাগৰ দুই বা ততোধিক বিষয়ত কেৰিয়াৰ গঢ়াৰ কথা ভাবিব লাগে যাতে থকা বিভাগৰ যিকোনো এটা বিষয়ত কেৰিয়া গঢ়িব পাৰে। লগতে উল্লেখ কৰা ভাল হ’ব যে কোনো ব্যক্তিয়েই পচন্দৰ বিষয়ত অধ্যয়ন কৰাৰ পিছতো কৰ্মক্ষেত্ৰত কেতিয়াও ১০০ শতাংশ সন্তুষ্ট হ’ব নোৱাৰে। কোনোবাই হয়তো দৰমহাক লৈ সন্তুষ্ট নহ’ব পাৰে, কোনোবাই হয়তো কৰ্মস্থলীক লৈ সন্তুষ্ট নহ’ব পাৰে, কোনোবাই হয়তো সহকৰ্মীক লৈ সন্তুষ্ট নহ’ব পাৰে ইত্যাদি। গতিকে যিকোনো বিভাগৰ যি বিষয়তে কেৰিয়াৰ গঢ়ক লাগিলে, তাতে মন-কাণ দি কাম কৰিলে ভাল হয়।

চাকৰিৰ দ্বাৰা নিবনুৱা সমস্যা সমাধান কৰা কেতিয়াও সম্ভৱ নহয়। কিন্তু চাকৰিৰ বাহিৰেও সৰু-বৰ উদ্যোগ গঢ়ি বা ব্যৱসায়-বাণিজ্য কৰি নিজে জীৱিকা উপাৰ্জন কৰাৰ লগতে আনকো নিয়োগৰ সুবিধা দিব পাৰি। এই বিষয়ে চৰকাৰী অনুষ্ঠান, বে-চৰকাৰী অনুষ্ঠান, স্বেচ্ছাসেৱী অনুষ্ঠান আৰু ছাত্ৰ সংগঠনবোৰে ছাত্ৰ-ছাত্ৰী তথা যুৱক-যুৱতীসকলক ৰাজ্যখনৰ সকলো অঞ্চলতে সজাগতা সভা আৰু কৰ্মশালা আয়োজন কৰি কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনি আৰু সা-সুবিধাবোৰৰ বিষয়ে ভালদৰে বুজাই দিয়াৰ লগতে বিভিন্ন ধৰণৰ ঋণ আগবঢ়োৱা বিত্তীয় অনুষ্ঠানবোৰৰ বিষয়ে বিতংকৈ জনাব লাগে। বাতৰি কাকত আৰু আলোচনীবোৰেও সামাজিক দায়বদ্ধতাৰে সমাজ আৰু ৰাজহুৱা স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি ‘স্বনিয়োজন’ৰ বিভিন্ন দিশ সামৰি নিয়মীয়াকৈ লেখা প্ৰকাশ কৰিলে ভাল হয়। চৰকাৰী চাকৰি অবিহনেও সৰু-বৰ উদ্যোগ গঢ়ি বা ব্যৱসায়-বাণিজ্য কৰিও সন্মানীয় জীৱন আৰু জীৱিকা নিৰ্বাহ যে কৰিব পাৰি সেই কথা উপলব্ধি কৰি কিছু সংখ্যক যুৱক-যুৱতীয়ে স্বনিয়োজনৰ পথ বাছি ল’লে নিবনুৱা সমস্যা অলপ হ’লেও কমিব বুলি আশা কৰিব পাৰি। উদ্যোগী আৰু চাকৰিয়ালৰ মাজত থকা পাৰ্থক্যবোৰ হ’ল- উদ্যোগীসকলে নিজে জীৱিকা উপাৰ্জন কৰাৰ লগতে আনকো নিয়োগৰ সুবিধা দিব পাৰে। চাকৰিয়ালৰ উপাৰ্জন সীমিত, কিন্তু উদ্যোগীৰ নহয়। উদ্যোগীসকলে যিমান যত্ন কৰে সিমানে উপাৰ্জন বৃদ্ধি হয়। চাকৰিয়ালসকলে সদায় সীমাৰ মাজত কাম কৰিব লাগে, কিন্তু উদ্যোগীসকলৰ কোনো সীমা নাই। উদ্যোগীসকলে নতুন নতুন দিশৰ পিনে কাম সম্প্ৰসাৰিত কৰিব পাৰে। চাকৰিয়াল এজনে কৰ্মচাৰী মাথোন, কিন্তু উদ্যোগী এজন মালিক। মালিকৰ পদমৰ্যাদা সদায় ওপৰত। উদ্যোগী এজনে অৱসৰ নল’লে আনে তেওঁক অৱসৰ দিব নোৱাৰে। কাৰণ তেওঁ উদ্যোগৰ মালিক হয়, কৰ্মচাৰী নহয়। সাধাৰণতে চাকৰি কৰি সৎ উপায়েৰে ধনী হোৱা সম্ভৱ নহয়, কিন্তু সৎ উপায়েৰে উদ্যোগ গঢ়ি বা ব্যৱসায় কৰি ধনী হোৱা সম্ভৱ। চাকৰিয়ালসকলৰ দিনটোৰ বাবে নিৰ্দিষ্ট কৰ্ম সময় থাকে, কিন্তু উদ্যোগীসকলৰ ক্ষেত্ৰত কৰ্মৰ কোনো নিৰ্দিষ্ট সময় সীমা নাথাকে। এতিয়া কথা হ’ল ছাত্ৰ-ছাত্ৰী তথা শিক্ষিত যুৱক-যুৱতীয়ে চাকৰি কৰাৰ নে উদ্যোগ গঢ়াৰ কথা ভাবিব, সেয়া সকলোৰে ব্যক্তিগত কথা।

লেখক: ড° বুলজিৎ বুঢ়াগোহাঁই(ৰাইজৰ বাতৰি)

 

 

 

 

3.0
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top