অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

জৈৱ-প্ৰযুক্তিবিদ্যাৰ পাঠ্যক্রম

জৈৱ-প্ৰযুক্তিবিদ্যাৰ পাঠ্যক্রম

জৈৱ-প্ৰযুক্তিবিদ্যা বা ‘বায়োটেকন’লজি’ (Biotechnology) পঢ়ি ছাত্র-ছাত্রীসকলে উন্নত কেৰিয়াৰ গঢ়িব পাৰে। ইয়াৰ বাবে ছাত্র-ছাত্রীসকলে উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাৰ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা পিছত ‘বায়োটেকন’লজি’’ৰ স্নাতক পাঠ্যক্রমত নাম ভৰ্তি কৰিব পাৰে। ‘বায়োটেকন’লজি’ত স্নাতক, স্নাতকোত্তৰ, এম.ফিল. আৰু পি.এইচ.ডি. পাঠ্যক্রম কৰিব পাৰি। এইখিনিতে এটা কথা উল্লেখ কৰা ভাল হ’ব যে– আমাৰ অসমত স্নাতক পৰ্যায়ত ‘বায়োটেকন’লজি’ পাঠ্যক্রম থকা শিক্ষানুষ্ঠানৰ সংখ্যা কম।

‘বায়োটেকন’লজি’ৰ স্নাতকোত্তৰ পাঠ্যক্রমত নাম ভৰ্ত্তিৰ বাবে বেছিভাগ শিক্ষানুষ্ঠানত বাছনি পৰীক্ষা অনুষ্ঠিত হয়। এটা উল্লেখযোগ্য বাছনি পৰীক্ষা (Combined Biotechnology entrance Examination) জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ে পৰিচালনা কৰে। এই পৰীক্ষাৰ সবিশেষ ৱেবছাইটত (http://www.jnu.ac.in) চাব পাৰে।

দেশৰ বিভিন্ন স্থানৰ লগতে অসমতো ‘বায়োটেকন’লজি’ত শিক্ষা গ্রহণ কৰিব পৰা শিক্ষানুষ্ঠান আছে। অসমৰ ‘গুৱাহাটী বিশ্ববিদ্যালয় (http://www.gauhati.ac.in)’ত ‘বায়োটেকন’লজি’ বিষয়ৰ স্নাতকোত্তৰ পাঠ্যক্রমত আসনৰ সংখ্যা মাত্ৰ ১৮ খন। এই পাঠ্যক্রমত নামভৰ্তিৰ বাবে শিক্ষাগত অৰ্হতা হ’ল – বিজ্ঞানৰ স্নাতক সকলে ৰসায়ন বিজ্ঞান/প্রাণী বিজ্ঞান/উদ্ভিদ বিজ্ঞান/ মাইক্ৰ’বায়’লজী / বায়’কেমিষ্ট্ৰি / বায়টেকনলজি মেজৰ হিচাপে লৈ ৫০% নম্বৰ সৈতে উত্তীৰ্ণ হ’ব লাগে (অনসূচিত জাতি, জনজাতি প্রাৰ্থীৰ বাবে ৪৫% নম্বৰ )। এই পাঠ্যক্রমত নাম ভৰ্ত্তিৰ বাবে এটা বাছনি পৰীক্ষা হয়।

‘গুৱাহাটী বিশ্ববিদ্যালয়’তো ‘বায়োটেকন’লজি’ বিষয়ত পি.এইচ.ডি. পাঠ্যক্রম অধ্যয়ন কৰিব পৰা সুবিধা আছে। তেজপুৰ বিশ্ববিদ্যালয় (http://www.tezu.ernet.in)ত ‘বায়োটেকন’লজি’ৰ স্নাতকোত্তৰ পাঠ্যক্রমত আসনৰ সংখ্যা ৩০ খন আৰু পি.এইচ.ডি. পাঠ্যক্রম অধ্যয়ন কৰিব পৰা সুবিধা আছে। ডিব্ৰুগড় বিশ্ববিদ্যালয় (http://www.dibru.ac.in ) ত ‘বায়োটেকন’লজি’ৰ বিষয়ৰ স্নাতকোত্তৰ পাঠ্যক্রমত আসনৰ সংখ্যা ২৫ খন আৰু ইয়াত পি.এইচ.ডি. পাঠ্যক্রম অধ্যয়ন কৰিব পৰা সুবিধা আছে।

অসম বিশ্ববিদ্যালয়( http://www.aus.ac.in )ত ‘বায়োটেকন’লজি’ৰ বিষয়ৰ স্নাতকোত্তৰ পাঠ্যক্রমত আসনৰ সংখ্যা ২৪ খন। অসম বিশ্ববিদ্যালয়ত ‘বায়োটেকন’লজি’ৰ বিষয়ত এম.ফিল. , পি.এইচ.ডি. আৰু ডি.এচ. পাঠ্যক্রম অধ্যয়ন কৰিব পৰা সুবিধা আছে।

ভাৰতীয় প্রযুক্তিবিদ্যা প্রতিষ্ঠান (আই.আই.টি.) গুৱাহাটী (http://www.iitg.ac.in) ত ‘বায়োটেকন’লজি’ৰ বি.টেক., এম. টেক. আৰু পি.এইচ.ডি. পাঠ্যক্রম অধ্যয়ন কৰিব পৰা সুবিধা আছে।

‘বায়োটেকন’লজি’ বিষয়ত স্নাতক পাঠ্যক্রম অধ্যয়ন কৰিব পৰা অসমৰ কেইখনমান মহাবিদ্যালয় হ’ল-

দৰং মহাবিদ্যালয় (http://www.darrangcollege.in),
পাণ্ডু মহাবিদ্যালয় (http://www.panducollege.org),
কটন মহাবিদ্যালয় (http://www.cottoncollege.org.in),
কলিয়াবৰ মহাবিদ্যালয় (http://www.kaliaborcollege.org) ।

‘বায়োটেকন’লজি’ বিষয়ৰ বিভিন্ন পাঠ্যক্রমত নামভৰ্তি কৰিব পৰা অসমৰ বাহিৰৰ কেইখনমান শিক্ষানুষ্ঠান হ’ল –আন্নামালাই বিশ্ববিদ্যালয় (http://annamalaiuniversity.ac.in ) , উত্তৰ-পূৱ পাৰ্বত্য বিশ্ববিদ্যালয় (http://www.nehu.ac.in/), উত্তৰবঙ্গ বিশ্ববিদ্যালয় (www.nbu.ac.in) , এম. এচ. ইউনিভাৰ্চিটি অৱ বৰ’ডা (www.msubaroda.ac.in), এলাহাবাদ বিশ্ববিদ্যালয় ( www.allduniv.ac.in ), গোৱা বিশ্ববিদ্যালয় (https://www.unigoa.ac.in ), জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় (http://www.jnu.ac.in), দেৱী অহল্যা বিশ্ববিদ্যালয় ( www.dauniv.ac.in) ,পণ্ডিচেৰী বিশ্ববিদ্যালয় (www.pondiuni.edu.in ) ,বিশ্বভাৰতী বিশ্ববিদ্যালয় (http://www.visvabharati.ac.in ) , বেনাৰস হিন্দু বিশ্ববিদ্যালয় (http://www.bhu.ac.in ) , মাদুৰাই কামৰাজ বিশ্ববিদ্যালয় (www.mkuniversity.org ), মহীশূৰ বিশ্ববিদ্যালয় ( www.uni-mysore.ac.in ) , লক্ষ্নৌ বিশ্ববিদ্যালয় (www.lkouniv.ac.in ) ,হায়দৰাবাদ বিশ্ববিদ্যালয় ( http://www.uohyd.ac.in/), হিমাচল প্ৰদেশ বিশ্ববিদ্যালয় (www.hpuniv.nic.in )।

শিক্ষাগত অৰ্হতা ওপৰত ভিত্তি কৰি চৰকাৰী-বেচৰকাৰী খণ্ডৰ বিভিন্ন পদত নিযুক্তি লাভ কৰিব পাৰে। জৈৱ প্ৰযুক্তিবিজ্ঞানৰ গৱেষণা প্রতিষ্ঠানবোৰত ‘বায়োটেকন’লজি’ বিষয়ৰ পাৰদৰ্শীসকলক নিযুক্তি দিয়ে। মহাবিদ্যালয়/বিশ্ববিদ্যালয়ত অধ্যাপক হিচাপে কেৰিয়াৰ আৰম্ভ কৰিব পাৰে।

লেখক: ড° বুলজিৎ বুঢ়াগোহাঁই, সহকাৰী অধ্যাপক,যান্ত্রিক অভিযান্ত্রিক বিভাগ,

গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড টেকন’লজী, গুৱাহাটী-৭৮১০১৭।

শেহতীয়া উন্নীতকৰণ: : 6/17/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate