মূল পৃষ্ঠা / শিক্ষা / পেশাগত পথপ্ৰদৰ্শক / ডায়েটিচিয়ান নিউট্ৰিচ’নিষ্টছ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ডায়েটিচিয়ান নিউট্ৰিচ’নিষ্টছ

ডায়েটিচিয়ান নিউট্ৰিচ’নিষ্টছৰ বিষয়ে লিখা হৈছে

ডায়েটিচিয়ান নিউট্ৰিচ’নিষ্টছ পাঠ্যক্ৰম-

 

ভাৰতবৰ্ষত নিউট্ৰিচন বিষয়ক শিক্ষা ১৯৩০ চনতেই আৰম্ভ হৈছিল যদিও ই সীমাবদ্ধ আছিল কেৱল ৰন্ধন বিষয়ক শিক্ষাৰ মাজতে। প্ৰকৃততে নিউট্ৰিচন আৰু ডায়েটিচিয়ান বিষয়ক শিক্ষাৰ বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰা হৈছিল ১৯৬০ চনৰ পৰাহে।

ডায়েটিচিয়ানৰ প্ৰধান কাম হৈছে যে তেওঁলোকে বিভিন্ন ব্যক্তি বিশেষৰ খাদ্য তালিকা প্ৰস্তুত কৰে ইয়াৰ তদাৰক কৰে। সাধাৰণতে তেওঁলোক চিকিৎসালয়, ক্লিনিক, স্প’ৰ্টচ চেন্টাৰ, জিম আদি স্বাস্থ্যৰ লগত জড়িত বিভিন্ন প্ৰতিষ্ঠানত নিয়োজিত হৈ থাকে। চিকিৎসালয় আদিত ডায়েটিচিয়ানসকলে ডাক্তৰৰ লগত আলোচনা কৰি বিভিন্ন ৰোগী আদিৰ বাবে খাদ্য তালিকা প্ৰস্তুত কৰে আৰু তাৰ তদাৰক কৰে। নিউট্ৰিছ’নিষ্টসকলৰ অধ্যয়নৰ ক্ষেত্ৰখন হৈছে খাদ্য বিজ্ঞান, খাদ্য বিষয়ক গৱেষণা, এফ এম চি চি আদি। নিউট্ৰিছ’নিষ্টসকলৰ কামবোৰ সাধাৰণতে খাদ্য বিষয়ক গৱেষণাৰ লগত জড়িত।

পাঠ্যক্ৰম:

 

নিউট্ৰিচন বিষয়ত অধ্যয়ন কৰিবৰ বাবে ন্যূনতম শিক্ষাগত অৰ্হতা উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হ’ব লাগে। বিভিন্ন কলেজ বা বিশ্ববিদ্যালয় অনুযায়ী ইয়াৰ পাঠ্যক্ৰমত হোম ছায়েন্স বিষয়ত স্নাতক মহলাৰ এই বিষয়ৰ বিশেষ পেপাৰ সন্নিৱিষ্ট আছে। ছাত্ৰ-ছাত্ৰীসকলে ফুড আৰু নিউট্ৰিচনৰ মূল বিষয় হিচাপে বাছি লৈ অধ্যয়ন কৰিব পাৰে। এই বিষয় অধ্যয়ন কৰিবলৈ বিজ্ঞান শাখাত উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হ’ব লাগে। তদুপৰি এই বিষয় অধ্যয়ন কৰিবলৈ বিভিন্ন বিশ্ববিদ্যালয়ৰ অন্তৰ্গত কলেজসমূহত ‘নিউট্ৰিচন অণ্ড ডাইটেটিক্স’ বিষয়ত স্নাতক পাঠ্যক্ৰম আছে। এই বিষয় অধ্যয়নৰ বাবে শীৰ্ষত থকা শিক্ষানুষ্ঠানসমূহ হৈছে- লেডি আইৰিছ কলেজ(দিল্লী বিশ্ববিদ্যালয়) এছ এন ডি টি উইমেনছ ইউনিভাৰচিটি, ইনষ্টিটিউট অব হোম ইক’নমিকছ, অভিনাচিলিনগাম ইউনিভাৰচিটি ফৰ উইমেন খ্ৰীষ্টিয়ান কলেজ, মানৱ ৰচনা ইউনিভাৰচিটি ইত্যাদি। ইয়াৰ উপৰি বিদেশত অধ্যয়নৰ ক্ষেত্ৰত এই বিষয়ৰ বাবে আটাইতকৈ ভাল হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ। তদুপৰি লেখতল’বলগীয়া বিশ্ববিদ্যালয় হৈছে Tsukuba আৰু Curtain University।

নিয়োগৰ সুবিধা:

 

এই বিষয়ৰ অধ্যয়ন কৰাসকলৰ ক্ষেত্ৰত নিয়োগৰ যথেষ্ট সুবিধা আছে। এই বিষয়ৰ স্নাতকসকলে সাধাৰণতে চিকিৎসালয়, হেলথ ক্লিনিক, ভি এল চি চি, খাদ্য উদ্যোগ যেনে- কেল’গছ, বাইটাভিয়া আদিত নিয়োজিত হ’ব পাৰে। তদুপৰি ফুড এণ্ড নিউট্ৰিছন ব’ৰ্ডৰ বিভিন্ন পৰীক্ষা আদি ইউ এছ চিয়ে অনুষ্ঠিত কৰে। স্নাতক উত্তীৰ্ণসকলে ইয়াৰ বাবেও আবেদন কৰিব পাৰে। বিভিন্ন বিভাগত সদ্যস্নাতক উত্তীৰ্ণসকলৰ বাবে দৰমহা সাধাৰণতে ১৫,০০০-২০,০০০ৰ ভিতৰত হয়। বিভিন্ন চৰকাৰী বিভাগৰ চাকৰি সাধাৰণতে দৰমহা ২৫,০০০ৰ পৰা আৰম্ভ হোৱা দেখা যায়।

শিক্ষা প্ৰতিষ্ঠান:

 

  • নেচনেল ইনষ্টিটিউট অব নিউট্ৰিচন, হায়দৰাৱাদ
  • জে ডি বিৰলা ইনষ্টিটিউট অব হোম ছায়েন্স, কলকাতা
  • লেডী আৰউইন কলেজ
  • এছ এন ডি টি ৱ’মেনছ ইউনিভাৰচিটি
  • অল ইণ্ডিয়া ইনষ্টিটিউট অব হাইজিন এণ্ড পাব্লিক হেলথ
  • দিল্লী বিশ্ববিদ্যালয়(ইনষ্টিটিউট অব হোম ইক’নমিক্স)
  • মাদ্ৰাজ বিশ্ববিদ্যালয়(প’ষ্টগ্ৰেজুৱেট ডিপ্ল’মা ইন নিউট্ৰিচন এণ্ড ডায়টেটিক্স)
  • মাৰাথাৱাড়া বিশ্ববিদ্যালয়
  • ওছমানিয়া বিশ্ববিদ্যালয়
  • ব’ম্বে বিশ্ববিদ্যালয়
  • মহীশূৰ বিশ্ববিদ্যালয়
  • জে বি পন্ট ইউনিভাৰছিটি অব এগ্ৰিকালচাৰ এণ্ড টেকন’লজী
  • শ্ৰীমতি নথিবাঈ দামোদৰ থাকাৰছে বিশ্ববিদ্যালয়
  • গুৰু নানক দেৱ বিশ্ববিদ্যালয়
  • তামিলনাডু ডা: এম জি আৰ মেডিকেল ইউনিভাৰছিটি
  • মাদুৰাই কামৰাজ বিশ্ববিদ্যালয়
  • শ্ৰীৰামচন্দ্ৰ মেডিকেল কলেজ এণ্ড ৰিছাৰ্চ ইনষ্টিটিউট

উৎস:অসমীয়া প্ৰতিদিন

2.85714285714
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top