পলিটেকনিক প্ৰতিষ্ঠান এখনত নামভৰ্তি কৰিবলৈ ইয়াৰ নিম্নতম অৰ্হতা হৈছে দশম শ্ৰেণী বা মেট্ৰিক উত্তীৰ্ণ। কিন্তু দেখা যায় শতকৰা ০.০০৩ শতাংশ দশম উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীয়েহে পলিটেকনিক প্ৰতিষ্ঠানত নামভৰ্তি কৰে।
সমগ্ৰ পৃথিৱীতে যেনেকৈ সকলো ছাত্ৰ-ছাত্ৰীৰে ইঞ্জিনিয়াৰিং বিষয়টোৰ প্ৰতি এক আকৰ্ষণ আছে, তেনেদৰে অসম বা উত্তৰ-পূব ভাৰততো এই শিক্ষাৰ ওপৰত আকৰ্ষণ যথেষ্ট বেছি দেখা যায় ছাত্ৰ-ছাত্ৰীৰ মাজত। দেখা যায় যে চৰকাৰী বা বেচৰকাৰী বহু ইঞ্জিনিয়াৰিং শিক্ষাৰ শিক্ষানুষ্ঠান অসমত আছে যদিও ইয়াৰে সৰহ সংখ্যক ডিগ্ৰী প্ৰদান কৰা শিক্ষানুষ্ঠান। ডিপ্ল’মা পাঠ্যক্ৰমৰ অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ সংখ্যা যথেষ্ট কম। কেৱল চৰকাৰী অভিযান্ত্ৰিক প্ৰতিষ্ঠানকেইখন আছে বুলিহে ক’ব পাৰি, কাৰণ বেচৰকাৰী খণ্ডৰ প্ৰায়বোৰ ইঞ্জিনীয়াৰিং শিক্ষানুষ্ঠানে ডিগ্ৰীহে প্ৰদান কৰে। সেয়ে চৰকাৰীভাৱে আৰু কেইখনমান অভিযান্ত্ৰিক প্ৰতিষ্ঠান বা পলিটেকনিক শিক্ষাৰ শিক্ষানুষ্ঠান অসমত স্থাপন কৰাৰ প্ৰয়োজন আছে।
অসমত যেনেদৰে পলিটেকনিক শিক্ষাৰ শিক্ষানুষ্ঠান যথেষ্ট কম, তেনেঅৰে ৰাষ্ট্ৰীয় পৰ্য্যায়তো একেই অৱস্থা। ২০১১ চনৰ হিচাপ অনুসৰি ভাৰতত জনসংখ্যা অনুপাতে পলিটেকনিক শিক্ষানুষ্ঠান হৈছে ৫,৯১,০০০:১ আৰু অসমত এই ২০,৫০, ৫৫৫:১। অৰ্থাৎ অসমত আৰু অতিৰিক্ত ২৫ খন পলিটেকনিক শিক্ষানুষ্ঠান স্থাপন হ’লেহে ই ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ সমপৰ্য্যায়লৈ আহিব। বৰ্তমান সমগ্ৰ ভাৰতত ১৪১৪ খন আৰু অসমত ইয়াৰে ৭ খন পলিটেকনিক আছে। পলিটেকনিক প্ৰতিষ্ঠান এখনত নামভৰ্তি কৰিবলৈ ইয়াৰ নিম্নতম শিক্ষাগত অৰ্হতা হৈছে দশম শ্ৰেণী বা মেট্ৰিক উত্তীৰ্ণ। কিন্তু দেখা যায় শতকৰা ০.০০৩ শতাংশ দশম উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীয়েহে পলিটেকনিক প্ৰতিষ্ঠানত নামভৰ্তি কৰে। ইয়াৰ পৰাই আমি অনুমান কৰিব পাৰো যে অসমত দশম শ্ৰেণী উত্তীৰ্ণসকলৰ মাজত পলিটেকনিক শিক্ষাৰ জনপ্ৰিয়তা যথেষ্ট কম অথবা এইটোও ক’ব পাৰি যে হয়তো ছাত্ৰ-ছাত্ৰীয়েই হওক বা অভিভাৱকেই হওক তেওঁলোকৰ এই বিষয়টো প্ৰথম পছন্দৰ বিষয় নহয়। বহুতো ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকৰ ধাৰণা এটা আছে যে এই পলিটেকনিক শিক্ষা বিষয়টোত সাধাৰণতে সমাজৰ আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ লোকসকলেহে নামভৰ্তি কৰে। আনহাতে, বহুতেই এইটো ভাবে যে ছাত্ৰ-ছাত্ৰী এজন স্নাতক হোৱাটো খুবেই প্ৰয়োজনীয় আৰু সেয়ে তেওঁলোকে পলিটেকনিক ডিপ্ল’মা পাঠ্যক্ৰম কৰিলেও যিকোনো শাখাতেই হওঁক স্নাতক পাঠ্যক্ৰমো কৰি থাকে। কিন্তু এটা কথা ঠিক যে দশম শ্ৰেণী উত্তীৰ্ণ হ’লেই পলিটেকনিক শিক্ষা গ্ৰহণ কৰিব পাৰি যেতিয়া উচ্চতৰ মাধ্যমিকৰ দুবছৰ অতিৰিক্ত খৰচ কৰাৰ প্ৰয়োজন নাথাকে। বৰ্তমান সমগ্ৰ বিশ্বতেই এই শিক্ষাৰ চাহিদাও যথেষ্ট বৃদ্ধি পাইছে আৰু এক সুন্দৰ কেৰিয়াৰ গঢ়াৰ যথেষ্ট সুযোগ আছে। পলিটেকনিক শিক্ষা প্ৰতিষ্ঠানত নামভৰ্তিৰ বাবে ইয়াৰ নামভৰ্তিৰ বাছনি পৰীক্ষাত সাধাৰণতে বিজ্ঞানৰ আৰু গণিত বিষয়ৰ ওপৰত অনুষ্ঠিত হয়। আবেদনৰ বাবে এই পৰীক্ষাৰ বিজ্ঞাপন সাধাৰণতে সকলো মুখ্য বাতৰি কাকততে প্ৰকাশ পায়।
উৎস: সম্ভাৰ, অসমীয়া প্ৰতিদিন।
শেহতীয়া উন্নীতকৰণ: : 4/26/2020
অসমৰ শিক্ষা, কেৰিয়াৰ,ছাত্র-ছাত্রী, অভিভাৱক, ছাত্র ...
আচল বনাম অচল শিক্ষা : সামাজিক প্ৰতিফলন আৰু কিছু অন...
অভিভাৱকৰ শাসন আৰু শিক্ষা-ব্যৱস্থাৰ মেৰপাকত আমাৰ ...
অসমত গাৰ্হস্থ্য বিজ্ঞান শিক্ষা