মূল পৃষ্ঠা / শিক্ষা / পেশাগত পথপ্ৰদৰ্শক / পশু চিকিৎসা বিজ্ঞান Veterinary Science
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

পশু চিকিৎসা বিজ্ঞান Veterinary Science

পশু চিকিৎসা বিজ্ঞান Veterinary Science ৰ বিষয়ে লিখা হৈছে ।

 

পঢ়ি ছাত্র-ছাত্রীসকলে উন্নত কেৰিয়াৰ গঢ়িব পাৰে। ইয়াৰ বাবে ছাত্র-ছাত্রীসকলে উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাত জীৱ বিজ্ঞান, ৰসায়ন বিজ্ঞান আৰু পদাৰ্থ বিজ্ঞান বিষয়সহ উত্তীৰ্ণ হোৱা পিছত পশু চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্রমত নাম ভৰ্তি কৰিব পাৰে । ইয়াৰ উপৰিও পশু চিকিৎসা বিজ্ঞানত চাৰ্টিফিকেট, ডিপ্লমা , স্নাতকোত্তৰ আৰু পি.এইচ.ডি. পাঠ্যক্রম অধ্যয়ন কৰিব পাৰে ।

পশু চিকিৎসা বিজ্ঞানৰ যোগেদি কেৰিয়াৰ গঢ়িব খোজা সকলৰ কিছুমান গুণ থকা দৰকাৰ, যেনে – জীৱবিজ্ঞান বিষয়টি প্রতি আকৰ্ষণ থাকিব লাগিব, জীৱ-জন্তৰ প্রতি মৰম থাকিব লাগিব , জীৱ-জন্তৰ আচৰণ বুজি পোৱা ক্ষমতা থাকিব লাগিব , অনুসন্ধিৎসু মন, সূক্ষ্মদৰ্শী ,ভাল যোগাযোগ দক্ষতা থকা , সকলো শ্রেণী মানুহৰ লগত কাম কৰিব পৰা দক্ষতা, কষ্টসহিষ্ণুতা , কৰ্তব্যপৰায়ণতা, অনুসন্ধিৎসু মন, নিষ্ঠাবান, দায়িত্ববোধ আদি ।

দেশৰ বিভিন্ন স্থানৰ লগতে অসমতো ‘পশু চিকিৎসা বিজ্ঞান’ত শিক্ষা গ্রহণ কৰিব পৰা শিক্ষানুষ্ঠান আছে । অসম কৃষি বিশ্ববিদ্যালয় অধীনস্থ গুৱাহাটী খানাপাৰাৰ ‘পশু চিকিৎসা মহাবিদ্যালয়’ আৰু ‘লখিমপুৰ পশু চিকিৎসা মহাবিদ্যালয়’ত ‘পশু চিকিৎসা বিজ্ঞান আৰু পশু পালন’ৰ স্নাতক পাঠ্যক্রম (Bachelor of Veterinary Science and Animal Husbandry, B.V.Sc. & A.H.) অধ্যয়ন কৰিব পৰা সুবিধা আছে । অসম কৃষি বিশ্ববিদ্যালয় অধীনস্থ মহাবিদ্যালয় দুখনত স্নাতক পাঠ্যক্রমত নামভৰ্তি ‘ভেটেৰিনেৰী এনট্রেন্স টেষ্ট[Veterinery Entrance Test(VAT)]’ নামৰ এটি প্রৱেশ পৰীক্ষা জৰিয়তে হয় । এই প্রৱেশ পৰীক্ষা অনলাইন পদ্ধতিত আৱেদন কৰিব লাগে । ইয়াৰ ৱেবছাইট ঠিকনাটি হ’ল – http://cld.aau.ac.in/ । অসম কৃষি বিশ্ববিদ্যালয় অধীনস্থ গুৱাহাটী খানাপাৰাৰ ‘পশু চিকিৎসা মহাবিদ্যালয়’ত পশু চিকিৎসা বিজ্ঞানৰ স্নাতকোত্তৰ আৰু পি.এইচ.ডি. পাঠ্যক্রম অধ্যয়ন কৰিব পৰা সুবিধা আছে ।

‘পশু চিকিৎসা বিজ্ঞান’ৰ বিভিন্ন পাঠ্যক্রমত নামভৰ্তি কৰিব পৰা অসমৰ বাহিৰৰ কেইখনমান শিক্ষানুষ্ঠান হ’ল-আনন্দ এগ্রিকালচাৰেল ইউনিভাৰ্চিটি (www.aau.in ),ইণ্ডিয়ান ভেটেৰিনেৰী ৰিচাৰ্চ ইনষ্টিটিউট(www.ivri.nic.in), কেৰেলা ভেটেৰিনেৰী এণ্ড এনিমেল ছায়েন্স ইউনিভাৰ্চিটি (http://www.kvasu.ac.in),কৰ্ণাটক ভেটেৰিনেৰী, এনিমেল এণ্ড ফিছাৰী ছায়েন্স ইউনিভাৰ্চিটি (http://kvafsu.edu.in), গুৰু অংগদ দেৱ ভেটেৰিনেৰী এণ্ড এনিমেল ছায়েন্স ইউনিভাৰ্চিটি (http://www.gadvasu.in),চৌধাৰী চৰণ সিং হাৰিয়ানাএগ্রিকালচাৰেল ইউনিভাৰ্চিটি (http://www.hau.ernet.in) , তামিলনাডু ভেটেৰিনেৰী এণ্ড এনিমেল ছায়েন্স ইউনিভাৰ্চিটি (www.tanuvas.tn.nic.in ), বিৰছা এগ্রিকালচাৰেল ইউনিভাৰ্চিটি (www.bauranchi.org),ৱেষ্ট বেংগল ইউনিভাৰ্চিটি অৱ এনিমেল এণ্ড ফিছাৰী ছায়েন্স (http://wbuafscl.ac.in), মহাৰাষ্ট্র এনিমেল এণ্ড ফিছাৰী ছায়েন্স ইউনিভাৰ্চিটি (www.mafsu.in),ৰাজীৱ গান্ধী ইনষ্টিটিউট অৱ ভেটেৰিনেৰী এডোকেচন এণ্ডৰিচাৰ্চ ( www.ragacovas.com), লালা লাজপট ৰায় ইউনিভাৰ্চিটি অৱ ভেটেৰিনেৰী এণ্ড এনিমেল ছায়েন্স(www.luvas.edu.in) ,শ্রী ভেঙ্কটেশ্বৰ ভেটেৰিনেৰী ইউনিভাৰ্চিটি (http://www.svvu.edu.in), হিমাচল প্রদেশ এগ্রিকালচাৰ ইউনিভাৰ্চিটি ( www.hillagric.ac.in) আদি।

ৰাষ্ট্রীয় বৃত্তিমূলক আৰু গৱেষণা প্ৰশিক্ষণ পৰিষদে(http://ncvrtindia.org/) ভেটেৰিনেৰী বিভিন্ন বৃত্তিমূলক প্ৰশিক্ষণ প্ৰদান কৰে ।

এই শিক্ষানুষ্ঠানসমূহৰ বিভিন্ন পাঠ্যক্রমত নাম ভৰ্তিৰ বাবে প্রয়োজন হোৱা ন্যূনতম নম্বৰ তথা শিক্ষাগতৰ অৰ্হতা শিক্ষানুষ্ঠান অনুযায়ী বিভিন্ন হয় । এই শিক্ষানুষ্ঠানবোৰত বিভিন্ন পাঠ্যক্রমত নাম ভৰ্তি কৰিব বাবে প্রয়োজন হোৱা সবিশেষ তথ্য জানিবৰ বাবে শিক্ষানুষ্ঠানবোৰৰ ৱেবছাইটত চাব পাৰে ।

পশু চিকিৎসা বিজ্ঞানত শিক্ষা গ্রহণ কৰিবৰ বাবে নামভর্তি কৰাৰ পূর্বে শিক্ষানুষ্ঠানখন ভেটেৰিনেৰী কাউঞ্চিলঅৱ ইণ্ডিয়া (Veterinary Council of India, www.vci.nic.in)ৰ স্বীকৃতিপ্রাপ্ত হয় নে নহয় জানি ল’ব লাগিব ।

পশু চিকিৎসা বিজ্ঞানৰ শিক্ষাগত অৰ্হতা আৰু অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি চৰকাৰী আৰু বেচৰকাৰী বিভিন্ন খণ্ড, যেনে – Animal Food companies , Animal Welfare Societies , Animals Farms , Dairy Farms , Defence forces,Piggery Farms , Poultry Farms , breeding farms, Dairy Research Institutes , Feed processing industry , Government Projects, Veterinary Hospitals , Media and Print , Pharmaceuticals , Research Companies , Veterinary Clinics ,Veterinary instruments/equipment industry, Zoos & Wild life Research , Zoos & Wildlife centres, Government Animal Husbandry Departments , Sheep and rabbit farms , Wildlife sanctuaries, Zoological parks আদিত নিযুক্তি লাভ কৰিব পাৰে । মহাবিদ্যালয়/বিশ্ববিদ্যালয়ত অধ্যাপক হিচাপে কেৰিয়াৰ আৰম্ভ কৰিব পাৰে । ‘ভেটেৰিনেৰী ছায়েন্স’ গৱেষণাও এটা কেৰিয়াৰ হ’ব পাৰে। সাংবাদিক হিচাপে কেৰিয়াৰ আৰম্ভ কৰিব পাৰে । ইয়াৰ উপৰিও পশু স্বাস্থ্য সেৱা ক্লিনিক খুলি স্ব-নিয়োজনৰ ব্যৱস্থা কৰিব পাৰে।

লেখক - ড° বুলজিৎ বুঢ়াগোহাঁই

3.09090909091
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top