মূল পৃষ্ঠা / শিক্ষা / পেশাগত পথপ্ৰদৰ্শক / প্ৰতিযোগিতামূলক পৰীক্ষাত সফল হোৱাৰ উপায়
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

প্ৰতিযোগিতামূলক পৰীক্ষাত সফল হোৱাৰ উপায়

প্ৰতিযোগিতামূলক পৰীক্ষাত সফল হোৱাৰ উপায়

ইউ পি এছ চি, এছ এছ চি আদি কেন্দ্ৰীয় সংস্থাসমূহে প্ৰতিবছৰে সৰ্বভাৰতীয় ভিত্তিত বছৰি প্ৰতিযোগিতামূলক পৰীক্ষা অনুষ্ঠিত কৰি আহিছে। প্ৰশাসনিক সেৱাৰ পৰীক্ষাসমূহ তীব্ৰ প্ৰতিদ্বন্দিতামূলক আৰু তাৰ বাবে বিশেষ প্ৰস্তুতিৰ প্ৰয়োজন আছে। কিন্তু এছ এছ চিয়ে অনুষ্ঠিত কৰা মেট্ৰিক লেভেল আৰু গ্ৰেজুৱেট লেভেলৰ পৰীক্ষামূলক অলপ চেষ্টা কৰিলে উত্তীৰ্ণ নোহোৱাৰ কথা নাই। কিন্তু কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ এইসমূহ চাকৰিৰ বাবে পৰীক্ষাত বহা অসমীয়া প্ৰাৰ্থীৰ সংখ্যাটো দুখ লগাকৈ কম। পদোন্নতিৰ উপযুক্ত ব্যৱস্থা থকা, উপযুক্ত দৰমহা তথা অন্যান্য আনুষংগিক সা-সুবিধাও থকা এইসমূহ চাকৰিত সেয়েহে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বাহিৰৰ ব্যক্তিয়ে ইয়ালৈ আহি চাকৰি কৰি আছে। সজাগতাৰ অভাৱ, গাইডেন্সৰ চাকৰিৰ ক্ষেত্ৰতো। আমাৰ প্ৰাৰ্থীৰ যোগ্যতা তথা প্ৰতিভা কোনোগুণে কম নহয়। অভাৱ মাঁথো সজাগতাৰ, সঠিক পৰিকল্পনাৰ আৰু মানসিকতাৰ।

উপযুক্ত কোচিঙৰ সহায় ল’ব পাৰিলে ভাল যদিও সঠিক প্ৰস্তুতিৰে আপুনি নিজেই ইয়াৰ বাবে সাজু হ’ব পাৰে। প্ৰতিযোগিতামূলক পৰীক্ষাত সফল হ’বৰ বাবে পাঁচটা উপায় আগবঢ়ালোঁ-

ছিলেবাছ

প্ৰথমে পৰীক্ষাৰ বাবে ছিলেবাছ সংগ্ৰহ কৰি লওক। সেই অনুসৰি উচ্চ মানসম্পন্ন গাইড বুক সংগ্ৰহ কৰক। মনত ৰাখিব যে প্ৰশ্ন ছিলেবাছ যিকোনো বিষয়ৰ হ’ব পাৰে। সেয়েহে প্ৰতিটো বিষয় সাঙুৰি অধ্যয়ন কৰিবলৈ নাপাহৰিব। কিছু বিষয়ৰ হ’ব বুজি নাপাব পাৰে বা ভাল নালাগিবও পাৰে। কিন্তু এবাৰ-দুবাৰকৈ আপুনি সেইসমূহ ৰিভিজন কৰি থাকিলে দেখিব আয়ত্তলৈ আহি গৈছে।

নিয়মীয়া অধ্যয়ন

নিয়মীয়াকৈ অধ্যয়ন কৰাটো অতিকৈ জৰুৰী। ছাত্ৰ-ছাত্ৰীয়ে পুৱা-গধূলি সুবিধা অনুসৰি সময় নিৰ্বাচন কৰিব। ইতিমধ্যেই আন কৰ্মত জড়িতসকলে আঁজৰি সময়ত সুবিধা কৰি ল’ব লাগিব। মনত ৰাখিব যে নিয়মীয়াকৈ অধ্যয়ন কৰিলে দৈনিক অকণমান সময়তেই সুফল পোৱা যায়। অকল পৰীক্ষাৰ আগত কেইদিনমান দিন-ৰাতি একাকাৰ কৰি পঢ়িলেও বিশেষ সুফল পোৱা নাযায়। বৰঞ্চ স্বাস্থ্য দুৰ্বল হৈ ক্ষতি কৰাৰহে সম্ভাৱনা থাকে। মনত ৰাখিব নিয়মীয়া অধ্যয়ন আৰু ৰিভিজনে আপোনাৰ কাম আটাইতকৈ সহজ কৰি তুলিব।

পুৰণি প্ৰশ্নকাকতৰ সমাধান

পুৰণি প্ৰশ্নকাকত গাইড বুক বা প্ৰতিযোগিতামূলক আলোচনীসমূহত পোৱা যায়। আপুনি ঘৰতে এইসমূহ অনুশীলন কৰক। পৰাপক্ষত প্ৰকৃত পৰীক্ষাৰ নিচিনাকৈ একে বহাতে আৰু ঘড়ী চাই পৰীক্ষাৰ সময়ৰ লগত মিলাই চেষ্টা কৰক। ইয়াৰ ফলত আপোনাৰ লাভ বহুত। প্ৰথমে পৰীক্ষাত নিৰ্দিষ্ট সময়ৰ ভিতৰত উত্তৰসমূহ কৰাৰ কৌশল আপুনি সহজে আয়ত্ত কৰিব। বহুতো প্ৰাৰ্থীয়ে নিৰ্দিষ্ট সময়ৰ ভিতৰত প্ৰশ্নকাকত শেষ কৰিব নোৱাৰা বাবেই প্ৰতিভা আৰু যোগ্যতা থকা স্বত্ত্বেও বঞ্চিত হ’বলগীয়া হয়। দ্বিতীয়তে, ছিলেবাছৰ প্ৰায় প্ৰতিটো বিষয়ৰে ৰিভিজন হৈ যাব ইয়াৰ দ্বাৰা। কি কি বিষয়ত আপুনি এতিয়াও দুৰ্বল হৈ আছে, তাৰ প্ৰকৃত আভাস পাব আপুনি ইয়াৰ দ্বাৰাই।

সাধাৰণ জ্ঞান

প্ৰতিটো পৰীক্ষাতে প্ৰতিবছৰে কিছুমান নতুন ধৰণৰ প্ৰশ্ন আহে। সেয়েহে শেহতীয়া কিতাপ, প্ৰতিযোগিতামূলক আলোচনী, বাতৰিকাকত আদিত নিয়মীয়াকৈ চকু ফুৰাই থকাটো খুবেই দৰকাৰী। মনত ৰাখিব প্ৰতিযোগিতামূলক পৰীক্ষাত এটা প্ৰশ্নও নিৰ্ণায়ক হৈ উঠিব পাৰে।

সমূহীয়া আলোচনা

একেধৰণৰ পৰীক্ষাৰ বাবে সাজু হ’বলৈ ওলোৱা মনে মিলা বন্ধু-বান্ধৱী গোটাই লৈ এটা গ্ৰুপ বনাই লৈ সপ্তাহে/পষেকে আলোচনাত বহক। এনে আলোচনাৰ জৰিয়তে তথ্য আৰু অভিভাৱকৰ আদান-প্ৰদান হয়। তদুপৰি ই আপোনাৰ প্ৰতিযোগিতামূলক মানসিকতা বৰ্তাই ৰখাত সহায় কৰিব। অৱশ্যে গঠনমূলক আলোচনাৰ সলনি সাধাৰণ আড্ডালৈ পৰিণত নোহোৱাৰ প্ৰতি গুৰুত্ব দিব। অন্যথা সময়ৰ লোকচানহে হ’ব।

এইখিনিতে এটা দৰকাৰী কথা হ’ল আমাৰ যুৱক-যুৱতীয়ে যথেষ্ট পলমকৈ অৰ্থাৎ বেছি বয়সতহে এইসমূহ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলায়। প্ৰকৃততে ১৮ বছৰ প্ৰাপ্ত হোৱাৰ পৰাই আবেদন কৰিব পৰা দুই-এক পৰীক্ষাত বহি অভ্যাস কৰি ল’ব লাগে। আকৌ এছ এছ চি বা বেংকৰ পৰীক্ষাসমূহৰ এক প্লাছ পইন্ট হ’ল আপুনি কনিষ্ঠ পদবীত যোগদান কৰি আৰম্ভ কৰিলেও পদোন্নতিৰ জৰিয়তে সৰ্বোচ্চ পদবী লাভ কৰিব পৰাৰ সুবিধা আছে। তদুপৰি ‘ষ্টাডী লিভ’ ব্যৱস্থাও আছে। আমাৰ যুৱক-যুৱতীসকলে প্ৰতিভা আৰু যোগ্যতাৰে প্ৰতিষ্ঠা লাভ কৰক তাৰেই শুভেচ্ছাৰে সামৰিছোঁ।

লেখক: ভাৰতীয় ষ্টেট বেংকৰ বিষয়া আৰু ভাৰত চৰকাৰৰ যুৱ মন্ত্ৰ্যালয়ৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত লাইফ স্কীলছ ট্ৰেইনাৰ, নিয়মীয়া বাৰ্তা।

2.91666666667
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top