অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে কেনেদৰে প্ৰস্তুত হ’ব

 

অধ্যয়নত প্ৰতিযোগিতা

শিক্ষা আৰু প্ৰতিযোগিতা সদায় ইটোৰ লগত সিটো জড়িত। সকলো মানুহৰ বৌদ্ধিক বিকাশৰ কাৰণে শিক্ষা আৰু প্ৰতিযোগিতা হৈছে দুটা সাৰ্বজনীন উপাদান। বৰ্তমান শিক্ষাৰ ক্ষেত্ৰত প্ৰতিযোগিতা এটা প্ৰধান কাৰক। ৰাষ্ট্ৰীয় শিক্ষা ব্যৱস্থাই পৰিকল্পনা কৰিছে যাতে প্ৰতিযোগিতাৰ জৰিয়তে বিভিন্ন বিষয়ৰ উৎকৃষ্টসকলক বাচি উলিয়াব পাৰি আৰু বিভিন্ন প্ৰতিযোগিতাৰ কাৰণে ছাত্ৰ-ছাত্ৰীসকলক উৎসাহ যোগাব পাৰি। অতীত বা বৰ্তমানতেই হওক, মানুহে সদায় শিক্ষা আৰু প্ৰতিযোগিতা দুয়োটাকেই গুৰুত্ব দি আহিছে। সময়ে সময়ে বিভিন্ন পৰিবৰ্তন দেখিবলৈ পোৱা যায় এই দুটা ক্ষেত্ৰতে। স্বাভাৱিকতে দেখা যায় ছাত-ছাত্ৰীসকলে শ্ৰেণীত বিভিন্ন বিষয়ত তেওঁলোকে সহপাঠীসকলৰ লগত নিজকে তুলনা কৰে। যিটোৰ পৰা বুজিব পাৰি তেওঁলোকৰ প্ৰতিযোগিতামূলক মানসিকতাৰ বিষয়ে। বিদ্যালয়ত হোৱা পৰীক্ষাসমূহো একেধৰণৰ প্ৰতিযোগিতা ছাত্ৰ-ছাত্ৰীৰ বাবে। যদিও এনে পৰীক্ষা বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ওপৰতেই হয়, তথাপি এনে পৰীক্ষাই ছাত্ৰ-ছাত্ৰীক আগবাঢ়ি যোৱাত যথেষ্ট সহায় কৰে।

ভাৰতৰ প্ৰতিযোগিতামূলক পৰীক্ষাসমূহ

চিকিৎসা বিজ্ঞানৰ পৰীক্ষা, যেনে- এন ই ই টি, ইঞ্জিনীয়াৰিঙৰ পৰীক্ষা, যেনে-জে ই ই, এম বি এ বাছনি পৰীক্ষা, এম চি এ বাছনি পৰীক্ষা, ইউ পি এছ চি, আইনৰ বাছনি পৰীক্ষা, এল আই চি পৰীক্ষা, হোটেল মেনেজমেণ্ট বাছনি পৰীক্ষা, ফেশ্বন ডিজাইনিং বাছনি পৰীক্ষা, চি এ বাছনি পৰীক্ষা, ৰে’লৱে নিযুক্তি পৰীক্ষা, বেংকৰ পৰীক্ষা, ৰে’লৱে নিযুক্তি পৰীক্ষা, বেংকৰ পৰীক্ষা, ৰে’লৱে নিযুক্তি পৰীক্ষা, বেংকৰ পৰীক্ষা, নিৰাপত্তা আদি বিভাগীয় পৰীক্ষা, বিদেশত পঢ়িবৰ বাবে হোৱা পৰীক্ষা, এছ পি এছ চি আদি।

পৰীক্ষাৰ দিন

পৰীক্ষাৰ এসপ্তাহৰ আগৰ পৰা যোৱা দুবছৰে অধ্যয়ন কৰা সকলোখিনি আওৰাই চাওক। পৰীক্ষা হলত ঠাণ্ডা মগজুৰে সৈতে সুন্দৰভাৱে ধীৰে-সুস্থিৰে প্ৰতিটো প্ৰশ্নৰ উত্তৰ কৰি যাওক। পৰীক্ষালৈ যোৱাৰ আগতে সকলো বস্তু, যেনে-এডমিট কাৰ্ড, কাগজ, কলম আদি লগত আছে নে নাই আকৌ এবাৰ চাবলৈ নাপাহৰিব। আপুনি যদি যোৱা দুই বছৰে আপোনাৰ সৰ্বোৎকৃষ্টখিনি দিছে, তেনেহ’লে চিন্তাৰ কোনো কাৰণ নাই। গতিকে আগবাঢ়ি যাওক আৰু নিজৰ সৰ্বোৎকৃষ্টখিনি উজাৰি দিয়ক।

পৰিকল্পনা/প্ৰশিক্ষণ প্ৰতিষ্ঠান নিৰ্বাচন

পৰীক্ষাৰ বাবে প্ৰস্তুত কৰাৰ পূৰ্বীই পৰীক্ষাৰ বাবে আৱশ্যকীয় অৰ্হতাৰ বিষয়ে জানিব লাগে। যেনে- আবেদনৰ শেষ তাৰিখ, শিক্ষাগত অৰ্হতা, কিমান আসন আছে, শতকৰা কিমান নম্বৰ পাব লাগিব, পূৰ্বৰ কাট অফ মাৰ্ক, বয়সৰ সীমা। প্ৰতিযোগিমূলক পৰীক্ষাৰ বাবে সঠিক নিৰ্দেশনাৰ খুবেই প্ৰয়োজন। এইক্ষেত্ৰত সঠিক প্ৰতিষ্ঠানৰ জৰিয়তে উপযুক্ত শিক্ষা সঁজুলি, বিশেষজ্ঞৰ গাইডেন্স, সঠিক পৰামৰ্শ আদি পাব পাৰি। সেয়ে সঠিক শিক্ষা প্ৰতিষ্ঠান অতি জৰুৰী।

পঢ়াৰ সময়

প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে কিমান সময় পঢ়িব লাগিব বুলি ক’লে ক’ব লাগিব যে ই এটা আচৰিত ধৰণৰ প্ৰশ্ন। অতি কমেও ৫/৬ ঘন্টা দিনে পঢ়াটো গৰুৰী যদিও ছাত্ৰ-ছাত্ৰী আৰু তেওঁলোকৰ পাঠ্যক্ৰম অনুযায়ী পঢ়াৰ সময় বেলেগ বেলেগ। এইটো সঁচা যে নিয়মিত অধ্যয়ন কৰিলে সুফল পোৱা যায়। কিন্তু ছাত্ৰ-ছাত্ৰী এগৰাকীৰ সামগ্ৰি বিকাশৰ বাবে খেল, মনোৰঞ্জন আদিৰো প্ৰয়োজন আছে।

কেনেদৰে অধ্যয়ন কৰিব

যিকোনো বিষয়ৰ পৰীক্ষা আৰু প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুত হোৱাৰ মাজত যথেষ্ট পাৰ্থক্য আছে। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বিভিন্ন দিশ সম্পৰ্কে পৰীক্ষাৰ্থীসকলৰ আগতে সতৰ্ক হোৱা উচিত। মনত ৰাখিব প্ৰতিযোগিতামূলক পৰীক্ষাত আটাইতকৈ উৎকৃষ্টজনকহে বাছি উলিওৱা হয়। বিভিন্ন বাছনি পৰীক্ষা, যেনে- মেডিকেল, ইঞ্জিনীয়াৰিং, এম বি এ, চি এ, চি এছ, বেংক আদিৰ কাৰণে সময় অনুসৰি পৰিকল্পিতভাৱে প্ৰ্স্তুত হ’ব লাগে অৰু সেই পৰিকল্পনা অনুযায়ী সময়মতে অধ্যয়ন কৰিব লাগে। সফলতাৰ কাৰণে কৰা পৰিশ্ৰম হ’ব লাগিব পৰিকল্পিতভাৱে বুদ্ধিমত্তাৰে কৰা পৰিশ্ৰম। প্ৰতিযোগীতামূলক পৰীক্ষাত অৱৰ্তীৰ্ণ হ’বলৈ ছাত্ৰ-ছাত্ৰীসকলৰ যথেষ্টখিনি কৰিবলগীয়া থাকে।

শিক্ষণ সঁজুলি নিৰ্বাচন

এটা সাধাৰণ প্ৰশ্ন হৈছে যে স্কুলৰ ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ স্কুলৰ পঢ়া আৰু প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে পঢ়াৰ মাজত কেনেদৰে ভাৰসাম্য বজাই ৰাখিব। ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিযোগিতামূলক পৰীক্ষা আৰু স্কুলৰ পাঠ্যক্ৰম একত্ৰিত কৰি সামঞ্জস্যখিনি বিচাৰিবলৈ চেষ্টা কৰাটো দৰকাৰ। পাঠ্যক্ৰমৰ সকলোখিনি সুন্দৰকৈ বুজি উঠাৰ লগতে অংক আদি বিষয় বাৰে বাৰে অনুশীলন কৰাটো দৰকাৰ। বিদ্যালয়ত সময়ে সময়ে হোৱা পৰীক্ষাবোৰেও এইক্ষেত্ৰত যথেষ্ট সহায় কৰে। কোনো এটা পৰীক্ষাৰ বাবে সকলোখিনি খৰচি মাৰি অধ্যয়ন কৰা সম্ভৱ নহ’লেও পাঠ্যক্ৰমত থকাখিনি বুজাৰ চেষ্টা কৰিব লাগে, আজৰি সময়খিনিৰ সদ্ব্যৱহাৰ কৰি অধ্যয়ন কৰাৰ লগতে পূৰ্বৰ পৰীক্ষাৰ প্ৰ্শ্নকাকত সমাধান কৰিব লাগে।

প্ৰস্তুতিমূলক পৰীক্ষা/স্পষ্ট জ্ঞান আহৰণ

প্ৰস্তুতিকালত অৱতীৰ্ণ হোৱা পৰীক্ষাসমূহৰ জৰিয়তে পৰীক্ষাৰ্থীক প্ৰতিযোগীতামূলক পৰীক্ষাৰ প্ৰশ্নকাকতৰ এটা আভাস দিয়া হয়। পৰীক্ষাৰ প্ৰশ্নকাকত এখন কৰি উলিওৱটো কঠিন নহয় যদিও ইয়াক নিৰ্ধাৰিত সময়ৰ ভিতৰত শুদ্ধকৈ কৰাটো যথেষ্ট টন। সেয়ে প্ৰস্তুতিকালীন পৰীক্ষাবোৰে এনেধৰণৰ প্ৰশ্নকাকত এখন নিৰ্ধাৰিত সময়ত কৰি উলিয়াব পৰা হোৱাত সহায়ক হ’ব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰাথমিক কথাটো হৈছে ইয়াত প্ৰশ্নকাকত এখন যিমান পাৰি সিমান কম সময়ত বা নিৰ্দ্ধাৰিত সময়ৰ ভিতৰত উত্তৰ কৰিব পৰাটো। কম সময়ৰ ভিতৰত উত্তৰ দিবৰ কাৰণে বিষয়সমূহ খৰচি মাৰি পঢ়া আৰু বিশেষকৈ গণিত আদিৰ বিভিন্ন অংশৰ সৰু সৰু কথাবোৰ খুটি নাটি মাৰি জনাটো দৰকাৰ।

সময় ব্যৱস্থাপনা

সময়ৰ সঠিক ব্যৱহাৰেই সফলতাৰ মূল চাবিকাঠী। যদিও সকলোৰে বাবে সময় ২৪ ঘণ্টাহে থাকে, তথাপি যিজনে পৰিকল্পিতভৱে এই সময় ব্যৱহাৰ কৰে, তেৱেই সফল হয়। সকলো বিষয়ত দুৰ্বল বিষয়সমূহত অধিক সময় দিয়া প্ৰয়োজন।

সঠিক লক্ষ্য নিৰ্ধাৰণ

এটা নিৰ্দিষ্ট  লক্ষ্য থাকিব লাগিব আৰু সেই লক্ষ্য পূৰণ কৰিবলৈ তেওঁ নিজৰ সৰ্বস্ব উজাৰি দিব লাগিব। নিজৰ দক্ষতাৰ ভিত্তিত সেই লক্ষ্য নিৰ্ধাৰন কৰিব লাগিব। আগতীয়কৈ লক্ষ্য নিৰ্ধাৰণ কৰি সময়ৰ সঠিক ব্যৱহাৰ কৰাটো ছাত্ৰ-ছাত্ৰীৰ বাবে অতি গুৰুত্বপূৰ্ণু। শুদ্ধ আৰু কৌশলগতভাৱে কৰা কামে ছাত্ৰ-ছাত্ৰীক সদায় লক্ষ্যৰ কাষ চপাত সহায় কৰে।

উৎসঃ অসমীয়া প্ৰতিদিন

শেহতীয়া উন্নীতকৰণ: : 5/1/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate