অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

পৰিবেশ্যে কলা-এক সুন্দৰ কেৰিয়াৰ

পৰিবেশ্যে কলা-এক সুন্দৰ কেৰিয়াৰ

চমু বিৱৰণ

পৰিবেশ্যে কলা এনে এটা বিষয়, যিয়ে সকলোকে সদায়ে আকৰ্ষণ কৰি আহিছে| পৰিবেশ্যে কলা বিষয়টোত সাধাৰণতে সংগীত আৰু নাটক উভয়ে সন্নিবিষ্ট হৈ থাকে| ঠিক তেনেদৰে সংগীত বুলিলে তাত গীত, বাদ্য, নৃত্য এই তিনিওতাই থাকে| পৰিবেশ্যে কলা বা পৰিবেশন কলা বিভাগৰ প্ৰতিটো বিষয়ৰে নিজ নিজ বিশেষত্ব আছে| গীত বুলিলে যেনেদৰে গীতৰ গায়ন, সৃষ্টি আদি থাকে, ঠিক নৃত্য বুলিলেও শৰীৰৰ চাল-চলন, মুখৰ অভিব্যক্তি আদি থাকে| এই বিষয় অধ্যয়ন কৰিবলৈ হ’লে ছাত্ৰ-ছাত্ৰীয়ে ইয়াৰ মাজৰ কোনো এটা বিষয় বাছি ল’ব লাগে| অধ্যয়নৰ বাবে থকা বিষয়সমুহত সন্নিবিষ্ট আছে-কণ্ঠ সংগীতত হিন্দুস্তানী আৰু কৰ্ণাটকী সংগীত, বাদ্যযন্ত্ৰ (তবলা, বেহেলা, চেতাৰ, বাঁহী, মৃদংগ, পোখৱাজ, এছৰাজ, সৰোদ, বীণা, ছন্তুৰ আদি)| তেনেদৰে অভিনয়ৰ লগতে বিভিন্ন শাস্ত্ৰীয় নৃত্য, যেনে- ভাৰত নাট্যম, কথক, ওডিচী, কুচিপুড়ী, মণিপুৰী, কথকলি, মোহিনীয়াট্টম আদি|

বিগত বিশ বছৰ ধৰি সংগীত উদ্যোগটোৰ অভূতপূৰ্ব উত্থানে বহু ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকক এই বিষয়টোৰ প্ৰতি আকৰ্ষণ কৰি আহিছে| এই বিষয় অধ্যয়ন কৰা বহু ভাৰতীয় শিল্পীয়ে আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত যথেষ্ট সুনাম কঢ়িয়াবলৈ সক্ষম হৈছে| বৰ্তমানে ভাৰতৰ বিভিন্ন বিশ্ববিদ্যালয়ত এই বিষয়ত উচ্চ শিক্ষা গ্ৰহণ কৰিব পৰাৰ ব্যৱস্থা আছে| ছাত্ৰ-ছাত্ৰীয়ে এই বিষয় সমূহত স্নাতক তথা স্নাতকোত্তৰ ডিগ্ৰীৰ উপৰি এম ফিল, পি এইচ ডি, আদিও কৰিব পাৰে| এই বিষয় অধ্যয়ন কৰা বহু ছাত্ৰ-ছাত্ৰীয়ে শিক্ষক হিচাপে কেৰিয়াৰ আৰম্ভ কৰে যদিও বহুতে একো একোজন খুব ভাল শিল্পী হিচাপে সুনাম অৰ্জন কৰি সমাজত প্ৰতিষ্ঠা লাভ কৰে| এনে ধৰণৰ একোজন শিল্পীৰ পাৰিশ্ৰমিক অথবা মাননিও অতি লোভনীয় বৰ্তমান সময়ত|

শিক্ষা প্ৰতিষ্ঠান:

ভাৰতৰ বহু আগশাৰীৰ বিশ্ববিদ্যালয় পৰিবেশ্যে কলা বা পৰিবেশন কলাবিষয়ক পাঠ্যক্ৰম আগবঢ়াইছে| তাৰ ভিতৰত উল্লেখযোগ্য হৈছে- দিল্লী বিশ্ববিদ্যালয়ৰ সংগীত বিভাগ, মহীশূৰ বিশ্ববিদ্যালয়, কৰমণ্ডলম কেৰালা, পশ্চিমবংগৰ বিশ্বভাৰতী, চেন্নাইৰ কলাক্ষেত্ৰ ফাউণ্ডেচন, নেচনেল স্কুল অব্‌ ড্ৰামা, জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়, ইন্দিৰা কলা সংগীত বিশ্ববিদ্যালয়, কলিকতাৰ সংগীত ৰিছাৰ্চ একাডেমী, দৰ্পণা একাডেমী অব্‌ পৰিবেশ্যে কলা আদি|

লেখক:- অৰুপ কুমাৰ ডেকা

উৎস:-সম্ভাৰ

শেহতীয়া উন্নীতকৰণ: : 4/27/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate