অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ফাইনেন্সিয়েল-ছিকিউৰিটি বিভিন্ন মাৰ্কেটৰ পাঠ্যক্ৰম

ফাইনেন্সিয়েল-ছিকিউৰিটি বিভিন্ন মাৰ্কেটৰ পাঠ্যক্ৰম

প্ৰযুক্তিবিদ্যাৰ অগ্ৰগতিৰ লগে লগে মানুহৰ কামৰ পৰিসৰ বাঢ়ি যোৱাৰ দৰেই মানুহৰ কাম কৰাৰ ধৰণ বা কামৰ প্ৰক্ৰিয়াৰো সাল-সলনি ঘটিছে। তাৰ লগে লগে মানুহে নতুন নতুন বিষয় অধ্যয়ন কৰিছে আৰু নিজৰ জ্ঞানৰ পৰিসৰো বৃদ্ধি কৰিছে। ফাইনেন্সিয়েল মাৰ্কেট আৰু ছিকিউৰিটি মাৰ্কেট মেনেজমেন্ট বিভাগৰ এনে দুটা পাঠ্যক্ৰম যি ষ্টক মাৰ্কেট, মিউচুৱেল ফাণ্ড আদিৰ চাকৰিয়ালসকলৰ বাবে তেওঁলোকৰ কেৰিয়াৰ উন্নতিৰ কাৰণে যথেষ্ট প্ৰয়োজনীয়। ছাত্ৰ-ছাত্ৰীয়ে এক সুন্দৰ কেৰিয়াৰ গঢ়িব পৰা এই দুই পাঠ্যক্ৰমৰ ওপৰতেই আজিৰ লেখা-

ফাইনেন্সিয়েল মাৰ্কেট আৰু ছিকিউৰিটি মাৰ্কেটৰ বিষয়কেইটাৰ ওপৰত বিভিন্ন শিক্ষানুষ্ঠানে স্নাতকোত্তৰ ডিপ্ল’মা পাঠ্যক্ৰম আগবঢ়াইছে আৰু লগতে এই বিষয়ত এম বি এ আৰু বি কম আদি ডিগ্ৰী পাঠ্যক্ৰম কৰিব পৰাৰো ব্যৱস্থা কৰিছে। এই বিষয়কেইটাৰ বিভিন্ন পাঠ্যক্ৰম আগবঢ়োৱা আগশাৰীৰ শিক্ষানুষ্ঠানৰ ভিতৰত আছে নেচনেল ইন্সটিটিউট অব্‌ ছিকিউৰিটি মাৰ্কেট আৰু নেচনেল ইন্সটিটিউট অব্‌ ফাইনেন্সিয়েল মেনেজমেন্ট। এই দুয়োখন শিক্ষা প্ৰতিষ্ঠানে দুই বিষয়ৰ ওপৰত ডিগ্ৰী আৰু ডিপ্ল’মা দুয়োধৰণৰ পাঠ্যক্ৰমেই আগবঢ়াইছে। তদুপৰি বি এছ ই ইন্সটিটিউট লিমিটেড আৰু মুম্বাই বিশ্ববিদ্যালয়েও এই বিষয়ৰ বিভিন্ন ডিগ্ৰী আৰু ডিপ্ল’মা পাঠ্যক্ৰম অন্তৰ্ভুক্ত কৰিছে। ফাইনেন্সিয়েল মাৰ্কেট আৰু ছিকিউৰিটি মাৰ্কেটৰ বিষয়ত সকলৰ বাবে নিয়োগৰো যথেষ্ট সুবিধা আছে। সাধাৰণতে সকলো ধৰণৰ বেংক, ছিকিউৰিটি ফাৰ্ম, ইন্সৰেঞ্চ কোম্পানী, মিউচুৱেল ফাণ্ডৰ বিভিন্ন কোম্পানীবোৰে এনে পাঠ্যক্ৰম সম্পূৰ্ণ কৰাসকলক নিয়োগৰ সুবিধা প্ৰদান কৰে। শিক্ষাগত অৰ্হতাৰ ক্ষেত্ৰত এই বিষয়ত স্নাতক মহলাৰ পাঠ্যক্ৰমৰ বাবে উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৬০ শতাংশ নম্বৰেৰে উত্তীৰ্ণ হোৱাটো দৰকাৰ। ঠিক তেনেদৰ স্নাতকোত্তৰ মহলাৰ পাঠ্যক্ৰমৰ বাবে ৫০ শতাংশ নম্বৰেৰে স্নাতক ডিগ্ৰীধাৰী হ’ব লাগে। কোনো কোনো শিক্ষানুষ্ঠানে নামভৰ্তিৰ বাবে বাছনি পৰীক্ষাও অনুষ্ঠিত কৰে।

এই বিষয়ত অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰীয়ে সাধাৰণ বেংক আদি বিভিন্ন অফিচত ছিকিউৰিটি এনালিষ্ট, ৰিছাৰ্চ এনালিষ্ট, ইনভেষ্টমেন্ট এনালিষ্ট, ফাইনেন্সিয়েল প্লেনাৰ, মিউচুৱেল ফাণ্ড এনালিষ্ট আদি বিভিন্ন পদত নিয়োজিত হ’ব পাৰে। তেনেদৰে দৰমহাৰ ক্ষেত্ৰতো এইসকল চাকৰিয়ালে প্ৰথমে ১৬,০০০ ৰ পৰা ২০,০০০ ৰ ভিতৰত আৰম্ভণি হয়। যদিও কেৰিয়াৰৰ উন্নতিৰ লগে লগে বাৰ্ষিক আয় সাত, আঠ লাখ পৰ্যন্ত হোৱা দেখা যায়।

লিখক: অৰূপ কুমাৰ ডেকা, সম্ভাৰ।

শেহতীয়া উন্নীতকৰণ: : 4/15/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate