অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ফাৰ্মাচী পাঠ্যক্রম

ফাৰ্মাচী পাঠ্যক্রম

ফাৰ্মাচী পাঠ্যক্রম পঢ়ি শিক্ষাৰ্থীসকলে উন্নত কেৰিয়াৰ গঢ়িব পাৰে । ফাৰ্মাচী পাঠ্যক্রমক কেৰিয়াৰ হিচাপে গ্রহণ কৰিব  বিচাৰিলে শিক্ষাৰ্থীগৰাকীয়ে এই বিষয়ত চাৰ্টিফিকেট,  ডিপ্লমা , স্নাতক, স্নাতকোত্তৰ , পি.এইচ.ডি. আদি পাঠ্যক্রম  অধ্যয়ন  কৰিব  পাৰে ।

ফাৰ্মাচীৰ ডিপ্ল’মা পাঠ্যক্রম থকা অসমৰ শিক্ষানুষ্ঠান:

ফাৰ্মাচীৰ স্নাতক ডিগ্রীৰ পাঠ্যক্রম(বি.ফাৰ্মা)পঢ়াৰ সুবিধা থকা অসমৰ শিক্ষানুষ্ঠান কেইখনমান হ’ল : ডিব্রুগড় বিশ্ববিদ্যালয়,  গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ ফাৰ্মাচিউটিকেল ছায়েন্স ,গুৱাহাটী ,অসম বিশ্ববিদ্যালয় আৰু অসম ডাউন টাউন বিশ্ববিদ্যালয়। ফাৰ্মাচীৰ ডিপ্ল’মা পাঠ্যক্রম পঢ়াৰ সুবিধা থকা শিক্ষানুষ্ঠান কেইখন হ’ল :অসমৰ ইনষ্টিটিউট অৱ ফাৰ্মাচী , গুৱাহাটী চিকিৎসা মহাবিদ্যালয় ,গুৱাহাটী ; ইনষ্টিটিউট অৱ ফাৰ্মাচী ,অসম চিকিৎসা মহাবিদ্যালয়, ডিব্রুগড়; ইনষ্টিটিউট অৱ ফাৰ্মাচী ,শিলচৰ চিকিৎসা মহাবিদ্যালয় ,শিলচৰ ;ইনষ্টিটিউট অৱ ফাৰ্মাচী , যোৰহাট আৰু অসম ডাউন টাউন বিশ্ববিদ্যালয়

প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা

ফাৰ্মাচীৰ স্নাতক আৰু ডিপ্লমা পাঠ্যক্রমত শিক্ষা গ্রহণ কৰিবৰ বাবে উচ্চতৰ মাধ্যমিক  (বিজ্ঞান শাখা) চূড়ান্ত পৰীক্ষাত পদাৰ্থ বিজ্ঞান , ৰসায়ন বিজ্ঞান , জীৱ বিজ্ঞান আৰু ইংৰাজী বিষয় সৈতে উত্তীৰ্ণ হ’ব লাগে । ডিব্রুগড় বিশ্ববিদ্যালয়  , গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ ফাৰ্মাচিউটিকেল ছায়েন্স , গুৱাহাটী    আৰু নিপাৰ', গুৱাহাটীত ফাৰ্মাচীৰ স্নাতকোত্তৰ ডিগ্রীৰ পাঠ্যক্রম আৰু  পি.এইচ.ডি. পঢ়াৰ  সুবিধা আছে।এই শিক্ষানুষ্ঠানবোৰত ফাৰ্মাচীৰ বিভিন্ন পাঠ্যক্রম (ডিপ্লমা ,স্নাতক , স্নাতকোত্তৰ আদি)ত নাম ভৰ্তিৰ প্রক্রিয়া শিক্ষানুষ্ঠান অনুযায়ী বিভিন্ন হয় । সবিশেষ তথ্য জানিবৰ বাবে শিক্ষানুষ্ঠানবোৰৰ ৱেবছাইটত চাব পাৰে। ইয়াৰ বাহিৰেও অসমৰ বাহিৰৰ শিক্ষানুষ্ঠানতো ফাৰ্মাচীৰ বিভিন্ন পাঠ্যক্রমত অধ্যয়ন কৰিব পৰা সুবিধা আছে ।

কিছু পৰামৰ্শ

ফাৰ্মাচীৰ বিভিন্ন পাঠ্যক্রমত ভাৰতৰ যি কোনো শিক্ষানুষ্ঠানত নামভর্তি কৰা পূর্বে শিক্ষানুষ্ঠানবোৰৰ বৈধতা/ডিগ্রীৰ মর্যাদা/ব্যৱস্থা/স্বীকৃতিপ্রাপ্তিৰ মর্যাদা আদিৰ বিষয়ে জানি ল’ব লাগে ।এই তথ্যবোৰৰ বিভিন্ন শিক্ষা বিষয়ক পৰিষদ/সংস্থা আদিৰ ৱেবচাইটৰ পৰা লাভ কৰিব পাৰি । যেনে-ভাৰতীয় ফাৰ্মাচী পৰিষদ, নিখিল ভাৰত কাৰিকৰী শিক্ষা পৰিষদ আদি ।

বিভিন্ন খণ্ডত নিযুক্তি লাভ

ফাৰ্মাচীৰ শিক্ষাগত অৰ্হতা ওপৰত ভিত্তি কৰি বিভিন্ন পদত চৰকাৰী-বেচৰকাৰী বিভিন্ন খণ্ডত নিযুক্তি লাভ কৰিব পাৰে । যেনে - ফাৰ্মাচিষ্ট, মেডিকেল ৰিপ্ৰিজেণ্টটেটিভ  , মাৰ্কেটিং চেলচ মেনেজাৰ,  ড্রাগ ইনস্পেক্টৰ, ড্রাগ কন্ট্ৰলাৰ আদি । ইয়াৰ উপৰিও মহাবিদ্যালয়/বিশ্ববিদ্যালয়ত অধ্যাপক হিচাপে কেৰিয়াৰ আৰম্ভ কৰিব পাৰে । সাংবাদিক হিচাপে কেৰিয়াৰ আৰম্ভ কৰিব পাৰে । ‘ফাৰ্মাচিটিকেল ছায়েন্স’ গৱেষণাও এটা কেৰিয়াৰ হ’ব পাৰে ।

লেখক:-ড° বুলজিৎ বুঢ়াগোহাঁই,

উৎস:- ই-আলোচনী জোনাকীৰ বাটেৰে

শেহতীয়া উন্নীতকৰণ: : 7/18/2022



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate