অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বি বি এ এম বি এ পাঠ্যক্ৰম

বি বি এ এম বি এ পাঠ্যক্ৰম

বৰ্তমান আন্ত:ৰাষ্ট্ৰীয় বজাৰত ভাৰতীয় কনষ্ট্ৰাকচন উদ্যোগটিয়ে পৃথিৱীৰ নৱম সৰ্ববৃহৎ উদ্যোগ আৰু এটা সমীক্ষা অনুসৰি ২০২০ চনত ই পৃথিৱীৰ তৃতীয় স্থান পাবগৈ বুলি আশা কৰা হৈছে। সেয়ে ছাত্ৰ-ছাত্ৰীয়ে এই বিষয়কেইটাৰ অধ্যয়ন কৰাৰ কথা চিন্তা কৰিব পাৰে আৰু ইয়াৰ জৰিয়তে এক সুন্দৰ কেৰিয়াৰ গঢ়িব পাৰে ভৱিষ্যতে।

বি বি এ আৰু এম বি এ পাঠ্যক্ৰমত সন্নিৱিষ্ট বিষয়সমূহৰ বুলি ক’লে সাধাৰণতে আমি কিছুমান নিৰ্দিষ্ট বিষয়, যেনে- ফাইনেন্স, হিউমেন ৰিছ’ৰ্চ, মাৰ্কেটিং ইত্যাদি বিষয়তে ধাৰণা এটা কৰি লওঁ। কিন্তু বৰ্তমান স্থাপন হোৱা বহু নতুন নতুন উদ্যোগৰ চাহিদাৰ প্ৰতি বা তেওঁলোকৰ কামৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষানুষ্ঠানবোৰে বি বি এ, এম বি এ আদি পাঠ্যক্ৰমত বিভিন্ন বিষয় সন্নিৱিষ্ট কৰিছে। দেখা গৈছে যে সিমানেই মহানগৰসমূহ বৃহত্তৰ পৰা বৃহত্তৰলৈ সম্প্ৰসাৰণ হৈছে, বিভিন্ন কনষ্ট্ৰাকচন কোম্পানীবোৰেও সেই বৃহৎ মহানগৰবোৰৰ অট্টালিকা নিৰ্মাণক লৈ নতুন নতুন ধৰণেৰে চিন্তা কৰিছে, তেনে কিছু বিষয়বস্তুক লৈ বিভিন্ন শিক্ষানুষ্ঠানসমূহত কিছু নতুন বিষয়, যেনে- এম বি এ ইন ৰিয়েল ষ্টেট এণ্ড আৰবান ইনফ্ৰাষ্ট্ৰাকচাৰ, কনষ্ট্ৰাকচন প্ৰজেক্ট মেনেজাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ফাইনেন্স, ডেভেলপমেন্ট এণ্ড মেনেজমেন্ট আদি বিষয়সমূহৰ আৰম্ভ কৰিছে। এই বিষয়সমূহত অধ্যয়ন কৰি ছাত্ৰ-ছাত্ৰীয়ে সুন্দৰ কেৰিয়াৰ গঢ়াৰ থল আছে। শিক্ষাগত অৰ্হতাৰ ক্ষেত্ৰত নামভৰ্তিৰ বাবে বি বি এ পাঠ্যক্ৰমত নূন্যতম শিক্ষা শতকৰা ৬০ শতাংশ নম্বৰেৰে উচ্চতৰ মাধ্যমিক হ’ব লাগে। পদাৰ্থ বিজ্ঞান, ৰসায়ন আৰু গণিত বিষয় থকাসকলক প্ৰাধান্য দিয়া দেখা যায়। পাঠ্যক্ৰমৰ বাবে শতকৰা ৫০ শতাংশ নম্বৰসহ যিকোনো শাখাৰ স্নাতক উত্তীৰ্ণ হ’লেই হয়। উপৰোক্ত বিভিন্ন বিষয়সমূহত বি বি এ আৰু এম বি এ পাঠ্যক্ৰম আগবঢ়োৱা ভাৰতৰ আগশাৰীৰ শিক্ষানুষ্ঠানসমূহ হৈছে পুনেৰ নেচনেল ইনষ্টিটিউট অব্‌ কনষ্ট্ৰাকচন মেনেজমেন্ট এণ্ড ৰিছাৰ্চ, এমিটি বিশ্ববিদ্যালয়, আৰ আই চি এছ স্কুল অব্‌ বিল্ট এনভাইৰনমেন্ট অব্‌ নয়দা, গুৰগাঁৱৰ এনছাল ইউনিভাৰ্ছিটি, দিল্লীৰ টেৰী বিশ্ববিদ্যালয়, চি ই পি টি বিশ্ববিদ্যালয় আদি।

বৰ্তমান আন্ত:ৰাষ্ট্ৰীয় বজাৰত ভাৰতীয় কনষ্ট্ৰাকচন উদ্যোগটিয়ে পৃথিৱীৰ নৱম সৰ্ববৃহৎ উদ্যোগ আৰু এটা সমীক্ষা অনুসৰি ২০১০ চনত ই পৃথিৱীৰ তৃতীয় স্থান পাবগৈ বুলি আশা কৰা হৈছে। সেয়ে ছাত্ৰ-ছাত্ৰীয়ে এই বিষয়কেইটাৰ অধ্যয়ন কৰাৰ কথা চিন্তা কৰিব পাৰে আৰু ইয়াৰ জৰিয়তে এক সুন্দৰ কেৰিয়াৰ গঢ়িব পাৰে ভৱিষ্যতে। বৰ্তমান এই বিষয়ৰ ডিগ্ৰীধাৰী ছাত্ৰ-ছাত্ৰীসকলক নিয়োগ প্ৰদান কৰা প্ৰতিষ্ঠানসমূহৰ ভিতৰত আগশাৰীত আছে ডি এল এফ লিমিটেড, ইউনিটেক, টাটা হাউছিং, ৰাহেজা ইউনিভাৰ্ছেল, লাৰ্ছেন এণ্ড টব্ৰ’ লিমিটেড, পুঞ্জলয়ড গ্ৰুপ, এনছাল এ পি আই ইত্যাদি।

লিখক: অৰূপ কুমাৰ ডেকা, সম্ভাৰ, অসমীয়া প্ৰতিদিন।

শেহতীয়া উন্নীতকৰণ: : 4/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate