অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মহিলাসকলৰ দক্ষতাপূৰ্ণ প্ৰতিষ্ঠান মহিলা আই টি আই

মহিলাসকলৰ দক্ষতাপূৰ্ণ প্ৰতিষ্ঠান মহিলা আই টি আই

বৰ্তমান যুগ হৈছে প্ৰতিযোগিতাৰ যুগ। দিনো বাগৰি যোৱাৰ লগে লগে প্ৰতিযোগিতামূলক মনোভাৱে আমাৰ চিন্তা, কৰ্ম-সংস্কৃতি সকলোতে প্ৰভাৱ পেলাইছে। ৰাজ্য চৰকাৰে শিক্ষা খণ্ডত বিশেষ কাৰ্যব্যৱস্থা গ্ৰহণ কৰাৰ ফলত আজিকালি সকলো ছাত্ৰ-ছাত্ৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষা, উচ্চতৰ মাধ্যমিক পৰীক্ষাতো সুখ্যাতিৰে উত্তীৰ্ণ হয়। প্ৰতি বছৰে লক্ষাধিক ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হয় যদিও চাহিদা অনুযায়ী দক্ষ যুৱক-যুৱতীৰ অভাৱত শিক্ষিত নিৱনুৱাৰ সংখ্যা ভয়াবহভাৱে বাঢ়িছে। কিছু সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে উচ্চশিক্ষা গ্ৰহণ কৰিবলৈ মন কৰি মহাবিদ্যালয়, বিশ্ববিদ্যালয়সমূহত নামভৰ্তী কৰে। আন কিছুসংখ্যকে আকৌ পঢ়া-শুনা কৰি থকাৰ উপৰি নিজৰ ভৰিত থিয় দি কৰ্মমুখী হোৱাৰ উদ্দেশ্যে দক্ষতা সম্পৰ্কীয় কিছুসংখ্যক কাৰিকৰী প্ৰশিক্ষণৰ যোগেদি নিজকে স্বাৱলম্বী কৰাৰ প্ৰচেষ্টা হাতত লয়। আজিকালি কৰ্মমুখী হ’বলৈ দক্ষ হোৱাটো খুবেই প্ৰয়োজন। যিয়েই নহওক, কৰি থকা কামটোত দক্ষতা থকাটো অতি প্ৰয়োজন। সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰখন শাসনলৈ অহাৰ পিছত নিবনুৱা সমস্যা দূৰীকৰণৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। এই উদ্দেশ্যে চৰকাৰখনে দক্ষতা সম্পৰ্কীয় প্ৰশিক্ষণত গুৰুত্ব প্ৰদান কৰিছে। অসম চৰকাৰৰ শ্ৰম আৰু নিয়োগ বিভাগৰ অধীনস্থ নিয়োগ আৰু কাৰিকৰী প্ৰশিক্ষণ সঞ্চালকালয়ৰ উদ্যোগত দক্ষতা বিকাশ সম্পৰ্কীয় কেইবাটাও প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে। এশ শতাংশ কৰ্মসংস্থানৰ সুবিধা থকা প্ৰশিক্ষণসমূহ দক্ষতাৰে যিসকলে সম্পূৰ্ণ কৰে তেওঁলোকক নিয়োগ আৰু কাৰিকৰী প্ৰশিক্ষণ সঞ্চালকালয়ৰ পৰা নিয়োগৰ সা-সুবিধা প্ৰদান কৰা হয়।

মহিলাসকলৰ সৰ্বাংগীণ উন্নয়নৰ কাৰণে শাসনলৈ অহাৰ পিছৰে পৰা চৰকাৰখনে বিশেষ গুৰুত্ব দি আহিছে। ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানসমূহত পুৰুষসকলৰ লগতে মহিলাসকলকো দক্ষতা বিকাশৰ প্ৰশিক্ষণ প্ৰদান কৰা হয়। নিয়োগ সম্পৰ্কীয় তথ্য অনুসৰি উচ্চ শিক্ষিত চাকৰি প্ৰাৰ্থী আৰু নিম্ন পৰ্যায়ৰ চাকৰি প্ৰাৰ্থীৰ ক্ষেত্ৰত অসম তথা ভাৰতবৰ্ষত নিবনুৱাৰ সংখ্যা কম দেখা যায় যদিও বিশেষকৈ হাইস্কুল শিক্ষান্ত পৰীক্ষা পৰ্যায়ৰ পৰা স্নাতকোত্তৰ পৰ্যায়লৈকে নিবনুৱাৰ হাৰ অতি বেছি। ইয়াৰ কাৰণ বিচাৰি গ’লে দেখা যায়, এইখিনি সীমাৰ মাজত আৱদ্ধ থকা শিক্ষিত নিবনুৱাৰ মাজত সাধাৰণ শিক্ষাৰ বাহিৰে দক্ষতাপূৰ্ণ শিক্ষাৰ অভাৱ। কাৰিকৰী শিক্ষাৰ নিম্ন পৰ্যায়ৰ শিক্ষা বুলি কোৱা হয় যদিও এই শিক্ষা অতিকৈ গুৰুত্বপূৰ্ণ। সেয়ে দেখা যায় যে আই টি আই উত্তীৰ্ণ শিক্ষাৰ্থীৰ নিবনুৱাৰ সংখ্যা অতি তাকৰ। সেই কাৰণে চৰকাৰে দক্ষতা বৃদ্ধিৰ প্ৰসাৰত গুৰুত্ব প্ৰদান কৰিছে। বৰ্তমান অসমত ২৮ খন আই টি আই আছে। ইয়াৰে ৫ খন বিশেষকৈ মহিলাসকলৰ। এই মহিলা আই টি আইসমূহত মহিলাসকলক কৰ্মমূখী হ’ব পৰাকৈ কিছুমান বিষয়ত দক্ষতাপূৰ্ণ পাঠদান কৰি থকা হৈছে। অসম চৰকাৰৰ নিয়োগ আৰু কাৰিকৰী প্ৰশিক্ষণ সঞ্চালকালয়ৰ অধীনস্থ মহিলা আই টি আইত মহিলাসকল কৰ্মমুখী হ’ব পৰাকৈ কিছুসংখ্যক কাৰিকৰী প্ৰশিক্ষণ প্ৰদান কৰি থকা হৈছে। ইয়াত বিশেষকৈ দক্ষতাপূৰ্ণ পাঠদানৰ ওপৰত গুৰুত্ব্জ দিয়া হয়। ১৯৮৭ চনত স্থাপিত উক্ত মহিলা আই টি আইখনত দীৰ্ঘকালীন পাঠ্যক্ৰম আৰু হ্ৰস্বকালীন পাঠ্যক্ৰমৰ ব্যৱস্থা আছে। দীৰ্ঘকালীন পাঠ্যক্ৰমৰ ভিতৰত- ছেক্ৰেট্ৰেৰিয়েল প্ৰেক্টিছ(Secretarial Practice)- এবছৰীয়া পাঠ্যক্ৰম, মুঠ আসন-৪২ খন। বেচিক কছম’ট’লজী(Basic Cosmotology, Beauty)- এবছৰীয়া পাঠ্যক্ৰম, মুঠ আসন-৪২ খন। মেকানিক ইলেক্ট্ৰনিক(Mechanic Electronic)-দুবছৰীয়া পাঠ্যক্ৰম, মুঠ আসন-২১ খন। ড্ৰাফটমেন চিভিল(Draftman Civil)-দুবছৰীয়া পাঠ্যক্ৰম, মুঠ আসন-৪২ খন।

উক্ত পাঠ্যক্ৰমসমূহ গ্ৰহণ কৰিবলৈ শিক্ষাগত অৰ্হতা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাটো বাঞ্ছনীয়। অসম চৰকাৰে অতি ন্যূনতম ভৰ্তি মাচুলৰ ব্যৱস্থা কৰিছে। এবছৰীয়া পাঠ্যক্ৰমৰ বাবে-১০৭৫ টকা আৰু দুবছৰীয়া পাঠ্যক্ৰমৰ বাবে ১৮৫০ টকা ধাৰ্য্য কৰা হৈছে। গুৱাহাটীৰ দূৰৈৰ ছাত্ৰীসকলৰ বাবে হোষ্টেলৰ ব্যৱস্থা আছে। আনহাতে হ্ৰস্বকালীন পাঠ্যক্ৰমৰ ভিতৰত তিনিমহীয়া বৃত্তিগত বিউটিচিয়ান পাঠ্যক্ৰম-(উক্ত পাঠ্যক্ৰমত মুম্বাইস্থিত লেকমি চেলুনৰ লগত চৰকাৰে সহযোগিতা কৰিছে) আৰু তিনিমহীয়া ৰিটেইল কাম হস্পিতালিটী ছেক্টৰৰ পাঠ্যক্ৰম আগবঢ়োৱা হয়।

পাঠ্যক্ৰম দক্ষতাৰে সম্পূৰ্ণ কৰাৰ পিছত নিয়োগৰ সা-সুবিধা প্ৰদান কৰাত নিয়োগ আৰু কাৰিকৰী বিভাগে সহায়ৰ হাত আগবঢ়ায়। ছাত্ৰীসকলে নিজাকৈ স্বাৱলম্বী হ’ব পাৰে। লেকমিৰ অধীনস্থ চেলুনতো কৰ্মসংস্থাপনৰ সুবিধা প্ৰদান কৰা হয়।

ইয়াৰ উপৰি নিয়োগ আৰু কাৰিকৰী বিভাগৰ উদ্যোগত মহিলা আই টি আইৰ মহিলাসকলক গাড়ীচালকৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হয়। দুমহীয়া এই প্ৰশিক্ষণৰ মুঠ আসনৰ সংখ্যা ২০খন। উল্লেখ্য যে অসম চৰকাৰে আৰু ১০ খন গাড়ীচালক স্কুল খোলাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে। ঠিক সেইদৰে নগাঁৱৰ আই টি আইত টাটা মটৰ্ছে টাটাৰ গাড়ীসমূহৰ বিষয়ে প্ৰশিক্ষণ দি আছে। সেইদৰে তিনিচুকীয়াত টাটা মৰ্টছে, নলবাৰীত টয়টা আৰু গুৱাহাটীত হুণ্ডাই প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে। প্ৰশিক্ষণ সফলতাৰে সম্পূৰ্ণ কৰাৰ পিছত নিয়োগৰ সুবিধা প্ৰদান কৰা হয়। মহিলা আই টি আইত প্ৰশিক্ষণ লোৱা মহিলা গাড়ীচালকসকলৰ অসম চৰকাৰৰ পৰিবহণ বিভাগে ড্ৰাইভিং লাইচেন্স দিয়াৰ ব্যৱস্থা কৰিছে। উল্লেখযোগ্য যে সঞ্চালকালয়ৰ অধীনস্থ এই মহিলা আই টি আইত চিলাই মেচিন অপাৰেটৰৰ প্ৰশিক্ষণ জানুৱাৰীৰ প্ৰথম সপ্তাহৰ পৰা আৰম্ভ কৰা হৈছে। উক্ত পাঠ্যক্ৰমৰ মুঠ আসনৰ সংখ্যা ২১ খন। এইদৰে চৰকাৰখনে দক্ষতাপূৰ্ণ কাৰিকৰী পাঠদানৰ ব্যৱস্থা কৰাৰ কাৰণে নিবনুৱা সমস্যা কিছু পৰিমাণে আঁতৰ হৈছে। দক্ষতাৰ বিকাশত গুৰুত্ব প্ৰদান কৰা কাৰণে নিবনুৱা যুৱক-যুৱতীসকলৰ যথেষ্ট সুবিধা হৈছে আৰু কৰ্মমুখী হ’ব পৰিছে। বিভাগৰ অধীনস্থ এই আই টি আইখনত সফলতাৰে পাঠ্যক্ৰম সম্পূৰ্ণ কৰি বহু যুৱক-যুৱতীয়ে চৰকাৰী খণ্ড, ব্যক্তিগত খণ্ডত নিয়োজনৰ সুবিধা পাইছে। শেহতীয়াকৈ ল্মহিলা আই টি আইৰ পৰা সফতাৰে ছেক্ৰেট্ৰেৰিয়েল প্ৰেক্টিছ পাঠ্যক্ৰমত উত্তীৰ্ণ হৈ ৰাধিকা দেৱীয়ে ২০১৪ চনত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা ব্ৰেণ্ড এম্বেছাডৰ ফৰ ভকেচনেল ট্ৰেইনিং শীৰ্ষক বঁটা লাভ কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে।

উৎস:ৰাইজৰ বাতৰি, অসম চৰকাৰ তথ্য আৰু জনসংযোগ বিভাগ

শেহতীয়া উন্নীতকৰণ: : 1/18/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate