অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

স্নাতকৰ পিছত কি কৰো?

স্নাতকৰ পিছত কি কৰা উচিত লিখা হৈছে

স্নাতকৰ পিছত কি কৰা উচিত-

আমাৰ দেশত নূন্যতম ১ম বছৰ অৰ্থাৎ ১০+২+৩ বছৰৰ আনুষ্ঠানিক শিক্ষাৰ অন্তত্ব স্নাতক ডিগ্ৰী এটা লাভ কৰিব পাৰি। অৱশ্যে বেছিভাগ কাৰিকৰী আৰু পেছাদাৰী পাঠ্যক্ৰমৰ ক্ষেত্ৰত স্নাতক পাঠ্যক্ৰমটো চাৰিবছৰীয়া হোৱা দেখা যায়। আনহাতে B.Archআৰু MBBS হ’ল পাঁচবছৰীয়া স্নাতক পাঠ্যক্ৰম। B.A, B.Com আৰু B.Sc- এটা তিনিটা পাঠ্যক্ৰমকে শিক্ষাৰ্থীসকলে সাধাৰণতে ডিগ্ৰী পাঠ্যক্ৰম বুলি ধৰি লয় যদিও দৰাচলতে Bachelore শব্দটো জড়িত হৈ থকা আৰু ১০+২ ব্যৱস্থাৰ পিছত পঢ়িব পৰা বেছিভাগ তিনি-চাৰিবছৰীয়া(কোনো ক্ষেত্ৰতে পাঁচবছৰীয়া) পাঠ্যক্ৰমেই হ’ল ডিগ্ৰী পাঠ্যক্ৰম। উদাহৰণস্বৰূপে B.Sw, B.B.A, B.Tech, B.P.T, L.L.B, B.C.A, B.E, B.Des, B.V.Sc, B.A.M.S এই আটাইকেইটা হ’ল ডিগ্ৰী বা স্নাতক পাঠ্যক্ৰম। যিকোনো এটা ডিগ্ৰীয়েই এখন স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়েহে প্ৰদান কৰিব পাৰে আৰু এই স্বীকৃতি বিশ্ববিদ্যালয় এখনে University Grants Commission(UGC)ৰ পৰা লাভ কৰে।

স্নাতক পাঠ্যক্ৰমৰ গুৰুত্ব-

আমাৰ দেশৰ প্ৰায়বোৰ চৰকাৰী আৰু বেচৰকাৰী চাকৰিৰ ক্ষেত্ৰতে নূন্যতম অৰ্হতা হ’ল স্নাতক ডিগ্ৰী। সামৰিক আৰু অসামৰিক সেৱাৰ আটাইকেইটা গুৰুত্বপূৰ্ণ পদতেই যোগদানৰ ক্ষেত্ৰত স্নাতক ডিগ্ৰীয়েই যথেষ্ট। অৰ্থাৎ ইণ্ডিয়ান চিভিল ছাৰ্ভিচ আৰু কম্বাইন্দ ডিফেন্স ছাৰ্ভিচেজ পৰীক্ষাৰ বাবে প্ৰাৰ্থীৰ নূন্যতমক অৰ্হতা হ’ল স্নাতক উত্তীৰ্ণ। কেন্দ্ৰীয় লোকসেৱা আয়োগৰ দ্বাৰা পৰিচালিত এই দুয়োটা গুৰুত্বপূৰ্ণ পৰীক্ষাৰ ক্ষেত্ৰত অৱশ্যে দেখা গৈছে যে বয়সৰ ক্ষেত্ৰত থকা সীমাৰ বাবে CDSE পৰীক্ষাৰ প্ৰাৰ্থীসকল স্নাতক হয় যদিও চিভিল ছাৰ্ভিচ পৰীক্ষাৰ ক্ষেত্ৰত দেখা যায় অধিকাংশই স্নাতকোত্তৰ।

স্নাতকোত্তৰ পাঠ্যক্ৰম কেতিয়া জৰুৰী-

 

স্নাতকৰ পিছত পঢ়িব পৰা পাঠ্যক্ৰমবোৰক মাষ্টাৰ্চৰ আৰু পোষ্ট গ্ৰেজুৱেট ডিপ্ল’মা- এই দুই ভাগত ভগাব পাৰি। বেছিভাগ PG Diploma পাঠ্যক্ৰমৰ দৈৰ্ঘ্য এবছৰীয়া যদিও, কেতিয়াবা দুবছৰীয়া। অসম লোকসেৱা আয়োগৰ দ্বাৰা পৰিচালিত কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেচনৰ ক্ষেত্ৰত ন্যূনতম অৰ্হতা স্নাতক হ’লেও, পৰীক্ষাৰ পাঠ্যসূচী চাই দেখা গৈছে যে স্নাতকোত্তৰ উত্তীৰ্ণ এগৰাকীৰ বাবে এই পৰীক্ষা বেছি সুবিধাজনক। যিসকলে মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ শিক্ষকতাৰ প্ৰতি আগ্ৰহী, যিসকলে নিজস্ব বিষয়ত গৱেষণা কৰিব বিচাৰে অথবা গৱেষকৰ চাকৰি বিচাৰে- তেওঁলোকৰ বাবে স্নাতকোত্তৰ পাঠ্যক্ৰম অপৰিহাৰ্য। তেনেকৈ RBIৰ উচ্চপদস্থ চাকৰিৰ বাবে আৰু UPSCৰ দ্বাৰা পৰিচালিত Indian Economic Service পৰীক্ষাৰ বাবেও ন্যূনতম অৰ্হতা হ’ল স্নাতকোত্তৰ। মাচ কমিউনিকেচন, ছচিয়েল ৱৰ্ক আৰু মেনেজমেন্ট- এই তিনিটা ক্ষেত্ৰতো উচ্চপদস্থ চাকৰিৰ ক্ষেত্ৰত সাধাৰণতে স্নাতকোত্তৰ ডিগ্ৰী প্ৰয়োজনীয় হৈ পৰে। মাছ-মিডিয়া তথা সাংবাদিকতাৰ ক্ষেত্ৰখনত, বেচৰকাৰী খণ্ডত অৱশ্যে PG Diploma পৰ্যায়ৰ পাঠ্যক্ৰমবোৰহে বেছি সহায়ক বুলি দেখা যায়।

স্নাতকোত্তৰ কেতিয়া জৰুৰি নহয়-

 

বি এ, বি কম অথবা বি এছ চি এই তিনিটা শাখাৰ ক্ষেত্ৰত সাধাৰণতে নম্বৰৰ ভিত্তিতেই বিশ্ববিদ্যালয়ত এম এ, এম কম আৰু এম এছ চিত নামভৰ্তি কৰোৱা হয়। স্নাতক স্তৰত কোনো এক বিষয়ত ‘মেজৰ’ নাথাকিলে, সেই বিষয়টোত স্নাতকোত্তৰ মহলাত নামভৰ্তি কৰোৱা বৰ্তমান সময়ত প্ৰায় অসম্ভৱ। আনহাতে, ‘মেজৰ’ বিষয়ত কম নম্বৰ পালেও ‘আসন’ পোৱা কঠিন হৈ পৰে। এইক্ষেত্ৰত ক’ব লাগিব যে যদিহে শিক্ষাৰ্থীগৰাকীৰ ‘ৰিজাল্ট’ বেছি ভাল নহয়, যদিহে শিক্ষাৰ্থী এগৰাকীয়ে স্নাতকোত্তৰ মহলাত ন্যূনতম ৫৫ শতাংশ নম্বৰ লাভ কৰাৰ ক্ষেত্ৰত নিজে আত্মবিশ্বাসী নহয় আৰু যদিহে শিক্ষাৰ্থীগৰাকী শিক্ষকতা আৰু গৱেষণাৰ কেৰিয়াৰৰ পিনে যাবলৈ আগ্ৰহী নহয়, তেনেহ’লে স্নাতকোত্তৰ নপঢ়াটোৱে বুদ্ধিমানৰ কাম হ’ব।

গৱেষণা আৰু শিক্ষকতাৰ চাকৰিৰ ক্ষেত্ৰত শিক্ষাৰ্থী এগৰাকীৰ ‘ৰিজাল্ট’ খুবেই উচ্চ স্তৰৰ হোৱা উচিত। National Eligibily Test(NET)বা State Lavel Eligibility Test(SLET) দিবলৈ, অৰ্থাৎ কলেজ বা বিশ্ববিদ্যালয়ৰ শিক্ষক হ’বলৈ অথবা জুনিয়ৰ ৰিছাৰ্চ ফেল’(JRF) লাভ কৰাৰ বাবে স্নাতকোত্তৰ মহলাত ন্যুনতম ৫৫ শতাংশ নম্বৰ বাধ্যতামূলক। দুবছৰ মাষ্টাৰ্চ পাঠ্যক্ৰমত পঢ়ি এই দিশত অকৃতকাৰ্য হোৱা মানে শিক্ষাৰ্থীগৰাকীৰ মূল্যৱান দুবছৰ নষ্ট হোৱা। ইয়াৰ বিপৰীতে এই একেগৰাকী শিক্ষাৰ্থীয়ে অইন কোনো বৃত্তিমুখী পাঠ্যক্ৰম পঢ়ি বেছি লাভৱান হ’ব পাৰিব। বৰ্তমান সময়ত চৰকাৰীতকৈ বেচৰকাৰী খণ্ডত অধিক নিয়োগ সৃষ্টি হৈছে। বেচৰকাৰী ক্ষেত্ৰতো বেছিভাগ চাকৰিৰ ক্ষেত্ৰতে স্নাতকহে বিচাৰে। ক’ৰ্পৰেট বেংক, ইঞ্চুৰেন্স, টেলিকম আটাইবোৰ ক্ষেত্ৰতে স্নাতক ডিগ্ৰীধাৰীয়েই ভৰি আছে। অৱশ্যে MBA- Master of Bussiness Administration হ’ল এক স্নাতকোত্তৰ পাঠ্যক্ৰম।

কেৰিয়াৰ সম্পৰ্কীয় কেইটামান প্ৰশ্নৰ উত্তৰ -

 

প্ৰশ্ন : মই বৰ্তমান উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ ছাত্ৰী। ভৱিষ্যতে মই আই টি আইৰ পাঠ্যক্ৰম পঢ়িব বিচাৰিছো। নামভৰ্তিৰ প্ৰয়োজনীয়তা অৰ্হতা, বাছনিৰ নিয়ম আৰু পাঠ্যক্ৰমৰ বিষয়ে কিছু জনালে সুখী হ’ম।

উত্তৰ : আই টি আই(Industrial Training Institute) সমূহত নামভৰ্তিৰ জাননী সাধাৰণতে প্ৰতি বছৰৰ মে/জুন মাহত প্ৰকাশ হয়। আই টি আইৰ পাঠ্যক্ৰমসমূহক ‘ট্ৰেড’ বুলি কোৱা হয় আৰু এই পাঠ্যক্ৰমসমূহ ‘ছাৰ্টিফিকেট’ লেভেলৰ হয়। এবছৰীয়া আৰু দুবছৰীয়া এই ‘ট্ৰেড’সমূহত নামভৰ্তিৰ ক্ষেত্ৰত ন্যূনতম শৈক্ষিক অৰ্হতা অষ্টম শ্ৰেণী উত্তীৰ্ণৰ পৰা দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হ’ব পাৰে। এগৰাকী ছোৱালী হিচাপে তুমি উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হোৱাৰ পিছত পঢ়িব পৰা কেতবোৰ ট্ৰেড হ’ল কম্পিউটাৰ অপাৰেটৰ এণ্ড প্ৰগ্ৰেমিং এচিষ্টেন্ট(COPA), ড্ৰেছ মেকিং, ফটোগ্ৰাফী, ষ্টেন’গ্ৰাফী, ছেক্ৰেটাৰীয়েল প্ৰেকটিছ, হেয়াৰ কেয়াৰ- এই আটাইকেইটা ট্ৰেড হ’ল এবছৰীয়া আৰু নামভৰ্তিৰ ন্যূনতম অৰ্হতা হ’ল যিকোনো শাখাত উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ। আনহাতে উচ্চ মাধ্যমিক উত্তীৰ্ণ হোৱাৰ অৰ্হতাক বিবেচনা কৰি পঢ়িব পৰা কেতবোৰ ‘ট্ৰেড’ হ’ল ড্ৰাফটমেন(চিভিল), ড্ৰাফটমেন(মেকানিকেল), ইনফৰমেচন টেকন’লজী এণ্ড ইলেক্টনিক ছিষ্টেম মেইন্টেনেন্স। আৰু বহুতো ট্ৰেডেই আই টি আইসমূহত পঢ়োৱা হয়। নামভৰ্তিৰ ক্ষেত্ৰত বাছনি পৰীক্ষা আৰু সাক্ষাৎকাৰৰ ব্যৱস্থা থাকে। বয়সৰ দিশত পুৰুষ প্ৰাৰ্থী চৈধ্যৰ পৰা পচিশ বছৰৰ্ ভিতৰত হ’ব লাগে যদিও মহিলাৰ ক্ষেত্ৰত বয়সৰ কোনো ঊৰ্ধ্ব সীমা নাই।

উৎস-ৰাইজৰ বাতৰি

2.72727272727
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top