মূল পৃষ্ঠা / শিক্ষা / শিশুৰ অধিকাৰ / মানসিক বিকাশত শিক্ষা :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মানসিক বিকাশত শিক্ষা :

মানসিক বিকাশত শিক্ষাৰ বিষয়ে লিখা হৈছে ।

 

স্বাস্থ্য বুলি ক’লে সাধাৰণতে ব্যক্তিৰ দৈহিক অৱস্থাৰ কথাই বুজা যায়। কিন্তু বিশ্ব স্বাস্থ্য সংস্থাই ইয়াৰ এঢাপ আগুৱাই গৈ এজন ব্যক্তিৰ দৈহিক, মানসিক আৰু সামাজিক অৱস্থাৰ সন্মিলিত উন্নত অৱস্থাকে সু-স্বাস্থ্য বুলি অভিহিত কৰিছে। অর্থাৎ এজন ব্যক্তিৰ দৈহিক, মানসিক আৰু সামাজিক দিশৰ মাজত আছে এক গভীৰ সম্পৰ্ক। আনহাতে শিক্ষা আৰু স্বাস্থ্য এই দুয়োটা বিষয় এটা আনটোৰ ওপৰত নিৰ্ভৰশীল। দেশৰ ভবিষ্যৎৰূপী শিশুসকলক সুশিক্ষা আৰু সুস্বাস্থ্যৰ যোগেদি দেশৰ ভৱিষ্যতৰ দিনবোৰৰ বাবে সুনাগৰিক আৰু মানৱ সম্পদৰূপে গঢ়ি তোলাই হৈছে শিক্ষাৰ মূল লক্ষ্য। বর্তমান ভাৰত চৰকাৰে শিশুৰ স্বাস্থ্য ৰক্ষাৰ বাবে যথেষ্ট পৰিমাণে ব্যৱস্থা হাতত লোৱা বিষয়টো নুই কৰিব নোৱাৰি। ১৯৯৫ চনৰ ১৫ আগষ্ট তাৰিখে ভাৰত চৰকাৰে শিশুৰ ‘নিউট্ৰিচনৰ ওপৰত গুৰুত্ব প্রদান কৰি মধ্যাহ্ন ভোজন আঁচনিৰ প্রবর্তন কৰে। অসমৰ পাঁচখনকৈ জিলা ধুবুৰী, বঙাইগাঁও, চিৰাং, ওদালগুৰি আৰু দৰং জিলাক এই আঁচনিয়ে ২০০৪ চনত সামৰি লয়। আৰু ২০০৪-০৫ চনত এই আঁচনি আন জিলাসমূহলৈকো প্ৰসাৰিত কৰা হয়।

বিদ্যালয়সমূহত সময়ে সময়ে পলিঅ’, ডেংগু আদি কেতবোৰ ৰোগৰ বাবে টীকাকৰণৰ ব্যৱস্থা, বিশেষভাবে সক্ষম শিশুসকলৰ বাবে বিভিন্ন আঁচনি, ‘মিছন ইন্দ্ৰধনুস’ আঁচনিৰ যোগেদি পলিঅ’, ধনুষ্টংকাৰ, যক্ষ্মা আদি সাতবিধ ৰোগৰ পৰা মুক্ত কৰা আদি আঁচনি লৈছে। কিন্তু তথাপি চৰকাৰৰ এনে পদক্ষেপসমূহ যেন শিশুৰ শাৰীৰিক স্বাস্থ্যৰ ক্ষেত্ৰতেই সীমাবদ্ধ। তদুপৰি এনে স্বাস্থ্য সম্পৰ্কীয় আঁচনিসমূহ যেন প্রাথমিক আৰু উচ্চ মাধ্যমিক পর্যায়তে সীমাবদ্ধ। ভৱিষ্যতৰ মানৱ সম্পদৰূপে গঢ়ি তুলিবলৈ আমি বৰ্তমানৰ শিক্ষাৰ্থীসকলক মানসিকভাবেও প্রস্তুত কৰি তোলাটো প্রয়োজনীয়। বিভিন্ন সমীক্ষাৰ পৰা দেখা গৈছে যে, ভাৰতবৰ্ষৰ প্ৰায় ৫% লোকেই মানসিক ৰোগত আক্রান্ত। এই লোকসকলৰ মাজত হতাশগ্ৰস্ততাৰ লগতে আত্মহত্যাৰ প্ৰৱণতা দেখা যায়। মানসিক ৰোগে কেৱল মানসিক বিকাৰগ্ৰস্থতাকে নুবুজায়। যদিহে আমি দেশৰ নৱপ্ৰজন্মৰ মাজত থকা মানসিক দুৰ্বলতাসমূহক চিনাক্ত কৰিব নোৱাৰো, তেনেহলে আমি উপযুক্ত মানৱ সম্পদ সৃষ্টিত বহু খোজ তদুপৰি পিচুৱাই যাম। বর্তমান সময়ত বহুতো বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্রী বিভিন্ন নিচাযুক্ত দ্রব্যৰ প্ৰতি আসক্ত বা বিভিন্ন ধৰণৰ অসামাজিক কামত লিপ্ত হোৱা দেখা গৈছে। এনেক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকলৰ মানসিক হতাশগ্ৰস্থতাকো এটা প্রধান কাৰণ হিচাপে গণ্য কৰিব পাৰি।

বিদ্যালয়লৈ এটি শিশু বিভিন্ন অৰ্থ-সামাজিক অৱস্থাৰ পৰা আহে। প্রাথমিক বিদ্যালয়ৰ শিক্ষকসকলে শিশুৰ মাজত থকা বিভিন্ন পার্থক্যৰ বিষয়ে জ্ঞাত হোৱা উচিত। বিশিষ্ট মনোবিজ্ঞানী ইৰিক্‌চনে শিশুৰ সামাজিক বিকাশৰ বিষয়ে কৈছে যে, শিশু এটাই  ছবছৰৰ পৰা এঘাৰ বছৰ বয়সলৈ এই সময়ছোৱাত "Industry Vs Inferiority Stage' ৰ মাজেৰে পাৰ কৰে। অৰ্থাৎ এই সময়ছোৱাত শিশুৱে নিজকে নিজৰ পাঠ্যক্ৰমৰ লগতে সামাজিক দিশৰ লগত খাপ খুৱাবৰ প্রয়োজনীয়তা উপলব্ধি কৰে আৰু সফলতাই তেওঁলোকৰ মাজত প্রতিযোগিতামূলক মনোভাৱ গঢ়ি তোলে।আনহাতেদি বাৰ বছৰৰ পৰা ওঠৰ বছৰ বয়সৰ সময়ছোৱাক তেওঁ "Identity vs Role Confusion stage" বুলি কৈছে। এই সময়ছোৱাত শিশুৱে নিজৰ এক আত্মপৰিচয় আৰু আত্মানুভৱৰ প্ৰয়োজনীয়তা উপলব্ধি কৰে। এইক্ষেত্ৰত সফলতাই শিশুক ভৱিষ্যতৰ বাবে সৎ ব্যক্তিত্বৰ অধিকাৰী কৰিব পাৰে। ওঠৰ বছৰৰ পৰা চল্লিশ বছৰলৈ এই কালছোৱাক তেওঁ "Intimacy vs Isolation Stage' বুলি কোৱা হৈছে। এই সময়ছোৱাতেই এজন প্রাপ্তবয়স্ক ব্যক্তিৰ আন ব্যক্তিৰ লগত সম্পর্ক স্থাপনৰ ওপৰত গুৰুত্ব প্রদান কৰে। আৰু এইক্ষেত্ৰত বিফলতাই এজন ব্যক্তিৰ মনত অকলশৰীয়া মনোভাৱৰ সৃষ্টি কৰিব পাৰে।

অর্থাৎ শিক্ষার্থী এজনে প্রাথমিক স্তৰৰ পৰা বিশ্ববিদ্যালয় পৰ্য্যায়লৈকে শিক্ষাগ্ৰহণ প্ৰক্ৰিয়াটোৰ মাজেৰে যাওঁতে বিভিন্ন ধৰণৰ মানসিক অৱস্থাৰ মাজেদি পাৰ হয়। প্রাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ নামভৰ্তিৰ হাৰৰ উপৰি তেওঁলোকৰ দৈনিক নিয়মীয়া উপস্থিতিৰ হাৰৰ ওপৰতো চৰকাৰে চকু দিয়া উচিত। কাৰণ ছাত্ৰ-ছাত্ৰীসকলৰ উপস্থিতিয়ে তেওঁলোকৰ বিদ্যালয়ৰ পাঠদানৰ প্ৰতি মানসিক আকৰ্ষণতাক বুজায়। বিদ্যালয়ত আৰু মহাবিদ্যালয়ত যোগ, প্রণায়ম আদিৰ ওপৰতো গুৰুত্ব প্ৰদান কৰাটো উচিত। তদুপৰি শিক্ষকসকলক শিক্ষার্থীসকলৰ মানসিকতা বুজি উঠিব পৰাকৈ সময়ে সময়ে প্রশিক্ষণৰ ব্যৱস্থা কৰিব লাগে। আনহাতেদি হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলৰ পাচত বহুতো শিক্ষাৰ্থীয়ে নিজৰ ইচ্ছা অনুযায়ী ফলাফল নোপোৱাৰ বাবে মানসিক হতাশাত ভোগা দেখা যায়। গতিকে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ আগত আৰু পৰীক্ষাৰ ফলাফলৰ আগত চৰকাৰে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে কাউন্সিলিঙৰ ব্যৱস্থা কৰিলে তেওঁলোকক মানসিকভাৱে যথেষ্ট শক্তিশালী কৰি গঢ়ি তুলিব পৰা যাব। মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় পৰ্য্যায়ৰ শিক্ষাৰ্থীসকলে মুকলিকৈ মানসিক সমস্যাৰ আলোচনা কৰিব পৰাকৈ উচ্চ শিক্ষাৰ শিক্ষানুষ্ঠানসমূহত কাউন্সিলিং চেণ্টাৰৰ ব্যৱস্থা থকা প্ৰয়োজন।

বৰ্তমান সময়ত আমি বাতৰি কাকত পঢ়িবলৈ পোৱা দিনকদিনে বাঢ়ি অহা যুৱপ্ৰজন্মৰ মাজত অপৰাধ প্ৰৱণতা, আত্মহত্যাৰ ঘটনা আদিৰ ওপৰত বিশেষভাৱে গুৰুত্ব প্রদান কৰাৰ প্রয়োজনীয়তা আহি পৰিছে। তদুপৰি মানসিক স্বাস্থ্যৰ ওপৰত এজন শিক্ষাৰ্থীৰ আত্ম সজাগতা, সামাজিক সজাগতা, সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা, আত্মশাসন, বিভিন্ন সমস্যাৰ সমাধান ক্ষমতা, সমাজৰ আন ব্যক্তিৰ লগত ধনাত্মক আৰু সন্মানযুক্ত সম্পৰ্ক ৰক্ষা কৰা আদি দিশো জড়িত। সেয়েহে বৰ্তমানৰ চৰকাৰ, বিভিন্ন বেচৰকাৰী সংস্থা আৰু শিক্ষক সমাজৰ এই দিশত যথেষ্ট কৰণীয় আছে।

লিখক:  প্রাঞ্জল প্রতীম বৰা, সাদিন।

2.95454545455
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top