মূল পৃষ্ঠা / শিক্ষা / শিশুৰ অধিকাৰ / যেতিয়া শিশুটি প্ৰথম স্কুললৈ যায় :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

যেতিয়া শিশুটি প্ৰথম স্কুললৈ যায় :

যেতিয়া শিশুটি প্ৰথম স্কুললৈ যায়, সেই বিষয়ে লিখা হৈছে ।

 

প্লেস্কুলৰ পৰা এটা শ্ৰেণী উন্নীত হৈ(চি বিএছ চি পাঠ্যক্ৰম) আপোনাৰ শিশুটি এইবাৰ ডাঙৰ স্কুললৈ যাব ওলাইছে বা গৈছে।

স্কুলৰ বিষয়ে কিছু আভাস দি বা তাই আগতীয়াকৈ পালেও এইবেলি আপুনি শিশুটিক প্ৰস্তুত কৰিব পৰা হৈছে নতুন স্কুলৰ বাবে। গতিকে সন্তানটিক কিছু কথা ঘৰতে শিকালে আপুনি তথা সন্তানটি অসুবিধাত নপৰিব।

স্কুলৰ বিষয়ে আভাস দিয়া উল্লেখনীয় কেতবোৰ দিশ এনেধৰণৰ-

*প্ৰত্যেক স্কুলৰ নিজস্ব এটা পদ্ধতি থাকে, সেয়া সন্তানটিক আগেয়ে বুজাই দিয়ক। অৰ্থাৎ এখন স্কুলৰ ‘গুড এণ্ড ড’ন্টচ’ৰ বিষয়ে জনা খুবেই প্ৰয়োজন।

*সকলোৰে লগত কেনেকৈ সজ আচৰণ কৰি চলিব তাৰো এটা আভাস ঘৰতে দিয়া অতি প্ৰয়োজন, যাতে স্কুলত হোৱা সমস্যাবোৰ সি নিজেই ঠিক কৰিব পাৰে।

*আৰম্ভণিৰ পৰাই পঢ়া-শুনাৰ প্ৰয়োজনীয়তা সন্তানটিক ভালকৈ বুজাই দিয়ক। তেতিয়া দেখিব পঢ়া-শুনাত সিহঁতে মন দিছে।

*সন্তানটিক স্কুলত দিয়া হোমৱৰ্ক আপুনি কৰি নিদিব, কিছু ক্ষেত্ৰত সহায় কৰিব পাৰে।

*পঢ়া-শুনা কৰাৰ ক্ষেত্ৰত বা ‘এক্সট্ৰা কাৰিকুলাম একটিভিটি’সমূহত অতিৰিক্ত চাপ কেতিয়াও নিদিব। নিজৰ মতে কৰিব দিয়ক।

*মন দিব সন্তানটিৰ স্কুল ইউনিফৰ্ম সদায় পৰিষ্কাৰ-পৰিচ্ছন্ন হয়।

*নিজৰ ইউনিফৰ্ম যেন নিজে পৰিষ্কাৰকৈ ৰাখে, তেনেকৈ সন্তানটিক বুজনি দি আগ্ৰহী কৰি তুলিবলৈ চেষ্টা কৰক।

*বহু শিশুৱে স্কুলৰ পৰা আহি নিজৰ জোতা বা বেগ আদি য’তে-ত’তে পেলাই দিয়ে। সেইবোৰ যেন সি বা তাই যাতে সঠিক ঠাইত থয় তাৰ বাবে ভালদৰে বুজাই দিব। এই কাৰ্য অভ্যাসত পৰিণত কৰিবলৈ প্ৰথম অৱস্থাত আপুনি সহায় কৰিব লাগিব।

লেখিকা: শ্ৰুতি জৈন(অসম বাণী)

2.91666666667
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top