মূল পৃষ্ঠা / শিক্ষা / শিশুৰ অধিকাৰ / শিশুক পঢ়িবলৈ শিকাওক :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শিশুক পঢ়িবলৈ শিকাওক :

শিশুক পঢ়িবলৈ শিকাওক, ৰ বিষয়ে লিখা হৈছে ।

 

গ্ৰন্থ অধ্যয়ন আমাৰ বাবে জীৱনজোৰা এক নিৰৱছিন্ন আৰু অবিচ্ছেদ্য অংগ হোৱা উচিত। ই মানুহক অনাবিল আনন্দ প্ৰদান কৰে। মানুহৰ পৱিত্ৰ কৰে, ভাল বিচাৰ আৰু যুক্তিনিষ্ঠতাত বিচক্ষণ কৰি তোলে। আজিৰ সমাজৰ বিভ্ৰান্তি, বিচ্ছিন্নতা, সকলোতে অবাঞ্ছিত কোলাহল, উদ্বিগ্নতা, হিংসা, কুটিলতা আদিৰ পৰাও ভালেখিনি আঁতৰত থাকিব পাৰি একমাত্ৰ গ্ৰন্থ অধ্যয়নৰ অভ্যাসেৰেহে। গ্ৰন্থ অধ্যয়নে মানুহক মানসিকভাৱে সাহসী কৰি তোলে।

আপাতদৃষ্টিত গ্ৰন্থ আৰু কিতাপ একাৰ্থবোধক। একাৰ্থবোধক বুলি ধৰা হ’লেও গ্ৰন্থ শব্দৰ অৰ্থৰ পৰিধি অধিক বিস্তৃত আৰু গভীৰ বুলিব পাৰি। এটা কথা অনস্বীকাৰ্য যে, শিক্ষিত আৰু উচ্চ শিক্ষিতৰ সংখ্যা অসমীয়া সমাজত যিদৰে বৃহৎভাৱে বৃদ্ধি পাই আহিছে তাৰ বিপৰীতে গ্ৰন্থ পঢ়াৰ অভ্যাসো হ্ৰাস হৈ আহিছে।

বহুত শিক্ষিত লোকে কিতাপ পঢ়াটো আটাইতকৈ কষ্টকৰ কাম বুলি ভাবে। সেইসকলে অন্য কাম কৰি ভাল পায় আৰু একাংশই সময় কটোৱাৰ উপায় বিচাৰি হাবাথুৰি খালেও কিন্তু ভাল কিতাপ এখন নপঢ়ে বা পঢ়ি ভাল নাপায়।

কিছু লোক আছে আকৌ দৈনিক বাতৰি কাকতখনত যদি কোনো এটা বাতৰি অলপ বহুলভাৱে প্ৰকাশ পায় তেতিয়া উক্ত বাতৰিটো সম্পূৰ্ণভাৱে পঢ়িবলৈও ধৈৰ্যকণ গোটাব নোৱাৰে অৰ্থাৎ বাতৰিটো হয়তো আধাতে পঢ়ি এৰি দিব নহ’লে বাতৰিটো পঢ়িবলৈকে আৰম্ভ নকৰে।

কিছুমান মানুহৰ ক্ষেত্ৰত দেখা যায় বহুলভাৱে বা দীঘলকৈ বাতৰি প্ৰকাশ কৰা বাতৰিখনকে ল’বলৈ টান পায়।

বহু ছাত্ৰ-ছাত্ৰীয়ে বি এ, এম এ আদি চূড়ান্ত পৰীক্ষাসমূহ দিবৰ সময়ত পঢ়ি পঢ়ি আমনি লাগিলে কয়- ‘পৰীক্ষাৰ পাচত ছাইনব’ৰ্ড এখনো নপঢ়ো’। পিচে কোনোবাই পাৰেনে কিতাপ নপঢ়াকৈ থাকি?

কিতাপৰ যাদুকৰী শক্তি আছে, যাৰ বাবে মানুহে নপঢ়ো বুলিও কিতাপ পঢ়িবলগীয়া হয়।

কিতাপৰ প্ৰেমত পৰাত যি দৰে আনন্দ আছে, সেইদৰে দুখো আছে। নিজাকৈ কিতাপ এখন পালে বুকু ভৰি উঠে আনন্দত। কিন্তু সেই আনন্দ গৈ বিষাদত পৰিণত হয় যেতিয়া কোনো এজনে কিতাপখন পঢ়িবলৈ নি ঘূৰাই নিদিয়ে। কিতাপ ভাল পোৱা প্ৰত্যেক ব্যক্তিৰে নিশ্চয় কম-বেছি পৰিমাণে তেনে অভিজ্ঞতা থাকে। আনৰ কিতাপ পঢ়িবলৈ নি ঘূৰাই নিদিয়াটো এক শ্ৰেণী লোকৰ প্ৰবৃত্তি। এই শ্ৰেণীৰ মাজত বহু উচ্চ শিক্ষিত ভদ্ৰলোকো থাকে। এই বদ অভ্যাসটো পৰাপক্ষত আঁতৰোৱা ভাল।

আখৰৰ লগত চিনাকি হৈ কিতাপৰ সৈতে কথা পাতিব পৰা স্বভাৱটো পৰম ভাগ্যৰ কথা। কিতাপৰ জন্মৰ আগতে মানুহে সেই পৰম সৌভাগ্য আৰু স্বভাৱৰ অধিকাৰী হ’ব পৰা নাছিল। বৰ্তমান কালত প্ৰায় সকলো মানুহে কম-বেছি পৰিমাণে তেনে অভিজ্ঞতা থাকে।

আনৰ কিতাপ পঢ়িবলৈ নি ঘূৰাই নিদিয়াটো এক শ্ৰেণী লোকৰ প্ৰবৃত্তি। এই শ্ৰেণীৰ মাজত বহু উচ্চ শিক্ষিত ভদ্ৰলোকো থাকে। এই বদ অভ্যাসটো পৰাপক্ষত আঁতৰোৱা ভাল।

আখৰৰ লগত চিনাকি হৈ কিতাপৰ সৈতে কথা পাতিব পৰা স্বভাৱটো পৰম ভাগ্যৰ কথা। কিতাপৰ জন্মৰ আগতে মানুহে সেই পৰম সৌভাগ্য আৰু স্বভাৱৰ অধিকাৰী হ’ব পৰা নাছিল। বৰ্তমান কালত প্ৰায় সকলো মানুহে কম-বেছি পৰিমাণে কিতাপ অধ্যয়ন কৰে। জীৱশ্ৰেষ্ঠ মানৱৰ গ্ৰন্থ অধ্যয়নৰ আগ্ৰহৰ বাবেই নতুন নতুন কিতাপৰ জন্ম হৈ আছে। পুথি হ’ল মানুহৰ সুখ-দুখৰ লগৰী। কিতাপে মানুহক হঁহুৱায়-কন্দুৱায়, বৌদ্ধিক বিকাশ ঘটায়। কিন্তু সকলো মানুহে যে, কিতাপ পঢ়ে তেনে নহয়।

কিতাপ পঢ়ি তথা কিতাপ কিনি ভাল পোৱা মন এটা লাভ কৰাটোও নিশ্চয় সৌভাগ্যৰ কথা। কাৰণ, তেনে লোকক কোনো দুখ-যন্ত্ৰণাই কোঙা কৰি পেলাব নোৱাৰে।

কিতাপৰ ক্ষমতা অসীম। ই মানুহৰ দুখ-শোক ভাগ বাটোৱাৰা কৰি লয়। নিঃসংগ মুহূৰ্তত কিতাপ এখন হাতত তুলি ল’লেই জীৱন্ত ৰূপত সমুখত বহি কথা পাতিবলৈ ধৰে। গ্ৰন্থ জ্ঞানৰ আকৰ।

চেমুৱেল জনছনেও জানো কোৱা ‘মনত যি ভাল লাগে মানুহে তাকে পঢ়িব লাগে, কাৰণ কিবা কৰণীয় বুলি পঢ়িলে তাৰ পৰা একো লাভ নহয়।স্কুল, কলেজৰ পাঠ্যক্ৰমে বহিৰ্ভূত জ্ঞানদায়ক সীমাহীন অনন্ত জ্ঞানৰাশিৰ সামান্য অংশ দিব পাৰে। কিন্তু একমাত্ৰ গ্ৰন্থ অধ্যয়নেহে জ্ঞান আৰু ইয়াক সু-পুষ্ট কৰিব পাৰে। এনে কিতাপ সকলো মানুহে নপঢ়ে। কাৰণ ইয়াত ৰস নাথাকে, থাকে তত্ত্বকথা।

আনহাতে মনোৰঞ্জনধৰ্মী কিতাপ আখৰ চিনি পোৱা সকলো মানুহেই পঢ়ে। কোনে কি ধৰণৰ কিতাপ পঢ়ে, সেয়া মানুহৰ ৰুচিৰ কথা। কিতাপে যে কেৱল নিঃসংগতাৰ বেদনাকে কাঢ়ি লয়, তেনে নহয়, ই মানুহৰ ব্যাপ্তি দিয়ে। অধ্যয়নত নিয়োজিত হৈ থকাৰ ফলত পৰনিন্দা, পৰচৰ্চা, ঈৰ্ষা-অসূয়াৰ পৰা আঁতৰি থাকি সমাজৰ প্ৰিয়পাত্ৰ হ’ব পাৰে।

অভিভাৱকে ল’ৰা-ছোৱালীক কিতাপ ভাল পাবলগীয়া পৰিবেশ এটা দিবলৈ যত্ন কৰা উচিত। অৰ্থ সংকটৰ উলাই নকৰাকৈও ক’ব পাৰি যে, প্ৰবল ইচ্ছা-শক্তিৰ জোৰত মাহে কিছু টকা গ্ৰন্থ অধ্যয়নৰ বাবে ব্যয় কৰিব পাৰে।

প্ৰত্যেক অভিভাৱকে ছাত্ৰ-ছাত্ৰীক শৈক্ষিক বিকাশৰ কাৰণে কিতাপৰ বাবে খৰচ কৰিব পাৰে। নতুন প্ৰজন্মক নিষ্ক্ৰিয় অভ্যাসৰ গ্ৰাসৰ পৰা ৰক্ষা কৰিব লাগিব। তেওঁলোকে কিতাপ পঢ়ি ভাল নাপায় বাই চাইকেল চলাবলৈ লাজ কৰে। তেওঁলোক প্ৰকৃত আধুনিক যুগৰ আৱিষ্কাৰস্বৰূপ বাইক-ম’বাইল-ইন্টাৰনেটৰ আসক্ত ল’ৰা-ছোৱালী। এই মানসিকতাৰ পৰিৱৰ্তন আনিবলৈ অভিভাৱকে যৎপৰোনাস্তি চেষ্টা চলাব লাগিব।

সন্তানে পিতৃ-মাতৃক সকলোতকৈ বেছি ভাল পাউ। বিশেষকৈ মাতৃক। মাকৰ আচলৰ উমত সিহঁতে সকলো কথাই আগ্ৰহেৰে শুনে।সংস্কৃত ভাষাৰ ব্যাকৰণৰ অমৰ স্ৰষ্টা পানিনিৰ নাম নুশুনা মানুহ বোধহয় খব কমেই আছে। ইমান ডাঙৰ পণ্ডিত হোৱাৰ লক্ষণ তেওঁৰ গাত সৰুৰে পৰা নাছিল। এবাৰ এজন জ্যোতিষীয়ে তেওঁৰ গাত সৰুৰে পৰা নাছিল।

এবাৰ এজন জ্যোতিষীয়ে তেওঁৰ হাত চাই তেওঁৰ হাতত বিদ্যা ৰেখা নাই বুলি কোৱাত পানিনিয়ে ছুৰী এখনেৰে হাতত ৰেখা এডাল টানি কাটি ল’লে আৰু জ্যোতিষীক সুধিলে যে, তেওঁৰ বিদ্যাৰেখা আৰু নিজেই সৃষ্টি কৰি ল’লে।

পিচলৈ আৰু তেওঁ থমকি নৰ’ল। তেওঁ পঢ়া-শুনাত পূৰাদমে ব্ৰতী হ’ল আৰু সংস্কৃত ভাষাত লিখি উলিয়ালে ‘অষ্টাধ্যায়ী ব্যাকৰণ’। যিখনৰ সমান সহজ আৰু সংক্ষিপ্ত ব্যাকৰণ কোনো ভাষাতে পাবলৈ নাই। গতিকে দেখা গ’ল কোনো লোকৰ পথ সুগম বা আগৰে পৰাই মসৃণ নহয়। তেওঁলোকে তেওঁলোকৰ জীৱন পথ মসৃণ কৰি লৈছে আৰু দোপতদোপে আগবাঢ়ি গৈছে।

‘আহিলো, দেখিলো আৰু জয় কৰিলো। এনে ঘটনা খুব কমেইহে ঘটে’।

লেখক: অমৰ বৰুৱা(সাদিন)

2.5
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top