অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শিশুৰ ওপৰত নিৰ্যাতন

শিশুৰ ওপৰত অত্যাচাৰ সম্বন্ধে এটা পৰ্য্যালোচনা: ভাৰতত ২০০৭ বৰ্ষত, মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়ে (GOI) পৰিচালনা কৰা এটা পৰ্য্যালোচনাত দৃষ্টিগোচৰ হৈছে যে, বিভিন্ন ধৰণৰ অত্যাচাৰৰ ভিতৰত, ৫-১২ বছৰৰ শিশুসকল সচৰাচৰ অত্যাচাৰত আক্ৰান্ত হয়৷ এই অত্যাচাৰসমূহৰ ভিতৰত শাৰীৰিক, যৌন আৰু মানসিকভাৱে কৰা অত্যাচাৰ অন্যতম৷

এই পৰ্য্যালোচনাই নিম্নলিখিত কাৰকসমূহৰ ওপৰত আলোকপাত কৰে:

শাৰীৰিক অত্যাচাৰ

  • প্ৰত্যেক তিনিজন শিশুৰ ভিতৰত দুজন শাৰীৰিক অত্যাচাৰৰ বলি হয়৷
  • শাৰীৰিকভাৱে অত্যাচাৰৰ বলি হোৱা ৬৯ শতাংশ শিশুৰ ভিতৰত ৫৪.৬৮ শতাংশই হ’ল ল’ৰা শিশু৷
  • ৫০ শতাংশ শিশু কোনোবা নহয় কোনোবা ধৰণেৰে শাৰীৰিক অত্যাচাৰৰ বলি হয়৷
  • পৰিয়ালৰ ভিতৰত অত্যাচাৰৰ বলি হোৱা শিশুৰ ভিতৰত ৮৮.৬ শতাংশ শিশু তেওঁলোকৰ পিতৃ-মাতৃৰ দ্বাৰা অত্যাচাৰৰ বলি হয়৷
  • অন্য ৰাজ্যসমূহৰ তুলনাত অন্ধ্ৰপ্ৰদেশ, অসম, বিহাৰ আৰু দিল্লীত সকলো প্ৰকাৰৰ শাৰীৰিক অত্যাচাৰৰ নিয়মীত খবৰ পোৱা যায়৷
  • ৫০.২ শতাংশ শিশুৱে সপ্তাহৰ সাত দিনেই কাম কৰে৷

যৌন অত্যাচাৰ

  • ৫৩.২২ শতাংশ শিশু এক বা একাধিক প্ৰকাৰে যৌন শোষণৰ দ্বাৰা আক্ৰান্ত হোৱাৰ বাতৰি পোৱা যায়৷
  • অন্ধ্ৰ প্ৰদেশ, অসম, বিহাৰ আৰু দিল্লীত ল’ৰা আৰু ছোৱালী উভয়েই সৰ্ব্বোচ্চ হাৰত যৌন অত্যাচাৰত আক্ৰান্ত হোৱাৰ বাতৰি পোৱা যায়৷
  • ২১.৯০ শতাংশ শিশু মাৰাত্মকভাৱে যৌন অত্যাচাৰত আক্ৰান্ত আৰু ৫০.৭৬ শতাংশ অন্য প্ৰকাৰেৰে যৌন অত্যাচাৰত আক্ৰান্ত হোৱাৰ বাতৰি পোৱা যায়৷
  • অসম, অন্ধ্ৰ প্ৰদেশ, বিহাৰ আৰু দিল্লীৰ শিশুসকলৰ অত্যাধিক যৌন অত্যাচাৰ হোৱাৰ বাতৰি পোৱা যায়৷
  • ৫০ শতাংশ শোষণকাৰীয়েই শোষিত শিশুসকলৰ পৰিচিত হয় অথবা তেওঁলোক বিশ্বাস আৰু দায়িত্বৰ ক্ষেত্ৰত নিয়োজিত থাকে৷

মানসিক অত্যাচাৰ আৰু কন্যা সন্তানৰ অৱহেলা

  • প্ৰত্যেকটো দ্বিতীয় সন্তানেই মানসিক অত্যাচাৰৰ বলি হোৱাৰ বাতৰি পোৱা যায়৷
  • সমান শতাংশ ল’ৰা আৰু ছোৱালী মানসিক অত্যাচাৰৰ বলি হোৱাৰ বাতৰি পোৱা যায়৷
  • ৮৩ শতাংশ ক্ষেত্ৰতে পিতৃ-মাতৃয়েই অত্যাচাৰত জড়িত হৈ থাকে৷
  • ৪৮.৪ শতাংশ কন্যা শিশুৱেই মত প্ৰকাশ কৰে যে তেওঁলোক ল’ৰা হোৱা হ’লে ভাল আছিল৷

উৎস: আইএনডিজি দল।

শেহতীয়া উন্নীতকৰণ: : 1/10/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate