অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শিশু শ্ৰমিক

শিশু শ্ৰমিকৰ সমস্যাই দেশৰ বাবে এটা প্ৰত্যাহ্বান ঠিয় কৰাইছে ৷ এই সমস্যা চম্ভালিবলৈ চৰকাৰে ভালেমান সক্ৰিয় ব্যৱস্থা হাতত লৈছে ৷ এই জটিল সমস্যাটো নিৰক্ষৰতা আৰু দৰিদ্ৰতাৰ সৈতে জড়িত আৰ্থ-সামাজিক সমস্যা ৷ ইয়াক নাইকীয়া কৰিবলৈ সমাজৰ সকলো বৰ্গৰ সংযুক্ত আৰু সকসুৰীয়া প্ৰয়াসৰ প্ৰয়োজন ৷

১৯৭৯ চনতেই চৰকাৰে শিশু শ্ৰমিকৰ সমস্যা সমাধান কৰিবলৈ গুৰুপদস্বামী নামেৰে প্ৰথমখন সমিতি গঠন কৰি দিছিল ৷ এই সমিতিয়ে সমস্যাৰ বিতং অধ্যয়ন কৰি নিবাৰণৰ বাবে এলানি দূৰগামী ছিফাৰিশ আগবঢ়াইছিল ৷ গুৰুপদস্বামীয়ে প্ৰত্যক্ষ কৰিছিল যে যেতিয়ালৈকে সমাজত দৰিদ্ৰতা থাকিব তেতিয়ালৈকে শিশু শ্ৰমিক নাইকীয়া কৰিব পৰা নাযাব ৷ সেয়েহে কেৱল আইন কৰি বা ন্যায় পালিকাৰ সহায় লৈ শিশু শ্ৰমিকৰ সমস্যা সমাধান কৰিব খোজাত বাস্তৱিক কামত অহা পথ নহ’ব ৷ সেইকাৰণে বিপদজনক ক্ষেত্ৰবিলাকৰ শিশু শ্ৰমিকৰ উপয়োগ নিষিদ্ধ কৰি অইন ক্ষেত্ৰবোৰত কৰ্ম্ম-পৰিবেশ যিমান পাৰি সিমান শিশুৰ অনুকূল কৰিব লাগিব ৷ সেইকাৰণে এই সমিতিয়ে কৰ্ম্মৰত শিশুসকলৰ কল্যানৰ অৰ্থে একাধিক বহুমাত্ৰিক নীতি নিৰ্দ্ধাৰণ আৰু প্ৰয়োগৰ পক্ষে অনুমোদন জনাইছিল ৷

গুৰুপদস্বামী কমিটিৰ ছিফাৰিশ অনুসৰি ১৯৮৬ চনত শিশু শ্ৰমিক (নিষিদ্ধকৰণ আৰু নিয়ন্ত্ৰন) আইন পাছ কৰা হৈছিল ৷ এই আইনখনে কিছুমান বিপদজনক ব্যৱসায়ত শিশু শ্ৰমিক নিয়োগ কৰা নিষিদ্ধ কৰিছিল আৰু আন কিছুমান উদ্যোগত শিশু শ্ৰমিক নিযুক্তি নিয়ন্ত্ৰিত কৰিবলৈ নিয়ম বান্ধি দিছিল ৷ এই আইনৰ অধীনত গঠিত “শিশু শ্ৰমিক কাৰিকৰী উপদেষ্টা কমিটি”ৰ অনুমোদন অনুসৰি শিশুৰ বাবে বিপদজনক আৰু ক্ষয়ংকাৰী জীৱিকাৰ তালিকাত সন্নিৱিষ্ট উদ্যোগ-ব্যৱসায়ৰ নাম বঢ়াই থকা হৈছে ৷

উপৰোক্ত প্ৰয়াসৰ সৈতে সঙ্গতি ৰাখি ১৯৮৭ চনত ‘শিশু শ্ৰমৰ ৰাষ্ট্ৰীয় নীতি’ নিদ্ধাৰণ কৰা হৈছিল ৷ এই নীতিয়ে পোনতে বিপদজনক বৃত্তিত কৰ্ম্মৰত শিশুৰ বিকল্প পুৰ্নবাসৰ অৰ্থে অনুক্ৰমিক আৰু সময়ৰ সৈতে খাপখোৱা ব্যৱস্থা ল’বলৈ যত্ন কৰি আছে ৷ তাৰ বাবে শিশু শ্ৰমিকৰ পিয়ল কৰা হৈছে ৷

সংযোগী পাঠ্যক্ৰম

এম.ভি. ফাউণ্ডেচনে এটা বৈপ্লৱিক প্ৰয়াস উদ্ভাৱন কৰিছে ৷ ছাত্ৰ-ছাত্ৰীৰ বয়স অনুসৰি উপযুক্ত শ্ৰেণী পঢ়িব পৰাকৈ আনুষ্ঠানিক স্কুলত এডমিছন পাবলৈ আধাতে স্কুল বাদ দিয়া শিশু আৰু পূৰ্ব্বতে শ্ৰমিক হিচাবে কাম কৰা শিশুৰ বাবে এই প্ৰতিষ্ঠানটোৱে সংযোগী পাঠ্যক্ৰম এটা চলায় ৷ লোক-জাম্বিছ, চিনি-আশা, প্ৰথম আদি এন.জি.ও. আৰু অন্ধ্ৰপ্ৰদেশ চৰকাৰে শিশু শ্ৰমিকৰ কাম এৰুৱাই সিহঁতক নিয়মীয়া স্কুলৰ ছাত্ৰ-ছাত্ৰী কৰাৰ প্ৰয়াসত এই সংযোগী পাঠ্যক্ৰম এটা সফল উদ্যম বুলি পৰিগণিত হৈছে ৷

কাৰণ

ইউনিচেফ বা ৰাষ্ট্ৰসংঘৰ শিশু জৰুৰী পূঁজিৰ মতে শোষণ কৰিবলৈ সহজ হোৱা বাবে শিশুবিলাকক শ্ৰমিকৰূপে নিয়োগ কৰা হয় ৷ শিশুৱে নিজৰ বয়সৰ তুলনাত কষ্টকৰ কাম কৰাৰ কাৰণ হিচাবে দৰিদ্ৰতাকেই চিহ্নিত কৰা হয় যদিও জনসংখ্যাৰ বিস্ফোৰণ, সস্তীয়া শ্ৰম, আইন প্ৰয়োগ নকৰা, মাক-বাপেকে নিজৰ সন্তানক স্কুললৈ পঠিয়াব নোখোজা (স্কুলৰ সলনি ল’ৰা-ছোৱালীক কাম কৰিবলৈ পঠিয়ালে পৰিয়ালৰ উপাৰ্জ্জন বাঢ়ে), গ্ৰামীন এলেকাৰ চূড়ান্ত দৰিদ্ৰাৱস্থা আদিও শিশুশ্ৰমিকৰ জন্ম আৰু বৃদ্ধিৰ অন্যতম কাৰণ ৷ আনহাতে শিশুৰ উপাৰ্জন আৰু শ্ৰমেই যদি পৰিয়াল এটাৰ জীৱনধাৰণৰ একমাত্ৰ উপায় হয় তেনেহ’লে কোনে কি কৰিব পাৰে?

শিশু শ্ৰমিক নাইকীয়া কৰিবলৈ এতিয়ালৈকে কি কৰা হৈছে?

শিশু শ্ৰমিক সমূলি নাইকীয়া কৰিবলৈ ১ লাখ ৫০ হাজাৰ শিশুক সামৰি ৭৬টা শিশুশ্ৰম প্ৰকল্প মঞ্জুৰ কৰা হৈছে ৷ একলাখ পাঁচ হাজাৰমান শিশুক বিশেষ স্কুলত ভৰ্ত্তি কৰা হৈছে ৷ বৰ্ত্তমানৰ ২৫০ খন জিলাৰ বিপৰীতে দেশৰ সমগ্ৰ ৬০০ খন জিলাত ৰাষ্ট্ৰীয় শিশু শ্ৰমিক প্ৰকল্পৰ কাম-কাজ আৰম্ভ কৰিবলৈ যোজনা আয়োগক ১৫০০ কোটি টকা ধাৰ্য্য কৰিবলৈ শ্ৰম মন্ত্ৰালয়ে অনুৰোধ কৰিছে ৷ ৫৭টা ক্ষয়ংকাৰী উদ্যোগ, ধাবা আৰু মানুহৰ ঘৰত চাকৰ হিচাবে কাম কৰা ৯-১৪ বছৰ বয়সৰ শিশুক এই প্ৰকল্পত অন্তৰ্ভূক্ত কৰা হ’ব ৷ সৰ্বশিক্ষা অভিযানৰ দৰে চৰকাৰী যোজনাও শিশু শ্ৰমিকৰ কল্যানৰ বাবে ব্যৱহাৰ কৰা হৈছে ৷

 

উৎস: আইএনডিজি দল।

 

শেহতীয়া উন্নীতকৰণ: : 3/5/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate