অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শিশুৰ অধিকাৰ সুৰক্ষাৰ বাবে ৰাষ্ট্ৰীয় আয়োগ

শিশুৰ অধিকাৰ সুৰক্ষাৰ বাবে ৰাষ্ট্ৰীয় আয়োগ

অনুশাসন

তলত দিয়া মতে আইনত উল্লেখ কৰা আয়োগৰ কাম-কাজবিলাকঃ

(ক) শিশুৰ অধিকাৰ ৰক্ষাৰ বাবে নিশ্চয়তা প্রদান বা যিকোনো আইনৰ অধীনত সেই অধিকাৰক সুৰক্ষিত কৰা আৰু সেই আইনসমূহৰ সঠিকভাৱে ৰূপায়ন লগতে সঠিকভাৱে কাম কৰাৰ বাবে কেন্দ্রীয় চৰকাৰক প্রয়োজনীয় পৰামর্শ প্রদান আৰু তাক ৰক্ষনাবেক্ষণৰ উপায়।

(খ) এনে কিছুমান বিষয় আছে যিবিলাকে শিশুসকলৰ আনন্দ আৰু অধিকাৰক বাধা দিয়ে বা কম কৰে, যেনে উগ্রপন্থা, ধর্মীয় হিংসা, মাৰপিট, প্রাকৃতিক বিপৰ্য্যয়, ঘৰুৱা হিংসা, এইচ আই ভি/ এইডছ‌, মানৱ বেচা-কিনা, বেয়া ব্যৱহাৰ, অত্যাচাৰ আৰু শোষণ, পর্ণোগ্রাফী আৰু দেহ ব্যৱসায় আৰু এই বিলাক ক্ষেত্রত সঠিক প্রতিকাৰৰ উপায় বর্ণনা দিয়ে।

(গ) শিশুসকলৰ বিপদত পৰা বিষয়বিলাক ভালকৈ চালিজাৰিলৈ, পৰিয়ালৰ পৰা আতঁৰত থকা শিশু সকল আৰু কাৰাগাৰত বন্দী হৈ থকা শিশুসকলৰ ক্ষেত্রত উপযুক্ত প্রতিকাৰৰ বাবে উপায় উলিওৱা।

(ঘ) শিশু সকলৰ শিক্ষাৰ অধিকাৰটোক সমাজৰ বিভিন্ন ক্ষেত্রত বিয়পাই দি এই ক্ষেত্রত অধিক সজাগতা তৈয়াৰ কৰা লগতে শিশুৰ অধিকাৰ বিলাক ৰক্ষাৰ বাবে উপায় উলিওৱা।

(চ) অনুসন্ধান কৰা বা শিশু অপৰাধমূলক বিচাৰৰ অনুসন্ধানৰ কাৰণ, বা বাসস্থানৰ নাইবা শিশু সকলৰ বাবে কোনো প্রতিষ্ঠান, যিটো কেন্দ্রীয় চৰকাৰৰ নিয়ন্ত্ৰণাধীন থাকে বা আন যিকোনো কৰ্তৃপক্ষ, বা কোনো সমাজ সেৱামূলক প্রতিষ্ঠান, য’ত শিশু সকলক ৰখা হয় বা শুধৰণীৰ বাবে বা তেওঁলোকৰ চিকিৎসা কৰা হয়।

(ছ) শিশুৰ অধিকাৰৰ ক্ষেত্রত হোৱা হিংসাৰ বিষয়টোৰ অনুসন্ধান কৰা, আৰু এই ধৰণৰ মোকর্দ্দমাৰ ক্ষেত্রত শুনানিৰ কামক আগবঢ়োৱা, আৰু এই বিলাক বিষয়ত চু-মোটো জাননী দিয়া:

শিশুৰ অধিকাৰক বঞ্চিতকৰণ আৰু উলংঘন কৰা

শিশুৰ অধিকাৰ ৰক্ষাৰ বাবে আৰু উন্নতিৰ বাবে আইনৰ প্রয়োগ নকৰা।

আইনী মতামতৰ বাবে সন্মতি আদায় কৰি, শিশুৰ মঙ্গল আৰু সকাহৰ বাবে পথ প্রদর্শক বা নির্দেশিকা তৈয়াৰ কৰি এই ধৰণৰ শিশুক সহায় কৰা।

নাইবা এই ধৰণৰ বিষয় বিলাক উপযুক্ত বিষয়াৰ ওচৰলৈ নি দাঙি ধৰা।

(জ) বিভিন্ন চুক্তিবিলাক ভালকৈ বুজি লৈ আৰু লগতে আন্তর্জাতিক নীতি নিয়ম আৰু বর্তমানৰ নিয়ম বিলাকৰ ক্ষেত্রত বিভিন্ন মুদ্রণ ব্যৱস্থাৰ পর্যালোচনা, আচঁনি, আৰু শিশুৰ অধিকাৰৰ বাবে আন আন কর্মকাণ্ড লগতে এক কার্যকৰী ব্যৱস্থাৰ বাবে কোনো বিশেষ পদ্ধতিক দাঙি ধৰা।

(ঝ) বর্তমানৰ আইনৰ পর্যালোচনা কৰা, শিশুৰ অধিকাৰৰ ক্ষেত্রত এই নীতি বিলাকৰ বিষয়ে আলোচনা কৰা, অনুসন্ধান কৰা, এই ধৰণৰ অধিকাৰ ৰক্ষাৰ বাবে যিকোনো দিশত প্ৰতিবেদন দাখিল কৰা, শিশুৰ অধিকাৰৰ ফালৰ পৰা উক্ত আইনৰ বাবে ভৱিষ্যতত হব লগা বিভিন্ন ধৰণৰ মতামত বা বক্তব্য।

শিশুৰ মতামত আৰু চিন্তা ধাৰাৰ প্রতি উপযুক্ত সন্মান প্রদর্শন কৰা আৰু সেই মতামত খিনি আকৌ চৰকাৰী বিভাগ আৰু প্রতিষ্ঠানৰ লগত যুক্ত থকা হ'ব লাগিব।

শিশুৰ অধিকাৰৰ বাবে তথ্য তৈয়াৰ কৰা আৰু তাক বিয়পাই দিয়া।

শিশু সকলৰ প্ৰতিটো ডাটা বা সংখ্যা তত্বৰ বিশ্লেষণ কৰা।

শিশুৰ অধিকাৰ বিলাকক বিদ্যালয়ত আৰম্ভ কৰিবৰ বাবে, শিক্ষক সকলৰ প্রশিক্ষণ আৰু যিসকলে শিশু বিলাকৰ লগত অনবৰত যোগাযোগ ৰাখে সেই সকল ব্যক্তিক যথাযোগ্য প্রশিক্ষণ দিয়া প্রয়োজন।

সংযুতি

এই কমিচনত কেন্দ্রীয় চৰকাৰৰ দ্বাৰা নিযুক্ত ব্যক্তিসকলে তিনি বছৰৰ বাবে নির্বাচিত হৈ কার্যভাৰ গ্রহণ কৰে।

(ক) এজন সভাপতি, যি জন এজন বিশিষ্ট ব্যক্তি হ'ব লাগিব আৰু যিজনে শিশুসকলৰ অধিকাৰ বঢ়াবৰ বাবে যথেষ্ট ভাল কাম ইতিমধ্যে কৰিছে, তেনেকুৱা এজন ব্যক্তি হ'ব লাগে।

(খ) ছয় জন সদস্য যিসকল অভিজ্ঞ, বিশিষ্ট ব্যক্তি, সম্পূর্ণতা আৰু শিক্ষাৰ জগতত বিশেষ অভিজ্ঞতা থাকিব লাগিব, শিশুৰ স্বাস্থ্য সম্পর্কে সম্যক জ্ঞান, সাৱধানতা, শিশুৰ সার্বিক মঙ্গল, উন্নয়ন, শিশুৰ প্রতি ন্যায়বিচাৰ, অৱহেলিত বা সমাজত অপ্রয়োজনীয় ভাৱে থকা শিশু সকল বা শাৰীৰিক অক্ষম, শিশু শ্রম নিস্কাশন, শিশুৰ মানসিক অৱস্থান আৰু শিশুৰ সৈতে সম্পর্কিত আইন ইত্যাদি বিষয়ত যথেষ্ট জ্ঞান থাকিব লাগিব।

(গ) সদস্য সম্পাদকজন, যুগ্ম সম্পাদকৰ মর্যাদাৰ তলত হ'ব নালাগে।

ক্ষমতা

কমিচনৰ দেৱানি আদালতৰ সকলো ক্ষমতা থাকিব লাগিব যাতে তেওঁ তলত উল্লেখ কৰা বিষয় বিলাকত মকর্দ্দমা দাখিল কৰাৰ অভিজ্ঞতা অর্জন কৰা হ'ব লাগিব।

(ক) চমন জাৰি কৰা আৰু ভাৰতৰ যিকোনো ঠাইৰ পৰা যিকোনো ব্যক্তিক হাজিৰ কৰি তেওঁলোকক পৰীক্ষা কৰা আৰু শপত লোৱাৰ দায়িত্ব ল'ব লাগিব।
(খ) যিকোনো নথি পত্ৰ আবিস্কাৰ কৰা আৰু তৈয়াৰী কৰাৰ ক্ষমতা থাকিব লাগিব।
(গ) এফিডেভিটৰ বাবে প্রমাণ পোৱা
(ঘ) কোনো আদালতৰ অফিচৰ পৰা যিকোনো ৰাজহুৱা ৰেকর্ড বা কপি অধিগ্রহণ
(ঙ) কোনো নথি পত্ৰৰ সাক্ষীৰ পৰীক্ষাৰ বাবে কমিচন বহুওৱা

জিলা প্রশাসকৰ ওচৰলৈ কোনো মোকর্দ্দমা পঠিয়াবলৈ সেই খিনি বা তেনে ধৰণৰ ক্ষমতা থাকিব লাগিব

চুপ্রীম কোর্টৰ ওচৰলৈ আবেদন কৰা বা নির্দিষ্ট উচ্চ ন্যায়ালয়ৰ নির্দেশ, আদেশ বা ৰীট পিটিচন ইত্যাদি, আদালতে যি সঠিক বুলি ভাবে।

অভিযোগৰ কৌশল

বিশেষ বিশেষ গুৰুত্বপূর্ণ মকর্দ্দমাৰ ক্ষেত্রত যেনে শিশুৰ অধিকাৰৰ উলংঘন কৰা আৰু যিবিলাক বিষয় বা কাৰণত শিশুৰ আনন্দ বা বিনোদনৰ ক্ষেত্রত ব্যঘাত উপজে সেই বিলাক ক্ষেত্রত কমিচনৰ চ'-মোটো ল'বৰ বাবে প্রয়োজন হয়।

(ক) সংবিধানৰ অষ্টম সূচী মতে যিকোনো ভাষাৰ মাধ্যমেৰে কমিচনৰ ওচৰত অভিযোগ জনাব পাৰি।

(খ) এই ধৰণৰ অভিযোগৰ বাবে কোনো ফিজ ধার্য কৰা নহয়।

(গ) নির্দিষ্ট বিষয়ত থকা অভিযোগৰ এটা পৰিপূর্ণ প্রতিচ্ছবি আপুনি পা'ব।

(ঘ) প্রয়োজন হ'লে কমিচনে আৰু অতিৰিক্ত তথ্য/এফিডেভিট বিচাৰিব পাৰে।

এটা অভিযোগ দাখিল কৰিবৰ সময়ত অনুগ্রহ কৰি নিশ্চিত হওঁক যে অভিযোগটোত তলত দিয়া বিষয় বিলাক আছে:

(ক) পৰিস্কাৰ আৰু পঢ়িব পৰা, আৰু অসত্য তথ্য যেন নহয়, বা নাম নোহোৱা বা ছদ্মনামত থাকিব নালাগিব।

(খ) এই ধৰণৰ অভিযোগৰ বাবে কোনো ফিজ ধার্য কৰা নহয়।

(গ) এই বিষয় বিলাক দেৱানি বিতর্কৰ অধীনত হব নেলাগে, যেনে সম্পত্তিৰ অধিকাৰ, চুক্তিযুক্ত বিষয় ইত্যাদি।
(ঘ) এই বিষয়ত উঠি অহা বিষয় বিলাক পৰিসেৱা বিষয়ৰ অর্ন্তভুক্ত নহয়।

(ঙ) আন কোনো কমিচনৰ ওচৰত বিষয়টো বাকী থাকিব নেলাগিব, ধুনীয়াকৈ আইনৰ বিধিসমূহ বা বিচাৰাধীন কোনো আদালতৰ/ট্রাইব্যুনেলৰ ওচৰত মানি চাল হ'ব লাগিব।

(চ) কমিচনে বিষয়টো এতিয়াও সম্পূর্ণৰূপে ঠিক কৰি উঠা নাই।

(ছ) যিকোনো বিষয়ত কমিচনৰ কার্যকাৰিতা সীমাৰ বাহিৰত হ'ব নেলাগিব।

 

উৎস: আইএনডিজি দল।

শেহতীয়া উন্নীতকৰণ: : 5/23/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate