মূল পৃষ্ঠা / শিক্ষা / শিশুসকলৰ ক্ষেত্ৰ / একবিংশ শতিকাৰ আশ্চৰ্যজনক গছ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

একবিংশ শতিকাৰ আশ্চৰ্যজনক গছ

একবিংশ শতিকাৰ আশ্চৰ্যজনক গছ

কুইজ আৰম্ভ কৰিবলৈ লোৱা নাই যদিও দুটিমান প্রশ্ন উত্থাপন কৰিব খুজিছোঁ। পৃথিৱীৰ আটাইতকৈ ওখ ঘাঁহ জোপা কি জানেনে? পৃথিৱীৰ সকলো উদ্ভিদৰ ভিতৰতে দ্রুত বৃদ্ধি  ক্ষমতা সম্পন্ন উদ্ভিদ বিধৰ নাম কি বাৰু? লোতকৈ অধিক ওজন বহন কৰিব পৰা গছৰ নাম কওকচোন? প্রিয় পাঠক, আপোনাক খন্তেক সময়ৰ বাবে চিন্তাৰ সুযোগ দিয়া প্রশ্নকেইটাৰ উত্তৰ হৈছে--- বাঁহ। গ্রাম্যাঞ্চলৰ প্রায় সকলোৰে বাৰীৰ সহজলভ্য বাঁহেই হৈছে পৃথিৱীৰ আটাইতকৈ ওখ ঘাঁহ। বাঁহক ঘাঁহ বুলি কওতে আচৰিত নহ’ব। এশ ত্রিশ ফুট পর্যন্ত ওখ আৰু ডাঙৰ হ’লেও উদ্ভিদ বিজ্ঞানীসকলে বাঁহ গছক কিন্তু তৃণজাতীয় উদ্ভিদৰ তালিকাতহে অন্তর্ভুক্ত কৰিছে। বাঁহ গছবোৰে উপযুক্ত পৰিৱেশ পালে এদিনতে ৭৫ ৰ পৰা ৪০০ মিলিমিটাৰ পর্যন্ত ওখ হৈ পৃথিৱীৰ সকলো উদ্ভিদৰ ভিতৰতে দ্রুত বৃদ্ধি ক্ষমতা সম্পন্ন উদ্ভিদ হিচাপে অভিলেখ স্থাপন কৰিবলৈ সক্ষম হৈছে। ঘাঁহ বুলি অভিহিত কৰা বাঁহৰ আকৌ ওজন বহন ক্ষমতা লোতকৈও বেছি। ৫২,০০০ পাউণ্ড পর্যন্ত ওজন বোলে বাঁহে বহন কৰিব পাৰে।

পৃথিৱীত এবিধ বহু পুৰণি আৰু বহুলভাৱে ব্যৱহৃত উদ্ভিদ বাঁহ উৎপাদনৰ ক্ষেত্রত বিশ্বৰ ভিতৰত প্রথম স্থান দখল কৰিছে চীনে আৰু দ্বিতীয় স্থানত আছে ভাৰত। ভাৰতবর্ষৰ সমগ্র বনাঞ্চলৰ ১২.৮ শতাংশ হৈছে বাঁহ। বাঁহে ভাৰতৰ ১০.০৩ নিযুত হেক্টৰ ভূমি আৱৰি আছে। উত্তৰ-পূর্বাঞ্চলৰ ৩৮,১৯৭ বর্গ কিল’মিটাৰ ভূমি বাঁহেৰে আবৃত। প্রাপ্ত তথ্য মতে পৃথিৱীত প্রায় এশ ত্রিশটা জাতি আৰু এক হেজাৰ দুশ পঞ্চাশটা প্রজাতিৰ বাঁহ পোৱা যায়। আমাৰ ৰাজ্যত জাতি (BAMBUSATULDA), বিজুলী (PALLIDA), মকাল(NUTANS), ভলুকা(BALCOA), কাক(HAMILTANI) ইত্যাদি ৩৪ বিধ প্রজাতিৰ বাঁহ পোৱা যায়। ইয়াৰে জাতি আৰু ভলুকা বাঁহ বেছিকৈ উৎপাদন আৰু ব্যৱহাৰ হয়। শীতল, উষ্ণ অথবা দুয়োটা পৰিৱেশেই বিভিন্ন প্রজাতিৰ বাঁহৰ বাবে উপযোগী। বনাঞ্চলৰ অংশবিশেষে চিৰসেউজ বাঁহক শ্রেণীভুক্ত কৰা হৈছে Minor Forest Product (MFP), Non Commercial Species(NCS), Non –timber Forest Product(NTFP)in the world হিচাপে। অতি সম্প্রতি ‘এক বিংশ শতিকাৰ আশ্চর্যজনক গছ’ আখ্যা পোৱা বাঁহৰ বিষয়ে কিছু কথা আলোচনা কৰো আহক।



বাঁহ---জনজীৱনৰ দীঘে-বাণীয়ে

অসমৰ লোক জীৱনক বাঁহে সমৃদ্ধ কৰিছে। আমাৰ সমাজ আৰু সংস্কৃতিত বাঁহক অপৰিহার্য সামগ্রী বুলিয়ে অভিহিত কৰিব পাৰি। বিজ্ঞান আৰু প্রযুক্তি বিদ্যাই পৰিৱর্তনৰ সাজ পিন্ধোৱা আজিৰ পৃথিৱীৰপৰা ওভতনি যাত্রাৰে পুৰণি পৃথিৱীত প্রৱেশ কৰিলে ভালদৰে জানিব পাৰি বাঁহ আৰু জনজীৱনৰ এৰাব নোৱাৰা সম্পর্কৰ কথা। বাঁহ যেন তেওঁলোকৰ জীৱনৰ লগৰীহে। এখন গাঁৱৰ ছবিখন মনলৈ আহিলেই লগে লগে সেই সেই ছবিখনৰ সৌন্দর্য বর্দ্ধন কৰেহি আকাশ চুব খোজা, সেউজীয়া বৰণেৰে মনলৈ প্রশান্তি কঢ়িয়াই অনা বাঁহে। বাৰীৰ ঢাপত, ৰাস্তাৰ কাষত বাঁহ গছ নেদেখিলে গাঁওবোৰ চোন গাঁও যেন নালাগে। অসমৰ বিভিন্ন জাতি, জনগোষ্ঠীৰ বাসগৃহবোৰ মন কৰিছেনে? বাঁহৰ অবিহনে তেওঁলোকৰ গৃহ নির্মাণৰ কথা জানো ভাবিব পাৰে? আজিও গ্রাম্য বাসীলৈ বাঁহে আগবঢ়াইছে সহায়ৰ হাত। আমাৰ বিভিন্ন জনজাতিৰ চাংঘৰসমূহ সাজি উলিওৱাত বাঁহেই মুখ্য ভূমিকা পালন কৰাৰ লগতে গ্রাম্যাঞ্চলৰ বিভিন্ন জাতিৰ এখন ঘৰৰ চাৰিসীমাৰ বান্ধনী স্বৰূপ চকোৱা, জেওৰা, পদূলিৰ জপনা, নঙলাৰপৰা আৰম্ভ কৰি ঘৰৰ মূধৰ খূঁটা, মাৰলি, চ’তি, বগলী বাঁহ, কামী, ৰুৱা টঙাল, গাধৈ, খবুৱা, বেৰ, দুৱাৰ, ঘূৰঘূৰি, জাপ(ওলোমাই লগোৱা খিৰিকী), ঢাপলিকা ইত্যাদি গৃহ নির্মাণৰ বাবে প্রয়োজনীয় অধিকাংশ সামগ্রীৰ বাবে নির্ভৰ কৰা হয় বাঁহৰ ওপৰত। ঘৰ সজা কাম ফেৰা সম্পূর্ণ হ’লেই বাঁহৰ প্রয়োজন কিন্তু অন্ত নপৰে। ঘৰুৱা কামত তথা দৈনন্দিন জীৱনৰ লাগতিয়াল বহু সা-সঁজুলি বাঁহেৰে সজা হয়। চ’ৰা ঘৰৰ (আলহী বহা কোঠা) মূঢ়াটো, শোৱনি কোঠাৰ শোৱা চাংখন তৈয়াৰ কৰিবলৈ বাঁহ ব্যৱহাৰ কৰাৰ লগতে কৃষি কর্মৰ বাবে প্রয়োজনীয় মৈ খন, নাঙলৰ ডিলা, শ’ল মাৰি, যুঁৱলি, কোৰৰ নালটো, কৃষকক ৰ’দ-বৰষুণত সকাহ দিয়া মূৰৰ জাপিটো, হাতৰ এচাৰি ডাল, বিৰিয়া, ওখোন, দোন, টঙাল আদি সঁজুলি, ঢেঁকিশালৰ সঁজুলি যেনে বাঢ়নী, মাৰি, ডলা, কুলা, চালনী, পাচি, খৰাহি ইত্যাদি, ঠোহা, খোকা, জাকৈ, খালৈ, ডিঙৰা, চেপা, প’ল, বৰশীৰ দাৰি, জুলুকি আদি মাছ ধৰা সঁজুলি তৈয়াৰ কৰিবলৈ বাঁহ ব্যৱহাৰ কৰা হয়। আমাৰ বিভিন্ন জাতি, জনগোষ্ঠীয়ে তিৰোতাৰ ক’লা সুলভ মনটোৰ স্ফুৰণ ঘটা তাঁত শাল খনৰ বাবে অতিকৈ প্রয়োজনীয় গৰকা, ডাংমাৰি, ব-চুঙা, শালি, চিৰি, ফুলৰ কাঠী, উঘা, চেৰেকী কাকৈ আদি সাজিবলৈ বাঁহ নহ’লেই নহয়। এখন ঘৰৰ লগত নিবিড় সম্পর্ক থকা গোসাঁই ঘৰখন, ভঁৰালটো, গোহালি, গঁড়াল আদি নির্মণৰ বাবেও কাষ চাপিব লাগে বাঁহনিখনৰ। সৌন্দর্য চর্চাতো বাঁহৰ অৱস্থান আছে। জনজাতীয় লোকৰ অধিকংশ অলংকাৰ তৈয়াৰ কৰা হয় বাঁহেৰে। কেশবিন্যাসৰ বাবে প্রয়োজনীয় কাকৈখনো সাজি লোৱা হৈছিল বাঁহেৰে। অতীতত জনজীৱনৰ ধন সঞ্চয়ৰ এবিধ বিশ্বাসী চন্দুক হ’ল বাঁহৰ চুঙা। বাঁহৰ চুঙাতে সযতনে ৰখা হয় আ-অলংকাৰ, দৰকাৰী নথিপত্র ইত্যাদি।  দলং, দাৰিকী, দাং, হাকুটি, সাঁকো আদিৰ বাবেও বাঁহৰ প্রয়োজন। ৱাংছো তিৰোতাই প্রিয়জনক উপহাৰ দিবলৈ বাঁহৰ চেঁচুৰ সোঁতেৰে গুঠি তৈয়াৰ কৰে চমৎকাৰ মণি। কিছু দিনৰ আগেয়ে টি ভিত দেখিছিলোঁ এখন অখ্যাত গাঁৱৰ এগৰাকী ব্যক্তিয়ে ধনৰ অভাৱত বাৰীৰ বাঁহেৰে তৈয়াৰ কৰি লৈছে তেওঁৰ নকল দাঁত।

খালৈ

খৰাহী

গ্রাম্য জীৱনৰ চাহিদা পূর্ণ কৰাত উল্লেখনীয় অৰিহণা আগবঢ়োৱা বাঁহে পদূলিৰ নঙলা, জপনা অতিক্রমী বাসগৃহ নিৰ্মাণ, বিভিন্ন প্রয়োজনীয় সামগ্রী সজাত সহায় কৰাৰ উপৰি অবাধে প্রবেশ কৰে ৰান্ধনি শালতো। ৰান্ধনি ঘৰৰ লাগতিয়াল পানী চাং, পাভটি চাং, ধোঁৱা চাং আদিৰ নির্মিত হয় বাঁহেৰে। লোণ, তেল, খালৈ, জুই ফুৱাবলৈ, চাহ পানী খাবলৈ পিয়লা হিচাপে ব্যৱহাৰ কৰা হয় বাঁহৰ চুঙা। ৰন্ধনৰ সহায়ক খৰিকা, ঘোটনী, লৰনী সজা হয় বাঁহেৰে। বর্তমান আমাৰ ৰান্ধনি-শাললৈও পৰিবর্তন আহিল। বাঁহেৰে নির্মিত বহু সামগ্রী সময়ৰ বলুকাত লুকাল। এতিয়া স্মৃতিৰ ধোঁৱা চাঙত উঠিল বাঁহৰ চুঙা, কঁৰীয়া, খৰিকা , লৰনী কিন্তু সময়ৰ সোঁতত সকলো উটি নাযায়। গ্রাম্যাঞ্চলৰ বহু লোকে আজিও ৰন্ধন শালত ব্যৱহাৰ কৰি আছে বাঁহৰ বিভিন্ন সামগ্রী। আজিও অসমীয়াই পাহৰা নাই গৰমৰ ভাতৰ জুতি খৰিচাকণ। গাঁৱলীয়া মানুহৰ খাদ্য ৰূপে পৰিচিত খৰিচা এতিয়া দেশৰ ৰাজধানী দিল্লীতো ক্ৰয় কৰিবলৈ পোৱা যায়। নগৰ, মহানগৰবাসীৰ হাবিয়াসৰ প্রতি লক্ষ্য ৰাখিয়েই গাঁৱৰ পৰা খৰিচাই বাট কুৰি বাইছে চহৰলৈ। টেমাত বন্দী হৈ বাঁহৰ গাজেও আৰম্ভ কৰিছে চহৰমুখী যাত্রা। চহৰৰ ডাঙৰ ডাঙৰ হোটেলৰ মেন্যুত লিপিবদ্ধ হৈছে খৰিচা,গাঁজৰ বিবিধ ব্যঞ্জন। চুঙা চাউল, চুঙা দৈৰ সোৱাদ জানো পাহৰিব পাৰি? বাঁহৰ চুঙাত তৈয়াৰী খাদ্য সোৱাদযুক্ত হোৱাৰ উপৰি কেতবোৰ বাঁহত থকা ‘বংচ’লোচনৰ ঔষধী গুণ মানৱদেহৰ উপকাৰী। সেইদৰে বাঁহৰ গাঁজৰ পৰা আমি বিভিন্ন পৰিমাণে লাভ কৰোঁ খাদ্য শক্তি, প্র’টিন, কেলচিয়াম, পটাচ, ফ’চফ’ৰাচ,মেগনেচিয়াম, এচকৰবিক এচিড আদি। চাওকচোন বাৰীৰ ঢাপৰ বাঁহ কেইজোপাই আমাৰ কিমান উপকাৰ সাধন কৰে! বাঁহক আশ্রয় কৰিয়েই যেন জনজীৱনে জীৱনৰ বাটত অগ্ৰসৰ হয়, বাঁহে তেওঁলোকক প্রদান কৰে প্রাপ্তিৰ আনন্দ। বাঁহৰ সহায়েৰে সুচল হয় জনজীৱন।

জাকৈ


সংস্কৃতিলৈ বাঁহৰ অৰিহণা

পাহাৰ-ভৈয়ামৰ সমন্বয়েৰে গঢ়ি উঠা আমাৰ বর্ণাঢ্য সংস্কৃতিৰ লগত বাঁহ এনেদৰে সংপৃক্ত হৈ আছে যে বাঁহক বাদ দিলে বাৰেৰহণীয়া সংস্কৃতি বিবর্ণ হৈ পৰিব। আচলতে বাঁহক আঁতৰাই আমাৰ সংস্কৃতিৰ কথা কল্পনাই কৰিব নোৱাৰি। ভৌগোলিক পাৰিপর্শ্বিকতাই সংস্কৃতিলৈ কঢ়িয়াই আনে কেতবোৰ বিশেষ বৈশিষ্ট্য । আমাৰ ৰাজ্যখনত ভৌগোলিক পাৰিপার্শ্বিকতাই সৃষ্টি কৰা অনুকূল পৰিৱেশত বাঁহ যথেষ্ট উৎপাদন হয়। লাগ বুলিলেই বাঁহ পোৱা যায় কাৰণে আৰু ব্যয় বহুল নহয় বাবে বিভিন্ন প্রয়োজনত বাঁহ ব্যৱহাৰ কৰা হয়। লোক জীৱনক প্রাচুর্য প্রদান কৰা বাঁহ লোক সংস্কৃতিতো জড়িত হৈ আছে। ‘আগলি বাঁহৰে লাহৰী গগনা কোনেনো বজালে ৰৈ’.‘বাঁহৰে তলে তলে বাঁহীটো বজালোঁ শাহুৱে শুনকহি বুলি’, বাঁহেৰে টকাটি নবজাবা চেনাইটি’...এইদৰে বিহু গীতত সোমাই পৰিছে বাঁহ। লোক গীত , দেহবিচাৰ গীত, সাঁথৰ, জতুৱা ঠাচ আদিত বাঁহৰ উল্লেখে অসমীয়া সংস্কৃতিৰ লগত বাঁহৰ অভিন্ন সম্পর্কৰ কথাকে কয়। আমাৰ গীতবোৰত যেনেকৈ বাঁহৰ উল্লেখ আছে, ঠিক তেনেকৈ বিভিন্ন জাতি-জনজাতিৰ বহু বাদ্য সজা হয় বাঁহেৰে। উদাহৰণ স্বৰূপে টকা, গগনা, পেঁপা, ঢোলৰ মাৰি, বাঁহী আদিৰ কথা ক’ব পাৰি। আমাৰ সংস্কৃতিৰ অবিচ্ছেদ্য অংগ ভাওনাৰ ভোটা, ভাৱৰীয়াৰ মুখা, ধেনু, কাঁড় আদি বাঁহেৰে সজা হয়। ৰ’দ- বৰষুণৰপৰা পৰিত্রাণ পাবলৈ ব্যৱহাৰ কৰা জাপি সাজিবলৈ প্রয়োজনীয় এবিধ সমল হ’ল বাঁহ। অসমীয়া লোক জীৱনত ব্যৱহৃত জাপি সংস্কৃতিৰ অন্যতম আপুৰুগীয়া সম্পদ।

বাঁহী

মৈ

আমাৰ সংস্কৃতিত বাঁহক পূজাও কৰা হয়। উদাহৰণ স্বৰূপে গোৱালপাৰাত মদন চতুদর্শীৰ দিনা বাঁহ পূজা অনুষ্ঠিত কৰা হয়। এই পূজাত বাঁহ এডালক সজ্জিত কৰি লৈ বাঁহৰ জন্ম বৃত্তান্ত আদি আখ্যান মূলক গীত গাই নৃত্য কৰা হয়। ‘মীদাৰ’ বা ‘মাদাৰ’ পূজাও বাঁহ পূজাৰে নিদর্শন। অবিভক্ত কামৰূপ জিলাৰ ঠায়ে ঠায়ে প্রথম ব’হাগৰ পৰা শেষ ব’হাগলৈকে যি ‘ভঠেলি’ উৎসৱ পালন কৰা হয়, ইয়াৰ প্রধান উপজীৱ্যই হৈছে বাঁহ। এই ভঠেলি উৎসৱেই অঞ্চল বিশেষে সভা, দেউল, সুৱেৰি পাউৰা, পাৰবাঁহ আদি নামেৰে পৰিচিত। অসমৰ আদিম অধিবাসী তিৱা জনগোষ্ঠীৰ বসন্তকালীন উৎসৱ ‘ছগুৰা মিছাৱাৰ’ লগতো বাঁহৰ সম্বন্ধ আছে। অসমীয়া ‘জাতীয় সংস্কৃতিৰ যাদুঘৰ’ স্বৰূপ নামঘৰৰ যাৱতীয় কেতবোৰ সামগ্রী যেনে শৰাই, ঠগা, ঢৰা আদি বাঁহেৰে তৈয়াৰ কৰা হয়। মিজোসকলৰ বিখ্যাত বাঁহ নৃত্যৰ দৰে আমাৰ কোঁচ ৰাজবংশীৰ বাঁহ নৃত্যকে ধৰি জনজাতীয় কেইবাটিও মনোৰম নৃত্য পৰিৱেশন কৰা হয় বাঁহৰ সহায়েৰে। এনেদৰে সংস্কৃতিৰ বিভিন্ন দিশৰ সৈতে বাঁহ সাঙোৰ খাই থকাৰ কাৰণে কোনো কোনোৱে অসমৰ সংস্কৃতিক ‘বাঁহ নির্ভৰ সংস্কৃতি বা বাঁহ-সংস্কৃতি’ আখ্যা দিব খোজে।

বাঁহনিলৈ আশাৰ ৰেঙনি

আজি কিছুদিনৰ পৰা বাঁহে বাৰুকৈয়ে দখল কৰিছে বাতৰি কাকতৰ পৃষ্ঠা। ‘অসমত ৬০ হাজাৰ হেক্টৰ ভূমিত ৰোপণ কৰা হ’ব বাঁহ গছ’ , ‘অসমৰ বাঁহ খেতিত চীনা ব্যৱসায়ীৰ পাঁচ হাজাৰ কোটি’, ‘বাঁহৰ উৎপাদিত সামগ্রীৰ মান বৃদ্ধিত চীনৰ আগ্রহ’, ‘বাঁহৰ বাণিজ্যিক উৎপাদনে অর্থনৈতিত বিকাশ সাধিব...’ ইত্যাদি খবৰে আমালৈ কঢ়িয়াই আনিছে আশাৰ ৰেঙনি প্রাকৃতিকভাৱেই অসমত প্রচুৰ পৰিমাণে বাঁহ উৎপাদন হয় যদিও বর্তমানে বিভিন্ন কাৰণত ক্রমান্বয়ে কমি আহিছে বাঁহৰ উৎপাদন। যাৰ পৰিণতিত জাপ খাইছে বহু সম্ভাৱনীয়তাৰ দুৱাৰ। আমাৰ কাগজ কলেও এতিয়া অসমৰ বাঁহৰ আশা পৰিহাৰ কৰি চুবুৰীয়া ৰাজ্যৰ ওপৰত ভৰষা কৰিব লগীয়া হৈছে। কর্ম সংস্থাপন আৰু দৰিদ্রতা দূৰীকৰণৰ ক্ষেত্রত বিশেষ অৰিহণা যোগাই অহা বাঁহ আৰু ইয়াৰ দ্বাৰা উৎপাদিত সামগ্রীৰ ক্রমবদ্ধমান বিশ্ব বজাৰৰ অধিকাংশই দখল কৰিছে চীনে। এসময়ত সদ্যোজাত সন্তানৰ নাড়ি কাটিবলৈ ব্যৱহাৰ কৰা বাঁহৰ ব্লেডখনৰ পৰা আৰম্ভ কৰি জীৱন যাপনৰ বিভিন্ন ক্ষেত্রত বাঁহৰ ব্যৱহাৰ হৈছিল।আমাৰ অন্তিম যাত্রাৰ বাহনখন তৈয়াৰ কৰিবলৈকে প্রয়োজন হয় বাঁহ। বাঁহৰ উপকাৰিতা, সম্ভাৱনীয়তাৰ প্রতি দৃষ্টি ৰাখি ব্যৱহাৰ ভিত্তিত বাঁহ ৰোপণ, প্রতিৰক্ষা আৰু বাঁহৰ পৰা উৎপাদিত সামগ্রীৰ মানবর্দ্ধনৰ ক্ষেত্রত ভাৰত চৰকাৰৰ ৰাষ্ট্রীয় বাঁহ মিছনে বিভিন্ন কাম হাতত লৈছে। ৰষ্ট্রীয় বাঁহ মিছন হৈছে কেন্দ্রীয় চৰকাৰে এশ শতাংশ বৰঙণিৰে পোষকতা কৰা এক অভিযান। নতুন দিল্লীৰ কৃষি মন্ত্রণালয়ৰ সহযোগত কৃষি বিভাগৰ অন্তর্গত হর্টিকালচাৰ বিভাগে এই অভিলাসী আঁচনি ৰূপায়ণ কৰিছে। ২০০৬ চনৰ পৰা আৰম্ভ হোৱা ৰাষ্ট্রীয় বাঁহ মিছনে ভাৰতবর্ষৰ বিভিন্ন ৰাজ্যৰ লগতে ২০০৭ চনৰ পৰা অসমতো অভিলাসী অভিযান আৰম্ভ কৰাটো আমাৰ বাবে আশাব্যঞ্জক। কেতবোৰ উদ্দেশ্য আগত ৰাখি ৰাষ্ট্রীয় বাঁহ মিছনে কার্যক্ষেত্রত অগ্রসৰ হৈছে। যেনে:- বিভিন্ন অঞ্চলত বাঁহৰ উৎপাদন বৃদ্ধিৰ বাবে প্রয়োজনীয় বিবিধ কৌশল অৱলম্বন কৰা, বাঁহৰ বাবে উপযুক্ত মাটি পৰিত্যক্ত অৱস্থাত নাৰাখি বাঁহ ৰোপণ কৰি বাঁহেৰে আবৃত্ত ভূ-খণ্ডৰ পৰিমাণ বৃদ্ধি কৰা, উৎপাদন বৃদ্ধিৰ বাবে উন্নত প্রজাতিৰ বাঁহ ৰোপণ কৰা, বাঁহৰ এখন লাভাৱন্বিত বজাৰৰ বাবে আৰু বাঁহ নির্ভৰ হস্তশিল্পৰ মান উন্নত কৰণত গুৰুত্ব আৰোপ কৰা, ব্যৱসায়িক ভিত্তিত বাঁহে উন্নয়নৰ মুখ দেখাৰ বাবে ষ্টেক হল্ডাৰ সকলৰ মাজত বুজা পৰা মত বিনিময়েৰে এটি অনুকূল পৰিৱেশ সৃষ্টি কৰা, পৰম্পৰাগত জ্ঞান আৰু আধুনিক বৈজ্ঞানিক জ্ঞানৰ মিশ্রিত সমাহাৰেৰে বাঁহ উৎপাদন বৃদ্ধিৰ বাবে উপযুক্ত কলা- কৌশল উদ্ভাৱন আৰু প্রসাৰ ঘটোৱা, স্থানীয়্ লোকৰ মাজত বাঁহ সম্পর্কে বিশেষ সজাগতা সৃষ্টি কৰা, দক্ষতা সম্পন্ন আৰু দক্ষতা বিহীন ব্যক্তিক বিশেষকৈ নিবনুৱা যুৱক-যুৱতীক নিয়োগৰ সুবিধা দি মানৱ সম্পদৰ উচিত ব্যৱহাৰ বা কর্মশক্তিৰ অপচয়্ ৰোধ কৰা ইত্যাদি। উক্ত উদ্দেশ্যসমূহ পূর্ণ কৰাৰ মানসিকতাৰে ৰাষ্ট্রীয় বাঁহ মিছনে অৱলম্বন কৰিছে কেইটামান কৌশল। সেইবোৰৰ দুটামান হ’ল---গৱেষণা লব্ধ আৰু উন্নয়নৰ ফলত বিভিন্ন নব্য কলা কৌশলেৰে বাঁহৰ উৎপাদন বৃদ্ধি কৰা, বনাঞ্চল সমূহত প্রকৃতিগতভাৱে যিবোৰ খালী ঠাই আছে সিবোৰত বাঁহ ৰোপণৰ ব্যৱস্থা কৰাৰ উপৰি বনাঞ্চলৰ সীমাৰ বাহিৰৰ পাশ্বৱর্তী, ব্যক্তিগত, অব্যৱহৃত অঞ্চলতো বর্দ্ধিত পৰিমাণৰ মাটিত বাঁহ ৰোপণ, উৎপাদন বৃদ্ধিৰ বাবে নানা তৰহৰ পৰিৱর্তিত পদ্ধতি প্রয়োগ কৰা, উন্নত কৃষি প্রণালী গ্রহণ কৰা, উৎপাদন আৰু বজাৰৰ মাজত সু-সমন্বয় গঢ়ি তোলাত যত্ন কৰা যাতে কৃষক আৰু সামগ্রী উৎপাদনকাৰী সকলে প্রাপ্য খিনি লাভ কৰে। প্রয়োজনীয় ক্ষেত্রত বাঁহৰ সৈতে জড়িত সমবায় আৰু আত্মসহায়ক গোট সমূহক সহায় কৰা, ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ প্রতিটো স্তৰতে গৱেষণা, উন্নয়ন আৰু ব্যৱসায়িক প্রতিষ্ঠানৰ মাজত সু-সম্পর্ক গঢ়ি তোলা, মধ্যভোগীৰ শোষণৰ প্রসাৰিত হাতোৰাই যাতে কৃষক আৰু উদ্যোগত জড়িত সকলক গ্রাস কৰিব নোৱাৰে তাৰ বাবে ৰাষ্ট্রীয়, ৰাজ্যিক আৰু জিলা পর্যায়ত এক সবল আন্তঃগাঁথনিৰ প্রস্তুত কৰা আদি।

বাঁহৰ উৎপাদন বৃদ্ধিৰ বাবে বিভিন্ন কার্যকৰী ব্যৱস্থা হাতত লোৱা ৰাষ্ট্রীয় বাঁহ মিছনে কার্যৰ অগ্রগতিৰ অর্থে ভাৰতৰ বিভিন্ন ৰাজ্যৰ লগতে অসমলৈও আগবঢ়াইছে অর্থ সাহায্য। এই মিছনে আমাৰ ৰাজ্যৰ বন বিভাগৰ অন্তর্গত প্রতিটো বন সংমণ্ডলৰ অধীনত বেম্ব ডেভেলমেণ্ট এজেঞ্চি গঢ়ি তুলিছে। এই এজেঞ্চিসমূহে বিভিন্ন কর্মশালা, আলোচনাচক্র আদিৰ মাধ্যমেৰে জনসাধাৰণক বাঁহৰ অধিক উৎপাদনৰ ক্ষেত্রত দৰকাৰী বিভিন্ন দিহা পৰামর্শ প্রদান কৰাৰ উপৰি বাঁহৰ ধনাত্মক দিশৰ প্রতি অৱগত কৰা, অত্যাধুনিক কলা কৌশলৰ সহায়ত বাঁহেৰে ব্যৱহাৰৰ উপযোগী বিবিধ সামগ্রী তৈয়াৰৰ বাবে প্রশিক্ষণ দিয়া আদি কামত নিজকে নিয়োজিত কৰিছে। অভিজ্ঞতা, কলা কৌশল আয়ত্ব কৰিবলৈ এজেঞ্চিৰ সদস্য/ সদ্যসাক ৰাষ্ট্রীয় বাঁহ মিছনৰ অর্থ সাহার্যৰে আন্তঃৰাষ্ট্রীয়, ৰাজ্যিক, জিলা পর্যায়ৰ বিভিন্ন প্রদর্শনীত অংশ গ্রহণ কৰিবলৈ সুযোগৰ ব্যৱস্থা কৰা হৈছে।

আধুনিক, বৈজ্ঞানিক পদ্ধতি, নতুন নতুন প্রযুক্তি কৌশল ব্যৱহাৰৰ জৰিয়তে ৰাজ্যখনক বাঁহ উৎপাদনৰ ক্ষেত্রত দেশৰ ভিতৰতে স্বয়ং সম্পূর্ণ কৰি তুলিবলৈ ৰাষ্ট্রীয় বাঁহ মিছনৰ সহযোগত ৰাজ্য চৰকাৰে গ্রহণ কৰা অভিলাসী আঁচনিৰ জৰিয়তে বন সংমণ্ডলত বাঁহৰ নার্ছাৰী গঢ়ি তোলা হৈছে। জনসাধাৰণৰ মাজত বাঁহ ৰোপণৰ প্রশিক্ষণ দিয়া হৈছে। সাম্প্রতিক কালৰ পৰিৱর্তিত পৰিস্থিতি আৰু বাঁহৰ ব্যৱহাৰিক দিশৰ প্রতি লক্ষ্য ৰাখি বাঁহ উৎপাদনক এক বৈপ্লৱিক দিশলৈ আগুৱাই নিবৰ বাবে ৰেইন ফৰেষ্ট ৰিচার্ছ ইনষ্টিটিউটৰ ডেৰাডুনস্থিত মুখ্য কার্যালয়ে ৰাষ্ট্রীয় বাঁহ মিছনৰ অধীনত বাঁহৰ বিষয়ে গৱেষণা অব্যাহত ৰাখিছে যাতে কোনো উপসর্গই উৎপাদন বৃদ্ধিত হেঙাৰ সৃষ্টি কৰিব নোৱাৰে। আমাৰ ৰাজ্যতো অধিক পৰিমাণে বাঁহ উৎপাদন কৰাৰ আশাৰে ডেৰাডুনস্থিত মুখ্য কার্যালয়ৰ অন্তর্গত যোৰহাট ৰেইন ফৰেষ্ট ৰিচার্ছ ইনষ্টিটিউটে আগবঢ়াইছে  গৱেষণালব্ধ বিভিন্ন দিহা পৰামর্শ। এই ইনষ্টিটিউটে ইতিমধ্যে জুমখেতিৰ বিকল্প হিচাপে বাঁহৰ গাঁজৰ খেতি কৰি লাভবান হ’বলৈও এলানি প্রশিক্ষণ কার্যসূচী সম্পন্ন কৰে।

আমাৰ ৰাজ্য চৰকাৰে পৰিৱেশ সংৰক্ষণ আৰু ভূ-মণ্ডলৰ ভাৰসাম্যতা ৰক্ষাৰ প্রতি লক্ষ্য ৰাখি আন এক অভিলাষী আঁচনি গ্রহণ কৰিছে। ৰাজ্যচৰকাৰৰ বিজ্ঞান আৰু প্রযুক্তি বিভাগৰ সহযোগত বন আৰু পৰিৱেশ বিভাগৰ উদ্যোগত ৰূপায়িত কৰিবলৈ লোৱা এই আঁচনিখনৰ জৰিয়তে প্রাৰম্ভিক পর্যায়ত গুৱাহাটীৰ পাহাৰীয়া এলেকাৰ ২০০০ হেক্টৰ মাটিত বাঁহ ৰোপণৰ দিহা কৰা হৈছে। এই আঁচনিয়ে আমাৰ অর্থনৈতিক ক্ষেত্রতো সুকীয়া বৰঙনি আগবঢ়াব বুলি আশা কৰা হৈছে। বাঁহখেতিৰ উন্নয়ন, বাঁহৰ ওপৰত নির্ভৰশীল হস্তশিল্পৰ উন্নয়ন আদি লক্ষ্যৰে ভাৰত চৰকাৰে গঠন কৰা ৰাষ্ট্রীয় বাঁহ মিছনৰ সহায়-সহযোগিতা, জার্মান ডেভেলপমেণ্ট বেংকৰ অর্থ সাহায্য, অসমৰ বাঁহখেতি তথা বাঁহৰ উৎপাদিত সমগ্রীৰ মান উন্নত কৰাৰ বাবে চীনে তেওঁলোকৰ প্রযুক্তি ৰাজ্যখনলৈ হস্তান্তৰ কৰিবলৈ প্রকাশ কৰা আগ্রহ আদিয়ে আমাৰ অর্থনৈতিক উন্নয়নৰ দিশত শুভ সংকেত প্রদান কৰিছে। অসমৰ বিস্তৃত ভূ-খণ্ডত বাঁহ ৰোপণ কৰি বাঁহৰ উৎপাদন বৃদ্ধি কৰি, বাঁহৰ উদ্যোগ স্থাপন কৰি অর্থনৈতিক ভাৱে আমি টনকিয়াল হ’ম, নিবনুৱা সমস্যা সমাধান হ’ব, বানপানী, অনাবৃষ্টি, গৰাখহনীয়া আদি ৰোধ কৰাত বাঁহ সহায়ক হ’ব। বাঁহে আমালৈ কঢ়িয়াই আনিছে আশাৰ ৰেঙনি।

বিদেশী বস্তুৰ প্রতি আমাৰ হেঁপাহৰ অন্ত নাই। কোনো বস্তুত মেড ইন চাইনা, মেড ইন জাপান আদি লিখা দেখিলেই আমি নিঃসন্দেহে ক’ব পাৰোঁ---বস্তুটো ভাল। কিন্তু নিজৰ অঞ্চলতে উৎপাদিত বস্তু ভাল হ’লেও আদৰ কম। সেইবাবেই সোলোক ঢোলোক হৈ পৰিছিল বাঁহৰ লগত আমাৰ সম্পর্ক। কিন্তু সময়ে আমাক ভালদৰে বাঁহৰ উপকাৰিতাৰ বিষয়ে বজাই দিছে। বাঁহে এতিয়া বিভিন্ন ক্ষেত্রত প্রাধান্য বিস্তাৰ কৰিছে। বাঁহক ‘poor man’s timber’ বুলি কোৱা হয় যদিও এতিয়া দুখীয়া শ্রেণীৰ মাজতে বাঁহ আৱদ্ধ হৈ থকা নাই। আধুনিক মানৱৰ লাইফ ষ্টাইলৰ লগতো বাঁহ জড়িত হৈ পৰিছে। গ্রামীণ অর্থনৈতিক আহিলা বাঁহে দখল কৰিছে বিশ্বৰ বজাৰ। বাঁহৰ পৰা ঔষধ, প্রসাধন সামগ্রী, ৱাইন, চাবোন আদিও তৈয়াৰ কৰা হৈছে। গাঁজৰ পৰা আৰম্ভ কৰি পৈণত বাঁহ, বাঁহৰ মূঢ়া বিভিন্ন কামত ব্যৱহাৰ কৰাৰ উপৰি বাঁহৰ পেলনীয়া অংশৰ পৰাও তৈয়াৰ কৰা হৈছে বাঁহৰ এঙাৰ, ভিনেগাৰ (vinegar) আৰু অন্যান্য হস্ত শিল্প।

বর্তমানে আমাক আতংকিত তথা চিন্তিত কৰি তোলা এটি শব্দ হৈছে গ্ল’ৱেল ৱার্মিং বা গোলকীয় উষ্ণতা। বাঁহৰ সহায়েৰে এই উষ্ণতা কমাব পৰা যায়। বাঁহে আকৌ কেনেকৈ গ্ল’ৱেল ৱার্মিং কমাব বুলি যদি সোধে তেন্তে ক’ব লাগিব যে বাঁহে অন্য উদ্ভিদৰ তুলনাত ৩৫% বেছি অক্সিজেন গেছ বায়ুমণ্ডললৈ এৰি দিয়ে আৰু বায়ুমণ্ডলৰ পৰা অধিক পৰিমাণে কার্বন ডাই অক্সা্ইড গেছ শুহি লয়। ভূ-পৃষ্ঠৰ উষ্ণতা ধৰি ৰখা গেছবোৰ, যিবোৰক গ্রীণ হাউছ গেছ কোৱা হয় সেইবোৰৰ ভিতৰত কার্বন ডাই অক্সা্ইড গেছ হৈছে প্রধান। গতিকে দেখা গ’ল বিস্তৃত ভাৱে বাঁহ ৰোপণ কৰি গ্ল’ৱেল ৱার্মিং বা গোলকীয় উষ্ণতাৰ পৰাও হাত সাৰিব পৰা যায়।

আমাৰ অতবোৰ উপকাৰ সাধন কৰা বাঁহৰ কিন্তু অন্য উদ্ভিদৰ লগত বিৰাট পার্থক্য আছে। সপুষ্পক উদ্ভিদসমূহ ফুলিলে আমালৈ সুন্দৰতা কঢ়িয়াই আনে, কিন্তু বাঁহ ফুলে আনে দুৰ্ভিক্ষৰ আগজাননী। বিজ্ঞানৰ ভাষাত ‘অনুমঞ্জুৰী’ বোলা বাঁহ ফুল অৱশ্যে পঁচিশৰ পৰা পঞ্চাশ বছৰৰ অন্তৰে অন্তৰেহে ফুলে। আমাৰ অত্যাধিক প্রয়োজন পূৰণ কৰিব পৰা একমাত্র উদ্ভিদ হৈছে বাঁহ। সেয়ে বাঁহক আমাৰ প্রয়োজনীয়তা তথা উপকাৰিতাৰ উৎস বুলি ভাবিলে ভুল হ’ব নেকি?

আধুনিকতাৰ পৰশেৰে বাঁহ

মানুহৰ সৃষ্টিশীল মনটোৰ বাবেই পুৰণি পৃথিৱীখন নতুন নতুন ৰূপত উদ্ভাসিত হয়। অভিনৱ সৃষ্টিৰে ভৰি পৰে পৃথিৱী সৌন্দৰ্য তথা নতুনত্বই আমাক সহজে আকৃষ্ট কৰে। সাতামপুৰুষীয়া বস্তুবোৰকেই ব্যৱহাৰ কৰি থাকিবলৈ কাৰনো ভাল লাগে? প্ৰবহমান সময়ে সলনি কৰে মানুহৰ ৰুচি-অভিৰুচি আমাৰ তাগিদাত নতুন সৃষ্টিৰ লগতে আমি ব্যৱহাৰ কৰি থকা বস্তুবোৰেও সময়ে সময়ে নতুন ডিজাইন-মডেলেৰে সজ্জিত হৈ বজাৰত প্ৰৱেশ কৰেহি । অতীতৰ বাঁহৰ বিচনীখনলৈকে চাওঁকচোন এসময়ৰ অত্যন্ত প্ৰয়োজনীয় বাঁহৰ বিচনীখন এতিয়া বহুতৰে ঘৰত বিচাৰি পাবলৈ নাই। কিন্তু মাজুলীৰ বিচনীখনে আমাৰ লগতে বিদেশী ব্যক্তিৰো দৃষ্টি আকৰ্ষণ কৰিছে। বিক্রিও হয় উচ্চ দৰত। বহুতৰে ড্রইং ৰূম শুৱনি কৰিছেহি মাজুলীৰ বিচনীয়ে। কাৰণটো গম পাইছেই নিশ্চয়---আধুনিকতাৰ পৰশ। সেই একেদৰে জাপিটোৰ কথাও উল্লেখ কৰিব পাৰি। নতুন ৰূপত আত্মপ্ৰকাশ নকৰা হ’লে কৃষকৰ মূৰৰ জাপিটোকে আমি ইন্টিৰিঅ’ৰ ডেকৰেচনৰ বাবে, বিশিষ্ট ব্যক্তিক সন্মান জনাই পিন্ধাবৰ বাবে, সভা-সমিতি, বিহু বা পূজা মণ্ডপৰ সৌন্দর্য বর্দ্ধনৰ বাবে ব্যৱহাৰ কৰিলোহেঁতেন জানো ? সাজিলে কাচিলে বান্দৰীও হেনো সুন্দৰী হয়। কথাষাৰ মিছা নহয়। কিছুদিনৰ আগেলৈকে অৱহেলিত হৈ থকা বাঁহেৰে তৈয়াৰী বহু সামগ্রীয়ে সৌন্দর্যৰ বোল সানি নব্য সংস্কৰণ লাভ কৰাৰ লগে লগে সিবোৰৱ আদৰ বাঢ়ি গৈছে। গাঁওবোৰত সহজলভ্য সাধাৰণতে ঘৰৰ পিছফালেহে স্থান পোৱা বাঁহগছে আজিৰ বিশ্বায়নৰ যুগত লাভ কৰিছে আশ্চৰ্যজনক প্রধান্য। আধুনিক কলা কৌশলৰ প্ৰয়োগেৰে বাঁহ ভিত্তিক উদ্যোগ গঢ়ি উঠিছে। বাঁহৰ উদ্যোগীকৰণৰ বাবে UNIDO (United Nations International Development Organization)-ৰ অধীনত CBTC (Cane and Bamboo Technology Centre) য়ে আগবঢ়োৱা দিহা পৰামৰ্শৰে উপকৃত হৈছে ঔদ্যোগী। আমাৰ ৰাজ্যৰ ব্যক্তিয়েও CGTC ৰ দিহা পৰামৰ্শৰে, আধুনিক যন্ত্ৰপাতিৰে , ৰাসায়নিক দ্রব্যৰ সহায়েৰে ভেঁকুৰ, ঘূণ আদিয়ে সহজে অনিষ্ট কৰিব নোৱাৰাকৈ আকর্ষণীয় শৈল্পীক ৰূপত উন্নত মানৰ বাঁহৰ দ্বাৰা উৎপাদিত সামগ্রীৰে ৰাজ্যৰ বজাৰ দখল কৰিছে। ভাৰতবর্ষৰ বিভিন্ন ঠাইলৈ সামগ্রীসমূহ ৰপ্তানি কৰিবলৈও সক্ষম হৈছে। আধুনিকতাৰ পৰশেৰে বাঁহেৰে নির্মিত বিভিন্ন সামগ্রী বজাৰলৈ আহিছে আৰু ক্রমাগত ভাবে ইবোৰৰ চাহিদাও বৃদ্ধি পাইছে। নতুন চিন্তা চর্চাৰ ফলত আমি লাভ কৰিছোঁ বাঁহেৰে নির্মিত খিৰিকীৰ পর্দা(Blinds), ফ্ল’ৰমেট, কার্পেট, টেবুল মেট, ম’বাইল হেণ্ডছেট ক’ভাৰ, টি ভি ষ্টেণ্ড, ফুলদানি, ট্রে, টেবুল লেম্প, বাঁহৰ টেবুল, চকী, বিছনা ইত্যাদি। বাঁহৰ লগতে বাঁহৰ মূঢ়াৰে গঢ়ি তোলা বিভিন্ন জীৱ-জন্তু, চৰাই- চিৰিকটি, মানৱৰ প্রতিমূর্তি আদি শিল্প ভাস্কর্য, মহিলাৰ হেণ্ডবেগ, কিলিপ, অলংকাৰ আদিয়ে বর্তমান আধুনিক মানৱৰ ব্যাপক সমাদৰ লাভ কৰিছে। নগৰ, মহানগৰৰ বৃহৎ বৃহৎ বাসগৃহ, কাৰ্যালয়, হোটেল ইত্যাদিৰ জেউতি চৰাবলৈ বাঁহৰ ফার্নিচাৰ, পার্টিচন, চিলিং, শ্ব’পিচ আদি ব্যৱহাৰ কৰাৰ মানসিকতাই নতুনত্বৰ সূচনা কৰিছে। সম্প্রতি আমাৰ দেশত বাঁহে উন্মোচিত কৰা নতুন কনচেপ্ট---‘ Mechanized Bamboo Sector’-ৰে বাঁহ উদ্যোগলৈ আনিছে বৈপ্লবিক পৰিবর্তন। আধুনিক জগতলৈ আমদানি হৈছে বাঁহেৰে নির্মিত বিবিধ সামগ্রী। প্লাইব’র্ডৰ উপযুক্ত বিকল্প হিচাপে অধিক পৰিমাণে ব্যৱহৃত হৈছে বাঁহৰ ব’র্ড ( বেম্ব’প্লাই)। বাঁহেৰে নির্মিত চাইকেল, মটৰ চাইকেল, সুন্দৰ সুন্দৰ ফুল। ডেৰবছৰ মানৰ আগতে দিল্লীৰ প্রগতি ময়দানত অনুষ্ঠিত ‘ ইণ্ডিয়া ইন্টাৰনেচনেল ট্রেড ফেয়াৰ’ত উত্তৰ পূর্বাঞ্চলৰ বাঁহৰ ফুলে দেশী-বিদেশীৰ দৃষ্টি আকর্ষণ কৰাৰ লগতে বিক্রিও হৈছিল আশাতীতভাৱে। বাঁহৰ সামগ্রী নিৰ্মাণ কৰি আমাৰ শিল্পীয়ে কঢ়িয়াই আহিছে আন্তঃৰাষ্ট্রীয় স্বীকৃতি। বেংককত অনুষ্ঠিত ‘নর্থ ইষ্ট ইণ্ডিয়া অপৰচুনেটি উইক’ শীর্ষক প্রদর্শনীত অংশ গ্ৰহণ কৰা এগৰাকী শিল্পীয়ে সাজি উলিয়াইছে পৰিৱেশ অনুকূল আৰু পুনৰ ব্যৱহাৰ যোগ্য বাঁহৰ কাটা চামুচ, কাটাৰ আদি। চাৰি মিলিমিটাৰৰ পৰা বাৰ মিলিমিটাৰ দৈর্ঘৰ কাৰুকার্য খচিত কিছুমান বাঁহৰ হেঁতা, চামুচো তেওঁ ইতিমধ্যে নির্মান কৰি চমক সৃষ্টি কৰাৰ উপৰি দেশ-বিদেশত বিশেষভাৱে সমাদৃত হোৱাটো আমাৰ বাবে সু-খবৰ, গৌৰৱৰ বিষয়।

বাঁহৰ আঁহ

বাঁহৰ আঁহেৰে তৈয়াৰ কৰা টাৱেল

বাঁহৰ আঁহেৰে তৈয়াৰ কৰা জেকেট

বাঁহৰ আঁহেৰে তৈয়াৰ কৰা ফ্রক

বাঁহৰ বুটাম

বাঁহেৰে প্রস্তুত কৰা চাবোন কেচ

বাৰীৰ ঢাপৰ বাঁহ ভিন্ন ৰূপত বিদেশ গৈ পোৱাতো আচৰিত কথা নহয় নে? আধুনিক সাজ পাৰতো এতিয়া বাঁহেৰে তৈয়াৰী বুটামৰ সংযোগে যেন সোণত সুৱগাহে চৰাইছে। জানি হয়তো আচৰিতেই হ’ব আমাৰ বজাৰত প্রৱেশ কৰিছেহি বাঁহৰ বস্ত্র। আদিম যুগত লজ্জা নিবাৰণৰ কাৰণে ব্যৱহাৰ কৰা গছৰ পাত বা বাকলি বসনৰ দৰে বাঁহৰ বস্ত্ৰ পৰিধান কৰিব লাগিব বুলি ভয় নাখাব। একেবাৰে নতুন ডিজাইনেৰে, চালে চকুৰোৱা ৰূপত এতিয়া বজাৰত পাব বাঁহেৰে তৈয়াৰী সাজ-পোছাক। দেখিলেনে, আধুনিকতাৰ মন্ত্ৰ আওৰাই বাঁহে কেনেকৈ আমাক বশীকৰণ কৰিছে?

বাঁহৰ বিচনা

বাঁহৰ চকি

বাঁহেৰে সজা চামুচ আদি

বাঁহেৰে সজা বাকচ

 

লেখিকা: তৃপ্তি দাস

2.94666666667
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top