মূল পৃষ্ঠা / শিক্ষা / শিশুসকলৰ ক্ষেত্ৰ / কিশোৰ-কিশোৰীৰ গ্ৰীষ্মকালীন অৱসৰৰ মূহুৰ্তবোৰ :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কিশোৰ-কিশোৰীৰ গ্ৰীষ্মকালীন অৱসৰৰ মূহুৰ্তবোৰ :

কিশোৰ-কিশোৰীৰ গ্ৰীষ্মকালীন অৱসৰৰ মূহুৰ্তবোৰৰ বিষয়ে লিখা হৈছে ।

কৈশোৰত ভৰি দিয়া সন্তা অৱসৰৰ মুহুর্তবোৰত ব্যক্তিগত অথবা সামূহিক কাম-কাজত পৰিকল্পনা কৰাটো ভাল কথা, কিয়নো পৰিয়ালটোৰ সৈতে মনোৰঞ্জন তথা হাঁহি-স্ফূৰ্তিৰ এই অনুভৱ কিশোৰ-কিশোৰীসকলে ওৰেটো জীৱনলৈ মনত ৰাখিব।

সিহঁতক ঘৰতে ব্যস্ত ৰাখক -

আপুনি সন্তানটিক ঘৰুৱা কাম-কাজৰ মাজত ব্যস্ত ৰাখিব পাৰে। তাক বা তাইক নিজৰ কোঠাত সিঁচৰিত হৈ পৰি থকা বস্তু-বাহানিবোৰ পৰিপাটিকৈ সজাবলৈ বা ঠিক ঠাইত ৰাখিবলৈ ক’ব পাৰে। কিতাপ-পত্র কিনাৰ বাবে সিহঁতৰ লগত বজাৰলৈ যাব পাৰে। অন্যহাতে আপুনি কিছুমান সাধাৰণ ৰন্ধন প্রণালী যেনে— চেণ্ডুইছ, আমলেট, ব্রেডট’ষ্ট তথা সেই ধৰণৰ জলপান কৰাৰ বাবে উৎসাহ যোগাব পাৰে। পিছে এষাৰ কথা—সিহঁতৰ কামৰ প্রশংসা কৰিবলৈ নাপাহৰিব।

বাগিচা কৰাৰ বাবে উৎসাহিত কৰক -

সন্তানটিৰ সৈতে মিলি ঘৰৰ আগফালে এখন বাগিচা কৰক আৰু আগন্তুক বৰ্ষত তাৰ পৰা ফল পোৱাৰ বাবে যত্ন কৰক। আপুনি ইচ্ছা কৰিলে ঔষধি গছৰ বাগিচা এখনো কৰিব পাৰে, যাৰ পৰা এদিন যথেষ্ট লাভবান হ’ব পৰা যায়। এনেবোৰ কামৰ যোগেদি শিক্ষাই যে হ’ব এনে নহয়, সন্তানটিয়েও মাতৃস্বৰূপ প্রকৃতিৰ আদৰ কৰিবলৈ, ধ্যান ৰাখিবলৈ শিকিব।

প্রতিযোগিতামূলক পৰীক্ষাৰ বাবে প্রস্তুতি চলাওক -

সন্তানে যদি ভৱিষ্যতে কোনো প্রতিযোগিতামূলক পৰীক্ষাত বহাৰ চিন্তা কৰি আছে, তেন্তে অৱসৰৰ এই মুহুর্তবোৰত পৰীক্ষাৰ তাৰিখ, বিৱৰণ তথা প্রয়োজনীয় অনুসন্ধান চলোৱাৰ উপযুক্ত সময়। যথেষ্ট সময় পোৱা হেতুকে সন্তানটিয়ে পৰীক্ষাৰ প্ৰস্তুতিও চলাব পাৰে। আপুনি ইচ্ছা কৰিলে ব্যৱসায়িক কোচিং ইনষ্টিটিউটত তাৰ নামটো অন্তৰ্ভূক্ত কৰিব পাৰে। এনেবোৰ ক্ষেত্ৰত বিশেষজ্ঞসকলৰ উপযুক্ত নির্দেশনাত বহু কথা শিকি অভিজ্ঞতা বঢ়াব পাৰে।

ব্যায়াম কৰাওক -

গ্ৰীষ্মৰ বন্ধ তথা অন্যান্য অৱসৰৰ দিনবোৰত সাধাৰণতে স্কুল খোলাৰ দিনবোৰৰ তুলনাত বহুত বেছি সময় হাতত থাকে। সেয়েহে সিহঁতক ব্যায়াম কৰাৰ বাবে উৎসাহ যোগাওক। খোজকঢ়া, খট্‌খটীৰে উঠা-নমা ইত্যাদি কৰিবলৈ কওক। কিন্তু চেষ্টা কৰিব যাতে এনেবোৰ ক্ৰিয়া পুৱাৰ ভাগতে কৰা হয়, যেতিয়া বায়ুমণ্ডলৰ তাপমাত্রা কম থাকে।

পঢ়াৰ যোজনা বনাওক -

পঢ়া-শুনা কৰাটো সবাতোকৈ লাভদায়ক কাম। কাব্যচৰ্চা আৰু কাহিনীৰ অধ্যয়নে বাঢ়ি অহা কিশোৰ-কিশোৰীৰ সুপ্ত প্রতিভাৰাজিৰ বিকাশত সহায় কৰে। গতিকে পাঠ্যপুথি পঢ়াৰ লগতে কবিতা, গল্প তথা অন্য ভাল কিতাপ আদি পঢ়িবলৈ ক’ব পাৰে।

 

গাঁৱলৈ যাওক -

হুলস্থূলীয়া তথা অতি বেছি ব্যস্ত মহানগৰত থকা ল’ৰা-ছোৱালীয়ে গাঁৱৰ জীৱনযাত্রা তথা পৰিৱেশৰ অনুভৱ কৰিব বিচাৰে। সেয়ে গ্ৰীষ্মৰ অৱসৰৰ সময়তে সিহঁতক এনে কিছুমান ঠাইলৈ ফুৰাবলৈ নিয়াৰ সিদ্ধান্ত লোৱাটো অতি আদৰণীয় পদক্ষেপ। তাত সিহঁতে খেতি-বাতি কৰাৰ পদ্ধতি আদি নিচেই ওচৰৰ পৰা চোৱাৰ সুযোগ পাব। কেৱল সেয়ে নহয়, তাত সিহঁতে স্বাস্থ্যসন্মত খাদ্য, বাতাৱৰণো পাব পাৰিব।

 

গ্রীষ্মকালীন শিবিৰলৈ পঠিয়াওক -

বিভিন্ন ৰকমৰ গ্ৰীষ্মকালীন শিবিৰত নামভৰ্তি কৰোৱাটো অতি উত্তম হ’ব, কিয়নো এনে কৰিলে ল’ৰা-ছোৱালীয়ে অৱসৰৰ দীঘলীয়া সময়বোৰত যিকোনো এটি কলাৰ প্ৰশিক্ষণ ল’ব পাৰে। সেয়ে আপোনাৰ ওচৰে-পাজৰে আয়োজন কৰা সবাতোকৈ উত্তম শিবিৰ এটাৰ ঠিকনা বিচাৰক। তাত শৈলাৰোহণ, চিত্রকলা, এৰ’বিকছ অথবা খেলা-ধূলাৰ ব্যৱস্থাও থাকিব পাৰে। এনে শিবিৰত ল’ৰা-ছোৱালীয়ে মঞ্চ এখন পায়, য’ত সিহঁতে বিশেষজ্ঞৰ পৰা বিভিন্ন কৌশল আৰু ক্রিয়াকলাপ শিকিব পাৰে।

খেলা-ধূলাৰ প্ৰতি ধাউতি বঢ়াওক -

সন্তানটিয়ে অনবৰতে টেলিভিছন অথবা কম্পিউটাৰৰ সন্মুখত বহি ব্যস্ত থকাতকৈ বাহিৰৰ পৰিৱেশত খেলিব পৰা বিভিন্ন খেল যেনে— ফুটবল, বাস্কেটবল, চুইমিং ইত্যাদিৰ প্ৰতি আগ্ৰহ বঢ়াওক। আপুনি এনেবোৰ খেলৰ বিশেষ প্রশিক্ষণৰ ব্যৱস্থা কৰাওক যাতে সন্তানটিয়ে সঠিক পথৰ নির্দেশনাৰে নিজৰ পছন্দৰ খেলবিধৰ উপযুক্ত প্ৰদৰ্শনৰ হেতু আৱশ্যকীয় শিক্ষাখিনি আয়ত্ত কৰিব পাৰে।

কাম কৰিবলৈ উৎসাহ যোগাওক -

আপুনি সন্তানটিক অৱসৰৰ সময়বোৰত প্রতিদিনে কিছুসময় কোনো নাৰ্চিংহোম বা বেচৰকাৰী সংগঠনত স্বেচ্ছাই কাম কৰিবলৈ প্রেৰিত কৰিব পাৰে। স্বেচ্ছাই কাম কৰাটো কেৱল আনন্দৰ কথাই নহয়, এনেদৰে প্ৰতিটো দিন, প্রতিটো সপ্তাহৰ কিছু মুহুর্ত সুন্দৰভাৱে অতিবাহিত কৰিব পৰা যায়। ইয়াৰ পৰা লাভো আছে। প্রথমতে, আপোনাৰ সন্তানটিৰ তেনে কাৰ্য সম্পাদনৰ দ্বাৰা মহত্ত্বপূর্ণ অনুভৱ হ’ব। দ্বিতীয়তে, স্বেচ্ছাই কাম কৰি সন্তানটিয়ে সন্তুষ্টি অনুভৱ কৰিব যে সি সমাজৰ বাবে কাম কৰিছে।

সন্তানটিৰ বাবে অংশকালীন কাম বিচাৰক -

বহু অভিভাৱকে বিদ্যালয়ৰ গ্ৰীষ্মৰ বন্ধৰ সময়খিনিত সন্তানক কাম কৰিবলৈ পঠিওৱাৰ ক্ষেত্ৰত আপত্তি প্রকাশ কৰে। কিন্তু সত্য এয়ে যে অৱসৰৰ সময়ৰ অংশকালীন কার্যই কিশোৰ-কিশোৰীৰ বাবে বিভিন্ন কাৰণত লাভদায়ক হয়। অংশকালীন কামৰ দ্বাৰা বাঢ়ি অহা কিশোৰগৰাকী দায়িত্বশীল আৰু আত্মবিশ্বাসী হ’ব। সিহঁতে সামাজিক বিভিন্ন কৌশল শিকিব পাৰিব। সেয়ে কাকতত দিয়া বিজ্ঞাপনসমূহ চাই ৰুচিসন্মত কাম বিচাৰিব পাৰে।

 

ক’লাজ -

গ্ৰীষ্মকালীন অৱসৰৰ মূহুৰ্তবোৰ শেষ হোৱাৰ সময় লৈ আহিলে আপুনি নিজৰ কিশোৰ সন্তানটিক গোটেই মাহটোত কৰি অহা কাম-কাজৰ চিত্ৰসহিত ক’লাজ বনাবলৈ ক’ব পাৰে।

এষাৰ কথা মনত ৰাখিব, গ্রীষ্মৰ বন্ধৰ দিনবোৰৰ প্রতিক্ষণ যাতে সৃষ্টিশীল তথা ইতিবাচক কামৰ মাজেৰে পাৰ হয়। আপুনি ঘৰত থাকক বা বাহিৰত, নতুন কথা শিকাৰ চেষ্টা অব্যাহত ৰাখক আৰু জীৱন আনন্দেৰে জীয়াওক।

লেখিকা: ৰীণা দেৱী

3.06896551724
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top