মূল পৃষ্ঠা / শিক্ষা / শিশুসকলৰ ক্ষেত্ৰ / কুইজ মঞ্চ / উত্তৰ পূৰ্বাঞ্চল কুইজ সঁফুৰা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

উত্তৰ পূৰ্বাঞ্চল কুইজ সঁফুৰা

উত্তৰ পূৰ্বাঞ্চল কুইজ-

বঁটা আৰু বঁটা প্ৰাপ্তব্যক্তি সকল

 

১) প্ৰশ্ন : অসমীয়া সাহিত্যৰ সৰ্বোচ্চ পুৰস্কাৰটো কি?

উত্তৰ : অসম উপত্যকা সাহিত্য বঁটা।

২) প্ৰশ্ন : কি বঁটা প্ৰমাণিত ট্ৰেক (দৌৰ) ৰেকৰ্ড থকা অসমৰ সৰ্বশ্ৰেষ্ঠ খেলুৱৈক দিয়া হয়?

উত্তৰ : লাচিত বঁটা।

৩) প্ৰশ্ন : মণিপুৰী সাহিত্য পৰিষদে দিয়া সৰ্বোচ্চ সাহিত্য পুৰস্কাৰটো কি?

উত্তৰ : যামিনী সুন্দৰ গুহ সোণৰ পদক।

৪) প্ৰশ্ন : মণিপুৰৰ কোন জন খেলুৱৈ যিয়ে ২০০১ চনৰ ভাৰতৰ ‘শ্ৰেষ্ঠ মহিলা ফুটবলাৰ’ৰ সন্মান লাভ কৰে?

উত্তৰ : অ’ইনাম বেম বেম দেৱী।

৫) প্ৰশ্ন : অসমৰ কিম্বদন্তী শিল্পী ড° ভূপেন হাজৰিকালৈ ভাৰতৰ চৰকাৰে ২০১২ চনত মৰণোত্তৰভাৱে কি বঁটা আগবঢ়ায়?

উত্তৰ : পদ্মবিভূষণ।

৬) প্ৰশ্ন : কি পুৰস্কাৰ মেঘালয়ত কলা আৰু সাহিত্যৰ ক্ষেত্ৰত অত্যুত্তম অৱদানৰ বাবে প্ৰদান কৰে?

উত্তৰ : টিৰ’ৰ সিং।

৭) প্ৰশ্ন : মেঘালয়ৰ ‘ব্ৰিটিছ এম্পায়াৰ মেডেল’ লাভ একমাত্ৰ ব্যক্তি জন কোন?

উত্তৰ : চেমুৱেল মেজহুৰ চেখ’চ।

৮) প্ৰশ্ন : ‘খেলৰত্ন’ পুৰস্কাৰ লাভ কৰা প্ৰথম ত্ৰিপুৰী গৰাকী কোন আছিল?

উত্তৰ : শ্ৰী ব্ৰিজেশ্বৰ নন্দী।

৯) প্ৰশ্ন : তেওঁ অসমৰ প্ৰথম মুখ্যমন্ত্ৰী আছিল। তেওঁ ১৯৯৯ চনত ‘ভাৰতৰত্ন’ (মৰণোত্তৰভাৱে) সন্মানেৰে সন্মানিত হৈছিল। তেওঁৰ নামটো কি?

উত্তৰ : গোপীনাথ বৰদলৈ।

১০) প্ৰশ্ন : ১৯১৯ চনৰ ১৪ জানুৱাৰীত তেওঁৰ জন্ম হৈছিল। তেওঁ অসমৰ এজন প্ৰসিদ্ধ লিখক আৰু ঔপন্যাসিক আছিল। তেওঁক ১৯৭২ চনত ‘সাহিত্য অকাডেমী বঁটা’, ১৯৮৪ চনত ‘পদ্মশ্ৰী’, ১৯৯২ চনত ‘পদ্মভূষণ’, ১৯৯২ ‘অসম সাহিত্য বঁটা’ প্ৰদান কৰা হৈছিল। তেওঁৰ নাম অনুমান কৰিব পাৰিবানে?

উত্তৰ : চৈয়দ আব্দুল মালিক।

১১) প্ৰশ্ন : তেওঁ, তেওঁৰ উপন্যাস “ইম্ফল আমাচুং মাগি ইচিং নাংচিটকী ফিবাম”ৰ বাবে ১৯৭৩ চনত সাহিত্য অকাডেমী পুৰস্কাৰ লাভ কৰা প্ৰথম মণিপুৰী। তেওঁৰ নামটো কি?

উত্তৰ : পাচা মেইতী।

১২) প্ৰশ্ন : তেখেত বহু আকাংক্ষিত ‘অৰ্জুন পুৰস্কাৰ’ লাভ কৰা প্ৰথম মণিপুৰৰ প্ৰথম ব্যক্তি। তেখেত ‘ৰাজীৱ গান্ধী খেলৰত্ন’ বঁটাৰে সন্মানিত হোৱা প্ৰথম ব্যক্তি। তেওঁৰ নামটো অনুমান কৰিব পাৰিবানে?

উত্তৰ : এন. কুঞ্জৰাণী দেৱী।

১৩) প্ৰশ্ন : অসমৰ বিখ্যাত চলচ্চিত্ৰ পৰিলাচক গৰাকীৰ নাম কি যাৰ সাত খন চলচ্চিত্ৰই ১৯৭৭ চনৰ পৰা ১৯৯৬ চনলৈ শ্ৰেষ্ঠ আঞ্চলিক চলচ্চিত্ৰ শাখাত ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিল?

উত্তৰ : ড° ভবেন্দ্ৰ নাথ শইকীয়া।

১৪) প্ৰশ্ন : এছিয়ান গেমছত সোণৰ পদক লাভ কৰা মণিপুৰৰ প্ৰথম খেলুৱৈ গৰাকী কোন?

উত্তৰ : ডিংকো সিং।

১৫) প্ৰশ্ন : অসমৰ কোন গৰাকী মহিলা স্বাধীনতা যুঁজাৰু ১৯৯৯ চনত ‘পদ্মভূষণ’ বঁটাৰে সন্মানিত হৈছিল?

উত্তৰ : পুষ্পলতা দাস।

১৬) প্ৰশ্ন : কোন খন অসমীয়া চলচিত্ৰই প্ৰথম আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ পুৰস্কাৰ লাভ কৰিছিল? ইয়াৰ পৰিচালক জনৰ নাম কি?

উত্তৰ : সাগৰলৈ বহু দূৰ। পৰিচালক – জাহ্নু বৰুৱা।

১৭) প্ৰশ্ন : ২০০৩ চনত, মণিপুৰৰ এজন তাৰকা ফুটবল খেলুৱৈক সৰ্ব ভাৰতীয় ফুটবল সংস্থাই AIFF বছৰটোৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান প্ৰদান কৰে। তেওঁৰ নামটো কি?

উত্তৰ : টোম্বা সিং।

১৮) প্ৰশ্ন : ছিকিমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী যাক ২০০৩ চনত দেশৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান ‘পদ্মবিভূষণ’ বঁটাৰে সন্মানিত কৰা হয়। এই প্ৰখ্যাত ব্যক্তি জনৰ নাম কোৱা?

উত্তৰ : কাজী লেনডুপ দৰ্জী।

 

উদ্ভিদ আৰু প্ৰাণী

 

১) প্ৰশ্ন : অৰুণাচল প্ৰদেশৰ ৰাজ্যিক জন্ত কি?

উত্তৰ : মেথোন।

২) প্ৰশ্ন : অৰুণাচল প্ৰদেশৰ অঞ্চল অনুসৰি সবাতোকৈ বিশাল বন্যপ্ৰাণী অভয়াৰণ্যখন কি?

উত্তৰ : দিবং বন্যপ্ৰাণী অভয়াৰণ্য।

৩) প্ৰশ্ন : চিৰোহী ৰাষ্টীয় উদ্যান মণিপুৰৰ কোন জিলাত অৱস্থিত?

উত্তৰ : ইম্ফল পূব।

৪) প্ৰশ্ন : ‘নীলা পাহাৰ ৰাষ্ট্ৰীয় উদ্যান’ মিজোৰামৰ কোন জিলাত অৱস্থিত?

উত্তৰ : চিমটুইপুই।

৫) প্ৰশ্ন : নাগালেণ্ডত সৰ্বমুঠ কিমান খন অভয়াৰণ্য আছে?

উত্তৰ : তিনি খন।

৬) প্ৰশ্ন : অৰুণাচল প্ৰদেশত কিমান খন বন্যপ্ৰাণীৰ অভয়াৰণ্য আছে?

উত্তৰ : আঠ খন।

৭) প্ৰশ্ন : অসমৰ সৰ্ববৃহৎ ৰাষ্ট্ৰীয় উদ্যান কোন খন?

উত্তৰ : মানস ৰাষ্ট্ৰীয় উদ্যান।

৮) প্ৰশ্ন : কোনটো ফুল অসমৰ ৰাজ্যিক ফুল হিচাপে স্বীকৃত?

উত্তৰ : ফক্সটেইল অৰ্কিড (এবিধ কপৌফুল)।

৯) প্ৰশ্ন : কোন স্থানত মণিপুৰৰ প্ৰাণী উদ্যান অৱস্থিত?

উত্তৰ : ইম্ফল।

১০) প্ৰশ্ন : মেঘালয়ৰ সৰ্ববৃহৎ ৰাষ্টীয় উদ্যানখন কি?

উত্তৰ : বালপাক্ৰম ৰাষ্ট্ৰীয় উদ্যান।

১১) প্ৰশ্ন : নাগালেণ্ডৰ ঘুচু পক্ষী অভয়াৰণ্য ক’ত অৱস্থিত?

উত্তৰ : জুনহেবুট’।

১২) প্ৰশ্ন : ত্ৰিপুৰাত থকা বন্যপ্ৰাণীৰ অভয়াৰণ্যৰ সংখ্যা কিমান?

উত্তৰ : চাৰি।

১৩) প্ৰশ্ন : ত্ৰিপুৰাৰ দক্ষিণ-পূব অংশত অৱস্থিত অভয়াৰণ্যখনৰ নাম কি?

উত্তৰ : গোমতী অভয়াৰণ্য।

১৪) প্ৰশ্ন : অৰুণাচল প্ৰদেশৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত ব্যাঘ্ৰ প্ৰকল্প আৰম্ভ কৰা হৈছে?

উত্তৰ : নামডফা ৰাষৰীয় উদ্যান।

১৫) প্ৰশ্ন : অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৃথিৱী বিখ্যাত খ্যাতিত কিহে অৰিহণা যোগাইছে?

উত্তৰ : এশিঙীয়া গঁড়।

১৬) প্ৰশ্ন : অসমত দুখন ব্যাঘ্ৰ সংৰক্ষিত অঞ্চল আছে।সেই দুখনৰ নাম কি?

উত্তৰ : মানস ৰাষ্ট্ৰীয় উদ্যান আৰু নামেৰী ৰাষ্ট্ৰীয় উদ্যান।

১৭) প্ৰশ্ন : ভাৰতৰ একমাত্ৰ ওপঙি থকা ৰাষ্ট্ৰীয় উদ্যান মণিপুৰত অৱস্থিত। ইয়াৰ নাম ক’ব পাৰিবানে?

উত্তৰ : কেইবুল লামজাও ৰাষ্ট্ৰীয় উদ্যান।

১৮) প্ৰশ্ন : নাগালেণ্ডৰ বৃহত্তম বন্যপ্ৰাণী অভয়াৰাণ্য খনৰ নাম কি?

উত্তৰ : পুলি বাডজে।

১৯) প্ৰশ্ন : মাটিকালিৰ ভিত্তিত ত্ৰিপুৰাৰ বৃহত্তম বন্যপ্ৰাণী অভয়াৰণ্য কোনখন?

উত্তৰ : গোমতী বন্যপ্ৰাণী অভয়াৰণ্য।

২০) প্ৰশ্ন : ত্ৰিপুৰাৰ তৃষ্ণা বন্যপ্ৰাণী অভয়াৰণ্যৰ মুখ্য আকৰ্ষণ কি?

উত্তৰ : ভাৰতীয় মেথোন (গৌৰ)।

 

পৰিবহণ আৰু যোগাযোগ

 

১) প্ৰশ্ন : অৰুণাচল প্ৰদেশৰ দৈৰ্ঘ্যতম দলং কি?

উত্তৰ : চিকুৱেণ্টি।

২) প্ৰশ্ন : উত্তৰ – পূব সীমান্ত ৰে’লৱেৰ মুখ্যালয় অসমৰ ক’ত অৱস্থিত?

উত্তৰ : মালিগাঁও (গুৱাহাটী)।

৩) প্ৰশ্ন : ব্ৰহ্মপুত্ৰৰ ওপৰৰ শৰাইঘাট দলঙৰ পৰিকল্পনা আৰু নক্সা কোনে তৈয়াৰ কৰিছিল?

উত্তৰ : শ্ৰী বি. চি. গাংগুলী।

৪) প্ৰশ্ন : মণিপুৰৰ দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথটো কি?

উত্তৰ : ১০৫ নং ৰাষ্ট্ৰীয় ঘাইপথ।

৫) প্ৰশ্ন : মেঘালয়ৰ দীৰ্ঘতম পথ দলং কি?

উত্তৰ : দোৱান সিং চিয়েম।

৬) প্ৰশ্ন : মিজোৰামৰ দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথ কি?

উত্তৰ : ৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথ।

৭) প্ৰশ্ন : নাগালেণ্ডৰ একমাত্ৰ বিমান বন্দৰটো কি?

উত্তৰ : ডিমাপুৰ।

৮) প্ৰশ্ন : অৰুণাচল প্ৰদেশৰ মাজেৰে কেইটা ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ গৈছে?

উত্তৰ : তিনিটা।

৯) প্ৰশ্ন : অসমত কোন চনত জাহাজ সেৱা আৰম্ভ কৰা হয়?

উত্তৰ : ১৮৮৩ চনত।

১০) প্ৰশ্ন : অসমত কোন চনত টেলিফোন আৰু টেলিগ্ৰাফ সেৱা আৰম্ভ হয়?

উত্তৰ : ১৮৬৫ চনত।

১১) প্ৰশ্ন : মেঘালয়ত কেইটা বিমান বন্দৰ আছে?

উত্তৰ : ২ টা।

১২) প্ৰশ্ন : মিজোৰামৰ মাজেৰে কেইটা ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ গৈছে?

উত্তৰ : ৬ টা।

১৩) প্ৰশ্ন : নাগালেণ্ডৰ একমাত্ৰ ৰেল ষ্টেচনটো ক’ত অৱস্থিত?

উত্তৰ : ডিমাপুৰত।

১৪) প্ৰশ্ন : ছিকিমৰ মাজেৰে কেইটা ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ গৈছে?

উত্তৰ : ১ টা।

১৫) প্ৰশ্ন : ত্ৰিপুৰাত কেইটা বিমান বন্দৰ আছে?

উত্তৰ : ১টা।

১৬) প্ৰশ্ন : ৰাজ্যৰেই নহয় সমগ্ৰ উত্তৰ – পূৰ্বাঞ্চলৰ একমাত্ৰ ৰাষ্ট্ৰীয় বিমান বন্দৰটো অসমৰ বৰঝাৰ, গুৱাহাটীত অৱস্থিত। ইয়াৰৰ নামটো কি?

উত্তৰ : গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ।

১৭) প্ৰশ্ন : মণিপুৰৰ একমাত্ৰ বিমান বন্দৰটোৰ নাম কি?

উত্তৰ : তুলিহাল বিমান বন্দৰ।

১৮) প্ৰশ্ন : মেঘালয়ৰ কেইখনমান নদীৰ নাম উল্লেখ কৰা যিবোৰৰ নিম্নগতি অংশত সৰু নাৱৰ চলাচল সম্ভৱ হয়?

উত্তৰ : কৃষ্ণাই, কালু আৰু চিমচাং।

১৯) প্ৰশ্ন : মিজোৰামৰ একমাত্ৰ বিমান বন্দৰটো ক’ত অৱস্থিত?

উত্তৰ : আইজল।

২০) প্ৰশ্ন : ছিকিমৰ সবাতোকৈ সমীপত থকা বিমান বন্দৰটোৰ নাম কি?

উত্তৰ : বাগডোগ্ৰা (পশ্চিম বংগৰ শিলিগুড়িৰ পৰা ১২ কিঃ মিঃ দূৰ)।

২১) প্ৰশ্ন : উত্তৰ – পূবৰ কোনখন ৰাজ্যই ত্ৰিপুৰাৰ লগত ভাৰতৰ বাকী অংশক সংযোজিত কৰে?

উত্তৰ : অসম।

২২) প্ৰশ্ন : ত্ৰিপুৰাৰ একমাত্ৰ বিমান বন্দৰটো ক’ত অৱস্থিত?

উত্তৰ : আগৰতলাত।

 

  • উত্তৰ – পূব অঞ্চলেৰে পাৰ হৈ যোৱা ৰাষ্ট্ৰীয় ঘাইপথ সমূহ:

ৰাষ্ট্ৰীয় ঘাই পথ নং

বাট পথ

কিঃ মিঃ ত

৩১

উত্তৰ শালমৰা – নলবাৰী – বাইহাটা চাৰিআলি – আমিনগাঁও - , ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ লগত সংযোগ হৈছে।

৩২২

৩১ (ক)

উত্তৰ শালমৰা, যোগীঘোপাৰ ওচৰত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ লগত সংযোগ ঘটিছে।

১৯

৩১ (গ)

কোছগাঁও – চিড্‌লি – বিজনীৰ ওচৰত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ লগত সংযোগ ঘটিছে।

৯৩

৩৬

নগাঁও – ডিমাপুৰ

১৭০

৩৭

গোৱালপাৰাৰ ওচৰত ৩১ (খ) নং ৰাষ্ট্ৰীয় ঘাইপথৰ লগত গুৱাহাটী – যোৰহাট – নগাঁও – কমাৰগাঁও – মাকুম – চৈখোৱাঘাটৰ সংযোগ ঘটিছে।

৬৮০

৩৭ (ক)

কুঁৱৰীটোল – তেজপুৰৰ ওচৰত ৫২ নং ৰাষ্ট্ৰীয় ঘাইপথৰ লগত সংলগ্ন।

২৩

৩৮

মাকুম – লিডু – লেখাপানী

৫৪

৩৯

নুমলীগড় – ইম্ফল – পালেল – ভাৰত - ম্যানমাৰ সীমান্ত।

৪৩৬

৪০

যোৰাবাট – শ্বিলং – ডাউকিৰ ওচৰত ভাৰত – বাংলাদেশ সীমান্ত।

২১৬

৪৪

শ্বিলং – পাছী বদৰপুৰ – আগৰতলা – ছাবৰুম

৭২৩

৪৪ (ক)

আইজল – মানু

২৩০

৫১

পাইকান – তুৰা – ডালু

১৪৯

৫২

বাইহাটা চাৰিআলি – তেজপুৰ – বান্দৰদোৱা – উত্তৰ লখিমপুৰ – পাছিঘাট – তেজু – চৈখোৱা ঘাটৰ ওচৰত সীতাপানী জংচনত ৩৭ নং ঘাইপথৰ লগত সংযোগ ঘটিছে।

৮৫০

৫২ (ক)

বান্দৰদোৱা – ইটানগৰ – গহপুৰ

৫৭

৫২ (খ)

কুলাজান – ডিব্ৰুগড়

৩১

৫৩

বদৰপুৰৰ ওচৰত ৪৪ নং ৰাষ্ট্ৰীয় ঘাইপথৰ লগত সংলগ্ন – জিৰিঘাট – শিলচৰ – ইম্ফল

৩২০

৫৪

ডবকা – লামডিং – শিলচৰ – আইজল – টুইপাং

৮৫০

৫৪ (ক)

থেৰিয়াট – লুংলে

০৯

৫৪ (খ)

ডবকা – লংকা – লামডিং – জাতিংগা – উদৰবন্দ – শিলচৰ

২৭

৬১

কোহিমা – বোখা – মোকোক্‌চাং – জাঁজী

২৪০

৬২

ডামৰা – বাঘমাৰা – ডালু

১৯৫

১৫০

আইজল – চুৰাচান্দপুৰ – ইম্ফল – উখৰুল – জেছামী – কহিমা

৭০০

১৫১

কৰিমগঞ্জ – বাংলাদেশ সীমান্ত।

১৪

১৫৩

লিডু – লেখাপানী – ভাৰতবৰ্ষ  - ম্যানমাৰ সীমান্ত।

৬০

১৫৪

ধলেশ্বৰ – ভৈৰৱী – কানপুই

১৮০

 

পৰ্যটকৰ আকৰ্ষণ স্থান-

 

উত্তৰ – পূব ভাৰতৰ কিছুমান বিখ্যাত আৰু গুৰুত্বপূৰ্ণ স্থানৰ বৰ্ণনা দিয়া হৈছে। সেই স্থান বোৰৰ নাম প্ৰকাশ কৰা

১) প্ৰশ্ন : ‘ই অৰুণাচল প্ৰদেশৰ প্ৰাচীনতম প্ৰ্ত্নতাত্বিক স্থান। ইয়াক পোৰা ইটাৰ দ্বাৰা নিৰ্মিত ‘পাহাৰী দুৰ্গ’ বুলি ক’ব পৰা যায়।

উত্তৰ : ভীষ্মক নগৰ।

২) প্ৰশ্ন : শিৱসাগৰ চহৰৰ পূবত অৱস্থিত আৰু এয়া আহোম সকলৰ প্ৰথম ৰাজধানী আছিল। ই আহোম ৰজা আৰু ৰাজ পৰিয়ালৰ অন্য সদস্য সকলৰ মৈদাম বা সমাধি ক্ষেত্ৰৰ বাবে বিখ্যাত। কিছু পৰিমাণে ইজিপ্তৰ পিৰামিডৰ লগত ইয়াৰ সাদৃশ্য আছে।

উত্তৰ : চৰাইদেউ।

৩) প্ৰশ্ন : ই গুৱাহাটীৰ দক্ষিণ দিশৰ সন্ধ্যাচল পাহাৰৰ ওপৰত অৱস্থিত। মহান বৈদিক ঋষি বশিষ্ঠাৰ নাম অনুসৰি ইয়াৰ নামকৰণ কৰা হৈছে, যি ইয়াত বাস কৰিছিল বুলি কোৱা হয়।

উত্তৰ : বশিষ্ঠ আশ্ৰম।

৪) প্ৰশ্ন : জনপ্ৰিয়ভাৱে পূবৰ ‘স্কটলেণ্ড’ বুলি কোৱা ই ভাৰতৰ অগ্ৰণী পাৰ্বত্য স্থল আৰু ই চমু আমোদ ভ্ৰ্মণ বা দীৰ্ঘ কালীন অৱকাশ উভয়ৰে বাবে আদৰ্শ লক্ষ্যস্থান। ই মেঘালয় ৰাজ্যৰ ৰাজধানী?

উত্তৰ : শ্বিলং।

৫) প্ৰশ্ন : শ্বিলং চহৰৰ মধ্যভাগত অৱস্থিত, ই এশ বছৰীয়া পুৰণি চিত্ৰবৎ সুন্দৰ হ্ৰদ আৰু সবাতোকৈ জনপ্ৰিয় স্থান। স্থানীয় বাসিন্দা সকলে ইয়াক শ্ৰী পোলোক নামৰ এজন কাৰ্যবাহী অভিযন্তাৰ নাম অনুসৰি নান পোলোক (পোলোকৰ হ্ৰদ) হিচাপে ক’বলোলি পছন্দ কৰে?

উত্তৰ : ৱাৰ্ডচ হ্ৰদ

৬) প্ৰশ্ন : ই মিজোৰামৰ এক অন্যতম গুৰুত্বপূৰ্ণ বাণিজ্যিক চহৰ। এই কৃষি প্ৰধান অঞ্চলটোত পাঁচটা ৰেচন কেন্দ্ৰ আছে।

উত্তৰ : চম্পাই।

৭) প্ৰশ্ন : সমুদ্ৰ পৃষ্ঠৰ পৰা ১৪৫ মিটাৰ উচ্চতাত অৱস্থিত ই ‘নাগালেণ্ডৰ দুৱাৰমুখ’। ই ৰাজ্য খনৰ বাণিজ্যিক কেন্দ্ৰ আৰু নাগালেণ্ডৰ একমাত্ৰ বিমান বন্দৰটি ইয়াতেই অৱস্থিত?

উত্তৰ : ডিমাপুৰ।

৮) প্ৰশ্ন : সমুদ্ৰ পৃষ্ঠৰ পৰা ৩৮৪১ মিটাৰ উচ্চতাত কিফিৰে জিলাত অৱস্থিত, ই নাগালেণ্ডৰ উচ্চতম শৃংগ, ই সমগ্ৰ শীতকালত বৰফাবৃত হৈ থাকে?

উত্তৰ : সাৰামতী শৃংগ।

৯) প্ৰশ্ন : ত্ৰিপুৰাৰ আগৰতলাৰ পৰা ৫৫ কিঃমিঃ দূৰত অৱস্থিত, এই জল – মহলটো হিন্দু আৰু মোগল স্থাপত্যৰ সঠিক সংমিশ্ৰণ। ই পূব ভাৰতৰ একমাত্ৰ ‘হ্ৰদ মহল’। ইয়াক পানীত ওলমি থকা স্তম্ভ, সুশোভিত গৃহ আৰু বাৰান্দাৰ সৈতে আৰু কল্পনাৰ দুৰ্গ যেন দেখা যায়?

উত্তৰ : নীৰমহল।

১০) প্ৰশ্ন : অৰুণাচল প্ৰদেশৰ ক’ত প্ৰত্নতাত্বিক স্থান ‘গোমচি’ অৱস্থিত?

উত্তৰ : পাছিঘাট।

১১) প্ৰশ্ন : অৰুণাচল প্ৰদেশৰ কোনখন চহৰক ‘আপেলৰ পাত্ৰ’ হিচাপে জনা যায়?

উত্তৰ : দিৰাং।

১২) প্ৰশ্ন : অসমৰ চাহৰ ৰাজধানী ক’ত?

উত্তৰ : যোৰহাট।

১৩) প্ৰশ্ন : অসমৰ কাক ‘পূবৰ মানচেষ্টাৰ’ বুলি জনা যায়?

উত্তৰ : শুৱালকুছি।

১৪) প্ৰশ্ন : কাক অসমৰ তৈল নগৰী হিচাপে জনা যায়?

উত্তৰ : ডিগবৈ।

১৫) প্ৰশ্ন : অসমৰ কোনখন চহৰক ‘চিৰন্তন প্ৰেমৰ চহৰ’ হিচাপে জনা যায়?

উত্তৰ : তেজপুৰ।

১৬) প্ৰশ্ন : মণিপুৰৰ ক’ত আই এন এ সংগ্ৰহালয় অৱস্থিত?

উত্তৰ : মৈৰাং।

১৭) প্ৰশ্ন : মণিপুৰৰ ৰাজ্যিক সংগ্ৰহালয় ক’ত অৱস্থিত?

উত্তৰ : ইম্ফল।

১৮) প্ৰশ্ন : মেঘালয়ৰ কোনখন ঠাইক প্ৰকৃততে উত্তৰ – পূব ভাৰতৰ ‘শিলা বলয়’ বুলি কোৱা হয়?

উত্তৰ : নাৰটিয়াং।

১৯) প্ৰশ্ন : মেঘালয়ৰ কোনটো শৃংগ ‘ঈশ্বৰৰ বাসস্থান’ হিচাপে জনা যায়?

উত্তৰ : শ্বিলং শৃংগ।

২০) প্ৰশ্ন : মেঘালয়ৰ কোনটো জলপ্ৰপাতক ‘সাত ভনীৰ জলপ্ৰপাত’ হিচাপেও জনা যায়?

উত্তৰ : ন’চনগিথিয়াং জলপ্ৰপাত।

২১) প্ৰশ্ন : মিজোৰামৰ বৃহত্তম গোহা কি?

উত্তৰ : পুকজিং।

২২) প্ৰশ্ন : মিজোৰামৰ সৰ্ববৃহৎ প্ৰাকৃতিক হ্ৰদ কি?

উত্তৰ : তামডিল হ্ৰদ।

২৩) প্ৰশ্ন : নাগালেণ্ডৰ প্ৰাচীনতম আৰু সৰ্ববৃহৎ আও গ্ৰাম কি?

উত্তৰ : উমাং।

২৪) প্ৰশ্ন : ত্ৰিপুৰাৰ হ্ৰদটোৰ নাম কোৱা যাৰ সমীপত প্ৰত্যেক বছৰে ১৪ জানুৱাৰীত ‘সংক্ৰান্তি মেলা’ অনুষ্ঠিত হয়?

উত্তৰ : ডুম্বুৰ হ্ৰদ।

২৫) প্ৰশ্ন : কোনে ত্ৰিপুৰাত ‘উজয়ন্ত প্ৰাসাদ’ নিৰ্মাণ কৰিছিল?

উত্তৰ : মহাৰাজ ৰাধা কিশোৰ মাণিক্য।

২৬) প্ৰশ্ন : পৰশুৰাম কুণ্ড অৰণ্ণাচল প্ৰদেশৰ কোন জিলাত অৱস্থিত?

উত্তৰ : লোহিত।

২৭) প্ৰশ্ন : অসমত অৱস্থিত এছিয়াৰ এম্ফি থিয়েটাৰ (বৃত্তাকাৰ ৰঙ্গভূমি) খনৰ নাম কি?

উত্তৰ : ৰংঘৰ।

২৮) প্ৰশ্ন : গুৱাহাটী মহানগৰৰ সবাতোকৈ বৃহৎ পৰ্যটক আকৰ্ষণ কেন্দ্ৰ কি মন্দিৰ?

উত্তৰ : কামাখ্যা।

২৯) প্ৰশ্ন : মণিপুৰৰ লোকটাক হ্ৰদত অদ্বিতীয় কি দ্বীপ আছে?

উত্তৰ : ওপঙা।

৩০) প্ৰশ্ন : মণিপুৰৰ কোনখন বজাৰ দেশৰ একমাত্ৰ বজাৰ যাৰ স্বত্বাধিকাৰী মহিলা আৰু ব্যৱস্থাপনাও কেৱল মহিলাই কৰে?

উত্তৰ : ইমা বজাৰ।

৩১) প্ৰশ্ন : মেঘালয়ৰ ৰাজধানী কাক পূবৰ স্কটলেণ্ড হিচাপেও জনা যায়?

উত্তৰ : শ্বিলং।

৩২) প্ৰশ্ন : নাগালেণ্ডৰ কোন খন জিলা এছিয়াৰ অন্যতম বৃহৎ আৰু জনবসতি পূৰ্ণ গাঁও?

উত্তৰ : বৰা বস্তি।

৩৩) প্ৰশ্ন : নাগালেণ্ডৰ ৰাজ্যিক সংগ্ৰহালয় ক’ত অৱস্থিত?

উত্তৰ : কহিমা।

৩৪) প্ৰশ্ন : ত্ৰিপুৰাৰ ৰাজ্যিক সংগ্ৰহালয় ক’ত অৱস্থিত?

উত্তৰ : আগৰতলা।

৩৫) প্ৰশ্ন : কোন স্থানক অৰুণাচল প্ৰদেশৰ বনস্পতিৰ স্বৰ্গ হিচাপে জনা যায়?

উত্তৰ : ভালুকপুং।

৩৬) প্ৰশ্ন : অৰুণাচল প্ৰদেশত অৱস্থিত বিশ্বৰ দ্বিতীয় উচ্চতম গিৰিপথটোৰ নাম কি? আৰু ইয়াৰ উচ্চতা কিমান?

উত্তৰ : চেলা গিৰি পথ। ইয়াৰ উচ্চতা ১৪,০০০ ফুট।

৩৭) প্ৰশ্ন : অৰুণাচল প্ৰদেশত অৱস্থিত কোনটো মঠ এছিয়াৰ দ্বিতীয় বৃহত্তম আৰু ইয়াৰ উচ্চতা কিমান?

উত্তৰ : টাৱাং মঠ (মনেষ্ট্ৰি)। ইয়াৰ উচ্চতা ১০,০০০ ফুট।

৩৮) প্ৰশ্ন : অৰুণাচল প্ৰদেশৰ বিখ্যাত ঠাই খনৰ নাম উল্লেখ কৰা য’ত প্ৰত্যেক বছৰে মকৰ সংক্ৰান্তিত পূবৰ কুম্ভ মেলা অনুষ্ঠিত হয়?

উত্তৰ : পৰশুৰাম কুণ্ড।

৩৯) প্ৰশ্ন : ১৮৪৪ চনত নিৰ্মিত আৰু গুৱাহাটী মহানগৰৰ কেন্দ্ৰত অৱস্থিত অসমৰ প্ৰাচীনতম গীৰ্জাঘৰটোৰ নাম কি?

উত্তৰ : খ্ৰীষ্ট চাৰ্চ, গুৱাহাটী।

৪০) প্ৰশ্ন : কাৰ স্মৃতিত মণিপুৰৰ শ্বহীদ মিনাৰ নিৰ্মাণ কৰা হৈছিল?

উত্তৰ : মণিপুৰৰ সাহসী শ্বহীদসকলৰ স্মৃতিত বিশেষকৈ বীৰ টিকেন্দ্ৰজিত আৰু থেংগাল সেনাপতিৰ স্মৃতিত যিসকলক তাত ফাঁচি দিয়া হৈছিল।

৪১) প্ৰশ্ন : বিশ্বৰ চতুৰ্থ উচ্চতম জলপ্ৰপাতটো মেঘালয়ৰ চেৰাপুঞ্জীৰ পৰা ৫ কিঃমিঃ দূৰত চেৰাৰিমৰ সমীপত অৱস্থিত। ইয়াৰ নাম ক’ব পাৰিবানে?

উত্তৰ : ন’হকালিকাই জলপ্ৰ্পাত।

৪২) প্ৰশ্ন : মেঘালয়ৰ সৰ্ববৃহৎ নদী দ্বীপ কোনটো?

উত্তৰ : নংগখনুম দ্বীপ।

৪৩) প্ৰশ্ন : মিজোৰামৰ ৰাজ্যিক চিৰিয়াখানা ক’ত?

উত্তৰ : আইজলত।

৪৪) প্ৰশ্ন : ই মিজোৰামৰ সৰ্ববৃহৎ প্ৰাকৃতিক হ্ৰদ। তুমি ইয়াৰ নাম ক’ব পাৰিবানে?

উত্তৰ : তামডিল হ্ৰদ।

৪৫) প্ৰশ্ন : নাগালেণ্ডৰ কোনটো গীৰ্জাক উত্তৰ – পূব ভাৰতৰ বৃহত্তম গীৰ্জা হিচাপে গণ্য কৰা হয় আৰু ই ক’ত অৱস্থিত?

উত্তৰ : আৰাডোৰা পাহাৰত অৱস্থিত কেথ’লিক গীৰ্জা।

৪৬) প্ৰশ্ন : নাগালেণ্ডৰ ৰাজ্যিক সংগ্ৰহালয় ক’ত পাবা?

উত্তৰ : কহিমা।

৪৭) প্ৰশ্ন : কোন চনত ত্ৰিপুৰাৰ উজ্জয়ন্ত প্ৰাসাদ নিৰ্মাণ হৈছিল?

উত্তৰ : ১৯০১ চনত।

৪৮) প্ৰশ্ন : ১৯১৭ চনত নিৰ্মিত, ত্ৰিপুৰাৰ এই প্ৰাসাদৰ পূব অংশত বিশ্ব বিখ্যাত কবি ৰবীন্দ্ৰনাথ ঠাকুৰ আছিল বুলি কোৱা হয়। ইয়াৰ নাম ক’ব পাৰিবানে?

উত্তৰ : কুঞ্জবন প্ৰাসাদ।

 

সানমিহলি

 

১) প্ৰশ্ন : অসমত উচ্চতম শিক্ষাৰ স্নায়ুকেন্দ্ৰ গুৱাহাটীৰ ক’ত?

উত্তৰ : কটন কলেজ।

২) প্ৰশ্ন : অসমৰ একমাত্ৰ ষ্টক এক্সচেঞ্জ ক’ত?

উত্তৰ : গুৱাহাটী।

৩) প্ৰশ্ন : অসমৰ একমাত্ৰ মানসিক চিকিৎসালয় ক’ত অৱস্থিত?

উত্তৰ : তেজপুৰ।

৪) প্ৰশ্ন : মনিপুৰ বিশ্ববিদ্যালয় কোন চনত কেন্দ্ৰীয় বিশ্ববিদ্যালয়লৈ উন্নীন হয়?

উত্তৰ : ১৯৯৪ চনত।

৫) প্ৰশ্ন : মিজো উৎসৱবোৰ বেছিভাগ কিহৰ লগত জড়িত?

উত্তৰ : কৃষি।

৬) প্ৰশ্ন : ডিচেম্বৰৰ প্ৰথম সপ্তাহত নাগালেণ্ডত অনুষ্ঠিত এক দৰ্শনীয় সাংস্কৃতিক অনুষ্ঠান উৎসৱটি কি?

উত্তৰ : হ’ৰ্ন বিল।

৭) প্ৰশ্ন : ছিকিমৰ দ্বিতীয় ৰাজধানী খন কি আছিল, যাৰ স্থাপন ১৭ শ শতিকাৰ শেষৰ ফালে হৈছিল?

উত্তৰ : ৰবডনষ্টে।

৮) প্ৰশ্ন : ত্ৰিপুৰাৰ কোন খন চহৰক মন্দিৰৰ চহৰ হিচাপে জনা যায়?

উত্তৰ : উদয়পুৰ।

৯) প্ৰশ্ন : অসমৰ মহান ধৰ্ম সংস্কাৰক শ্ৰী মন্ত শংকৰদেৱৰ জন্ম কোন চনত হৈছিল?

উত্তৰ : ১৪৪৯ চনত।

১০) প্ৰশ্ন : অসম ছিকিৎসা মহাবিদ্যালয় (ডিব্ৰুগড়) কোন চনত প্ৰতিষ্ঠা হৈছিল?

উত্তৰ : ১৯৪৭ চনত।

১১) প্ৰশ্ন : নাগালেণ্ডৰ একমাত্ৰ কয়লা ক্ষেত্ৰ ক’ত অৱস্থিত?

উত্তৰ : বৰজান।

১২) প্ৰশ্ন : অৰুণাচল প্ৰদেশত কেতিয়া আৰু ক’ত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হয়?

উত্তৰ : ১৯৪৭ চনৰ ১৫ আগষ্টত দীপা গাঁৱত (পশ্চিম চিয়াং জিলা)।

১৩) প্ৰশ্ন : অসমৰ এক প্ৰাচীন মন্দিৰত বৃহত্তম আৰু অন্যতম প্ৰাচীনতম শিৱলিংগ আছে বুলি গণ্য কৰা হয়। মন্দিৰটোৰ নাম কোৱা?

উত্তৰ : মহাভৈৰৱ মন্দিৰ।

১৪) প্ৰশ্ন : অসমৰ একমাত্ৰ কৰ্কট চিকিৎসালয় অৱস্থিত ঠাই খনৰ নাম কোৱা?

উত্তৰ : গোপীনাথ নগৰ, গুৱাহাটী।

১৫) প্ৰশ্ন : ভাৰতৰ উচ্চতম মাটিৰ বান্ধ মণিপুৰত অৱস্থিত। ইয়াৰ নাম ক’ব পাৰিবানে?

উত্তৰ : সিংদা বান্ধ।

১৬) প্ৰশ্ন : এই হ্ৰদটোক হিন্দুআৰু বৌদ্ধ ধৰ্মাৱলম্বী উভয়েই ছিকিমৰ সবাতোকৈ পবিত্ৰ হ্ৰদ স্বৰুপে গণ্য কৰে। ই গোটেই বছৰটো গাখীৰৰ দৰে হৈ থাকে আৰু এয়া বিশ্বাস কৰা যায় যে, গুৰু পদ্মসম্ভৱে এই অঞ্চল হৈ তিব্বতলৈ যোৱাৰ সময়ত ইয়াক স্পৰ্শ কৰিছিল? ইয়াৰ নাম ক’ব পাৰিবানে?

উত্তৰ : গুৰু ডংমাৰ হ্ৰদ।

১৭) প্ৰশ্ন : ছিকিমৰ কোন স্থানত প্ৰত্যেক বছৰে ফেব্ৰুৱাৰী মাহত পুষ্প উৎসৱ অনুষ্ঠিত হয়?

উত্তৰ : নামচী।

১৮) প্ৰশ্ন : ত্ৰিপুৰাৰ প্ৰাসাদটোৰ নাম কোৱা যিটো ৰাজ্যখনৰ ৰাজ্যপালৰ চৰকাৰী আৱাস?

উত্তৰ : কুঞ্জবন প্ৰাসাদ।

 

উৎস : উত্তৰ পূৰ্বাঞ্চল কুইজ সঁফুৰা।

3.10869565217
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
সম্পৰ্কীয় সামগ্ৰীসমূহ
অধিক ...
Back to top