অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

উল্লেখযোগ্য আৰু দ্ৰষ্টব্য স্থান

উল্লেখযোগ্য আৰু দ্ৰষ্টব্য স্থান

আমিন গাঁও

কামৰুপ জিলাত। ইয়াৰ ওচৰতে আছে ব্ৰহ্মপুত্ৰৰ ওপৰত অসমৰ প্ৰথম খন বিখ্যাত দলং শৰাইঘাট। ইয়াত এটা বনস্পতি তেল উৎপাদনৰ কাৰখানা আছে।

কাজিৰঙা

প্ৰসিদ্ধ ৰাষ্ট্ৰীয় উদ্যান। এশিঙীয়া গঁড়ৰ বাবে বিখ্যাত। গঁড়ৰ উপৰি বহু দুষ্প্ৰাপ্য জীৱ-জন্তৰ বাসস্থান। পৰ্যটক আকৰ্ষক কেন্দ্ৰ।

কোকৰাঝাৰ

কোকৰাঝাৰ জিলাৰ সদৰ। কাঠৰ ব্যৱসায়ৰ বাবে প্ৰসিদ্ধ। এৰী পালন আৰু এৰী কাপোৰ বোৱা কেন্দ্ৰ আছে। জিলা খনৰ শিক্ষা আৰু বাণিজ্য কেন্দ্ৰ।

গুৱাহাটী

অসমৰ ৰাজধানী। উত্তৰ-পূৰ্বাঞ্চলৰ এখনি তীৰ্থস্থান আৰু পৰ্যটক আকৰ্ষক কেন্দ্ৰ। ইয়াত কামাখ্যা মন্দিৰ, বশিষ্ঠাশ্ৰম, নৱগ্ৰহ মন্দিৰ, উমানন্দ আদি পৰ্যটক আকৰ্ষক কেন্দ্ৰ আৰু তীৰ্থস্থান আছে। গুৱাহাটী জালুকবাৰীত গুৱাহাটী বিশ্ববিদ্যালয় আৰু বৰঝাৰত গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান কোঠ আছে। ৰাজ্য খনৰ শিক্ষা আৰু ব্যৱসায়-বাণিজ্যৰ প্ৰধান কেন্দ্ৰ।

গোৱালপাৰা

গোৱালপাৰা জিলাৰ সদৰ। এটা জাহাজ ঘাট। এখন মহাবিদ্যালয় আছে। জিলা খনৰ বেহা-বেপাৰ আৰু শিক্ষাৰ কেন্দ্ৰ।

ডিগবৈ

তিনিচুকীয়া জিলাৰ এখন শিল্প প্ৰধান চহৰ। ইয়াত থকা তেল শোধনাগাৰটো ভাৰতৰ ভিতৰত প্ৰথম। ডিগবৈৰ ওচৰ-পাঁজৰৰ সংৰক্ষিত বনাঞ্চলত মূল্যবান কাঠ পোৱা যায়।

ডিব্ৰুগড়

ডিব্ৰুগড় জিলাৰ সদৰ। ইয়াত এটা ডাঙৰ জাহাজ ঘাট আৰু ৰ’ল ষ্টেচনৰ উপৰি কেইবা খনো চাহ বাগিছা, এখন বিশ্ববিদ্যালয়, এখন চিকিৎসা মহাবিদ্যালয় আছে। জিলা খনৰ প্ৰধান বাণিজ্য কেন্দ্ৰ। ইয়াৰ পৰা প্ৰচুৰ চাহপাত ৰপ্তানি হয়।

তেজপুৰ

শোণিতপুৰ জিলাৰ সদৰ। ইতিহাস প্ৰসিদ্ধ স্থান। অসমৰ কলা-কৃষ্টিৰ অন্যতম কেন্দ্ৰ। ইয়াত ব্ৰহ্মপুত্ৰৰ ওপৰত ৩.০৫ কিলোমিটাৰ দীঘল’কলিয়াভোমোৰা’ দলং আছে। এটা ৰে’ল ষ্টেচন। জিলা খনৰ একমাত্ৰ বিমান বন্দৰ শালনী এই চহৰতে অৱস্থিত।

দুলিয়াজান

ডিব্ৰুগড় জিলাৰ প্ৰসিদ্ধ তৈল নগৰী।  ইয়াত অইল ইণ্ডিয়া লিমিটেড্‌ কোম্পানীৰ প্ৰধান কাৰ্যালয় অৱস্থিত।

ধুবুৰী

শুবুৰী জিলাৰ সদৰ। প্ৰসিদ্ধ নেতাই ধুবুৰীৰ ঘাটৰ উপৰি ইয়াত এটা জুইশলাৰ কাৰখানা আছে। ধুবুৰীত এটা ৰ৪এল’ ষ্টেচন আৰু ওচৰতে ৰুপসী বিমানকোঠ আছে।

ধেমাজী

ধেমাজী জিলাৰ সদৰ। কেইবা খনো মহাবিদ্যালয় আছে। জিলা খনৰ উদ্যোগ আৰু বাণিজ্যৰ কেন্দ্ৰ।

নলবাৰী

নলবাৰী জিলাৰ সদৰ। পুৰণি কালৰ পৰাই সংস্কৃত শিক্ষাৰ কেন্দ্ৰ স্থল। এটা ৰে’ল স্তেচনৰ উপৰি নলবাৰীৰ ওচৰৰ নাথকুছিত ‘অসম পলিয়েষ্টাৰ উদ্যোগ’ নামৰ এটা সূতাকল আছে।

নগাঁও

নগাঁও জিলাৰ সদৰ। মধ্য অসমৰ পুৰণি প্ৰসিদ্ধ চহৰ। অসমৰ কলা-কৃষ্টি, খেলা-ধূলাৰ অন্যতম কেন্দ্ৰ। জিলা খনৰ শিক্ষাৰো কেন্দ্ৰ। ইয়াত কেইবা খনো মহাবিদ্যালয় আছে।

নামৰুপ

সাৰ কাৰখানাৰ বাবে প্ৰসিদ্ধ ঠাই। ইয়াত এটা ৰে’ল ষ্টেচন আছে।

নাৰায়ণপুৰ

উত্তৰ লখিমপুৰ জিলাত অৱস্থিত। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ জন্ম স্থান। বাণিজ্য আৰু শিক্ষাৰ কেন্দ্ৰ। এখন মহাবিদ্যালয় আছে।

বঙাইগাঁও

বঙাইগাঁও জিলাৰ সদৰ। ইয়াত এটা তেল শোধনাগাৰ আৰু এলুমিনিয়ামৰ বাচন-বৰ্তন তৈয়াৰ কৰা ডাঙৰ কাৰখানা আছে।

বৰদোৱা

নগাওঁ জিলাত। ইয়াত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আৱিৰ্ভাৱ হৈছিল। বৈষ্ণৱ সকলৰ প্ৰধান তীৰ্থস্থান।

বৰপেটা

বৰপেটা জিলাৰ সদৰ। বৰপেটাত থকা সত্ৰ, কীৰ্তন ঘৰ আৰু দৌল উৎসৱৰ বাবে বিখ্যাত। ইয়াত অসমীয়া গহনা-গাঠৰি, কাঠৰ সা-সৰঞ্জাম, হাতীদাঁত আদিৰ উৎকৃষ্ট বস্তু পোৱা যায়। ইয়াৰ বৰপেটা সত্ৰ প্ৰায় পাঁচশ বছৰৰ পুৰণি।

মঙলদৈ

দৰং জিলাৰ সদৰ। কৃষি প্ৰধান ঠাই। ইয়াত কেইবাখনো মহাবিদ্যালয় আৰু বিদ্যালয় আছে। জিলা খনৰ বাণিজ্য আৰু শিক্ষাৰ ঘাই কেন্দ্ৰ।

মাজুলি

পৃথিৱীৰ সৰ্ববৃহৎ নদী দ্বীপ। যোৰহাট জিলাৰ একে নামৰ মহকুমাৰ সদৰ। বৈষ্ণৱ সত্ৰৰ বাবে প্ৰসিদ্ধ।

মাৰ্ঘেৰিটা

তিনিচুকীয়া জিলাৰ প্ৰসিদ্ধ ঠাই। ইয়াত কয়লা খনিৰ উপৰি কেইবাটাও কাঠফলা কল আছে।

যোগীঘোপা

বঙাইগাঁও জিলাত। ইয়াত এটা কাগজ কল আছে। ই এটা জাহাজা ঘাট। ইয়াত নিৰ্মিত ব্ৰহ্মপুত্ৰৰ ওপৰৰ তৃতীয় দলং নৰনাৰায়ণ সেতুৱে সক্ষিণ পাৰৰ লগত জিলা খনক সংযোগ কৰিছে।

যোৰহাট

যোৰহাট জিলাৰ সদৰ। চাহ গৱেষণা কেন্দ্ৰ, কৃষি বিশ্ববিদ্যালয়, অভিযান্ত্ৰিক গৱেষণাগাৰ আছে। ৰাজ্য খনৰ শিক্ষা-সংস্কৃতিৰ অন্যতম কেন্দ্ৰ। উন্নত ঠাই।

ৰঙিয়া

কামৰুপ জিলাৰ মহকুমাৰ সদৰ। ই এটা ৰেল জংচন। জিলাৰ ব্যৱসায় আৰু শিক্ষাৰ কেন্দ্ৰ।

শিলঘাট

নগাঁও জিলাত অৱস্থিত। ইয়াত এটা সমবায় খণ্ডৰ মৰাপাট কল আছে। ইয়াতে অৱস্থিত ব্ৰহ্মপুত্ৰৰ ওপৰৰ দ্বিতীয় খন দলং কলিয়াভোমোৰা দলঙে উত্তৰ পাৰৰ লগত দক্ষিণ পাৰক সংযোগ কৰিছে।

শিৱসাগৰ

শিৱসাগৰ জিলাৰ সদৰ। তেল আৰু প্ৰাকৃতিক গেছ আয়োগৰ কাৰ্যালয় অৱস্থিত। ইয়াত পুৰণি প্ৰসিদ্ধ শিৱদৌল, জয়দৌল, ৰংঘৰ, তলাতল ঘৰ, জয়সাগৰ পুখুৰী, বৰপুখুৰী, টাই যাদুঘৰ আদি আছে। বুইৰঞ্জী প্ৰসিদ্ধ ঠাই। ৰাজ্য খনৰ অন্যতম পৰ্যটক আকৰ্ষক কেন্দ্ৰ।

শুৱালকুছি

কামৰুপ জিলাৰ শিল্প প্ৰধান ঠাই। ইয়াত পাট-মুগাৰ কাপোৰ উৎপাদন কৰা হয়। অসমৰ ভিতৰত আটাইতকৈ বেছি লোক বাস কৰা গাঁও।

সৰ্থেবাৰী

বৰপেটা জিলাত অৱস্থিত। কাঁহৰ বাচনৰ বাবে প্ৰসিদ্ধ। এখন মহাবিদ্যালয় আছে।

হাজো

কামৰুপ জিলাৰ এখন প্ৰসিদ্ধ নগৰ। ইয়াত হিন্দু সকলৰ হিন্দু সকলৰ তীৰ্থস্থান হয়গ্ৰীৱ-মাধৱ আৰু কেদাৰেশ্বৰ মন্দিৰ আছে। হাজোৰে গডুৰাচলত মুছলমান সকলৰ তীৰ্থ পোৱামক্কা আছে। হাজোত পিতলৰ বাচন তৈয়াৰ কৰা হয়।

হাফলং

উত্তৰ কাছাৰ জিলাৰ সদৰ। মনোৰমদৃশ্যাৱলীৰ আবৃত এই চহৰ খনৰ জলবায়ু স্বাস্থ্যকৰ। হাফলঙৰ ওচৰৰ জাতিংগা চৰাইৰ ৰহস্য জনক আত্মহত্যাৰ বাবে প্ৰখ্যাত।

অসমৰ বিবিধ তথ্য

মুঠ জিলা

২৭ খন, ৩১.০৩.২০০৮

মহকুমা

৫৩ টা, ৩১.০৩.২০০৮

আৰক্ষী থানা

২৭৪ খন, ২০০৭

থানা চকী (out post)

১৭৩ খন, ২০০৭

চহৰ

১২৫ খন, ২০০১

ৰাজহ চক্ৰ

১৪৫ টা, ২০০১

উন্নয়ন খণ্ড

২১৯ টা, ২০০৭

পৌৰসভা

২৫ খন

গাঁও

২৬,৩১২ খন, ২০০১

গাঁও পঞ্চায়ত

২,২০২ খন, ৩১.০৩.২০০৭

প্ৰাথমিক-প্ৰাক্‌ প্ৰাথমিক বিদ্যালয়

৩০,৬৯৮ খন, ২০০৫-২০০৬

মধ্য ইংৰাজী বিদ্যালয়

৯,৭১৬ খন, ২০০৫-২০০৬

উচ্চ-উচ্চতৰ মাধ্যমিক বিদ্যালয়

৫,৩৯৬ খন, ২০০৫-২০০৬

সাধাৰণ শিক্ষাৰ মহাবিদ্যালয়

৩৪৮ খন, ২০০৫-২০০৬

চিকিৎসা মহাবিদ্যালয় (হোমিঅ’, দন্ত, নাৰ্ছিং, ফাৰ্মাচী, আয়ুৰ্বেদিক মহাবিদ্যালয়সহ)

৭ খন, ২০০৫-২০০৬

কৃষি আৰু বন মহাবিদ্যালয়

২ খন, ২০০৫-২০০৬

আইন মহাবিদ্যালয়

২২ খন, ২০০৫-২০০৬

অভিযান্ত্ৰিক মহাবিদ্যাল্য

৩ খন, ২০০৫-২০০৬

মেনেজমেণ্ট শিক্ষায়তন

১ খন, ২০০৫-২০০৬

পলিটেকনিক

৯ খন, ২০০৫-২০০৬

বিশ্ববিদ্যালয়

৫ খন, ২০০৫-২০০৬

জুনিয়ৰ কলেজ

১৩১ খন, ২০০৫-২০০৬

পশু চিকিৎসা মহাবিদ্যালয়

২ খন, ২০০৫-২০০৬

শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়

৪০ খন, ২০০৫-২০০৬

পশু চিকিৎসালয়

৪৮০ খন

চৰকাৰী হস্পিতাল

২২ খন ২০০৭

প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ (PHC)

৬১০ টা ২০০৭

চিকিৎসা উপকেন্দ্ৰ

৫,১০৯ টা, ২০০৭

ডিচপেন্সাৰি

৩৩১ খন, ২০০৭

ৰাষ্ট্ৰীয় ঘাইপথৰ দৈৰ্ঘ্য

২,৭৫৪ কিলোমিটাৰ, ২০০৭-২০০৮

গড়কাপ্টানি পথৰ দৈৰ্ঘ্য

৩৭,৭০০ কিলোমিটাৰ, ২০০৭-২০০৮

ৰে’লপথৰ দৈৰ্ঘ্য

২,২৮৩.৭১ কিলোমিটাৰ, ২০০৮

ডাকঘৰ

৪,০০৬ টা, ২০০৭-২০০৮

ধৰ্ম ভিত্তিক জনসংখ্যা (২০০১)

হিন্দু (৬৪.৮৯%০, মুছলমান (৩০.৯২%), খ্ৰীষ্টিয়ান (৩.৭০%), শিখ (০.০৮%), বৌদ্ধ (০.১৯%), জৈন (০.০৯%), অন্যান্য (০.১৩%)

ব্ৰৰুহত্তম জিলা

কাৰ্বি আংলং (১০,৪৩৪ বৰ্গ কিলোমিটাৰ)

ক্ষুদ্ৰতম জিলা

হাইলাকান্দি (১,৩২৭ বৰ্গ কিলোমিটাৰ)

সৰ্বাধিক জনবসতিৰ ঘনত্ব

ধুবুৰী জিলা (প্ৰতি বৰ্গ কিলোমিটাৰত ৫৮৫ জন)

সৰ্বনিন্ম জনবসতিৰ ঘনত্ব

উত্তৰ কাছাৰ পাৰ্বত্য জিলা (প্ৰতি বৰ্গ কিলোমিটাৰত ৩৮ জন)

সাক্ষৰতাৰ হাৰ (সৰ্বাধিক)

যোৰহাট জিলা (৭৬.৩৩ শতাংশ)

সাক্ষৰতাৰ হাৰ (সৰ্বনিন্ম)

ধুবুৰী জিলা (৪৮.২১ শতাংশ)

চৰকাৰী প্ৰতীক

এটা খড়্গ থকা গঁড়, দেওহাঁহ, কপৌফুল আৰু হোলোং গছ।

ৰাজ্যিক জলচৰ প্ৰাণী

শিহু (২০০৮ চনৰ ৫ জুনত ঘোষিত)

মুখ্য ভাষা

অসমীয়া, বড়ো, বাংলা, কাৰ্বি, মিচিং, ৰাভা, দেউৰী, ইংৰাজী আদি।

পৰ্যটন কেন্দ্ৰ

গুৱাহাটী, কাজিৰঙা, শিৱাসগৰ, ওৰাং, মানাহ, তেজপুৰ, ভালুকপুং, হাফলং, মাজুলী, হাজো, বটদ্ৰৱা আদি।

প্ৰধান উৎপন্ন দ্ৰব্য

চাহ, ধান, মৰাপাট, সৰিয়হ, কুঁহিয়াৰ, কয়লা, খাৰুৱা তেল, কঁপাহ, হাতীদাঁতৰ বস্তু, আগৰ তেল, মূল্যৱান কাঠ, এৰী-মুগাৰ কাপোৰ, লা, ধূনা আদি।

প্ৰধান আমদানি দ্ৰব্য

কাপোৰ, লোণ, চেনি, আটা, ময়দা, চুজি, নাৰিকল তেল, লো-তীখাৰ, সৰঞ্জাম কাঁচ, জোতা, বিলাতী মাটি, ঔষধ, কাগজ, প্লাষ্টিকৰ সামগ্ৰী আদি।

প্ৰধান ৰপ্তানি দ্ৰব্য

চাহ, সৰিয়হ, বাঁহ-বেতৰ বস্তু, খাৰুৱা তেল, নানাবিধ কাঠ, প্লাইউড, হাতী আৰু হাতীদাঁতৰ বস্তু, এৰী-মুগা-পাটৰ কাপোৰ, নানাবিধ জীৱ-জন্ত, মৰাপাট আদি।

ধান উৎপাদন

২৯,১৬,০০০ টন (২০০৬-০৭)

ঘেঁহু উৎপাদন

৬৭,০০০ টন (২০০৬-০৭)

মাহজাতীয় শস্য উৎপাদন

৫৯,০০০ টন (২০০৬-০৭)

কল উৎপাদন

৫,৭৭,৭১৩ টন (২০০৫-০৬)

কমলা উৎপাদন

৭৩,৯৯৪ টন (২০০৫-০৬)

কঁঠাল উৎপাদন

১,৯৯,৭০১ টন (২০০৫-০৬)

আম উৎপাদন

৪৮,১৪৮ টন (২০০৫-০৬)

অমিতা উৎপাদন

৯০,৪৫২ টন (২০০৫-০৬)

মাটি কঁঠাল উৎপাদন

১,৬১,১০৩ টন (২০০৫-০৬)

গাখীৰ উৎপাদন

৮২,৭৪,৪০,৯০৮ লিটাৰ (২০০৬-০৭)

কণী উৎপাদন

৫৩ কোটি টা (২০০৬-০৭)

মাংস উৎপাদন

২,৪৭,০০০ টন (২০০৫-০৭)

মৰাপাট উৎপাদন

৭২,২৭,০০০ টন (২০০৬-০৭)

পেট্ৰোলিয়াম উৎপাদন

৪৪,২৬,০০০ টন (২০০৬-০৭)

প্ৰাকৃতিক গেছ উৎপাদন

২২,৩৮,০০০,০০০ ঘনমিটাৰ (২০০৬-০৭)

কয়লা উৎপাদন

১০,৫৮,০০০ টন (২০০৬-০৭)

চূণশিল উৎপাদন

৪,১০,০০০ টন (২০০৫-০৬)

সাৰ উৎপাদন

৩,০৮,৩০৩ টন (২০০৬-০৭)

চিমেণ্ট উৎপাদন

১,৭৫,০০০ টন (২০০৬-০৭)

পঞ্জীয়নভুক্ত ফেক্টৰী

৩,০৭০ টা (২০০৫)

পঞ্জীয়নভুক্ত ক্ষুদ্ৰ উদ্যোগ

৫৩,০৪৪ টা (৩১.১২.২০০৬)

চাহ বাগিচা

৪৩,২৯৩ খন (২০০৪)

চাহ উৎপাদন

৫,৩০,৯২৬ টন (২০০৬-০৭)

নিয়োগ বিনিময় কেন্দ্ৰ

৫৩ টা (২০০৭)

সমবায় সমিতি

১০,১৩৪ খন (২০০৫-২০০৬)

পঞ্জীকৃত বিল মীন মহল (ফিছাৰী)

৪৩০ খন (২০০৬-২০০৭)

মৎস্য উৎপাদন

১,৮১,৪৭৯ টন (২০০৬-২০০৭)

বৈদ্যুতিকৰণ হোৱা গাঁও

১৮,১৬৮ খন (৩১.০৩.২০০৬)

সুলভ মূল্যৰ দোকান

৩৩,২৯৯ খন (২০০৬-২০০৭)

অসমলৈ অহা পৰ্যটকৰ সংখ্যা

৩৪,৯৩,৫২৭ জন (২০০৬-২০০৭)

দেশী পৰ্যটক

৩৪,৭৯,৮৭০ জন (২০০৬-২০০৭)

বিদেশী পৰ্যটক

১৩,৬৫৭ জন (২০০৬-২০০৭)

ৰাজহুৱা পুথিভঁৰাল

৪০ টা (২০০৬-২০০৭)

 

জাতীয় সংগীত

‘অ’ মোৰ আপোনাৰ দেশ….’ শীৰ্ষক গীতটি অসমৰ জাতীয় সংগীতৰুপে স্বীকৃতি। লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা এই গীতটি ‘মোৰ দেশ’ নামেৰে ১৯০৯ চনত ‘বাঁহী’আলোচনীত প্ৰথম প্ৰকাশহয়। ১৯২৭ চনত তেজপুৰত বহা অসম ছাত্ৰ সন্মিলনত ইয়াক জাতীয় সংগীতৰুপে গ্ৰহণ কৰা হয়। গীতটি বেজবৰুৱাৰ ‘কদমকলি’ নামৰ গ্ৰন্থ খনিত সন্নিৱিষ্ট হৈছে। গীতটিৰ সুৰকাৰ আছিল কমলা প্ৰসাদ আগৰৱালা। গীতটি হ’ল;

অ’ মোৰ আপোনাৰ দেশ।

অ’ মোৰ চিকুণী দেশ।।

এনেখন সুৱলা, এনেখন সুফলা

এনেখন মৰমৰ দেশ।

অ’ মোৰ সুৰীয়া মাত

অসমৰ সুৱদি মাত

পৃথিৱীৰ ক’তো বিচাৰি জনমটো

নোপোৱা কৰিলেও পাত।

অ’ মোৰ ওপজা ঠাই।

অ’ মোৰ অসমী আই।।

চাই লওঁ এবাৰ মু’খনি তোমাৰ

হেঁপাহ মোৰ পলোৱা নাই।।

লেখক: শান্তনু কৌশিক বৰুৱা

লেখিকা: প্ৰীতিমা কৌশিক বৰুৱা

উৎস: নতুন জানানে

শেহতীয়া উন্নীতকৰণ: : 3/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate