অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কুইজ

কুইজ

অসম ৰাজ্যখন

 

১) প্ৰশ্ন : ‘অসম’ শব্দটো সংস্কৃত অসমা শব্দৰ পৰা অনা হৈছে। ইয়াৰ অৰ্থ কি?

উত্তৰ : অতুলনীয়।

২) প্ৰশ্ন : ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যা কিমান?

উত্তৰ : ৩,১১,৬৯,২৭২।

৩) প্ৰশ্ন : ২০১১ চনৰ লোকপিয়লৰ সমীক্ষা অনুসৰি অসমৰ ভিতৰত সৰ্বাধিক জনসংখ্যা থকা জিলা খনৰ নাম কি?

উত্তৰ : নগাঁও।

৪) প্ৰশ্ন : ২০০১-২০১১ চনৰ ভিতৰত অসমত জনসংখ্যা বৃদ্ধিৰ শতকৰা হাৰ কিমান?

উত্তৰ : +১৬.৯৩।

৫) প্ৰশ্ন : ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমত শিক্ষিতৰ হাৰ কিমান?

উত্তৰ : ৭৩.১৮।

৬) প্ৰশ্ন : অসমৰ কোন খন জিলাত পুৰুষ-মহিলাৰ অনুপাতৰ হাৰ সৰ্বাধিক?

উত্তৰ : গোৱালপাৰা।

৭) প্ৰশ্ন : অসমৰ পুৰণি নাম কি?

উত্তৰ : কামৰুপ আৰু প্ৰাগজ্যোতিষপুৰ।

৮) প্ৰশ্ন : ২০০১ ৰ লোকপিয়ল অনুসৰি অসমত মহিলা আৰু পুৰুষৰ জনসংখ্যাৰ শতকৰা হাৰ কিমান?

উত্তৰ : ৫২% আৰু ৪৮%।

৯) প্ৰশ্ন : অসমৰ জাতীয় সংগীতটোৰ নাম কি আৰু ইয়াৰ ৰচক কোন?

উত্তৰ : ‘অ’ মোৰ আপোনাৰ দেশ’ – ৰচক – লক্ষ্মীনাথ বেজবৰুৱা।

১০) প্ৰশ্ন : অসমৰ জাতীয় প্ৰতীক কি?

উত্তৰ : এশিঙীয়া গঁড়।

১১) প্ৰশ্ন : অসমৰ কোন খন জিলাত গৰম পানীৰ উহ আছে?

উত্তৰ : গোলাঘাট।

১২) প্ৰশ্ন : বদৰপুৰ উত্তৰ-পূব ৰেলৱেৰ এটা বৃহৎ জংচন। ই অসমৰ কোন খন জিলাত অৱস্থিত?

উত্তৰ : কৰিমগঞ্জ।

১৩) প্ৰশ্ন : অসমৰ মাটিকালিয়ে দেশৰ সৰ্বমুঠ মাটিকালিৰ শতকৰা কিমান ভাগ আগুৰি আছে?

উত্তৰ : ২.৩৯ (প্ৰায়) শতাংশ।

১৪) প্ৰশ্ন : অসমৰ মুঠ মাটিকালি কিমান?

উত্তৰ : ৭৮,৪৩৮ (প্ৰায়) বৰ্গ কি:মি:।

১৫) প্ৰশ্ন : অসম বিধান সভাৰ মুঠ আসনৰ সংখ্যা কিমান?

উত্তৰ : ১২৬ খন।

১৬) প্ৰশ্ন : লোক সভাত অসমৰ সদস্য সংখ্যা কিমান?

উত্তৰ : ১৪ জন।

১৭) প্ৰশ্ন : অসমৰ পৰা কিমান জন সদস্যক ৰাজ্য সভালৈ নিৰ্বাচিত কৰি পঠোৱা হয়?

উত্তৰ : ৭ জন।

 

উৎস : অসম কুইজ

বিশিষ্ট ব্যক্তি, ঠাই আৰু তীৰ্থ স্থান সমূহ

 

১) প্ৰশ্ন : গুৱাহাটী মহানগৰীৰ দক্ষিণ প্ৰান্তৰ সন্ধ্যাচল পাহাৰত অৱস্থিত বশিষ্ঠ মুনিয়ে বাস কৰা ঠাই খনৰ নাম কি?

উত্তৰ : বশিষ্ঠাশ্ৰম।

২) প্ৰশ্ন : ১৭৫১ চনত স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই সাত খলপীয়া কাৰেংঘৰ নিৰ্মাণ কৰা শিৱসাগৰৰ বুৰঞ্জী প্ৰ্সিদ্ধ ঠাই খনৰ নাম কি?

উত্তৰ : গড়গাঁও।

৩) প্ৰশ্ন : আহোম স্বৰ্গদেউ ৰুদ্ৰ সিংহই সতী জয়মতীৰ স্মৃতিসৌধ হিচাপে শিৱসাগৰৰ ৰংপুৰত খন্দোৱা সৰ্ববৃহৎ পুখুৰীটোৰ নাম কি?

উত্তৰ : জয়সাগৰ পুখুৰী।

৪) প্ৰশ্ন : গুৱাহাটী উচ্চ ন্যায়ালয়ৰ উচ্চ ন্যায়াধীশ কোন আছিল?

উত্তৰ : হলিৰাম ডেকা।

৫) প্ৰশ্ন : এছিয়ান গেমছত সোণৰ পদক বিজয়ী প্ৰথম অসমীয়া জনৰ নাম কি?

উত্তৰ : ভোগেশ্বৰ বৰুৱা।

৬) প্ৰশ্ন : জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া জনৰ নাম কি?

উত্তৰ : ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য (মৃত্যুঞ্জয়)।

৭) প্ৰশ্ন : ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি হোৱা প্ৰথম অসমীয়া জনৰ নাম কি?

উত্তৰ : ড° ফকৰুদ্দিন আলী আহমেদ।

৮) প্ৰশ্ন : প্ৰথম অসমীয়া স্নাতক আৰু আই. চি. এছ. (I.C.S.) বিষয়া জনৰ নাম কি?

উত্তৰ : আনন্দৰাম বৰুৱা।

৯) প্ৰশ্ন : উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হোৱা প্ৰথম অসমীয়া জনৰ নাম কি?

উত্তৰ : পাৰ্বতী কুমাৰ গোস্বামী।

১০) প্ৰশ্ন : সাহিত্য অকাডেমী বঁটা বিজয়ী প্ৰথম অসমীয়া ব্যক্তিগৰাকীৰ নাম কি?

উত্তৰ : যতীন্দ্ৰ নাথ দুৱৰা (বনফুল,১৯৫২)।

১১) প্ৰশ্ন : প্ৰথম অসমীয়া চলচিত্ৰ নিৰ্মাতা জনৰ নাম কি?

উত্তৰ : জ্যোতিপ্ৰসাদ আগৰৱালা।

১২) প্ৰশ্ন : প্ৰথম অসমীয়া পুৰুষ আই. এ. এছ. (I.A.S.) বিষয়া জনৰ নাম কি?

উত্তৰ : অচ্যুত শইকীয়া।

১৩) প্ৰশ্ন : ব্ৰিটিছ চৰকাৰৰ পৰা ‘ছাৰ’ উপাধি লাভ কৰা প্ৰথম অসমীয়া জনৰ নাম কি?

উত্তৰ : ছাৰ ছৈয়দ চাদুল্ল।

১৪) প্ৰশ্ন : অসমৰ প্ৰথম প্ৰশিক্ষণ প্ৰাপ্ত বিমান চালক কোন আছিল?

উত্তৰ : মহানন্দ দাস।

১৫) প্ৰশ্ন : গহপুৰত ১৯২৮ চনত জন্ম গ্ৰহণ কৰা আৰু জাতীয় পতাকা উৰুৱাব খোজাৰ অপৰাধত গহপুৰ থানাত ব্ৰিটিছৰ গুলীত মৃত্যু বৰণ কৰা অসমৰ শ্বহীদ বীৰাঙ্গনা গৰাকী কোন আছিল?

উত্তৰ : কনকলতা বৰুৱা।

১৬) প্ৰশ্ন : ১৮৮৫ চনত জন্মলাভ কৰা কবি আৰু ‘অসম কেশৰী’ উপাধিৰে সন্মানিত হোৱা অসমৰ প্ৰসিদ্ধ কবি সাহিত্যিক জনৰ নাম কি?

উত্তৰ : অম্বিকাগিৰি ৰায়চৌধুৰী।

১৭) প্ৰশ্ন : ভাৰত ত্যাগ আন্দোলনত ভাগ লোৱা আৰু ১৯৪২ চনৰ ১০ অক্টোবৰত ব্ৰিটিছ ৰেলগাড়ী বগৰাই দিয়াৰ বাবে ১৯৪৩ চনৰ ১৫ জুন তাৰিখে ফাঁচি হোৱা অসমৰ শ্বহীদ জন কোন আছিল?

উত্তৰ : কুশল কোঁৱৰ।

১৮) প্ৰশ্ন : অসমীয়া চলচ্চিত্ৰৰ ‘জনক’, প্ৰসিদ্ধ গীতিকাৰ, সু-অভিনেতা আৰু প্ৰথম অসমীয়া চলচ্চিত্ৰ ‘জয়মতী’ৰ নিৰ্মাতা তথা, শোণিতকুঁৱৰী নাটৰ পৰিচালক জনৰ নাম কি?

উত্তৰ : জ্যোতিপ্ৰসাদ আগৰৱালা।

১৯) প্ৰশ্ন : ১৪৪৯ চনত জন্ম গ্ৰ্হণ কৰা অসমীয়া সাহিত্যৰ ভেটি প্ৰতিষ্ঠা কৰা, বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক তথা অসমৰ ধৰ্ম, সমাজ, সুকুমাৰ কলাৰ প্ৰতিষ্ঠাপক কোন?

উত্তৰ : শ্ৰী মন্ত শংকৰদেৱ।

২০) প্ৰশ্ন : ১৮৫০ চনত গুৱাহাটীত জন্মা অসমৰ প্ৰথম স্নাতক, বেৰিষ্টাৰ, আই. চি. এছ. আৰু ‘নাগাৰ্থ সংগ্ৰহ’ নামৰ বৃহৎ সংস্কৃত ব্যাকৰণৰ তৃতীয় খণ্ডটো ইংৰাজীলৈ অনুবাদ কৰা অসমীয়া পণ্ডিত জন কোন?

উত্তৰ : আনন্দৰাম বৰুৱা।

২১) প্ৰশ্ন : একেধাৰে কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ, অভিনেতা গৰাকীৰ জন্ম ১৯০৯ চনৰ ৩১ জানুৱাৰীত হৈছিল। ‘ভাৰত শ্ৰেষ্ঠ কলাবিদ’ আৰু ‘কলাগুৰু’ উপাধিৰে বিভূষিত এই গৰাকী ব্যক্তি কোন?

উত্তৰ : বিষ্ণুপ্ৰসাদ ৰাভা।

২২) প্ৰশ্ন : উত্তৰ-পূৰ্বাঞ্চলৰ বিজ্ঞান আৰু ঔদ্যোগিক গৱেষণা পৰিষদৰ আঞ্চলিক পৰীক্ষাগাৰ অসমৰ ক’ত অৱস্থিত?

উত্তৰ : যোৰহাট।

২৩) প্ৰশ্ন : কোনখন অসমৰ একমাত্ৰ পাহাৰীয়া চহৰ?

উত্তৰ : হাফলং।

২৪) প্ৰশ্ন : নগাঁৱৰ পুৰণি নাম কি?

উত্তৰ : খাগৰিজান।

২৫) প্ৰশ্ন : কাক ‘বনফুলৰ কবি’ নামেৰে জনা যায়?

উত্তৰ : যতীন্দ্ৰ নাথ দুৱৰা।

২৬) প্ৰশ্ন : উজনি অসমৰ কোন খন চহৰক অৰুণাচল প্ৰদেশৰ বহুতো জিলাৰ ‘দুৱাৰ মুখ’ বুলি কোৱা হয়?

উত্তৰ : ডিব্ৰুগড়।

২৭) প্ৰশ্ন : অসমৰ চাহৰ ৰাজধানী কি?

উত্তৰ : শিৱসাগ।

২৮) প্ৰশ্ন : কোন খন ঠাইক ‘মানচেষ্টাৰ অৱ ইষ্ট’ নামে জনা যায়?

উত্তৰ : মাজুলী।

২৯) প্ৰশ্ন : অসমৰ বৰপেটা কিহৰ বাবে বিখ্যাত?

উত্তৰ : কাঠ শিল্প, বাঁহ-বেতৰ শিল্প তথা কাঁহ শিল্পৰ বাবে।

৩০) প্ৰশ্ন : শিৱসাগৰৰ তলাতল ঘৰ কোন চনত নিৰ্মাণ কৰা হৈছিল?

উত্তৰ : ১৭৬৫ চনত।

৩১) প্ৰশ্ন : ‘ৰংঘৰ কোনে সাজিছিল?

উত্তৰ : প্ৰমত্ত সিংহই।

৩২) প্ৰশ্ন : অসম ৰাজ্যিক সংগ্ৰহালয় ক’ত অৱস্থিত?

উত্তৰ : গুৱাহাটীত।

৩৩) প্ৰশ্ন : অসমৰ কোন খন ঠাইত তৈল নগৰী নামে জনা যায়?

উত্তৰ : ডিগবৈ।

৩৪) প্ৰশ্ন : অসমৰ কোন খন ঠাইক ‘শ্বাস্বত প্ৰেমৰ নগৰী’ বুলি জনা যায়?

উত্তৰ : তেজপুৰ।

৩৫) প্ৰশ্ন : ৰাজেশ্বৰ সিংহই কাৰেংঘৰ কিমান চনত নিৰ্মাণ কৰিছিল?

উত্তৰ : ১৭৫২ চনত।

৩৬) প্ৰশ্ন : দীঘলী পুখুৰীটো কিয় খন্দা হৈছিল?

উত্তৰ : কামৰুপৰ ৰজা ভগদত্তই তেওঁৰ জীয়েকৰ বিয়াৰ সময়ত ‘পানী তোলা’ অনুষ্ঠানৰ সুবিধাৰ্থে দীঘলী পুখুৰীটো খন্দাইছিল।

৩৭) প্ৰশ্ন : সুমেৰু মহাদেশত উপস্থিত হোৱা প্ৰথম অসমীয়া বিজ্ঞানী জন কোন?

উত্তৰ : ৰাঘব চন্দ্ৰ ডেকা।

৩৮) প্ৰশ্ন : গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰা প্ৰথম জন অসমীয়া কোন?

উত্তৰ : ড° সত্যেন্দ্ৰ নাথ শৰ্মা।

৩৯) প্ৰশ্ন : লণ্ডনত পি. এইছ. ডি. ডিগ্ৰী লাভ কৰা প্ৰথম অসমীয়া মহিলা গৰাকী কোন?

উত্তৰ : ড° তিলোত্তমা গগৈ।

৪০) প্ৰশ্ন : যোৰহাটত জন্ম গ্ৰহণ কৰা তেখেত প্ৰথম অসমীয়া মহিলা পাইঅল্ট। তেখেত কোন বাৰু?

উত্তৰ : ধীৰা হাজৰিকা (চলিহা)।

৪১) প্ৰশ্ন : শিৱসাগৰ পুখুৰীৰ পাৰত অৱস্থিত কোনটো মন্দিৰ অসমৰ সৰ্বোচ্চ শিৱ মন্দিৰ?

উত্তৰ : শিৱ দ’ল।

৪২) প্ৰশ্ন : নৱগ্ৰহ মন্দিৰটো গুৱাহাটীৰ কোন পাহাৰত অৱস্থিত?

উত্তৰ : চিত্ৰাচল।

৪৩) প্ৰশ্ন : শিৱ দ’ল, বিষ্ণু দ’ল আৰু দেৱী দ’ল একেলগে অসমৰ কোন খন ঠাইত অৱস্থিত?

উত্তৰ : শিৱসাগৰ।

৪৪) প্ৰশ্ন : প্ৰখ্যাত উমানন্দ মন্দিৰটো কোন চনত স্থাপিত হৈছিল?

উত্তৰ : ১৬৯৪ চনত।

৪৫) প্ৰশ্ন : ভষ্মাচল পাহাৰত কি মন্দিৰ অৱস্থিত?

উত্তৰ : উমানন্দ।

৪৬) প্ৰশ্ন : কামাখ্যা মন্দিৰৰ পুনৰ নিৰ্মাণ কেতিয়া কৰা হৈছিল?

উত্তৰ : ১৬৬৫ চনত।

৪৭) প্ৰশ্ন : অশ্বক্লান্ত মন্দিৰ ক’ত অৱস্থিত?

উত্তৰ : উত্তৰ গুৱাহাটী।

৪৮) প্ৰশ্ন : হিন্দু, বৌদ্ধ আৰু জৈন ধৰ্মৰ শিলালিপি, মূৰ্ত্তি আদি শ্ৰী সূৰ্য পাহাৰত দেখা যায়। এই পাহাৰ খন থকা অসমৰ জিলা খনৰ নাম কি?

উত্তৰ : গোৱালপাৰা।

৪৯) প্ৰশ্ন : কামাখ্যা মন্দিৰটো গুৱাহাতীৰ কোন পাহাৰত অৱস্থিত?

উত্তৰ : নীলাচল পাহাৰত।

৫০) প্ৰশ্ন: কামাখ্যা মন্দিৰৰ সন্মুখত থকা সৰু পুখুৰীটোৰ নাম কি?

উত্তৰ : সৌভাগ্য কুণ্ড।

৫১) প্ৰশ্ন : অসমত মুছলমান সকলৰ পৱিত্ৰ তীৰ্থস্থান খন কোন খন?

উত্তৰ : পোৱা মক্কা (হাজো)।

৫২) প্ৰশ্ন : পঞ্চ পীৰৰ দৰগাহ অসমৰ ক’ত অৱস্থিত?

উত্তৰ : ধুবুৰী।

৫৩) প্ৰশ্ন : গুৱাহাটীত নিৰ্মাণ কৰা ভগৱান ভেংকটেশ্বৰৰ মন্দিৰটোৰ নাম কি?

উত্তৰ : তিৰুপতি বালাজী মন্দিৰ।

৫৪) প্ৰশ্ন : গুৱাহাটী মহানগৰী ‘পঞ্চতীৰ্থ’ নামেৰে জনাজাত। ইয়াৰ চাৰিখন তীৰ্থ হ’ল কামাখ্যা, উমানন্দ, নৱগ্ৰহ আৰু উগ্ৰতাৰা। পঞ্চম খন তীৰ্থ কি?

উত্তৰ : অশ্বক্লান্ত।

৫৫) প্ৰশ্ন : বিল্বেশ্বৰ দেৱালয় অসমৰ কোন খন ঠাইত অৱস্থিত?

উত্তৰ : বেলশৰ (নলবাৰী)।

৫৬) প্ৰশ্ন : গোপেশ্বৰ দেৱালয় ক’ত আৰু কিহৰ বাবে বিখ্যাত?

উত্তৰ : তেজপুৰত আৰু ইয়াত থকা পানীৰ তলৰ শিৱলিংগৰ বাবে ই বিখ্যাত।

৫৭) প্ৰশ্ন : মহাভৈৰৱ মন্দিৰ ক’ত অৱস্থিত?

উত্তৰ : তেজপুৰত।

৫৮) প্ৰশ্ন : নৱগ্ৰহ মন্দিৰটো কোন চনত নিৰ্মাণ কৰা হৈছিল?

উত্তৰ : ১৭৫২ চনত।

৫৯) প্ৰশ্ন : শুক্ৰেশ্বৰ মন্দিৰটো কোন চনত নিৰ্মাণ কৰিছিল?

উত্তৰ : প্ৰমত্ত সিংহই, ১৭৪৪ চনত।

৬০) প্ৰশ্ন : মদন কামদেৱ মন্দিৰ গুৱাহাটীৰ পৰা কিমান কিঃমিঃ দূৰত অৱস্থিত?

উত্তৰ : ৩৪ কিঃ মিঃ।

 

উৎস : অসম কুইজ।

 

ভূগোল

 

১) প্ৰশ্ন : গুৱাহাটী ব্ৰহ্মপুত্ৰ নৈৰ কোন পাৰে অৱস্থিত?

উত্তৰ : দক্ষিণ পাৰে।

২) প্ৰশ্ন : অসমৰ প্ৰধান নদী দুখন কি কি?

উত্তৰ : ব্ৰহ্মপুত্ৰ, বৰাক।

৩) প্ৰশ্ন : অসমৰ সৰ্বোচ্চ শৃংগটো কি?

উত্তৰ : নাম্‌চা বুৰুৱা (Namcha Burwa)।

৪) প্ৰশ্ন : অসমৰ ভিতৰত ডাঙৰ জিলা খনৰ নাম কি?

উত্তৰ : কাৰ্বি আংলং।

৫) প্ৰশ্ন : অসমৰ পশ্চিম সীমাত অৱস্থিত বিদেশী ৰাষ্ট্ৰ খনৰ নাম কি?

উত্তৰ : বাংলাদেশ।

৬) প্ৰশ্ন : অসমৰ কোন খন ঠাইত সমুদ্ৰৰ বালিচৰ পৰি হোৱা লেখা পুখুৰী অৱস্থিত?

উত্তৰ : চান্দডুবি।

৭) প্ৰশ্ন : উত্তৰ কাছাৰ জিলাৰ ‘জাতিংগা’ কোন খন পাহাৰত অৱস্থিত?

উত্তৰ : বৰাইল।

৮) প্ৰশ্ন : অসমত জহকালি হোৱা প্ৰৱল বতাহ-বৰষুণ তথা শিলাবৃষ্টিৰ স্থানীয় নাম কি?

উত্তৰ : বৰদৈচিলা।

৯) প্ৰশ্ন : অসমৰ প্ৰধান নৈ ব্ৰহ্মপুত্ৰৰ মূল সুঁতিটো কি?

উত্তৰ : তমচুক খাম্‌বাব।

১০) প্ৰশ্ন : ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাক কিহে পৃথক কৰিছে?

উত্তৰ : বৰাইল পাহাৰে।

১১) প্ৰশ্ন : অসমৰ আটাইতকৈ ওখ পাহাৰ খনৰ নাম কি?

উত্তৰ : বৰাইল পাহাৰ।

১২) প্ৰশ্ন : অসমত দিয়া চলাইৰ কাৰখানা ক’ত অৱস্থিত?

উত্তৰ : ধুবুৰী।

১৩) প্ৰশ্ন : অসমত মৰাপাটৰ কাৰখানা ক’ত আছে?

উত্তৰ : শিলঘাট।

১৪) প্ৰশ্ন : অসমত সাৰ কাৰখানা ক’ত আছে?

উত্তৰ : নামৰুপ।

১৫) প্ৰশ্ন : অসমৰ কোন খন ঠাইত বিলাতী মাটিৰ কাৰখানা অৱস্থিত?

উত্তৰ : বোকাজান।

১৬) প্ৰশ্ন : কাঁহ-পিতলৰ বাচন-বৰ্তন প্ৰস্তুতৰ বাবে অসমৰ কোন খন ঠাই প্ৰসিদ্ধ?

উত্তৰ : সৰ্থেবাৰী।

১৭) প্ৰশ্ন : অসমৰ চাহ শিল্পৰ কেন্দ্ৰ বুলি কোন খন ঠাইক কোৱা হয়?

উত্তৰ : চাবুৱা।

১৮) প্ৰশ্ন : অসমৰ কোন খন ঠাইত কয়লা চালিত তাপ-বিদ্যুৎ শক্তি কেন্দ্ৰ আছে?

উত্তৰ : বঙাইগাঁও।

১৯) প্ৰশ্ন : অসমৰ মাটি কেই ভাগত ভগাব পাৰি, ভাগ কেইটা কি কি?

উত্তৰ : ৪ ভাগত-বোকামাটি, পলসুৱা মাটি, বালিচহীয়া মাটি আৰু শিলাভূমি।

২০) প্ৰশ্ন : অসমত হোৱা বৃষ্টিপাতৰ গড় কিমান?

উত্তৰ : আনুমানিক ১৭৮ ৰ পৰা ৩০৫ ছেঃমিঃ লৈ।

২১) প্ৰশ্ন : ভাৰতৰ কোন দিশত অসম অৱস্থিত?

উত্তৰ : অসম্ ভাৰতৰ উত্তৰ – পূৱ অঞ্চলত অৱস্থিত।

২২) প্ৰশ্ন : অসমৰ আটাইতকৈ ওখ অঞ্চলত থকা ৰেল ষ্টেচনটো কি?

উত্তৰ : উত্তৰ কাছাৰ জিলাত থকা জাতিংগা। ই সমুদ্ৰ পৃষ্ঠৰ পৰা ২১৫৬.৬৫ ফুট উচ্চতাত উপস্থিত।

২৩) প্ৰশ্ন : অসমৰ গাতে লাগি থকা চাৰি খন বিদেশী ৰাষ্ট্ৰৰ নাম কি কি?

উত্তৰ : বাংলাদেশ, ম্যানমাৰ, ভূটান আৰু চীন দেশ।

২৪) প্ৰশ্ন : অসমত প্ৰচুৰ পৰিমাণে চূণশিল পোৱা দুখন ঠাই কি কি?

উত্তৰ : ডিলাই পাহাৰ, কাৰ্বি আংলং।

 

ইতিহাস

 

১) প্ৰশ্ন : ১২২৮ চনত নাগা সাম্ৰাজ্যৰ সীমাত উপস্থিত হৈ অসমত আহোম ৰাজ্য স্থাপন কৰি ১২৬৮ চনত মৃত্যু বৰণ কৰা আহোম স্বৰ্গদেউ জন কোন আছিল?

উত্তৰ : চাওলুং চুকাফা।

২) প্ৰশ্ন : হিউৱেন চাং অসমলৈ অহাৰ সময়ত কামৰুপৰ ৰজা কোন আছিল?

উত্তৰ : কুমাৰ ভাস্কৰ বৰ্মন।

৩) প্ৰশ্ন : অসমৰ স্বাধীনতা আন্দোলনৰ নেতা, গুৱাহাটীত পোন প্ৰথমে চাইকেল চলাওতা আৰু ‘দেশভক্ত’ নামেৰে পৰিচিত ব্যক্তিজন কোন আছিল?

উত্তৰ : তৰুণ ৰাম ফুকন।

৪) প্ৰশ্ন : আহোম সাম্ৰাজ্যৰ শেষৰ জন স্বৰ্গদেউ কোন আছিল?

উত্তৰ : চন্দ্ৰকান্ত সিংহ।

৫) প্ৰশ্ন : কোন চনত অসমীয়া ভাষাটোৱে ৰাজ্যিক ভাষাৰুপে স্বীকৃতি পাইছিল?

উত্তৰ : ১৯৬১ চনত।

৬) প্ৰশ্ন : কেতিয়া অসমত প্ৰথম ৰেল সেৱা প্ৰৱৰ্তন কৰা হৈছিল?

উত্তৰ : ১৮৮২ চনত।

৭) প্ৰশ্ন : কোন চনত মহাত্মা গান্ধী অসমলৈ আহিছিল?

উত্তৰ : ১৯২১ চনত।

৮) প্ৰশ্ন : অসম বিধান সভাৰ প্ৰথম অধ্যক্ষ কোন আছিল?

উত্তৰ : বসন্ত দাস।

৯) প্ৰশ্ন : অসম এছ’ছিয়েচন কোন চনত গঠিত হৈছিল?

উত্তৰ : ১৯০৫ চনত।

১০) প্ৰশ্ন : অসমত কোন চনত চাহ আৱিস্কাৰ হৈছিল?

উত্তৰ : ১৮২৩ চনত।

১১) প্ৰশ্ন : অসমত আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল?

উত্তৰ : চুকাফা।

১২) প্ৰশ্ন : মুছলমান সকলে কোন চনত প্ৰথম বাৰ অসম আক্ৰমণ কৰিছিল?

উত্তৰ : ১২০৬ চনত।

১৩) প্ৰশ্ন : ১৯৭৯ব চনৰ ১০ ডিচেম্বৰত অসম আন্দোলনত মৃত্যু বৰণ কৰা প্ৰথম জন শ্বহীদ কোন আছিল?

উত্তৰ : খৰ্গেশ্বৰ তালুকদাৰ।

১৪) প্ৰশ্ন : চুতীয়া সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল?

উত্তৰ : বীৰপাল।

১৫) প্ৰশ্ন : অসমৰ উচ্চ ন্যায়ালয় ক’ত অৱস্থিত?

উত্তৰ : গুৱাহাটী।

১৬) প্ৰশ্ন : অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল?

উত্তৰ : গোপীনাথ বৰদলৈ।

১৭) প্ৰশ্ন : কেন্দ্ৰীয় মন্ত্ৰী সভাত মন্ত্ৰীত্ব লাভ কৰা প্ৰথম অসমীয়া মহিলা গৰাকী কোন?

উত্তৰ : ৰেণুকা দেৱী বৰকটকী।

১৮) প্ৰশ্ন : আহোম সাম্ৰাজ্যৰ ৰাজধানী চৰাইদেউ কোন চনত স্থাপিত হৈছিল?

উত্তৰ : ১২৫৩ চনত।

১৯) প্ৰশ্ন : অসমৰ প্ৰথম মহিলা মুখ্য মন্ত্ৰী কোন আছিল?

উত্তৰ : ছৈয়দা আনোৱাৰা টাইমূৰ।

২০) প্ৰশ্ন : আহোম আৰু মোগল সকলৰ শেষ ৰণ খন কোন চনত হৈছিল?

উত্তৰ : ১৬৮১ চনত।

২১) প্ৰশ্ন : অসমত প্ৰথম ধ্বংসাত্মক ভূমিকম্পটো কোন চনত সংঘটিত হৈছিল?

উত্তৰ : ১৫৪৮ চনত।

২২) প্ৰশ্ন : অসহযোগ আন্দোলন অসমত কোন চনত আৰম্ভ হৈছিল?

উত্তৰ : ১৯২০ চনত।

২৩) প্ৰশ্ন : গুৱাহাটী উচ্চ ন্যায়ালয় কোন চনত স্থাপিত হৈছিল?

উত্তৰ : ১৯৪৮ চনত।

২৪) প্ৰশ্ন : কোন চনত শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল?

উত্তৰ : ১৬৭১ চনত।

২৫) প্ৰশ্ন : অসমৰ প্ৰখ্যাত মন্দিৰ ‘উমানন্দ’ কেতিয়া নিৰ্মাণ কৰা হৈছিল?

উত্তৰ : ১৬৯৪ চনত।

২৬) প্ৰশ্ন : পৃথিৱীৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰ ‘ডিগবৈ তেল শোধনাগাৰ’ কেতিয়াৰ পৰা কাৰ্যক্ষম হয়?

উত্তৰ : ১৯০১ চনৰ পৰা।

২৭) প্ৰশ্ন : অসমৰ জলপথত প্ৰথম জাহাজ সেৱা আৰম্ভ হৈছিল?

উত্তৰ : ১৮৪৭ চনত।

২৮) প্ৰশ্ন : ‘টেলিফোন’ আৰু ‘টেলিগ্ৰাফ’ সেৱা অসমত প্ৰচলিত হৈছিল?

উত্তৰ : ১৮৬৬ চনৰ পৰা।

২৯) প্ৰশ্ন : অসমত ৰাষ্ট্ৰপতি শাসন প্ৰথমবাৰৰ বাবে কেতিয়া পৰা বলৱৎ কৰা হৈছিল?

উত্তৰ : ১৯৭৯ চনৰ পৰা।

৩০) প্ৰশ্ন : অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন কেতিয়া অনুস্থিত হৈছিল?

উত্তৰ : ১৯১৭ চনত।

৩১) প্ৰশ্ন : অসমত কোন চনৰ পৰা মাটিৰ ‘ম্যাদী প্ৰথা’ৰ প্ৰচলন আৰম্ভ হৈছিল?

উত্তৰ : ১৮৮৬ চনৰ পৰা।

৩২) প্ৰশ্ন : জয়দ’ল, জয়সাগৰ পুখুৰী আৰু ৰংমহল কোনজন আহোম স্বৰ্গদেৱে নিৰ্মাণ কৰিছিল?

উত্তৰ : স্বৰ্গদেউ ৰুদ্ৰসিংহ।

৩৩) প্ৰশ্ন : অসমত ৬০০ বছৰৰো অধিক কাল ৰাজত্ব কৰা আহোম সকলৰ ৰাজধানী চহৰ খনৰ নাম কি?

উত্তৰ : শিৱসাগৰ।

৩৪) প্ৰশ্ন : আহোম সকলৰ শেষ কীৰ্তি স্তম্ভটো গুৱাহাতীৰ ক’ত অৱস্থিত?

উত্তৰ : বশিষ্ঠাশ্ৰমত।

৩৫) প্ৰশ্ন : ১৮৮৯ চনত অসমৰ কোনখন ঠাইত ভাৰতৰ ভিতৰতে সৰ্বপ্ৰথম খাৰুৱা তেল আৱিস্কাৰ হৈছিল?

উত্তৰ : ডিগবৈ।

৩৬) প্ৰশ্ন :  অসমৰ কোনজন স্বৰ্গদেউক ‘ল’ৰা ৰজা’ বুলিও জনা যায়?

উত্তৰ : ৰত্নধ্বজ সিংহ বা চুলিকফা।

৩৭) প্ৰশ্ন : স্বাধীনতাৰ পাছত গোপীনাথ বৰদলৈ অসমৰ প্ৰথম মুখ্যমন্ত্ৰী হোৱাৰ সময়ত বিৰোধী পক্ষৰ নেতা কোন আছিল?

উত্তৰ : গৌৰীশংকৰ ভট্টাচাৰ্য।

৩৮) প্ৰশ্ন : অসম মন্ত্ৰী পৰিষদৰ সদস্য পদ লাভ কৰা প্ৰথম গৰাকী মহিলা কোন আছিল?

উত্তৰ : শ্ৰীমতী পদ্ম কুমাৰী গোহাঁই।

৩৯) প্ৰশ্ন : স্বাধীনতাৰ পাছত বিধান সভাৰ প্ৰথম অধ্যক্ষ কোন আছিল?

উত্তৰ : হৰেশ্বৰ গোস্বামী।

৪০) প্ৰশ্ন : অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল?

উত্তৰ : আকবৰ হাইদৰী।

৪১) প্ৰশ্ন : অসমৰ ‘কুমাৰ ৰজা’ বুলি পৰিচিত ব্যক্তি গৰাকী কোন?

উত্তৰ : ভাস্কৰ বৰ্মন।

৪২) প্ৰশ্ন : অসমৰ প্ৰথম ব্ৰিটিছ ছীফ কমিছনাৰ কোন আছিল?

উত্তৰ : কলোনেল কীটিং।

৪৩) প্ৰশ্ন : ‘অভ্যন্তৰীণ সীমা আইন’ কেতিয়া কাৰ্যকৰী কৰা হয়?

উত্তৰ : ১৮৭৩ চনত।

৪৪) প্ৰশ্ন : প্ৰাচীন কামৰুপৰ কোন গৰাকী ৰাজকুমাৰীক কাশ্মীৰৰ ৰজাই বিয়া কৰাইছিল?

উত্তৰ : ৰাজকুমাৰী অমৃত প্ৰভাক কাশ্মীৰৰ ৰজা মেঘবাহনে বিয়া কৰাইছিল।

৪৫) প্ৰশ্ন : ব্ৰহ্মপুত্ৰ নদীক তিনিটা নদীৰ ‘সংগমস্থলী’ বুলি কোৱা হয়?

উত্তৰ : দিহিং, দিবং আৰু লোহিত নদী।

৪৬) প্ৰশ্ন : আহোম আৰু মোগলৰ মআজৰ শেষ যুদ্ধ খন কোন চনত আৰু ক’ত অনুষ্ঠিত হৈছিল?

উত্তৰ : ১৬৮১ চনৰ ইটাখুলি নামৰ ঠাইত।

৪৭) প্ৰশ্ন : গুৱাহাটী বিশ্ববিদ্যালয় খন কেতিয়া স্থাপিত হৈছিল?

উত্তৰ : ১৯৪৮ চনত।

৪৮) প্ৰশ্ন : ইংৰাজে ভাৰতত প্ৰতিষ্ঠা কৰা প্ৰথম চাহ উদ্যোগ কোনটো?

উত্তৰ : ইষ্ট ইণ্ডিয়া কোম্পানীৰ দ্বাৰা স্থাপিত চাবুৱা চাহ বাগিছা।

৪৯) প্ৰশ্ন : অসম আক্ৰমণ কৰা প্ৰথম জন মোগল আক্ৰমণকাৰী কোন আছিল?

উত্তৰ : মহম্মদ ইবন বখ্‌তিয়া।

৫০) প্ৰশ্ন : কংগ্ৰেছৰ প্ৰথম সাধাৰণ সভা অসমৰ ক’ত আৰু কেতিয়া অনুষ্ঠিত হৈছিল?

উত্তৰ : ১৯২৬ চনত গুৱাহাটীৰ পাণ্ডুত।

৫১) প্ৰশ্ন : ‘অসম ছাত্ৰ সন্মিলনী’ কেতিয়া গঠন কৰা হৈছিল আৰু ইয়াৰ প্ৰথম সভাপতি কোন আছিল?

উত্তৰ : ১৯১৬ চনত। সভাপতি আছিল লক্ষ্মীনাথ বেজবৰুৱা।

 

উৎস : অসম কুইজ।

 

 

উৎসৱ – পাৰ্বণ

 

১) প্ৰশ্ন : শস্যৰ খেতি আৰু চপোৱাৰ লগত জড়িত থকা অসমৰ উৎসৱটো কি?

উত্তৰ : বিহু।

২) প্ৰশ্ন : ব’হাগ বিহুৱে কিহৰ আগমনৰ সূচনা কৰে?

উত্তৰ : অসমীয়া নৱবৰ্ষ।

৩) প্ৰশ্ন : অসমৰ চাহ জনজাতীয় লোক সকলে পালন কৰা উল্লেখনীয় উৎসৱটো কি?

উত্তৰ : টুচু-পূজা।

৪) প্ৰশ্ন : ৰাভা সকলে পালন কৰা বসন্ত উৎসৱটোক কি নামে জনা যায়?

উত্তৰ : বাইখো।

৫) প্ৰশ্ন : অসমৰ কোন খন ঠাইত অতি উৎসাহ – উদ্দীপনাৰে ‘শিৱৰাত্ৰি’ পালন কৰা হয়?

উত্তৰ : শিৱসাগৰৰ শিৱদ’ল।

৬) প্ৰশ্ন : কোনজন অসমীয়া প্ৰসিদ্ধ চলচ্চিত্ৰ নিৰ্মাতাই পোনপ্ৰথম বাৰৰ বাবে বিহু পতাকা খন অংকন কৰিছিল?

উত্তৰ : নিপ বৰুৱা।

৭) প্ৰশ্ন : কামাখ্যা দেৱীৰ মন্দিৰত ‘তান্ত্ৰিক’ শক্তিৰ ধৰ্মীয় আনুষ্ঠানিকতাৰে পালন কৰা অদ্বিতীয় উৎসৱটো কি?

উত্তৰ : অম্বুবাচী মেলা।

৮) প্ৰশ্ন : অসমৰ জাতীয় উৎসৱ কি?

উত্তৰ : বিহু।

৯) প্ৰশ্ন : মাঘ বিহুৰ আগদিনা ৰাতি মানুহে একলগ হৈ খেৰ-নৰাৰে সজা ঘৰৰ চাৰিওফালে প্ৰীতি ভোজ খায়। এই নৰাৰ ঘৰটোক কি বোলে?

উত্তৰ : ভেলা ঘৰ।

 

ৰীতি – নীতি, পৰম্পৰা, ধৰ্ম আৰু ধৰ্মীয় বিশ্বাস সমূহ

১) প্ৰশ্ন : তাঁতশালত বোৱা অসমীয়া সংস্কৃতিৰ প্ৰতীক চিহ্ন কি?

উত্তৰ : গামোছা।

২) প্ৰশ্ন : অসমীয়া মানুহে বিশিষ্ট ব্যক্তি সকলক গামোছাৰে কি জনায়?

উত্তৰ : সম্বৰ্দ্ধনা, শ্ৰদ্ধা।

৩) প্ৰশ্ন : অসমীয়া পুৰুষ সকলে পৰিধান কৰা মুখ্য পোছাক কি?

উত্তৰ : ধুতি – চুৰিয়া।

৪) প্ৰশ্ন : অসমীয়া মহিলা সকলৰ প্ৰধান সাজ-পোছাক কি?

উত্তৰ : মেখেলা – চাদৰ।

৫) প্ৰশ্ন : বিহু নৃত্য পৰিবেশনৰ সময়ত অসমীয়া মহিলাই হাতত কি পিন্ধে?

উত্তৰ : গামখাৰু।

৬) প্ৰশ্ন : অসমীয়া লোক সকলে ৰঙালী বিহুৰ সময়ত আত্মীয় – স্বজনক কিদৰে শুভেচ্ছ জনায়?

উত্তৰ : গামোছাৰে।

৭) প্ৰশ্ন : সত্ৰীয়া নৃত্যই কোনটো বৰ্ষত ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছিল?

উত্তৰ : ২০০০ চনত।

৮) প্ৰশ্ন : বিশেষকৈ মাঘৰ বিহুত চাউলৰ গুড়িৰে কি বনোৱা হয়?

উত্তৰ : পিঠা।

৯) প্ৰশ্ন : অসমীয়া লোকৰ নীতি অনুসৰি নৱজাতক শিশু জন্মৰ এঘাৰ দিনৰ দিনা পালন কৰা উৎসটোৰ নাম কি?

উত্তৰ : গাননি।

১০) প্ৰশ্ন : অসমৰ প্ৰধান লোক-সংগীত সমূহৰ নাম কি কি?

উত্তৰ : আইনাম, বিয়ানাম, গোৱালপৰীয়া লোকগীত, কামৰুপী লোকগীত, বিহুগীত, বনগীত, জিকিৰ-জাৰী ইত্যাদি।

১১) প্ৰশ্ন : অসমৰ মুখ্য লোক নৃত্য সমূহৰ নাম কি কি?

উত্তৰ : বিহু নৃত্য, সূত্ৰধাৰী নৃত্য, সত্ৰীয়া নৃত্য, বাগৰুম্বা, ওজাপালি, দেৱদাসী, দেওধানী, ৰাভা নৃত্য, বড়ো নৃত্য, ঝুমুৰ নৃত্য, মিচিং বিহু, দেউৰী নৃত্য ইত্যাদি।

১২) প্ৰশ্ন : ‘চুড়াকৰণ’ কি?

উত্তৰ : অসমীয়া ব্ৰাহ্মণ আৰু আন উচ্চ হিন্দু খাপৰ ল’ৰাৰ জন্মৰ আঢ়ৈ বছৰ মান বয়সত মূৰৰ সকলো চুলি খুৰাই মাজ মূৰত সৰু চুলি একোছা ৰখাৰ সংস্কাৰটোৱেই হৈছে চুড়াকৰণ।

১৩) প্ৰশ্ন : গামোছা কি?

উত্তৰ : অসমীয়া মহিলা শিপিনীয়ে বোৱা এক ধৰণৰ কাপোৰ। অসমীয়া লোক সকলে ৰঙালী বিহুৰ সময়ত গামোছাৰে আত্মীয় স্বজনক শুভেচ্ছা জনায়।

১৪) প্ৰশ্ন : অসমীয়া সমাজত কোন কেইটা তিথিত আমিষ ভোজন নিষেধ?

উত্তৰ : অমাৱস্যা, পূৰ্ণিমা আৰু একাদশী।

১৫) প্ৰশ্ন : শ্ৰী মন্ত শংকৰদেৱে অসমত কি আন্দোলনৰ গুৰি ধৰিছিল?

উত্তৰ : ভক্তি।

১৬) প্ৰশ্ন : মহাপুৰুষ শংকৰদেৱৰ জন্ম কেতিয়া হৈছিল?

উত্তৰ : ১৪৪৯ চনত।

১৭) প্ৰশ্ন : বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক শ্ৰী গোপাল দেৱৰ দ্বাৰা অসমত কিমান খন সত্ৰ প্ৰতিষ্ঠা হৈছিল?

উত্তৰ : ১২ খন।

১৮) প্ৰশ্ন : অসমীয়া সমাজত কিহক উৰ্বৰতাৰ প্ৰতীক হিচাপে বিশ্বাস কৰা হয়?

উত্তৰ : মাছ।

১৯) প্ৰশ্ন : শ্ৰী মন্ত শংকৰদেৱে কিমান বছৰ বয়সত বৈকুণ্ঠ প্ৰয়াণ হয়?

উত্তৰ : ১১৯ বছৰ।

২০) প্ৰশ্ন : শংকৰদেৱে প্ৰচাৰ কৰা ধৰ্মটোৰ নাম কি?

উত্তৰ : একশৰণ বৈষ্ণৱ ধৰ্ম।

২১) প্ৰশ্ন : মাধৱদেৱ কোন আছিল?

উত্তৰ : শংকৰদেৱৰ প্ৰধান শিষ্য। শংকৰদেৱেৰ মৃত্যুৰ পাছত মাধৱদেৱে একশৰণ ভাগৱতী বৈষ্ণৱ ধৰ্মৰ গুৰি বঠা ধৰিছিল।

২২) প্ৰশ্ন : বৈষ্ণৱ ধৰ্মৰ মুখ্য অনুষ্ঠান সমূহ কি কি?

উত্তৰ : সত্ৰ আৰু নামঘৰ।

২৩) প্ৰশ্ন: শংকৰদেৱে ক’ত জন্ম গ্ৰহণ কৰিছিল?

উত্তৰ : নগাঁৱৰ বৰদোৱা বা বটদ্ৰৱাত।

২৪) প্ৰশ্ন : অসমৰ সত্ৰ সমূহৰ প্ৰতিষ্ঠাপক কোন?

উত্তৰ : মহাপুৰুষ শ্ৰী মন্ত শংকৰদেৱ।

২৫) প্ৰশ্ন : মহাপুৰুষ শংকৰদেৱৰ ক’ত বৈকুণ্ঠ প্ৰয়াণ হয়?

উত্তৰ : কোচবিহাৰ (বৰ্তমান পশ্চিমবংগ)।

 

উৎস : অসম কুইজ।

 

 

 

ভাষা আৰু সাহিত্য

 

১) প্ৰশ্ন : অসমীয়া ভাষাটো ভাৰতীয় কোন গোষ্ঠীৰ ভাষা?

উত্তৰ : আৰ্য।

২) প্ৰশ্ন : পশ্চিম অসমত অসমীয়া ভাষাটো কি ভাষাৰুপে পৰিগণিত?

উত্তৰ : কামৰুপী।

৩) প্ৰশ্ন : শ্ৰী মন্ত শংকৰদেৱে তেখেতৰ নাট সমূহ লিখোতে কি ভাষা ব্যৱহাৰ কৰিছিল?

উত্তৰ : ব্ৰজাৱলী।

৪) প্ৰশ্ন : কোন চনত কোনে অসমীয়া ভাষাক অসমত নতুনকৈ প্ৰতিষ্ঠিত কৰিছিল?

উত্তৰ : ১৮৭২ চনত , চাৰ জৰ্জ কেম্পবেলে।

৫) প্ৰশ্ন : ছেক্সপীয়েৰৰ কোনখন নাট অসমীয়ালৈ অনূদিত প্ৰথম নাট?

উত্তৰ : কমেদী অৱ এৰৰ্চ।

৬) প্ৰশ্ন : কোন চনত আইন মতে অসমীয়া ভাষা ৰাজ্যিক চৰকাৰী ভাষা হিচাপে পৰিগণিত হয়?

উত্তৰ : ১৯৬০ চনত।

৭) প্ৰশ্ন : অসমীয়া চুটি গল্পৰ ‘পিতৃস্বৰুপ’ কোন?

উত্তৰ : লক্ষ্মীনাথ বেজবৰুৱা।

৮) প্ৰশ্ন : ১৯৯০ চনত কাৰ দ্বাৰা ৰচিত কোনখন উপন্যাস হৈছে প্ৰথম অসমীয়া উপন্যাস?

উত্তৰ : পদ্মনাথ গোহাঞি বৰুৱা, ভানুমতী।

৯) প্ৰশ্ন : শংকৰদেৱৰ দ্বাৰা উদ্ভাৱিত এক অংকযুক্ত নাটসমূহক কি নাট বোলা হয়?

উত্তৰ : অংকীয়া নাট।

১০) প্ৰশ্ন : সাহিত্য একাডেমী বঁটা লাভ কৰা কোনখন পুথি প্ৰথম অসমীয়া পুথি?

উত্তৰ : বনফুল।

১১) প্ৰশ্ন : ৰাজ্যখনৰ মুঠ কিমান শতাংশতকৈও অধিক লোকে অসমীয়া ভাষা কয়?

উত্তৰ : ৬০ শতাংশতকৈ অধিক।

১২) প্ৰশ্ন : প্ৰথম অসমীয়া অভিধানখন কিমান চনত কোনে ৰচিত আৰু প্ৰকাশিত কৰিছিল?

উত্তৰ : ১৮৬৭ চন, মাইলছ ব্ৰনছনে।

১৩) প্ৰশ্ন : প্ৰথম অসমীয়া গদ্য সংকলন ‘কথা গীতা’ৰ ৰচক কোন?

উত্তৰ : ভট্টদেৱ।

১৪) প্ৰশ্ন : আনন্দৰাম ঢেকিয়াল ফুকনৰ দ্বাৰা ৰচিত কোন খন পুথি অসমীয়া ভাষাৰ প্ৰথম পাঠ্যপুথি?

উত্তৰ : অসমীয়া ল’ৰাৰ মিত্ৰ।

১৫) অসমীয়া ভাষা লিখনিত শ্বৰ্ট হেণ্ড (Short Hand) পদ্ধতি প্ৰৱৰ্তন কৰা প্ৰথম ব্যক্তিজনৰ নাম কি?

উত্তৰ : ফণী শৰ্মা।

১৬) প্ৰশ্ন : অসম সাহিত্য সভাই প্ৰকাশ কৰা প্ৰথম অসমীয়া অভিধান খনৰ নাম কি?

উত্তৰ : চন্দ্ৰকান্ত অভিধান।

১৭) প্ৰশ্ন : অসমৰ মুখ্য ভাষা কি?

উত্তৰ : অসমীয়া।

১৮) প্ৰশ্ন : হিন্দী ভাষালৈ অনূদিত প্ৰথম অসমীয়া কিতাপ খনৰ নাম কি?

উত্তৰ : চিত্ৰ ভাগৱত।

১৯) প্ৰশ্ন : অসমীয়া ভাষা – সাহিত্যৰ ‘পিতৃ’ কোন?

উত্তৰ : শ্ৰী মন্ত শংকৰদেৱ।

২০) প্ৰশ্ন : অসমীয়া চুটি গল্পৰ জনক কোন?

উত্তৰ : লক্ষ্মীনাথ বেজবৰুৱা।

২১) প্ৰশ্ন : সাহিত্য অকাডেমী বঁটা লাভ কৰা প্ৰথম অসমীয়া কাব্যগ্ৰন্থ ‘বনফুল’ (১৯৫৫) ৰ ৰচক কোন?

উত্তৰ : যতীন্দ্ৰ নাথ দুৱৰা।

২২) প্ৰশ্ন : ‘উত্তৰাকাণ্ড ৰামায়ণ’ৰ অসমীয়া অনুবাদ কোনে কৰিছিল?

উত্তৰ : শ্ৰী মন্ত শংকৰদেৱে।

২৩) প্ৰশ্ন : ‘শোণিত কুঁৱৰী’ নাটক খনৰ লেখক কোন?

উত্তৰ : ৰুপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা।

২৪) প্ৰশ্ন : অসমীয়া ভাষা, সাহিত্য আৰু সংস্কৃতিৰ উন্নতিৰ বাবে গঠিত সংস্থাটোৰ নাম কি?

উত্তৰ : অসম সাহিত্য সভা।

২৫) প্ৰশ্ন : ‘ৰামায়ণ’ কোনে অসমীয়ালৈ অনুবাদ কৰিছিল?

উত্তৰ : মাধৱ কন্দলী।

২৬) প্ৰশ্ন : অসমীয়া সাহিত্যৰ ‘ৱাল্টাৰ স্কট’ বুলি কাক আখ্যা দিয়া হয়?

উত্তৰ : ৰজনীকান্ত বৰদলৈ।

২৭) প্ৰশ্ন : প্ৰায় সমগ্ৰ ‘মহাভাৰত’ কোনে অসমীয়াত ৰচনা কৰিছিল?

উত্তৰ : ৰাম সৰস্বতী।

২৮) প্ৰশ্ন : ‘গ্ৰামাটিকেল নোটছ অৱ দ্য আছামিজ লেংগুৱেজ’ নামৰ পুথিখন কোনে ৰচনা কৰিছিল?

উত্তৰ : নাথান ব্ৰাউন।

২৯) প্ৰশ্ন : অনাতাঁৰ যোগে সম্প্ৰচাৰ হোৱা অসমীয়া ভাষাৰ প্ৰথম নাট খনৰ নাম কি?

উত্তৰ : বীণ বৰাগী।

৩০) প্ৰশ্ন : অসমীয়া ভাষাত বৰ্তমানলৈকে সৰ্বাধিক সংখ্যক কিতাপ লিখা সাহিত্যিক গৰাকী কন?

উত্তৰ : ৰঞ্জু হাজৰিকা।

৩১) প্ৰশ্ন: বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ গুৰু সকলৰ জীৱনীৰ ওপৰত ৰচিত এক শ্ৰেণীৰ সাহিত্য পুথি সমূহক অসমীয়া ভাষাত কি বুলি জনা যায়?

উত্তৰ : চৰিত পুথি।

৩২) প্ৰশ্ন : সংগীত সাধনাৰ ক্ষেত্ৰত প্ৰথম অসমীয়া পুথি খনৰ নাম কি?

উত্তৰ : সংগীত কোষ (লক্ষ্মীনাথ বেজবৰুৱা)।

৩৩) প্ৰশ্ন : ইতিহাসৰ আন এটা নাম কি?

উত্তৰ : বুৰঞ্জী।

৩৪) প্ৰশ্ন : অসমীয়া ভাষাৰ প্ৰকৃত গদ্য সাহিত্যৰ জন্মদাতা কোন?

উত্তৰ : ভট্টদেৱক।

৩৫) প্ৰশ্ন : অসমীয়াৰ উপৰিও অসমত সৰ্বাধিক প্ৰচলিত ভাৰতীয় ভাষা কেইটা  কি কি?

উত্তৰ : হিন্দী, ইংৰাজী, বঙালী, বড়ো, কাৰ্বি ইত্যাদি।

৩৬) প্ৰশ্ন : প্ৰথম প্ৰথম অসমীয়া ছপা কৰা পুথি খনৰ নাম আৰু প্ৰকাশৰ চনটো কি?

উত্তৰ : ‘ধৰ্ম-পুস্তক’, ১৮১৩ৱ চনত।

৩৭) প্ৰশ্ন : অসমীয়া ভাষাৰ উৎপত্তি কেতিয়া হৈছিল?

উত্তৰ : খ্ৰীষ্টীয় নৱম-দশম শতিকাত।

৩৮) প্ৰশ্ন : জোনাকী যুগৰ ত্ৰিমূৰ্ত্তি কোন কোন?

উত্তৰ : লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰ কুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামী।

৩৯) প্ৰশ্ন : অসমীয়া ভাষাত প্ৰথম প্ৰকাশিত ‘ডাইজেষ্ট’ আলোচনী খনৰ নাম কি?

উত্তৰ : তফজ্জুল আলি সম্পাদিত ‘সংগম’।

৪০) প্ৰশ্ন : অসমীয়া বৈষ্ণৱ সাহিত্যৰ প্ৰধান গ্ৰন্থ কেইখন কি কি?

উত্তৰ : কীৰ্তন ঘোষা, নামঘোষা, দশম আৰু ভক্তি ৰত্নাকৰ।

৪১) প্ৰশ্ন : ‘অসমীয়া ভাষা উন্নতি সাধিনী সভা’ৰ প্ৰথম অধিবেশন ক’ত আৰু  কেতিয়া হৈছিল?

উত্তৰ : ১৮৮৮ চনৰ ২৫ আগষ্টত ৬৭ নং মিৰ্জাপুৰ ষ্ট্ৰীট (বৰ্তমান সূৰ্যসেন ষ্ট্ৰীট), কলিকতা (বৰ্তমান ক’লকাতা) - ৯ ত হৈছিল।

৪২) প্ৰশ্ন : কোনে প্ৰথম অসমীয়া ভাষাত সাধুকথাৰ পুথি ৰচনা কৰে?

উত্তৰ : ১৮৫০ চনত এলিজা ব্ৰাউনে।

৪৩) প্ৰশ্ন : প্ৰাক-শংকৰী যুগৰ কবি সকলৰ নাম কি কি?

উত্তৰ : হেম সৰস্বতী, কবিৰত্ন সৰস্বতী, ৰুদ্ৰ কন্দলী, হৰিহৰ বিপ্ৰ আৰু মাধৱ কন্দলী।

৪৪) প্ৰশ্ন : কোনে, কেতিয়া বিষ্ণুপ্ৰসাদ ৰাভাক ‘কলাগুৰু’ উপাধি প্ৰদান কৰিছিল?

উত্তৰ : কাশী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য সৰ্বপল্লী ৰাধাকৃষ্ণণ মেননে, ১৯৪০ চনত।

৪৫) প্ৰশ্ন : ‘ধন্য নৰ তনু ভাল’ নামৰ পুথি খন কোনে ৰচনা কৰিছিল?

উত্তৰ : শংকৰদেৱৰ জীৱনৰ ওপৰত ভিত্তি কৰি ছৈয়দ আব্দুল মালিকে এই উপন্যাস খন ৰচনা কৰিছিল।

৪৬) প্ৰশ্ন : অসমীয়া ভাষা কোনবোৰ ভাষাৰ সমন্বয়ৰ ফলত গঢ় লৈ উঠিছিল?

উত্তৰ : মাগধী, প্ৰাকৃত, আৰ্যোত্তৰ ভাষাসমূহ, জনজাতীয় ভাষা, ইংৰাজী, স্পেনিছ, ওলন্দাজ, পাৰ্ছী, আৰবী আদি বিদেশী ভাষা সমূহৰ সমন্বয়ৰ ফলত অসমীয়া ভাষা গঢ় লৈ উঠিছিল।

৪৭) প্ৰশ্ন : ‘কীৰ্তন-ঘোষা’ আৰু ‘নামঘোষা’ ৰ ৰচক কোন?

উত্তৰ : মহাপুৰুষ শংকৰদেৱে কীৰ্তন ঘোষা আৰু মাধৱদেৱে নামঘোষা ৰচনা কৰিছিল।

৪৮) প্ৰশ্ন : পূৰ্বতে আহোম সকল কোন ভাষা গোষ্ঠীৰ অন্তৰ্ভূক্ত আছিল?

উত্তৰ : পূৰ্বতে আহোম সকল টাই ভাষাৰ অন্তৰ্ভূক্ত আছিল।

৪৯) প্ৰশ্ন : অসমীয়া ভাষা উন্নয়নৰ বাবে বৰঙণি আগবঢ়োৱা দুজন মিছনেৰীৰ নাম কি কি?

উত্তৰ : তেওঁলোক হ’ল মাইলছ ব্ৰনছন আৰু নাথান ব্ৰাউন।

৫০) প্ৰশ্ন : মামণি ৰয়চম গোস্বামীৰ জন্ম কেতিয়া হৈছিল?

উত্তৰ : ১৮৪২ চনৰ ১৪ নৱেম্বৰত।

৫১) প্ৰশ্ন : মামণি ৰয়চম গোস্বামীয়ে কেতিয়া ‘জ্ঞানপীঠ বঁটা’ অৰ্জন কৰিছিল?

উত্তৰ : ২০০০১ চনত।

৫২) প্ৰশ্ন : অসমৰ প্ৰথম বাতৰি কাকত ‘অৰুনোদই’ৰ প্ৰতিস্থাপক সম্পাদক কোন আছিল?

উত্তৰ : নাথান ব্ৰাউন।

৫৩) প্ৰশ্ন : ‘সাহিত্যৰথী’ নামেৰে জনাজাত অসমৰ প্ৰখ্যাত সাহিত্যিক জনৰ নাম কি?

উত্তৰ : লক্ষ্মীনাথ বেজবৰুৱা।

৫৪) প্ৰশ্ন : অসমৰ ‘অ’ মোৰ আপোনাৰ দেশ’ নামৰ জাতীয় সঙ্গীতটোৰ ৰচক কোন?

উত্তৰ : লক্ষ্মীনাথ বেজবৰুৱা।

৫৫) প্ৰশ্ন : কাক ১৯৫৮ চনত ‘পদ্মশ্ৰী’ আৰু  ১৯৬৭ চনত ‘অলকানন্দা’ৰ বাবে সাহিত্য অকাডেমী বঁটা প্ৰদান কৰা হয়?

উত্তৰ : নলিনীবালা দেৱী।

৫৬) প্ৰশ্ন : অসমীয়া ভাষাই কিমান চনত ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছিল?

উত্তৰ : ১৯৬১ চনত।

৫৭) প্ৰশ্ন : অসামৰ প্ৰথম বাতৰি কাকত ‘অৰুনোদই’ কিমান চনৰ প্ৰকাশিত হৈছিল?

উত্তৰ : ১৮৪৬ চনত।

৫৮) প্ৰশ্ন : প্ৰথম অসমীয়া মাহেকীয়া আলোচনী ‘জোনাকী’ প্ৰথমবাৰ কলিকতাৰ (এতিয়াৰ ক’লকাতা) পৰা প্ৰকাশিত হৈছিল?

উত্তৰ : ১৮৮৯ চনত।

৫৯) প্ৰশ্ন : জ্ঞানপীঠ বঁটাৰে সন্মানিত প্ৰথম জন অসমীয়া সাহিত্যিক কোন?

উত্তৰ : বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য।

৬০) প্ৰশ্ন : প্ৰথম ৰেকৰ্ডিং কৰা অসমীয়া নাট খনৰ নাম কি?

উত্তৰ : ৰুক্মিণী হৰণ।

৬১) প্ৰশ্ন : মহাপুৰুষ শংকৰদেৱে কেইখন অংকীয়া নাট লিখিছিল?

উত্তৰ : ছয় খন।

৬২) প্ৰশ্ন : কম্পিউটাৰত কোনে প্ৰথমে অসমীয়া পুথি লিখি উলিয়াইছিল?

উত্তৰ : দিলীপ কুমাৰ দত্ত।

৬৩) প্ৰশ্ন : প্ৰথম অসমীয়া অনূদিত গ্ৰন্থ খনৰ নাম কি?

উত্তৰ : যাত্ৰিকৰ যাত্ৰা।

৬৪) প্ৰশ্ন : কাক ‘অসমীয়া সাহিত্য-সংস্কৃতিৰ জনক’ বুলি কোৱা হয়?

উত্তৰ : শ্ৰী মন্ত শংকৰদেৱ।

৬৫) প্ৰশ্ন : অসমীয়া দিনপঞ্জীৰ প্ৰথম মাহ কোনটো?

উত্তৰ : ব’হাগ।

৬৬) প্ৰশ্ন : প্ৰথম অসমীয়া ব্যাকৰণ খনৰ নাম কি?

উত্তৰ : অসমীয়া ভাষাৰ ব্যাকৰণ।

৬৭) প্ৰশ্ন : প্ৰথম অসমীয়া সাহিত্যৰ বুৰঞ্জী পুথি খনৰ নাম কি?

উত্তৰ : অসমীয়া সাহিত্যৰ বুৰঞ্জী।

৬৮) প্ৰশ্ন : প্ৰথম অসমীয়া দৈনিক বাতৰি কাকত খনৰ নাম কি?

উত্তৰ : দৈনিক বাতৰি।

৬৯) প্ৰশ্ন : প্ৰথম অসমীয়া কবিতা পুথি খনৰ নাম কি?

উত্তৰ : প্ৰহ্লাদ চৰিত।

৭০) প্ৰশ্ন : প্ৰথম অসমীয়া বুৰঞ্জী মূলক উপন্যাস খনৰ নাম কি?

উত্তৰ : ভানুমতী।

৭১) প্ৰশ্ন : প্ৰথম অসমীয়া আত্মজীৱনী খনৰ নাম কি?

উত্তৰ : অসমীয়া পুথিৰ তালিকা।

৭২) প্ৰশ্ন : প্ৰথম অসমীয়া ছনেট (sonnet) পুথি খন কি?

উত্তৰ : মলাৰ।

 

উৎস : অসম কুইজ।

 

হস্ত শিল্প

 

১) প্ৰশ্ন : অসমৰ গৌৰৱময় সূতা কি?

উত্তৰ : মুগা।

২) প্ৰশ্ন : শুৱালকুছি কিহৰ বাবে বিখ্যাত?

উত্তৰ : পাট আৰ মুগাৰ বাবে বিখ্যাত।

৩) প্ৰশ্ন : গুৱাহাটীৰ আমবাৰীস্থ খনন কেন্দ্ৰটো কিহৰ বাবে প্ৰসিদ্ধ?

উত্তৰ : মৃৎ শিল্প।

৪) প্ৰশ্ন : হাজো আৰু সৰ্থেবাৰী কিহৰ বাবে বিখ্যাত?

উত্তৰ : কুমাৰশালৰ।

৫) প্ৰশ্ন : পাট-মুগাৰ পলুৰ খাদ্য যোগান কেন্দ্ৰস্থলটো ক’ত?

উত্তৰ : শিৱসাগৰ।

৬) প্ৰশ্ন : ‘অ’ক টাচাৰ’ অসমত কোন চনত প্ৰচলিত হয়?

উত্তৰ : ১৯৭২ চনত।

৭) প্ৰশ্ন : পৰ্যটকৰ আকৰ্ষণ বৃদ্ধি কৰা অসমৰ দুবিধ মুখ্য বাঢ়ৈ সঁজুলিৰ নাম কি কি?

উত্তৰ : এশিঙীয়া গঁড় আৰু কামাখ্যা মন্দিৰৰ প্ৰতিৰুপ।

৮) প্ৰশ্ন : কাঁহী, শৰাই, বাটি, লোটা ইত্যাদি কি ধাতুৰ দ্বাৰা তৈয়াৰী?

উত্তৰ : পিতল।

 

চাহ উদ্যোগ

 

১) প্ৰশ্ন : কোন চনত অসমত প্ৰথমবাৰ চাহৰ আৱিষ্কাৰ হৈছিল?

উত্তৰ : ১৮২৩ চনত।

২) প্ৰশ্ন : চাহৰ বৈজ্ঞানিক নাম কি?

উত্তৰ : কেমেলিয়া চিনেনচিছ।

৩) প্ৰশ্ন : অসমত বছৰি গড়ে চাহ উৎপন্নৰ পৰিমাণ কিমান?

উত্তৰ : ৪০০ মিলিয়ন কিঃ গ্ৰাঃ (প্ৰায়)।

৪) প্ৰশ্ন : উত্তৰ-পূৰ্বাঞ্চলৰ আঞ্চলিক চাহ গৱেষণা কেন্দ্ৰ্টো ক’ত অৱস্থিত?

উত্তৰ : যোৰহাটৰ টোক্‌লাই।

৫) প্ৰশ্ন : অসমৰ কোনটো চাহ প্ৰতিষ্ঠান ভাৰতৰ ভিতৰতে বৃহত্তম চাহ উদ্যোগ প্ৰতিষ্ঠান?

উত্তৰ : কাকজান চাহ প্ৰতিষ্ঠান।

৬) প্ৰশ্ন : অসমৰ প্ৰথম চাহ উদ্যোগ প্ৰতিষ্ঠান কোনটো?

উত্তৰ : দি আছাম কোম্পানী।

৭) প্ৰশ্ন : গুৱাহাটী চাহ নিলাম কেন্দ্ৰটো কোন চনত প্ৰতিষ্ঠা হৈছিল?

উত্তৰ : ১৯৭০ চনত।

৮) প্ৰশ্ন : অসমৰ কোনখন জিলাত গুডৰিক চাহ উদ্যোগটো প্ৰতিষ্ঠিত হৈছিল?

উত্তৰ : দৰং জিলাত।

৯) প্ৰশ্ন : প্ৰথম চাহ খেতি আৰম্ভ কৰা প্ৰথম অসমীয়াজন কোন আছিল?

উত্তৰ : জগন্নাথ বৰুৱা।

১০) প্ৰশ্ন : ভাৰতত উৎপাদিত মুঠ চাহৰ কিমান শতাংশ অসমত উৎপাদিত হয়?

উত্তৰ : ৫৫ শতাংশ।

১১) প্ৰশ্ন : চিংফৌ সকলৰ পৰা কোনে চাহৰ অৱস্থিতী আৱিষ্কাৰ কৰিছিল?

উত্তৰ : চাৰ আলেকজেণ্ডাৰ ব্ৰুছ।

১২) প্ৰশ্ন : অসমত ‘চাহ বাগিছাৰ জনক’ বুলি কাক কোৱা হয়?

উত্তৰ : চাৰ আলেকজেণ্ডাৰ ব্ৰুছ।

১৩) প্ৰশ্ন : কোনে প্ৰথম বাৰৰ বাবে অসমত চাহ খেতিৰ প্ৰচলন কৰিছিল আৰু কেনেদৰে কৰিছিল?

উত্তৰ : চিংফৌ সকলে চাহ খেতি আৰম্ভ কৰিছিল আৰু ইয়াক দৰব হিচাপে ব্যৱহাৰ কৰিছিল।

১৪) প্ৰশ্ন : ব্ৰিটিছ সকলে অসমত (ভাৰত) স্থাপন কৰা প্ৰথম চাহ উদ্যোগটোৰ নাম কি?

উত্তৰ : ইষ্ট ইণ্ডিয়া কোম্পানীৰ দ্বাৰা স্থাপিত ‘চাবুৱা চাহ প্ৰতিষ্ঠান’।

১৫) প্ৰশ্ন : অসমৰ যোৰহাটত থকা ভাৰতৰ বৰ্তমান সৰ্ববৃহৎ চাহ বাগিছা খনৰ নাম কি?

উত্তৰ : মুঠ ১৩৭৩ হেক্টৰ মাটিকালিৰে সৈতে অসমৰ শোণিতপুৰ জিলাৰ কাকজান চাহ প্ৰতিষ্ঠান।

১৬) প্ৰশ্ন : পৃথিৱীৰ সবাতোকৈ পুৰণি আৰু এছিয়াৰ সৰ্ববৃহৎ চাহ গৱেষণাগাৰটোৰ নাম কি আৰ ই ক’ত অৱস্থিত?

উত্তৰ : যোৰহাটৰ টোকোলাইত অৱস্থিত ‘টোকলাই চাহ গৱেষণা কেন্দ্ৰ’।

১৭) প্ৰশ্ন : অসমৰ কোন কেইখন জিলাত সৰ্বাধিক চাহ উৎোআদন হয়?

উত্তৰ : অসমৰ ক্ৰমে ডিব্ৰুগড়, যোৰহাট, শোণিতপুৰ, শিৱসাগৰ, লখিমপুৰ আৰু কাছাৰ এই জিলা কেইখনত সৰ্বাধিক চাহ উৎপাদন হয়।

১৮) প্ৰশ্ন : পৃথিৱীৰ সবাতোকৈ বেছি চাহ উৎপন্ন হোৱা অঞ্চলটোৰ নাম কি?

উত্তৰ : প্ৰায় ৭০০ খন চাহ বাগিছাৰে উজনি অসমৰ অঞ্চল সমূহত পৃথিৱীৰ সৰ্বাধিক চাহ উৎপন্ন হয়।

১৯) প্ৰশ্ন : বাণিজ্যিক সুবিধাৰ্থে কোনে প্ৰথমে চাহ খেতি আৰম্ভ কৰিছিল?

উত্তৰ : মণিৰাম দেৱান।

২০) প্ৰশ্ন : অসম চাহ নিগম (Assam Tea Corporation) কেতিয়া গঠন কৰা হয়?

উত্তৰ : ১৯৭৩ চনত।

২১) প্ৰশ্ন : সৰ্বমুঠ চাহ নিলামৰ ক্ষেত্ৰত বিশ্বৰ দ্বিতীয় স্থান প্ৰাপ্ত বৰ্তমান পৃথিৱীৰ ভিতৰতে সৰ্ববৃহৎ চি.টি.চি. (CTC) চাহ নিলাম কেন্দ্ৰটো কি?

উত্তৰ : ১৯৭০ চনত স্থাপিত গুৱাহাটী চাহ নিলাম কেন্দ্ৰ।

 

উদ্ভিদকুল আৰু প্ৰাণীকুল

 

১) প্ৰশ্ন : ‘পিগমী-হ’গ (Pigmy-Hog) ৰ অসমীয়া স্থানীয় নাম কি?

উত্তৰ : নল গাহৰি।

২) প্ৰশ্ন : শোণিতপুৰ জিলাৰ মুখ্য আকৰ্ষণ সমূহ কি কি?

উত্তৰ : বেংগল ফ্লোৰিকান আৰু এশিঙীয়া গঁড়।

৩) প্ৰশ্ন : ভাৰতীয় ধনেশ পক্ষী আৰু বৃহৎ পখৰা ধনেশ পক্ষীক একেলগে কি বুলি কোৱা হয়?

উত্তৰ : দেওহাঁহ।

৪) প্ৰশ্ন : ভাৰত চৰকাৰে কিমান চনত বৰনদীক বন্যপ্ৰাণী অভয়াৰণ্যৰ স্বীকৃতি প্ৰদান কৰে?

উত্তৰ : ১৯৮১ চনত।

৫) প্ৰশ্ন : অসমৰ বহত্তম বৃক্ষ ডালৰ নাম কি?

উত্তৰ : হলং।

৬) প্ৰশ্ন : অসমত পোৱা বন-মানুহ বিধক কি বুলি কোৱা হয়?

উত্তৰ : হুলক গিবন।

৭) প্ৰশ্ন : কোনবিধ জন্তৰ বাবে অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান খনে বিশ্ব দৰবাৰত গৌৰৱ কঢ়িয়াই আনিছে?

উত্তৰ : এশিঙীয়া গঁড়।

৮) প্ৰশ্ন : গৰমপানী অভয়াৰণ্য কিহৰ বাবে বিখ্যাত?

উত্তৰ : গৰমপানীৰ উঁহৰ বাবে বিখ্যাত।

৯) প্ৰশ্ন : গুৱাহাটীৰ মহানগৰৰ কোন ঠাইত এশিঙীয়া গঁড় পোৱা যায়?

উত্তৰ : ৰাজ্যিক চিৰিয়াখানা সংলগ্ন ব’টানিকেল উদ্যান।

১০) প্ৰশ্ন : অসমৰ সমভূমি অঞ্চলৰ জিলা সমূহৰ বনজ সম্পদ সমূহ সংৰক্ষণৰ দায়িত্ব কাৰ ওপৰত অৰ্পণ কৰা হৈছে?

উত্তৰ : বন বিভাগ, অসম।

১১) প্ৰশ্ন : অসমৰ ৰাজ্যিক পশু কি?

উত্তৰ : এশিঙীয়া গঁড়।

১২) প্ৰশ্ন : ‘ইউ ডাইনামিছ স্কোলোপাছিয়া’ বৈজ্ঞানিক নামৰ এই পক্ষীৰ প্ৰজাতিটোৰ অসমৰ বিহু উৎসৱৰ লগত এক বিশেষ গুৰুত্ব জড়িত। পক্ষী বিধৰ নাম কি?

উত্তৰ : কুলি।

১৩) প্ৰশ্ন : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান খনৰ মুঠ মাটিকালি কিমান?

উত্তৰ : ৪৩০ বৰ্গ কিঃমিঃ (প্ৰায়)।

১৪) প্ৰশ্ন : সোণাই-ৰুপাই অভয়াৰণ্য খন ক’ত অৱস্থিত?

উত্তৰ : শোণিতপুৰ জিলাত।

১৫) প্ৰশ্ন : মানস অভয়াৰণ্য কোন বিধ জন্তৰ বাবে বিখ্যাত?

উত্তৰ : বাঘ।

১৬) প্ৰশ্ন : পবিতৰা অভয়াৰণ্যই কোন চনত ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছিল?

উত্তৰ : ১৯৮৭ চনত।

১৭) প্ৰশ্ন : মানস ৰাষ্ট্ৰীয় উদ্যানে কোন চনত ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছিল?

উত্তৰ : ১৯৯০ চনত।

১৮) প্ৰশ্ন : নামেৰী ৰাষ্ট্ৰীয় উদ্যান খন ক’ত অৱস্থিত?

উত্তৰ : শোণিতপুৰ জিলা।

১৯) প্ৰশ্ন : অসমৰ বৃহত্তম ৰাষ্ট্ৰীয় উদ্যান খন কোন খন?

উত্তৰ : মানাহ ৰাষ্ট্ৰীয় উদ্যান।

 

উৎস : অসম কুইজ।

 

 

পৰিবহণ আৰু যোগাযোগ ব্যৱস্থা

 

১) প্ৰশ্ন : উত্তৰ – পূৱ সীমান্ত ৰেলৱেৰ মুখ্য কায্যালয় ক’ত অৱস্থিত?

উত্তৰ : মালিগাঁও।

২) প্ৰশ্ন : ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত শৰাইঘাট দলঙৰ নক্সা আৰু পৰিকল্পনা কোনে কৰিছিল?

উত্তৰ : শ্ৰী বি. চি. গাংগুলী।

৩) প্ৰশ্ন : ডিব্ৰুগড় ৰেলৱে কৰ্মশালা কোন চনত নিৰ্মান কৰা হৈছিল?

উত্তৰ : ১৮৮১ চনত।

৪) প্ৰশ্ন : শিলচৰৰ বিমান ঘাটি ক’ত অৱস্থিত?

উত্তৰ : কুম্ভীৰগ্ৰাম।

৫) প্ৰশ্ন : অসমৰ প্ৰথম আকাশী জানৰ চালক জন কোন?

উত্তৰ : মহানন্দ দাস।

৬) প্ৰশ্ন : ১৯৬২ চনত ব্ৰহ্মপুত্ৰ নৈৰ ওপৰত শৰাইঘাটৰ দলং উদ্ধোধন কোনে কৰিছিল?

উত্তৰ : জৱাহৰলাল নেহৰু।

৭) প্ৰশ্ন : অসমত কোন চনত নৌ-সেৱা আৰম্ভ হৈছিল?

উত্তৰ : ১৮৪৭ চনত।

৮) প্ৰশ্ন : অসমৰ ভাৰতৰ আন ঠাইৰ লগত সংযোগ কৰা ৰাষ্ট্ৰীয় ঘাইপথটো কি?

উত্তৰ : ঘাইপথ নং ৩১।

৯) প্ৰশ্ন : অসমত প্ৰধান ঘাইপথ কেতিয়া স্থাপন হৈছিল?

উত্তৰ : ১৮৬৬ চনত।

১০) প্ৰশ্ন : ব্ৰহ্মপুত্ৰ নৈৰ ওপৰত প্ৰথম নৌ সেৱাৰ কাম-কাজ কোন চনত আৰম্ভ হৈছিল?

উত্তৰ : ১৮৩৩ চনত।

১১) প্ৰশ্ন : শৰাইঘাট দলং কোন চনত প্ৰতিষ্ঠিত হৈছিল?

উত্তৰ : ১৯৬৩ চনৰ এপ্ৰিলত।

১২) প্ৰশ্ন : অসমৰ ৰে’লৰ সংযোগ প্ৰকল্প কোন চনত সম্পন্ন কৰা হৈছিল?

উত্তৰ : ১৯৫০ চনত।

১৩) প্ৰশ্ন : অসমত কিমানটা বিমান বন্দৰ আছে?

উত্তৰ : ৬ টা।

১৪) প্ৰশ্ন : অসমত কিমান চনত ৰে’ল লাইন স্থাপন কৰা হৈছিল?

উত্তৰ : ১৮৮৫ চনত।

১৫) প্ৰশ্ন : ব্ৰহ্মপুত্ৰ নৈৰ ওপৰত নৰনাৰায়ণ সেতুৰ নিৰ্মাণ কাৰ্য কোন চনত আৰম্ভ হৈছিল?

উত্তৰ : ১৯৯৮ চনৰ ১৫ এপ্ৰিলত।

১৬) প্ৰশ্ন : অসমত টেলিগ্ৰাফ আৰু টেলিফোন সেৱা কিমান চনত আৰম্ভ হৈছিল?

উত্তৰ : ১৮৬৬ চনত।

১৭) প্ৰশ্ন : অসমৰ ক’ত ৰে’লৰ ইঞ্জিন মেৰামতি কৰা হয়?

উত্তৰ : ডিব্ৰুগড় আৰু বঙাইগাঁৱত।

১৮) প্ৰশ্ন : ব্ৰহ্মপুত্ৰ নৈৰ ওপৰত কিমান খন দলং আছে ?

উত্তৰ : ব্ৰহ্মপুত্ৰ নৈৰ ওপৰত চাৰিখন দলং আছে : শৰাইঘাট দলং, (গুৱাহাটী-আমিনগাঁও), কলিয়াভোমোৰা (শিলঘাট-তেজপুৰ), নৰনাৰায়ণ সেতু (যোগীঘোপা-পঞ্চৰত্ন), বগীবিল সেতু (নিৰ্মীয়মান অৱস্থাত)।

১৯) প্ৰশ্ন : গুৱাহাটীত প্ৰথম ব্ৰডগজ কেতিয়া স্থাপন হৈছিল?

উত্তৰ : ১৯৮৪ চনৰ ২৪ এপ্ৰিল।

২০) প্ৰশ্ন : অসমৰ ৰে’লপথ পৰিবহণ ব্যৱস্থাযুক্ত দুখন দলঙৰ নাম কি কি?

উত্তৰ : শৰাইঘাট দলং আৰু নৰনাৰায়ণ সেতু।

২১) প্ৰশ্ন : উত্তৰ-পূৰ্বাঞ্চলৰ অসমত অৱস্থিত আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰটো কি নামেৰে জনা যায়?

উত্তৰ : লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰ।

২২) প্ৰশ্ন : অসমৰ আটাইতকৈ ওখ ঠাইত অৱস্থিত ৰে’ল ষ্টেচন কোনটো?

উত্তৰ : উত্তৰ কাছাৰ পাৰ্বত্য অঞ্চলৰ জাতিংগা।

 

বঁটা আৰু বঁটা বিজয়ী সকল

 

১) প্ৰশ্ন : অসমীয়া সাহিত্যৰ সৰ্বশ্ৰেষ্ঠ বঁটা বিধ কি?

উত্তৰ : অসম উপত্যকা সাহিত্য বঁটা।

২) প্ৰশ্ন : ক্ৰীড়াৰ ক্ষেত্ৰত অনবদ্য অৰিহণা যোগোৱা ক্ৰীড়াবিদক কি বঁটা দিয়া হয়?

উত্তৰ : লাচিত বঁটা।

৩) প্ৰশ্ন : যশস্বী লেখিকা পূৰবী বৰমুদৈয়ে অসম উপত্যকা সাহিত্য বঁটা কেতিয়া লাভ কৰিছিল?

উত্তৰ : ২০১১ চনত।

৪) প্ৰশ্ন : অসমীয়া সংস্কৃতিলৈ বিশিষ্ট অৱদান আগবঢ়োৱাৰ বাবে কি বঁটা প্ৰদান কৰা হয়?

উত্তৰ : বিষ্ণুৰাভা।

৫) প্ৰশ্ন : শ্ৰীমন্ত শংকৰদেৱ বঁটা কিমান বছৰ বয়সৰ অধিক ব্যক্তিলৈ আগবঢ়োৱা হয়?

উত্তৰ : ৫০ বছৰ ।

৬) প্ৰশ্ন : সাহিত্য অকাডেমী বঁটা বিজয়ী প্ৰথম গৰাকী সাহিত্যিক কোন?

উত্তৰ : যতিন্দ্ৰনাথ দুৱৰা।

৭) প্ৰশ্ন : কোন হয় যাৰ জন্ম হৈছিল ১৯৪২ চনৰ ১৪ নৱেম্বৰত। সন্মানীয় ‘জ্ঞানপীঠ বঁটা’ বিজয়ী এই গৰাকী দ্বিতীয় অসমীয়া সাহিত্যিক। এই গৰাকী সাহিত্যিকে ২০০১ চনত নিজ সাহিত্য কৰ্মৰ বাবে এই বঁটা লাভ কৰে। সাহিত্যিক গৰাকী কোন?

উত্তৰ : মামণি ৰয়চম গোস্বামী।

৮) প্ৰশ্ন : তেখেত আছিল অসমৰ প্ৰথম গৰাকী মুখ্যমন্ত্ৰী। তেখেতক ১৯৯৯ চনত মৰণোত্তৰ ভাৱে ‘ভাৰতৰত্ন’ বঁটাৰে বিভূষিত কৰা হৈছিল?

উত্তৰ : গোপীনাথ বৰদলৈ।

৯) প্ৰশ্ন : এজন প্ৰখ্যাত লেখকৰ এখন উপন্যাস হ’ল ‘মৃত্যুঞ্জয়’। ১৯৭৯ চনত এই উপন্যাস খনৰ বাবে তেখেতে প্ৰথম বাৰলৈ অসমীয়া সাহিত্যৰ বাবে সন্মানীয় ‘জ্ঞানপীঠ বঁটা’ লাভ কৰে। এই সাহিত্যিক গৰাকী কোন?

উত্তৰ : ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য।

১০) প্ৰশ্ন : তেওঁ বিশ্ববিখ্যাত শিল্পী আৰু সংগীতজ্ঞ। ১৯৯২ চনত ‘দাদা চাহেব ফাল্কে বঁটা’ আৰু ২০০৯ চনত ‘সংগীত ৰত্ন’ বঁটা লাভ কৰা এই গৰাকী প্ৰথম অসমীয়া ব্যক্তি। ব্যক্তি গৰাকী কোন?

উত্তৰ : ড° ভূপেন হাজৰিকা।

১১) প্ৰশ্ন : ১৮৯৮ চনত জন্ম গ্ৰহণ কৰা আৰু ১৯৫৪ চনত অসম সাহিত্য সভাৰ সভাপতি পদ অলংকৃত কৰা এই গৰাকী মহিলাই ১৯৫৮ চনত ‘পদ্মশ্ৰী’ আৰু ১৯৬৭ চনত ‘সাহিত্য অকাডেমী বঁটা’ লাভ কৰে। মহিলাগৰাকী কোন?

উত্তৰ : নলিনীবালা দেৱী।

১২) প্ৰশ্ন : সু-অভিনেত্ৰী চেতনা দাসক ২০০০ চনৰ ৫ ডিচেম্বৰ তাৰিখে কি বঁটা প্ৰদান কৰা হৈছিল?

উত্তৰ : আম্বেদকাৰ বঁটা।

১৩) প্ৰশ্ন : ১৯৯৮ চনৰ ২৫ জানুৱাৰী তাৰিখে সু-গায়িকা দিপালী বৰঠাকুৰক কি বঁটা প্ৰদান কৰা হৈছিল?

উত্তৰ : পদ্মশ্ৰী বঁটা।

১৪) প্ৰশ্ন : ২০০৭ চনত কোন গৰাকী প্ৰসিদ্ধ সাহিত্যিকক ‘শ্ৰী মন্ত শংকৰদেৱ’ বঁটাৰে সন্মানিত কৰা হৈছিল?

উত্তৰ : হোমেন বৰগোহাঞি।

১৫) প্ৰশ্ন : কোনজন অসমীয়াই ২০০০ চনত ‘ভাৰত শ্ৰী’ উপাধি লাভ কৰিছিল?

উত্তৰ : বিজিত গগৈ।

১৬) প্ৰশ্ন : ২০১২ চনত কোনজন ব্যক্তিক বড়ো ভাষাত ৰচিত ‘বড়ো খুন্তাই’ নামৰ কাব্য সংকলনৰ বাবে সাহিত্য অকাডেমী বঁটাৰে সন্মানিত কৰা হৈছিল?

উত্তৰ : গুণেশ্বৰ মুছাহাৰী।

১৭) প্ৰশ্ন : কোনজন অসমীয়াক ‘সত্যজিৎ ৰায় বঁটা’ আৰু ‘দাদা চাহেব ফাল্কে বঁটা’ প্ৰদান কৰা হৈছিল?

উত্তৰ : ড° ভূপেন হাজৰিকা।

১৮) প্ৰশ্ন : ১৯৯০ চনত ‘অসম সাহিত্য উপত্যকা বঁটা’ কোনজন ব্যক্তিক সৰ্বপ্ৰথমে প্ৰদান কৰা হৈছিল?

উত্তৰ : ড° ভবেন্দ্ৰনাথ শইকীয়া।

১৯) প্ৰশ্ন : অসমৰ কোনজন মুকাভিনয় শিল্পীয়ে ২০০৯ বৰ্ষত সংগীত নাটক অকাডেমী বঁটা লাভ কৰিছে?

উত্তৰ : মইনুল হক।

২০) প্ৰশ্ন : ২০১২ চনত কোনজন ব্যক্তিক ৰাষ্ট্ৰপতিৰ পদ্মবিভূষণ বঁটা (মৰণোত্তৰভাৱে) প্ৰদান কৰা হৈছিল?

উত্তৰ : ড° ভূপেন হাজৰিকা।

২১) প্ৰশ্ন : সাহিত্য অকাডেমী বঁটা লাভ কৰা প্ৰথম খন অসমীয়া উপন্যাস ইয়াৰুইঙ্গমৰ লেখকৰ নাম উল্লেখ কৰা আৰু এই গ্ৰন্থ খনে কিমান চনত সাহিত্য অকাডেমী বঁটা লাভ কৰে?

উত্তৰ : বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, ১৯৬১ চনত।

২২) প্ৰশ্ন : কোনখন অসমীয়া বোলছবিয়ে প্ৰথম আন্তঃৰাষ্ট্ৰীয় পুৰষ্কাৰ লাভ কৰিছিল? বোলছবি খনৰ পৰিচালক কোন?

উত্তৰ : ‘সাগৰলৈ বহু দূৰ’, পৰিচালক জাহ্নু বৰুৱা।

২৩) প্ৰশ্ন : ১৯৭৯ চনত কোনজন সাহিত্যিকে ‘জ্ঞানপীঠ বঁটা’ লাভ কৰিছিল আৰু এই বঁটা বিজয়ী গ্ৰন্থ খনৰ নাম কি?

উত্তৰ : ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, ‘মৃত্যুঞ্জয়’ উপন্যাস খনৰ বাবে।

২৪) প্ৰশ্ন : ২০০০ চনৰ ২৩ ডিচেম্বৰ তাৰিখে দুজন অসমীয়াক ‘ভাযাচাৰ্য’ বঁটা প্ৰদান কৰা হৈছিল। ব্যক্তি দুগৰাকী কোন?

উত্তৰ : ড° উপেন্দ্ৰ নাথ গোস্বামী (মৰণোত্তৰভাৱে) আৰু ড° গোলোক চন্দ্ৰ গোস্বামী।

২৫) প্ৰশ্ন : অসম সাহিত্য সভাই প্ৰদান কৰা সন্মানীয় উপাধি দুটা কি কি?

উত্তৰ : সদস্য মহীয়ান আৰু সাহিত্যাচাৰ্য।

 

চলচ্চিত্ৰ, নাটক, থিয়েটাৰ আৰু মনোৰঞ্জন

 

১) প্ৰশ্ন : ড° ভবেন্দ্ৰ নাথ শইকীয়াই কোন খন চলচ্চিত্ৰৰ বাবে আৰু কিমান চনত শ্ৰেষ্ঠ নাট্য লিপিৰ ৰাষ্ট্ৰীয় পুৰষ্কাৰ লাভ কৰিছিল?

উত্তৰ : ১৯৮৬ চনত ‘অগ্নিস্নান’ চলচ্চিত্ৰ খনৰ বাবে।

২) প্ৰশ্ন : ১৯৯৬ চনত ছিংগাপুৰত অনুষ্ঠিত চলচ্চিত্ৰ মহোৎসৱত কোনজন অসমীয়া অভিনেতাক কোন খন চলচ্চিত্ৰৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ পুৰষ্কাৰ প্ৰদান কৰা হৈছিল?

উত্তৰ : ‘সাগৰলৈ বহু দূৰ’ৰ বাবে বিষ্ণু খাৰঘৰীয়াক প্ৰদান কৰা হৈছিল।

৩) প্ৰশ্ন : অসমত কিমান চনত দূৰদৰ্শন সেৱা ব্যৱস্থা কাৰ্যকৰী হৈছিল?

উত্তৰ : ১৯৮২ চনৰ ১৯ নৱেম্বৰত যেতিয়া দিল্লীত ‘এছিয়ান গেম্‌ছ’ অনুষ্ঠিত হৈছিল।

৪) প্ৰশ্ন : গুৱাহাটী দূৰদৰ্শনত কেতিয়া আৰু কাৰ তত্বাৱধানত প্ৰথম কুইজ প্ৰতিযোগিতা প্ৰচাৰিত হৈছিল?

উত্তৰ : প্ৰবক্তা দিলীপ কুমাৰ বৰুৱাৰ তত্বাৱধানত ১৯৮৫ চনৰ ২৮ মাৰ্চত।

৫) প্ৰশ্ন : কোনখন অসমীয়া কথাছবিয়ে প্ৰথমে ‘এ’ চাৰ্টিফিকেট লাভ কৰিছিল?

উত্তৰ : মৰিচীকা।

৬) প্ৰশ্ন : অল ইণ্ডিয়া ৰেডিঅ’, গুৱাহাটী যোগে প্ৰচাৰিত প্ৰথম অসমীয়া অনাতাঁৰ নাট খনৰ নাম কি?

উত্তৰ : হৃদয়ৰ প্ৰয়োজন।

৭) প্ৰশ্ন : কোন জন অসমীয়া কথাছবি পৰিচালকে প্ৰথমে ৰাষ্ট্ৰ্পতি পদক লাভ কৰিছিল?

উত্তৰ : নিপ বৰুৱাই।

৮) প্ৰশ্ন : অনা-অসমীয়া চলচ্চিত্ৰ নিৰ্মাণ কৰা প্ৰথ অসমীয়া পৰিচালক জন কোন আৰু তেওঁ নিৰ্মাণ কৰা চলচ্চিত্ৰ খনৰ নাম কি?

উত্তৰ : প্ৰমথেশ বৰুৱা, দেৱদাস।

৯) প্ৰশ্ন : প্ৰতিখন ছবিতে শ্ৰেষ্ঠ আঞ্চলিক ছবিৰ ৰাষ্ট্ৰীয় ৰজত কমল বঁটা লাভ কৰা ছবি নিৰ্মাতা গৰাকী কোন?

উত্তৰ : ড° ভবেন্দ্ৰ নাথ শইকীয়া।

১০) প্ৰশ্ন : ১৯৯২ চনত ড° ভূপেন হাজৰিকাই কোন খন চলচ্চিত্ৰৰ বাবে শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা লাভ কৰিছিল?

উত্তৰ : ৰুদালি।

১১) প্ৰশ্ন : ১৯৫৯ চনত ‘বাৰ্লিন চলচ্চিত্ৰ মহোৎসৱত’ অংশ গ্ৰহণ কৰি শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰা অসমীয়া অভিনেত্ৰী গৰাকী কোন?

উত্তৰ : জ্ঞানদা কাকতি।

১২) প্ৰশ্ন : শেখৰ কাপুৰ নিৰ্মিত চলচ্চিত্ৰ ‘বেণ্ডিত কুইন’ত অভিনয় কৰা আৰু ১৯৯৭ চনৰ ‘ফিল্মফেয়াৰ’ চলচ্চিত্ৰ মহোৎসৱত ‘শ্ৰেষ্ঠ আত্মপ্ৰকাশ’ অভিনেত্ৰীৰ বঁটা লাভ কৰা অসমীয়া অভিনেত্ৰী গৰাকী কোন?

উত্তৰ : সীমা বিশ্বাস।

১৩) প্ৰশ্ন : ৰাজ্য খনৰ সবাতোকৈ প্ৰসিদ্ধ আৰু ঐতিহ্যময় থিয়েটাৰ গৃহ ‘বেন-ষ্টেজ’ ক’ত অৱস্থিত?

উত্তৰ : তেজপুৰ।

১৪) প্ৰশ্ন : জ্যোতি চিত্ৰবন কোন চনত স্থাপিত হৈছিল?

উত্তৰ : ১৯৬৮ চনত।

১৫) প্ৰশ্ন : কোন খন অসমীয়া চলচ্চিত্ৰই প্ৰথম শ্ৰেষ্ঠ সংগীত পৰিচালনাৰ বঁটা লাভ কৰিছিল?

উত্তৰ : চামেলি মেমচাব।

১৬) প্ৰশ্ন : ১৯৪৮ চনত কোন খন ছবিত বিষ্ণুপ্ৰসাদ ৰাভাই সংগীত পৰিচালনা কৰিছিল?

উত্তৰ : চিৰাজ।

১৭) প্ৰশ্ন : ফিল্ম ফেয়াৰ বঁটা লাভ কৰা প্ৰথম অসমীয়া ব্যক্তিজন কোন?

উত্তৰ : বিজয় চৌধুৰী।

১৮) প্ৰশ্ন : ১৯৫৫ চনত প্ৰথম ৰাষ্ট্ৰীয় আঞ্চলিক বঁটা লাভ কৰা চলচ্চিত্ৰ খন কি?

উত্তৰ : পিয়লি ফুকন।

১৯) প্ৰশ্ন : অসমীয়া চলচ্চিত্ৰৰ প্ৰথম কেমেৰামেন গৰাকী কোন?

উত্তৰ : প্ৰতাপ বৰুৱা।

২০) প্ৰশ্ন : নটসূৰ্য ফণী শৰ্মাই ‘জয়মতী’ চলচ্চিত্ৰত কি চৰিত্ৰত অভিনয় কৰিছিল?

উত্তৰ : চাউদাং বৰুৱা।

২১) প্ৰশ্ন : ড° ভূপেন হাজৰিকাৰ প্ৰথম বঙালী ছবিখনৰ নাম কি আছিল?

উত্তৰ : মাহুত বন্ধুৰে।

২২) প্ৰশ্ন : জ্যোতিপ্ৰসাদ আগৰৱালাই প্ৰতিষ্ঠা কৰা প্ৰথম চলচ্চিত্ৰ ষ্টুডিঅ’টোৰ নাম কি?

উত্তৰ : জয়মতী।

২৩) প্ৰশ্ন : প্ৰথম অসমীয়া চলচ্চিত্ৰ অভিনেত্ৰী কোন আছিল?

উত্তৰ : আইদেউ সন্দিকৈ।

২৪) প্ৰশ্ন : প্ৰথম অসমীয়া হাস্যৰসাত্মক চলচ্চিত্ৰ কোন খন?

উত্তৰ : ইটো সিটো বহুতো।

২৫) প্ৰশ্ন : অসমীয়া চলচ্চিত্ৰৰ প্ৰথম পৰিচালক কোন?

উত্তৰ : প্ৰমথেশ বৰুৱা।

২৬) প্ৰশ্ন : জাহ্নু বৰুৱাৰ দ্বাৰা পৰিচালক কোন খন চলচ্চিত্ৰই ২০০২ চনৰ শ্ৰেষ্ঠ আঞ্চলিক ভাষাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে?

উত্তৰ : মণিকাৰ ৰামধেনু।

২৭) প্ৰশ্ন : প্ৰথম অসমীয়া শিশু চলচ্চিত্ৰ কি?

উত্তৰ : অবুজ বেদনা।

২৮) প্ৰশ্ন : অসমীয়া ভাষাৰ প্ৰথম চলচ্চিত্ৰ খনৰ নাম কি?

উত্তৰ : জয়মতী।

২৯) প্ৰশ্ন : প্ৰথম অসমীয়া সংগীত পৰিচালিকা কোন আছিল?

উত্তৰ : মনীষা বৰুৱা।

৩০) প্ৰশ্ন : প্ৰথম অসমীয়া গ্ৰামোফোন ৰেকৰ্ডৰ শিল্পী জনৰ নাম কি?

উত্তৰ : প্ৰফুল্ল চন্দ্ৰ বৰুৱা।

৩১) প্ৰশ্ন : একেৰাহে সংগীত পৰিচালনা, অভিনয় আৰু চিনেমা পৰিচালনা কৰা অসমৰ শিল্পী গৰাকী কোন?

উত্তৰ : জুবিন গাৰ্গ।

৩২) প্ৰশ্ন : অসমৰ থিয়েটাৰৰ পুৰণি কালত প্ৰচলিত মূল ভেটি দুটা কি কি?

উত্তৰ : ওজাপালি আৰু পুতলা নাচ।

৩৩) প্ৰশ্ন : শংকৰদেৱে ৰচনা কৰা ভাওনা আৰু অংকীয়া নাটৰ প্ৰথম মঞ্চস্থ হোৱা নাট খন কি?

উত্তৰ : চিহ্ন যাত্ৰা।

৩৪) প্ৰশ্ন : অংকীয়া নাটৰ মুখ্য চৰিত্ৰ কি?

উত্তৰ : সূত্ৰধাৰ।

৩৫) প্ৰশ্ন : প্ৰথম অসমীয়া সামাজিক নাটক কি?

উত্তৰ : ৰাম নৱমী।

৩৬) প্ৰশ্ন : গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ পৰা প্ৰচলন হোৱা প্ৰথম নাট খন কি?

উত্তৰ : ধৰালৈ যিদিনা নামিব সৰগ।

৩৭) প্ৰশ্ন : অসমীয়া নাটকৰ পিতৃ স্বৰুপ বুলি কাক কোৱা হয়?

উত্তৰ : শ্ৰী মন্ত শংকৰদেৱ।

৩৮) প্ৰশ্ন : শংকৰদেৱৰ অংকীয়া নাটৰ প্ৰথম ৰচনা শৈলীৰ অংকীয়া নাট দুখনৰ নাম কি কি?

উত্তৰ : খুলীয়া ভাওনা আৰু খুলীয়া ভাৱৰীয়া।

৩৯) প্ৰশ্ন : গুণাভিৰাম বৰুৱাই ১৮৫৭ চনত ৰচনা কৰা প্ৰথম অসমীয়া নাটক খনৰ নাম কি?

উত্তৰ  : ৰাম নৱমী।

৪০) প্ৰশ্ন : সংস্কৃত ভাষাৰ নাট অসমীয়ালৈ অনুবাদ কৰা প্ৰথম অসমীয়াজন কোন আছিল?

উত্তৰ : লম্বোদৰ বৰা ; নাট: শকুন্তলা।

৪১) প্ৰশ্ন : কোনজন অসমীয়া অভিনেতাই অসমৰ বাহিৰত প্ৰথমে অসমীয়া একক অংকীয়া নাট মঞ্চস্থ কৰিছিল?

উত্তৰ : হেমন্ত মিশ্ৰ, আমেৰিকাত।

৪২) প্ৰশ্ন : কোন গৰাকী ব্যক্তিয়ে ‘লেডি ডায়েনা’ নাটৰ নাট্যৰুপ দিছিল?

উত্তৰ : সেৱাব্ৰত বৰুৱা।

৪৩) প্ৰশ্ন : অসমৰ সৰ্বপ্ৰথম ভ্ৰাম্যমান নাট্যদল কোনটো?

উত্তৰ : নটৰাজ থিয়েটাৰ।

৪৪) প্ৰশ্ন : ১৯৫৪ চনত দিল্লীত মঞ্চস্থ হোৱা জ্যোতিপ্ৰসাদ আগৰৱালাৰ কোনখন নাটে শ্ৰেষ্ঠ লোক নাটৰ সন্মান লাভ কৰে?

উত্তৰ : শোণিত কুঁৱৰী।

৪৫) প্ৰশ্ন : অসমত নতুন পৰিচয়সহ গঠিত হোৱা প্ৰথম ভ্ৰাম্যমাণ থিয়েটাৰ খনৰ নাম কি?

উত্তৰ : নটৰাজ থিয়েটাৰ, ১৯৬৩-৬৪।

৪৬) প্ৰশ্ন : কোনজন অসমীয়া নাট্যকাৰে ‘টাইটানিক’ নামৰ ইংৰাজী কথাছবি খনৰ নাট্যৰুপ দিয়াৰ লগতে নাটখন পৰিচালনাও কৰিছিল?

উত্তৰ : হেমন্ত দত্ত।

৪৭) প্ৰশ্ন : তেওঁ এজন বিশিষ্ট নাট্যকাৰ, অভিনেতা, নাট পৰিচালক আৰু থিয়েটাৰ সংগঠক। তেওঁ ১৯২৯ চনত নৱম শ্ৰেণীত পঢ়ি থাকোতেই ‘একলব্য’ নামৰ প্ৰথমখন নাট ৰচনা কৰিছিল। এই গৰাকী ব্যক্তিৰ নাম কি?

উত্তৰ : শ্ৰী লক্ষ্যধৰ চৌধুৰী।

৪৮) প্ৰশ্ন : ঊনবিংশ শতিকাৰ শেষৰ ফালে অসমত থিয়েটাৰ মঞ্চ আন্দোলন গঢ়ি তোলাৰ উদ্দেশ্যে গুৱাহাটীৰ পানবজাৰত এটি সংস্থা গঠন হয়। এই সংস্থাটোৰ নাম কি?
উত্তৰ : আৰ্য নাট্য মঞ্চ।

 

উৎস : অসম কুইজ।

 

খেল – ধেমালি

 

১) প্ৰশ্ন : প্ৰথম অসমীয়া ফিফা ৰেফাৰী কোন?

উত্তৰ : বাবুল বাৰ্মিজ।

২) প্ৰশ্ন : অৰ্জুন বঁটা লাভ কৰা অসমীয়া খেলুৱৈ দুজনৰ নাম কি?

উত্তৰ : ভোগেশ্বৰ বৰুৱা আৰু মনালিচা (বৰুৱা) মেহতা।

৩) প্ৰশ্ন : ৰঞ্জী ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰা অসমৰ কনিষ্টতম খেলুৱৈ গৰাকী কোন আছিল?

উত্তৰ : মাধুৰ্য প্ৰসাদ বৰুৱা।

৪) প্ৰশ্ন : ৰঞ্জী ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাত ১০০ টা উইকেট লাভ কৰা প্ৰথম অসমীয়া খেলুৱৈ গৰাকী কোন?

উত্তৰ : অনুপ ঘটক।

৫) প্ৰশ্ন : গুৱাহাটীত প্ৰথম এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট খেলখন কাৰ কাৰ মাজত অনুষ্ঠিত হৈছিল?

উত্তৰ : ৱেষ্ট ইণ্ডিজ আৰু ভাৰত।

৬) প্ৰশ্ন : ভাৰতীয় ফুটবল সংস্থাৰ সভাপতি হোৱা অসমৰ প্ৰথম ব্যক্তি জন কোন?

উত্তৰ : নুৰুল আমিন।

৭) প্ৰশ্ন : অসমৰ ক্ৰীড়াৰ পিতৃ স্বৰুপ বুলি কাক কোৱা হয়?

উত্তৰ : স্বৰ্গীয় আৰ. জি. বৰুৱা।

৮) প্ৰশ্ন : এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট প্ৰতিযোগিতাত আম্পায়াৰৰ দায়িত্ব বহন কৰা প্ৰথম অসমীয়া ব্যক্তি জন কোন?

উত্তৰ : সুৰেণৰাম ফুকন।

৯) প্ৰশ্ন : ভাৰত ‘এ’ দলত অন্তৰ্ভূক্ত হোৱা অসমৰ প্ৰথম ক্ৰিকেটাৰ জন কোন?

উত্তৰ : জাভেদ জামান।

১০) প্ৰশ্ন : কোনে ফুটবল প্ৰতিযোগিতাক AIF ৰ দ্বাৰা ভাৰতৰ ‘টপ লীগ’ প্ৰতিযোগিতা হিচাপে মৰ্যাদা প্ৰদান কৰা হয়?

উত্তৰ : লোকপ্ৰিয় গোপীনাথ বৰদলৈ।

১১) প্ৰশ্ন : ভাৰতীয় ফুটবল দলক অলিম্পিকত প্ৰতিনিধিত্ব কৰা অসমৰ প্ৰথম ফুটবলাৰ জন কোন আছিল?

উত্তৰ : বীৰেন বড়ো।

১২) প্ৰশ্ন : ভাৰতীয় ভলীবল দলত ভাগ লোৱা প্ৰথম অসমীয়া ভলীবল খেলুৱৈ গৰাকী কোন আছিল আৰু কিমান চনত?

উত্তৰ : অভিজিৎ ভট্টাচাৰ্য, ১৯৯৬ চনত।

১৩) প্ৰশ্ন : পুৰণি অসমৰ ঘাইকৈ শিশুৰ মাজত জনপ্ৰিয় এবিধ খেল আছিল। সেই খেল বিধ কি আছিল?

উত্তৰ : টাং-গুটি।

১৪) প্ৰশ্ন : ‘অসম ক্ৰীড়া দিৱস’ কেতিয়া উদ্‌যাপিত হয়?

উত্তৰ : ১৭ অক্টোবৰত।

১৫) প্ৰশ্ন : কোন চনত গুৱাহাটীত সৰ্বপ্ৰথম এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট প্ৰতিযোগিতাৰ খেল অনুষ্ঠিত হৈছিল?

উত্তৰ : ১৯৮৩ চনত।

১৬) প্ৰশ্ন : বৰদলৈ ট্ৰফী প্ৰতিযোগিতাৰ প্ৰথম সংস্কৰণত কেইটা দলে অংশ গ্ৰহণ কৰিছিল?

উত্তৰ : ১৬ টা।

১৭) প্ৰশ্ন : অসম হকী এছ’চিয়েচন কোন চনত সংগঠিত হৈছিল?

উত্তৰ : ১৯৫৫ চনত।

১৮) প্ৰশ্ন : অসমৰ স্বাধীনতা কাপ ফুটবল প্ৰতিযোগিতা কেতিয়া আৰম্ভ হৈছিল?

উত্তৰ : ১৯৪৭ চনত।

১৯) প্ৰশ্ন : ১৯৮৫ চনত বেংকত অনুষ্ঠিত ফুটবল প্ৰতিযোগিতাত ভাৰতীয় জুনিয়ৰ ফুটবল দলক প্ৰতিনিধিত্ব কৰা অসমীয়া ফুটবলাৰ জন কোন?

উত্তৰ : ফ্ৰান্সিচ বৰুৱা।

২০) প্ৰশ্ন : ভাৰতীয় স্কুল ক্ৰিকেট দলত স্থান লাভ কৰা প্ৰথম অসমীয়া খেলুৱৈ গৰাকী কোন?

উত্তৰ : মাধুৰ্য প্ৰসাদ বৰুৱা।

২১) প্ৰশ্ন : ১৯৮৫ চনত ৰাষ্ট্ৰীয় সাঁতোৰ প্ৰতিযোগিতাত পদক পোৱা অসমীয়া খেলুৱৈ গৰাকীৰ নাম কি?

উত্তৰ : মিঠু বৰুৱা।

২২) প্ৰশ্ন : ১৯৯৬ চনত ৰাষ্ট্ৰীয় জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত তিনিটা মীট ৰেকৰ্ডসহ নটা স্বৰ্ণ পদক বিজয়ী অসমীয়া খেলুৱৈ গৰাকী কোন?

উত্তৰ : এলভিছ আলী হাজৰিকা।

২৩) প্ৰশ্ন : ভাৰতীয় টেবুল টেনিছ দলক প্ৰতিনিধিত্ব কৰা অসমৰ প্ৰথম গৰাকী খেলুৱৈ কোন আছিল?

উত্তৰ : নন্দিনী বৰুৱা।

২৪) প্ৰশ্ন : বিশ্ব টেবুল টেনিছ প্ৰতিযোগিতাত (জুনিয়ৰ শাখা) ভাৰতক প্ৰতিনিধিত্ব কৰা (৩য় স্থান লাভ) অসমীয়া খেলুৱৈ গৰাকীৰ নাম কি?

উত্তৰ : পল্লৱী পৰাশৰ।

২৫) প্ৰশ্ন : বৰদলৈ ট্ৰফী প্ৰতিযোগিতাৰ সৰ্বপ্ৰথম বিজয়ী দলটোৰ নাম কি?

উত্তৰ : ৰে’লৱে স্পৰ্টছ ক্লাবচ বিজয়ী দল পাণ্ডু আৰু দ্বিতীয় বিজয়ী দল ইউনিয়ন স্পোৰ্টিং ক্লাৱ।

২৬) প্ৰশ্ন : ২০১২ চনত অনুষ্ঠিত বৰদলৈ ট্ৰফী প্ৰতিযোগিতাৰ খিতাপ দখল কৰা দলটোৰ নাম কি?

উত্তৰ : অইল ইণ্ডিয়া লিমিটেড, দুলিয়াজান।

২৭) প্ৰশ্ন :এছিয়ান গেমছত সোণৰ পদক অৰ্জন কৰা প্ৰথম অসমীয়া খেলুৱৈ গৰাকী কোন?

উত্তৰ : ভোগেশ্বৰ বৰুৱা (১৯৬৬ চনৰ প্ৰথম এছিয়ান গেমছত)।

২৮) প্ৰশ্ন : ১৯৯৩ চনত হংকঙত অনুষ্ঠিত এছিয়া পেছিফিক চন্তুৰ প্ৰতিযোগিতাত স্বৰ্ণ পদক বিজয়ী অসমীয়া ছোৱালী প্ৰতিযোগি দুগৰাকী কোন?

উত্তৰ : মনিকংকনা দত্ত বৰুৱা আৰু তেওঁৰ ভগ্নী পল্লৱী দত্ত বৰুৱা।

২৯) প্ৰশ্ন : ২০০১ চনত কলম্বোত অনুষ্ঠিত এছিয়ান জুনিয়ৰ টেনিছ চেম্পিয়নশ্বিপত চেম্পিয়নৰ সন্মান অৰ্জন কৰা অসমীয়া প্ৰতিযোগী গৰাকীৰ নাম কি?

উত্তৰ : ১৪ বছৰ বয়সীয়া অংশুমান দত্ত।

৩০) প্ৰশ্ন : ১৯৯২ চনৰ গুৱাহাটীত অনুষ্ঠিত ফেডাৰেচন কাপ কেৰম চেম্পিয়নশ্বিপত পুৰুষৰ ছিংগল্‌ছ খিতাপ কোনে অৰ্জন কৰিছিল?

উত্তৰ : অসমৰ চিৰাজ-উদ-দিন আহমেদ।

৩১) প্ৰশ্ন : ৰাষ্ট্ৰীয় কাৰাটে চেম্পিয়নশ্বিপত দুটা সোণৰ পদক আৰু চেম্পিয়নৰ খিতাপ অৰ্জন কৰা অসমৰ ছোৱালী প্ৰতিযোগী গৰাকী কোন আৰু কিমান চনত তেওঁ এই সন্মান লাভ কৰিছিল?

উত্তৰ : ১৯৯৭ চনত অৰুণিমা মজুমদাৰ।

৩২) প্ৰশ্ন : ১৯৯৪ চনৰ ৫৮ তম ‘ছিনিয়ৰ ৰাষ্ট্ৰীয় বেডমিণ্টন চেম্পিয়নশ্বিপ’ত পুৰুষৰ খিতাপ অৰ্জন কৰা অসমীয়া খেলুৱৈ গৰাকী কোন?

উত্তৰ : দীপাংকৰ ভট্টাচাৰ্য সুশান্ত চক্ৰৱৰ্তী পৰাস্ত কৰে।

৩৩) প্ৰশ্ন : অসমৰ কোন গৰাকী প্ৰসিদ্ধ ফুটবল খেলুৱৈ বৰ্তমান যশস্বী চলচ্চিত্ৰ পৰিচালক হিচাপে জনাজাত?

উত্তৰ : নিপ বৰুৱা।

৩৪) প্ৰশ্ন : অলিম্পিক গেমছত অংশ গ্ৰহণ কৰা অসমৰ প্ৰথম খেলুৱৈ গৰাকী কোন আৰু তেওঁ কিমান চনত অংশ গ্ৰহণ কৰিছিল?

উত্তৰ : ১৯৪৮ চনৰ লণ্ডনত অনুষ্ঠিত অলিম্পিকত ড° টালিমেৰণ আও।

৩৫) প্ৰশ্ন : অসমৰ কোন গৰাকী সাঁতোৰবিদে ৯ টা সোণৰ আৰু তিনিটা নতুন মীট ৰেকৰ্ড সৃষ্টি কৰিছিল?

উত্তৰ : এলভিছ আলী হাজৰিকা।

৩৬) প্ৰশ্ন : ৰাষ্ট্ৰীয় বক্সিং দলত অন্তৰ্ভূক্ত হোৱা অসমৰ প্ৰথম গৰাকী খেলুৱৈ কোন?

উত্তৰ : বিতোপন শইকীয়া।

৩৭) প্ৰশ্ন : এছিয়ান গেমছত অংশ গ্ৰহণ কৰা অসমীয়া টেনিছ খেলুৱৈ গৰাকী কোন?

উত্তৰ : বিদ্যুৎ গোস্বামী।

৩৮) প্ৰশ্ন : ভাৰতীয় ফুটবল দলক প্ৰতিনিধিত্ব কৰা অসমৰ দুগৰাকী ফুটবল খেলুৱৈৰ নাম কি?

উত্তৰ : টালিমেৰণ আও আৰু ফ্ৰান্সিচ বৰুৱা।

৩৯) প্ৰশ্ন : ৰঞ্জী ট্ৰফী চেম্পিয়নশ্বিপত ১০০০ ৰাণ আৰু ১০০ টা উইকেট লাভ কৰা প্ৰথম অসমীয়া খেলুৱৈ গৰাকী কোন?

উত্তৰ : গৌতম দত্ত।

৪০) প্ৰশ্ন : অসম চৰকাৰে কোনটো দিনক ‘অসম ক্ৰীড়া দিৱস’ হিচাপে ঘোষণা কৰিছে?

উত্তৰ : ১৭ অক্টোবৰ, ৰাধাগোবিন্দ বৰুৱাৰ জন্মদিন।

 

সান-মিহলি

 

১) প্ৰশ্ন : অসমৰ চৰকাৰী ভাষা কি?

উত্তৰ : অসমীয়া।

২) প্ৰশ্ন : অসমত থকা আটাইতকৈ ওখ পৰ্বত মালাটো কি?

উত্তৰ : বৰাইল পৰ্বতমালা।

৩) প্ৰশ্ন : অসমীয়া মানুহৰ প্ৰধান খাদ্য কি?

উত্তৰ : ভাত।

৪) প্ৰশ্ন : অসমৰ জনবহুল মহানগৰী কোন খন?

উত্তৰ : গুৱাহাটী।

৫) প্ৰশ্ন : গুৱাহাটীত থকা অসমৰ ভিতৰতে আগশাৰীৰ শিক্ষানুষ্ঠান খন কি?

উত্তৰ : কটন কলেজ।

৬) প্ৰশ্ন : প্ৰথম অসমীয়া মহিলা কেন্দ্ৰীয় মন্ত্ৰী কোন আছিল?

উত্তৰ : ৰেণুকা দেৱী বৰকটকী।

৭) প্ৰশ্ন : ব্ৰহ্মপুত্ৰ নৈৰ শেষ স্থান ক’ত?

উত্তৰ : বঙ্গোপসাগৰ।

৮) প্ৰশ্ন : অসম প্ৰাদেশিক গৱেষণা কেন্দ্ৰ ক’ত অৱস্থিত?

উত্তৰ : যোৰহাট।

৯) প্ৰশ্ন : অসমৰ ৰাজ্যিক সংগ্ৰহালয় কোন চনত ক’ত অৱস্থিত?

উত্তৰ : ১৯৪০ চনত, গুৱাহাটীত।

১০) প্ৰশ্ন : অসমৰ একমাত্ৰ মানসিক চিকিৎসালয় ক’ত অৱস্থিত?

উত্তৰ : তেজপুৰত।

১১) প্ৰশ্ন : কোনটো চনত অসমত কাগজ কল স্থাপন হয়?

উত্তৰ : ১৯৭১ চনত।

১২) প্ৰশ্ন : অসমত মৰাপাটৰ কাৰখানা ক’ত আছে?

উত্তৰ : শিলঘাটত।

১৩) প্ৰশ্ন : অসমৰ চিমেণ্ট কাৰখানা ক’ত অৱস্থিত?

উত্তৰ : বোকাজানত।

১৪) প্ৰশ্ন : অসমৰ কোন ঠাইত তাৰকা গৃহ আছে?

উত্তৰ : গুৱাহাটীত।

১৫) প্ৰশ্ন : অসমৰ ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয় কোন চনত স্থাপন হৈছিল?

উত্তৰ : ১৯৪৭ চনত।

১৬) প্ৰশ্ন : কটন কলেজ কোন চনত স্থাপন হৈছিল?

উত্তৰ : ১৯০১ চনত।

১৭) প্ৰশ্ন : দেশৰ ভিতৰত ১৮৮৯ চনত তেল শোধনাগাৰ কেন্দ্ৰ অসমত সৰ্বপ্ৰথমে স্থাপন কৰা হয়। এই তেল শোধনাগাৰ কেন্দ্ৰটো ক’ত অৱস্থিত?

উত্তৰ : ডিগবৈত।

১৮) প্ৰশ্ন : অসমৰ এটা পুৰণি ডাঙৰ মন্দিৰ আৰু তাত পুৰণি দিনৰে শিৱলিংগ স্থাপন কৰা আছে। মন্দিৰটোৰ নাম কি?

উত্তৰ : মহাভৈৰৱ মন্দিৰ।

১৯) প্ৰশ্ন : কোনটো জনগোষ্ঠীয়ে অসমত প্ৰথম ধানখেতি কৰিছিল?

উত্তৰ : বড়ো।

২০) প্ৰশ্ন : অসমৰ একমাত্ৰ কেন্সাৰ চিকিৎসালয় খন কোন ঠাইত অৱস্থিত?

উত্তৰ : গোপীনাথ নগৰ, গুৱাহাটী।

২১) প্ৰশ্ন : অসমৰ কোন ঠাইত আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰ আছে?

উত্তৰ : ডেৰগাঁও।

২২) প্ৰশ্ন : এগৰাকী অসমীয়া মহিলা কোৱা যাৰ বৃত্তি আছিল ভাৰতীয় হাতীক প্ৰশিক্ষণ দিয়া আৰু যাৰ বাবে তেওঁৰ নাম ‘Limca Book’ ত লিপিবদ্ধ কৰা হৈছে, তেওঁৰ নাম কি?

উত্তৰ : পাৰ্বতী বৰুৱা।

২৩) প্ৰশ্ন : অসমৰ কোন খন ভিতৰুৱা ঠাইত ৰে’ল লাইন বনোৱা এজেঞ্চি আছে?

উত্তৰ : শদিয়া, উত্তৰ লক্ষীমপুৰ জিলাবক’ত আছে?

২৪) প্ৰশ্ন : পৃথিৱীৰ ভিতৰত দ্বিতীয় বৃহৎ চাহ নিলাম কেন্দ্ৰটো ক’ত আছে?

উত্তৰ : গুৱাহাটীত।

২৫) প্ৰশ্ন : ভাৰতৰ ভিতৰত অসমত থকা পুৰণি তেল শোধনাগাৰটো ক’ত আৰু কেতিয়া স্থাপিত হৈছিল?

উত্তৰ : ডিগবৈ তেল শোধনাগাৰ, ভাৰতীয় তেল শোধনাগাৰ কেন্দ্ৰ কৰ্পোৰেচন লিমিটেডৰ অধীনত ১৮৯০ চনত স্থাপিত হৈছিল।

২৬) প্ৰশ্ন : “অসমীয়া মহিলাই কাপোৰত সপোন ৰচে” – বুলি কথাষাৰ কোনজন মহান ব্যক্তিয়ে মন্তব্য কৰিছিল?

উত্তৰ : মহাত্মা গান্ধীয়ে।

২৭) প্ৰশ্ন : ১৯৯৬ চনত কোনজন অসমীয়া ছাত্ৰই কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ পৰা গণিত শাস্ত্ৰত প্ৰথম শ্ৰেণী লাভ কৰি ‘ৰেংলাৰ’ (Wranglar) উপাধি লাভ কৰিছিল?

উত্তৰ : অনুপম শইকীয়া।

২৮) প্ৰশ্ন : ‘জাতিংগা’ কিহৰ কাৰণে বিখ্যাত?

উত্তৰ : জাতিংগা বিভিন্ন প্ৰজাতিৰ পৰিভ্ৰমী চৰাইৰ বাবে বিখ্যাত। প্ৰতি বছৰে আগষ্টৰ পৰা নৱেম্বৰ মাহৰ ভিতৰত ইয়ালৈ বহুতো পৰিভ্ৰমী চৰাই আহে আৰু ইয়াত আত্মাহুতি দিয়ে।

২৯) প্ৰশ্ন : বিশ্বৰ বৃহত্তম নদী-দ্বীপ হ’ল ‘মাজুলী’ আৰু পৃথিৱীৰ ভিতৰতে ক্ষুদ্ৰতম নদী-দ্বীপটো কি?

উত্তৰ : উমানন্দ।

৩০) প্ৰশ্ন : ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ আটাইতকৈ ওখ শিৱ মন্দিৰটো ক’ত অৱস্থিত?

উত্তৰ : শিৱসাগৰৰ শিৱদ’ল।

৩১) প্ৰশ্ন : ‘অসমৰ খাজুৰাহো’ বুলি পৰিচিত মন্দিৰটোৰ নাম কি?

উত্তৰ : মদন কামদেৱ।

৩২) প্ৰশ্ন : ভাৰতৰ কোন ঠাইত সৰ্বপ্ৰথমে খাৰুৱা তেল আৱিষ্কাৰ হয়?

উত্তৰ : অসমৰ ডিগবৈত (১৮৮৯ চনত)।

৩৩) প্ৰশ্ন : ভাৰতৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত প্ৰথম অসমীয়া গৰাকীৰ নাম কি?

উত্তৰ : ড° ফকৰুদ্দিন আলি আহমেদ।

৩৪) প্ৰশ্ন : ব্ৰহ্মপুত্ৰ নৈ ক’ৰ পৰা উৎপত্তি হৈছে?

উত্তৰ : তামচুক খামবাব গ্লেছিয়াৰৰ পৰা।

৩৫) প্ৰশ্ন : অসমত ভক্তি আন্দোলনৰ গুৰি ধৰোঁতা কোন আছিল?

উত্তৰ : শ্ৰী মন্ত শংকৰদেৱ।

৩৬) প্ৰশ্ন : কোনটো মন্দিৰত ‘অম্বুবাচী’ মেলা অনুষ্ঠিত হয়?

উত্তৰ : কামাখ্যা মন্দিৰ (গুৱাহাটী)।

৩৭) প্ৰশ্ন : ‘বৰদলৈ ট্ৰফী’ কোনবিধ খেলৰ লগত জড়িত?

উত্তৰ : ফুটবল।

৩৮) প্ৰশ্ন : অসমীয়া সাহিত্যৰ ‘Water Scott’ বুলি কাক জনা যায়?

উত্তৰ : ৰজনীকান্ত বৰদলৈ।

৩৯) প্ৰশ্ন : মহাত্মা গান্ধীয়ে অসমলৈ কোন চনত আহিছিল?

উত্তৰ : ১৯২১ চনত।

৪০) প্ৰশ্ন : আহোম সকলৰ ৰাজত্ব কালত তেওঁলোকৰ ৰাজধানী ক’ত আছিল?

উত্তৰ : চৰাইদেউত।

৪১) প্ৰশ্ন : অসমত ‘ল’ৰা ৰজা’ বুলি কাক কোৱা হৈছিল?

উত্তৰ : ৰত্নধ্বজ সিংহ বা চুলিক্‌ফা।

৪২) প্ৰশ্ন : কামৰুপ জিলাৰ বিমান বন্দৰটোৰ নাম কি?

উত্তৰ : লোকপ্ৰিয় গোপীনাথ বৰদলৈ।

৪৩) প্ৰশ্ন : অসমৰ ৰাজধানী দিছপুৰ হোৱাৰ পূৰ্বে অসমৰ ৰাজধানী ক’ত আছিল?

উত্তৰ : শ্বিলঙত।

৪৪) প্ৰশ্ন : অসমৰ একমাত্ৰ ‘ষ্টক এক্সেঞ্জ’ টো ক’ত অৱস্থিত?

উত্তৰ : গুৱাহাটীত।

৪৫) প্ৰশ্ন : অসমৰ এটি নৃত্য বা কলাই ২০০০ চনত ৰাষ্ট্ৰীয় নৃত্যৰুপে স্বীকৃতি লাভ কৰে? নৃত্য বিধৰ নাম কি?

উত্তৰ : সত্ৰীয়া নৃত্য।

৪৬) প্ৰশ্ন : অসমৰ জাতীয় উৎসন কি?

উত্তৰ  :বিহু।

৪৭) প্ৰশ্ন : অসমৰ বিখ্যাত মন্দিৰটোৰ নাম কি?

উত্তৰ : কামাখ্যা মন্দিৰ।

৪৮) প্ৰশ্ন : সৰ্বশেষ আহোম ৰজা জনৰ নাম কি আছিল?

উত্তৰ : চন্দ্ৰকান্ত সিংহ।

৪৯) প্ৰশ্ন : অসহযোগ আন্দোলন অসমত কোন চনত আৰম্ভ হৈছিল?

উত্তৰ : ১৯২০ চনত।

৫০) প্ৰশ্ন :প্ৰথম অসমীয়া খ্ৰীষ্টান মহিলা কোন?

উত্তৰ : নিধি লেভি ফাৰৱেল (Nidhi lavy Farwell)।

৫১) প্ৰশ্ন : প্ৰথম অসমীয়া বাতৰি কাকত ‘অৰুণোদই’ প্ৰথম বাৰ কোন চনত প্ৰকাশ পাইছিল?

উত্তৰ : ১৮৪৬ চনত।

৫২) প্ৰশ্ন : শৰাইঘাটৰ যুদ্ধ কোন চনত হৈছিল?

উত্তৰ : ১৬৭১ চনত।

৫৩) প্ৰশ্ন : অসমৰ প্ৰথম পুৰুষ স্নাতক কোন আছিল?

উত্তৰ : আনন্দৰাম বৰুৱা।

৫৪) প্ৰশ্ন : অসমৰ ক্ষুদ্ৰতম জিলা খনৰ নাম কি?

উত্তৰ : হাইলাকান্দি।

৫৫) প্ৰশ্ন : তাৰকাগৃহ অসমৰ কোন ঠাইত অৱস্থিত?

উত্তৰ : গুৱাহাটীত।

৫৬) প্ৰশ্ন : অসমৰ কোন খন পাহাৰত কামাখ্যা মন্দিৰ অৱস্থিত?

উত্তৰ : নীলাচল পাহাৰত।

৫৭) প্ৰশ্ন : ব’হাগ বিহুৰ মুখ্য আকৰ্ষণ কি?

উত্তৰ : বিহু নৃত্য।

 

সংক্ষিপ্তকৰণ কিছুমান নাম :

এ এ এছ ইউ (AASU)

অল আছাম ষ্টুডেণ্টচ্‌ ইউনিয়ন।

এ বি আই এল চি (ABILC)

আনন্দৰাম বৰুৱা ইনষ্টিটিউট্‌ অৱ লেঙ্গুৱেজ, আৰ্ট এণ্ড্‌ কালচাৰ।

এ বি এছ ইউ (ABSU)

অল বড়ো ষ্টুডেণ্ট্‌চ্‌ ইউনিয়ন।

এ চি এছ (ACS)

আছাম চিভিল ছাৰ্ভিচ।

এ পি এছ (APS)

আছাম পুলিচ ছাৰ্ভিচ।

এ এফ এল (AFL)

আছাম ফাৰ্টি কেমিকেল লিমিটেড।

এ জি পি (AGP)

অসম গণ পৰিষদ।

এ এইছ এছ ই চি (AHSEC)

আছাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্বন কাউন্সিল।

এ আই ডি চি (AIDC)

আছাম ইণ্ড্ৰাষ্ট্ৰিয়েল ডেভ’লপ্‌মেণ্ট।

এ আই ডি চি (AIDC)

আছাম ইণ্ড্ৰাষ্ট্ৰিয়েল ডেভ’লপ্‌মেণ্ট কৰ্পোৰেচন।

এ এম চি (AMC)

আছাম মেডিকেল কলেজ।

এ পি এল (APL)

আছাম পেট্ৰোকেমিকেল লিমিটেড।

এ পি ও এল (APOL)

আছাম পলিয়েষ্টাৰ কো-অপাৰেটিভ লিমিটেড।

এ পি এছ চি (APSC)

আছাম পাব্লিক ছাৰ্ভিচ কমিচন।

এ এছ চি এ আৰ ডি(ASCARD)

আছাম ষ্টেট কো-অপাৰেটিভ এগ্ৰিকালচাৰ এণ্ড ৰুৰেল্‌ ডেভ’লপ্‌মেণ্ট বেঙ্ক।

এ এছ ই বি (ASEB)

আছাম ষ্টেট ইলেকট্ৰিচিটি ব’ৰ্ড।

এ এছ আই ডি চি (ASIDC)

আছাম স্মল ইণ্ডাষ্ট্ৰিজ ডেভ’লপ্‌মেণ্ট কৰ্পোৰেচন লিমিটেড।

এ এছ টি চি (ASTC)

আছাম ষ্টেট ট্ৰেন্সপ’ৰ্ট কৰ্পোৰেচন।

এ টি চি (ATC)

আছাম টি কৰ্পোৰেচন।

এ টি ডি চি (ATDC)

আছাম ট্যুৰিজম্‌ ডেভ’লপ্‌মেণ্ট কৰ্পোৰেচন।

এ এক্স এক্স (AXX)

অসম সাহিত্য সভা।

বি আৰ পি এল (BRPL)

বঙাইগাঁও ৰিফাইনেৰী এণ্ড পেট্ৰোকেমিকেলচ্‌ লিমিটেড।

বি এছ এছ (BSS)

বড়ো সাহিত্য সভা।

বি টি চি (BTC)

বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল।

ডি আৰ ডি এ (DRDA)

ডিষ্ট্ৰিক্ট ৰুৰেল ডেভ’লপ্‌মেণ্ট এজেঞ্চি।

জি এম চি (GMC)

গুৱাহাটী মিউনিচিপাল কৰ্পোৰেচন।

জি এম চি এইচ (GMCH)

গুৱাহাটী মেডিকেল কলেজ এণ্ড হস্পিতাল।

জি ইউ (GU)

গৌহাটী ইউনিভাৰ্চিটী।

আই আই টি জি (IITG)

ইণ্ডিয়ান ইন্‌ষ্টিটিউট্‌ অৱ টেক্‌ন’ল’জি, গুৱাহাটী।

জে ই চি (JEC)

যোৰহাট ইঞ্জিনিয়াৰিং কলেজ।

জে আৰ ৱাই (JRY)

জৱাহৰ ৰোজগাৰ যোজনা।

এন ই চি (NEC)

নৰ্থ ইষ্ট ইষ্টাৰ্ণ কাউন্সিল।

এন ই এফ এ (NEFA)

নৰ্থ ইষ্টাৰ্ণ ফ্ৰণ্টিয়াৰ এজেঞ্চি।

এন এফ আৰ (NFR)

নৰ্থ-ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱে।

এছ ই বি এ (SEBA)

বোৰ্ড অৱ ছেকেণ্ডাৰী এডুকেশন, অসম।

এছ টি এ টি এফ ই ডি (STATFED)

আছাম ষ্টেট কো-অপাৰেটিভ, মাৰ্কেটিং এণ্ড কন্‌জিউমাৰ্চ ফেডাৰেচন লিমিটেড।

টি আৰ ৱাই এছ ই এম (TRYSEM)

ট্ৰেইনিং অৱ ৰুৰেল ই উথ ফ্‌ৰ ছেল্‌ফ এম্‌প্লইমেণ্ট্‌।

টি ই টি (TET)

টিছাৰ ইলিজিবিলিটি টেষ্ট।

 

উৎস : অসম কুইজ।

 

পদাৰ্থ বিজ্ঞান


১) প্ৰশ্ন : বাৰুদ কি?

উত্তৰ : চোডা, গন্ধক আৰু কাঠ-কয়লাৰ সহায়ত প্ৰস্তুত কৰা এবিধ দাহ্য পদাৰ্থ।

২) প্ৰশ্ন : এক পাৰমাণৱিক ভৰত কিমান গ্ৰাম? 
উত্তৰ : 1.66 X 10 -24 গ্ৰাম।

৩) প্ৰশ্ন : নক্ষত্ৰ যুদ্ধৰ অন্যতম সামৰিক উপদেষ্টা কোন?

উত্তৰ : চাৰ এডৱাৰ্ড টেইলৰ।

৪) প্ৰশ্ন : ৰেডিঅ’ তৰঙ্গ কি?

উত্তৰ : ৰেডিঅ’ তৰঙ্গ হ’ল এবিধ বিদ্যুৎ তৰঙ্গ। ইয়াৰ তৰঙ্গ দৈৰ্ঘ্য ৫০ ছেণ্টিমিটাৰৰ পৰা ৩০ মিটাৰলৈকে থাকে।

৫) প্ৰশ্ন : পেৰাচুট কি?

ছাতিৰ দৰে আকৃতিৰ চিল্কৰ কাপোৰেৰে তৈয়াৰী এটা দীঘলীয়া বস্তু। বিশেষ প্ৰয়োজনত বা আত্মৰক্ষাৰ বাবে বিমানৰ পৰা নামিবলৈ ইয়াক ব্যৱহাৰ কৰা হয়।

৬) প্ৰশ্ন : এটম বম্‌ কি?

উত্তৰ : অতিশয় বিস্ফোৰক তথা বিধ্বংসী এটি আণৱিক বম।

৭) প্ৰশ্ন : চাবমেৰিণ কি?

উত্তৰ : পানীৰ তলেৰে যাতায়ত কৰিব পৰা এবিধ সাগৰীয় যুদ্ধ জাহাজ।

৮) প্ৰশ্ন : টিয়াৰ গেছ কি?

উত্তৰ : চকুত লাগিলে চকুপানী ওলোৱা এবিধ বিশেষ বাষ্প।

৯) প্ৰশ্ন : ৰাডাৰ (RADAR) ৰ সম্পূৰ্ণ নাম কি?

উত্তৰ : ৰেডিও ডিটেকচ্‌ন এণ্ড ৰেঞ্জিং।

১০) প্ৰশ্ন : কোনো জড় মাধ্যম নোহোৱাকৈ শব্দ চলাচল কৰাটো সম্ভৱনে?

উত্তৰ : নহয়।

১১) প্ৰশ্ন : ক্ৰুজাৰ কি?

উত্তৰ : দ্ৰুত গতি সম্পন্ন এবিধ যুদ্ধ জাহাজ।

১২) প্ৰশ্ন : বৰফ ভৰাই থোৱা গিলাচৰ বাহিৰৰ ফালে বিন্দু বিন্দু পানীৰ কনিকা লাগি থাকে কিয়?

উত্তৰ : বায়ুৰ জলীয় বাষ্পই বৰফপূৰ্ণ চেঁচা গিলাচৰ সংস্পৰ্শলৈ আহি বিন্দু বিন্দু পানীৰ কণিকাত পৰিণত হোৱা বাবে।

১৩) প্ৰশ্ন : প্ৰতিধ্বনি কি?

উত্তৰ : কোনো ধ্বনি বা শব্দ যেতিয়া কোনো প্ৰতিফলক বস্তুত বাধাপ্ৰাপ্ত হোৱাৰ ফলত মূল শব্দৰ পৰা বিচ্ছিন্ন হৈ শ্ৰোতাৰ ওচৰলৈ ঘূৰি আহে তেতিয়া তাক প্ৰতিধ্বনি বোলে।

১৪) প্ৰশ্ন : তাপ প্ৰয়োগ নকৰাকৈ পানী উতলাব পাৰিনে?

উত্তৰ : পাৰি।

১৫) প্ৰশ্ন : ডাৱৰীয়া নিশা নিয়ৰ নপৰে কিয়?

উত্তৰ : নিশাৰ ভাগত পৃথিৱীয়ে যি তাপ বিকিৰণ কৰে, ডাৱৰীয়া আকাশে সেই বিকিৰ্ণ তাপ প্ৰতিফলন ক্ৰিয়াৰ দ্বাৰা পৃথিৱীলৈ পঠিয়াই দিয়ে। ফলত নিয়ৰ উৎপন্ন হোৱাৰ লগে লগে বাষ্পত পৰিণত হয়াৰু সেই বাবে ডাৱৰীয়া নিক্ষা নিয়ৰ নপৰে।

১৬) প্ৰশ্ন : কেৰাচিন তেলৰ জুইত পানী ঢালি নুমুৱাব নোৱাৰি কিয়?

উত্তৰ : কেৰাচিন তেল পানীতকৈ পাতল। সেয়ে, কেৰাচিন তেলৰ জুইত পানী ঢালিলে তেল ওপৰলৈ ভাঁহি উঠে আৰ জুই জ্বলিয়ে থাকে।

১৭) প্ৰশ্ন : কোনো তাপমাত্ৰাৰ পাঠ (Reading) ছেলচিয়াছ স্কেলত কিমান হয়?

উত্তৰ : ২৫ ডিগ্ৰী

১৮) প্ৰশ্ন : ফাৰেণহাইট স্কেলত তাপমাত্ৰাৰ পাঠ (Reading) কিমান হ’ব?

উত্তৰ : 77ডিগ্ৰী ফাৰেণহইট।

১৯) প্ৰশ্ন : ধাতুত তড়িৎ প্ৰবাহ ঘটাৰ কাৰণ কি?

উত্তৰ : মুক্ত ইলেক্ট্ৰনৰ গতিৰ বাবে ধাতুৰ তড়িৎ গতিত প্ৰবাহ ঘটে।

২০) প্ৰশ্ন : ভৰ আৰু জড়তাৰ মাজত সম্পৰ্ক কি?

উত্তৰ : জড়তা সদায় ভৰৰ ওপৰত নিৰ্ভৰশীল।

২১) প্ৰশ্ন : পৃথিৱীৰ কোনো ওখ ঠাইৰ পৰা বস্তু এটা তললৈ পেলাই দিলে তাৰ বেগ বাঢ়িব নে কমিব?

উত্তৰ : বেগ বাঢ়িব।

২২) প্ৰশ্ন : বস্তু এটা বাধাহীন ভাৱে ওখ ঠাইৰ পৰা তললৈ পেলাই দিলে বস্তুটোৰ ত্বৰণ হ’ব নে মন্থৰণ হ’ব?

উত্তৰ : ত্বৰণ হ’ব।

২৩) প্ৰশ্ন : মানুহ এজনে পৃথিৱীৰ ওপৰত ৪ ফুট ওখলৈ জঁপিয়াব পাৰিলে চন্দ্ৰপৃষ্ঠত কিমান ওখলৈ জঁপিয়াব পাৰিব?

উত্তৰ : ২৪ ফুট ওখলৈ।

২৪) প্ৰশ্ন : মধ্যাকৰ্ষণিক ত্বৰণৰ মান পৃথিৱীৰ সকলো স্থানতে একে থাকেনে?

উত্তৰ : নাথাকে। স্থানভেদে বেলেগ বেলেগ হয়।

২৫) প্ৰশ্ন : পৃথিৱীৰ মাধ্যাকৰ্ষণিক (g) মান আটাইতকৈ ক’ত বেছি?

উত্তৰ ; দুই মেৰু অঞ্চলত।

২৬) প্ৰশ্ন : অভিকেন্দ্ৰিক বল কাক বোলে?

উত্তৰ : কোনো বস্তু বৃত্তাকাৰ পথত ঘূৰিবলৈ হ’লে তাৰ ওপৰত যি বল প্ৰয়োগ কৰা হয় তাক অভিকেন্দ্ৰিক বল বোলে।

২৭) প্ৰশ্ন : ক্ৰিয়া বল কি?

উত্তৰ : কোনো বস্তুৰ ওপৰত ক্ৰিয়া কৰা বলক ক্ৰিয়া বল বোলে।

২৮) প্ৰশ্ন : যি কোনো দুটা ভেক্টৰ যোগ বা বিয়োগ কৰিব পাৰিনে?

উত্তৰ : নোৱাৰি।

২৯) প্ৰশ্ন : নিৰ্দিষ্ট দিশত হোৱা দ্ৰুতিক কি বোলে?

উত্তৰ : বেগ।

৩০) প্ৰশ্ন : ৰেডিয়াম কি?

উত্তৰ : কোনো বৃত্তৰ ব্যাসাৰ্ধৰ সমান বৃত্তৰ চাপে বৃত্তটোৰ কেন্দ্ৰত যি কোণৰ সৃষ্টি কৰে তাৰ পৰিমাণকে ৰেডিয়াম বোলে।

৩১) প্ৰশ্ন : বৈজ্ঞানিক দৃষ্টিভঙ্গীত বস্তুৰ স্থিতি অৱস্থা মানে কি?

উত্তৰ : বস্তুৰ গতি শূণ্যতা।

৩২) প্ৰশ্ন : বস্তুৰ গতি আৰু স্থিতি সম্পৰ্কীয় গতিসূত্ৰ কেইটা?

উত্তৰ : তিনিটা।

৩৩) প্ৰশ্ন : দ্ৰুতি আৰু বেগৰ মাজত পাৰ্থক্য কি?

উত্তৰ : দ্ৰুতিৰ মান আছে কিন্তু দিশ নাই। আনহাতে বেগৰ মান আৰু দিশ দুয়োটাই আছে।

৩৪) প্ৰশ্ন : বলৰ সংজ্ঞা আৰু মান নিউটনৰ কি কি গতি সূত্ৰৰ পৰা লোৱা হৈছে?

উত্তৰ : প্ৰথম, দ্বিতীয় আৰু তৃতীয় গতি সূত্ৰৰ পৰা।

৩৫) প্ৰশ্ন : সৰণ কাক বোলে?

উত্তৰ : নিৰ্দিষ্ট দিশত বস্তু স্থানান্তৰিত হোৱাকে সৰণ বোলে।

৩৬) প্ৰশ্ন : চলন্ত গাড়ীৰ গতিৰ বিপৰীত দিশত নমাৰ চেষ্টা কৰাটো বিপদ জনক কিয়?

উত্তৰ : চলন্ত গাড়ীৰ গতিৰ বিপৰীত দিশত নামিবলৈ হ’লে মানুহজনৰ গতি জড়তাৰ বিপৰীতে বল প্ৰয়োগ কৰিব লাগে। ফলত মানুহজনে মুখ থেকেচা খাই পৰি যোৱাৰ আশঙ্কা থাকে বাবেই বিপদজনক।

৩৭) প্ৰশ্ন : শক্তিৰ একক কি?

উত্তৰ : কাৰ্যৰ এককেই শক্তিৰ একক। যেনে – জুল, আৰ্গ আদি।

৩৮) প্ৰশ্ন : সকলো শক্তিৰ উৎস কি?

উত্তৰ : সূৰ্য।

৩৯)প্ৰশ্ন : শক্তি কাক বোলে?

উত্তৰ : কাৰ্য কৰাৰ সামৰ্থকেই শক্তি বোলে।

৪০) প্ৰশ্ন : কাৰ্য কিহৰ ওপৰত নিৰ্ভৰ কৰে?

উত্তৰ : কাৰ্য প্ৰয়োগ কৰা বলৰ ওপৰত নিৰ্ভৰ কৰে।

৪১) প্ৰশ্ন : পৰমাণুৰ কেন্দ্ৰত কি শক্তি নিহিত থাকে?

উত্তৰ : নিউক্লীয় শক্তি।

৪২) প্ৰশ্ন : হাইড্ৰ’জেন বম্‌ত কি শক্তি নিহিত থাকে?

উত্তৰ : হাইড্ৰ’জেন পৰমাণুৰ সংযোজন শক্তি নিহিত থাকে।

৪৩) প্ৰশ্ন : বায়ু শূণ্য ঠাইত চৰায়ে উৰিব পাৰেনে?

উত্তৰ : নোৱাৰে।

৪৪) প্ৰশ্ন : ভৰ আৰু ওজনৰ পাৰ্থক্য কি?

উত্তৰ : ভৰ হ’ল পদাৰ্থৰ একক আয়তনত থকা পদাৰ্থৰ পৰিমাণ আৰু ওজন হ’ল পদাৰ্থৰ ওপৰত ক্ৰিয়া কৰা নিম্নমুখী মাধ্যাকৰ্ষণিক বল।

৪৫) প্ৰশ্ন : এম্পিয়াৰ কি?

উত্তৰ : বিদ্যুৎ প্ৰবাহৰ একক।

৪৬) প্ৰশ্ন : কেল্‌ভিন কি?

উত্তৰ : তাপ গতি বিজ্ঞানৰ উষ্ণতাৰ একক।

৪৭) প্ৰশ্ন : অনিয়তাকাৰ ঘন বস্তুৰ আয়তন কিহৰ দ্বাৰা নিৰ্ণয় কৰিব পাৰি?

উত্তৰ : মাপনী চুঙাৰে।

৪৮) প্ৰশ্ন : জোখ-মাখৰ যথাৰ্থতা কিহৰ ওপৰত নিৰ্ভৰ কৰে?

উত্তৰ : জোখ-মাখৰ বাবে ব্যৱহৃত আহিলাৰ ওপৰত।

৪৯) প্ৰশ্ন : কোনো সমতল ঠাই অনুভূমিক হয় নে নহয় তাক চাবলৈ কি ব্যৱহাৰ হয়?

উত্তৰ : স্পিৰিট লেভল্‌।

৫০) প্ৰশ্ন : এক সৌৰ দিন মানে কি?

উত্তৰ : পৃথিৱীৰ আৱৰ্তন কালক এক সৌৰ দিন বোলে।

৫১) প্ৰশ্ন : ভৌতিক ৰাশি কাক বোলে?

উত্তৰ : যিবোৰ ৰাশিক জোখ-মাখ কৰিব পাৰি তাক ভৌতিক ৰাশি বোলে।

৫২) প্ৰশ্ন : ৪° ছেণ্টিগ্ৰেড উষ্ণতাত এক ঘন ছেণ্টিমিটাৰ বিশুদ্ধ পানীৰ ওজন কিমান?

উত্তৰ : ১ গ্ৰাম।

৫৩) প্ৰশ্ন : ঘূৰি থকা বৈদ্যুতিক বিছনী এখনৰ ব্লেড এখনৰ দুই মূৰত দ্ৰুতি সমান নে?

উত্তৰ : নহয়।

৫৪) প্ৰশ্ন : কেছ ধৰাৰ সময়ত ক্ৰিকেট খেলুৱৈ এজনে হাতখন অলপ তললৈ টানি লয় কিয়?

উত্তৰ : ক্ৰিকেট বলটো নিম্নমূখী হোৱাৰ কাৰণে হাত খন অলপ তললৈ নমাই বলটোৰ গতিমুখী কৰি লয়।

৫৫) প্ৰশ্ন : কোনো এটা বস্তুৰ ওজন বিষুৱ অঞ্চলত ১ কিলোগ্ৰাম হ’লে সেই বস্তুটোৰ ওজন মেৰু অঞ্চলত কিমান হ’ব?

উত্তৰ : এক কিলোগ্ৰামতকৈ বেছি হ’ব।

৫৬) প্ৰশ্ন : বস্তুৰ গতিশক্তি কিহৰ ওপৰত নিৰ্ভশীল?

উত্তৰ : বস্তুৰ ভৰ আৰু বেগৰ ওপৰত।

৫৭) প্ৰশ্ন : মানুহে কোনো বস্তু কেনেকৈ দেখে?

উত্তৰ : যেতিয়া কোনো পোহৰ (ৰশ্মি) আহি কোনো বস্তুৰ ওপৰত পৰে তেতিয়া সেই বস্তুৰ পৰা প্ৰতিফলিত হোৱা পোহৰ আহি চকুত পৰিলে মানুহে সেই বস্তুটো দেখা পায়।

৫৮) প্ৰশ্ন : এভ’গ্ৰেডৰ সংখ্যা কিমান? কি সাংকেতিক চিনৰ দ্বাৰা তাক প্ৰকাশ কৰা হয়?

উত্তৰ : 6.023 X 1023। ইয়াক Na সাংকেতিক চিহ্নৰ দ্বাৰা প্ৰকাশ কৰা হয়।

৫৯) প্ৰশ্ন : বাদ্যযন্ত্ৰৰ দুটা সুৰৰ পাৰ্থক্য কিদৰে নিৰ্ণীত হয়?

উত্তৰ : দুটা সুৰৰ কম্পনাংক অনুপাতৰ দ্বাৰা।

৬০) প্ৰশ্ন : যি ধ্বনিত একাধিক কম্পনাংকৰ সুৰ বৰ্তমান থাকে তাক কি বোলে?

উত্তৰ : স্বৰ।

৬১) প্ৰশ্ন : এটা বগা অলোক ৰশ্মিক প্ৰিজমৰ মাজেৰে বিশ্লিষ্ট কৰিলে কেইটা ৰং দেখা যায়?

উত্তৰ : সাতটা।

৬২) প্ৰশ্ন : পতনশীল বস্তুৰ সূত্ৰাৱলীৰ প্ৰথম সূত্ৰটো পৰীক্ষা ভিত্তিক প্ৰমাণ কোনে কৰিছিল?

উত্তৰ : চাৰ আইজাক নিউটনে।

৬৩) প্ৰশ্ন : এটা শূণ্য হল ঘৰত লাহে লাহে শব্দ কৰিলেও জোৰকৈ শুনি, কিন্ত মানুহ ভৰা হল ঘৰত তেনে নহয় কিয়?

উত্তৰ : মানুহ ভৰা হল ঘৰত শব্দৰ শোষণ বেছি হয়, কিন্ত শূণ্য হল ঘৰত শব্দৰ শোষণ কম হয় বাবে ।

৬৪) প্ৰশ্ন : ৰাতিপুৱা সূৰ্যৰ উত্তাপতকৈ দুপৰীয়া সূৰ্যৰ উত্তাপ বেছি হয় কিয়?

উত্তৰ : ৰাতিপুৱাতকৈ দুপৰীয়া সূৰ্যৰ ৰশ্মি থিয় হৈ পৰা কাৰণে।

৬৫) প্ৰশ্ন : সৰল দোলকৰ কম্পনৰ শব্দ মানুহে শুনিবলৈ নাপায় কিয়?

উত্তৰ : সৰল দোলকৰ কম্পনাঙ্ক মানুহৰ কাণত নিম্নতম শ্ৰৱণ সীমাতকৈ কম কাৰণে।

৬৬) প্ৰশ্ন : আভ্যন্তৰীণ পূৰ্ণ প্ৰতিফলনৰ প্ৰথম চৰ্ত কি?

উত্তৰ : আলোক ৰশ্মিয়ে ঘন মাধ্যমৰ পৰা লঘু মাধ্যমলৈ গতি কৰা আৱশ্যক।

৬৭) প্ৰশ্ন : শূণ্য মাধ্যমত পোহৰৰ বেগ কিমান?

উত্তৰ : 1,86,000 মাইল প্ৰতি চেকেণ্ড বা 3,00,000 কিঃমিঃ প্ৰতি চেকেণ্ড।

৬৮) প্ৰশ্ন : আলোক ৰশ্মিয়ে বায়ুৰ পৰা কাঁচৰ মাজলৈ প্ৰৱেশ কৰিলে তাৰ কিবা পৰিৱৰ্তন ঘটেনে?

উত্তৰ : তৰঙ্গ দৈৰ্ঘ আৰু বেগৰ পৰিৱৰ্তন ঘটে।

৬৯) প্ৰশ্ন : সমতল আয়নাত কোনো বস্তুৰ কি প্ৰতিবিম্ব পোৱা যায়?

উত্তৰ : অসৎ প্ৰতিবিম্ব।

৭০) প্ৰশ্ন : এক কিলোমিটাৰ সমান কিমান মাইল?

উত্তৰ : 0621 মাইল।

৭১) প্ৰশ্ন : এক ইঞ্চি = কিমান ছেণ্টিমিটাৰ।

উত্তৰ : 2.54 ছেণ্টিমিটাৰ।

৭২) প্ৰশ্ন : 1/100 মিটাৰক কি বুলি কোৱা হয়?

উত্তৰ : এক ছেণ্টিমিটাৰ।

৭৩) প্ৰশ্ন : এক ফাৰ্লঙত কিমান গজ?

উত্তৰ : ২২০ গজ।

৭৪) প্ৰশ্ন : ক্ৰনোমিটাৰ কি?

উত্তৰ : নিঁখুটভাৱে সময় জুখিবলৈ নিৰ্মান কৰা বতৰৰ প্ৰভাৱ মুক্ত এবিধ বিশেষ ঘড়ী।

৭৫) প্ৰশ্ন : পদাৰ্থ মানে কি?

উত্তৰ : যাক অনুভৱ কৰিব পাৰি, যাৰ ভৰ, ওজন আৰু ব্যাপ্তি আছে সেয়াই পদাৰ্থ।

৭৬) প্ৰশ্ন : তাপ, শব্দ আৰু পোহৰ পদাৰ্থ নহয় কিয়?

উত্তৰ : তাপ, শব্দ আৰু পোহৰক ইন্দ্ৰিয়ৰ দ্বাৰা অনুভৱ কৰিব পাৰিলেও ভৰ আৰু আয়তন নথকা কাৰণে ইহঁত পদাৰ্থ নহয়।

৭৭) প্ৰশ্ন : কোনো বস্তুক পৃথিৱীয়ে যি বলৰ দ্বাৰা নিজৰ কেন্দ্ৰৰ পিনে আকৰ্ষণ কৰে তাকে সেই পদাৰ্থটোৰ কি বোলে?

উত্তৰ : ওজন।

৭৮) প্ৰশ্ন : চুম্বকে কি কি আকৰ্ষণ কৰে?

উত্তৰ : লো, নিকেল আৰু কোবাল্ট।

৭৯) প্ৰশ্ন : এক নিউটন সমান কিমান ডাইন?

উত্তৰ : ১০ ডাইন।

৮০) প্ৰশ্ন : এক হৰ্চ পাৱাৰ = কিমান ওৱাট?

উত্তৰ : ৭৪৬ ওৱাট।

৮১) প্ৰশ্ন : বৰ্ণালী মানে কি? বৰ্ণালী কাক বোলে?

উত্তৰ : আলোক বিচ্ছুৰণৰ ফলত বিভিন্ন বৰ্ণ বিশিষ্ট যি আলোক পটিৰ উৎপত্তি হয় তাকে বৰ্ণালী বোলে।

৮২) প্ৰশ্ন : কঠিন পদাৰ্থৰ মাজত অণুবিলাক কেনেকৈ থাকে?

উত্তৰ : ওচৰা-উচৰিকৈ লগ-লাগি বান্ধ খাই থাকে।

৮৩) প্ৰশ্ন : অণুবীক্ষণ আৰু দূৰবীক্ষণ যন্ত্ৰৰ ‘আইপিচ’ত সাধাৰণতে কি ধৰণৰ লেন্স ব্যৱহাৰ কৰা হয়?

উত্তৰ : সমতলোত্তল লেন্স।

৮৪) প্ৰশ্ন : চচ্‌মাত সাধাৰণতে কি লেন্স ব্যৱহাৰ কৰা হয়?

উত্তৰ : অৱতলোত্তল লেন্স।

৮৫) প্ৰশ্ন : আয়ন কেনেকৈ সৃষ্টি হয়?

উত্তৰ : পৰমাণু বা মূলকে এক বা একাধিক ইলেক্ট্ৰন গ্ৰহণ বা বৰ্জন কৰি আয়ন উৎপন্ন কৰে।

৮৬) প্ৰশ্ন : ইলেক্ট্ৰন, প্ৰটন আৰু নিউট্ৰনৰ ভিতৰত কোনটো আটাইতকৈ লঘু?

উত্তৰ : ইলেক্ট্ৰন।

৮৭) প্ৰশ্ন : ৰেক্টৰ (Richter Scale) স্কেল কি?

উত্তৰ : ভূমিকম্পৰ প্ৰাবল্য মাপক।

৮৮) প্ৰশ্ন : কি এককৰ দ্বাৰা জলযানৰ গতি নিৰুপণ কৰা হয়?

উত্তৰ : নটিকেল মাইল।

৮৯) প্ৰশ্ন : চুপাৰচনিক আকাশীযান বা বিমানৰ গতিক কি এককেৰে নিৰুপণ কৰা হয়?

উত্তৰ : মেক্‌ নম্বৰ।

৯০) প্ৰশ্ন : পানীৰ গভীৰতা জোখৰ একক কি?

উত্তৰ : ফেডাম।

৯১) প্ৰশ্ন : ভাৰতীয় ঔদ্যোগিক বৈজ্ঞানিক অনুসন্ধান (ISR) ৰপ্ৰথম অধ্যক্ষ কোন আছিল?
উত্তৰ : ড° শান্তিস্বৰুপ ভাটনাগৰ।

৯২) প্ৰশ্ন : কলঙ্কহীন ইস্পাত কাক বোলে?

উত্তৰ : শতকৰা ১০ ৰ পৰা ১৫ ভাগ ক্ৰ’মিয়াম মিহলি হৈ থকা ইস্পাতক।

৯৩) প্ৰশ্ন : পুৰুষতকৈ মহিলাৰ কণ্ঠস্বৰ অধীক তীক্ষ্ণ কিয়?

উত্তৰ : মহিলাৰ কণ্ঠস্বৰ পুৰুষতকৈ অধিক কম্পনাংক থকা বাবে।

৯৪) প্ৰশ্ন : আটাইতকৈ গধুৰ আৰু আটাইতকৈ পাতল ধাতু কি?

উত্তৰ : আটাইতকৈ গধুৰ অচিমিয়াম আৰু আটাইতকৈ পাতল লিথিয়াম।

৯৫) প্ৰশ্ন : মানুহ এজনৰ সম্পূৰ্ণ শৰীৰটো চাবলৈ কিমান জোখৰ আয়না লাগে?

উত্তৰ : মানুহজনৰ উচ্চতৰ আধা।

৯৬) প্ৰশ্ন : নিউক্লিয়াচত নিউট্ৰন নথকা পৰমাণু কি?

উত্তৰ : সাধাৰণ হাইড্ৰজেন পৰমাণু।

৯৭) প্ৰশ্ন : শব্দ তৰঙ্গ আৰু আলোক তৰঙ্গৰ মাজত প্ৰধান সাদৃশ্য কি?

উত্তৰ : উঙয়ে ব্যতিচাৰ ক্ৰিয়া প্ৰদৰ্শন কৰে।

৯৮) প্ৰশ্ন : ব্যতিচাৰ কাক বোলে?

উত্তৰ : যি ঘটনাত দুটা তৰঙ্গ মিলিত হৈ পৰস্পৰক বিনষ্ট কৰে নাইবা প্ৰত্যেকতকৈ ডাঙৰ তৰঙ্গৰ সৃষ্টি কৰে তাকে ব্যতিচাৰ বোলে।

৯৯) প্ৰশ্ন : এটা বস্তুৰ পৰা আন এটা বস্তুলৈ স্থানান্তৰযোগ্য তড়িৎ আধানৰ সৰ্বনিম্ন মান কিমান?

উত্তৰ : 1.6 X 16-19 কুলম্ব।

১০০) প্ৰশ্ন : একে বছৰতে পদাৰ্থ বিজ্ঞানত মিলিতভাৱে কোন পিতা-পুত্ৰই নবে’ল বঁটা লাভ কৰে?

উত্তৰ : পি. ও. উইলিয়াম ব্ৰাগ (পিতা) আৰু লৰেঞ্চ ব্ৰাগ (পুত্ৰ)।

১০১) প্ৰশ্ন : পৃথিৱীত মূল পদাৰ্থ কিমান আছে?

উত্তৰ : ১০৫ টা।

 

উৎস : নতুন চাইঞ্চ কুইজ।

 

ৰসায়ন শাস্ত্ৰ

 

১) প্ৰশ্ন : পৰমাণু কি কি কণিকাৰ দ্বাৰা গঠিত?

উত্তৰ : ইলেক্ট্ৰন, প্ৰ’টন আৰু নিউট্ৰনৰ দ্বাৰা।

২) প্ৰশ্ন : পৰমাণুৰ কেন্দ্ৰভাগক কি বোলে?

উত্তৰ : লিউক্লিয়াচ।

৩) প্ৰশ্ন : নিউক্লাচৰ আধান কেনেকুৱা?

উত্তৰ : ধনাত্মক।

৪) প্ৰশ্ন : পদাৰ্থৰ গঠন বুজাবলৈ পৰমাণু তত্ত্বৰ প্ৰস্তাৱ কোনে কৰিছিল?

উত্তৰ : ডেল্টনে (জন ডেল্টন)।

৫) প্ৰশ্ন : কেতিয়া আৰু কোনে নিউট্ৰন আৱিষ্কাৰ কৰিছিল?

উত্তৰ : ইং ১৯৩২ চনত, জেমচ ছেডউইক।

৬) প্ৰশ্ন : প্ৰ’টনৰ ওজন ইলেক্ট্ৰনতকৈ কিমান গুণ বেছি?

উত্তৰ : ১৮৩৬ গুণ বেছি।

৭) প্ৰশ্ন : পৰমাণুৰ ব্যাস কিমান?

উত্তৰ : ১০-৮ ছেণ্টিমিটাৰ।

৮) প্ৰশ্ন : কাৰ্বন কি কি ৰুপত পোৱা যায়?

উত্তৰ : কাৰ্বন স্ফটিক আৰু নিৰাকাৰ দুটা ৰুপত পোৱা যায়।

৯) প্ৰশ্ন : হীৰা আৰু গ্ৰেফাইটৰ দহনত কি গেছ উৎপন্ন হয়?

উত্তৰ : কাৰ্বন-ডাই-অক্সাইড।

১০) প্ৰশ্ন : তাপ আৰু তড়িতৰ সুপৰিবাহী দুটা অধাতুৰ নাম কি?

উত্তৰ : গ্ৰেফাইট আৰু কাৰ্বন গেছ।

১১) প্ৰশ্ন : গ্ৰেফাইট, কক, হীৰা আৰু গন্ধকৰ ভিতৰত আটাইতকৈ টান কি?

উত্তৰ : হীৰা।

১২) প্ৰশ্ন : আয়ৰণ পাইৰাটিজ কোন মৌলৰ উৎস?

উত্তৰ : চালফাৰৰ।

১৩) প্ৰশ্ন : কাৰ্বন মন’ক্সাইড বায়ুতকৈ গধুৰ নে পাতল?

উত্তৰ : পাতল।

১৪) প্ৰশ্ন : আকৰিক কাক বোলে?

উত্তৰ : যিবোৰ পদাৰ্থ খনিৰ পৰা পোনে পোনে সংগ্ৰহ কৰা হয় সেইবোৰ বিশুদ্ধ নহয়, এনে অপৰিষ্কাৰ খনিজবোৰকে আকৰিক বোলে।

১৫) প্ৰশ্ন : ধাতুৰ ক্ষয়ীভৱন কাক বোলে?

উত্তৰ : যি প্ৰক্ৰিয়াৰে ধাতুৰ ক্ষয় হয় তাকে ধাতুৰ ক্ষয়ীভৱন বোলে।

১৬) প্ৰশ্ন : পাৰা আৰু আন ধাতুৰ সংকৰক কি বোলে?

উত্তৰ : এমালগাম।

১৭) প্ৰশ্ন : প্লাষ্টিক কেই প্ৰকাৰৰ আৰু কি কি?

উত্তৰ : দুই প্ৰকাৰৰ। থাৰ্ম’প্লাষ্টিক আৰু থাৰ্ম’চেটিং প্লাষ্টিক।

১৮) প্ৰশ্ন : কাঁচ কি?

উত্তৰ : কাঁচ এবিধ স্বচ্ছ মিশ্ৰ পদাৰ্থ।

১৯) প্ৰশ্ন : কাঁচৰ উপাদানবোৰ কি কি?

উত্তৰ : কাঁচৰ উপাদানবোৰ হ’ল – চিলিকা, ছডিয়াম অক্সাইড বা পটাছিয়াম অক্সাইড আৰু চূণ বা লেড্‌ অক্সাইড।

২০) প্ৰশ্ন : বেঙুণীয়া, নীলা আৰু ৰঙা কাঁচ তৈয়াৰ কৰিবলৈ কি কি বিশেষ ধৰণৰ বস্তু ব্যৱহাৰ কৰা হয়?

উত্তৰ : বেঙুণীয়া কাঁচত মেঙ্গানিজ ডাই অক্সাইড, নীলা কাঁচত কোৱাল্ট আৰু ৰঙা কাঁচত জিঙ্ক অক্সাইড ব্যৱহাৰ কৰা হয়।

২১) প্ৰশ্ন : পাৰমাণৱিক ভৰ কাক বোলে?

উত্তৰ : পৰমাণুৰ আপেক্ষিক ভৰক পাৰমাণৱিক ভৰ বোলে।

২২) প্ৰশ্ন : এভোগ্ৰেডৰ প্ৰকল্প কি?

উত্তৰ : ইং ১৮১১ চনত এভোগ্ৰেড নামৰ এজন বিজ্ঞানীয়ে গেছীয় পদাৰ্থৰ আয়তন আৰু অণুৰ সংখ্যাৰ মাজত এটা সম্বন্ধ নিৰুপণ কৰে। ইয়াকে এভোগ্ৰেডৰ প্ৰকল্প বোলে।

২৩) প্ৰশ্ন : এভোগ্ৰেডৰ সংখ্যা কাক বোলে?

উত্তৰ : যিকোনো পদাৰ্থৰ এক গ্ৰাম আণৱিক ভৰত থকা অণুৰ সংখ্যা সদায় সময় সমান হয়। এই সংখ্যাকে এভোগ্ৰেডৰ সংখ্যা বোলে। এভোগ্ৰেডৰ সংখ্যাক Na চিনৰ দ্বাৰা বুজোৱা হয়।

২৪) প্ৰশ্ন : মৌলিক পদাৰ্থৰ নিজ গুণ, ধৰ্ম অটুট ৰাখিব পৰা আতাইতকৈ ক্ষুদ্ৰতম কণাটোৰ নাম কি?

উত্তৰ : পৰমাণু।

২৫) প্ৰশ্ন : যৌগিক পদাৰ্থৰ নিজ গুণ, ধৰ্ম অটুট ৰাখিব পৰা আটাইতকৈ ক্ষুদ্ৰতম কণাটোৰ নাম কি?

উত্তৰ : অণু।

২৬) প্ৰশ্ন : কাৰ্বন পৰমাণুত প্ৰ’টন আৰু নিউট্ৰনৰ সংখ্যা কিমান?

উত্তৰ : কাৰ্বন পৰমাণুত প্ৰ’টন আৰু নিউট্ৰন উভয়ৰে সংখ্যা ৬।

২৭) প্ৰশ্ন : অক্সিজেনৰ গ্ৰাম আণৱিক ভৰ কিমান?

উত্তৰ : ৩২ গ্ৰাম।

২৮) প্ৰশ্ন : আন্তৰ্জাতিক পদ্ধতিত গেছৰ আয়তনৰ একক কি?

উত্তৰ : ঘনমিটাৰ।

২৯) প্ৰশ্ন : কিহৰ ওপৰত ভিত্তি কৰি আধুনিক পৰ্যায়বৃত্ত তালিকা খন প্ৰস্তুত কৰা হৈছে?

উত্তৰ : মৌলবোৰৰ পৰমাণু ক্ৰমাংকৰ ওপৰত ভিত্তি কৰি।

৩০) প্ৰশ্ন : পৰ্যায়বৃত্ত তালিকাত মুঠতে কেইটা পৰ্যায় থাকে?

উত্তৰ : সাতোটা।

৩১) প্ৰশ্ন : কোনো মৌলৰ ৰাসায়নিক সক্ৰিয়তা কিহৰ ওপৰত নিৰ্ভৰ কৰে?

উত্তৰ : ইলেক্ট্ৰন গ্ৰহণ আৰু ত্যাগ কৰাৰ প্ৰৱণতাৰ ওপৰত।

৩২) প্ৰশ্ন : শূণ্যযোজী দুটা মৌলৰ নাম কোৱা?

উত্তৰ : আৰ্গন আৰু নিয়ন।

৩৩) প্ৰশ্ন : পানীৰ কি গুণৰ বাবে ইয়াত আয়নীয় যৌগ দ্ৰৱীভূত হয়?

উত্তৰ : পানীৰ দ্ৰৱীয়তা গুণ থাকে বাবে।

৩৪) প্ৰশ্ন : ৰাসায়নিক বন্ধন কাক বোলে?

উত্তৰ : যি আকৰ্ষণ বলৰ দ্বাৰা দুটা পৰমাণুৰ যোজন ঘটে তাকে ৰাসায়নিক বন্ধন বোলে।

৩৫) প্ৰশ্ন : যোজন ইলেক্ট্ৰন কাক বোলে?

উত্তৰ : কোনো মৌলৰ পৰমাণুৰ বহিঃখোলৰ ইলেক্ট্ৰনক মৌলটোৰ যোজক ইলেক্ট্ৰন বোলে।

৩৬) প্ৰশ্ন : দুটা বা তাতোধিক পদাৰ্থৰ সমসত্ব মিশ্ৰণক কি বোলে?

উত্তৰ : দ্ৰৱ।

৩৭) প্ৰশ্ন : কোনো পদাৰ্থৰ দ্ৰাব্যতা সহজে উলিয়াব পৰা সম্বন্ধটো কি?

উত্তৰ : পদাৰ্থৰ দ্ৰাব্যতা = গ্ৰাম হিচাপে দ্ৰাব্যৰ ভৰ/গ্ৰাম হিচাপে দ্ৰাৱকৰ ভৰ X 100 ।

৩৮) প্ৰশ্ন : বৈদ্যুতিক বিশ্লেষণ কাক বোলে?

উত্তৰ : বৈদ্যুতিক সোঁতৰ দ্বাৰা যৌগ এটাৰ বিয়োজন ঘটা প্ৰক্ৰিয়াকে বিদ্যুৎ বিশ্লেষণ বোলে।

৩৯) প্ৰশ্ন : ছডিয়াম হাইড্ৰোক্সাইড জলীয় দ্ৰৱত মুঠতে কেইবিধ মুক্ত আয়ন থাকে?

উত্তৰ : চাৰিবিধ।

৪০) প্ৰশ্ন : হেলজেন মৌল কাক বোলে?

উত্তৰ : ফ্ল’ৰিণ, ক্ল’ৰিণ, ব্ৰ’মিণ আৰু আয়োডিনক একেলগে হেলজেন মৌল বোলে।

৪১) প্ৰশ্ন : মৌল পদাৰ্থৰ প্ৰধান ভাগ দুটা কি কি?

উত্তৰ : ধাতু আৰু অধাতু।

৪২) প্ৰশ্ন : অক্সাইড কাক বোলে?

উত্তৰ : যিকোনো মৌল আৰু অক্সিজেনৰ মাজত সৃষ্টি হোৱা দ্বিমৌলিক যৌগকে অক্সাইড বোলে।

৪৩) প্ৰশ্ন : অম্ল আৰু ক্ষাৰৰ এটি সাধাৰণ উপাদান কি?

উত্তৰ : হাইড্ৰ’জেন।

৪৪) প্ৰশ্ন : ক্ল’ৰাইড কাক বোলে?

উত্তৰ : ক্ল’ৰিণ আৰু যিকোনো মৌলৰ মাজত সৃষ্টি হোৱা দ্বিমৌলিক যৌগকে ক্ল’ৰাইড বোলে।

৪৫) প্ৰশ্ন : অক্সিজেনৰ পৰমাণু ক্ৰমাংক আৰু পাৰমাণৱিক ভৰ কিমান?

উত্তৰ : পৰমাণু ক্ৰমাংক ৮ আৰু পাৰমাণৱিক ভৰ ১৬।

৪৬) প্ৰশ্ন : অক্সিজেনৰ বহুৰুপতা কি?

উত্তৰ  :অ’জন (O3)।

৪৭) প্ৰশ্ন : ছালফাৰৰ পৰমাণু ক্ৰমাংক কিমান?

উত্তৰ : ১৬।

৪৮) প্ৰশ্ন : ভূ-ত্বকত থকা ছালফাৰৰ শতকৰা পৰিমাণ কিমান?

উত্তৰ : 0.004%।

৪৯) প্ৰশ্ন : চালফাৰৰ প্ৰধান অক্সাইড বিধৰ নাম কি?

উত্তৰ : চালফাৰ-ডাই-অক্সাইড।

৫০) প্ৰশ্ন : প্ৰকৃতিৰ বুকুত আয়তন হিচাপে কিমান নাইট্ৰ’জেন গেছ আছে?

উত্তৰ : শতকৰা প্ৰায় ৭৮.১ ভাগ।

৫১) প্ৰশ্ন : এমনিয়াৰ সংকেট আৰু আণৱিক ভৰ কিমান?

উত্তৰ : সংকেট NH3 আৰু আণৱিক ভৰ হ’ল ১৭।

৫২) প্ৰশ্ন : শিথিল চূণ কি?

উত্তৰ : কেলছিয়াম হাইড্ৰোক্সাইড।

৫৩) প্ৰশ্ন : কি বস্তুত ফচ্‌ফেট আটাইতকৈ বেছি পোৱা যায়?

উত্তৰ : হাড়ত।

৫৪) প্ৰশ্ন : পাকস্থলীৰ আহাৰ জীণ নিয়াবলৈ কি এচিড ব্যৱহাৰ কৰা হয়?

উত্তৰ : হাইড্ৰ’ক্ল’ৰিক (HCI) এচিড।

৫৫) প্ৰশ্ন : সাধাৰণ উষ্ণতাত জুলীয়া অৱস্থাত থকা অধাতুৰ নাম কি?

উত্তৰ : ব্ৰ’মিন।

৫৬) প্ৰশ্ন : বায়ুমণ্ডলত প্ৰায় কিমান শতাংশ অক্সিজেন পোৱা যায়?

উত্তৰ : প্ৰায় ২০ শতাংশ।

৫৭) প্ৰশ্ন : অ’জনৰ গোন্ধ কেনেকুৱা?

উত্তৰ : কেঁচা মাছৰ দৰে।

৫৮) প্ৰশ্ন : পৰীক্ষাগাৰত কি সঁজুলিৰ সহায়ত H2S প্ৰস্তুত কৰা হয়?

উত্তৰ : কিপৰ সঁজুলিৰ সহায়ত।

৫৯) প্ৰশ্ন : হাইড্ৰ’জেন সনস্থানিক কেইটা?

উত্তৰ : তিনিটা।

৬০) প্ৰশ্ন : ক্ল’ৰিণে কাৰ উপস্থিতিত বিৰঞ্জন ধৰ্ম প্ৰদৰ্শন কৰে?

উত্তৰ : পানীৰ।

৬১) প্ৰশ্ন : ডিনামাইট কি?

উত্তৰ : এবিধ বিস্ফোৰক পদাৰ্থ।

৬২) প্ৰশ্ন : নিঁভাজ সোণ কেনেকৈ চিনিব পাৰি?

উত্তৰ : নাইট্ৰিক এচিডত ডুবাই।

৬৩) প্ৰশ্ন : লাফিং গেছ কাক বোলে?
উত্তৰ : নাইট্ৰাচ অক্সাইডক।

৬৪) প্ৰশ্ন : কংক্ৰিট কি?

উত্তৰ : চিমেণ্ট, বালি, শিলৰ টুকুৰা পানীত মিহলাই তৈয়াৰ কৰা গোটা বস্তু।

৬৫) প্ৰশ্ন : কোনে আৰু কেতিয়া মাৰকিউৰাছ নাইট্ৰেট আৱিষ্কাৰ কৰে?

উত্তৰ : ভাৰতীয় বিজ্ঞানী প্ৰফুল্ল চন্দ্ৰ ৰয়ে ইং ১৮৯৫ চনত আৱিষ্কাৰ কৰে।

৬৬) প্ৰশ্ন : আধুনিক ৰসায়নৰ পিতৃ কোন?

উত্তৰ : এণ্টনি লেভয়চিয়াৰ।

৬৭) প্ৰশ্ন : লোত মামৰে ধৰা কাৰ্যত কিহে সহায় কৰে?

উত্তৰ : বায়ুয়ে।

৬৮) প্ৰশ্ন : প্লাষ্টাৰ অব্‌ পেৰিছ কিহৰ পৰা তৈয়াৰ কৰা হয়?

উত্তৰ : জিপচামৰ পৰা।

৬৯) প্ৰশ্ন : পেনিচিল আৰু অক্সিজেনৰ আৱিষ্কাৰক কোন?

উত্তৰ : পেনিচিলিনৰ আৱিষ্কাৰক ড° আলেকজেণ্ডাৰ ফ্লেমিং আৰু অক্সিজেনৰ আৱিষ্কাৰক জোচেফ প্ৰিষ্টলি।

৭০) প্ৰশ্ন : মৌল সমূহৰ ভিতৰত আটাইতকৈ অধিক গলনাঙ্ক কাৰ?

উত্তৰ : হীৰাৰ।

৭১) প্ৰশ্ন : জীৱ বিজ্ঞানৰ নমুনা সংৰক্ষণৰ কামত ব্যৱহাৰ হোৱা তৰলৰ নাম কি?

উত্তৰ : ফাৰমেল ডিহাইদ।

৭২) প্ৰশ্ন : চিমেণ্টৰ প্ৰধান উপাদান কি?

উত্তৰ : (ক) ডাই-কেলছিয়াম ছিলিকেট,

(খ) ট্ৰাই-কেলছিয়াম ছিলিকেট,

(গ) ট্ৰাই-কেলছিয়াম এলুমিনেট।

৭৩) প্ৰশ্ন : চুপাৰ অফ্‌ লেড কি?

উত্তৰ : লেড্‌এচিটেড।

৭৪) প্ৰশ্ন : মেজেইক গোল্ড কি?

উত্তৰ : ষ্টালিক চালফাইড।

৭৫) প্ৰশ্ন : জিউলাইট ব্যৱহাৰ কৰিলে পানীৰ কি পৰিৱৰ্তন ঘটে?

উত্তৰ : খৰতা দূৰ হয়।

৭৬) প্ৰশ্ন : চিনাবাৰ খনিজৰ পৰা কি ধাতু উত্তোলন কৰা হয়?

উত্তৰ : পাৰা।

৭৭) প্ৰশ্ন : চেকাৰিণ কিহৰ পৰা তৈয়াৰ কৰা হয়?

উত্তৰ : টুলুইনৰ পৰা।

৭৮) প্ৰশ্ন : টুলুইন কিহৰ পৰা হয়?

উত্তৰ : টুলুইনক আল্‌কাতৰাৰ পৰা তৈয়ৰ কৰা হয়।

৭৯) প্ৰশ্ন : তড়িৎ বিশ্লেষণত জাৰণ ক্ৰিয়া ক’ত অনুষ্ঠিত হয়?

উত্তৰ : এন’ডত।

৮০) প্ৰশ্ন : চাইট্ৰিক এচিড কোন বিধ ফলত থাকে?

উত্তৰ : নেমু টেঙাত।

৮১) প্ৰশ্ন : এণ্টিপাইৰোটিক কি?

উত্তৰ : শৰীৰৰ তাপ কমোৱাৰ উদ্দেশ্য ব্যৱহাৰ কৰা এচিধ দৰৱ।

৮২) প্ৰশ্ন : বিদ্যুৎ অপৰিবাহী এটা মৌলৰ নাম কোৱা?

উত্তৰ : স্কানডিয়াম।

৮৩) প্ৰশ্ন : হীৰা, কাঁচ আৰু মাৰ্বলৰ ভিতৰত বিশুদ্ধ মৌল কি?

উত্তৰ : হীৰা।

৮৪) প্ৰশ্ন : পাৰ্কচ প্ৰচেচ কি ধাতু নিষ্কাশনৰ কামত ব্যৱহাৰ কৰা হয়?

উত্তৰ : চিল্‌ভাৰ।

৮৫) প্ৰশ্ন : ট্ৰনিজিচটাৰৰ গুৰুত্বপূৰ্ণ উপাদান কি?

উত্তৰ : জাৰ্মেনিয়াম।

৮৬) প্ৰশ্ন : ৰাডাৰফোৰ্ডৰ আলফা কণা বিচ্ছুৰণৰ দ্বাৰা পৰমাণুৰ কেন্দ্ৰত কি কণা থকাৰ সম্ভেদ পোৱা যায়?

উত্তৰ : প্ৰ’টন।

৮৭) প্ৰশ্ন : ছডিয়াম বেঞ্জোয়েট আৰু চোডা লাইনৰ মিশ্ৰণক উত্তপ্ত কৰিলে কি উৎপন্ন হয়?

উত্তৰ : বেঞ্জিন।

৮৮) প্ৰশ্ন : কি মৌলই উত্তপ্ত অৱস্থাত অক্সিজেন আৰু হাইড্ৰ’জেন গেছক শোষণ কৰিব পাৰে?

উত্তৰ : টেণ্টালাম মৌল।

৮৯) প্ৰশ্ন : বায়ুত তড়িৎ বিশ্লেষণৰ দ্বাৰা অ’জন গেছৰ অস্তিত্ব প্ৰমাণ কৰা বিজ্ঞানী জনৰ নাম কি?

উত্তৰ : স্কনবিন।

৯০) প্ৰশ্ন : মুক্ত মৌলৰ জাৰণ সংখ্যা কিমান?

উত্তৰ : শূণ্য।

৯১) প্ৰশ্ন : তেজস্ক্ৰিয়তা জোখা যন্ত্ৰটোৰ নাম কি?

উত্তৰ : গাইগাৰ মূলাৰ কাউণ্টাৰ।

৯২) প্ৰশ্ন : কলয়ড দ্ৰৱণৰ উপাদান দুটা তৰল হ’লে তাক কি বোলে?

উত্তৰ : এমালচন।

৯৩) প্ৰশ্ন : এলমিনিয়াম পাউদাৰ আৰু ফেৰিক অক্সাইডৰ মিশ্ৰণক কি বোলে?

উত্তৰ : থামিট।

৯৪) প্ৰশ্ন : প্ৰাণী দেহৰ লোহিত কাণিকাত কি ধাতৱ যৌগ থাকে?

উত্তৰ : আয়ৰণ যৌগ।

৯৫) প্ৰশ্ন : ওৱাটাৰ গেছ কি?

উত্তৰ : সম আয়তনৰ কাৰ্বন মনক্সাইড আৰু হাইড্ৰ’জেনৰ মিশ্ৰণ।

৯৬) প্ৰশ্ন : ডি. ডি. টি. ৰ সম্পূৰ্ণ নাম কি?

উত্তৰ : ডাইক্লোৰো-ডাইফিনাইল-ট্ৰাইক্লোৰো-ইথেন।

৯৭) প্ৰশ্ন : এক লিটাৰ বায়ুৰ দ্ৰব্যমান কিমান?

উত্তৰ : ১.৩ গ্ৰাম।

৯৮) প্ৰশ্ন : পাৰাৰ আন এটা নাম কি?

উত্তৰ : কুইক ছিলভাৰ।

৯৯) প্ৰশ্ন : এল. পি. জি. কি?

উত্তৰ : লিকুইড পেট্ৰ’লিয়াম গেছ। ৰন্ধন কাৰ্যৰ বাবে ইয়াক ব্যৱহাৰ কৰা হয়।

১০০) প্ৰশ্ন : ব্লিচিং পাউদাৰ কি?

উত্তৰ : ক্ল’ৰিণৰ এবিধ যৌগিক। ইয়াক কাগজ, কাপোৰ আদিক বিৰঞ্জন কৰিবলৈ আৰু খোৱাপানী বীজাণুমুক্ত কৰিবলৈ ব্যৱহাৰ কৰা হয়।

১০১) প্ৰশ্ন : চিনাবাৰৰ ৰঙা মণিৰ পৰা নিষ্কাষণ কৰা ধাতুৰ নাম কি?

উত্তৰ : পাৰা।

১০২) প্ৰশ্ন : কি খনিজৰ পৰা খোৱা নিমখ পোৱা যায়?

উত্তৰ : হেলাইট।

১০৩) প্ৰশ্ন : মিশ্ৰ ধাতু কি?

উত্তৰ : দুটা বা তাতোধিক পদাৰ্থৰ মিশ্ৰিত। যেনে – তীখা, লো আৰু কাৰ্বনৰ মিশ্ৰ ধাতু।

১০৪) প্ৰশ্ন : সোণ, ৰুপ, প্লেটিয়ান, ইৰিডিয়াম, অচমিয়াম, ৰুথেনিয়াম, পেলেডিয়াম আদি কেনে ধাতু?

উত্তৰ : উৎকৃষ্ট (Noble) ধাতু।

১০৫) প্ৰশ্ন : আটাইতকৈ গধুৰ আৰু পাতল ধাতু দুটা কি কি?

উত্তৰ : পাতল ধাতু – ‘লিথিয়াম’ আৰু গধুৰ ধাতু – ‘অছমিয়াম’।

১০৬) প্ৰশ্ন : পি. ভি. চি. (P.V.C.) ৰ সম্পূৰ্ণ নাম কি?

উত্তৰ : পলি ভিনাইল  ক্ল’ৰাইড।

১০৭) প্ৰশ্ন : ষ্টেনলেচ ষ্টীল কি?

উত্তৰ : যি ষ্টীলত শতকৰা দহ ভাগতকৈ অধিক ক্ৰ’মিয়াম, শতকৰা আঠভাগ নিকেল থাকে তাকে ষ্টেনলেচ্‌ ষ্টীল বোলে। ভাৰতত নিকেল কমকৈ পোৱা হয় কাৰণে ষ্টেনলেচ ষ্টীলত নিকেলৰ সলনি মেঙ্গানিজ মিহলোৱা হয়।

১০৮) প্ৰশ্ন : হিলিয়াম, নিয়ন, আৰ্গন, ক্ৰিপটন, জেনন আৰু ৰেড্‌ন কি?

উত্তৰ : দুৰ্লভ উৎকৃষ্ট (Noble) গেছ।

১০৯) প্ৰশ্ন : প্ৰথম কৃত্ৰিম ৰঞ্জকৰ নাম কি আছিল?

উত্তৰ : মওবিন (Mauvine)।

১১০) প্ৰশ্ন : জলচক্ৰ কি?

উত্তৰ : সাগৰৰ পানী ভূ-ভাগলৈ আৰু ভূ-ভাগৰ পৰা সেই পানী পুনৰ সাগৰলৈ যোৱাৰ যি নিৰাবিচ্ছিন্ন প্ৰক্ৰিয়া তাকে জলচক্ৰ বোলে।

১১১) প্ৰশ্ন : কাৰ্বন চক্ৰ কি?

উত্তৰ : জীৱিত প্ৰানীয়ে কাৰ্বন গ্ৰহণ কৰাৰ পিছত পুনৰ সেই কাৰ্বনক প্ৰকৃতিলৈ পঠিয়াই দিয়া আৰু তাৰপৰা পুনৰ গ্ৰহণ কৰাৰ এই প্ৰক্ৰিয়াকে কাৰ্বন চক্ৰ বোলে।

১১২) প্ৰশ্ন : নাইট্ৰ’জেন চক্ৰ কি?

উত্তৰ : যি প্ৰক্ৰিয়াত বায়ুমণ্ডলীয় নাইট্ৰ’জেনৰ পৃথিৱীৰ পানী, বায়ু আৰু প্ৰাণীৰ মাজত নিৰবিচ্ছিন্ন ভাৱে আদান-প্ৰদান হৈ থকা সত্বেও বায়ুমণ্ডলত ইয়াৰ পৰিমাণ স্থিৰ থাকে তাকে নাইট্ৰ’জেন চক্ৰ বোলে।

১১৩) প্ৰশ্ন : অ’জন (Ozone) গেছ কি?

উত্তৰ : বায়ুমণ্ডলৰ উপৰিভাগত থকা গাঢ় নীলা ৰঙৰ এক বিশেষ গেছৰ তৰপ। কেঁচা মাছৰ দৰে তীব্ৰ গোন্ধ বিশিষ্ট এই গেছৰ ৰাসয়নিক সংকেট o3। বায়ুমণ্ডলৰ উপৰি ভাগত অ’জন গেছৰ তৰপটোৱে সূৰ্যৰ অতি বেঙুনীয়া ৰশ্মিৰ আঘাতৰ পৰা আমাক ৰক্ষা কৰে।

১১৪) প্ৰশ্ন : চিমেণ্টৰ প্ৰধান সংযুক্ত কি কি?

উত্তৰ : কেলচিয়াম অক্সাইড, এলুমিনা আৰু ছিলিকা।

 

উৎস : নতুন চাইঞ্চ কুইজ।

 

 

জীৱ বিজ্ঞান

 

১) প্ৰশ্ন : মানুহৰ বৈজ্ঞানিক নাম কি?

উত্তৰ : হোমোচেপিয়ান।

২) প্ৰশ্ন : জীৱ কাক বোলে?

উত্তৰ : যাৰ জীৱন আছে তাক জীৱ বোলে।

৩) প্ৰশ্ন : সমগ্ৰ জীৱ – জগতক কেইটা প্ৰধান ভাগত ভাগ কৰা হৈছে?

উত্তৰ : দুটা ভাগত। যেনে – উদ্ভিদ আৰু প্ৰাণী।

৪) প্ৰশ্ন : উদ্ভিদ আৰু প্ৰাণীৰ মাজত প্ৰধান পাৰ্থক্য কি কি?

উত্তৰ : প্ৰাণীয়ে নিজৰ অঙ্গ – প্ৰত্যঙ্গ সঞ্চালন কৰি এঠাইৰ পৰা আন ঠাইলৈ যাব পাৰে কিন্ত প্ৰাণীৰ দৰে উদ্ভিদে স্থান পৰিৱৰ্তন কৰিব নোৱাৰে।

৫) প্ৰশ্ন : জীব – বিৱৰ্তন কাক বোলে?

উত্তৰ : কোনো সৰল প্ৰজাতিৰ পৰা গুণগত আৰু পৰিমাণগত পৰিৱৰ্তনৰ মাধ্যমেৰে অধিক জটিল প্ৰজাতিৰ উদ্ভৱ হোৱাকে জীৱ বিৱৰ্তন বোলে।

৬) প্ৰশ্ন : জীৱ বিৱৰ্তনৰ জনক কোন?

উত্তৰ : চাৰ্লচ ডাৰউইন।

৭) প্ৰশ্ন : জীৱ বিৱৰ্তনৰ সৈতে অভিযোজনৰ সম্পৰ্ক কি?

উত্তৰ : পৰিবেশৰ প্ৰভাৱত অভিযোজনৰ মাধ্যমেৰেই জীৱ – বিৱৰ্তন সম্পন্ন হয়।

৮) প্ৰশ্ন : প্ৰাণী দেহত হৰমন সৃষ্টিকাৰী গ্ৰন্থিক কি বোলে?

উত্তৰ : এণ্ডোক্ৰিন গ্ৰন্থি।

৯) প্ৰশ্ন : অক্সিন কি?

উত্তৰ : এবিধ উদ্ভিদ হৰমন।

১০) প্ৰশ্ন : মেৰুদণ্ডী প্ৰাণীৰ মগজু কেইটা ভাগত বিভক্ত?

উত্তৰ : মেৰুদণ্ডী প্ৰাণীৰ মগজু প্ৰধানকৈ চাৰিটা ভাগত বিভক্ত। যেনে – গুৰু মস্তিষ্ক, লঘু মস্তিষ্ক, উষ্কীষক আৰু সুষুম্ন।

১১) প্ৰশ্ন : সংবেদী নাৰ্ভ কাক বোলে?

উত্তৰ : যি নিউৰণৰ শান্ত শাখা সমূহ জ্ঞানেন্দ্ৰিয়ত শেষ হয় তাকে সংবেদী নাৰ্ভ বোলা হয়।

১২) প্ৰশ্ন : ক্ৰেনিয়েল নাৰ্ভ কাক বোলে?

উত্তৰ : মেৰুদণ্ডী মস্তিষ্কৰ পৰা নিৰ্গত প্ৰান্তিক নাৰ্ভক।

১৩) প্ৰশ্ন : উদ্ভিদৰ নাৰ্ভ (স্নায়ু) তন্ত্ৰ আছেনে?
উত্তৰ : নাই।

১৪ )প্ৰশ্ন : গ্ৰাহকৰ পৰা উদ্দীপনা বহনকাৰী নাৰ্ভ (স্নায়ু) সমূহক কি বোলে?

উত্তৰ : সংবেদক।

১৫) প্ৰশ্ন : স্নায়ুৰ মাধ্যমেৰে প্ৰৱাহিত আবেগৰ গতি প্ৰতি ছেকেণ্ডত কিমান মিটাৰ?

উত্তৰ : ১২৫ মিটাৰ।

১৬) প্ৰশ্ন : যৌন আৰু অযৌন উভয় ক্ৰিয়াৰে প্ৰজনন ঘটোৱা এবিধ প্ৰাণীৰ নাম কোৱা?

উত্তৰ : হাইড্ৰা।

১৭) প্ৰশ্ন : সন্তান প্ৰসৱ কৰা প্ৰাণীক কি বোলে?

উত্তৰ : জৰায়ুজ।

১৮) প্ৰশ্ন : কণী পৰা প্ৰাণীক কি বোলে?

উত্তৰ : অণ্ডজ।

১৯) প্ৰশ্ন : উদ্ভিদৰ উচ্চতা মাপক যন্ত্ৰটোৰ নাম কি?

উত্তৰ : আৰ্কইণ্ডিকেটৰ।

২০) প্ৰশ্ন : বংশগতি কাক বোলে?

উত্তৰ : যি প্ৰক্ৰিয়াৰে মাক – দেউতাকৰ বৈশিষ্ট্য সতি – সন্তানতিলৈ সঞ্চালিত হয় তাকে বংশগতি বোলে।

২১) প্ৰশ্ন : প্ৰজনন বিদ্যা কাক বোলে?
উত্তৰ : যি বিজ্ঞান অধ্যয়ন কৰিলে বংশগতি সম্পৰ্কে জানিব পাৰি তাকে প্ৰজনন বিদ্যা বোলে।

২২) প্ৰশ্ন : প্ৰজনন বিদ্যাৰ জনক কোন?

উত্তৰ : গ্ৰেগক জোহান মেণ্ডেল।

২৩) প্ৰশ্ন : কি উদ্ভিদৰ ওপৰত মেণ্ডেলে বংশগতিৰ ওপৰত পৰীক্ষা চলাইছিল?

উত্তৰ : মটৰ মাহৰ ওপৰত।

২৪) প্ৰশ্ন : কোষ বিভাজন কাক বোলে?

উত্তৰ : এটা সজীৱ কোষ বিভক্ত হৈ দুটা সজীৱ কোষত পৰিণত হোৱাকে কোষ বিভাজন বোলে।

২৫) প্ৰশ্ন : কোষ বিভাজনৰ উদ্দেশ্য কি?

উত্তৰ : বৃদ্ধি, জনন বৃদ্ধি সংখ্যা, প্ৰজাতিৰ বৈশিষ্ট্য ৰক্ষা কৰা আদি জীৱনৰ অতি প্ৰয়োজনীয় কামবোৰ সম্পন্ন কৰাই কোষ বিভাজনৰ প্ৰধান উদ্দেশ্য।

২৬) প্ৰশ্ন : কেনে ধৰণৰ কোষ বিভাজনত কোষৰ ক্ৰমোজমৰ সংখ্যা অপৰিৱৰ্তিত থাকে?

উত্তৰ : মাইটোচিচ্‌ পদ্ধতিত।

২৭) প্ৰশ্ন : সজীৱ দেহৰ কোন অংশত মায়োচিচ্‌ কোষ বিভাজন সংঘটিত হয়?

উত্তৰ : মাথো জনন মাতৃকোষত।

২৮) প্ৰশ্ন : অযৌন জননকাৰী আৰু যৌন জননকাৰী জীৱৰ মাজত কোনটোত মায়োচিচ একান্ত প্ৰয়োজন?

উত্তৰ : যৌন জননকাৰী জীৱৰ ক্ষেত্ৰত।

২৯) প্ৰশ্ন : মানৱ দেহৰ ক্ৰমোজমৰ সংখ্যা কিমান?

উত্তৰ : ৪৬ ডাল।

৩০) প্ৰশ্ন : এজন প্ৰাপ্তবয়স্ক মানুহৰ শৰীৰত হাড়ৰ সংখ্যা কিমান থাকে?

উত্তৰ : ২০৬ ডাল।

 

৩১) প্ৰশ্ন : কি পেশীৰ দ্বাৰা মানুহে নিজৰ অঙ্গ – প্ৰত্যঙ্গ সঞ্চালন কৰে?

উত্তৰ : ঐচ্ছিক পেশীৰ দ্বাৰা।

৩২) প্ৰশ্ন : ৰেচনৰ উদ্দেশ্য কি?

উত্তৰ : শৰীৰৰ পৰা বিপাক জাতীয় দূষিত পদাৰ্থ উলিয়াই দিয়া ।

৩৩) প্ৰশ্ন : সৰ্বপ্ৰথমে কোনে ভায়ৰাচ আৱিষ্কাৰ কৰে?

উত্তৰ : ইভানোভিকে।

৩৪) প্ৰশ্ন : এণ্টিবায়’টিক কি?

উত্তৰ : ভেঁকুৰৰ পৰা নিসৃত যি পদাৰ্থই জীৱাণুৰ বংশ বৃদ্ধিত বাধা দিব পাৰে তাক এণ্টিবায়’টিক বোলে।

৩৫) প্ৰশ্ন : বেকটেৰিও ফাজ ভাইৰাচ কাক বোলে?

উত্তৰ : বেক্‌টেৰিও কোষক আক্ৰমণ কৰা ভাইৰাচক।

৩৬) প্ৰশ্ন : কি হৰমনে উদ্ভিদৰ কোষ বিভাজনত সহায় কৰে?

উত্তৰ : কাইনোটিন হৰমন।

৩৭) প্ৰশ্ন : জনন কাক বোলে?

উত্তৰ : পৃথিৱীৰ জীৱ সমূহে পৰিণত বয়সত যি পদ্ধতিৰে বংশ বৃদ্ধি কৰে তাকে জনন বোলে।

৩৮) প্ৰশ্ন : জননৰ উদ্দেশ্য কি?

উত্তৰ : বংশ বৃদ্ধিৰ জৰিয়তে অস্তিত্ব ৰক্ষা কৰা।

৩৯) প্ৰশ্ন : অঙ্গজ প্ৰজনন কাক বোলে?

উত্তৰ : যি পদ্ধতিত কোনো উদ্ভিদ বা প্ৰাণীৰ শৰীৰৰ কোনো অংশই অবিকল তেনে উদ্ভিদ বা প্ৰাণী সৃষ্টি কৰে তাকে অঙ্গজ প্ৰজনন বোলে।

৪০) প্ৰশ্ন : পৰাগ সংযোগ কাক বোলে?

উত্তৰ : প্ৰস্ফুটিত ফুলৰ পৰাগ বতাহ নাইবা অন্যান্য কীট – পতঙ্গৰ দ্বাৰা প্ৰভাৱিত হৈ গৰ্ভমুণ্ডত স্থাপিত হোৱাৰ বিশেষ পদ্ধতিক।

৪১) প্ৰশ্ন : পিউপিল কি?

উত্তৰ : চকুৰ তৰাৰ মাজৰ গোলাকাৰ বন্ধাটোক পিউপিল বোলে।

৪২) প্ৰশ্ন : কুষ্ঠৰোগ সৃষ্টিকাৰী বেক্‌টেৰিয়াৰ নাম কি?

উত্তৰ : মাইকো বক্‌টেৰিয়া লেপ্ৰি।

৪৩) প্ৰশ্ন : যক্ষ্মা ৰোগ সৃষ্টিকাৰী বেক্‌টেৰিয়া নাম কি?

উত্তৰ : টিউবাৰকুলেচিচ বেক্‌টেৰিয়া।

৪৪) প্ৰশ্ন : হিউমাচ কি?

উত্তৰ : প্ৰচুৰ জৈৱ পদাৰ্থ মিশ্ৰিণত মাটিয়ে যি অনিয়তাৰ জটিল পদাৰ্থৰ সৃষ্টি কৰে সেয়ে হিউমাছ।

৪৫) প্ৰশ্ন : পাস্তুৰাইজেচন কাক বোলে?

উত্তৰ : খাদ্য নাইবা পানীয়ক বিশেষ পদ্ধতিত জীৱাণুমুক্ত কৰাকাৰ্যক পাস্তুৰাইজেচন বোলে।

৪৬) প্ৰশ্ন : আটাইতকৈ সৰল প্ৰ’টিন কি?

উত্তৰ : গ্লাইচিন।

৪৭) প্ৰশ্ন : স্তন্যপায়ী প্ৰাণীৰ তেজৰ ৰং ৰঙা কিয়?

উত্তৰ : স্তন্যপায়ী প্ৰাণীৰ তেজত লো মিশ্ৰিত হিমোগ্লৱিন নামৰ ৰঞ্জক পদাৰ্থ থকা বাবে।

৪৮) প্ৰশ্ন : তেজৰ প্ৰধান কাম দুটা কি কি?

উত্তৰ : সজীৱ কোষত অক্সিজেন আৰু সৰল খাদ্য পৰিবহন।

৪৯) প্ৰশ্ন : মানৱ দেহত কি গ্ৰুপৰ তেজ থাকিলে সকলো গ্ৰুপৰে তেজ গ্ৰহণ কৰিব পাৰে?

উত্তৰ : AB- গ্ৰুপৰ।

৫০) প্ৰশ্ন : উদ্ভিদৰ সংবহন কলা কি কি?

উত্তৰ : জাইলেম আৰু ফ্লোৱেম।

৫১) প্ৰশ্ন : মানুহৰ শৰীৰৰ কোন অংশত তেজৰ লগত অক্সিজেন যোগ হয়?

উত্তৰ : হাওঁফাওঁত।

৫২) প্ৰশ্ন : মানুহৰ পাচন অঙ্গ কি কি?

উত্তৰ : যকৃৎ আৰু অগ্ন্যাশয়।

৫৩) প্ৰশ্ন : কি মৌলৰ অভাৱত হাড়ৰ বৃদ্ধি হ্ৰাস পায়?

উত্তৰ : ফচ্‌ফৰাছ।

৫৪) প্ৰশ্ন : খাদ্যৰ প্ৰধান উপাদান তিনিটা কি কি?

উত্তৰ : শৰ্কৰা, প্ৰ’টিন আৰু স্নেহ পদাৰ্থ।

৫৫) প্ৰশ্ন : স্নায়ু বিকল আৰু হৃদস্পন্দন অনিয়মিত হয় কাৰ অভাৱত?

উত্তৰ : পটাচিয়াম।

৫৬) প্ৰশ্ন : ভিটামিন – চি ৰ আন নাম কি?

উত্তৰ : এচকাৰবিক্‌ এচিড।

৫৭) প্ৰশ্ন : উৰিব নোৱাৰা তিনিটা চৰাইৰ নাম কি কি?

উত্তৰ : এমু, পেঙ্গুইন আৰু উট চৰাই।

৫৮) প্ৰশ্ন : কাৰ্বন-ডাই-অক্সাইড উদ্ভিদৰ কি কামত লাগে?

উত্তৰ : সালোক-সংশ্লেষণ পদ্ধতিত খাদ্য প্ৰস্তুত কৰিবলৈ।

৫৯) প্ৰশ্ন : সালোক-সংশ্লেষণৰ ফলত বতাহত কি গেছৰ পৰিমাণ বাঢ়ে?

উত্তৰ : অক্সিজেন।

৬০) প্ৰশ্ন : অক্সিজেন নোহোৱা পৰিৱেশত কেনেধৰণৰ শ্বসন চলে?

উত্তৰ : অবাত শ্বসন।

৬১) প্ৰশ্ন : সালোক-সংশ্লেষণৰ বাবে প্ৰয়োজনীয় উপাদান কি কি?

উত্তৰ : সূৰ্যৰ পোহৰ, ক্লোৰোফিল, পানী আৰু কাৰ্বন-ডাই-অক্সাইড।

৬২) প্ৰশ্ন : কি ভিটামিনৰ অভাৱত মানৱ শৰীৰত বেৰি-বেৰি ৰোগ হয়?

উত্তৰ : ভিটামিন ‘বি’ ৰ অভাৱত।

৬৩) প্ৰশ্ন : পূৰ্ণ বয়স্ক মানুহৰ তেজৰ চাপ কিমান?

উত্তৰ : ১২০/৮০।

৬৪) প্ৰশ্ন : কাৰ মাধ্যমত হৃদপিণ্ডৰ পৰা তেজ দূৰলৈ যায়?

উত্তৰ : ধমনীৰ মাধ্যমত।

৬৫) প্ৰশ্ন : মানুহৰ হৃদপিণ্ডত কেইটা নিলয় আৰু কেইটা অলিন্দ আছে?

উত্তৰ : দুটা নিলয় আৰু দুটা অলিন্দ আছে।

৬৬) প্ৰশ্ন : লাজুকীলতাৰ পাত স্পৰ্শ কৰিলে জয় পৰি যায় কিয়?

উত্তৰ : চিচ্‌মোনাষ্টিৰ বাবে।

৬৭) প্ৰশ্ন : এবিধ উৰণীয়া স্তন্যপায়ী প্ৰাণীৰ নাম কি?

উত্তৰ : বাদুলি।

৬৮) প্ৰশ্ন : ফাইটোপ্লঙ্কিটন কাক বোলে?

উত্তৰ : ভালেমান ক্ষুদ্ৰাতিক্ষুদ্ৰ উদ্ভিদৰ সমাবেশক ফাইটোপ্লঙ্কিটন বোলে।

৬৯) প্ৰশ্ন : বায়োস্ফিয়াৰ কাক বোলে?

উত্তৰ : আকাশৰ যি উচ্চতাৰ পৰা মাটি আৰু সাগৰৰ গভীৰতা পৰ্যন্ত জীৱ বসবাস কৰে তাকে বায়োস্ফিয়াৰ বোলে।

৭০) প্ৰশ্ন : উদ্ভিদৰ শ্বাস অংগৰ নাম কি?

উত্তৰ : পত্ৰৰন্ধ্ৰ, লেণ্টিচেল, শ্বাসমূল ইত্যাদি।

৭১) প্ৰশ্ন : এইডচ্‌ ভাইৰাচে মানুহৰ কি ক্ষতি কৰে?

উত্তৰ : মানুহৰ স্বাভাৱিক ৰোগ প্ৰতিৰোধ ক্ষমতা নাইকিয়া কৰে।

৭২) প্ৰশ্ন : জুফাজিনি কাক বোলে?

উত্তৰ : ৰোগ সৃষ্টিকাৰী ভাইৰাচক।

৭৩) প্ৰশ্ন : জীৱাশ্ম কি?

উত্তৰ : উদ্ভিদ আৰু প্ৰাণীৰ প্ৰস্তুৰীভূত দেহাৱশেষ।

৭৪) প্ৰশ্ন : বতাহত কাৰ্বন-ডাই-অক্সাইড বাঢ়ি গ’লে কি ক্ষতি হ’ব?

উত্তৰ : ইনফ্ৰাৰেড্‌ ৰশ্মি অধিক মাত্ৰাত শোষিত হ’ব, ফলত ভূ-পৃষ্ঠৰ তাপৰ মাত্ৰা বাঢ়ি যাব।

৭৫) প্ৰশ্ন : অইচ’গ্যামী কাক বোলে?

উত্তৰ : অসম আকৃতিৰ পুং আৰু স্ত্ৰী মিলনক।

৭৬) প্ৰশ্ন : দুটা বহিঃ পৰজীৱী প্ৰাণীৰ উদাহৰণ দিয়া?

উত্তৰ : ওকণি আৰু উৰহ।

৭৭) প্ৰশ্ন : জাঙ্গল (Xerophyte) উদ্ভিত ক’ত হয়?

উত্তৰ : শুকান মৰু অঞ্চলত।

৭৮) প্ৰশ্ন : শৰীৰৰ ৰং পৰিৱৰ্তন কৰি আত্মৰক্ষা কৰা এবিধ প্ৰাণীৰ নাম কোৱা?

উত্তৰ : কেলোট্ৰপিচ প্ৰেচেৰা (কেৰ্কেটুৱা)।

৭৯) প্ৰশ্ন : প্ৰাণীৰ প্ৰয়োজনীয় নাইট্ৰ’জেনৰ উৎস কি?

উত্তৰ : উদ্ভিদদেহ।

৮০) প্ৰশ্ন : এটা A.T.P. অণুত সঞ্চিত শক্তিৰ পৰিমাণ কিমান?

উত্তৰ : ৭৩০০ কেল’ৰি।

৮১) প্ৰশ্ন : মিউটেচন তত্ত্বৰ প্ৰবক্তা কোন?

উত্তৰ : হুগো-ডি-ভ্ৰিচ্‌।

৮২) প্ৰশ্ন : সূৰ্যৰ পোহৰত মানুহৰ শৰীৰত কি ভিটামিন উৎপন্ন হয়?

উত্তৰ : ভিটামিন – ডি।

৮৩) প্ৰশ্ন : সালোক-সংশ্লেষণত প্ৰয়োজনীয় শক্তিৰ উৎস কি?

উত্তৰ : সৌৰশক্তি।

৮৪) প্ৰশ্ন : হাইপো ভিটামিনোচিচ কাক বোলে?

উত্তৰ : শৰীৰত প্ৰয়োজনৰ তুলনাত কম ভিটামিন থকাকে হাইপো ভিটামিনোচিচ বোলে।

৮৫) প্ৰশ্ন : ‘অৰিজিন অফ স্পেচিচ্‌ বাই মিনচ্‌ অফ্‌ নেচাৰেল্‌ চিলেকচন’ গ্ৰন্থ খনৰ লেখক কোন?

উত্তৰ : চাৰ্লচ ডাৰউইন।

৮৬) প্ৰশ্ন : বংশগতিৰ একক কি?

উত্তৰ : জিন।

৮৭) প্ৰশ্ন : বংশগতিৰ জনক কোন?

উত্তৰ : গ্ৰেডৰ যোহান মেণ্ডেল।

৮৮) প্ৰশ্ন : অডিঅ’ মিটাৰ কিহৰ কাৰণে ব্যৱহাৰ কৰা হয়?

উত্তৰ : শ্ৰৱণশক্তি পৰীক্ষাৰ কাৰণে।

৮৯) প্ৰশ্ন : হিৰৈন কি?

উত্তৰ : পপী গছৰ ফলৰ পৰা তৈয়াৰ কৰা এবিধ মাদক দ্ৰব্য।

৯০) প্ৰশ্ন : ডাৰউইনৰ মতবাদ মূলতঃ কেইটা পৰ্যবেক্ষণ আৰু কেইটা সিদ্ধান্তৰ ওপৰত প্ৰতিষ্ঠিত?

উত্তৰ : তিনিটা পৰ্যবেক্ষণ আৰু দুটা সিদ্ধান্তৰ ওপৰত।

৯১) প্ৰশ্ন: বেনথচ কি?

উত্তৰ : জলাশয়ৰ তলৰ ভাগত বসবাস কৰা জীৱ সমূহক বেনথচ্‌ বোলে।

৯২) প্ৰশ্ন : নেকটন কাক বোলে?

উত্তৰ : পানীত স্বাধীনভাৱে সাঁতুৰি ফুৰা প্ৰাণী সমূহক নেকটন বোলে।

৯৩) প্ৰশ্ন : মানুহক প্ৰধানকৈ কেইটা মহাজাতিত ভাগ কৰা হৈছে?

উত্তৰ : তিনিটা। যেনে – ককেচাচ্‌, মঙ্গোলয়েড্‌ আৰু নিগ্ৰোয়েড্‌।

৯৪) প্ৰশ্ন : মানুহৰ টোপনি ধৰে কিয়?

উত্তৰ : স্নায়ৱিক ক্লান্তিৰ ফলত।

৯৫) প্ৰশ্ন : কেনে ধৰণৰ ৰক্ত-কণিকাই শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা ৰক্ষা কৰে?

উত্তৰ : শ্বেত ৰক্ত কণিকা।

৯৬) প্ৰশ্ন : মাছৰ উৎপত্তি কেতিয়া হৈছে?

উত্তৰ : প্ৰায় ৫৩০০ লাখ বছৰৰ আগেয়ে।

৯৭) প্ৰশ্ন : বৰ্তমান লৈকে মানুহে মাছৰ কিমানটা প্ৰজাতিৰ সম্ভেদ পাইছে?

উত্তৰ : ২০,০০০ প্ৰজাতিৰ।

৯৮) প্ৰশ্ন : অধিক শিৰা থকা প্ৰাণী কি?

উত্তৰ : সাপ।

৯৯) প্ৰশ্ন : আটাইতকৈ ডাঙৰ সাপ কি?

উত্তৰ : এনাকোণ্ডা (Anaconda)।

১০০) প্ৰশ্ন : সাপে বিষ ক’ৰ পৰা উলিয়াই?

উত্তৰ : বিহদাঁত (বিষদন্ত – Fang)ৰ পৰা।

১০১) প্ৰশ্ন : কি চৰায়ে দুবছৰত মাথোঁ এটা কণী পাৰে?

উত্তৰ : এলবেট্ৰাচ।

১০২) প্ৰশ্ন : উৰণীয়া শিয়াল (Flying fox০ কি?

উত্তৰ : শিয়াল আকৃতিৰ এবিধ বাদুলি।

১০৩) প্ৰশ্ন : কি প্ৰাণীয়ে মাতিব নোৱাৰে?

উত্তৰ : জিৰাফ।

১০৪) প্ৰশ্ন : মাথোঁ তলৰ পাৰি দাঁত থকা জন্ত কি কি?

উত্তৰ : গৰু, ছাগলী।

১০৫) প্ৰশ্ন : আটাইতকৈ দীৰ্ঘজীৱী প্ৰাণী কি?

উত্তৰ : কাছ। প্ৰায় ৫০০ বছৰলৈকে জীয়াই থাকে।

১০৬) প্ৰশ্ন : মানুহৰ পিছতেই কি প্ৰাণীৰ বুদ্ধি বেছি?

উত্তৰ : ডলফিন, চিম্পাঞ্জী।

১০৭) প্ৰশ্ন : কি কি জন্তৱে আহাৰ পাগুলি খায়?

উত্তৰ : গৰু, ভেড়া।

১০৮) প্ৰশ্ন : ঘোঁৰাৰ দাঁত কেইটা?

উত্তৰ : মাইকী ঘোঁৰাৰ ৩৬ টা, আৰু মতা ঘোঁৰাৰ ৪০ টা।

১০৯) প্ৰশ্ন : মানুহৰ হাড়ত কি পদাৰ্থ থাকে?

উত্তৰ : কেলচিয়াম আৰু ফচফৰাচ।

১১০) প্ৰশ্ন : মানুহৰ মাংসপেশীত কি পদাৰ্থ থাকে?

উত্তৰ : গ্লাইকোজেন।

১১১) প্ৰশ্ন : মানুহৰ মগজুত থকা স্নায়ুকোষৰ সংখ্যা কিমান?

উত্তৰ : প্ৰায় ৮,০০০ নিযুত।

১১২) প্ৰশ্ন : গৰিলা, চিম্পাঞ্জী, ওৰাংওটা আৰু গিবনক লৈ গঠিত প্ৰাণী জগতৰ পৰিয়ালটোৰ নাম কি?

উত্তৰ : চিম্‌দি।

 

উৎস : নতুন চাইঞ্চ কুইজ।

 

গনিত

 

১) প্ৰশ্ন : কোনো সংখ্যাক শূণ্যৰে পূৰণ কৰিলে তাৰ উত্তৰ কি হ’ব?

উত্তৰ : শূণ্য।

২) প্ৰশ্ন : .০০৯ X .০০৯ ÷ .০০৯ ৰ মান কিমান?

উত্তৰ : .০০৯।

৩) প্ৰশ্ন : =====৬ ÷ ৬ ৰ মান কিমান?

উত্তৰ : ০.৪০৮২৪৮২।

৪) প্ৰশ্ন: ১ মিটাৰ সমান কিমান কিলোমিটাৰ?

উত্তৰ : .০০১ কিলোমিটাৰ।

৫) প্ৰশ্ন : কোনো বৃত্তৰ ব্যাসৰ শেষ বিন্দুয়ে পৰিধিত যি কোণৰ সৃষ্টি কৰে তাৰ মান কিমান?

উত্তৰ : ৯০

৬) প্ৰশ্ন :তোমাৰ হাতত যিমান টকা আছিল তাৰে ২/৫ শতাংশ খৰচ কৰাৰ পিছত যদি তোমাৰ হাতত ৩ টকা থাকে, তেন্তে তোমাৰ হাতত মুঠতে কিমান টকা আছিল?

উত্তৰ : ৫ টকা।

৭) প্ৰশ্ন : চাৰিটা অঙ্কৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটোৰ পৰা তিনিটা সংখ্যাৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো বিয়োগ কৰিলে বিয়োগফল কিমান হ’ব?

উত্তৰ : ৯৯৯৯ – ৯৯৯ = ৯০০০।

৮) প্ৰশ্ন : ১ ৰ পৰা ১০০ লৈ লি খোঁতে ১ সংখ্যাটো কেইবাৰ ব্যৱহাৰ হ’ব?

উত্তৰ : ২০ বাৰ।

৯) প্ৰশ্ন : .৯৯৯ ৰ ঠাইত ১ লিখিলে কিমান ভুল হ’ব?

উত্তৰ : .০০১।

১০) প্ৰশ্ন : দুটা ভগ্নাংশৰ বিয়োগফল ২½। সৰুটো ½ হ’লে ডাঙৰটো কিমান?

উত্তৰ : ৩।

১১) প্ৰশ্ন : .০৮ টকাত কিমান পইচা?

উত্তৰ : ৮ পইচা।

১২) প্ৰশ্ন : সমকোণী ত্ৰিভূজ কাক বোলে?

উত্তৰ : কোনো ত্ৰিভূজৰ দুটা কোণৰ সমষ্টি তৃতীয় কোণৰ সমান হ’লে তাক সমকোণী ত্ৰিভূজ বোলে।

১৩) প্ৰশ্ন : এখন চাইকেলৰ গতিবেগ ১৮ কিলোমিটাৰ প্ৰতি ঘণ্টাত হ’লে প্ৰতি ছেকেণ্ডত তাৰ গতিবেগ কিমান হ’ব?

উত্তৰ : ৫ মিটাৰ।

১৪) প্ৰশ্ন : দুটা সমান্তৰাল সৰলৰেখাই পৰস্পৰক কমপক্ষে কেইটা বিন্দুত ছেদ কৰিব পাৰি?

উত্তৰ : এটা বিন্দুত নোৱাৰে।

১৫) প্ৰশ্ন : এডাল বাঁহ .৪ ভাগ পানীত, .৫ ভাগ বোকাত আৰু ৭ মিটাৰ পানীৰ ওপৰত আছে বাঁহটো কিমান দীঘল?

উত্তৰ : ৭০ মিটাৰ।

১৬) প্ৰশ্ন : X =৯৯৯ আৰু Y = ১০০০ হ’লে, x2 - y2 ৰ মান কিমান হ’ব?

উত্তৰ : ১৯৯৯।

১৭) প্ৰশ্ন : এটা বৰ্গক্ষেত্ৰৰ ক্ষেত্ৰফল ১৯৬ বৰ্গ মিটাৰ হ’লে, বৰ্গক্ষেত্ৰটোৰ প্ৰত্যেক বাহুৰ দৈৰ্ঘ্য কিমান?

উত্তৰ : ১৪ মিটাৰ।

১৮) প্ৰশ্ন : চাৰিটা অঙ্কৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাৰ পৰা তিনিটা অঙ্কৰে লিখিব পৰা বৃহত্তম সংখ্যাটো বিয়োগ কৰিলে কি হ’ব?

উত্তৰ : ১ বাকী থাকিব।

১৯) প্ৰশ্ন : ৯৪৩ সংখ্যাটো মৌলিক নে যৌগিক

উত্তৰ : মৌলিক।

২০) প্ৰশ্ন : কোনো এটা বস্তু পাচঁশ টকাত কিনি এহেজাৰ টকাত বেচিলে কিমান শতাংশ লাভ বা লোকচান হ’ব?

উত্তৰ : এশ শতাংশ (১০০%) লাভ হ’ব।

২১) প্ৰশ্ন : ১০০ মিটাৰ দীঘল এটা আলিবাটৰ প্ৰতি ৫ মিটাৰৰ অন্তৰে অন্তৰে এজোপাকৈ নাৰিকল গছ ৰুবলৈ হ’লে কিমান জোপা গছ লাগিব?

উত্তৰ : ২১ জোপা।

২২) প্ৰশ্ন : দুটা সংখ্যাৰ লঃসাঃগুঃ ৮৪, গঃসাঃগুঃ ৮, তাৰে এটা সংখ্যা ১৬ হ’লে আনটো কিমান?

উত্তৰ : ২৪।

২৩) প্ৰশ্ন : ১০ জন শ্ৰমিকে এটা কাম ২০ দিনত ল্কৰে, ২০ জন শ্ৰমিকে সেই কামটো কেই দিনত কৰিব?

উত্তৰ : ১০ দিনত।

২৪) প্ৰশ্ন : ককায়েকৰ বয়স ভায়েকৰ বয়সৰ দুগুন, ককায়েকৰ বয়স ৩০ বছৰ হ’লে ভায়েকৰ বয়স কিমান হ’ব?

উত্তৰ : ১৫ বছৰ।

২৫) প্ৰশ্ন : .৫৬২৫ ৰ বৰ্গমূল কিমান?

উত্তৰ : .৭৫।

২৬) প্ৰশ্ন : এজন খুচুৰা দোকানীয়ে ২০০ টকা মূল্য লিখা বস্তু এটা ১০% বাট্টাত বেচিলে বস্তুটোৰ বেচাদাম কিমান হ’ব?

উত্তৰ : ১৮০ টকা।

২৭) প্ৰশ্ন : বছৰি ১০% চক্ৰবৃদ্ধি সুতৰ হাৰে ১০০ টকা মূলধনৰ ২ বছৰৰ মূৰত সমূল চক্ৰবৃদ্ধি কিমান হ’ব?

উত্তৰ : ১২১ টকা।

২৮) প্ৰশ্ন : এটা ত্ৰিভূজৰ কোণবোৰ যথাক্ৰমে আন এটা ত্ৰিভূজৰ কোণবোৰৰ সৈতে সমান হ’লে সেই ত্ৰিভূজ দুটাক কি বোলে?

উত্তৰ : সদৃশ ত্ৰিভূজ (সদৃশকোণী ত্ৰিভূজ)।

২৯) প্ৰশ্ন : .৬ টকাত কিমান পইচা?

উত্তৰ : ৬০ পইচা।

৩০) প্ৰশ্ন : Y2 - ৯y = ০ হ’লে y ৰ মান কিমান?

উত্তৰ : ০ আৰু ৯।

৩১) প্ৰশ্ন : স্বৰ্গীয় সংখ্যা বা Divine number কাক বোলে?

উত্তৰ : ০.৬১৮।

৩২) প্ৰশ্ন : এক মেট্ৰিক টনত কিমান কিলোগ্ৰাম?

উত্তৰ : ১০০০০কিলোগ্ৰাম।

৩৩) প্ৰশ্ন : কোনো এটা সংখ্যা বা ৰাশিক ০ (শূণ্য) ৰে পূৰণ কৰিলে পূৰণফল কি হ’ব?

উত্তৰ : ০ (শূণ্য)।

৩৪) প্ৰশ্ন : যুগ্ম অথচ মৌলিক সংখ্যাটো কি?

উত্তৰ : ২।

৩৫) প্ৰশ্ন : a0 মানে কিমান?
উত্তৰ : ১।

৩৬) প্ৰশ্ন : ৰহিমে এটা কম্পিউটাৰ ২০,০০০.০০ কিনি ২২,০০০.০০ টকাত বিক্ৰী কৰিলে শতকৰা কিমান লাভ হ’ব?

উত্তৰ : ১০%।

৩৭) প্ৰশ্ন : ৩০০ ৰে ১০০ টা কমলা কি নি ৪ টা পঁচা কমলা পেলাই দিয়াৰ পিছত বাকী থকা কমলা প্ৰতি ডজন ৫০.০০ টকা দৰত বেচিলে কিমান লাভ হ’ব?

উত্তৰ : ১০০.০০ টকা।

৩৮) প্ৰশ্ন : ৫০ টা কণীৰ কিনাদাম ৪০ টা কণীৰ বেচাদামৰ সমান হ’লে এই কিনা-বেচাত শতকৰা কিমান লাভ হ’ব?

উত্তৰ : ২৫%।

৩৯) প্ৰশ্ন : ১২, ১৬, আৰু ১৮ ৰ চতুৰ্থ সমানুপাতিক সংখ্যাটো কি?

উত্তৰ : ২৪।

৪০) প্ৰশ্ন : তিনিটা অঙ্কৰ কোনো সংখ্যাক ২, ৫, ৯ আৰু ১১ ৰে হৰণ কৰিলে প্ৰতিটো ক্ষেত্ৰতে ১ বাকী থাকে, সংখ্যাটো কি?

উত্তৰ : ৯৯১।

৪১) প্ৰশ্ন : বৰ্গক্ষেত্ৰৰ বাহু ১০% বঢ়াই দিলে ক্ষেত্ৰফল কিমান হ’ব?

উত্তৰ : ২১।

 

উৎস : নতুন চাইঞ্চ কুইজ।

 

 

বিশ্ব ব্ৰহ্মাণ্ড

 

১) প্ৰশ্ন : মঙ্গল উপগ্ৰহ কেইটা আৰু কি কি?

উত্তৰ : দুটা। ফ’বচ্‌ আৰু ডিম’চ্‌।

২) প্ৰশ্ন : পৃথিৱীৰ উপগ্ৰহ কেইটা আৰু কি?

উত্তৰ : এটা। চন্দ্ৰ।

৩) প্ৰশ্ন : মঙ্গল গ্ৰহৰ পৰা তাৰ উপগ্ৰহ ‘ফ’বচ’ৰ দূৰত্ব কিমান?

উত্তৰ : প্ৰায় ৯,৪০০ কিঃ মিঃ। ইয়াৰ ব্যাসাৰ্দ্ধ প্ৰায় ৪ কিঃ মিঃ।

৪) প্ৰশ্ন : মঙ্গল গ্ৰহৰ পৰা তাৰ উপগ্ৰহ ‘ডিম’চ’ৰ দূৰত্ব কিমান?

উত্তৰ : প্ৰায় ২৪, ০০০ কিঃ মিঃ। ইয়াৰ ব্যাস প্ৰায় ৫ কিঃ মিঃ।

৫) প্ৰশ্ন : ভাৰতত থকা মহাকাশ নিৰীক্ষণ কেন্দ্ৰ দুটাৰ নাম কি কি?

উত্তৰ : শ্ৰী হৰিকোটা আৰু নাইনিতাল।

৬) প্ৰশ্ন : হাতীপটি তাৰকা ৰাজ্যত কিমান জ্যোতিষ্ক আছে বুলি বিজ্ঞানী সকলে জানিব পাৰিছে?

উত্তৰ : প্ৰায় এক লাখ নিযুত।

৭) প্ৰশ্ন : হাতীপটি তাৰকা ৰাজ্যই কিমান ঠাই আগুৰি আছে?

উত্তৰ : প্ৰায় এক লাখ আলোকবৰ্ষ।

৮) প্ৰশ্ন : শনি গ্ৰহৰ চাৰিওকাষ আঙঠিৰ দৰে দেখা যায় কিয়?

উত্তৰ : শনি গ্ৰহৰ চাৰিওকাষে বহুতো সৰু সৰু উপগ্ৰহ লাগি থকা বাবে আঙঠিৰ দৰে দেখা যায়। এই আঙঠিটোৰ ব্যাস প্ৰায় ২,৮৩,০০০ কিঃ মিঃ আৰু প্ৰায় ১৬ কিঃ মিঃ ডাঠ।

৯) প্ৰশ্ন : শনি গ্ৰহৰ প্ৰধান উপগ্ৰহটোৰ নাম কি?

উত্তৰ : টিটান (Titan) বা টাইটান।

১০) প্ৰশ্ন : পাৰচেক কি?

উত্তৰ : জ্যোৰ্তিবিজ্ঞানত ব্যৱহৃত এটা ডাঙৰ দূৰত্বৰ একক।

১১) প্ৰশ্ন : অনাতাঁৰ দূৰবীণ কি?

উত্তৰ : যি আহিলাৰে অনাতাঁৰ তৰঙ্গ জ্যোতিবিজ্ঞানত ব্যৱহাৰ কৰা হয় তাৰ নাম অনাতাঁৰ দূৰবীণ বা ৰেডিঅ’ টেলিস্কোপ।

১২) প্ৰশ্ন : ছোভিয়েট ৰুছিয়াই সৰ্বশেষত মঙ্গল গ্ৰহলৈ পঠোৱা যান খনৰ নাম কি?

উত্তৰ : ফ’বছ – ১১। ইয়াক ইং ১২/০৭/১৯৮৮ তাৰিখে উৎক্ষেপন কৰে।

১৩) প্ৰশ্ন : আকাশৰ ধ্ৰুৱতৰাটো কেনেকৈ বিচাৰি উলিয়াব পাৰি?

উত্তৰ : নিশাৰ ভাগত উত্তৰ ফাললৈ চাই।

১৪) প্ৰশ্ন : চন্দ্ৰৰ পৰা পৃথিৱীৰ ওচৰ দূৰত্ব, দূৰ দূৰত্ব আৰু গড় দূৰত্ব কিমান?

উত্তৰ : ওচৰ দূৰত্ব = ৩,৬৫,০০০ কিঃ মিঃ,

দূৰ দূৰত্ব = ৪,১০,০০০ কিঃ মিঃ,

আৰু গড় দূৰত্ব প্ৰায় = ৩,৮৭,০০০ কিঃ মিঃ।

১৫) প্ৰশ্ন : নিজ কক্ষপথত পৃথিৱীয়ে প্ৰতি ছেকেণ্ডত কিমান দ্ৰুতিৰে ঘূৰে?

উত্তৰ : প্ৰায় ৩১ কিঃ মিঃ।

১৬) প্ৰশ্ন : সৌৰবছৰ কি?

উত্তৰ : পৃথিৱীয়ে সূৰ্যক এবাৰ প্ৰদক্ষিণ কৰিবলৈ যি সময়ৰ প্ৰয়োজন তাক সৌৰবছৰ বোলে।

১৭) প্ৰশ্ন : বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টি কেনেকৈ হৈছে?
উত্তৰ : মহাকাশত থকা হাতীপটিৰ দৰে অলেখ তাৰকাৰাজ্য, গেছীয় পদাৰ্থ আদি এক গট হৈ বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টি হৈছে।

১৮) প্ৰশ্ন : নেপচুনৰ উপগ্ৰহ দুটাৰ নাম কি কি?

উত্তৰ : ট্ৰাইটম আৰু নেবেইড।

১৯) প্ৰশ্ন : আলোকবৰ্ষ আৰু মহাজাগতিক বৰ্ষৰ মাজত পাৰ্থক্য কি?

উত্তৰ : আলোকবৰ্ষৰ দূৰত্বৰ একক আৰু মহাজাগতিক বৰ্ষ সময়ৰ একক।

২০) প্ৰশ্ন : হাতীপটি কোন তাৰকাৰাজ্যৰ অন্তৰ্ভূক্ত?

উত্তৰ : সৰ্পিল তাৰকা ৰাজ্যৰ অন্তৰ্ভূক্ত।

২১) প্ৰশ্ন : সূৰ্যটো এটা গ্ৰহ নে নক্ষত্ৰ?

উত্তৰ : নক্ষত্ৰ।

২২) প্ৰশ্ন : জ্যোতি কাক বোলে?

উত্তৰ : পৃথিৱীৰ পৰা সূৰ্যৰ দূৰত্ব প্ৰায় ১,৪৯,৫০০,০০০ কিঃ মিঃ ক দৈৰ্ঘ্যৰ একক হিচাপে ধৰি লৈ জ্যোতিবিজ্ঞানীসকলে এই দূৰত্বক এক জ্যোতি একক নাম দিছে।

২৩) প্ৰশ্ন : সাধাৰণ দূৰবীণেৰে মহাকাশৰ তথ্য সংগ্ৰহত কিহে বাধা দিয়ে?

উত্তৰ : ডাৱৰ, কুঁৱলী, ৰ’দৰ পোহৰ, ধূলি-মাকতি আদি।

২৪) প্ৰশ্ন : ৰাডাৰ (RADAR) শব্দৰ পূৰ্ণপাঠ কি?

উত্তৰ : ৰেডিঅ’ ডিটেকচন্‌ এণ্ড ৰেনজিং।

২৫) প্ৰশ্ন : চন্দ্ৰৰ ব্যাস কিমান?

উত্তৰ : প্ৰায় ৩৫০০ কিঃ মিঃ।

২৬) প্ৰশ্ন : কোনে আৰু কেতিয়া পোন প্ৰথমে চন্দ্ৰত খোজ দিয়ে?

উত্তৰ : নীল আৰ্মষ্ট্ৰঙে, ইং ১৯৬৯ চনৰ ২০ জুলাইত।

২৭) প্ৰশ্ন : হাতীপটিৰ কেন্দ্ৰৰ পৰা আমাৰ পৃথিৱীৰ দূৰত্ব কিমান?

উত্তৰ : প্ৰায় ৩২,০০০ আলোকবৰ্ষ।

২৮) প্ৰশ্ন : কৃত্ৰিম উপগ্ৰহ কাক বোলে?

উত্তৰ : নিউটনৰ গতিৰ ৩য় সূত্ৰ মতে ৰকেট মহাকাশলৈ পঠিয়াওতে ইন্ধনৰ জ্বলন যিমান তীব্ৰ হয় ৰকেট সিমান ওপৰলৈ উঠে। তেনে ৰকেটৰ সহায়ৰে কোনো বস্তু পৃথিৱীলৈ নাহি পৃথিৱীক প্ৰদক্ষিণ কৰি থকাকৈ স্থাপন কৰিব পাৰি। এনেদৰে স্থাপন কৰা আৰু ইন্ধন নোহোৱাকৈ পৃথিৱীক প্ৰদক্ষিণ কৰা বস্তুক কৃত্ৰিম উপগ্ৰহ বোলে।

২৯) প্ৰশ্ন : মহাকাশলৈ যোৱা প্ৰথম মানুহজন কোন?

উত্তৰ : ইং ১২/০৪/১৯৬৯ তাৰিখে ভষ্টক -১ ৰে মহাকশলৈ যোৱা ৰুছ দেশৰ মহাকাশচাৰী মেজৰ ইউৰি গাগৰিণেই মহাকাশলৈ যোৱা প্ৰথম মানুহ।

৩০) প্ৰশ্ন : বিশ্বৰ প্ৰথম মহিলা মহাকাশচাৰী কোন?

উত্তৰ : ৰুছ দেশৰ ভালেনটিনা টেৰেচকোভা।

৩১) প্ৰশ্ন : ৰকেট কেই প্ৰকাৰৰ?

উত্তৰ : চাৰি প্ৰকাৰৰ।

৩২) প্ৰশ্ন : ভাৰতৰ প্ৰথম মহাকাশচাৰী কোন?

উত্তৰ : ৰাকেশ শৰ্মা।

৩৩) প্ৰশ্ন : মহাকাশচাৰীয়ে কি খায়?

উত্তৰ : ‘ফ্ৰিজ’ত শুকুৱা খাদ্য খায়।

৩৪) প্ৰশ্ন : সূৰ্যৰ তাপমান কিমান?

উত্তৰ : প্ৰায় ৬০০০ ডিগ্ৰী ছেলছিয়াচ।

৩৫) প্ৰশ্ন : সৌৰ বতাহ কি?

উত্তৰ : সূৰ্যৰ পৰা নিৰিবিচ্ছিন্ন ভাৱে প্ৰভাৱিত হৈ থকা প্ৰ’টন, ইলেক্ট্ৰন আদিৰ প্ৰৱাহক সৌৰ বতাহ বোলে।

৩৬) প্ৰশ্ন : এবছৰত চন্দ্ৰই পৃথিৱীৰ চাৰিওফালে কেইপাক ঘূৰে?

উত্তৰ : প্ৰায় ১৩ পাক।

৩৭) প্ৰশ্ন : চন্দ্ৰ কলা কি?

উত্তৰ : চন্দ্ৰৰ আকৃতি সৰু-ডাঙৰ হোৱাকে চন্দ্ৰ কলা বোলে।

৩৮) প্ৰশ্ন : হেলীৰ ধূমকেতু কিমান বছৰৰ অন্তৰে অন্তৰে দেখিবলৈ পোৱা যায়?

উত্তৰ : প্ৰত্যেক ৭৬.৩ বছৰৰ অন্তৰে অন্তৰে।

৩৯) প্ৰশ্ন : কোন গ্ৰহ দেখিবলৈ ৰঙা?

উত্তৰ : মঙ্গল গ্ৰহ।

৪০) প্ৰশ্ন : পৃথিৱীৰ বয়স কিমান?

উত্তৰ : প্ৰায় ৪৬০ কোটি বছৰ (আনুমানিক)।

৪১) প্ৰশ্ন : উল্কা কি?

উত্তৰ : উল্কা একোটা পিণ্ড। গ্ৰহ – উপগ্ৰহৰ দৰে উল্কাও সূৰ্যৰ চাৰিওফালে ঘূৰে। লো, শিল আদিৰে গঠিত এই টান পিণ্ডবোৰে নিজ কক্ষপথত ঘূৰি থাকোতে কেতিয়াবা পৃথিৱীৰ আকাৰ্ষণত কক্ষচ্যুত হৈ পৃথিৱীৰ বায়ুমণ্ডলত প্ৰৱেশ কৰে আৰু বায়ুৰ সৈতে ঘঁহনি খাই সৰু সৰু উল্কাবোৰ জ্বলি-পুৰি ছাই হৈ যায়। উল্কা বহুতো আকাৰৰ আছে। কিছুমানৰ ওজন পাঁচ কিলোগ্ৰাম আকৌ আন কিছুমানৰ ওজন কুইণ্টল চাৰি – পাঁচ কুইণ্টেল।

৪২) প্ৰশ্ন : ধুমকেতু কি?

উত্তৰ : ধুমকেতু এটা বিশেষ জ্যোতিষ্ক। ই উজ্বল আৰু দীঘলীয়া। ইহঁতক পুচ্ছল তৰা বা নেজাল তৰা বুলিও কোৱা হয়।

৪৩) প্ৰশ্ন : সৌৰজগতৰ কোনটো গ্ৰহৰ উপগ্ৰহৰ সংখ্যা আটাইতকৈ বেছি আৰু কিমান?

উত্তৰ : শনিগ্ৰহৰ। ইয়াৰ উপগ্ৰহৰ সংখ্যা ২১ টা।

৪৪) প্ৰশ্ন : আমাৰ সৌৰজগতৰ উপগ্ৰহ নথকা গ্ৰহৰ নাম কি?

উত্তৰ : বুধ আৰু শুক্ৰ।

৪৫) প্ৰশ্ন : সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহ কি?

উত্তৰ : বৃহস্পতি।

৪৬) প্ৰশ্ন : পোনপ্ৰথমে কোনে এই তথ্য আৱিষ্কাৰ কৰে যে, সূৰ্য হ’ল সৌৰজগতৰ কেন্দ্ৰ আৰু পৃথিৱীয়ে তাৰ চাৰিওফালে ঘূৰে?

উত্তৰ : কপাৰনিকাচে ইং ১৫৪০ চনত (নিকোলাচ কপাৰনিকাচ)।

৪৭) প্ৰশ্ন : চন্দ্ৰই 27½ দিনত নে 29½ দিনতহে পৃথিৱীক প্ৰদক্ষিন কৰে?

উত্তৰ : 27½ দিনত। কিন্তু 29½ দিনতহে চন্দ্ৰমাহ বুলি ধৰা হয়।

৪৮) প্ৰশ্ন : সৌৰজগতৰ কোন কোন গ্ৰহৰ উপগ্ৰহৰ সংখ্যা মাত্ৰ এটা?

উত্তৰ : পৃথিৱী আৰু প্লুটোৰ।

৪৯) প্ৰশ্ন : পৃথিৱীৰ ব্যাস কিমান?

উত্তৰ : প্ৰায় ১২,৬৮১ কিলোমিটাৰ।

৫০) প্ৰশ্ন : ধ্ৰুৱতৰা (Pole Star) ৰ বৈজ্ঞানিক নাম কি?

উত্তৰ : আলফা আৰচি মাইন’ৰিচ্‌।

 

উৎস : নতুন চাইঞ্চ কুইজ।

শেহতীয়া উন্নীতকৰণ: : 2/6/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate