অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কুইজ-

কুইজ-

১) প্ৰশ্ন : অৰুণাচল প্ৰদেশে কোন চনত ৰাজ্যৰ স্বীকৃতি লাভ কৰে?

উত্তৰ : ১৯৯৮ চনৰ ২০ ফেব্ৰুৱাৰীত।

২) প্ৰশ্ন : অৰুণাচল প্ৰদেশৰ কোন জিলাক “অৰুণাচল প্ৰদেশৰ স্বৰ্গ” বুলি কোৱা হয়?

উত্তৰ : পশ্চিম কামেং।

৩) প্ৰশ্ন : অৰুণাচল প্ৰদেশৰ ৰাজধানী কি?

উত্তৰ : ইটানগৰ।

৪) প্ৰশ্ন : অসমক জনপ্ৰিয়ভাৱে কি নদী আৰু পাহাৰৰ ভূমি হিচাপে জনা যায়?
উত্তৰ : ৰঙা নদী আৰু নীলা পাহাৰ।

৫) প্ৰশ্ন : ‘অসম’ শব্দটো কি শব্দৰ পৰা উৎপত্তি হৈছে আৰু তাৰ অৰ্থ কি?

উত্তৰ : অসমা, অৰ্থ হৈছে অপ্ৰতিদ্বন্দী।

৬) প্ৰশ্ন : মণিপুৰ দিৱস প্ৰতি বছৰে কোন মাহত পালন কৰা হয়?

উত্তৰ : ২১ জানুৱাৰীত।

৭) প্ৰশ্ন : মণিপুৰ কোন চনত ভাৰত যুক্তৰাষ্ট্ৰৰ বিংশতম ৰাজ্যত পৰিণত হৈছিল?

উত্তৰ : ১৯৭২ চনত।

৮) প্ৰশ্ন : মণিপুৰত অৱস্থিত উত্তৰ-পূব ভাৰতৰ সৰ্ববৃহৎ হ্ৰদটোৰ নাম কি?

উত্তৰ : লোকটাক হ্ৰদ।

৯) প্ৰশ্ন : মেঘালয় দিৱস প্ৰতি বছৰে কোন মাহত পালন কৰা হয়?

উত্তৰ : ২১ জানুৱাৰী।

১০) প্ৰশ্ন : নাগালেণ্ড দিৱস প্ৰত্যেক বছৰে কোন মাহত পালন কৰা হয়?

উত্তৰ : ১ ডিচেম্বৰ।

১১) প্ৰশ্ন : কোন চনত ত্ৰিপুৰাই ৰাজ্য হিচাপে স্বীকৃতি লাভ কৰিছিল?

উত্তৰ : ১৯৭২ চনৰ ২১ জানুৱাৰী।

১২) প্ৰশ্ন : ত্ৰিপুৰাৰ জনসাধাৰণৰ মাতৃভাষা কি?
উত্তৰ : বঙালী।

১৩) প্ৰশ্ন : মাটিকালিৰ ক্ষেত্ৰত উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ ৰাজ্য খনৰ নাম কি?

উত্তৰ : অৰুণাচল প্ৰদেশ।

১৪) প্ৰশ্ন : অৰুণাচল প্ৰদেশৰ চৰকাৰী ভাষা কি?

উত্তৰ : ইংৰাজী।

১৫) প্ৰশ্ন : অৰুণাচল প্ৰদেশৰ নাম চৰকাৰীভাৱে ঘোষণা কৰা ব্যক্তি গৰাকীৰ নাম কি?

উত্তৰ : শ্ৰীমতী ইন্দিৰা।

১৬) প্ৰশ্ন : অসমৰ পুৰণি নাম কি?

উত্তৰ : কামৰুপ আৰু প্ৰাগজ্যোতিষপুৰ।

১৭) প্ৰশ্ন : অসমৰ জাতীয় সংগীতটোৰ নাম কি? গীতটোৰ ৰচক কোন?

উত্তৰ : লক্ষ্মীনাথ বেজবৰুৱাৰ দ্বাৰা ৰচিত ‘অ’মোৰ আপোনাৰ দেশ’।

১৮) প্ৰশ্ন : অসমৰ ৰাজ্যিক প্ৰতীক চিহ্ন কি?

উত্তৰ : এশিঙীয়া গঁড়।

১৯) প্ৰশ্ন : পৃথিৱীৰ সৰ্ববৃহৎ নদী দ্বীপ মাজুলী, অসমত অৱস্থিত। অসমৰ কোন খন জিলাত অৱস্থিত?

উত্তৰ : যোৰহাটত।

২০) প্ৰশ্ন : মণিপুৰৰ ৰাজ্যিক ভাষা কি?

উত্তৰ : মণিপুৰী।

২১) প্ৰশ্ন : আমাৰ দেশৰ এজন মহান ব্যক্তিয়ে মণিপুৰক “ভাৰতৰ অলংকাৰ” হিচাপে বৰ্ণনা কৰিছে। তেওঁ ভাৰতৰ প্ৰথম প্ৰধান মন্ত্ৰীও আছিল। তেখেতৰ নামটো কি?

উত্তৰ : পণ্ডিত জৱাহৰলাল নেহৰু।

২২) প্ৰশ্ন : মেঘালয়ৰ চৰকাৰী ভাষা কি?

উত্তৰ : ইংৰাজী।

২৩) প্ৰশ্ন : মিজোৰামৰ স্থানীয় বাসীন্দাৰ মাতৃভাষা কি?

উত্তৰ : মিজো।

২৪) প্ৰশ্ন : মিজোৰামৰ চৰকাৰী ভাষাবোৰ কি কি?

উত্তৰ : মিজো আৰু ইংৰাজী।

২৫) প্ৰশ্ন : ভাৰতৰ কোন গৰাকী প্ৰাক্তন ৰাষ্ট্ৰপতিয়ে কোন চনত নাগালেণ্ড ৰাজ্য উদ্বোধন কৰিছিল?

উত্তৰ : ড° ৰাধাকৃষ্ণণে, ১৯৬৩ চনৰ ১ ডিচেম্বৰত।

২৬) প্ৰশ্ন : নাগালেণ্ডৰ কোন খন জিলাক “পূবৰ ছুইজাৰেলেণ্ড” হিচাপে জনা যায়?

উত্তৰ : কহিমা।

২৭) প্ৰশ্ন : কোন খন চহৰক নাগালেণ্ডৰ বাণিজ্যিক ৰাজধানী হিচাপে জনা যায়?

উত্তৰ : ডিমাপুৰ।

২৮) প্ৰশ্ন : নাগালেণ্ডৰ চৰকাৰী ভাষা কি?
উত্তৰ : ইংৰাজী।

২৯) প্ৰশ্ন : অৰুণাচল প্ৰদেশৰ কোন খন ঠাইক “শান্তি আৰু নিস্তব্ধতাৰ ঠাই” হিচাপে জনা যায়?

উত্তৰ : টাৱাং।

৩০) প্ৰশ্ন : কোনজন বিদ্বান ব্যক্তিয়ে “মেঘালয়” নামটো ৰাজ্যখনক প্ৰদান কৰিছিল?

উত্তৰ : ড° সুনীতি কুমাৰ চেটাৰ্জী।

৩১) প্ৰশ্ন : মেঘালয়ক স্বতন্ত্ৰ ৰাজ্য হিচাপে কোনে ঘোষণা কৰিছিল?

উত্তৰ : শ্ৰীমতি ইন্দিৰা গান্ধী।

৩২) প্ৰশ্ন : মিজোৰামে ভাৰতীয় সংবিধানৰ কোন অনুসূচীৰ অধীনত কাৰ্য সম্পাদন কৰে?

উত্তৰ : ষষ্ঠ অনুসূচীৰ মতে।

৩৩) প্ৰশ্ন : ছিকিমক সম্পূৰ্ণ ৰাজ্য হিচাপে কেতিয়া স্বীকৃতি দিয়া হৈছিল?

উত্তৰ : ১৬ মে’, ১৯৭৫ চনত।

৩৪) প্ৰশ্ন : উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যবোৰৰ লগত ৰাজধানী চহৰ বোৰৰ নাম কি কি?

উত্তৰ :

ৰাজ্য

ৰাজধানী

অৰুণাচল প্ৰদেশ

ইটানগৰ

অসম

দিছপুৰ

মণিপুৰ

ইম্ফল

মেঘালয়

শ্বিলং

মিজোৰাম

আইজল

নাগালেণ্ড

কহিমা

ছিকিম

গেংটক

ত্ৰিপুৰা

আগৰতলা

 

৩৫) প্ৰশ্ন :  উত্তৰ-পূৰ্বাঞ্চলৰ জিলা সমূহৰ মুখ্য কাৰ্যালয় সমূহ কি কি?

উত্তৰ :

অৰুণাচল প্ৰদেশ

জিলা

মুখ্য কাৰ্যালয়

আনজৱ

হাৱাই

চংলাং

চংলাং

পূঃ কামেং

চেপ্পা

পূঃ চিয়াং

পাছিঘাট

কুৰুং কুমে

লায়িং য়ান্তে

লোহিত

তেজু

নামনি ডিবং উপত্যকা

ৰয়িং

নামনি সোৱণশিৰি

জিৰ’

পাপুম্‌পাৰে

ইউপিয়া

টাৱাং

টাৱাং

টিৰাপ

খোন্‌চা

উজনি ডিবং উপত্যকা

অনিনি

উজনি চিয়াং

য়িংকিয়ং

উজনি সোৱণশিৰি

দাপোৰিজো

পশ্চিম কামেং

বমডিলা

পশ্চিম চিয়াং

আলং

অসম

বৰপেটা

বৰপেটা

বঙাইগাওঁ

বঙাইগাওঁ

কাছাৰ

শিলচৰ

দৰং

মঙলদৈ

ধেমাজি

ধেমাজি

ধুবুৰী

ধুবুৰী

ডিব্ৰুগড়

ডিব্ৰুগড়

গোৱালপাৰা

গোৱালপাৰা

গোলাঘাট

গোলাঘাট

হাইলাকান্দি

হাইলাকান্দি

যোৰহাট

যোৰহাট

কামৰুপ (মেট্ৰ’)

গুৱাহাটী

কাৰ্বি আংলং

ডিফু

কৰিমজঞ্জ

কৰিমজঞ্জ

কোকৰাঝাৰ

কোকৰাঝাৰ

লখিমপুৰ

উঃ লখিমপুৰ

মৰিগাঁও

মৰিগাঁও

নগাঁও

নগাঁও

নলবাৰী

নলবাৰী

ডিমা হাছাও

হাফলং

শিৱসাগৰ

শিৱসাগৰ

শোণিতপুৰ

তেজপুৰ

তিনিচুকীয়া

তিনিচুকীয়া

চিৰাং

কাজল গাঁও

ওদালগুৰি

ওদালগুৰি টাউন

বাকছা

মুছলপুৰ

কামৰুপ (গ্ৰাম্য)

আমিনগাঁও

মণিপুৰ

বিষ্ণুপুৰ

বিষ্ণুপুৰ

চণ্ডেল

চণ্ডেল

চুড়াচাঁদপুৰ

চুড়াচাঁদপুৰ

পূঃ ইম্ফল

ইম্ফল

সেনাপতি

সেনাপতি

টামেংলং

টামেংলং

থৌবাল

থৌবাল

উখৰুল

উখৰুল

পশ্চিম ইম্ফল

ইম্ফল

মেঘালয়

পূঃ গাৰো হিলচ্‌

উইলিয়ান নগৰ

পূঃ খাছী হিলচ্‌

শ্বিলং

জয়ন্তীয়া হিলচ্‌

জোৱাই

ৰি – ভৈ

নংপো

দক্ষিণ গাৰো হিলচ্‌

বাঘমৰা

পশ্চিম গাৰো হিলচ্‌

তুৰা

পশ্চিম খাছী হিলচ্‌

নংষ্ট’ইন

উত্তৰ গাৰো হিলচ্‌

ৰেচুবেলপাৰা

দক্ষিণ পশ্চিম গাৰো হিলচ্‌

আমপাতি

দক্ষিণ পশ্চিম খাছী হিলচ্‌

মকিৰৱাট

পূৱ জয়ন্তীয়া হিলচ্‌

খিলিৰিয়াত

মিজোৰাম

আইজল

আইজল

চম্ফাই

চম্ফাই

কোলাচিব

কোলাচিব

লুংট্‌লাই

লুংট্‌লাই

লুংলেই

লুংলেই

মামিত

মামিত

চাইহা

চাইহা

চেৰিচ্চিপ

চেৰিচ্চিপ

নাগালেণ্ড

ডিমাপুৰ

চুমুকেডিয়া

কিফিৰে

কিফিৰে

কহিমা

কহিমা

লংলেং

লংলেং

মন

মন

মকক্‌চাং

মকক্‌চাং

ফেক্‌

ফেক্‌

টিউয়েনচাং

টিউয়েনচাং

ৱোখা

ৱোখা

জুন্‌হেবোটা

জুন্‌হেবোটা

পেৰেণ

পেৰেণ

ছিকিম

উত্তৰ ছিকিম

মাংগন

দক্ষিণ ছিকিম

নাম্‌চি

পশ্চিম ছিকিম

গ্যালছিং

পূব ছিকিম

গেংটক

ত্ৰিপুৰা

ঢলাই

আম্বাচা

উঃ ত্ৰিপুৰা

কয়লা চহৰ

দ: ত্ৰিপুৰা

উদয়পুৰ

পঃ ত্ৰিপুৰা

আগৰতলা

 

ভূগোল

১) প্ৰশ্ন : অৰুণাচল প্ৰদেশৰ সৰ্বোচ্চ শৃঙ্গ কি?

উত্তৰ : কাংটে।

২) প্ৰশ্ন : অসম কিমান ডিগ্ৰী অক্ষাংশ আৰু কিমান দ্ৰাঘিমাংশৰ মাজত অৱস্থিত?

উত্তৰ : ২৪°১০´ উত্তৰৰ পৰা ২৭° ৫৮´ উত্তৰ অক্ষাংশ ; ৮৯°৪৯´ পূৱৰ পৰা ৯৭°২৬´ পূৱ দ্ৰাঘিমাৰ মাজত অৱস্থিত।

৩) প্ৰশ্ন : অসমৰ মুখ্য নদী দুখন কি কি?

উত্তৰ : ব্ৰহ্মপুত্ৰ আৰু বৰাক।

৪) প্ৰশ্ন : মণিপুৰৰ সৰ্বোচ্চ শৃঙ্গ কি?

উত্তৰ : মাউণ্ট টেনিপ’।

৫) প্ৰশ্ন : মেঘালয় মালভূমিৰ সৰ্বোচ্চ বিন্দুটো কি?

উত্তৰ : শ্বিলং শৃঙ্গ।

৬) প্ৰশ্ন : মেঘালয়ৰ প্ৰধান নদী কি?

উত্তৰ : চিমছাং।

৭) প্ৰশ্ন : মিজোৰামে মাটিকালিৰ কিমান অঞ্চল আৱৰি আছে?

উত্তৰ : ২১,০৮৭ বৰ্গ কিঃমিঃ।

৮) প্ৰশ্ন : মিজোৰামৰ আটাইতকৈ উচ্চতম শৃঙ্গটো কি?

উত্তৰ : ফাংপুই (নীলা পৰ্বত)।

৯) প্ৰশ্ন : নাগালেণ্ডে কিমান বৰ্গ কিঃমিঃ অঞ্চল আৱৰি আছে?

উত্তৰ : ১৬,৫৯৭ বৰ্গ কিঃমিঃ।

১০) প্ৰশ্ন: ছিকিমৰ দক্ষিণ সীমাত থকা ভাৰতৰ একমাত্ৰ ৰাজ্য খনৰ নাম কি?

উত্তৰ : পশ্চিমবঙ্গ।

১১) প্ৰশ্ন : ত্ৰিপুৰাৰ প্ৰধান নদী খনৰ নাম কি?

উত্তৰ : মনু।

১২) প্ৰশ্ন : ত্ৰিপুৰা ৰাজ্যৰ মাটিকালি কিমান?

উত্তৰ : ১০,৪৯২ বৰ্গ কিলোমিটাৰ।

১৩) প্ৰশ্ন : ত্ৰিপুৰাৰ সৰ্বোচ্চ পৰ্বত শৃঙ্গ কি?

উত্তৰ : বে-টলং-শিৱ।

১৪) প্ৰশ্ন : অসমৰ মাজেদি বৈ যোৱা অৰুণাচল প্ৰদেশৰ পৰা পৰাক্ৰমী নদী খন কি?

উত্তৰ : সোৱণশিৰি।

১৫) প্ৰশ্ন : অৰুণাচল প্ৰদেশে ইয়াৰ সীমা তিনি খন দেশৰ লগত অংশীদাৰী কৰিছে। দেশ তিনি ক্ৰমে কি কি?

উত্তৰ : ভূটান, চীন আৰু বাৰ্মা।

১৬) প্ৰশ্ন : শ্বিলং শৃংগৰ উচ্চতা কিমান?

উত্তৰ : ১৯৬৫ মিটাৰ।

১৭) প্ৰশ্ন : মিজোৰামৰ সৰ্ববৃহৎ হ্ৰ্দ কোনটো?

উত্তৰ : টামডিল।

১৮) প্ৰশ্ন : মিজোৰামৰ পূব অংশক কোনখন দেশে ঘেৰি আছে?

উত্তৰ : ম্যানমাৰ।

১৯) প্ৰশ্ন : নাগালেণ্ডৰ সৰ্বোচ্চ শৃঙ্গৰ নাম কি?

উত্তৰ : মাউণ্ট সাৰামতি।

২০) প্ৰশ্ন : ভাৰতৰ ভূমিকম্প সম্বন্ধীয় মানচিত্ৰত ত্ৰিপুৰা কিহৰ ভিতৰত আহে?

উত্তৰ : মণ্ডল ৪ ৰ ভিতৰত আহে।

২১) প্ৰশ্ন : ত্ৰিপুৰাৰ কোনখন নদী পশ্চিমৰ ফালে নবয়?

উত্তৰ : ড’লৈ।

২২) প্ৰশ্ন : অৰুণাচল প্ৰদেশত অৱস্থিত বিখ্যাত আপাটনী উপত্যকাটোক “ঘেঁহুৰ পাত্ৰ” হিচাপে জনা যায় নে নাযায়?

উত্তৰ : নাযায়।

২৩) প্ৰশ্ন : শ্বিলংত পৃথিৱীৰ সৰ্বাধিক বৰষুণ হয় নে নহয়?

উত্তৰ : নহয়।

২৪) প্ৰশ্ন : হাফলং অসমৰ একমাত্ৰ পাৰ্বত্য নিৱাস হয় নে নহয়?

উত্তৰ : হয়।

২৫) প্ৰশ্ন : অৰুণাচল প্ৰদেশৰ কিমান ধৰণৰ গুৰুত্বপূৰ্ণ পাছ আছে? নামবোৰ লিখা।

উত্তৰ : চাৰি ধৰণৰ পাছ আছে। সেয়া হ’ল - চৌকান পাছ, পাংচু পাছ, কায়েলা পাছ আৰু চেলা পাছ।

২৬) প্ৰশ্ন : অৰুণাচল প্ৰদেশৰ কোনখন নদীক তিব্বতত জায়ুল চু হিচাপে জনা যায়?

উত্তৰ : লোহিত নদীক।

২৭) প্ৰশ্ন : অসমক কেইটা ভৌগোলিক অঞ্চলত ভাগ কৰা হৈছে, নামবোৰ কি কি?

উত্তৰ : তিনিটা । সেইকেইটা হৈছে – ব্ৰহ্মপুত্ৰ উপত্যকা, বৰাক উপত্যকা আৰু পাৰ্বত্য অঞ্চল।

২৮) প্ৰশ্ন : ব্ৰহ্মপুত্ৰৰ প্ৰধান উপনৈ কেইখন মানৰ নাম লিখা?

উত্তৰ : সোৱণশিৰি, পুথিমাৰি, পাগলাদিয়া, মানাহ, ন দিহিং, বুঢ়ী দিহিং ইত্যাদি।

২৯) প্ৰশ্ন : মেঘালয়ৰ ৱাৰ্ডচ হ্ৰদৰ স্থানীয় নাম কি?

উত্তৰ : পোলোকৰ হ্ৰদ।

৩০) প্ৰশ্ন : নাগালেণ্ডৰ বৃহত্তম আৰু দীৰ্ঘতম নদীখনৰ নাম কি?

উত্তৰ : ধনশিৰি।

৩১) প্ৰশ্ন : ছিকিমৰ দুখন মুখ্য নদীৰ নাম কি কি?

উত্তৰ : তিস্তা আৰু ৰঞ্জিত।

৩২) প্ৰশ্ন : ছিকিমৰ সৰ্ববৃহৎ জিলা খনৰ নাম কি?

উত্তৰ : উত্তৰ ছিকিম।

৩৩) প্ৰশ্ন : ভাৰতৰ কোন অংশত ছিকিম অৱস্থিত?

উত্তৰ : ভাৰতৰ উত্তৰ-পূৱত।

৩৪) প্ৰশ্ন : ভাৰতৰ ত্ৰয়োদশ ৰাষ্ট্ৰীয় হ্ৰদ স্বৰুপে ঘোষণা কৰা ত্ৰিপুৰাৰ হ্ৰদটোৰ নাম কি?

উত্তৰ : ৰুদ্ৰসাগৰ হ্ৰদ।

৩৫) প্ৰশ্ন : ত্ৰিপুৰাৰ ক্ষুদ্ৰতম জিলা খনৰ নাম কি?

উত্তৰ : উত্তৰ ত্ৰিপুৰা।

৩৬) প্ৰশ্ন : উত্তৰ – পূৰ্বাঞ্চলৰ মুখ্য পৰ্বত শৃংগসমূহ কি কি?

উত্তৰ :

নাম

ৰাজ্য

উচ্চতা

কাণ্টে

অৰুণাচল প্ৰদেশ

৭০৯০ মিঃ

চাৰামতি

নাগালেণ্ড

৩৮৪১ মিঃ

মাউণ্ট টেনিপু

মণিপুৰ

২৯৯৪ মিঃ

ফাৱংপুই বা ব্লুমাউণ্টেইন

মিজোৰাম

২৩৬০ মিঃ

শ্বিলং

মেঘালয়

১৯৬৫ মিঃ

নামচ্য বাৰ্‌ৱা

অসম

৭৭৮২ মিঃ

বেটালংচ্চিপ্‌

ত্ৰিপুৰা

১০৯৭.২৮ মিঃ

মাউণ্ট খাংচেনজোংঘা

ছিকিম

৮৫৮১.৯৫ মিঃ

 

উৎস : উত্তৰ পূৰ্বাঞ্চল কুইজ সঁফুৰা।

3.21153846154
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top