অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কুইজ

ভাৰতৰ ৰাজ্য আৰু ৰাজধানী

 

ৰাজ্য

ৰাজধানী

অন্ধ্ৰ প্ৰদেশ

হায়দৰাবাদ

অসম

দিছপুৰ

অৰুণাচল প্ৰদেশ

ইটানগৰ

উত্তৰ প্ৰদেশ

লক্ষ্ণৌ

উত্তৰাঞ্চল

দেৰাদুন

উৰিষ্যা

ভুৱনেশ্বৰ

কৰ্ণাটক

বাংগালোৰ

কেৰালা

তিৰুৱন্তপুৰম (ত্ৰিবান্দ্ৰম)

গুজৰাট

আহমদাবাদ

গোৱা

পানাজী

ছত্তিছগড়

ৰয়াপুৰ

জম্মু আৰু কাশ্মীৰ

শ্ৰীনগৰ, জম্মু

ঝাড়খণ্ড

ৰাঁচি

তামিলনাডু

চেন্নাই

ত্ৰিপুৰা

আগৰতলা

নাগালেণ্ড

কহিমা

পঞ্জাৱ

চণ্ডিগড়

পশ্চিমবঙ্গ

কলকাতা

বিহাৰ

পাটনা

মধ্য প্ৰদেশ

ভূপাল

মণিপুৰ

ইম্ফল

মহাৰাষ্ট্ৰ

মুম্বাই

মিজোৰাম

আইজল

মেঘালয়

শ্বিলং

ৰাজস্থান

জয়পুৰ

হাৰিয়ানা

চণ্ডীগড়

হিমাচল প্ৰদেশ

চিমলা

ছিকিম

গেংটক

দিল্লী

দিল্লী

 

    কেন্দ্ৰীয় শাসিত ৰাজ্য আৰু ৰাজধানী

আন্দামন নিকোবৰ

পৰ্টব্লেয়াৰ

চণ্ডীগড়

চণ্ডীগড়

দমন আৰু দিউ

দমন

দাদৰা আৰু নগৰ হাবেলি

ছিলভাছা

পণ্ডীচেৰী

পণ্ডিচেৰী

লাক্ষাদ্বীপ

লাক্ষাদ্বীপ

 

    ভাৰতৰত্ন সন্মান লাভ কৰা বিশিষ্ট ব্যক্তি

নাম

চন

ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণন

১৯৪৫

ডঃ চি ভি ৰাম

১৯৫৪

ডঃ এম বিশ্বেশ্বৰৈয়া

১৯৯৫৫

গোবিন্দ বল্লভ পন্থ

১৯৫৭

ভগৱান দাস

১৯৫৫

জৱাহৰলাল নেহৰু

১৯৫৫

ধন্দুকেশৱ কাৰ্ভে

১৯৫৮

বিধান চন্দ্ৰ ৰায়

১৯৬১

পুৰুষোত্তম সাদ টেণ্ডন

১৯৬১

ৰাজেন্দ্ৰ প্ৰসাদ

১৯৬২

জাকিৰ হুছেইন

১৯৬৩

পাণ্ডু ৰং ৰমন কানে

১৯৬৩

লালবাহাদুৰ শাস্ত্ৰী (মৰনোত্তৰ ভাৱে)

১৯৬৬

ইন্দিৰা গান্ধী

১৯৭১

ভি ভি গিৰি

১৯৭৫

কুমাৰ স্বামী কামৰাজ

১৯৭৬

অৰুণা আছফ আলি (মৰনোত্তৰ ভাৱে)

১৯৯৭

এ পি জে আব্দুল কালাম

১৯৯৭

এম এছ শুভলক্ষ্মী

১৯৯৮

চি সুব্ৰমনিয়াম

১৯৯৮

জয়প্ৰকাশ নাৰায়ণ (মৰনোত্তৰ ভাৱে)

১৯৯৯

মাদাৰ টেৰেছা

১৯৮০

আচাৰ্য বিনোৱাভাৱে

১৯৮৩

খান আব্দুল গফুৰ খান

১৯৮৭

মাৰুদ গোপালন ৰামচন্দ্ৰ (মৰনোত্তৰ ভাৱে)

১৯৮৮

ভীমৰাও আম্বেদকাৰ

১৯৯০

নেলছন মেণ্ডেলা

১৯৯১

চৰ্দাৰ বল্লভভাই পেটেল (মৰনোত্তৰ ভাৱে)

১৯৯১

মোৰৰাজী দেশাই

১৯৯২

মৌলানা আব্দুল কালাম আজাদ

১৯৯২

জাহাংগীৰ ৰতনজী টাটা

১৯৯২

সত্যজিৎ ৰায় (মৰনোত্তৰ ভাৱে)

১৯৯২

গুলজাৰীলাল নন্দ

১৯৯৭

ডঃ অমৰ্ত্য সেন

১৯৯৯

গোপীনাথ বৰদলৈ (মৰনোত্তৰ ভাৱে)

১৯৯৯

পণ্ডিত ৰবিশংকৰ

১৯৯৯

লতা মঙ্গেশকাৰ

২০০১

বিছমিল্লা খান

২০০১

বিশিষ্ট সংগীতজ্ঞী ভীমসেন যোশী

২০০৮

বিভিন্ন কুইজ-

 

১) প্ৰশ্ন : পৃথিৱীৰ বৃহত্তম জনবহুল মহানগৰী কি?

উত্তৰ : টকিঅ’।

২) প্ৰশ্ন : কোন দেশৰ ৰাজধানী একুৰি দ্বীপত অৱস্থিত?

উত্তৰ : চুইডেনৰ ৰাজধানী ষ্টকহ’ম।

৩) প্ৰশ্ন : পৃথিৱীৰ উচ্চতম বিমান বন্দৰ কি?

উত্তৰ : বাংডা (চীন দেশ)।

৪) প্ৰশ্ন : পৃথিৱীৰ প্ৰাচীনতম ৰাজধানী চহৰ খনৰ নাম কি?

উত্তৰ : দামাস্কাচ (খৃঃ পূঃ ২০০০ ত প্ৰতিষ্ঠিত)।

৫) প্ৰশ্ন : পৃথিৱীৰ সৰ্বাধিক আগ্নেয়গিৰি থকা দেশখনৰ নাম কি?

উত্তৰ : ইন্দোনেচিয়া। ৬৬৭ ট আগ্নেয়গিৰি আছে।।

৬) প্ৰশ্ন : কোন খন দেশত নদ – নদী, হ্ৰদ – বিল আদি একোৱেই নাই?

উত্তৰ : কুৱেইট।

৭) প্ৰশ্ন : কোন দুখন মহাদেশত বান্দৰ নাই?

উত্তৰ : অষ্ট্ৰেলিয়া আৰু কুমেৰু।

৮) প্ৰশ্ন : বিশ্বৰ সৰ্ববৃহৎ তেল শোধনাগাৰটোৰ নাম কি?

উত্তৰ : আবাদন (ইৰাণ)।

৯) প্ৰশ্ন : ৰাষ্ট্ৰসংঘৰ সদস্যৰ দেশৰ সংখ্যা কিমান?

উত্তৰ : ১৯৩ খন।

১০) প্ৰশ্ন : এভাৰেষ্ট আৰোহণ কৰা বিশ্বৰ সৰ্বপ্ৰথম মহিলা কোন?

উত্তৰ : জনক’টাবাই (জাপান)।

১১) প্ৰশ্ন : বিশ্বৰ সৰ্বপ্ৰথম মহিলা মহাকাশযাত্ৰী কোন?

উত্তৰ : ভেলেটিনা ভ্‌লদিমিৰ ভনা টেৰিছক’ভা (ৰাছিয়া)।

১২) প্ৰশ্ন : বিশ্বৰ সৰ্ব প্ৰথম মহিলা ৰাষ্ট্ৰপতি কোন?

উত্তৰ : মেৰিয়া এচলটেলা পাৰ্চন (আৰ্জেণ্টিনা)।

১৩) প্ৰশ্ন : বিশ্বত সৰ্ব প্ৰথম ‘বুকাৰ বঁটা’ কোনে লাভ কৰে?

উত্তৰ : পি এইচ নিউৱাই।

১৪) প্ৰশ্ন : ‘কুইজ’ শব্দটোৰ অৰ্থ কি?

উত্তৰ : লেটিন ভাষাত কুইজ মানে হ’ল কি বা কোন। কৌতুহল বুজাবলৈ এই শব্দটো ব্যৱহাৰ কৰা হয়। সাম্প্ৰতিক অৰ্থত ই হ’ল জ্ঞানৰ তাৎক্ষণিক পৰীক্ষা।

১৫) প্ৰশ্ন : কোন হত্যাৰ ফলত প্ৰথম বিশ্ব যুদ্ধৰ সূত্ৰপাত হয়?

উত্তৰ : অষ্ট্ৰিয়াৰ সম্ৰাট আৰ্কডিউক ফ্ৰান্স ফাৰ্দিনান্দক পত্নীৰ সৈতে গুলিয়াই হত্যা কৰে। এই হত্যাকাণ্ডৰ পিছতেই প্ৰথম বিশ্ব যুদ্ধৰ সূত্ৰপাত হয়।

১৬) প্ৰশ্ন : পৰমাণুৰ গঠন (Structure of Atom) তত্ত্বৰ আৱিষ্কাৰ কোনে কেতিয়া কৰে?

উত্তৰ : আৰ্নেষ্ট ৰাদাৰফোৰ্ড, হাঞ্চ গাইগাৰ আৰু আৰ্নেষ্ট মাৰচ্‌ডেনে ইং ১৯১১ চনত।

১৭) প্ৰশ্ন : চিনেমাৰ সৰ্বশ্ৰেষ্ঠ পুৰষ্কাৰ ‘অস্কাৰ বঁটা’ কেতিয়া প্ৰৱৰ্তন কৰা হয়?

উত্তৰ : ইং  ১৯৭২ চনত।

১৮) প্ৰশ্ন : সৰ্ব প্ৰথম অস্কাৰ বঁটা লাভ কৰা চিনেমা খনৰ নাম কি?

উত্তৰ : উইংচ।

১৯) প্ৰশ্ন : কোনটো ঘটনাৰ পৰা দ্বিতীয় বিশ্বযুদ্ধৰ সূচনা হোৱা বুলি কোৱা হয়?

উত্তৰ : জাৰ্মানীয়ে পোলেণ্ডৰ ওপৰত আক্ৰমণ কৰাৰ পৰাই।

২০) প্ৰশ্ন : বিশ্বৰ নবীনতম দেশৰ নাম কি?

উত্তৰ : দক্ষিণ সুদান। ৯ জুলাই ২০১১, সৰকাৰী ভাষা – ইংৰাজী। ৰাজধানী – যুবা।

২১) প্ৰশ্ন : সৰ্ব প্ৰথমে ভাৰতত ডাক টিকটৰ প্ৰচলন কেতিয়া আৰু ক’ত হয়?

উত্তৰ : ইং ১৮৫২ চনত অবিভক্ত ভাৰতৰ সিন্ধু প্ৰদেশত প্ৰচলিত হয়?

২২) প্ৰশ্ন : ভাৰতৰ ৰিজাৰ্ভ বেঙ্ক কেতিয়া প্ৰতিষ্ঠা হৈছিল?

উত্তৰ : ১৯৩৫ চনত।

২৩) প্ৰশ্ন : বৰ্তমান ৰাষ্ট্ৰসংঘৰ মুখ্যসচিবৰ নাম কি?

উত্তৰ : বাব-কি-মুন।

২৪) প্ৰশ্ন : মিছা কথা ধৰা পেলোৱা যন্ত্ৰটোৰ নাম কি?

উত্তৰ : পলিগ্ৰাফ।

২৫) প্ৰশ্ন : বিশ্বৰ সৰ্বাধিক ধনী দেশ কোন খন?

উত্তৰ : চুইজাৰলেণ্ড।

২৬) প্ৰশ্ন : বৰ্তমান পৃথিৱীৰ উচ্চতম অট্টালিকা কোনখন?

উত্তৰ : বুৰ্জ খলিফা (ডুবাই)।

২৭) প্ৰশ্ন : মহাত্মা গান্ধীক জাতিৰ পিতা উপাধি কোনে দিছিল?

উত্তৰ : সুভাষ চন্দ্ৰ বসু।

২৮) প্ৰশ্ন : ভাৰতৰ দ্ৰুততম ৰেলখনৰ নাম কি?

উত্তৰ : জন শতাব্দী এক্সপ্ৰেছ।

২৯) প্ৰশ্ন : কোন ব্যক্তি স্বাধীনতাৰ বাবে তাৰ নিজৰ সৰ্বস্ব ত্যাগ কৰিছিল?

উত্তৰ : দেশ বন্ধু চিত্তৰঞ্জন দাস।

৩০) প্ৰশ্ন : অন্ধ মানুহৰ লিখা পঢ়াৰ পদ্ধতিটিৰ নাম কি?

উত্তৰ : লুই ব্ৰেইল পদ্ধতি।

৩১) প্ৰশ্ন : বৰ্তমান আন্তৰ্জাতিক অৰ্থ ভাণ্ডাৰৰ মুখ্য সচিবৰ নাম কি?

উত্তৰ : ফৰাচি অৰ্থমন্ত্ৰী ক্ৰিষ্টন লেগাৰ্দে।

৩২) প্ৰশ্ন : লিখি পৰীক্ষা দিয়াৰ নিয়ম কেতিয়া আৰম্ভ হয়?

উত্তৰ : ১৭০২ খ্ৰীষ্টাব্দ। ইংলেণ্ডৰ কেম্ব্ৰিজ ট্ৰিনিটি কলেজত।

৩৩) প্ৰশ্ন : অলিম্পিক পাঁচখন ৰিং চিন থাকে; ইয়াৰ মানে কি?

উত্তৰ : পাঁচ খন মহাদেশৰ প্ৰতীক।

৩৪) প্ৰশ্ন : ভিতামিন আৱিষ্কাৰ কোনে কৰিছিল?

উত্তৰ : ১৯১২ চনত বিজ্ঞানী ফ্ৰাঙ্ক।

৩৫) প্ৰশ্ন : ইংৰাজীত স্কুল কথটো ক’ৰ পৰা আহিছে?

উত্তৰ : গ্ৰীক শব্দৰ পৰা।

৩৬) প্ৰশ্ন : কোন ভাৰতীয় ১৮ টা ভাষাত এম এ পাছ কৰিছিল?

উত্তৰ : হৰিনাথ দে।

৩৭) প্ৰশ্ন : কোনে প্ৰথম জনগণনা আৰম্ভ কৰে?

উত্তৰ : লৰ্ড মেও।

৩৮) প্ৰশ্ন : F-M কথাৰ অৰ্থ কি?

উত্তৰ : FREQUENCY MODULATION ।

৩৯) প্ৰশ্ন : ইণ্টাৰনেট কি?

উত্তৰ : এই বিশ্বৰ লগত যোগাযোগৰ আধুনিকতম মাধ্যম।

৪০) প্ৰশ্ন : বৰ্তমান পৃথিৱীৰ সপ্তাশ্চৰ্য আশ্চৰ্য কি কি?

উত্তৰ : ১) আগ্ৰাৰ তাজমহল

২) চীনৰ প্ৰাচীৰ

৩) মেক্সিকোৰ চিচেল ইট্‌জা

৪) ব্ৰাজিলৰ ষ্টেচু অব দা খাইষ্ট দা ৰিডীমাৰ

৫) পেৰুৰ মাচু পিছু

৬) জৰ্ডানৰ পেট্ৰা

৭) ৰোমৰ কলোছিয়াম।

৪১) প্ৰশ্ন : প্ৰথম অলিম্পিক খেল কেতিয়া আৰম্ভ হয়?

উত্তৰ : ৭৭৬ খৃঃত।

৪২) প্ৰশ্ন : আধুনিক অলিম্পিক খেল কেতিয়া আৰম্ভ হয়?

উত্তৰ : ১৮৯৬ চনত।

৪৩) প্ৰশ্ন : আধুনিক অলিম্পিকৰ গুৰি ধৰোঁতা কোন?

উত্তৰ : বেৰণ পিয়েন দ্য কুঁবাতিন।

৪৪) প্ৰশ্ন : অলিম্পিক খেলত কেতিয়াৰ পৰা স্বৰ্ণ পদক দিবলৈ আৰম্ভ কৰে?

উত্তৰ : ১৯০৮ চনৰ লণ্ডন অলিম্পিকৰ পৰা।

৪৫) প্ৰশ্ন : ভাৰতে কেতিয়া প্ৰথম হকীত স্বৰ্ণ পদক পায়?

উত্তৰ : ১৯২৮ চনত।

৪৬) প্ৰশ্ন : অলিম্পিক শিখা প্ৰথম কেতিয়া আৰম্ভ কৰে?

উত্তৰ : ১৯২৮ চনৰ আমষ্টাৰডাম অলিম্পিকত।

৪৭) প্ৰশ্ন : প্ৰথম শীতকালীন অলিম্পিক ক’ত অনুষ্ঠিত হয়?

উত্তৰ : ফ্ৰান্সত।

৪৮) প্ৰশ্ন : অলিম্পিক খেলৰ প্ৰতীক ৫ টা বৃত্তই কাক প্ৰতিনিধিত্ব কৰে?

উত্তৰ : নীলা বৃত্তই ইউৰোপক, হালধীয়া বৃত্তই এছিয়াই, ক’লা বৃত্তই আফ্ৰিকাক, সেউজীয়া বৃত্তই অষ্ট্ৰেলিয়াক আৰু ৰঙা বৃত্তই আমেৰিকাক প্ৰতিনিধিত্ব কৰে।

৪৯) প্ৰশ্ন : বিহু আৰু সত্ৰীয়া কোন প্ৰদেশৰ নৃত্য?

উত্তৰ : অসম।

৫০) প্ৰশ্ন : বিশ্বত সৰ্বাধিক সোণ ক’ত উৎপাদন হয়?

উত্তৰ : দক্ষিণ আফ্ৰিকাত।

৫১) প্ৰশ্ন : বিশ্বত সৰ্বাধিক ৰুপ ক’ত উৎপাদন হয়?

উত্তৰ : মেক্সিকো।

৫২) প্ৰশ্ন : বিশ্বত সৰ্বাধিক পেট্ৰ’লিয়াম ক’ত উৎপাদন হয়?

উত্তৰ : চৌদি আৰব।

৫৩) প্ৰশ্ন : বিশ্বত সৰ্বাধিক এলুমিনিয়াম ক’ত উৎপাদন হয়?

উত্তৰ : আমেৰিকাত।

৫৪) প্ৰশ্ন : বিশ্বত সৰ্বাধিক তাম ক’ত উৎপাদন হয়?

উত্তৰ : চিলিত।

৫৫) প্ৰশ্ন : বিশ্বত সৰ্বাধিক লো ক’ত উৎপাদন হয়?

উত্তৰ : চীনত।

৫৬) প্ৰশ্ন : বিশ্বত সৰ্বাধিক হীৰা ক’ত উৎপাদন হয়?

উত্তৰ : অষ্ট্ৰেলিয়াত।

৫৭) প্ৰশ্ন : বিশ্বত সৰ্বাধিক দস্তা ক’ত উৎপাদন হয়?

উত্তৰ : চীনত।

৫৮) প্ৰশ্ন : বিশ্বত সৰ্বাধিক গ্ৰাফাইট ক’ত উৎপাদন হয়?

উত্তৰ : চীনত।

৫৯) প্ৰশ্ন : বিশ্বত সৰ্বাধিক টিন ক’ত উৎপাদন হয়?

উত্তৰ : চীনত।

৬০) প্ৰশ্ন : লেনিনৰ প্ৰকৃত নাম কি?

উত্তৰ : ভ্লডিমিৰ ইলিছ উলিয়ানভ্‌।

৬১) প্ৰশ্ন : এছিয়াৰ প্ৰথম তেল শোধনাগাৰটো ক’ত?

উত্তৰ : ডিগবৈত।

৬২) প্ৰশ্ন : লেটিন আমেৰিকাৰ কোন ৰাষ্ট্ৰত প্ৰথমে সমকামী বিবাহ আইনী স্বীকৃতি পায়?

উত্তৰ : আৰ্জণ্টিনা।

৬৩) প্ৰশ্ন : আমেৰিকা (মাৰ্কিন) যুক্তৰাষ্ট্ৰৰ উচ্চ সদনৰ নাম কি?

উত্তৰ : চিনেট।

৬৪) প্ৰশ্ন : বিশ্বৰ প্ৰাচীনতম ৰাজধানী কোনখন?

উত্তৰ : দামাস্কাচ।

৬৫) প্ৰশ্ন : ছলমন ৰুছদিৰ কল্প – বিজ্ঞান বিষয়ৰ গ্ৰন্থ খনৰ নাম কি?

উত্তৰ : দ্য শ্বেম্‌।

৬৬) প্ৰশ্ন : লণ্ডনৰ শিশু সকলৰ চিৰিয়াখানা খন কোন ভাৰতীয় কিশোৰীৰ নামেৰে ৰখা হৈছে?

উত্তৰ : অম্বিকা স্বৰাজ পল।

৬৭) প্ৰশ্ন : ১৮১৪ চনত নেপোলিয়ন বোনাপাৰ্টক কোন দ্বীপলৈ নিৰ্বাচিত কৰা হৈছিল?

উত্তৰ : এলবা।

৬৮) প্ৰশ্ন : আকাশৰ সৰ্বোচ্চ স্থানত থকা মেঘৰ নাম কি?

উত্তৰ : চিৰাছ বা আলোকমেঘ।ব

৬৯) প্ৰশ্ন : কোনে পাৰ্চী ভাষালৈ ৰামায়ণ অনুবাদ কৰিছিল?

উত্তৰ : বদায়ুনি।

৭০) প্ৰশ্ন : পৃথিৱী তথা ভাৰতৰ প্ৰাচীনতম ভঙ্গিল পৰ্বতৰ নাম কি?

উত্তৰ : আৰাবলী পৰ্বত।

৭১) প্ৰশ্ন : কোন বোলছবিৰ অভিনেত্ৰীয়ে প্ৰথম পদ্মশ্ৰী উপাধি পায়?

উত্তৰ : নাৰ্গিছ দত্ত।

৭২) প্ৰশ্ন : কোন বৃটিছ গৱৰ্ণৰ জেনেৰেলে ভাৰতত প্ৰথম ডাক টিকট প্ৰৱৰ্তন কৰে?

উত্তৰ : লাৰ্ড ডেলহাউচি।

৭৩) প্ৰশ্ন : বিশ্ব খাদ্য দিৱস কোন দিনাখন পালন কৰা হয়?

উত্তৰ : ১৬ অক্টোবৰ।

৭৪) প্ৰশ্ন : ভাৰতৰ শেষ বৃটিছ গৱৰ্ণৰ জেনেৰেলে কোন আছিল?

উত্তৰ : লৰ্ড মাউণ্টবেটেন।

৭৫) প্ৰশ্ন : পশুপতি মন্দিৰ কোন ৰাষ্ট্ৰত অৱস্থিত?

উত্তৰ : নেপাল।

৭৬) প্ৰশ্ন : ৰাজেশ খান্নাই মুঠতে কিমানটা ফিল্ম ফেয়াৰ পুৰষ্কাৰ পাইছিল?

উত্তৰ : ৩ টা।

৭৭) প্ৰশ্ন : ফোবৰ্ছ আলোচনীৰ সমীক্ষাত কোন ভাৰতীয় খেলুৱৈ বিশ্বৰ ১০০ জন চহকীৰ ভিতৰত ৩১ তম স্থান পাইছে?

উত্তৰ : ক্ৰিকেটাৰ মহেন্দ্ৰ সিং ধোনী।

৭৮) প্ৰশ্ন : মাৰ্কিন মহিলা মহাকাশচাৰী সুনীতা উইলিয়ামছে কোন মহাকাশ যানত দ্বিতীয়বাৰ মহাকাশত যাত্ৰা কৰে?

উত্তৰ : সয়ুজ T.M.A. 05 ।

৭৯) প্ৰশ্ন : বিশ্ব পৰিৱেশ দিৱদ কোন দিনা পালন কৰা হয়?

উত্তৰ : ৫ জুনত।

৮০) প্ৰশ্ন : পাকিস্তানৰ গুপ্তচৰ সন্থাটোৰ নাম কি?

উত্তৰ : ইণ্টাৰ চাৰ্ভিচেছ ইণ্টেলিজেন্স বা চমুকৈ ISI ।

৮১) প্ৰশ্ন : বিউটিফুল গেম নামে কোন খেলা পৰিচিত?

উত্তৰ : ফুটবল।

৮২) প্ৰশ্ন : বিশ্বৰ কোন দেশত বৃহত্তম ডাক সেৱা ব্যৱস্থা আছে?

উত্তৰ : ভাৰতত।

৮৩) প্ৰশ্ন : TKDL শব্দৰ সম্পূৰ্ণ ৰুপ কি?

উত্তৰ : Traditional Knowledge Digital Library ।

৮৪) প্ৰশ্ন : ২০১১ চনৰ লোকপিয়ল অনুসাৰে ভাৰতৰ মুঠ জনসংখ্যা কিমান?

উত্তৰ : ১২১,০৫,৬৯,৫৭৩ জন।

৮৫) প্ৰশ্ন : ভাৰতৰ কোন ৰাষ্ট্ৰপতিৰ ৰচিত গ্ৰন্থৰ নাম ‘টাৰ্ণি পয়েণ্ট’?

উত্তৰ : এ পি জে আব্দুল কালম।

৮৬) প্ৰশ্ন : চুপাৰষ্টাৰ ৰাজেশ খান্না অভিনীত প্ৰথম কথাছবি কোনখন?

উত্তৰ : আখ্‌ৰি খট।

৮৭) প্ৰশ্ন : প্ৰণৱ মুখাৰ্জি প্ৰথম বাৰ কেতিয়া লোক সভালৈ নিৰ্বাচিত হৈছিল?

উত্তৰ : ২০০৪ চনত।

৮৮) প্ৰশ্ন : কোন ভাৰতীয় বংশোদ্ভৱক মাৰ্কিন ৰাষ্ট্ৰপতি বাৰাক ওবামাই আমেৰিকাৰ ন্যাশনেল কাউন্সিল অন আৰ্টছৰ সদস্য নিৰ্বাচিত কৰিছে?

উত্তৰ : ৰাণী ৰামস্বামী।

৮৯) প্ৰশ্ন : ২০১৪ শীতকালীন অলিম্পিক ক’ত অনুষ্ঠিত হৈছিল?

উত্তৰ : ৰাছিয়াত।

উৎস : কাৰেণ্ট G.K. আৰু অসম কুইজ।

 

অসম কুইজ

 

১) প্ৰশ্ন : অসমৰ প্ৰথম ৰাজ্যপালৰ নাম কি আছিল?

উত্তৰ : ছাৰ চালেহ মহম্মদ আকবৰ হায়দৰী।

২) প্ৰশ্ন : অসমৰ প্ৰথম সাহিত্য সভাৰ সভাপতি কোন আছিল?

উত্তৰ : পদ্মনাথ গোহাঞিবৰুৱা।

৩) প্ৰশ্ন : অসমৰ প্ৰাচীন নাম কি আছিল?

উত্তৰ : প্ৰাগজ্যোতিষপুৰ।

৪) প্ৰশ্ন : অসমৰ প্ৰধান ভাষা কি কি?

উত্তৰ : অসমীয়া, বাংলা, বড়ো, হিন্দী, ইংৰাজী।

৫) প্ৰশ্ন : অসমত তেল শোধনাগাৰ কেইটা আছে?

উত্তৰ : চাৰিটা। যথাক্ৰমে – ডিগবৈ, নুমলীগড়, গুৱাহাটী, বঙাইগাওঁ।

৬) প্ৰশ্ন : অসমৰ প্ৰথম কথাছবিৰ নাম কি?

উত্তৰ : জয়মতী।

৭) প্ৰশ্ন : অসমৰ প্ৰথম ইংৰাজী বাতৰি কাকতৰ নাম কি?

উত্তৰ : টাইমচ্‌ অৱ অসম।

৮) প্ৰশ্ন : সাহিত্য একাডেমিৰ বঁটা পোৱা প্ৰথম অসমীয়া গ্ৰন্থ খনৰ নাম কি?

উত্তৰ : বনফুল।

৯) প্ৰশ্ন : অসমত প্ৰথম চিনেমা ষ্টুডিঅ’ ক’ত আৰু তাৰ নাম কি?

উত্তৰ : গুৱাহাটীৰ কাহিলীপাৰাত, নাম জ্যোতি চিত্ৰবন।

১০) প্ৰশ্ন : অসম বিধান সভাৰ প্ৰথম অধ্যক্ষ কোন আছিল?

উত্তৰ : বসন্ত দাস।

১১) প্ৰশ্ন : অসমত প্ৰথম তৰাগৃহ (প্লেনেটৰিয়াম) ক’ত আছে?

উত্তৰ : গুৱাহাটী হাই ক’ৰ্টৰ ওচৰত।

১২) প্ৰশ্ন : অসমৰ উপন্যাস সম্ৰাট কোন?

উত্তৰ : ৰজনীকান্ত বৰদলৈ।

১৩) প্ৰশ্ন : অসমৰ কলাগুৰু কাক কোৱা হয়?

উত্তৰ : বিষ্ণুপ্ৰসাদ ৰাভা।

১৪) প্ৰশ্ন : অসমৰ বিপ্লৱী কবিজন কোন?

উত্তৰ : প্ৰসন্নলাল চৌধুৰী।

১৫) প্ৰশ্ন : দেশভক্ত কোন আছিল?

উত্তৰ : তৰুণৰাম ফুকন।

১৬) প্ৰশ্ন : অসমৰ গৌৰৱ কোন?

উত্তৰ : হেম বৰুৱা।

১৭) প্ৰশ্ন : অসমৰ অগ্নিকবি কোন?

উত্তৰ : কমলাকান্ত ভট্টাচাৰ্য।

১৮) প্ৰশ্ন : অসম কেশৰী কোন?

উত্তৰ : অম্বিকাগিৰি ৰায়চৌধুৰী।

১৯) প্ৰশ্ন : অসমৰ সংগীত সূৰ্য কোন আছিল?

উত্তৰ : ড° ভূপেন হাজৰিকা।

২০) প্ৰশ্ন : অসমৰ প্ৰাচ্য পণ্ডিত কোন আছিল?

উত্তৰ : কৃষ্ণকান্ত সন্দিকৈ।

২১) প্ৰশ্ন : বৰ্তমান গুৱাহাটীৰ পুৰণি নাম কি আছিল?

উত্তৰ : প্ৰাগজ্যোতিষপুৰ।

২২) প্ৰশ্ন : শ্বাহৰুক খানৰ দিলছে হিন্দী ছবিখন অসমৰ কোনটো ৰেল ষ্টেচনত শ্বুটিং হৈছিল?

উত্তৰ : হাফলং।

২৩) প্ৰশ্ন : অসমীয়া বিহু নৃত্যুক প্ৰথম ৰাজহুৱা মঞ্চত কোনে অৱতীৰ্ণ কৰাইছিল?

উত্তৰ : ৰাধা গোবিন্দ বৰুৱা।

২৪) প্ৰশ্ন : অসমত প্ৰথম কুইজ প্ৰতিযোগিতা ক’ত হৈছিল?

উত্তৰ : গুৱাহাটীৰ কটন কলেজত (১৯৬৫ চনত)।

২৫) প্ৰশ্ন : গুৱাহাটীৰ প্ৰথম চিনেমা হলটোৰ নাম কি?

উত্তৰ : কেলভিন।

২৬) প্ৰশ্ন : প্ৰাপ্তবসস্কৰ বাবে অসমীয়া প্ৰথম চিনেমা খনৰ নাম কি?

উত্তৰ : মৰীচিকা।

২৭) প্ৰশ্ন : অসমৰ প্ৰথম বেৰিষ্টাৰ কোন আছিল?

উত্তৰ : আনন্দৰাম বৰুৱা।

২৮) প্ৰশ্ন : অসমীয়া প্ৰথম ৰাজ্যপাল কোন আছিল?

উত্তৰ : বিষ্ণুৰাম মেধি।

২৯) প্ৰশ্ন : অসমৰ প্ৰথম চলচ্চিত্ৰ পৰিচালক কোন আছিল?

উত্তৰ : জ্যোতিপ্ৰসাদ আগৰৱালা।

৩০) প্ৰশ্ন : অসমৰ প্ৰথম কেন্দ্ৰীয় মন্ত্ৰীসভাৰ সদস্য কোন আছিল?

উত্তৰ : সুৰেন্দ্ৰনাথ বুঢ়াগোহাঞি।

৩১) প্ৰশ্ন : অসমৰ প্ৰথম মহিলা গ্ৰেজুৱেট কোন আছিল?

উত্তৰ : সুধালতা দাস।

৩২) প্ৰশ্ন : অসমৰ পৰা ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন হৈছিল?

উত্তৰ : ফকৰুদ্দিন আলী আহমেদ।

৩৩) প্ৰশ্ন : অসমৰ প্ৰথম মহিলা আই এ এছ কোন?

উত্তৰ : পাৰুল দাস।

৩৪) প্ৰশ্ন : গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য্য কোন আছিল?

উত্তৰ : কৃষ্ণকান্ত সন্দিকৈ।

৩৫) প্ৰশ্ন : অসমৰ সহিত্য সভাৰ প্ৰথম মহিলা সভাপতি কোন আছিল?

উত্তৰ : নলিনীবালা দেৱী।

৩৬) প্ৰশ্ন : অসমৰ কোন জন ব্যক্তিয়ে প্ৰথম লণ্ডন বিশ্ববিদ্যালয়ত ডি লিৰ্ট উপাধি লাভ কৰে?

উত্তৰ : ড° সূৰ্যকুমাৰ ভূঞা।

৩৭) প্ৰশ্ন : অসমত সংস্কৃত মহাবিদ্যালয় ক’ত ক’ত আছে?

উত্তৰ : গুৱাহাটী আৰু নলবাৰী।

৩৮) প্ৰশ্ন : অসমত আৰবি ভাষাৰ মহাবিদ্যালয় ক’ত আছে?

উত্তৰ : ৰঙিয়াত।

৩৯) প্ৰশ্ন : অসমত বিশ্ব স্বাস্থ্যকেন্দ্ৰ ক’ত আছে?

উত্তৰ : চাবুৱাত।

৪০) প্ৰশ্ন : অসমত মানসিক ৰোগৰ চিকিৎসালয় ক’ত আছে?

উত্তৰ : তেজপুৰত।

৪১) প্ৰশ্ন : অসমত সৈনিক স্কুল ক’ত আছে?

উত্তৰ : গোৱালপাৰাত।

৪২) প্ৰশ্ন : অসমত অন্ধৰ বাবে বিদ্যালয় ক’ত ক’ত আছে?

উত্তৰ : গুৱাহাটী, নগাওঁ, ডিব্ৰুগড়।

৪৩) প্ৰশ্ন : অসমত কলা-বোৱাৰ বাবে বিদ্যালয় ক’ত আছে?

উত্তৰ : গুৱাহাটী কাহিলীপাৰাত।

৪৪) প্ৰশ্ন : অসমত ফৰেষ্ট বিদ্যালয় ক’ত আছে?

উত্তৰ : গুৱাহাটী জালুকবাৰীত।

৪৫) প্ৰশ্ন : অসমত প্ৰাকৃতিক গেছ প্ৰকল্প ক’ত আছে?

উত্তৰ : নামৰুপ আৰু বঙাইগাওঁ।

৪৬) প্ৰশ্ন : অসমত ৰাসায়নিক সাৰ কাৰখানা ক’ত আছে?

উত্তৰ : নামৰুপত।

৪৭) প্ৰশ্ন : অসমত চিমেণ্ট কাৰখানা ক’ত আছে?

উত্তৰ : বোকাজানত।

৪৮) প্ৰশ্ন : ২০১১ চনৰ লোক পিয়ল মতে অসমৰ জনসংখ্যা কিমান?

উত্তৰ : ৩,১২,০৫,৫৭৬ জন।

৪৯) প্ৰশ্ন : অসমত কাগজৰ কল ক’ত আছে?

উত্তৰ : জাগীৰোড, পাঁচগ্ৰাম।

৫০) প্ৰশ্ন : অসমত মৰাপাটৰ কল ক’ত আছে?

উত্তৰ : শিলঘাটত।

৫১) প্ৰশ্ন : অসমীয়াত প্ৰথম ৰঙীণ কথাছবি খনৰ নাম কি?

উত্তৰ : ভাইটি।

৫২) প্ৰশ্ন : বিদেশত প্ৰদৰ্শিত প্ৰথম অসমীয়া কথাছবি খনৰ নাম কি?

উত্তৰ : পূবেৰুণ।

৫৩) প্ৰশ্ন : চামেলি মেমচাব কথাছবিৰ ৰাষ্ট্ৰীয় বঁটা কেতিয়া পাইছিল?

উত্তৰ : ১৯৭৫ চনত।

৫৪) প্ৰশ্ন : অসমত প্ৰথম জ্ঞানপীঠ বঁটা বিজয়ী জনৰ নাম কি?

উত্তৰ : ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য।

৫৫) প্ৰশ্ন : অসমৰ কাজিৰঙা নেশ্যনেল উদ্যান কি কাৰণে বিখ্যাত?

উত্তৰ : এশিঙীয়া গঁড়ৰ বাবে।

৫৬) প্ৰশ্ন : অসমীয়া জাতিৰ প্ৰাণ পুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম কেতিয়া হৈছিল?

উত্তৰ : ১৪৪৯ চনত।

৫৭) প্ৰশ্ন : শ্ৰীমন্ত শঙ্কৰদেৱৰ পত্নীৰ নাম কি?

উত্তৰ : সূৰ্যৱতী আৰু কালিন্দী।

৫৮) প্ৰশ্ন : শ্ৰীমন্ত শঙ্কৰদেৱৰ প্ৰধান শিষ্যজন কোন আছিল?

উত্তৰ : শ্ৰীমন্ত মাধৱদেৱ।

৫৯) প্ৰশ্ন : অসমৰ শেষ ৰজা জনৰ নাম কি?

উত্তৰ : চন্দ্ৰকান্ত সিংহ।

৬০) প্ৰশ্ন : আহোমৰ সৰ্বশ্ৰেষ্ঠ ৰজা কোন আছিল?

উত্তৰ : ৰুদ্ৰসিংহ।

৬১) প্ৰশ্ন : শ্ৰীমন্ত শঙ্কৰদেৱৰ শিক্ষাগুৰু জনৰ নাম কি আছিল?

উত্তৰ : মহেন্দ্ৰ কন্দলী।

৬২) প্ৰশ্ন : ভাৰতৰ প্ৰধান বন্দৰসমূহ কি কি?

উত্তৰ : ১) কাণ্ডাল্ল (গুজৰাট)

২) মুম্বাই

৩) মুৰগাঁও

৪) মাঙ্গালোওৰ

৫) কোচিন

৬) টুটিকোৰিণ

৭) চেন্নাই

৮) বিশাখাপ্‌টনম

৯) কলকাতা

১০) নভসেৱা বা জৱাহৰলাল নেহৰু বন্দৰ

উৎস : কাৰেণ্ট G.K. আৰু অসম কুইজ।

3.0
Diganta dutta Jun 18, 2019 08:30 PM

ভাৰতৰ কোনখন ৰাজ্যৰ দুটা ৰাজধানী

জামাল বাদশ্বা Oct 12, 2018 09:28 PM

পঢ়ি ভাল লাগিছে।

চুমন জ্যোতি ডেকা Oct 08, 2018 08:11 AM

পঢ়ি ভাল লাগিল

হেমেন কোছ May 26, 2018 11:46 PM

ভাল লাগিল বহুত

মায়াজুল হুছেইন Apr 26, 2018 11:15 AM

মোক নতুন নতুন প্ৰশ্ন উত্তৰ দিব বুলি আশাবাদী ।

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top