মূল পৃষ্ঠা / শিক্ষা / শিশুসকলৰ ক্ষেত্ৰ / কুইজ মঞ্চ / কেইটামান উল্লেখযোগ্য অনুষ্ঠান
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কেইটামান উল্লেখযোগ্য অনুষ্ঠান

কেইটামান উল্লেখযোগ্য অনুষ্ঠান

সাহিত্য অকাডেমী

ভাৰতীয় সাহিত্যৰ উৎকৰ্ষ সাধন তথা বিভিন্ন ভাৰতীয় ভাষা-সাহিত্যৰ মাজত সমন্বয় সাধন আৰু ইয়াৰ যোগেদি দেশৰ সাংস্কৃতিক ঐক্য শক্তিশালী কৰাৰ উদ্দেশ্যেৰে ১৯৫৪ চনৰ ১২ মাৰ্চত ভাৰত চৰকাৰে সাহিত্য অকাডেমী প্ৰতিষ্ঠা কৰে। অকাডেমীৰ ইয়াৰ বিভিন্ন আঁচনি সমূহৰ ৰুপায়ণৰ বাবে ২২ টঅ ভাষাক স্বীকৃতি দিছে। সেই কেইটা হ’ল : অসমীয়া, বাংলা, গুজৰাটী, হিন্দী, কানাড়া, কাশ্মিৰী, কোংকনি, মালায়ালম, মাৰাঠী, নেপালী, উৰিয়া, পঞ্জাবী, সংস্কৃত, সিন্ধ্ৰি, তামিল, তেলেগু, উৰ্দু, মণিপুৰী, ইংৰাজী, ডোগ্‌ৰি, মৈথিলী আৰু ৰাজস্থানী।

অকাডেমীৰ প্ৰধান কাম-কাজ সমূহ হ’ল : ভাৰতৰ বিভিন্ন প্ৰান্তীয় ভাষাৰ লেখ সকলৰ উল্লেখযোগ্য সাহিত্য-কৰ্মসমূহ অনুবাদৰ যোগেদি জনপ্ৰিয় কৰি তোলা, বিশেষ সাহিত্য মূল্য থকা গ্ৰন্থক পুৰস্কৃত কৰা, উৎকৃষ্ট অনুবাদৰ বাবে পুৰস্কাৰ প্ৰদান, সাহিত্যৰ গতি-প্ৰকৃতিৰ মূল্যায়ন কৰা তথা ইয়াৰ জাৰ্ণেলৰ যোগেদি ভাৰতীয় ভাষা সমূহৰ বিভিন্ন সাহিত্য সম্পৰ্কীয় পৰীষা-নিৰীক্ষাৰ বাবে উৎসাহ জনোৱা, বিভিন্ন কৰ্মশালাৰ যোগেদি নতুন প্ৰজন্মৰ লেখক-লেখিকাক অনুপ্ৰাণিত কৰা আদি।

ললিত কলা একাডেমী

ভাৰতৰ ভিতৰত তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো ভাৰতীয় কলাৰ পৃষ্ঠপোষকতা আৰু সংবৰ্ধনৰ বাবে ভাৰত চৰকাৰে নতুন দিল্লীত ললিত কলা একাডেমী (National Academy ofFine Arts) নামেৰে এই অনুষ্ঠান প্ৰতিষ্ঠা কৰিছে। একাডেমীৰ কাম-কাজ সমূহ বিকেন্দ্ৰী কৰণৰ বাবে একাডেমীয়ে ৰাষ্ট্ৰীয় ললিত কলা কেন্দ্ৰ নামেৰে লক্ষ্ণৌ, কলকাতা, চেন্নাই আৰু ভূবনেশ্বৰত চাৰিটা আঞ্চলিক কেন্দ্ৰ গঠন কৰিছে।

আৰম্ভণিৰে পৰা একাডেমীয়ে সমসাময়িক ভাৰতীয় কলাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰদৰ্শনীৰ আয়োজন কৰি অহাৰ লগতে প্ৰতি বছৰে ভাৰতৰ কেইজনমান প্ৰথিতযশা শিল্পীৰ তিনি/চাৰিখন বিশেষ প্ৰদএশনীৰো আয়োজন কৰে। ভাৰতৰ বিভিন্ন প্ৰান্তৰ শিল্পীয়ে তেওঁলোকৰ কলা-কৰ্মৰ প্ৰদৰ্শনৰ সুবিধা পাবৰ বাবে একাডেমীয়ে ‘ৰাষ্ট্ৰীয় কলা মেলা’ৰো আয়োজন কৰি আহিছে। সেইদৰে ভাৰত চৰকাৰৰ সাংস্কৃতিক বিনিময় কাৰ্যসূচীৰ অধীনত একাডেমীয়ে ভাৰতীয় কলাৰ বিদেশত প্ৰদৰ্শন আৰু বিদেশী শিল্প কৰ্মৰ ভাৰতত প্ৰদৰ্শনৰো ব্যৱস্থা কৰি আহিছে।

সংগীত নাটক একাডেমী

ভাৰতীয় সংগীত, নৃত্য, নাটকৰ উৎকৰ্ষ সাধনৰ উদ্দেশ্যে ১৯৫৩ চনত কেন্দ্ৰীয় চৰকাৰৰ মানৱ সম্পদ বিকাশ মন্ত্ৰণালয়ৰ দ্বাৰা সংগীত নাটক একাডেমী গঠন কৰা হয়। ইয়াৰ প্ৰধান উদ্দেশ্য হ’ল : বিভিন্ন উপায়ৰ দ্বাৰা আৰু সকলো প্ৰকাৰে অৰ্থিক সাহায্য দান কৰি প্ৰত্যেক ৰাজ্যতে সংগীত, নৃত্য আৰু নাট্যাভিনয়ৰ বিকাশ সাধন আৰু উন্নতিৰ চেষ্টা কৰা আৰু সাধাৰণ মানুহক সংগীত, নৃত্য আৰু নাট্যাভিনয়ৰ প্ৰতি আকৰ্ষিত কৰা। এই উদ্দেশ্যে একাডেমীয়ে বিভিন্ন সন্মিলন, উৎসৱ-অনুষ্ঠানৰ আয়োজন কৰে। তদুপৰি সংগীত, নাটক, নৃত্যৰ শ্ৰেষ্ঠ শিল্পী গৰাকীক পুৰস্কাৰ প্ৰদানৰ ব্যৱস্থাও কৰিছে। ইয়াৰ উপৰি বিশিষ্ট নাটক প্ৰযোজক, প্ৰশিক্ষক, ছাত্ৰ-ছাত্ৰীক বিত্তীয় সাহায্যও প্ৰদান কৰে।

একাডেমীৰ দুটা আঞ্চলিক কেন্দ্ৰ আছে। বিভিন্ন ভাৰতীয় নৃত্যৰ শিক্ষা দিবৰ বাবে দিল্লীত এটা ‘কথক কেন্দ্ৰ’ আৰু ইম্ফলত ‘জৱাহৰলাল নেহৰু নৃত্য অকাডেমী’ প্ৰতিষ্ঠা কৰা হৈছে। একেদৰে ১৯৯৩ চনত একীডেমীয়ে ‘ৰবীন্দ্ৰ ৰংগশালা’ নামৰ এটি কেন্দ্ৰ প্ৰতিষ্ঠা কৰিছে। ইয়াৰ উপৰি নাটক প্ৰযোজক, প্ৰশিক্ষক, ছাত্ৰ-ছাত্ৰীক বিত্তীয় সাহায্যও প্ৰদান কৰে।

একাডেমীৰ দুটা আঞ্চলিক কেন্দ্ৰ আছে। বিভিন্ন ভাৰতীয় নৃত্যৰ শিক্ষা দিবৰ বাবে দিল্লীত এটা ‘কথক কেন্দ্ৰ’ আৰু ইম্ফলত ‘জৱাহৰলাল নেহৰু নৃত্য কলা অকাডেমী’ প্ৰতিষ্ঠা কৰা হৈছে। একেদৰে ১৯৯৩ চনত একাডেমীয়ে ‘ৰবীন্দ্ৰ ৰংগশালা’ নামৰ এটি কেন্দ্ৰ প্ৰতিষ্ঠা কৰিছে। ইয়াৰ জৰিয়তে বিভিন্ন ভাৰতীয় ভাষা আৰু ইংৰাজীত নৃত্য, সংগীত আৰু নাটকৰ বিষয়ে লিখা কিতাপ প্ৰকাশৰ ব্যৱস্থা কৰিছে।

এছিয়াটিক চ’চাইটি

উইলিয়াম জ’নচ নামৰ ইংৰাজে ১৭৮৪ চনত ‘এছিয়াটিক ছ’চাইটি’ৰ প্ৰতিষ্ঠা কৰে। এই ছ’চাইটিৰ প্ৰধান উদ্দেশ্য হ’ল এছিয়াৰ কলা, সাহিত্য, বিজ্ঞান, বুৰঞ্জীৰ বৈজ্ঞানিক অধ্যয়ন আৰু উত!কৰ্ষ সাধন। ভাৰতত গঢ়ি উঠা প্ৰতিটো কলা-সাহিত্য বা বিজ্ঞান বিষয়ক অনুষ্ঠানক প্ৰত্যক্ষ বা পৰোক্ষ ভাৱে এই ছ’চাইটিয়ে প্ৰভাৱ বিস্তাৰ কৰিছে। ভাৰত চৰকাৰে ১৯৮৪ চনত এই ছ’চাইটিক ‘জাতীয় গুৰুত্ব থকা সংগঠন’ হিচাপে অভিহিত কৰে।

ছ’চাইটিয়ে খ্ৰীষ্টপূৰ্ব তিনি শতিকাৰ অশোকৰ যুগৰ শিলালিপিৰে পৰা আৰম্ভ কৰি বহুতো আপুৰুগীয়া ঐতিহাসিক সমল সংৰক্ষিত কৰিছে আৰু চোৱা-চিতা কৰিছে। শেহতীয়া ছ’চাটিয়ে পৃথিৱীৰ বিভিন্ন দেশৰ লগত আন্তঃসাংস্কৃতিক সমন্বয় মূলক কাম-কাজত নিজকে নিয়োজিত কৰিছে।

নেচনেল বুক ট্ৰাষ্ট

নেচনেল বুক ট্ৰাষ্ট (National Book Trust), সংক্ষেপে এন বি টি (NBT) এটি স্বনিয়ন্ত্ৰিত প্ৰতিষ্ঠান। ইয়াক ১৯৫৭ চনত প্ৰতিষ্ঠা কৰা হয়। এন টিক প্ৰতিষ্ঠা কৰাৰ মূল উদ্দেশ্য হ’ল:

(১) কিতাপ প্ৰকাশ,

(২) কিতাপ পঢ়িবলৈ জনসাধাৰণক উৎসাহিত কৰা,

(৩) বিদেশত ভাৰতীয় পুথিৰ প্ৰসাৰ আৰু প্ৰচাৰ,

(৪) পুথি প্ৰকাশক আৰু লেখ-লেখিকালৈ সাহায্য আগবঢ়োৱা আৰু

(৫) শিশু সাহিত্যৰ উৎকৰ্ষ আৰু উন্নয়নৰ বাবে কাম কৰা।

বিশ্ববিদ্যালয় অনুদান আয়োগ (ইউনিভাৰছিটি গ্ৰাণ্ট কমিছন)

ভাৰতৰ বিশ্ববিদ্যালয় সমূহৰ শিক্ষাৰ মান নিৰ্ণয়ৰ উদ্দেশ্যে ইউনিভাৰছিটি গ্ৰাণ্ট কমিছন (University Grant Commission) চমুকৈ ইউ জি চি (UGC) প্ৰতিষ্ঠা কৰা হৈছে। ইউ জি চিক প্ৰতিষ্ঠা কৰা হয় ১৯৫৬ চনত। ইউ জি চিয়ে বিশ্ববিদ্যালয় সমূহৰ শিক্ষা, পৰীক্ষা আৰু গৱেষণাৰ মান নিৰ্ণয় কৰি দিএ। তদুপৰি বিভিন্ন বিশ্ববিদ্যালয়লৈ বিত্তীয় সাহায্য আৰু আন আন সুবিধা আগবঢ়োৱাৰ লগতে বিভিন্ন বিশ্ববিদ্যালয়লৈ শিক্ষাৰ মান উন্নতকৰণ তথা অন্যান্য দিশত পৰামৰ্শ আগবঢ়ায়।

সংবাদপত্ৰ

ভাৰতত সংবাদ পত্ৰৰ শুভ সূচনা হয় ১৭৮০ চনৰ ২৯ জানুৱাৰীত। ভাৰতৰ প্ৰথম সন্বগবাদ পত্ৰ খনৰ নাম আছিল ‘বেংগল গেজেট’ (Bengal Gazette) বা ‘কেকলেটা জেনেৰেল এডভাৰটাইজাৰ’  (Calcutta General Advertiser)। ইংৰাজী ভাষাৰ এই সাদিনীয়া সংবাদ পত্ৰ খনৰ সম্পাদক তথা প্ৰতিষ্ঠাপক আছিল জেমছ আগষ্টাছ হিকি নামৰ এজন ইংৰাজ। কাকত খন সেয়ে ‘হিকি’জ গেজেট’ (Hicky’s Gazette) নামেৰেও জনাজাত আছিল।

ভাৰতীয় ভাষাৰ প্ৰথম সংবাদ পত্ৰ খনৰ নাম আছিল ‘দিক সৰ্শন’। বাংলা ভাষাৰ এইখন কাকত ১৮১৮ চনত কলকাতাৰ পৰা প্ৰকাশ হৈছিল। ভাৰতত বৰ্তমান প্ৰকাশ হৈছিল। ভাৰতত বৰ্তমান প্ৰকাশ হৈ থকা আটাইতকৈ পুৰণি সংবাদ পত্ৰ খন হ’ল গুজৰাটী ভাষাৰ দৈনিক সংবাদ পত্ৰ ‘বোম্বাই সমাচাৰ’ (প্ৰচালন সংখ্যা ১,১৫,২৩৬)। এই খন কাকত ১৮২২ চনত প্ৰথম প্ৰকাশ হৈছিল।

২০১১ চনৰ পৰিসংখ্যা অনুসৰি ভাৰতৰ সংবাদ পত্ৰ / আলোচনীৰ মুঠ প্ৰচালন সংখ্যা ১১,৮২,৫৭,৫৯৭।

২০০৬ চনৰ পৰিসংখ্যা অনুসৰি ভাৰতত সৰ্বমুঠ ৬২,৫৫০ খন বিভিন্ন ভাষাৰ সংবাদ পত্ৰ প্ৰচলিত।

ভাৰতৰ ১০ খন সৰ্বাধিক প্ৰচলিত দৈনিক সংবাদপত্ৰ

সংবাদপত্ৰৰ নাম

ভাষা

প্ৰচালন সংখ্যা

দৈনিক জাগৰণ

হিন্দী

২০,৬৮,১৭২

দি টাইমছ অব্‌ ইণ্ডিয়া

ইংৰাজী

১৮,০৯,৫৮০

মালায়ালা মনোৰমা

মালায়ালম

১৫,৮৯,৮২৩

দি হিন্দু

ইংৰাজী

১৩,৩০,৫১৮

হিন্দুস্তান

হিন্দী

১২,৯৬,৮৯৪

অমৰ উজালা

হিন্দী

১২,৯৬,৭১৯

আনন্দ বাজাৰ পত্ৰিকা

বাংলা

১২,৫৫,২০৬

লোকমত

মাৰাঠী

১২,৩৫,৫৭৪

হিন্দুস্তান টাইমছ

ইংৰাজী

১১,৮৮,৭৮৬

এনাডু

তেলুগু

১১,৭৬,০২৬

উৎস: অডিট বুৰ’ অব্‌ চাৰ্কুলেচন/জুলাই-ডিচেম্বৰ, ২০০৭

কেইটামান উল্লেখযোগ্য দিৱস

১ জানুৱাৰী

জনতাৰ দিন

নৱবৰ্ষৰ প্ৰথম দিন

৯ জানুৱাৰী

প্ৰবাসী ভাৰতীয় দিৱস

১০ জানুৱাৰী

বিশ্ব হাস্য দিৱস

১২ জানুৱাৰী

বিবেকানন্দ জয়ন্তী

ৰাষ্ট্ৰীয় যুৱ দিৱস

১৪ জানুৱাৰী

প্ৰেমৰ দিৱস

১৫ জানুৱাৰী

সেনা দিৱস

১৭ জানুৱাৰী

শিল্পী দিৱস

২১ জানুৱাৰী

মেঘালয়

মণিপুৰ

ত্ৰিপুৰা দিৱস

২৩ জানুৱাৰী

নেতাজী দিৱস

২৫ জানুৱাৰী

ৰাষ্ট্ৰীয় পৰ্যটন দিৱস

হিমাচল প্ৰদেশ দিৱস

২৬ জানুৱাৰী

আন্তৰ্জাতিক সীমাশুক্ল দিৱস

ভাৰতৰ গণতন্ত্ৰ দিৱস

৩০ জানুৱাৰী

শ্বহীদ দিৱস

কুষ্ঠ নিবাৰণ দিৱস

সৰ্বোদয় দিৱস

২ ফেব্ৰুৱাৰী

বিশ্ব জলাশয় দিৱস

৮ ফেব্ৰুৱাৰী

বিদাৰ্থী দিৱস

১৪ ফেব্ৰুৱাৰী

ভেলেণ্টাইন ডে’

২০ ফেব্ৰুৱাৰী

অৰুণাচল আৰু মিজোৰাম দিৱস

২২ ফেব্ৰুৱাৰী

চিন্তন দিৱস

২৪ ফেব্ৰুৱাৰী

কেন্দ্ৰীয় আবকাৰী দিৱস

২৮ ফেব্ৰুৱাৰী

ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস

২৯ ফেব্ৰুৱাৰী

অধিবৰ্ষ বা লীপ ইয়েৰৰ বাবে বৰ্ধিত দিন।

৪ মাৰ্চ

ৰাষ্ট্ৰীয় নিৰাপত্ত দিৱস

৮ মাৰ্চ

আন্তৰ্জাতিক নাৰী দিৱস

১৫ মাৰ্চ

বিশ্ব প্ৰতিবন্ধী দিৱস

বিশ্ব গ্ৰাহক দিৱস

বিশ্ব গ্ৰাহক অধিকাৰ দিৱস

২১ মাৰ্চ

বিশ্ব বন দিৱস

দিন-ৰাতি সমান দিন

বিশ্ব বৰ্ণবৈষম্য নিবাৰণী দিৱস

২২ মাৰ্চ

বিশ্ব জল দিৱস

২৩ মাৰ্চ

বিশ্ব বতৰ বিজ্ঞান দিৱস

২৪ মাৰ্চ

বিশ্ব যক্ষ্মা দিৱস

২৭ মাৰ্চবিশ্ব

বিশ্ব থিয়েটাৰ দিৱস

১ এপ্ৰিল

উৰিষ্যা দিৱস

এপ্ৰিল ফুল ডে’

৪ এপ্ৰিল

আন্তৰ্জাতিক খনি সজাগতা দিৱস

৫ এপ্ৰিল

ৰাষ্ট্ৰীয় সামুদ্ৰিক দিৱস

সমতা দিৱস

৭ এপ্ৰিল

আলফাৰ প্ৰতিষ্ঠা দিৱস

বিশ্ব স্বাস্থ্য দিৱস

১৩ এপ্ৰিল

জালিৱানাৱালাবাগ দিৱস

১৪ এপ্ৰিল

অগ্নিসেৱা দিৱস

আম্বেদকাৰ জয়ন্তী

১৫ এপ্ৰিল

আন্তৰ্জাতিক গ্ৰন্থাগাৰিক দিৱস

হিমাচল দিৱস

১৭ এপ্ৰিল

বিশ্ব হোমাফিলিয়া দিৱস

১৮ এপ্ৰিল

বিশ্ব ঐতিহ্য দিৱস (World Heritage Day)

২২ এপ্ৰিল

ধৰিত্ৰী দিৱস

২৩ এপ্ৰিল

বিশ্ব গ্ৰন্থ আৰু গ্ৰন্থস্বত্ব দিৱস

২৪ এপ্ৰিল

মানৱ একতা দিৱস

২৬ এপ্ৰিল

আন্তৰ্জাতিক মেধা সম্পদ দিৱস

২৯ এপ্ৰিল

আন্তৰ্জাতিক নৃত্য দিৱস

১ মে’

মে’ দিৱস

আন্তৰ্জাতিক শ্ৰমিক দিৱস

৩ মে’

সংবাদ পত্ৰৰ স্বাধীনতা দিৱস

বিশ্ব এজমা দিৱস

৮ মে’

ৰেডক্ৰছ দিৱস

৯ মে’

বিশ্ব থেলাছমিয়া দিৱস

১১ মে’

ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস

১২ মে’

বিশ্ব নাৰ্ছ দিৱস

১৩ মে’

ৰাষ্ট্ৰীয় সংহতি দিৱস

১৫ মে’

আন্তৰ্জাতিক পৰিয়াল দিৱস

১৭ মে’

আন্তৰ্জাতিক সমাজ দিৱস

বিশ্ব দূৰ সংযোগ দিৱস

২৯ মে’

ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষীবাহিনীৰ আন্তৰ্জাতিক দিৱস

৩১ মে’

বিশ্ব ধূমপান বিৰোধী দিৱস

৪ জুন

আন্তৰ্জাতিক শিশু নিৰ্যাতন বিৰোধী দিৱস

৫ জুন

বিশ্ব পৰিৱেশ দিৱস

১২ জুন

বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱস

১৪ জুন

বিশ্ব ৰক্তদাতা দিৱস

১৮ জুন

বিশ্ব বনভোজ দিৱস

২০ জুন

বিশ্ব শৰণাৰ্থী দিৱস

ৰাভা দিৱস

২১ জুন

বিশ্ব সংগীত দিৱস

বছৰৰ আটাইতকৈ দীঘল দিন

২৬ জুন

বিশ্ব ড্ৰাগ্‌ছ বিৰোধী দিৱস

১ জুলাই

চিকিৎসক দিৱস

৭ জুলাই

আন্তৰ্জাতিক সমবায় দিৱস

১১ জুলাই

বিশ্ব জনসংখ্যা দিৱস

৬ আগষ্ট

বিশ্ব জ্যেষ্ঠ নাগৰিক দিৱস

হিৰোছিমা দিৱস

৯ আগষ্ট

নাগাচাকি দিৱস

ভাৰত ত্যাগ আন্দোলন

১২ আগষ্ট

আন্তৰ্জাতিক যুৱ দিৱস

১৫ আগষ্ট

ভাৰতৰ স্বাধীনতা দিৱস

২০ আগষ্ট

সম্ভাৱনা দিৱস

২৩ আগষ্ট

ক্ৰীতদাস ব্যৱসায়ৰ বিলোপ সাধানৰ আন্তৰ্জাতিক দিৱস

২৯ আগষ্ট

ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস

২ ছেপ্টেম্বৰ

নাৰিকল দিৱস

৫ ছেপ্টেম্বৰ

শিক্ষক দিৱস

৮ ছেপ্টেম্বৰ

আন্তৰ্জাতিক সাক্ষৰতা দিৱস

১৪ ছেপ্টেম্বৰ

হিন্দী দিৱস

১৫ ছেপ্টেম্বৰ

অভিযন্তা দিৱস

সঞ্চয়িকা দিৱস

১৬ ছেপ্টেম্বৰ

অ’জন স্তৰ সংৰক্ষণ দিৱস

২১ ছেপ্টেম্বৰ

এলজাইমাৰছ দিৱস

ৰাষ্ট্ৰসংঘৰ শান্তি আৰু অহিংসা দিৱস

২৩ ছেপ্টেম্বৰ

বছৰৰ দিন-ৰাতি সমান দিন

২৬ ছেপ্টেম্বৰ

বিশ্ব বধিৰ দিৱস

২৭ ছেপ্টেম্বৰ

বিশ্ব পৰ্যটন দিৱস

১ অক্টোবৰ

বিশ্ব বৃদ্ধ দিৱস

২ অক্টোবৰ

গান্ধী জয়ন্তী

বিশ্ব অহিংসা দিৱস

৩ অক্টোবৰ

বিশ্ব আবাস দিৱস

৪ অক্টোবৰ

বিশ্ব পশুকল্যাণ দিৱস

৮ অক্টোবৰ

ভাৰতীয় বায়ুসেনা দিৱস

৯ অক্টোবৰ

বিশ্ব ডাকঘৰ দিৱস

১০ অক্টোবৰ

ৰাষ্ট্ৰীয় ডাক দিৱস

১৩ অক্টোবৰ

ৰাষ্ট্ৰসংঘৰ আন্তৰ্জাতিক প্ৰাকৃতিক বিপৰ্যয় হ্ৰাসকৰণ দিৱস

১৪ অক্টোবৰ

বিশ্ব মান (Standard) দিৱস।

১৫ অক্টোবৰ

বিশ্ব শুভ্ৰদণ্ড (অন্ধলোকে যাতায়তৰ বাবে ব্যৱহাৰ কৰা লাখুটি) দিৱস

১৬ অক্টোবৰ

বিশ্ব খাদ্য দিৱস

১৭ অক্টোবৰ

অসম ক্ৰীড়া দিৱস

২০ অক্টোবৰ

ৰাষ্ট্ৰীয় একতা দিৱস

২৪ অক্টোবৰ

ৰাষ্ট্ৰসংঘৰ প্ৰতিষ্ঠা দিৱস

২৫ অক্টোবৰ

বিশ্ব শান্তি দিৱস

৩০ অক্টোবৰ

বিশ্ব মিতব্যয়িতা দিৱস

৩১ অক্টোবৰ

ৰাষ্ট্ৰীয় সংহতি দিৱস

৯ নৱেম্বৰ

আইন সেৱা দিৱস

১০ নৱেম্বৰ

বিশ্ব বিজ্ঞান দিৱস

১৪ নৱেম্বৰ

শিশু দিৱস

বহুমূত্ৰ দিৱস

১৬ নৱেম্বৰ

আন্তৰ্জাতিক সহিষ্ণুতা দিৱস

বড়ো সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস

১৭ নৱেম্বৰ

ৰাষ্ট্ৰীয় মৃগীৰোগী দিৱস

১৮ নৱেম্বৰ

বাট-পথত ক্ষতিগ্ৰস্ত হোৱা সকলৰ বিশ্ব স্মৰণ দিৱস

১৯ নৱেম্বৰ

কৌমি একতা দিৱস

নাগৰিক দিৱস

সংহতি দিৱস

২০ নৱেম্বৰ

বিশ্ব শিশু অধিকাৰ দিৱস

সংখ্যালঘু কল্যাণ দিৱস

২১ নৱেম্বৰ

বিশ্ব টেলিভিছন দিৱস

২৫ নৱেম্বৰ

আন্তৰ্জাতিক নাৰী নিৰ্যাতন বিৰোধী দিৱস

২৬ নৱেম্বৰ

আইন দিৱস

১ ডিচেম্বৰ

বিশ্ব ইএডছ্‌ দিৱস

২ ডিচেম্বৰ

কম্পিউটাৰ সাক্ষৰতা দিৱস

প্ৰদূষণ বিৰোধী দিৱস

সীমান্ত নিৰাপত্তা বাহিনী দিৱস

৩ ডিচেম্বৰ

বিশ্ব প্ৰতিঅবন্ধী দিৱস

৪ ডিচেম্বৰ

নৌ সেনা দিৱস

৫ ডিচেম্বৰ

আন্তৰ্জাতিক স্বেচ্ছাসেৱী দিৱস

৭ ডিচেম্বৰ

আন্তৰ্জাতিক অসামৰিক বিমান পৰিবহন দিৱস

শস্য দিৱস

সেনাবাহিনীৰ পতাকা দিৱস

৯ ডিচেম্বৰ

আন্তৰ্জাতিক দুৰ্নীতি নিবাৰণ দিৱস

১০ ডিচেম্বৰ

মানৱ অধিকাৰ দিৱস

শক্তি সংৰক্ষণ দিৱস

শ্বহীদ দিৱস (অসমত পালন কৰা হয়)

১১ ডিচেম্বৰ

আন্তৰ্জাতিক গিৰি দিৱস

১৪ ডিচেম্বৰ

পতাকা দিৱস

শক্তি সংৰক্ষণ দিৱস

১৮ ডিচেম্বৰ

আন্তৰ্জাতিক প্ৰব্ৰজনকাৰী দিৱস

২২ ডিচেম্বৰ

বছৰটোৰ আটাইতকৈ চুটি দিন

২৩ ডিচেম্বৰ

কৃষক দিৱস

২৬ ডিচেম্বৰ

অসম সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস

 

অন্যান্য দিৱস

আন্তৰ্জাতিক বন্ধুত্ব দিৱস: আগষ্টৰ প্ৰথম দেওবাৰ।

কমন্বেলথ দিৱস: মাৰ্চৰ দ্বিতীয় সোমবাৰ।

মাতৃ দিৱস: মে’ৰ দ্বিতীয় দেওবাৰ

পিতৃ দিৱস: জুনৰ তৃতীয় দেওবাৰ

মহাকাশ অভিযান ভাৰত

১৯৬২ চনত ‘মহাকাশ গৱেষণাৰ বাবে ৰাষ্ট্ৰীয় সমিতি’ গঠনেৰে ভাৰতত মহাকাশ গৱেষণাৰ কাৰ্যসূচীৰ শিভ সূচনা কৰা হয়। ইয়াৰ পাছত ১৯৬৯ চনত ১৯৭২ চনত ক্ৰমে ভাৰতীয় মহাকাশ গৱেষণা সন্থা (Indian Space Research Organisation, সংক্ষেপে ISRO) আৰু মহাকাশ আয়োগ আৰু মহাকাশ বিভাগ গঠন কৰা হয়।

ইছৰ’ (ISRO)-য়েই ভাৰতৰ মহাকাশ গৱেষণাৰ বাবে যাৱতীয় কাৰ্যসূচীৰ পৰিকল্পনা আৰু ৰুপায়ণ কৰে। ইয়াৰ মুখ্য কাৰ্যালয় বংগালোৰত অৱস্থিত। ইছৰ’ অন্তৰ্গত আন প্ৰধান কেন্দবোৰ হ’ল:

বিক্ৰম ছাৰাভাই মহাকাশ কেদ্ৰ, তিৰুৱান্তপুৰম ; ইছৰ’ উপগ্ৰহ কেন্দ্ৰ, বাংগালোৰ ; শ্ৰীহৰিকোটা ট্ৰেকিং ষ্টেচন, অন্ধ্ৰ প্ৰদেশ আদি। ইয়াৰ উপৰি আহমেদাবাদ, বাংগালোৰ আদিত ইছৰ’ৰ একাধিক কেন্দ্ৰ আছে।

১৯৬৩ চনৰ ২১ নৱেম্বৰত ভাৰতে কেৰালাৰ ত্ৰিবান্দ্ৰমৰ ওচৰত থকা থুম্বা বিষুৱীয় ৰকেট উৎক্ষেপণ কেন্দ্ৰৰ পৰা ৰাষ্ট্ৰ সংঘৰ উদ্যোগত বতৰ অধ্যয়ণৰ বাবে এটা ছাউণ্ডিং ৰকেট উৎক্ষেপণ কৰে। ভাৰতৰ আধুনিক মহাকাশ অভিযানৰ এয়াই আছিল প্ৰথম কাৰ্যসূচী। ইয়াৰ পাছত দেশৰ আৰ্থ-সামাজিক উন্নতি কল্পে মহাকাশ বিজ্ঞান আৰু ইয়াৰ কাৰিকৰী তথা প্ৰযুক্তি বিদ্যাৰ প্ৰসাৰৰ বাবে ১৯৭২ চনত ভাৰতত মহাকাশ আয়োগ গঠন কৰা হয়।

ভাৰতৰ মহাকাশ অভিযান কৰ্মসূচীৰ কেইটামান উল্লেখনীয় পদক্ষেপ

১৯৬৩, ২১ নৱেম্বৰ

থুম্বা বিষুৱীয় ৰকেট উৎক্ষেপণ কেন্দ্ৰৰ পৰা প্ৰথম ৰকেট উৎক্ষেপিত।

১৯৬৫

থুম্বাত মহাকাশ বিজ্ঞানীৰ কাৰিকৰী কেন্দ্ৰ স্থাপন।

১৯৬৭

আহমেদাবাদত ছেটেলাইট টেলি-কমিউনিকেচন আৰ্থ ষ্টেচন স্থাপিত।

১৯৬৭, ৪ ডিচেম্বৰ

ভাৰতত নিৰ্মিত প্ৰথম শব্দযুক্ত ৰকেট ৰোহিনী (ROHINI RH-75)-ৰ উৎক্ষেপণ। থুম্বাৰ পৰা উৎক্ষেপিত এই ৰকেটটোৰ ব্যাস আছিল ৭৫ মিলিমিটাৰ।

১৯৬৮, ২ ফেব্ৰুৱাৰী

থুম্বা বিষুৱীয় ৰকেট উৎক্ষেপণ কেন্দ্ৰ ৰাষ্ট্ৰসংঘক উৎসৰ্গীকৃত।

১৯৬৯, ১৫ আগষ্ট

আণৱিক শক্তি বিভাগৰ অধীনত ভাৰতীয় মহাকাশ গৱেষণা সন্থা গঠন।

১৯৭৫, ১৯ এপ্ৰিল

ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহ ‘আৰ্যভট্ট’ ছোভিয়েট ৰাছিয়াৰ পৰা উৎক্ষেপণ। উপগ্ৰহটোৰ ওজন ৩৬০ কিলোগ্ৰাম।

১৯৭৫-৭৬

আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা এটা কৃত্ৰিম যোগাযোগ উপগ্ৰহ ঋণ হিচাপে লৈ তাক ভাৰতৰ ওপৰত স্থাপন কৰি টেলিভিছনৰ চিত্ৰ প্ৰেৰণ ; যোগাযোগৰ ক্ষেত্ৰত এক নতুন পদক্ষেপ।

১৯৭৯, ৭ জুন

ভূ-নিৰীক্ষণৰ বাবে ভাৰতৰ দ্বিতীয় উপগ্ৰহ ‘ভাস্কৰ-১’ (BHASKARA-1) ছোভিয়েট ৰাছিয়াৰ বিয়েৰছ লেকৰ পৰা উৎক্ষেপণ। ৪৪৪ কিলোগ্ৰাম ওজনৰ এই পৰীক্ষামূলক উপগ্ৰহটোৰ আৰ্হি-পৰিকল্পনা আৰু নিৰ্মাণ আছিল ইছৰ’ৰ। এইটো উপগ্ৰহৰ সহায়ত ভাৰতৰ বনাঞ্চল, জলভাগ আৰু হিম অধ্যয়ণ কৰা হৈছিল।

১৯৭৯, ১০ আগষ্ট

ভাৰতৰ প্ৰথম উপগ্ৰহ উৎক্ষেপণ যান (Satelite Launch Vehiclr, সংক্ষেপে SLV-3) শ্ৰীহৰিকোটাৰ পৰা পুৱা ৭-৫৮ বজাত উৎক্ষেপণ। উপগ্ৰহ বহন কৰিব পৰাকৈ পৰীক্ষা মূলকভাৱে নিৰ্মিত আৰু উৎক্ষেপিত এই যানৰ দীঘ ২২ মিটাৰ আৰু ওজন ১৭ টন। এই পৰীক্ষা সফল নহ’ল। উৎক্ষেপণৰ ৫ মিনিট ১৫ ছেকেণ্ডৰ পিচতে SLV-3 ধ্বংস হয়।

১৯৮০, ১৮ জুলাই

SLV-3 ৰ দ্বিতীয় পৰীক্ষামূলক তথা সফল উৎক্ষেপণ। এইবাৰ SLV-3-য়ে ৰোহিনী নামৰ ৩৫ কিলোগ্ৰাম ওজনৰ এটা উপগ্ৰহ কক্ষপথত স্থাপন কৰে। ৰোহিনীয়ে পৃথিৱীৰ পৰা ২৮৫ কিলোমিটাৰ উচ্চতাৰ এক কক্ষপথত প্ৰতি ঘণ্টাত ২৮ হাজাৰ কিলোমিটাৰ বেগেৰে পৰিভ্ৰমণ কৰিবলৈ লয়। ৰোহিনীক ভাৰতৰ শ্ৰীহৰিকোটাৰ পৰা উৎক্ষেপণ কৰা হৈছিল।

১৯৮১, ৩১ মে’

ৰোহিনী (RS-D1)-সহ SLV-3-ৰ প্ৰথম পূৰ্ণাংগ উৎক্ষেপণ।

১৯৮১, ১৯ জুন

ভাৰতৰ প্ৰথম ভূ-স্থিৰ পৰীক্ষা মূলক যোগাযোগ উপগ্ৰহ ‘এপল্‌’ (Ariane Passenger Payload Experiment, সংক্ষেপে APPLE) দক্ষিণ আমেৰিকাৰ ফ্ৰান্স গিয়েনাৰ কুৰুৱাৰ (Kourou) পৰা সফলতাৰে উৎক্ষেপণ। ৬৭০ কিলোগ্ৰাম ওজনৰ এই যোগাযোগ উপগ্ৰহ উৎক্ষেপণেৰে যোগাযোগ উপগ্ৰহ নিৰ্মাণ আৰু উৎক্ষেপণত ভাৰতৰ পঞ্চম স্থান লাভ।

১৯৮১, ২০ নৱেম্বৰ

ছোভিয়েট ৰাছিয়াৰ পৰা ছোভিয়েট উৎক্ষেপক যানৰ সহায়ত ভাস্কৰ-১ –ৰ উন্নত সংস্কৰণ-২ (BHASKARA-II-ৰ উৎক্ষেপণ। এইটো উপগ্ৰহৰো ওজন আছিল ৪৪৪ কিলোগ্ৰাম আৰু এই কৃত্ৰিম উপগ্ৰহটোৰ সহায়ত ভাৰতৰ বনাঞ্চল, জলভাগ আৰু হিম অঞ্চলৰ লগতে সাগৰীয় পৃষ্ঠা ভাগৰ উত্তাপ, ঘূৰ্ণী বায়ুৰ গতি আদি অধ্যয়ণ কৰা হয়।

১৯৮২, ১০ এপ্ৰিল

ভাৰতৰ বহুমুখী উপগ্ৰহ ইনছাট-১

(ক) (Indian National Satelite, সংক্ষেপে INSAT-1A) আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেপ কাৰনাভাৰেলৰ পৰা ভাৰতীয় সময় মতে দুপৰীয়া ১২ বাজি ১৭ মিনিটত সফলতাৰে উৎক্ষেপণ। এইটো আছিল ভাৰতৰ জাতীয় উপগ্ৰহৰ প্ৰথম জেনেৰেছনৰ প্ৰথম উপগ্ৰহ। ইয়াৰ আয়ুকাল ৭ বছৰ নিৰ্ধাৰণ কৰা হৈছিল যদিও উৎক্ষেপণৰ মাত্ৰ ৫ মাহৰ ভিতৰতে ১৯৮২ চনৰ ৬ ছেপ্টেম্বৰত INSAT-1Aত্বিকল হৈ পৰে।

১৯৮৩, ১৭ এপ্ৰিল

ভাৰতীয় SLV-3 ৰকেটৰ সহায়ত ৰোহিনী-২ (RS-D2) শ্ৰীহৰিকোটাৰ পৰা উৎক্ষেপণ। এইটো উপগ্ৰহৰ ওজন আছিল ৪১.৫ কিলোগ্ৰাম।

১৯৮৩, ৩১ আগষ্ট

আমেৰিকাৰ মহাকাশ যান চেলেঞ্জাৰৰ সহায়ত ভাৰতৰ এটা উল্লেখযোগ্য সফল উপগ্ৰহ INSTA-1B আমেৰিকাৰ ফ্ল’ৰিডাৰ কেপ কাৰনাভাৰেলৰ পৰা সফলতাৰে উৎক্ষেপণ আৰু পৃথিৱীৰ পৰা ৩৫,৬৮০ কিলোমিটাৰ উচ্চতাৰ ভূ-স্থিৰ কক্ষপথত স্থাপন। এইটো উপগ্ৰহ নিৰ্ধাৰিত ৭ বছৰতকৈ অধিৰ কাল কক্ষপথত থাকে।

১৯৮৪, ৪ এপ্ৰিল

প্ৰথম ভাৰতীয়ি মহাকাশচাৰী ৰাকেশ শৰ্মাৰ ছোভিয়েট-ভাৰত যুটীয়া মহাকাশ অভিযানত মহাকাশলৈ যাত্ৰা।

১৯৮৭, ২৪ মাৰ্চ

১৫০ কিলোগ্ৰাম ওজনৰ কৃত্ৰিম উপগ্ৰহ কঢ়িয়াই নিয়া ASLV (Augmented Satelite Launch Vehicle) উৎক্ষেপণ যান উৎক্ষেপণৰ ২ মিনিট পাছত ধ্বংস প্ৰাপ্ত হয়।

১৯৮৮, ১৭ মাৰ্চ

ভাৰতৰ প্ৰথম স্বদেশী সুদূৰ সংবেদী উপগ্ৰহ IRS-1A ৰাছিয়াৰ বৈকানুৰ পৰা সফলতাৰে উৎক্ষেপণত ভাৰত পঞ্চম খন দেশৰুপে পৰিগণিত।

১৯৮৮, ১৩ জুলাই

দ্বিতীয় পূৰ্ণাংগ মহাকাশ যানেৰে উৎক্ষেপিত দ্বিতীয় প্ৰজন্মৰ ASLV-D2 বিফল।

১৯৮৮, ২১ জুলাই

দক্ষিণ আমেৰিকাৰ ফ্ৰান্স গিয়েনাৰ পৰা INSAT-1C সফলতাৰে উৎক্ষেপণ। এই উপগ্ৰহৰ সহায়ত দূৰণিবটীয়া টেলিফোন সংযোগ, ভূ-পৰ্যবেক্ষণ, দূৰদৰ্শনৰ অনুষ্ঠান প্ৰচাৰ, ধুমুহা, সমুদ্ৰৰ অশান্ত অৱস্থাৰ আগলি বতৰা আদি সুকলমে কৰিব পৰা হৈছিল। ১৯৮৯ চনৰ নৱেম্বৰ মাহত INSAT-1C-ক ব্যৱহাৰৰ অনুপযোগী বুলি ঘোষণা কৰা হয়।

১৯৯০, ১২ জুন

আমেৰিকাৰ পৰা INSAT-1D যোগাযোগ উপগ্ৰহ সফলতাৰে উৎক্ষেপণ। জুলাই মাহৰ ১৭ তাৰিখৰ পৰা ই কাৰ্যক্ষম হয় আৰু দেশৰ উপগ্ৰহ কেন্দ্ৰিক যোগাযোগ ব্যৱস্থাত ই আমুল পৰিৱৰ্তন সাধে। ৰেডিঅ’, টেলিভিছন অনুষ্ঠান সম্প্ৰচাৰ, যোগাযোগ, বতৰৰ আগলি বতৰা নিৰ্ণয় আদিৰ ক্ষেত্ৰত এই উপগ্ৰহে উল্লেখযোগ্য বৰঙণি যোগাইছে।

১৯৯১, ২৯ আগষ্ট

ভাৰতৰ দ্বিতীয়টো সুদূৰ সংবেদী উপগ্ৰহ IRS-1B-ৰ উৎক্ষেপণ। এইটো আছিল ছোভিয়েট ৰাছিয়াৰ পৰা উৎক্ষেপিত পঞ্চমটো সফল উপগ্ৰহ।ইছৰ’ৰ দ্বাৰা নিৰ্মিত IRS-1B-ক IRS-1A-ৰ আয়ুকাল চমু চাপি অহা বাবে তাৰ ঠাইত স্থাপন কৰা হয়।

১৯৯২, ২০ মে’

শ্ৰীহৰিকোটাৰ পৰা ASLV-D3-ৰ তৃতীয় বিকাশ মূলক উৎক্ষেপণ।

১৯৯২, ১০ জুলাই

প্ৰথম স্বদেশত নিৰ্মিত (প্ৰথম) দ্বিতীয় প্ৰজন্মৰ উপগ্ৰহ INSAT-2A আমেৰিকাৰ পৰা উৎক্ষেপিত। এইটো উপগ্ৰহক বহুমুখী কাম-কাজৰ বাবে (যোগাযোগ, ভূপ্পৰ্যবেক্ষণ, দূৰদৰ্শনৰ প্ৰতিষ্ঠান প্ৰচাৰ আদি) উৎক্ষেপণ কৰা হৈছিল। সেই বছৰৰে ১৫ আগষ্টৰ পৰা INSAT-2A সম্পূৰ্ণ কাৰ্যক্ষম হৈ উঠে।

১৯৯৩, ২৩ জুলাই

দক্ষিণ আমেৰিকাৰ ফ্ৰান্স গিয়েনাৰ পৰা INSAT-2B-ৰ সফল উৎক্ষেপণ।

১৯৯৪, ৪ মে’

ASLV-D4-ৰ সফল উৎক্ষেপণ।

১৯৯৫, ৭ ডিওচেম্বৰ

ফ্ৰান্সৰ গিয়েনাৰ পৰা INSAT-2C-ৰ উৎক্ষেপণ। এইটো আছিল ভাৰতৰ তৃতীয় স্বদেশী উপগ্ৰহ।

১৯৯৫, ২৮ ডিচেম্বৰ

পৃথিৱীৰ অত্যাধুনিক সুদূৰ সংবেদী উপগ্ৰহ IRS-1C-ক ৰাছিয়াৰ ৰকেটৰ সহায়ত বৈকানুৰৰ পৰা উৎক্ষেপণ।

১৯৯৬, ২১ মাৰ্চ

সুদূৰ সংবেদী PSLV-D3-ৰ সফলতাৰে উৎক্ষেপণ।

PSLV-ৰ সফল উৎক্ষেপণৰ লগে লগে বিশ্বৰ উপগ্ৰহ উৎক্ষেপণৰ ক্ষেত্ৰত ভৰতৰ প্ৰৱেশ নিশ্চিত হ’ল। PSLV-D3-ৰ লগে লগে PSLV-ৰ বিকাশ মূলক উৰণ সূচীও সমাপ্ত হ’ল। ইয়াৰ পাছত ইয়াক ব্যৱসায়িক ভিত্তিত উপগ্ৰহ উৎক্ষেপণ যান হিচাপে ব্যৱহাৰ কৰা হ’ব।

PSLV-ৰ পাছত ভাৰতীয় মহাকাশ বিজ্ঞানী সকলে GSLV (Geosynchronous Satelite Launch Vehicle) যান উৎক্ষেপণ কাৰ্যসূচী হাতত লৈছে।

১৯৯৭, ৪ জুন

দক্ষিণ আমেৰিকাৰ ফ্ৰান্স গিয়েনাৰ পৰা INSAT-2D-ৰ চতুৰ্থ প্ৰজন্মৰ সফল উৎক্ষেপণ।

১৯৯৭, ২৯ ছেপ্তেম্বৰ

সুদূৰ সংবেদী PSLV-D4-ৰ সফলতাৰে উৎক্ষেপণ।

১৯৯৭, ৭ অক্টোবৰ

PSLV-D4 কক্ষপথত স্থাপন।

১৯৯৮, ১৯ এপ্ৰিল

শ্ৰীহৰিকোটাৰ পৰা RH-560-MK-II ৰোহিনীৰ উৎক্ষেপণ।

১৯৯৯, ৩ এপ্ৰিল

বহুমুখী যোগাযোগ উপগ্ৰহ INSAT-2E-ৰ সফলতাৰে উৎক্ষেপণ।

২০০০, ২২ মাৰ্চ

INSAT-3B-ৰ সফলতাৰে উৎক্ষেপণ।

২০০১, ১৮ এপ্ৰিল

ভাৰতৰ প্ৰথম GSLV-D1 (Geosyschronous Satelite Launch Vehicle)-ৰ শ্ৰীহৰিকোটাৰ পৰা সফলতাৰে উৎক্ষেপণ।

২০০১, ২২ অক্টোবৰ

PSLV-C3-ৰ সফল উৎক্ষেপণ।

২০০২, ২৪ জানুৱাৰী

দক্ষিণ আমেৰিকাৰ ফ্ৰান্স গিয়েনাৰ পৰা INSAT-3C-ৰ সফল উৎক্ষেপণ।

২০০২, ১২ ছেপ্তেম্বৰ

ভাৰতীয় মহাকাশচাৰী কল্পনা চাওলাৰ স্মৃতিত নামকৰণ কৰা উপগ্ৰহ ‘কল্পনা ১’ শ্ৰীহৰিকোটাৰ পৰা সফলতাৰে উৎক্ষেপণ।

২০০৩, ১০ এপ্ৰিল

INSAT-3A ফ্ৰান্স গিয়েনাৰ পৰা সফল উৎক্ষেপণ।

২০০৩, ২৮ ছেপ্তেম্বৰ

যোগাযোগ উপগ্ৰহ INSAT-3E -ৰ সফল উৎক্ষেপণ।

২০০৩, ১৭ অক্টোবৰ

শ্ৰীহৰিকোটাৰ পৰা PSLV-C5 -ৰ সফল উৎক্ষেপণ।

২০০৫,৫ মে’

শ্ৰীহৰিকোটাৰ পৰা PSLV-C6-ৰ সফল উৎক্ষেপণ।

২০০৭, ২৩ এপ্ৰিল

শ্ৰীহৰিকোটাৰ পৰা PSLV-C8-ৰ সফল উৎক্ষেপণ।

২০০৮, ২২ অক্টোবৰ

ভাৰতৰ প্ৰথম খন মানৱ বিহীন যান ‘চন্দ্ৰযান ১’ চন্দ্ৰলৈ উৎক্ষেপণ।

বিভিন্ন ৰকেট/উৎক্ষেপক যান

এ এছ এল ভি

এ এছ এল ভি (Augmente Satelite Launch Vehicle) ৰকেটৰ কাম হ’ল প্ৰায় ১৫০ কিলোগ্ৰাম অধিক ওজনৰ কৃত্ৰিম উপগ্ৰহ, কক্ষপথত স্থাপন কৰা। ইয়াত গোটা ইন্ধন ব্যৱহাৰ কৰা হয়।

পি এছ এল ভি

পি এছ এল ভি (Polar Satelite Launch Vehicle)ৰকেটৰ কাম হ’ল ১০০০ কিলোগ্ৰাম ওজনৰ দূৰভাষী কৃত্ৰিম উপগ্ৰহক প্ৰায় ১০০০ কিলোমিটাৰ উচ্চতাৰ মেৰু সমলয় কক্ষত স্থাপন কৰা। এ এছ এল ভিৰ দৰে ইয়াত কেৱল গোটা ইন্ধন নাথাকে। দ্বিতীয় পৰ্যায়ৰ ‘মটৰ বিকাশ’ত তৰল ইন্ধন ব্যৱহাৰ হয়।

জি এছ এল ভি

ji ech el bhi (Geo-synchronous Satelite Launch Vehicle)- ৰ কাম হ’ল পৃথিৱীৰ ৩৬,০০০ কিলোমিটাৰ উচ্চতাৰ ভূ-সমলয় কক্ষত ইনছাট জাতীয় কৃত্ৰিম উপগ্ৰহ স্থাপন কৰা।

আই আৰ এছ

আই আৰ এছ (Indian Remote Sensing Satelite) ভাৰতীয় দূৰ সংবেদী উপগ্ৰহ। প্ৰায় ১০০০ কিলোগ্ৰাম ওজনৰ এই উপগ্ৰহ লানি উৎক্ষেপণ কৰাৰ উদ্দেশ্য হ’ল দূৰ সংবেদনৰ জৰিয়তে পৃথিৱীৰ জল, স্থল, কৃষি অৰণ্য আৰু অন্যান্য বিষয়ৰ অধ্যয়ন।

বিশ্ব অভিলেখ সৃষ্টিকাৰী কেইজনমান ভাৰতীয়

বিশ্বৰ এখন প্ৰসিদ্ধ গ্ৰন্থ ‘গিনিছ বুক অব্‌ ৰেকৰ্ডছ’ত প্ৰতি বছৰে বিশ্বৰ নানান ধৰণৰ বিস্ময়কাৰী ৰেকৰ্ড বা অভিলেখৰ কথা প্ৰকাশ হয়। এই খন গ্ৰন্থত প্ৰকাশিত তথ্য সমূহকেই সাধাৰণ ভাৱে সমগ্ৰ বিশ্বতে প্ৰামাণিক আৰু শুদ্ধ বুলি বিবেচনা আৰু গ্ৰহণ কৰা হয়। এই খন গ্ৰন্থত ভাৰতীয় সকলৰো নানান আশ্চৰ্যকৰ কীৰ্তি বিশ্ব অভিলেখ ৰুপে সন্নিৱিষ্ট কৰা হৈছে। তেনে কেইটামান অভিলেখ আগবঢ়োৱা হৈছে।

দিল্লীৰ ৩৯ বছৰীয়া গুল মহম্মদ (জন্ম : ১৯৫৭, মৃত্যু : ১৯৯৭)

পৃথিৱী বিখ্যাত তেওঁৰ অকণমানি চেহেৰাৰ বাবে। পৃথিৱীৰ ক্ষুদ্ৰতম এইজন মানুহৰ উচ্চতা আছিল ৫৭।১৫ ছেণ্টিমিটাৰ আৰু ওজন আছিল মাত্ৰ ১৭ কিলোগ্ৰাম।

ভাৰতীয় বিমান বাহিনীৰ অভিযন্তা চণ্ডীগড়ৰ ভি আৰ পি ৰহমানে কুৰি দিন একেৰাহে নাচি বিশ্বৰেকৰ্ড কৰিছে।

ভাৰতৰ প্ৰসিদ্ধ নেপথ্য গায়িকা লতা মংগেশকাৰে ১৯৪৮ চনৰ পৰা ১৯৮৭ চনৰ ভিতৰত ২০ টা ভাৰতীয় ভাষাত ৩০,০০০-ৰো অধিক গীত গাই বিশ্বৰেকৰ্ড কৰিছে।

সৰ্বাদিক জনসমাগম হোৱাৰ ৰেকৰ্ডটো ভাৰতৰে। ১৯৮৯ চনৰ ৬ ফেব্ৰুৱাৰীত এলাহাবাদত অনুষ্ঠিত কুম্ভমেলাত ১ কোটি ৫০ লাখ মানুহৰ সমাগম হৈছিল।

কোনো লোকৰ মৃত্যুত হোৱা সমাৱেশৰ ক্ষেত্ৰত তামিলনাডুৰ মুখ্যমন্ত্ৰী চি এন আন্নাডুৰাইৰ অন্ত্যেষ্টিক্ৰিয়াত সমবেত জনতাৰ সংখ্যা এক বিশ্বৰেকৰ্ড। ১৯৬৯ চনৰ ৩ ফেব্ৰুৱাৰীত হোৱা এই অন্ত্যেষ্টিক্ৰিয়াত ১ কোটি ৫০ লাখ মানুহৰ সমাৱেশ হৈছিল।

পৃথিৱীৰ আটাইতকৈ ওখত থকা পথ দলং খন আছে ভাৰতৰ লাডাখৰ খাৰদুংগলাত। ইয়াৰ উচ্চতা ৫,৬০২ মিটাৰ (১৮,৩৮০ ফুট)। কিন্তু ইয়াৰ দৈৰ্ঘ্য মাত্ৰ ৩০ মিটাৰ (৯৮.৪ ফুট)।

পৃথিৱীৰ আটাইতকৈ বৃহত্তম বেংকটো হৈছে ভাৰতীয় ষ্টেট বেংক। ১৯৯১ চনৰ ১ জানুৱাৰীৰ হিচাপ মতে ইয়াৰ শাখা ১২,৪৬২ টা আৰু সম্পত্তি ১,১০,০০০ কোটি টকাৰো অধিক।

১৯০৭ চনত জিম কৰবেটৰ বন্দুকৰ গুলীত পৃথিৱীৰ আটাইতকৈ বেছি মানুহ খোৱা বাঘটোৱে প্ৰাণ হেৰুৱায়। সেই ভয়ংকৰ বাঘটোৱে ৪৩৬ জন মানুহৰ প্ৰাণ নাশ কৰিছিল।

এটা ভৰিৰ ওপৰত একেৰাহে ৩৪ ঘণ্টা থিয় হৈ বিশ্বৰেকৰ্ড কৰিছে তামিলনাডুৰ এন ৰবিয়ে। তেওঁ ১৯৮২ চনৰ ১৭-১৮এপ্ৰিলত একেৰাহে ৩ ঘণ্টা থিয় হৈ আছিল।

পিছফালে দৌৰি ৰেকৰ্ড কৰিছে অৰবিন্দ পাণ্ডাই। তেওঁ ১৯৮৪ চনৰ ১৮ আগষ্টৰ পৰা ৩ ডিচেম্বৰলৈকে ১০৭ দিন ধৰি লছ এঞ্জেলছৰ পৰা নিউয়ৰ্ক পৰ্যন্ত দৌৰিছিল।

বিৰামহীনভাৱে কথা কোৱাৰ ৰেকৰ্ডো কৰিছে এজন ভাৰতীয়ই। এওঁৰ নাম এছ ই জয়াৰামন। এওঁ একেৰাহে ৩৬০ ঘণ্টা এবাৰো নোৰোৱাকৈ কথা কৈছিল।

ডাঃ এম চি মোদিয়ে এদিনতে ৮৩৩ টা চকুৰ ছানি পৰা ৰোগৰ অস্ত্ৰোপচাৰ কৰি বিশ্বৰেকৰ্ড কৰিছে। তদুপৰি যোৱা ১৯৮৭ চনৰ জানুৱাৰী লৈকে তেওঁ সৰ্বমুঠ ৫,৯৫,০১৯ টা এনে ধৰণৰ অস্ত্ৰোপচাৰ কৰিছে। ইও এক বিশ্বৰেকৰ্ড।

জয়পুৰৰ সুৰেন্দ্ৰ আচাৰ্যই ১৯৯১ চনৰ ২৮ ফেব্ৰুৱাৰীৰ দিনা এটা চাউলৰ ওপৰত ১৩১৪ টা আখৰ লিখি বিশ্বৰেকৰ্ড কৰিছিল। ইয়াৰ আগতে ১৯৯০ চনৰ ডিচেম্বৰত তেওঁ এটা ডাক টিকটৰ ওপৰত ১০,০৫৬ টা আখৰ লিখিছিল।

ভাৰতৰে ৰবীন্দ্ৰ কুমাৰে একেৰাহে বিৰামহীনভাৱে ৪৫ ঘণ্টা ২০ মিনিট সময় ধৰি সুহুৰি মাৰিছিল।

পুনাৰ শিলিন্দ দেশমুখ নামৰ এজন বুঅক্তিয়ে মূৰৰ ওপৰত এটা গাখীৰ ভৰ্তি বটল লৈ সুদীৰ্ঘ ৬৫ কিলোমিটাৰ পথ খোজ কাঢ়িছিল।

মানৱ কম্পিউটাৰ (Human Computer) নামেৰে জনাজাত ভাৰতৰ শকুন্তলা দেৱীৰ নামো গিনিছ বুকত আছে। ১৯৮০ চনৰ ২০ জুনত লণ্ডনৰ ইম্পিৰিয়েল কলেজৰ কম্পিউটাৰ বিভাগৰ এটি অনুষ্ঠানত এওঁ ১৩টা সংখ্যাৰ এটা পূৰণৰ উত্তৰ মাত্ৰ ২৮ ছেকেণ্ডতে এবাৰো খোকোজা নলগাকৈ মুখে মুখে দিছিল। তেওঁক উলিয়াবলৈ দিয়া ১৩ টা সংখ্যাৰ পূৰণটো আছিল : ৭৬৮৬৩৬৯৭৭৪৮৭০ x ২৪৬৫০৯৯৭৪৫৭৭৯। ইয়াৰ উত্তৰটো হ’ল : ১৮৯৪৭৬৬৮১৭৭৯৯৫৪২৬৪৬২২৭৭৩৭৩০।

আটাইতকৈ দীঘল চুলি ৰখাৰ কৃতিত্বও এজন ভাৰতীয়য়েই লাভ কৰিছে। তাঞ্জোৰৰ স্বামী পাণ্ডৰাছানিধিৰ চুলিৰ দৈৰ্ঘ্য ২৬ ফুট (৭.৯২ মিটাৰ), যি ১৯৪৯ চনৰ পৰাই ই এক বিশ্বৰেকৰ্ড।

হাতত আটাইতকৈ দীঘল নখ থকা ব্যক্তি জনো ভাৰতৰ। নাম শ্ৰীধৰ ছিলাল। পুনাৰ বাসিন্দা শ্ৰীধৰৰ বাওঁহাতৰ পাঁচোটা আঙুলিৰ নখৰ দৈৰ্ঘ্য ১৭৩ ইঞ্চি।

উত্তৰ প্ৰদেশৰ প্ৰতাপ গড়ৰ বাসিন্দা মাছুৰিয়াদ্দীন আকৌ পৃথিৱী বিখ্যাত হৈছে তেওঁৰ ৮ ফুট ৬ ইঞ্চি দীঘল গোঁফৰ বাবে।

দীৰ্ঘ সময় থিয় হৈ থকাৰ ৰেকৰ্ড উত্তৰ প্ৰদশৰ ছাজাহানপুৰৰ স্বামী মউজগিৰ মহাৰাজৰ। এওঁ ১৭ বছৰ একেৰাহে থিয় হৈ থাকি তপস্যা কৰিছে। এওঁ এখন তক্তাৰ সহায়ত থিয়ৈ থিয়ৈ শুবও পাৰে।

মহাৰাষ্ট্ৰৰ আহমেদনগৰত ১৯৭৩ চনত নিৰ্মিত বিশাল ৰান্ধনি ঘৰটোত দিনে ১২ লাখ লোকৰ বাবে ৰন্ধা-বঢ়া কৰাৰ সুবিধা আছে।

পৃথিৱীৰ সকলোতকৈ বেছি কৰ্মচাৰী থকা অনুষ্ঠানটি হ’ল ভাৰতীয় ৰে’ল বিভাগ। ১৯৯০ চনৰ মাৰ্চ মাহৰ পৰিসংখ্যা মতে ভাৰতীয় ৰে’লৰ কৰ্মচাৰীৰ সংখ্যা ১৬,৪৬,৭০৪ জন।

পশ্চিমবংগৰ খড়গপুৰ ৰে’ল ষ্টেচনৰ প্লেটফৰ্ম খন পৃথিৱীৰ আটাইতকৈ দীঘল ৰে’লৱে প্লেটফৰ্ম। দীঘলে ২,৭৩৩ ফুট (৮৩৩ মিটাৰ)।

১৯৯২ চনত লছ এঞ্জেলছ অলিম্পিকৰ হকী প্ৰতিযোগিতাত ভাৰতে আমেৰিকা যুক্তৰাষ্ট্ৰক ২৪-১ গলত পৰাজিত কৰিছিল। আটাইতকৈ বেছি গ’লৰ ব্যৱধানত জয়-পৰাজয়ৰ ই এক ৰেকৰ্ড।

(বিশ্ব অভিলেখ সৃষ্টিকাৰী ভাৰতীয়ৰ অধিক তথ্যৰ বাবে শান্তনু কৌশিক বৰুৱাৰ ‘অসমীয়া বুক অব্‌ ৰেকৰ্ডছ’ চাব পাৰে।)

প্ৰসিদ্ধ ব্যক্তি আৰু পৰিচয়

অটল বিহাৰী বাজপেয়ী (জন্ম : ২৫ ডিচেম্বৰ, ১৯২৪)

স্বাধীনতা সংগ্ৰামী, প্ৰবীণ ৰাজনীতিবিদ, দক্ষ সাংসদ, সুবক্তা, কবি আৰু সাংবাদিক। জনসংঘৰ প্ৰতিষ্ঠাপক সদস্য, ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি (১৯৮০-৮৬)। বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী (১৯৭৭-৭৯)। পদ্মবিভূষণ, লোকমান্য তিলক পুৰস্কাৰ, জি বি পন্ত পুৰস্কাৰ, শ্ৰেষ্ঠ সাংসদ আদি বঁটা লাভ। ১৯৯৬ চনৰ ১৬ মে’ৰ পৰা ২৮ মে’লৈকে ভাৰতৰ প্ৰধান মন্ত্ৰী। পুনৰ ১৯৯৮ চনৰ মাৰ্চৰ পৰা ২০০৪ চন লৈকে প্ৰধান মন্ত্ৰীৰুপে কাৰ্যনিৰ্বাহ। প্ৰকাশিত পুথি : ‘মেৰী সংসদীয় যাত্ৰা’, ‘মেৰী ইক্যাৱন কবিতায়ে’, ‘নিউ ডাইমেনচনছ অব্‌ ইণ্ডিয়াজ ফৰেইন পলিচি’।

অভিনৱ বিন্দ্ৰা (জন্ম : ২৮ ছেপ্টেম্বৰ, ১৯৮২) ; ৰাইফল শ্বুটাৰ। ২০০৮ চনৰ বেইজিং অলিম্পিক ১০ মিটাৰ এয়াৰ ৰাইফল ইভেণ্টত স্বৰ্ণ পদক লাভ। ব্যক্তিগতভাৱে অলিম্পিকত স্বৰ্ণপদক লাভ কৰা প্ৰথম জন ভাৰতীয় খেলুৱৈ।

অমিতাভ বচ্চন (জন্ম : ১১ অক্টোবৰ, ১৯৪২)

চলচ্চিত্ৰ অভিনেতা। প্ৰায় ১০০ খন ছবিত অভিনয়। আন্তঃ ৰাষ্ট্ৰীয় সংবাদ সংস্থা বি বি চি –এ চলোৱা সমীক্ষা অনুসৰি সহস্ৰাব্দৰ শ্ৰেষ্ঠ মঞ্চ আৰু চলচ্চিত্ৰ জগতৰ অভিনেতা। পদ্মশ্ৰী, পদ্মবিভূষণ আদি সন্মান লাভ।

অমৰ্ত্য সেন (জন্ম : ৩ নৱেম্বৰ, ১৯৩৩)

অৰ্থনীতিবিদ ; হাভাৰ্ড বিশ্ববিদ্যালয়ৰ দৰ্শন আৰু অৰ্থনীতিৰ অধ্যাপক। বিশ্ববেংক উপদেষ্টা পৰিষদৰ সদস্য। অৰ্থনৈতিক তত্ত্ব আৰু কল্যাণ মূলক অৰ্থনীতিত তেওঁৰ অৱদানৰ ব্যাপ্তি বহুৱা-বিস্তৃত। অৰ্থনৈতিক সুত্ৰৰ ব্যৱহাৰিক ভিত্তি নিৰ্ণয় কৰাৰ ক্ষেত্ৰত আৰু অৰ্থনৈতিক উন্নয়নৰ প্ৰথাগত ধাৰণাক সমৃদ্ধ কৰাত উল্লেখনীয় প্ৰয়াস। কল্যাণ মূলক অৰ্থনীতিলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে ১৯৯৮ চনৰ নোবেল বঁটা আৰু ১৯৯৯ চনৰ ভাৰত ৰত্ন সন্মান লাভ।

অমৃত প্ৰীতম (১৯১৯ – ২০০৫)

কবি, ঔপন্যাসিকা। ১৯৮১ চনত তেওঁৰ ‘কাগজ কে কঁৱজ’ কাব্য সংকলনৰ বাবে জ্ঞানপীঠ বঁটা লাভ কৰে। ওঠৰ খন কাব্য সংকলন, ৩০ খন উপনাস, ৮ টা গল্প সংকলনৰ ৰচয়িতা।

অৰবিন্দ আদিগা (জন্ম : ১৯৭৪)

ঔপন্যাসিক। ২০০৮ চনত আদিগাই তেওঁৰ প্ৰথম খন উপন্যাস ‘দা হোৱাইট টাইগাৰ’ৰ বাবে লাভ কৰে সন্মানীয় বুকাৰ বঁটা। উল্লেখযোগ্য যে, জীৱনৰ প্ৰথম খন উপন্যাসেৰে এই বঁটা লাভ কৰা অৰবিন্দ আদিগা হৈছে তৃতীয় গৰাকী সাহিত্যিক। (প্ৰথম ভাৰতৰ অৰুন্ধতী ৰয়, ১৯৯৭ আৰু দ্বিতীয় অষ্ট্ৰেলিয়াৰ ডি বি চি পীয়েৰ, ২০০৩)।

অৰুন্ধতী ৰয় (জন্ম : ১৯৬০)

লেখিকা। ‘দি গড্‌ অব্‌ স্মল থিংছ’ গ্ৰন্থৰ বাবে ১৯৯৭ চনত বুকাৰ পুৰস্কাৰ লাভ।

অৰুণ শ্বোৰী (জন্ম : ১৯৪৩)

সাংবাদিক। ১৯৮২ চনত মেগছেছ বঁটা লাভ। অৰ্থনীতিত ডক্টৰেট। ১৯৮২ চনত ‘ইণ্টাৰনেচনেল এডিটৰ অব্‌ দা ইয়েৰ’ ৰুপে মনোনীত।

অৰুণা আছফ আলী (১৯০৯-৯৬)

স্বাধীনতা সংগ্ৰামী ; বহু দশক ধৰি জনজীৱনত সক্ৰিয়। ১৯৯৭ চনত মৰণোত্তৰভাৱে ভাৰতৰত্ন লাভ।

অশোক কুমাৰ (১৯১১-২০০১)

ভাৰতৰ আটাইতকৈ বেছি দিন ধৰি কৰ্মৰত চলচ্চিত্ৰ তাৰকা ; ১৯৩৬ চনৰ পৰা ২০০১ চনলৈ। ১৯৮৮ চনত দাদা চাহেব ফাল্কে বঁটা লাভ।

আকবৰ (১৫৪২-১৬০৫)

মোগল বংশৰ তৃতীয় আৰু ভাৰতৰ এজন শ্ৰেষ্ঠ ৰজা। ‘দিন-ইলাহী’ নামে এক নতুন ধৰ্মৰ প্ৰচাৰক। হিন্দু আৰু মুছলমান সকলো প্ৰজাকে সমদৃষ্টিৰে শাসন কৰিছিল।

আমীৰ খশ্ৰু (১২৫৩-১৩২৫)

কবি, সংগীতজ্ঞ। চেতাৰৰ ব্যৱহাৰ প্ৰচলন কৰে। ৰচিত পুথি : ‘মজনুন উল-লায়লা’, ‘মৎলা-উল-আন-ওয়াৰ’, ‘শিৰিন-উ-খুসৰৌ’ আদি। বহু গজল আৰু ৰাগ-ৰাগিনীৰ স্ৰষ্টা। দিল্লীৰ একাধিক চুলতানৰ সভাসদ।

আশাপূৰ্ণা দেৱী (১৯০৯-১৯৯৫)

মহিলা সাহিত্যিক। ‘প্ৰথম প্ৰতিশ্ৰুতি’ শীৰ্ষক গ্ৰন্থৰ বাবে ১৯৭৬ চনত জ্ঞানপীঠ বঁটা লাভ। প্ৰকাশিত ৰচনা : উপন্যাস ১৭৬, চুটিগল্প সংকলন ৩০, শিশুপুথি ৪৭, অন্যান্য সংকলন ২৫ খন।

ইন্দিৰা গান্ধী (১৯ নৱেম্বৰ, ১৯১৭ – ৩১ অক্টোবৰ, ১৯৮৪)

ভাৰতৰ প্ৰথম মহিলা প্ৰধান মন্ত্ৰী (১৯৬৬-১৯৭৭ ; ১৯৮০-৮৪)। ১৯৬৬ চনত প্ৰথম প্ৰধান মন্ত্ৰী হয়। ভাৰতৰত্ন সন্মানেৰে (১৯৭১) সন্মানিত।

ইন্দৰ কুমাৰ গুজৰাল (জন্ম : ৪ ডিচেম্বৰ, ১৯৯৯)

ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী। ১৯৬৭-১৯৭৬ চনলৈ আৰু ১৯৮৯-১৯৯০ চনলৈকে দুবাৰ কেন্দ্ৰীয় মন্ত্ৰীৰুপে কাৰ্যনিৰ্বাহ। ১৯৯৭ চনৰ ২১ এপ্ৰিলৰ পৰা ১৯৯৮ চনৰ মাৰ্চ মাহলৈ প্ৰধানমন্ত্ৰীৰুপে কাৰ্যনিৰ্বাহ। দিল্লী বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট।

ইশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ (২৬ ছেপ্টেম্বৰ, ১৮২০-১৮৯১)

শিক্ষাবিদ, সমাজ সংস্কাৰক; বাংলা গদ্য সাহিত্যৰ জনকৰুপে স্বীকৃত। স্ত্ৰী শিক্ষাৰ প্ৰচাৰ, বিধৱা বিবাহ আদি বিভিন্ন সমাজ সংস্কাৰ মূলক কাম কৰে। বাংলা ভাষাত কেইবাখনো পুথি ৰচনা কৰে।

এইচ ডি দেৱেগৌড়া (জন্ম: ১৮ মে’ ১৯৩৩)

ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী (১ জুন, ১৯৯৬ – ২১ এপ্ৰিল ১৯৯৭)। সম্পূৰ্ণ নাম : হাৰদানহাল্লী ডোদ্দেগৌড়া দেৱেগৌড়া।

এনি বেছাণ্ট (১৮৪৭ – ১৯৩৩)

আয়াৰলেণ্ডৰ মহিলা। সমাজসেৱী, শিক্ষাবিদ তথা সংস্কাৰক। ভাৰতৰ স্বাধীনতা আন্দোলনৰ উগ্ৰ সমৰ্থক। ১৯১৭ চনত কংগ্ৰেছৰ সভাপতি। হোমৰুল আন্দোলনৰ নেত্ৰী।

এ পি জে আব্দুল কালাম (জন্ম : ১৫ অক্টোবৰ, ১৯৩১)

খ্যাতিমান মহাকাশ বিজ্ঞানী; ভাৰতৰ মহাকাশ আৰু মিছাইল কাৰ্যসূচীৰ অন্যতম হোতা। বৰ্তমান ভাৰতৰ ৰাষ্ট্ৰপতি। সম্পূৰ্ণ নাম আবুল পাকিৰ জয়নালআবেদিন আব্দুল কালাম। বিজ্ঞানত উৎসৰ্গীত, বৃত্তিগত উৎকৰ্ষৰ প্ৰতি দায়বদ্ধতা আৰু সহজ-সৰল জীৱন-যাপনৰ ক্ষেত্ৰত উজ্জ্বল দৃষ্টান্ত। মহাকাশ গৱেষণা আৰু উন্নয়নৰ প্ৰতি আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰুপে বহু বঁটা-সন্মান লাভ। ইয়াৰ ভিতৰত পদ্মভূষণ, পদ্মবিভূষণ, ভাৰতৰত্ন আদি উল্লেখযোগ্য। ২০০২ চনৰ ২৫ জুলাইৰ পৰা ২০০৭ চনৰ ২৪ জুলাইলৈকে ভাৰতৰ ৰাষ্ট্ৰপতিৰুপে কাৰ্যনিৰ্বাহ।

এম এছ শুভলক্ষ্মী (১৫ ছেল্টেম্বৰ, ১৯১৬ – ১১ ডিচেম্বৰ, ২০০৪)

সম্পূৰ্ণ নাম মাদুৰাই শ্বানমুগাভাডিভু শুভলক্ষ্মী। শাস্ত্ৰীয় সংগীতৰ ভাৰতীয় শিল্পী। সংগীতৰ উপৰি বিভিন্ন সমাজ সেৱাতো উল্লেখযোগ্য অৱদান। পদ্মভূষণ, পদ্মবিভূষণ, ভাৰতৰত্ন (১৯৯৮) লাভ।

এম জি ৰামচন্দ্ৰন (১৯১৭-১৯৮৭)

চলচ্চিত্ৰ তাৰকাৰ পৰা ভাৰতৰ ৰাজনীতিবিদ। তামিলনাডুৰ মুখ্যমন্ত্ৰী। ১৯৮৮ চনত মৰণোত্তৰভাৱে ভাৰতৰত্ন।

এলেন অক্টেভিয়ান হিউম (১৮২৯-১৯১২)

ইংলেণ্ডত জন্ম; কাম কৰে ভাৰতত। ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠাতা (১৮৮৫)।

ঔৰংগজেৱে (১৬১৮-১৭০৭)

মোগল সম্ৰাট। এওঁৰ দিনতে মোগল সাম্ৰাজ্যৰ সীমা সবাতোকৈ বৃদ্ধি পায়। এওঁৰ মৃত্যুৰ পিছতে সাম্ৰাজ্য ভাঙিবলৈ ধৰে। পিতৃ চাহজাহানৰ বিৰুদ্ধে বিদ্ৰোহ কৰি ক্ষমতা দখল কৰিছিল।

কণিষ্ক

প্ৰাচীন ভাৰতৰ কুষাণ বংশৰ ৰজা। তেৱেঁই ৭৮ খ্ৰীষ্টাব্দত শক চনৰ আৰম্ভ কৰে।

কপিলদেৱ (জন্ম : ৬ জানুৱাৰী, ১৯৫৯)

সম্পূৰ্ণ নাম কল্পিঅদেৱ নিখাঞ্জ। ভাৰতৰ জনপ্ৰিয় ক্ৰিকেট অলৰাউণ্ডাৰ। ১৯৭৮-৭৯ ছিৰিজত পাকিস্তানৰ বিৰুদ্ধে ফয়জলাবাদ টেষ্টত আৱিৰ্ভাৱ। ১৯৯৪ চনত ৰিচাৰ্ড হেডলীৰ ৪৩১ টা টেষ্ট উইকেটৰ বিশ্বৰেকৰ্ড ভংগ কৰে। মুঠ লাভ কৰা উইকেট ৪৩৪। ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক। ১৯৯৪ চনত ক্ৰিকেটৰ পৰা অৱসৰ।

কপিলা ৱাৎস্যায়ন (জন্ম : ১৯২৮)

সংগীত-নৃত্যৰ শিল্পী ; লোক-সংস্কৃতি গৱেষক। লোককলাৰ ক্ষেত্ৰত আগবঢ়োৱা বৰঙণিৰ বাবে পদ্মশ্ৰী, শ্ৰীমন্ত শংকৰদেৱ বঁটা আদিৰ দৰে বঁটা-সন্মান লাভ।

কাৰ্ণম মালেশ্বৰী (জন্ম : ১৯৭৬)

ভাৰোত্তোলক। ২০০০ চনৰ ছিডনী অলিম্পিকত ভাৰোত্তোলনত ব্ৰঞ্জৰ পদক লাভ। অলিম্পিকত পদক লাভ কৰা প্ৰথম ভাৰতীয় মহিলা। বিশ্ব চেম্পিয়নশ্বিপৰ ৫৪ কেজি কেটেগৰীৰ ভাৰোত্তোলনত তিনিটা সোণৰ পদকেৰে বিশ্ব ৰেকৰ্ড।

কালিদাস

চন্দ্ৰগুপ্ত বিক্ৰমাদিত্যৰ ৰাজসভাৰ নৱৰত্নৰ শ্ৰেষ্ঠ ৰত্ন। ধ্ৰুপদী সংস্কৃত সাহিত্যৰ শ্ৰেষ্ঠ কবি, সাহিত্যিক আৰু নাট্যকাৰ। ৰচিত গ্ৰন্থ ‘অভিজ্ঞানম শকুন্তলম’, ‘মেঘদূত’, ‘মালবিকাগ্নিমিত্ৰ’ আদি।

কিৰণ দেশাই (জন্ম : ১৯৭১)

লেখিকা। আমেৰিকা যুক্তৰাষ্ট্ৰৰ কলম্বিয়া বিশ্ববিদ্যালয়ৰ সৃজনীশীল ৰচনাৰ ছাত্ৰী। ১৯৯৮ চনত প্ৰকাশ হয় তেওঁৰ প্ৰথম খন উপন্যাস ‘হুল্লাবালো ইন দা গুৱেভা অৰচাৰড’। ২০০৬ চনত কিৰণ দেশায়ে তেওঁৰ ‘দি ইনহেৰিটেন্স অব্‌ লছ’ উপন্যাসৰ বাবে লাভ কৰে বুকাৰ বঁটা। এই বঁটা লাভ কৰা তেওঁৱেই কনিষ্ঠতম লেখিকা।

কৃষ্ণ কান্ত (১৯২৭-২০০২)

গান্ধীবাদী নেতা, মুক্তি যুঁজাৰু। ১৯৯৭ চনৰ পৰা ২০০২ চনলৈ ভাৰতৰ উপৰাষত্ৰপতি।

কিৰণ বেদী (জন্ম : ৯ জুন, ১৯৪৯)

ভাৰতৰ প্ৰথম মহিলা আই পি এছ বিষয়া (১৯৭২)। চাৰিত্ৰিক দৃঢ়তা আৰু অধ্যৱসায় সৰ্বজন প্ৰশংসিত। এছিয়ান গেমছৰ প্ৰাক্তন টেনিছ চেম্পিয়ন। ১৯৯৫ চনত মেগছেছে বঁটা লাভ। ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষা অভিযানৰ বিশ্বৰ প্ৰথম মহিলা অসামৰিক উপদেষ্টা।

কে আৰ নাৰায়ণ (জন্ম : ২৭ অক্টোবৰ, ১৯২০, মৃত্যু : ৯ নৱেম্বৰ, ২০০৫)

ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি (১৯৯৭-২০০২)। সম্পূৰ্ণ নাম কোচেৰিল ৰমণ নাৰায়ন। বৈদেশি দপ্তৰৰ সচিব, লোকসভাৰ সদস্য ; পৰিকল্পনা, বৈদেশিক তথা প্ৰযুক্তি দপ্তৰৰ মন্ত্ৰী আছিল। জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য। ১৯৯২ চনৰ পৰা ১৯৯৭ চনলৈ ভাৰতৰ প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি।

কেলুচৰণ মহাপত্ৰ : (১৯২৬-২০০৪)

ইডিছি নৃত্য বিশাৰদ। বিশ্বনাথৰ নৃত্য শিল্পীৰ প্ৰশিক্ষণ আৰু ওডিছি নৃত্যৰ পুনৰ অভ্যুদয়ত বিশেষ কৃতিত্ব প্ৰদৰ্শন। পদ্মভূষণ, পদ্মশ্ৰী, কালিদাস সন্মান, শংকৰদেৱ বঁটা লাভ।

কৌটিল্য (খ্ৰীঃ পূঃ ৩৪০-৩০০)

‘অৰ্থশাস্ত্ৰ’ৰ প্ৰণেতা আৰু মৌৰ্য বংশৰ প্ৰতিষ্ঠাতা চন্দ্ৰগুপ্তৰ মন্ত্ৰী। প্ৰকৃত নাম চাণক্য বা বিষ্ণুগুপ্ত। ‘অৰ্থশাস্ত্ৰ’ ৰাষ্ট্ৰ পৰিচালনা সংক্ৰান্তীয় প্ৰামাণিক গ্ৰন্থৰুপে স্বীকৃত।

খান আব্দুল গফৰ খান (১৮৯০-১৯৮৮)

‘সীমান্ত গান্ধী’ নামেৰে খ্যাত। উত্তৰ-পশ্চিম সীমান্ত প্ৰদেশৰ পাঠান সকলৰ মাজত কৰা বহু জনহিতকৰ কামৰ বাবে বিখ্যাত। খোদা-ই-খিদমতগাৰ (ঈশ্বৰৰ ভৃত্য) আন্দোলনৰ অন্যতম প্ৰবক্তা। ১৯৮৭ চনত ভাৰত ৰত্ন লাভ।

খুছৱন্ত সিং (জন্ম : ১৯১৫)

ভাৰতীয় সাংবাদিক তথা লেখক। ‘ইলাছট্ৰেটেড উইকলী’, ‘নেচনেল হেৰাল্ড’, ‘হিন্দুস্থান টাইমছ’ আদি সংবাদ পত্ৰৰ প্ৰাক্তন সম্পাদক। ১৯৬৯ চনৰ পৰা বিভিন্ন সংবাদ পত্ৰৰ নিয়মীয়া স্তম্ভলেখক।

গাংগুবাই হাংগল (১৯১৩ – ২০ জুলাই, ২০০৯)

কণ্ঠশিল্পী। ভাৰতীয় সংগীত জগতলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে বিভিন্ন বঁটা সন্মানেৰে বিভূষিত। পদ্মবিভূষণ, সংগীত নাটক একাডেমী বঁটা, শ্ৰীমন্ত শংকৰদেৱ বঁটা আদি লাভ।

গিৰীশ কাৰনাড (জন্ম : ১৯৩৮)

নাট্যকাৰ, চলচ্চিত্ৰ প্ৰযোজক, অভিনেতা। ১৯৯৮ চনত জ্ঞানপীঠ বঁটা লাভ। ইয়াৰ উপৰি সংগীত নাটক একাডেমী বঁটা, সাহিত্য অকাডেমী, পদ্মশ্ৰী, পদ্মভূষণ আদি সন্মান লাভ।

গুৰু নানক (১৪৬৯-১৫৩৯)

ধৰ্মগুৰু, সমাজ সংস্কাৰক, শিখ ধৰ্মৰ প্ৰচাৰক। সংস্কৃত, আৰবী আৰু পাৰ্চী ভাষাৰ শিক্ষা লাভ। ১৪৯৮ চন মানৰ পৰা শিখ ধৰ্ম প্ৰচাৰত ব্ৰতী। ভাৰতৰ উপৰি ইছিয়াৰ দেশ-বিদেশত শিখ ধৰ্মৰ প্ৰচাৰ। নানকৰ উপদেশ লিখি যোৱা গ্ৰন্থ খন হ’ল শিখ সকলৰ ধৰ্মগ্ৰন্থ ‘গ্ৰন্থচাহেব’।

গুলাজাৰীলাল নন্দ (১৮৯৮-১৯৯৮)

গান্ধীবাদী শ্ৰমিক নেতা। দুবাৰ ভাৰতৰ অস্থায়ী প্ৰধান মন্ত্ৰী (১৯৬৪, ১৯৬৬)। ১৯৯৭ চনত ভাৰতৰত্ন লাভ।

গোপাল কৃষ্ণ গোখ্‌লে (১৮৬৬-১৯১৫)

ৰাজনীতীবিদ, স্বাধীনতা সংগ্ৰামী। ১৯০৫ চনত ইণ্ডিয়ান ছচাইটিৰ প্ৰতিষ্ঠাতা।

গৌতম বুদ্ধ

বৌদ্ধ ধৰ্মৰ প্ৰৱৰ্তক তথা প্ৰচাৰক। খ্ৰীষ্টপূৰ্ব ৫৬৭-ত জন্ম। কপিলাবস্তুৰ ৰজা শুদ্ধোধন আৰু মায়াদেৱীৰ পুত্ৰ। প্ৰকৃত নাম সিদ্ধাৰ্থ। মানুহৰ যন্ত্ৰণা আৰু দুঃখ নিৰাময়াৰ উপায় বিচাৰি ৰাজপৰিয়ালৰ সকলো সুখ পৰিত্যাগ কৰি তপস্যাত মগ্ন হয়। খ্ৰীষ্টপূৰ্ব ৪৮৬-ত মৃত্যু।

গোবিন্দ বল্লভ পন্ত (১৮৮৭-১৯৬১)

ভাৰতৰ স্বাধীনতা আন্দোলনৰ অগ্ৰণী নেতা। ১৯৫৭ চনত ভাৰতৰত্ন লাভ।

চক্ৰৱৰ্তী ৰাজাগোপালাচাৰী (১৮৭৯-১৯৭২)

ৰাজনীতিবিদ। প্ৰথম ভাৰতীয় গৱৰ্ণৰ জেনেৰেল। স্বাধীন ভাৰতৰ প্ৰথম আৰু শেষ গৱৰ্ণৰ জেনেৰেল (১৯৪৮-৫০)। ৰাজাজী নামেৰে পৰিচিত।

চৰক

প্ৰাচীন ভাৰতৰ খ্যাতিমান চিকিৎসক। ‘চৰক সংহিতা’ৰ ৰচয়িতা।

চৰ্দাৰ বল্লভভাই পেটেল (১৯৭৫-১৯৫০)

স্বাধীনতা সংগ্ৰামী, স্বাধীন ভাৰতৰ প্ৰথম উপপ্ৰধান মন্ত্ৰী। ভাৰতৰ দেশীয় ৰাজ্যবোৰৰ সংযুক্তিত গুৰুত্বপূৰ্ণ ভূমিকা। ‘ভাৰতৰ লৌহ মানৱ’ (Iron Man of India) ৰুপে খ্যাত। ১৯৯১ চনৰ মৰণোত্তৰভাৱে ভাৰতৰত্ন লাভ।

চন্দ্ৰগুপ্ত মৌৰ্য

মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা। খ্ৰীষ্টপূৰ্ব ৩২১-ৰ পৰা খ্ৰীষ্টপূৰ্ব ২৯৭-লৈ ৰাজত্ব।  তেওঁৰ প্ৰধান মন্ত্ৰী আছিল চাণক্য।

চাণক্য

মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষথাতা চন্দ্ৰগুপ্তৰ মন্ত্ৰী। ‘অৰ্থশাস্ত্ৰ’ৰ প্ৰণেতা; কূটনীতিবিদ আৰু দাৰ্শনিক। প্ৰকৃত নাম বিষ্ণুগুপ্ত। কৌটিল্য নামেৰেও পৰিচিত। খ্ৰীষ্টপূৰ্ব তৃতীয়-চতুৰ্থ শতিকাৰ লোক।

(ডঃ) ছালিম আলি (১৮৯৬-১৯৮৭)

পক্ষী বিজ্ঞানী। The Bird Man of India নামে খ্যাত। পদ্মবিভূষণসহ (১৯৭৬) বহু সন্মান বিজয়ী। পক্ষী গৱেষণাত আন্তৰ্জাতিক খ্যাতি লাভ।

(পণ্ডিত) জৱাহৰলাল নেহৰু (১৪ নৱেম্বৰ, ১৮৮৯ – ২৭ মে’, ১৯৬৪)

ভাৰতৰ জাতীয় নেতা আৰু ৰাষ্ট্ৰনায়ক ; ভাৰতৰ প্ৰথম প্ৰধান মন্ত্ৰী (১৯৪৭-১৯৬৪) আৰু আধুনিক ভাৰতৰ ৰুপকাৰ। স্বাধীনতা সংগ্ৰামী ; মহাত্মা গান্ধীৰ ঘনিষ্ঠ সহযোগী। গণতন্ত্ৰ প্ৰেমী আৰু আন্তৰ্জাতিকতাবাদী ; বিজ্ঞান সন্মত পদ্ধতি আৰু আধুনিক প্ৰযুক্তিৰ পুৰোধা পুৰুষ। সুলেখক। ‘ডিছক’ভাৰী অব্‌ ইণ্ডিয়া’, ‘গ্লিম্পছেছ অব্‌ ৱৰ্ল্ড হিষ্ট্‌ৰী’ আদি প্ৰসিদ্ধ গ্ৰন্থৰ ৰচয়িতা।

জয়দেৱ

দ্বাদশ শতিকাৰ সংস্কৃত পণ্ডিত। ‘গীত গোবিন্দ’ৰ ৰচয়িতা।

জয়প্ৰকাশ নাৰায়াণ (১৯০২-১৯৭৯)

সমাজবাদী ভাবাপন্ন ৰাজনৈতিক নেতা; ‘লোকনায়ক’ নামেৰে জনপ্ৰিয়। স্বাধীনতা সংগ্ৰামী আৰু সমাজ সংস্কাৰক। জনতা পাৰ্টী গঠনৰ অন্যতম উদ্যোগক্তা। ১৯৯৯ চনত মৰণোত্তৰ ভাৱে ভাৰতৰত্ন লাভ।

(ডঃ) জাকিৰ হুছেইন (১৮৯৭-১৯৬৯)

ভাৰতৰ দ্বিতীয় উপ-ৰাষ্ট্ৰপতি আৰু তৃতীয় ৰাষ্ট্ৰপতি। জাতীয়তাবাদী নেতা আৰু শিক্ষাবিদ। ১৯৬৩ চনত ভৰতৰত্ন লাভ।

গিয়ানী জাইল সিং (১৯১৬-১৯৯৪)

ভাৰতৰ ৰাষ্ট্ৰপতি (১৯৮২-৮৭) ; স্বাধীনতা সংগ্ৰামী।

ঝুম্পা লাহিড়ী (জন্ম : ১৯৬৭)

লেখিকা। পুলিৎজাৰ বঁটা লাভ কৰা প্ৰথম ভাৰতীয় বংশোদ্ভৱ। নিউয়ৰ্কৰ বাসিন্দা ঝুম্পাই তেওঁৰ ‘ইণ্টাৰপ্ৰিটাৰ অব্‌ মেলাডিজ’ নামৰ গল্প সংকলনটিৰ বাবে ২০০০ চনৰ পুলিৎজাৰ বঁটা লাভ কৰে।

টিপু চুলতান (১৭৪৯-১৭৯৯)

মহীশূৰ (বৰ্তমান কৰ্ণাটকৰ) চুলতান। দুঃসাহসী, স্বাধীনচিতীয়া বীৰ। ইংৰাজৰ বশ্যতা স্বীকাৰ নকৰি যুদ্ধত লিপ্ত হয়। ১৭৯৯ চনত ইংৰাজৰ বিৰুদ্ধে যুদ্ধত মৃত্যু বৰণ কৰে।

টেনজিং নৰ্গে (১৯১৪-১৯৮৬)

এড্‌মাণ্ড হিলাৰীৰ লগত একেলগে প্ৰথম এভাৰেষত বিজয়ী (১৯৫৩)।

দাদা চাহেব ফাল্কে (৩০ এপ্ৰিল, ১৮৭০-১৬ ফেব্ৰুৱাৰী, ১৯৪৪)

ভাৰতৰ প্ৰথম চলচ্চিত্ৰ নিৰ্মাতা। ১৯১৩ চনত নিৰ্মাণ কৰে প্ৰথম খন ভাৰতীয় ছবি ‘ৰাজা হৰিশ্চচন্দ্ৰ’। তেওঁৰ অন্যান্য ছবি ‘লংকা দহন’, ‘কৃষ্ণ জন্ম’, ‘সৈৰেন্দৰী’, ‘শকুন্তলা’ আদি। ফাল্কেৰ মৃত্যুৰ পাছত ভাৰত চৰকাৰে  তেওঁৰ স্মৃতিত ‘দাদা চাহেব ফাল্কে’ বঁটা প্ৰদানৰ সিদ্ধান্ত লয় আৰু সেই মৰ্মে ১৯৬৯ চনৰ পৰা এই বঁটা প্ৰদান কৰি অহা হৈছে।

দাদাভাই নৌৰাজী (১৮২৫-১৯১৭)

ব্ৰিটিছ সংসদৰ প্ৰথম ভাৰতীয় সদস্য। সমাজবাদী নেতা আৰু স্বাধীনতা যুঁজাৰু।

দালাই লামা (জন্ম : ১৯৩৫)

তিব্বতৰ আধ্যাত্মিক নেতা। ১৯৮৯ চনত শান্তিৰ নোবেল বঁটা লাভ। ১৯৫৯ চনৰ পৰা ভাৰতৰ বাসিন্দা। প্ৰকৃত নাম টেনজিং গিয়াৎছো।

দিলীপ কুমাৰ (জন্ম : ১৯২২)

চলচ্চিত্ৰ অভিনেতা। ১৯৯৪ চনত দাদা চাহেব ফাল্কে বঁটা লাভ। অভিনীত ছবি : আন্দাজ, মোগল-ঈ-আজাম, গংগা-যমুনা, মধুমতী আদি। প্ৰকৃত নাম ইউছুফ খান।

ধীৰুভাই আম্বানি (২৮ ডিচেম্বৰ, ১৯৩২ – ৬ জুলাই, ২০০২)

শিল্পপতি। তেওঁ প্ৰতিষ্ঠা কৰা ‘ৰিলায়েঞ্চ কোম্পানী’ ভাৰতৰ বেচৰকাৰী খণ্ডৰ সৰ্ববৃহৎ কোম্পানী।

ধ্যান চান্দ (১৯০৫-১৯৭৯)

প্ৰকৃত নাম ধ্যান সিং। হকী খেলুৱৈ। ভাৰতীয় হকীৰ ‘যাদুকৰ’ নামে খ্যাত। ভাৰতৰ হৈ সৰ্বাধিক গ’ল দিয়াৰ ৰেকৰ্ড। ভাৰতীয় হকী দলৰ প্ৰাক্তন অধিনায়ক।

নাচিকেতা

(উপনিষদত) পৰম তত্ত্বজ্ঞানীৰুপে বৰ্ণিত বৈদিক ঋষি বিশেষে, গৌতমৰ পুত্ৰ ; (মহাভাৰতত) উদ্দালক ঋষিৰ পুত্ৰ।

নীলম সঞ্জীৱ ৰেড্ডী (১৯১৩-১৯৯৬)

স্বাধীনতা সংগ্ৰামী। ভাৰতৰ ষষ্ঠ ৰাষ্ট্ৰপতি (১৯৭৭-৮২)।

পাণিনি

সংস্কৃত ভাষাৰ ব্যাকৰণবিদ। এই ভাষাৰ নিয়ন্ত্ৰক ‘অষ্টাধ্যায়ী’ গ্ৰন্থৰ প্ৰণেতা। সুনিৰ্দিষ্ট জীৱন কাল জনা নাযায়। আনুমানিক খ্ৰীষ্টপূৰ্ব সপ্তম শতিকাৰ পৰা চতুৰ্থ শতিকাৰ মাজৰ সময়ৰ লোক।

পি টি উষা (জন্ম : ১৯৬৪)

ভাৰতীয় দৌৰবিদ। অলিম্পিপকৰ ফাইনেললৈ উন্নীত হোৱা প্ৰথম ভাৰতীয় মহিলা তথা পঞ্চম ভাৰতীয়। ১৯৮৪-ৰ অলিম্পিকত এশ ভাগৰ এভাগ সময়ৰ বাবে ব্ৰঞ্জৰ পদকৰ পৰা বঞ্চিত। সম্পূৰ্ণ নাম পিলাভুলাকান্দি থেক্কেপাৰাম্বিল ঊষা।

পি ভি নৰসিংহ ৰাও (২৮ জুন, ১৯২১ – ২৩ ডিচেম্বৰ, ২০০৪)

ৰাজনীতিবিদ, ভাৰতৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী। সম্পূৰ্ণ নাম পামুলাপাৰ্টি ভেংকট নৰসিংহ ৰাও। ১৯৯১ চনৰ পৰা ১৯৯৬ চনলৈকে ভাৰতৰ প্ৰধানমন্ত্ৰী।

প্ৰণয় ৰয় (জন্ম : ১৯৪৬)

পৰিসংখ্যা ভিত্তিক নিৰ্বাচন আৰু অন্যান্য বিষয় বিশ্লেষনত ভাৰতৰ অগ্ৰণী পাৰদৰ্শী ব্যক্তি (Psephologist)। টেলিভিছনৰ ভাষকাৰ। সতেজ, সবল সাক্ষাৎকাৰ গ্ৰহণ আৰু বুদ্ধিদ্দীপ্ত ব্যাখ্যাৰে দৈনন্দিন সংবাদকো এক চমকপ্ৰদ বিনোদন কৰাত বিশেষ কৃতিত্ব। ‘পদ্মশ্ৰী’ সন্মানেৰে অলংকৃত।

প্ৰতিভা পাটিল ( জন্ম : ১৯ ডিচেম্বৰ, ১৯৩৪)

ৰাজনীতিবিদ। প্ৰাক্তন ভাৰতৰ ৰাষ্ট্ৰপতি। মাহাৰাষ্ট্ৰৰ জলগাঁৱত জন্ম। আইনৰ স্নাতক। বিভিন্ন সমাজসেৱা মূলক কামত আত্মনিয়োগ কৰা প্ৰতিভা পাটিল ১৯৬২ চনত প্ৰথমবাৰ মহাৰাষ্ট্ৰ বিধান সভালৈ নিৰ্বাচিত হয়। ১৯৮৬ চনত দুবছৰৰ বাবে ৰাজ্য সভাৰ উপাধ্যক্ষা। ১৯৯১ চনত লোক সভাৰ সদস্য। ২০০৪ চনত ৰাজস্থানৰ ৰাজ্যপাল। ২০০৭ চনৰ ২৪ জুলাইৰ পৰা বৰ্তমানলৈকে ভাৰতৰ ৰাষ্ট্ৰপতিৰুপে কাৰ্যনিৰ্বাহ।

বৰাহগিৰি ভেংকটগিৰি (১৮৯৪-১৯৮০)

ভাৰতৰ তৃতীয় উপ-ৰাষ্ট্ৰপতি (১৯৬৭-১৯৬৯) আৰু চতুৰ্থ ৰাষ্ট্ৰপতি (১৯৬৯-১৯৭৮)। শ্ৰমিক সংগঠক। ১৯৭৫ চনত ‘ভাৰতৰত্ন’ সন্মান লাভ।

বাছেন্দ্ৰী পাল (জন্ম : ১৯৫৬)

এভাৰেষ্ট শৃংগ বিজয়ী ভাৰতৰ প্ৰথম আৰু বিশ্বৰ পঞ্চম মহিলা (১৯৮৪)।

বাণভট্ট

সংস্কৃত কবি, সাহিত্যিক। ‘হৰ্ষ চৰিত’ৰ ৰচয়িতা। কাদম্বৰী’ তেওঁৰ আন এখন উল্লেখযোগ্য পুথি।

বাবৰ (১৪৮৩-১৫৩০)

সম্পূৰ্ণ নাম জাহিৰ-উদ-দিন মহম্মদ বাবৰ। মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা। প্ৰায় তিনি শতিকা জুৰি এই সাম্ৰাজ্যই উত্তৰ ভাৰত শাসন কৰে।

বাবা আমতে (২৪ ডিচেম্বৰ, ১৯১৪-২০০৮)

সমাজকৰ্মী। কুষ্ঠৰোগী আৰু জনজাতি সকলৰ পদ্মভূষণ, মেগছেছে পুৰস্কাৰ, টেম্পলটন পুৰস্কাৰ লাভ। সম্পূৰ্ণ নাম মুৰলীধৰ দেবীদাস আমতে।

বাল গংগাধৰ তিলক (১৮৫৬-১৯২০)

স্বাধীনতা যুঁজাৰু। ‘স্বৰাজ মোৰ জন্ম স্বত্ব’ শীৰ্ষক বিপ্লৱী বাণীৰে জনগণক ইংৰাজৰ বিৰুদ্ধে জগাই তুলিছিল। ৬ বছৰ ব্ৰহ্মদেশত (ম্যানমাৰ) নিৰ্বাসন ভুগিছিল। ৰচিত গ্ৰন্থ ‘গীতা ৰহস্য’।

(ডঃ) বি আৰ আম্বেডকাৰ (১৮৯১-১৯৫৬)

সম্পূৰ্ণ নাম ভীমৰাও ৰামজী আম্বেডকাৰ। সমাজসেৱী, ৰাজনীতিবিদ, লেখক, শিক্ষাবিদ আৰু সংবিধান-বিশেষজ্ঞ। ভাৰতীয় সংবিধানৰ অন্যতম প্ৰণেতা। ১৯৯০ চনৰ মৰণোত্তৰ ভাৱে ‘ভাৰতৰত্ন’ সন্মান লাভ।

বিজয় অমৃতৰাজ (জন্ম : ১৯৩৫)

টেনিছ খেলুৱৈ। তিনিবাৰকৈ ‘হল অব্‌ ফেম’ টেনিছ জয়ী একমাত্ৰ খেলুৱৈ। ডেভিছ কাপত এসময়ত ভাৰতৰ অধিনায়ক। হলিউডৰ চলচ্চিত্ৰ আৰু টেলিভিছন ধাৰাবাহিকৰ অভিনেতা।

বিজয়লক্ষ্মী পণ্ডিত (১৯০০-১৯৯০)

প্ৰথম ভাৰতীয় মহিলা মন্ত্ৰী (উত্তৰ প্ৰদেশ, ১৯৩৬)। জৱাহৰলাল নেহৰুৰ ভনীয়েক। ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ প্ৰথম মহিলা অধ্যক্ষ (১৯৫৩)। স্বাধীনতা সংগ্ৰামী।

বিক্ৰমাদিত্য

গুপ্ত সাম্ৰাজ্যৰ শ্ৰেষ্ঠ ৰজা। আচল নাম স্বিতীয় চন্দ্ৰগুপ্ত। বিক্ৰমাদিত্য তেওঁ গ্ৰহণ কৰা উপাধিহে। তেওঁৰ শাসন কালছোৱাক গুপ্ত সাম্ৰাজ্যৰ সোণালী যুগ বুলি কোৱা হয়। ৰাজত্বকাল ৩৮০-৪১৫ খ্ৰীষ্টাব্দ।

বিশ্বনাথৰ আনন্দ (জন্ম: ১১ ডিচেম্বৰ, ১৯৬৯)

দবা খেলুৱৈ। বিশ্ব দবাৰ দ্বিতীয় স্থানাধিকাৰী। সকলো ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত জয়ী হোৱাৰ দুৰ্লভ কৃতিত্বৰ অধিকাৰী। ১৯৮৫ চনত অৰ্জুন বঁটা আৰু ১৯৮৮ চনত পদ্মশ্ৰী সন্মান লাভ।

বিনোৱা ভাৱে (১৮৯৫-১৯৮২)

গান্ধীবাদী নেতা। ভূমিহীন মাটি দিয়াৰ বাবে ভূদান আন্দোলনৰ নেতৃত্ব দিয়ে। মৰণোত্তৰভাৱে ‘ভাৰতৰত্ন’ সন্মান লাভ কৰে (১৯৮৩)। মেগছেছে বঁটা লাভ (১৯৫৫)।

ভগ্নী নিবেদিতা (১৮৬৭-১৯১১)

আয়াৰলেণ্ডৰ মহিলা। প্ৰকৃত নাম মাৰ্গাৰেট এলিজাবেথ নোবেল। স্বামী বিবেকানন্দৰনুগামী। বিবেকানন্দই ‘নিবেদিতা’ নাম দিয়ে। ভাৰতীয় নাৰীৰ মুক্তিৰ বাবে কৰা সংগ্ৰামৰ ববে প্ৰখ্যাত। ১২ ছৰ কাল ভাৰতত আছিল।

ভি পি সিং (জন্ম ; ২৫ জুন, ১৯৩১ মৃত্যু : ২৭ নৱেম্বৰ, ২০০৮)

ৰাজনীতিবিদ। ১৯৮৯ চনৰ পৰা ১৯৯০ চনলৈ ভাৰতৰ প্ৰধান মন্ত্ৰী। সম্পূৰ্ণ নাম বিশ্বনাথ প্ৰতাপ সিং।

মকবুল ফিদা হুছেইন (জন্ম : ১৯১৫)

চিত্ৰকৰ। ৰজ্যসভাৰ সদস্য।

মদন মোহন মালব্য (১৮৬১-১৯৪৬)

দেশপ্ৰেমিক, জাতীয় নেতা আৰু সমাজ সংস্কাৰক। কংগ্ৰেছৰ নেতা। হিন্দু মহাসভা (১৯০৬) আৰু বেনাৰছ হিন্দু বিশ্ববিদ্যালয়ৰ (১৯১৬) প্ৰতিষ্ঠাতা।

(ডঃ) মনমোহন সিং (জন্ম : ২৬ ছেপ্টেম্বৰ, ১৯৩২)

ভাৰতৰ প্ৰাক্তন বিত্তমন্ত্ৰী (১৯৯১-৯৬)। প্ৰাক্তন প্ৰধান মন্ত্ৰী ভাৰতৰ। ভাৰতৰ নতুন অৰ্থনৈতিক নীতিৰ প্ৰবক্তা। আন্তৰ্জাতিক পুঁজিক উৎসাহিত কৰাৰ বাবে বিখ্যাত।

মহত্মা গান্ধী (২ অক্টোবৰ, ১৮৬৯ – ৩০ জানুৱাৰী, ১৯৪৮)

আধুনিক ভাৰতৰ পিতৃ। গুজৰাটৰ পোৰবন্দৰত জন্ম। সম্পূৰ্ণ নাম মোহনদাস কৰমচান্দ গান্ধী। কুৰি শতিকাৰ এজন শ্ৰেষ্ঠ ব্যক্তি। ১৮৯৩ চনৰ পৰা ১৯১৪ চনলৈ তেওঁ দক্ষিণ আফ্ৰিকাত ওকালতি কৰে। ভাৰতলৈ আহিয়েই তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰে। কংগ্ৰেছত যোগদান কৰি অসহযোগ আন্দোলন, আইন অমান্য আন্দোলন আদিৰ দ্বাৰা ব্ৰিটিছক ভাৰতক স্বাধীনতা প্ৰদান কৰিবলৈ বাধ্য কৰায়। তেওঁ সমাজৰ অস্পৃশ্য সকলৰ উন্নয়নৰ বাবে আৰু হিন্দু-মুছলমানৰ ঐক্যৰ বাবে কাম কৰে। তেওঁ এজন সুলেখকো। ৰচিত শ্ৰেষ্ঠ পুথি : ‘দি ষ্ট’ৰী অব্‌ মাই এক্সপেৰিমেণ্টছ্‌ উইথ ট্ৰুথ’।

মহম্মদ ৰফি (১৯২৪-১৯৮০)

নেপথ্য গায়ক। ভাৰতৰ বিভিন্ন ভাষাত প্ৰায় ২০,০০০ গীত গায়।

মহম্মদ হেদায়েতুল্লাহ (১৯০৫-১৯৯২)

ভাৰতৰ প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি (১৯৭৪-১৯৮৪) আৰু উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ (১৯৬৮-১৯৭০)।

মহাবীৰ

জৈন ধৰ্মৰ প্ৰতিষ্ঠাতা। আনুমানিক খ্ৰীষ্টপূৰ্ব ৫৯৯-ত জন্ম আৰু খ্ৰীষ্টপূৰ্ব ৫২৭-ত নিৰ্বাণ লাভ।

মাদাৰ টেৰেছা (১৯১০ – ৫ ছেপ্টেম্বৰ, ১৯৯৭)

সমাজ সেৱিকা। আলবেনিয়াত জন্ম। পিতৃদত্ত নাম এগনেছ গোন্‌চা বজাচিউ। ১৯২৮ চনত ভাৰতলৈ আহে। সমগ্ৰ জীৱন দুখীয়া, সম্বলহীন শিশু আৰু ৰোগীৰ সেৱাৰ কাৰণে উৎসৰ্গা কৰে। ১৯৭০ চনত পোপৰ শান্তি পুৰস্কাৰ, ১৯৭৮ চনত মেগছেছে পুৰস্কাৰ আৰু ১৯৭৯ চনত নোবেল শান্তি পুৰস্কাৰেৰে পুৰস্কৃত। ‘নিৰ্মল হৃদয়’ অনাথ আশ্ৰমৰ প্ৰতিষ্ঠাতা। ১৯৮০ চনত ভাৰতৰত্ন সন্মান লাভ।

মীৰা নায়াৰ (জন্ম : ১৯৫৭)

চলচ্চিত্ৰ পৰিচালিকা। প্ৰাসিদ্ধ চলচ্চিত্ৰ : ‘চালাম বম্বে’, ‘কামসূত্ৰ’, ‘মিচিচিপি মছালা’।

মুন্সী প্ৰেমচান্দ (১৮৮০-১৯৩৬)

উৰ্দু আৰু হিন্দী সাহিত্যৰ খ্যাতনামা লেখক। পিতৃদত্ত নাম ধনপত ৰায় শ্ৰীবাস্তৱ। তেওঁ নবাব ৰায় ছদ্মনামেৰে বহু গল্প, উপন্যাস ৰচনা কৰে। ৰচিত পুথি : ‘গোদান’, ‘সেৱাসদন’, ‘ৰংগমঞ্চ’, ‘নিৰ্মলা’ আদি।

মুলক্‌ ৰাজ আনন্দ (১৯০৫-২০০৪)

সাহিত্যিক। বহু বিখ্যাত গ্ৰন্থৰ ৰচয়িতা। প্ৰকাশিত পুথি : ‘কুলি’, ‘অচ্ছুৎ’ আদি।

মেধা পাটেকৰ (জন্ম : ১৯৫৬)

সমাজকৰ্মী তথা পৰিৱেশ বিশেষজ্ঞ। নৰ্মদা বচাও আন্দোলনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত। ১৯৯১ চনত ৰাইট লাইভলিহুড বঁটা লাভ।

মোৰাৰজী দেশাই (১৮৯৬-১৯৯৫)

ভাৰতৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী (১৯৭৭-১৯৭৯) তথা ৰাজনীতিবিদ। গান্ধীবাদী স্বাধীনতা সংগ্ৰামী। ১৯৯১ চনত ‘ভাৰতৰত্ন’ লাভ। সম্পূৰ্ণ নাম মোৰাৰজী ৰনছোড়জী দেশাই।

মৌলানা আবুল কালাম আজাদ (১৮৮৮-১৯৫৮)

ভাৰতীয় স্বাধীনতা সংগ্ৰামী, অনমনীয় জাতীয়তাবাদী। স্বাধীন ভাৰতৰ প্ৰথম শিক্ষামন্ত্ৰী। ১৯৯২ চনত মৰণোত্তৰভাৱে ‘ভাৰতৰত্ন’ সন্মান লাভ। প্ৰসিদ্ধ গ্ৰন্থ : ‘ইণ্ডিয়া উইনছ ফ্ৰিডম’।

(ডঃ) যশপাল (জন্ম : ১৯২৭)

ভাৰতীয় বিজ্ঞানী। বিশ্ববিদ্যালয় অনুদান অয়োগৰ প্ৰাক্তন অধ্যক্ষ।

ৰঞ্জিত সিংজী (১৮৬২-১৯৩৩)

প্ৰথম ভাৰতীয় টেষ্ট ক্ৰিকেট খেলুৱৈ। তেওঁৰ সবন্মানতেই ‘ৰঞ্জী ট্ৰফি’ খেলোৱা হয়।

(পণ্ডিত) ৰবি শংকৰ (জন্ম : ৭ এপ্ৰিল, ১৯২০)

চেতাৰবাদক। হিন্দুস্তানী সংগীতক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাত যথেষ্ট বৰঙণি আগবঢ়ায়। বহুতো ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় সন্মান আৰু বঁটাৰে বিভূষিত। ৰচিত পুথি ‘মাই লাইফ এণ্ড মাই মিউজিক’। ১৯৯৯ চনত ‘ভাৰতৰত্ন’ সন্মান লাভ।

ৰবীন্দ্ৰনাথ ঠাকুৰ (১৮৬১-১৯৪১)

কবি আৰু দাৰ্শনিক। ‘গীতাঞ্জলি’ ৰচনাৰ বাবে ১৯১৩ চনত সাহিত্যৰ নোবেল পুৰস্কাৰ লাভ। ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতৰ ৰচয়িতা। ‘শান্তি নিকেতন’ৰ প্ৰতিষ্ঠাতা। ভাৰতীয় সাহিত্যক বিশ্ব দৰবাৰলৈ লৈ যোৱাত বিশেষ বৰঙণি যোগায়। ৰচিত পুথি : ‘গোৰা’, ‘গীতাঞ্জলী’, ‘সোণাৰ তৰি’, ‘চৈতালী’, ‘কল্পনা’ আদি।

ৰাকেশ শৰ্মা (জন্ম : ১৯৫৪)

ভাৰতৰ প্ৰথম মহাকাশ যাত্ৰী। ১৯৮৪ চনত ভাৰত-ছোভিয়েট যুটীয়া সহযোগত মহাকাশলৈ যাত্ৰা কৰে।

ৰাজকাপুৰ (১৯২৪-১৯৮৮)

চলচ্চিত্ৰ পৰিচালক, প্ৰযোজক আৰু অভিনেতা। ১৯৮৭ চনত দাদা চাহেব ফাল্কে পুৰস্কাৰেৰে পুৰস্কৃত। প্ৰধান চলচ্চিত্ৰ: ‘আগ’, ‘বৰসাত’, ‘আৱাৰা’, ‘শ্ৰী ৪২০’, ‘জাগতে ৰহো’, ‘সংগম’ আদি।

ৰাজা ৰামমোহন ৰায়

বিশিষ্ট সমাজ সংস্কাৰক। ১৭৭৪ চনত জন্ম। সতীদাহ প্ৰথা, বাল্য বিবাহ আদি সমাজ সংস্কাৰৰ কাম কৰে। তেওঁৰ প্ৰচেষ্টাতেই সতীদাহ প্ৰথা বন্ধ হয়। ব্ৰাহ্ম সমাজৰ প্ৰতিষ্ঠাতা। সংস্কৃত, আৰবী, পাৰ্চী ভাষাৰ পণ্ডিত। ১৮৩৩ চনৰ ২৭ ছেপ্টেম্বৰত মৃত্যু।

(ডঃ) ৰাজাৰামান্না (জন্ম : ১৯২৬)

ভাৰতীয় পৰমাণুবিদ। ভাবা পাৰমাণৱিক গৱেষণা কেন্দ্ৰৰ প্ৰাক্তন সঞ্চালক, পৰমাণু শক্তি দপ্তৰৰ সচিব, আৰমাণিৱিক শক্তি আয়োগৰ অধ্যক্ষ (১৯৮৪)।

(ডঃ) ৰাজেন্দ্ৰ প্ৰসাদ (১৮৮৪-১৯৬৩)

স্বাধীন ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি (১৯৫০-১৯৬২) আৰু গান্ধীবাদী নেতা। ১৯৬২ চনত ‘ভাৰতৰত্ন’ লাভ।

ৰাজীৱ গান্ধী (১৯৪৪-১৯৯১)

ভাৰতৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী (১৯৮৪-১৯৮৯)। ভাৰতৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধীৰ পুত্ৰ। প্ৰথম অৱস্থাত পাইলট আছিল। পাইঅলটৰ পৰা আহি ৰাজনীতিত যোগ দিয়ে আৰু ১৯৮৪ চনত ভাৰতৰ প্ৰধান মন্ত্ৰী হয়।

ৰাণী লক্ষ্মীবাই (১৮৩৫-১৮৫৮)

ঝান্সিৰ ৰাণী। চিপাহী বিদ্ৰোহৰ এগৰাকী প্ৰধান নেত্ৰী। ১৮৫৮ চনত ইংৰাজৰ লগত যুদ্ধত মৃত্যু। তেওঁৰ সাহসিকতা আৰু বীৰত্বৰ বৃটেইনৰ ব’ডিচিয়া আৰু ফ্ৰান্সৰ জোৱান অব্‌ আৰ্কৰ লগত তুলনা কৰা হয়।

ৰাম মনোহৰ লোহিয়া (১৯১০-১৯৬৭)

সমাজবাদী নেতা, সাংসদ, সুবক্তা। খ্যাতিমান লেখক।

ৰামস্বামী ভেকংকটমন (জন্ম: ৪ ডিচেম্বৰ, ১৯১০, মৃত্যু : ২৭ জানুৱাৰী, ২০০৯)

স্বাধীনতা সংগ্ৰমী, আইনবিদ, সাংসদ তথা সুদক্ষ প্ৰশাসক। ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি (১৯৮৭-৯২) আৰু উপ-ৰাষ্ট্ৰপতি (১৯৮৪-৮৭)।

ৰাহুল সংকৃত্যায়ন (১৮৯৩-১৯৬৩)

পণ্ডিত আৰু হিন্দী ভাষাৰ লেখক। ‘ভলগা সে গংগা’, ‘মানৱ সমাহ’, ‘মেৰী জীৱনযাত্ৰা’ আদি গ্ৰন্থৰ ৰচয়িতা।

লতা মংগেশকাৰ (জন্ম : ১৯২৯)

কণ্ঠশিল্পী তথা চলচ্চিত্ৰৰ নেপথ্য গায়িকা। মাত্ৰ ১৩ বছৰ বয়সৰ পৰাই চলচ্চিত্ৰৰ নেপথ্য গায়িকা হিচাপে শিল্পী জীৱন আৰম্ভ কৰে। ভাৰতৰ প্ৰায় আটাইবোৰ ভাষাত ৩০,০০০ ৰো অধিক গীত গাই বিশ্ব ৰেকৰ্ড কৰে। ১৯৮৯ চনত দাদা চাহেব ফাল্কে বঁটা লাভ।

লাল বাহাদুৰ শস্ত্ৰী (১৯০৪ – ১১ জানুৱাৰী, ১৯৬৬)

ভাৰতৰ দ্বিতীয় প্ৰধান মন্ত্ৰী (১৯৬৪-৬৬)। অতি সাধাৰণ আৰু নিঃস্বাৰ্থ জীৱন-যাপন কৰা গান্ধীবাদী নেতা। ১৯৬৬ চনত মৰণোত্তৰভাৱে ‘ভাৰতৰত্ন’ লাভ।

লালা ৰাজপত ৰায় (১৮৬৫-১৯২৮)

পঞ্জাব কেশৰী নামেৰে খ্যাত। দেশপ্ৰেমিক আৰু স্বাধীনতা যুঁজাৰু।

লিয়েণ্ডাৰ পেজ (জন্ম : ১৯৭৪)

ভাৰতীয় টেনিছ খেলুৱৈ। ১৯৯৬ চনৰ অলিম্পিকত টেনিছত ব্ৰঞ্জৰ পদক লাভ। উইম্বলডনৰ পুৰুষৰ জুনিয়ৰ শাখাত চেম্পিয়ন (১৯৯০)।

শকুন্তকা দেৱী (জন্ম : ১৯৩৯)

গণিত শাস্ত্ৰৰ বন্দিত ব্যক্তিত্ব। ‘মানৱ কম্পিউটাৰ’ নামে খ্যাত। গণিতত অসাধাৰণ প্ৰতিভা।

শংকৰ দয়াল শৰ্মা (১৯১৮-২৬ ডিচেম্বৰ, ১৯৯৯)

ৰাজনীতিবিদ তথা ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি (১৯৯২-১৯৯৭)। কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক (১৯৪৬-৪৭)।

শচীন টেণ্ডুলকাৰ (জন্ম : ১৯৭৩)

ভাৰতীয় ক্ৰিকেট খেলুৱৈ। টেষ্ট ক্ৰিকেটত এহাজাৰ ৰান কৰা সৰ্বকনিষ্ঠ খেলুৱৈ (১৯ বছৰত)। ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক। সম্পূৰ্ণ নাম শচীন ৰমেন টেণ্ডুলকাৰ। বিশ্ব ক্ৰিকেটত ২০,০০০ ৰান কৰা প্ৰথম খেউৱৈ। ২০০৫ চনত শচীনে টেষ্ট ক্ৰিকেটত ৩৫ টা চেঞ্চুৰী কৰি সৰ্বাধিক টেষ্ট ক্ৰিকেট শতৰানকাৰীৰুপে অভিলেখ স্থাপন কৰে। এদিনীয়া ক্ৰিকেটৰ সৰ্বাধিক ৰাণ কৰোঁতা (১৪,১৪৬ ; ২০০৬ চনৰ ১৫ ফেব্ৰুৱাৰী পৰ্যন্ত), এদিনীয়া ক্ৰিকেটত সৰ্বাধিক শতৰাণ কৰোঁতা (৩৯ টা)।

শিৱাজী (১৬২৭-১৬৮০)

মাৰাঠা বীৰ সম্ৰাট। মোগল সম্ৰাট ঔৰংজেৱেও স্বীকৃতি প্ৰদান কৰে। ১৬৭৪ চনত সিংহাসনত আৰোহণ আৰু ছত্ৰপতি উপাধি গ্ৰহণ কৰে।

শ্বাহজাহান (১৫৯২-১৬৬৬)

মোগল সম্ৰাট। ১৫৯২ চনত জন্ম। অতি জাকজমকীয়াভাৱে জীৱন যাপন কৰে। পত্নী মমতাজৰ স্মৃতিত তাজমহল নিৰ্মাণ কৰে।

শ্বেৰ শ্বাহ

আফগান নেতা। হুমায়ুনক পৰাস্ত কৰি দিল্লীৰ সম্ৰাট হয়। আদৰ্শ প্ৰশাসক। ঘোঁৰাৰে ডাকসেৱা প্ৰচলন কৰে। পেছোৱাৰৰ পৰা কলকাতালৈ ভাৰতৰ সৰ্ববৃহৎ গ্ৰেণ্ড ট্ৰাংক ৰোড নিৰ্মাণ কৰে। আনুমানিক ১৪৮৬ চনত জন্ম আৰু ১৫৪৫ চনত মৃত্যু।

শ্যাম বেনেগাল (জন্ম : ১৯৩৪)

ভাৰতীয় চলচ্চিত্ৰ পৰিচালক। ‘আক্ৰোশ’, ‘ভাৰত এক খোজ’, ‘সুৰজ কা সাঁতৱা ঘোঁড়া’ আদি চলচ্চিত্ৰ আৰু টি ভি ধাৰাবাহিকৰ পৰিচালক।

সত্যজিত ৰায় (১৯২১-১৯৯২)

চলচ্চিত্ৰ পৰিচালক। ১৯৯২ চনত ‘ভাৰতৰত্ন’ আৰু বিশেষ অস্কাৰ বঁটা (১৯৯১) লাভ কৰে। উল্লেখযোগ্য ছবি : ‘পথেৰ পাঁচালি’, ‘চাৰুলতা’, ‘অপৰাজিতা’ আদি।

সৰ্বপল্লী ৰাধাকৃষ্ণণ (১৮৮৮-১৯৭৫)

দাৰ্যনিক আৰু শিক্ষাবিদ। ভাৰতৰ প্ৰথম উপ-ৰাষ্ট্ৰপতি আৰু দ্বিতীয় ৰাষ্ট্ৰপতি (১৯৬২-৬৭)। কিছুকাল অক্সফোৰ্ড বিশ্ববিদ্যালয়ত অধ্যাপনা। ১৯৫৪ চনত ‘ভাৰতৰত্ন’ সন্মান আৰু ১৯৭৫ চনত টেমপ্লেটন বঁটা লাভ। ৰচিত পুথি : ‘ইণ্ডিয়ান ফিল’ছফি’, ‘ভাগৱত গীতা’ (অনু.), ‘হিন্দু ভিউ অব্‌ লাইফ’ আদি।

সুন্দৰলাল বহুগুণা (জন্ম : ৯ জুন, ১৯২৭)

গান্ধীবাদী ব্যক্তি, পৰিৱেশবিদ। অস্পৃশ্যতা আৰু দাসত্বৰ বিৰুদ্ধে একনিষ্ঠ সংগ্ৰামী। চিপকো (গছ কটা বিৰোধী আন্দোলন) আন্দোলন আৰু তেহাৰী বান্ধ সজাৰ বিৰুদ্ধে কৰা দীৰ্ঘ অনশনৰ বাবে প্ৰখ্যাত।

সুচেতা কৃপালিনী (১৯০৮-১৯৭৪)

স্বাধীন ভাৰতৰ প্ৰথম মহিলা মুখ্য মন্ত্ৰী (উত্তৰ প্ৰদেশৰ, ১৯৬৩-৬৭)। স্বাধীনতা যুঁজাৰু।

সুনীল মনোহৰ গাভাস্কাৰ (জন্ম: ১৯৪৯)

ক্ৰিকেট খেলুৱৈ। টেষ্ট ক্ৰিকেটত ১০,০০০ ৰান কৰি বিশ্ব ৰেকৰ্ড আৰু ৩৪ টা চেঞ্চুৰী (বিশ্ব ৰেকৰ্ড) কোৱায়। পাছত অৱশ্যে ১০,০০০ ৰানৰ বিশ্ব ৰেকৰ্ড অষ্ট্ৰেলিয়াৰ এলান বৰ্ডৰে আৰু ৩৪ চেঞ্চুৰীৰ বিশ্ব ৰেকৰ্ড ভাৰতৰ শচীন টেণ্ডুলকাৰে ভংগ কৰে।

সুভাষ চন্দ্ৰ বসু ( জন্ম: ২৩ জানুৱাৰী, ১৮৯৭)

জাতীয়তাবাদী নেতা। দুবাৰকৈ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি নিৰ্বাচিত। ‘ফৰৱাৰ্ড ব্লক’ৰ প্ৰতিষ্ঠাতা। ১৯৪৩ চনত ‘আজাদ হিন্দ ফৌজ’ৰ সৰ্বাধিনায়ক। ‘নেতাজী’ আখ্যাৰে জনপ্ৰিয়। ১৯৪৫ চনৰ ১৮ আগষ্টত মৃত্যু বুলি কোৱা হয় যদিও এই সম্পৰ্কে প্ৰকৃত তথ্য এতিয়াও অজ্ঞাত।

সৰোজিনী নাইডু (১৮৭৯-১৯৪৯)

‘ভাৰতৰ নাইটিংগেল’ নামেৰে খ্যাত। ভাৰতৰ প্ৰথম মহিলা ৰাজ্যপাল। কবি আৰু স্বাধীনতা যুঁজাৰু। ৰচিত পুথি : ‘গ’ল্ডেন থ্ৰেছল্ড’, ‘ৱাৰ্ড অব্‌ টাইম’, ‘ব্ৰ’কেন উইং’।

স্বামী বিবেকানন্দ (১৮৬৩-১৯০২)

হিন্দু ধৰ্মৰ প্ৰচাৰক, দাৰ্শনিক আৰু সমাজ সংস্কাৰক। প্ৰকৃত নাম নৰেন্দ্ৰনাথ দত্ত। চিকাগোৰ বিশ্ব ধৰ্ম সন্মিলনত বক্তৃতা প্ৰদান কৰি হিন্দু ধৰ্মৰ শ্ৰেষ্ঠত্বৰ প্ৰমাণ দাঙি ধৰে। ৰামকৃষ্ণ পৰমহংসৰ প্ৰিয় শিষ্য। ‘ভক্তি যোগ’, ‘জ্ঞানযোগ’ আদি গ্ৰন্থৰ প্ৰণেতা।

হুমায়ুন (১৫০৮-১৫৫৬)

মোগলৰ দ্বিতীয় সম্ৰাট। আকবৰৰ পিতৃ।

ক্ৰম অনুসৰি ভাৰতীয় সেনা বিষয়াৰ পদবীসমূহ

স্থল বাহিনী

নৌ বাহিনী

বায়ু বাহিনী

জেনেৰেল

এড্‌মিৰেল

এয়াৰ চিফ মাৰ্ছাল

লেফ্‌টেনেণ্ট জেনেৰেল

ভাইচ এড্‌মিৰেল

এয়াৰ মাৰ্ছাল

মেজৰ জেনেৰেল

ৰিয়াৰ এড্‌মিৰেল

এয়াৰ ভাইছ মাৰ্ছাল

ব্ৰিগেদিয়াৰ

কমোদোৰ

এয়াৰ ম্মোদোৰ

কৰ্ণেল

কেপ্টেইন

গ্ৰুপ কেপ্টেইন

লেফ্‌টেনেণ্ট কৰ্ণেল

কমাণ্ডাৰ

উইং কামাণ্ডাৰ

মেজৰ

লেফ্‌টেনেণ্ট কামাণ্ডাৰ

স্কোৱাদ্ৰেন লিডাৰ

কেপ্টেইন

লেফ্‌টেনেণ্ট

ফ্লাইট লেফ্‌টেনেণ্ট

লেফ্‌টেনেণ্ট

ছাব লেফ্‌টেনেণ্ট

ফ্লাইং অফিচাৰ

ছেকেণ্ড লেফ্‌টেনেণ্ট

এক্টিং ছাব লেফ্‌টেনেণ্ট

পাইলট অফিচাৰ

 

লেখক: শান্তনু কৌশিক বৰুৱা

লেখিকা: প্ৰীতিমা কৌশিক বৰুৱা

উৎস: নতুন জানানে

2.9756097561
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top