অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কেইটামান বিদ্যায়তনিক আৰু জাতীয় অনুষ্ঠান

সম সাহিত্য সভা

পৰিচিতি

অসমীয়া ভাষা, সাহিত্য আৰু সংস্কৃতিৰ উন্নতি সাধনৰ অৰ্থে গঠিত অসামৰ বৃহৎ সাহিত্যিক আৰু সাংস্কৃতিক অনুষ্ঠান অসম সাহিত্য সভা। ১৯১৭ চনৰ ২৬ ডিচেম্বৰত পদ্মনাথ গোহাঞি বৰুৱাৰ সভাপতিত্বত অসম সাহিত্য সভাৰ প্ৰথম অধিবেশন অনুষ্ঠিত হয়। তেতিয়া ইয়াৰ নাম আছিল ‘সদৌ আসাম সাহিত্য সন্মিলন’। ১৯২৪ চনৰ ৫ মে’ত ই আসাম সাহিত্য সভা হিচাপে পঞ্জীয়ন ভূক্ত হয় আৰু ১৯৪৪ চনত সভাৰ নাম ‘অসম সাহিত্য সভা’ কৰা হয়।

উদ্দেশ্য

অসমীয়া ভাষা-সাহিত্য আৰু সংস্কৃতিৰ সৰ্বাংগীণ উন্নতি কৰা, অসমৰ থলুৱা ভাষা- সাহিত্য, সংস্কৃতিৰ উন্নয়নৰ বাবে কাম কৰাই হ’ল অসম সাহিত্য সভাৰ উদ্দেশ্য।

প্ৰতীক

অসম সাহিত্য সভাৰ বৰ্তমানৰ প্ৰতীকটো ১৯৬০ খ্ৰীষ্টাব্দৰ ২৮ অক্টোবৰত গ্ৰহণ কৰা হয়। প্ৰতীকটো আঁকিছিল শিল্পী যুগল দাসে। প্ৰতীকটো এনেধৰণৰ : এখন ঠগাত থকা সাঁচিপতীয়া পুথিৰ ওপৰত মাটিৰ চাকি, তাৰ চাৰিওফালে ‘চিৰ চেনেহী মোৰ ভাষা জননী’ লিখা আছে, তলত এটি তৰা। ঠগাৰ তলৰ ভূমিত ‘অসম সাহিত্য সভা’ লিখা আছে। প্ৰতীকৰ বেদীত অসম সাহিত্য সভা নামটো থাকি সভাক ধৰি ৰাখিছে।

সংগীত

লাক্ষ্মীনাথ বেজবৰুৱাৰ ‘অসম সংগীত’ৰ প্ৰথম স্তৱকটি সভাৰ পতাকা-উত্তোলনৰ গীত হিচাপে ব্যৱহাৰ কৰা হয়। মিত্ৰদেৱ মহন্ত ৰচিত ‘চিৰ চেনেহী মোৰ ভাষা জনজী। গীতটি সভাৰ অনুষ্ঠানৰ আৰম্ভণি গীত হিচাপে আৰু লক্ষ্মীনাথ বেজবৰুৱাৰ ‘অ’ মোৰ আপোনাৰ দেশ’ গীতটি সভাৰ সামৰণি গীত হিচাপে ব্যৱহাৰ কৰা হয়।

১৯৩৩ চনত অসম সাহিত্য সভাই ইয়াৰ প্ৰকাশন গোটৰ পৰা ‘চন্দ্ৰকান্ত অভিধান’ প্ৰকাশ কৰি উলিয়ায়। সভাই অসমীয়া ভাষা-সাহিত্য আৰু সংস্কৃতি সম্বন্ধীয় প্ৰায় আঢ়ৈশ খন মূল্যবান পুতি প্ৰকাশ কৰাৰ লগতে প্ৰথম অসমীয়া শিশু বিশ্বকোষৰ (‘শিশু জ্ঞানকোষ’) পাঁচটা খণ্ড প্ৰকাশ কৰি উলিয়াইছে। তদুপৰি অসম সাহিত্য সভাৰ মুখপত্ৰ ‘অসম সাহিত্য সভা পত্ৰিকা’ প্ৰকাশ কৰে।

২০০১ চনৰ পৰা সভাই এলানি অসমীয়া বিষয়-বিশ্বকোষ প্ৰকাশৰ এক অভিলাসী আঁচনি গ্ৰহণ কৰে আৰু সেই অনুসৰি বৰ্তমান লৈকে বিজ্ঞান, সাহিত্য, ইতিহাস, সমাজ আৰু সংস্কৃতি বিষয়ৰ নখন বিশ্বকোষ প্ৰকাশ কৰি উলিয়াইছে। ইয়াৰ পাছত পৰ্যায় ক্ৰমে সুকুমাৰ কলা, চিকিৎসা বিজ্ঞান, সংগীত আদি বিভিন্ন বিষয়ৰ বিশ্বকোষ প্ৰকাশৰ কাম কৰা হ’ব। অসম সাহিত্য সভাৰ শতবাৰ্ষিকী উৎসৱ উদ্‌যাপনৰ সময়তে বা তাৰ আগতে আটাইবোৰ বিষয়ৰ বিশ্বকোষ প্ৰকাশ হৈ ওলোৱাৰ কথা।

সভাই অনা-অসমীয়া সকলৰ বাবে প্ৰাথমিক, মাধ্যমিক, প্ৰাক্‌-মাধ্যমিক, প্ৰাক্‌ ভাৰতী আৰু ভাৰতী এই পাঁৱটা ভাগত অসমীয়া ভাষা-জ্ঞান পৰিচালনা কৰে। প্ৰতিবছৰে (বৰ্তমানে প্ৰতি বছৰৰ মূৰত) বিশাল আয়োজনেৰে অনুষ্ঠিত সভাৰ অধিবেশন সমূহ অসমৰ এক উল্লেখযোগ্য তথ্য জনপ্ৰিয় অনুষ্ঠান ৰুপে পৰিগণিত হৈছে।

অসম সাহিত্য সভাৰ সভাপতি সকল (১৯১৭-২০০৯)

নাম

অধিৱেশন অনুষ্ঠিত হোৱা ঠাই

চন

পদ্মনাথ গোহাঞি বৰুৱা

শিৱসাগৰ

ডিচেম্বৰ, ১৯১৭

চন্দ্ৰধৰ বৰুৱা

গোৱালপাৰা

ডিচেম্বৰ, ১৯১৮

কালিৰাম মেধি

বৰপেটা

ডিচেম্বৰ, ১৯১৯

হেমচন্দ্ৰ গোস্বামী

তেজপুৰ

ডিচেম্বৰ, ১৯২০

অমৃত ভূষণ দেৱ অধিকাৰী

যোৰহাট

মাৰ্চ / এপ্ৰিল, ১৯২৩

কনকলাল বৰুৱা

ডিব্ৰুগড়

এপ্ৰিল, ১৯২৪

লক্ষ্মীনাথ বেজবৰুৱা

গুৱাহাটী

ডিচেম্বৰ, ১৯২৪

ৰজনীকান্ত বৰদলৈ

নগাঁও

ডিচেম্বৰ, ১৯২৫

বেণুধৰ ৰাজখোৱা

ধুবুৰী

অক্টোবৰ, ১৯২৬

তৰুণৰাম ফুকন

গোৱালপাৰা

অক্টোবৰ, ১৯২৭

কমলাকান্ত ভট্টাচাৰ্য

যোৰহাট

মাৰ্চ, ১৯২৯

মফিজুদ্দিন আহমদ হাজৰিকা

গোলাঘাট

মাৰ্চ, ১৯৩০

নগেন্দ্ৰ নাৰায়ণ চৌধুৰী

শিৱসাগৰ

ডিচেম্বৰ, ১৯৩১

জ্ঞানদাভিৰাম বৰুৱা

উত্তৰ লখিমপুৰ

ডিচেম্বৰ, ১৯৩৩

আনন্দ চন্দ্ৰ আগৰৱালা

মঙলদৈ

ডিচেম্বৰ, ১৯৩৪

ৰধুনাথ চৌধাৰী

তেজপুৰ

এপড়িল, ১৯৩৬

কৃষ্ণকান্ত সন্দিকৈ

গুৱাহাটী

ডিচেম্বৰ, ১৯৩৭

ময়িদুল ইছলাম বৰা

যোৰহাট

ডিচেম্বৰ, ১৯৪০

নীলমণি ফুকন

শিৱসাগৰ

অক্টোবৰ, ১৯৪৪

নীলমণি ফুকন

ডিব্ৰুগড়

এপ্ৰিল, ১৯৪৭

অম্বিকাগিৰি ৰায়চৌধাৰী

মাৰ্ঘেৰিটা

মাৰ্চ, ১৯৫০

সূৰ্য কুমাৰ ভূঞা

শ্বিলং

নৱেম্বৰ, ১৯৫৩

নলিনীবালা দেৱী

যোৰহাট

১ জানুৱাৰী, ১৯৫৪

যতীন্দ্ৰ নাথ দুৱাৰা

গুৱাহাটী

ডিচেম্বৰ, ১৯৫৫

বেণুধৰ শৰ্মা

ধুবুৰী

ডিচেম্বৰ, ১৯৫৬

পদ্মধৰ চলিহা

তিনিচুকীয়া

১৯৫৮

অতুল চন্দ্ৰ হাজৰিকা

নগাঁও

১৯৫৯

ত্ৰৈলোক্য নাথ গোস্বামী

মিৰ্জা, পলাশবাৰী

১৯৬০

ত্ৰৈলোক্য নাথ গোস্বামী

গোৱালপাৰা

১৯৬১

ৰত্নকান্ত বৰকাকতি

নাজিৰা

১৯৬৩

মিত্ৰদেৱ মহন্ত

ডিগবৈ

১৯৬৪

ডিম্বেশ্বৰ নেওগ

নলবাৰী

১৯৬৫

বিনন্দ চন্দ্ৰ বৰুৱা

উত্তৰ লখিমপুৰ

১৯৬৬

নকুল চন্দ্ৰ ভূঞা

ডিব্ৰুগড়

১৯৬৭

জ্ঞাননাথ বৰা

তেজপুৰ

১৯৬৮

আনন্দ চন্দ্ৰ বৰুৱা

বৰপেটা

১৯৬৯

উপেন্দ্ৰ চন্দ্ৰ লেখাৰু

ধিং

১৯৭০

তীৰ্থনাথ শৰ্মা

মাকুম

১৯৭১

হেম বৰুৱা

ধুবুৰী

১৯৭২

গিৰিধৰ শৰ্মা

ৰঙিয়া

১৯৭৩

মহেশ্বৰ নেওগ

মঙলদৈ

১৯৭৪

সত্যেন্দ্ৰ নাথ শৰ্মা

তিতাবৰ

১৯৭৫

যজ্ঞেশ্বৰ শৰ্মা

টিহু

১৯৭৬

চৈয়দ আব্দুল মালিক

অভয়াপুৰী

১৯৭৭

প্ৰসন্নলাল চৌধুৰী

গোলাঘাট

১৯৭৮

অতুল চন্দ্ৰ বৰুৱা

শুৱালকুছি

১৯৭৯

যতিন্দ্ৰনাথ গোস্বামী

ৰহা

১৯৮০

সীতানাথ ব্ৰহ্মচৌধুৰী

তিনিচুকীয়া

১৯৮১

সীতানাথ ব্ৰহ্মচৌধুৰী

ডিফু

১৯৮২

বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য

বঙাইগাঁও

১৯৮৩

যোগেশ দাস

বিহপুৰীয়া

১৯৮৫

বীৰেন বৰকটকী

কামপুৰ

১৯৮৬

মহেন্দ্ৰ বৰা

পাঠশালা

১৯৮৭

কীতিনাথ হাজৰিকা

হাইলাকান্দি

১৯৮৮

মহিম বৰা

ডুমডুমা

১৯৮৯

নৱকান্ত বৰুৱা

বিশ্বনাথ চাৰিআলি

১৯৯০

নিৰ্মল প্ৰভা বৰদলৈ

দুধনৈ

১৯৯১

লক্ষ্যধৰ চৌধুৰী

গোৰেশ্বৰ

১৯৯২

ভূপেন হাজৰিকা

শিৱসাগৰ

১৯৯৩

লীলা গগৈ

মৰিগাঁও

১৯৯৪

হিতেশ ডেকা

সৰ্থেবাৰী

১৯৯৫

লক্ষ্মীনন্দন বৰা

বোকাখাত

১৯৯৬

নগেন শইকীয়া

বিলাসীপাৰা

১৯৯৭

নগেন শইকীয়া

হাওৰাঘাট

১৯৯৮

চন্দ্ৰ প্ৰসাদ শইকীয়া

হাজো

১৯৯৯

চন্দ্ৰ প্ৰসাদ শইকীয়া

যোৰহাট

২০০০

হোমেন বৰগোহাঞি

ডিব্ৰুগড়

২০০১

হোমেন বৰগোহাঞি

কলগাছিয়া

২০০২

বীৰেন্দ্ৰ নাথ দত্ত

উত্তৰ লক্ষিমপুৰ

২০০৩

বীৰেন্দ্ৰ নাথ দত্ত

হোজাই

২০০৪

কনকসেন ডেকা

ছিপাঝাৰ

২০০৫

কনসেন ডেকা

বেলশৰ

২০০৬

কনকসেন ডেকা

চাপৰ

২০০৭

কনকসেন ডেকা

দক্ষিণপাট

২০০৮

ৰং বং তেৰাং

ধেমাজি

২০০৯

 

বৈঠালাংছা

২০১০

 

দেৰগাঁও

২০১১

  • ১৯৯৯ চনৰ পৰা অসম সাহিত্য সভাৰ সভাপতিৰ কাৰ্যকাল আৰু সভাৰ অধিৱেশন দুবছৰীয়া কৰা হয়। ২০০০ চনত যোৰহাটত, ২০০২ চনত কলগাছিয়াত, ২০০৪ চনত হোজাইত, ২০০৬ চনত বেলশৰত আৰু ২০০৮ চনত দক্ষিণপাটত সভাৰ বিশেষ বাৰ্ষিক অধিবেশন অনুষ্ঠিত হয়।

বড়ো সহিত্য সভা

অসমৰ দ্বিতীয় বৃহৎ সাহিত্যিক আৰু সাংস্কৃতিক অনুষ্ঠান হ’ল বড়ো সাহিত্য সভা। ১৯৫২ চনৰ ১৬ নৱেম্বৰত বড়ো সাহিত্য সভা গঠন হয়।

উদ্দেশ্য

বড়ো সাহিত্য সভাৰ প্ৰধান উদ্দেশ্য হ’ল : বড়ো সাহিত্য-সংস্কৃতিৰ উন্নতি আৰু প্ৰসাৰৰ বাবে কাম কৰা।

  • বড়ো সাহিত্য সভাৰ মুখপত্ৰ আৰু অন্যান্য তথ্য
  • বড়ো সাহিত্য সভাৰ মুখপত্ৰ খনৰ নাম ‘বড়ো’। ১৯৫৫ চনৰ পৰাই এই মুখপত্ৰ প্ৰকাশ হৈ আছে। তাৰ আগতে ‘কছাৰী’ নামেৰে প্ৰকাশিত হৈছিল।
  • বড়ো সাহিত্য সভাৰ এটি প্ৰকাশন পৰিষদ আছে। এই প্ৰকাশন পৰিষদে বৰ্তমান লৈকে প্ৰায় ৮০ খন বড়ো ভাষাৰ পাঠ্যপুথি, কবিতাপুথি, চুটিগল্প, উপন্যাস আদি প্ৰকাশ কৰিছে।
  • বড়ো সাহিত্য সভাই প্ৰতিবছৰে বড়ো ভাষাৰ শ্ৰেষ্ঠ লেখক জনক ৫,০০০ টকা মূল্যৰ ‘সমেশ্বৰী ব্ৰহ্ম শ্ৰেষ্ঠ সাহিত্য বঁটা’ আগবঢ়ায়। তদুপৰি হাইস্কুল শিক্ষান্ত পৰীক্ষাত বড়ো ভাষাত সৰ্বাধিক নম্বৰ পোৱা পৰীক্ষাৰ্থী গৰাকীক ১,০০০ টকাৰ এক প্ৰদান কৰে।
  • বড়ো সাহিত্য সভাৰ মুখ্য কাৰ্যালয় কোকৰাঝাৰত।
  • বড়ো সাহিত্য সভাৰ সভাপতি আৰু সম্পাদক সকল

সভাপতি

চন

জয়ভদ্ৰ হাগ্‌জেৰ

১৯৫২ – ৬৬

সোণাৰাম থাওছেন

১৯৫২ – ৫৫

সতীশ চন্দ্ৰ বসুমতাৰী

১৯৬৬ – ৭৪

তৰুণ ৰাম বসুমতাৰী

১৯৬৮ – ৭১

গৌৰীকান্ত ব্ৰহ্ম

১৯৫৬ – ৬৮

গৌৰীকান্ত ব্ৰহ্ম

১৯৬৮ – ৭৪

ৰামদাস বসুমতাৰী

১৯৭৪ – ৭৭

বিহুৰাম বড়ো

১৯৭১ – ৭৪

লক্ষেশ্বৰ ব্ৰহ্ম

১৯৭৭ – ৮০

বাণেশ্বৰ বসুমতাৰী

১৯৭৪ – ৭৭

ৰামদাস বসুমতাৰী

১৯৮০ – ৮৩

বিহুৰাম বড়ো

১৯৭৭ – ৯০

জগেন্দ্ৰ কুমাৰ বসুমতাৰী

১৯৮৩ – ৯০

বিনেশ্বৰ ব্ৰহ্ম

১৯৯০ – ৯৩

কমল কুমাৰ ব্ৰহ্ম

১৯৯০ – ৯৩

গোপীনাথ বৰগয়াৰী

১৯৯৩ – ২০০২

মণিৰাম মছাৰি

১৯৯৩ – ৯৬

ৰাজেন খাখলাৰি

২০০২ – ২০০৪

বিনেশ্বৰ ব্ৰহ্ম

১৯৯৬ – ২০০০

গোবিন্দ বসুমতাৰী

২০০৫ – ২০০৮

দলেশ্বৰ বড়ো

২০০০ – ২০০২

কমলাকান্ত মোছাহাৰী

২০০৮

ব্ৰজেন্দ্ৰ কুমাৰ ব্ৰহ্ম

২০০২ – ২০০৮

ডঃ কামেশ্বৰ ব্ৰহ্ম

২০০৮

 

অসম প্ৰকাশন পৰিষদ

১৯৫৮ চনত ছিলণজ্ঞত নিজাকৈ গ্ৰন্থ প্ৰকাশ কৰা চৰকাৰী প্ৰতিষ্ঠান ‘অসম প্ৰকাশন পৰিষদ নামৰ প্ৰতিষ্ঠানটি গঠন কৰা হয়। অসমীয়া ভাষা-সাহিত্য আৰু সংস্কৃতিৰ উন্নতিৰ অৰ্থে দুষ্প্ৰাপ্য গ্ৰন্থ সমূহ প্ৰকাশ কৰি সহজ লভ্য কৰি তোলাই হৈছে অসম প্ৰকাশন পৰিষদৰ উদ্দেশ্য।

অসম প্ৰকাশন পৰিষদৰ মুখ্য কাৰ্যালয় গুৱাহাটীত। পৰিষদৰ প্ৰথম সচিব বিশ্বনাতায়ণ শাস্ত্ৰী। পৰিষদে প্ৰকাশ কৰি উলিওৱা গ্ৰন্থৰ সংখ্যা সাতশৰো অধিক। পৰিষদে প্ৰকাশ কৰা গ্ৰন্থ সমূহৰ ভিতৰত ‘হস্তী বিদ্যাৰ্ণৱ’, ‘গীতগোবিন্দ’, ‘ইলিয়াদ’, ‘ওডিচী’, ‘অসমীয়া বিশ্বকোষ’ (প্ৰথম খণ্ড), ‘অৰুণোদই’, ‘আসাম বন্ধু’, ‘মৌ’, ‘A Comprehensive History og Assam’, ‘জ্যোতিপ্ৰ্সাদ ৰচনাৱলী’, ‘প্ৰাচ্যশাসনাৱলী’, ‘ভাৰতৰ ইতিহাস’ আদিৰ নাম উল্লেখযোগ্য।

অসম প্ৰকাশন পৰিষদে প্ৰকাশ কৰি উলিওৱা ‘প্ৰকাশ’ এখন অতি উচ্চ মান আলোচনী। মাজতে কেই বছৰমান প্ৰকাশ বন্ধ হৈ থকাৰ পাছত ‘প্ৰ্কাশ’ পুনৰ প্ৰ্কাশ হয় যদিও সেই প্ৰচেষ্টা স্থায়ী নহ’ল।

অসম বিজ্ঞান সমিতি

১৯৫৩ চনৰ ১৩ ফেব্ৰুৱাৰীত গুৱাহাটীৰ কটন কলেজত গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন মুৰব্বী অধ্যাপক ডি ডি থাৱানিৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত ‘গুৱাহাটী বিজ্ঞান সমিতি’ নামৰ এটি স্বেচ্ছাসেৱী প্ৰতিষ্ঠান গঠন কৰা হয়। ১৯৫৬ চনত এই সমতিক ‘অসম বিজ্ঞান সমিতি’ নামেৰে নামকৰণ কৰা হয়।

অসম বিজ্ঞান সমিতিৰ উদ্দেশ্য আৰু লক্ষ্য

(১) ব্যৱহাৰিক দিশত বিজ্ঞানৰ প্ৰচাৰ, প্ৰসাৰ আৰু উন্নয়ন,

(২) বিজ্ঞানৰ বিভিন্ন বিভাগত বিজ্ঞান শিক্ষা আৰু গৱেষণাৰ প্ৰসাৰ ঘটোৱা,

(৩) আলোচনা চক্ৰ, বক্তৃতা আদসিৰ জৰিয়তে বিজ্ঞান শিক্ষাক জনপ্ৰিয় কৰা আৰু মৌলিক কৰ্মৰ বিষয়ে আলোচনা কৰা,

(৪) সভা-সমিতি, আলোচনা চক্ৰ আৰু বিজ্ঞান প্ৰদৰ্শনী অনুষ্ঠিত কৰি বিজ্ঞানক জনপ্ৰিয় কৰি তোলা,

(৫) সমিতিৰ লক্ষ্য আৰু উদ্দেশ্যত উপনীত হ’অবলৈ প্ৰয়োজন হোৱা সকলো ধৰণৰ পদক্ষেপ আৰু কাৰ্য ব্যৱস্থা হাতত লোৱা।

১৯৬১ চনৰ পৰা অসম বিজ্ঞান সমিতিয়ে ‘বিজ্ঞান জেউতি’ নামৰ এখন বিজ্ঞান আলোচনী প্ৰকাশ কৰে। ১৯৬৪ চনত সমিতিয়ে এখন ‘অসমীয়া বৈজ্ঞানিক পৰিভাষা’ আৰু হৰেন্দ্ৰ নাথ কলিকতাৰ ‘আকাশৰ কথা’ নামৰ পুথি খনি প্ৰকাশ কৰে। ইয়াৰ উপৰি সমিতিয়ে কেইবাখনো পুথি প্ৰকাশৰ লগতে দুটা খণ্ডত বিভক্ত ‘বিজ্ঞান অভিধান’ আৰু পাঁচটা খণ্ডৰ বিজ্ঞান বিশ্বকোষ ‘প্ৰাথনিক বিজ্ঞান কোষ’ প্ৰকাশ কৰি উলিয়াইছে। তদুপৰি সমিতিয়ে প্ৰকাশ কৰি অহা ‘Journal of Assam Science Society’- য়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ স্বীকৃতি লভিবলৈ সক্ষম হৈছে।

  • আনন্দৰাম বৰুৱা ভাষা-কলা-সংস্কৃতি সংন্থা

অসমৰ থলুৱা ভাষা-সংস্কৃতি-কলা-সাহিত্য আৰু সংস্কৃত ভাষাৰ প্ৰসাৰ, প্ৰচাৰ তথা গৱেষণাৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি ১৯৯০ চনত অসম চৰকাৰৰ উদ্যোগত আনন্দৰাম বৰুৱা ভাষা-কলা-সংস্কৃতি সংস্থা প্ৰতিষ্ঠা কৰা হয়। আৰম্ভণিতে ইয়াৰ নাম আছিল ‘থলুৱা ভাষা আৰু গৱেষণা বিকাশ কেন্দ্ৰ’। পিচলৈ পণ্ডিত প্ৰবৰ আনন্দৰাম বৰুৱাৰ নামেৰে ইয়াৰ নামকৰণ কৰা হয়।

উদ্দেশ্য আৰু লক্ষ্য

(১) অসমৰ থলুৱা ভাষা-কলা আৰু সংস্কৃতিৰ বিকাশ,

(২) ভাষাতত্ত্বলৈ, বিশেষকৈ সংস্কৃত ভাষাৰ অধ্যয়নলৈ, আনন্দৰাম  বৰুৱাৰ গুৰুত্বপূৰ্ণ অৰিহণাৰ কথা মনত ৰাখি সকলো স্তৰতে সংস্কৃত অধ্যয়ণৰ বাবে উৎসাহ-উদগণি,

৩) অসমৰ থলুৱা ভাষা-কআ-সংস্কৃতিৰ বিকাশৰ বাবে প্ৰয়োজনীয় মানৱ সম্পদ, বস্তু সম্পদ আৰু পদ্ধতি সমূহ চিনাক্ত কৰা,

(৪) অসম আৰু ওচৰ চুবুৰীয়া ৰাজ্য  সমূহৰ ভাষা-সাহিত্য, কলা, লোক-সাহিত্য, লৌকিক পৰম্পৰা আৰু অন্যান্য সাংস্কৃতিক সম্পদৰ লগত সম্পৰ্ক থকা পাণ্ডু লিপি অথবা অন্যান্য উপাদান সংগ্ৰহ, সংৰক্ষণ আৰু প্ৰণয়ন কৰা,

(৫) সংস্থাৰ লক্ষ্যৰ লগত সংগতি ৰাখি ভাষা-কলা-সংস্কৃতি সম্পৰ্কীয় বিভিন্ন গ্ৰন্থ প্ৰস্তুতি আৰু প্ৰকাশন,

(৬) ৰাজ্যৰ ভিতৰৰ আৰু বাহিৰৰ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বিভিন্ন গৱেষণা সংস্থা, সংগঠন অথবা বিশ্ববিদ্যালয়ৰ লগত বিদ্যায়তনিক সংযোগ স্থাপন আৰু সহযোগ,

(৭) থলুৱা ভাষা-কলা আৰু সংস্কৃতি সম্পৰ্কীয় গৱেষণা আঁচনি প্ৰকল্প আদিৰ ক্ষেত্ৰত চৰকাৰক পৰামৰ্শ দিয়া।

উল্লেখিত উদ্দেশ্য সমূহ পূৰণৰ অৰ্থে তথা বিভিন্ন আঁচনি, ৰুপায়ণৰ বাবে সংস্থাৰ পাঁচটা বিভাগ আছে। সেই কেইটা হ’ল:

(১) ভাষা আৰু ভাষাতত্ত্ব বিভাগ,

(২) সাহিত্য আৰু অনুবাদ,

(৩) লোক-সংস্কৃতি আৰু লৌকিক পৰম্পৰা,

(৪) কলা-সংস্কৃতি আৰু সংগীত বিভাগ,

(৫) সংস্কৃত অধ্যয়ন।

এই সংস্থাই ইতিমধ্যে বহু কেইখন মূল্যবান পুথি প্ৰকাশ কৰি উলিয়াইছে। সে কেইখনৰ ভিতৰত গ্যেটেৰ ‘ফাউষ্ট’ (অনূদিত), ‘বান্ধোন সুলকি পৰে’ (অনূ), ‘দৰ্শনৰ কাহিনী’ (অনূ), আনন্দৰাম ডঃেকিয়াল ফুকনৰ ‘অসমীয়া লৰাৰ মিত্ৰ’ (পুনৰ মুদ্ৰণ), ‘A Handbook of Folklore Material og North-East India’, ‘Festivals of Assam’, ‘অসমীয়া সাহিত্যৰ বুৰঞ্জী’ (দ্বিতীয় আৰু ষষ্ঠ খণ্ড) আদিৰ নাম উল্লেখযোগ্য। ইয়াৰ উপৰি সংস্থাই ‘সামগ্ৰিক অসমীয়া শব্দকোষ’ নামেৰে কেইবাটাও খণ্ডৰ এখন অভিধান প্ৰণয়নৰ কাম হাতত লৈছে।

সংস্থাই প্ৰতি বছৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ তিনি গৰাকী ছাত্ৰ-ছাত্ৰীক এম ফিল কৰাৰ বাবে মাহে ১,০০০ টকাকৈ বৃত্তি প্ৰদান কৰে।

সংস্থাৰ মুখ্য কাৰ্যালয় উত্তৰ গুৱাহাটীৰ ৰজা দুৱাৰত অৱস্থিত।

এই সংস্থাই প্ৰতিবছৰে ‘আনন্দৰাম বৰুৱা বঁটা’ নামেৰে এক বঁটা প্ৰদান কৰে।

অন্যান্য উল্লেখযোগ্য সংগঠন, সংস্থা

সদৌ অসম ছাত্ৰ সন্থা, সদৌ অসম বড়ো ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, অসম নাট্য সন্মিলন, নতুন সাহিত্য পৰিষদ, অসম লেখিকা সংস্থা, কামৰুপ অনুসন্ধান সমিতি, কাৰ্বি সাহিত্য সভা, মিচিং সাহিত্য সভা, ৰাভা ভাষা পৰিষদ, সদৌ অসম লেখিকা সমাৰোহ সমিতি, চৰ-চাপৰি সাহিত্য পৰিষদ আদি।

লেখক: শান্তনু কৌশিক বৰুৱা

লেখিকা : প্ৰীতিমা কৌশিক বৰুৱা

উৎস : নতুন জানানে

শেহতীয়া উন্নীতকৰণ: : 3/11/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate