অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

জানিবলগীয়া কথা

কুইজ-

উত্তৰ – পূৰ্বাঞ্চলৰ উৎসৱ – পাৰ্বণ সমূহ :

 

অৰুণাচল প্ৰদেশ

উৎসৱ

মাহ

নয়োকাম

ফেব্ৰুৱাৰী

টামলাডু

ফেব্ৰুৱাৰী

ৰেহ

ফেব্ৰুৱাৰী

ওজিয়ালে

ফেব্ৰুৱাৰী

বৰি-বুট

ফেব্ৰুৱাৰী

লোচাৰ

ফেব্ৰুৱাৰী

মোপিন

এপ্ৰিল

 

অসম


উৎসৱ

মাহ

মাঘ বিহু

জানুৱাৰী

ব্ৰহ্মপুত্ৰ বিচ্চ্‌ ফেষ্টিভেল

জানুৱাৰী

ব’হাগ বিহু

এপ্ৰিল

অম্বুবাচী মেলা

জুন

জন্মাষ্টমী

ছেপ্টেম্বৰ

দুৰ্গা পূজা

অক্টোবৰ

কাতি বিহু

অক্টোবৰ

 

মেঘালয়

 

উৎসৱ

মাহ

জাতীয় আৰ্চাৰী প্ৰতিযোগিতা

এপ্ৰিল

চাদ-চুক-ম্যনচিয়েম

এপ্ৰিল

বেহদেইনখ্‌লাম

জুলাই

নংক্ৰেম

নৱেম্বৰ

শ্বিলং শৰৎকালীন উৎসৱ

নৱেম্বৰ

ৱাঙ্গালা

 

নৱেম্বৰ / ডিচেম্বৰ

মণিপুৰ

 

উৎসৱ

মাহ

গান – এনগাই

জানুৱাৰী

লাই – হাৰাওবা

এপ্ৰিল – মে’

ৰথ যাত্ৰা

জুন / জুলাই

কৱাক যাত্ৰা (দচেৰা)

অক্টোবৰ

পৰ্যটক উৎসৱ

নৱেম্বৰ

কুট উৎসৱ

 

নৱেম্বৰ

মিজোৰাম


উৎসৱ

মাহ

চাপচাৰ কুট

ফেব্ৰুৱাৰী / মাৰ্চ

থাল ফাভাং কুট

 

ছেপ্টেম্বৰ

নাগালেণ্ড

 

উৎসৱ

মাহ

চেক্ৰেন্‌য়ি

ফেব্ৰুৱাৰী

মোৱাটচু

মে’

টোখু ইমং

নৱেম্বৰ

এন – গাদা

নৱেম্বৰ

হৰ্ণবিল উৎসৱ

 

ডিচেম্বৰ

ছিকিম


উৎসৱ

মাহ

মাঘ সংক্ৰান্তি

জানুৱাৰী

বাম্‌চু উৎসৱ

জানুৱাৰী / ফেব্ৰুৱাৰী

ল’ছাৰ

জানুৱাৰী / ফেব্ৰুৱাৰী

ছাগা দাৱা

মে’ / জুন

ড্ৰুপ্‌ক টেশ্বি

জুলাই / আগষ্ট

টেন্‌ডোংলো ৰুম্‌ফাট

আগষ্ট

ডাছাইন

ছেপ্টেম্বৰ / অক্টোবৰ

লহাবাব ধুৱেচেন

নৱেম্বৰ

ল’ছুং

ডিচেম্বৰ

 

ত্ৰিপুৰা

 

উৎসৱ

মাহ

পৌস সংক্ৰান্তি মেলা

জানুৱাৰী

গন আৰু গুজন পূজা

এপ্ৰিল

অশোকাষ্টমী উৎসৱ

এপ্ৰিল

কাৰ্‌চি পূজা

জুলাই

নৌকা প্ৰতিযোগিতা

আগষ্ট

কমলা আৰু পৰ্যটক উৎসৱ

নৱেম্বৰ

ৰাস উৎসৱ

নৱেম্বৰ




 

 

 

 

 

 

ভাষা আৰু সাহিত্য-

 

১) প্ৰশ্ন : অৰুণাচল প্ৰদেশৰ নাম উল্লেখ পোৱা মহাকাব্য দুখন কি ইক?

উত্তৰ : কালিকাপুৰাণ আৰু মহাভাৰত।

২) প্ৰশ্ন : অসমীয়া ভাষাটো পূৰ্বীয় প্ৰকাৰ ক’ৰ পৰা সৃষ্টি হয় বুলি কোৱা হয়?

উত্তৰ : মগধীয় প্ৰাকৃত।

৩) প্ৰশ্ন : অসমীয়া ভাষালৈ অনুদিত ছেক্সপীয়েৰৰ প্ৰথম নাটক খন কি?

উত্তৰ : কমেডী অৱ এৰ’ৰ্ছ।

৪) প্ৰশ্ন : শ্ৰী মন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ নাট সমূহ জনপ্ৰিয়ভাৱে ই হিচাপে জনা যায়?

উত্তৰ : অংকীয়া নাট।

৫) প্ৰশ্ন : মণিপুৰী ভাষা দিৱস প্ৰতি বছৰে কোন মাহত পালন কৰা হয়?

উত্তৰ : ২০ আগষ্ট।

৬) প্ৰশ্ন : কাক “খাছী বৰ্ণমালাৰ জনক”ক্বুলি কোৱা হয়?

উত্তৰ : থমাছ জ’নছ।

৭) প্ৰশ্ন : ছিকিমৰ নেপালী সমাজে কি লিপি ব্যৱহাৰ কৰে?

উত্তৰ : দেৱনাগৰী লিপি।

৮) প্ৰশ্ন : অৰুণাচল প্ৰদেশৰ আদি লিপি জনক বুলি কাক কোৱা হয়?

উত্তৰ : অ’কেপ টায়েং।

৯) প্ৰশ্ন : কোন চনত অসমীয়া ভাষাই “অসমৰ ৰাজ্যিক ভাষা” হিচাপে স্বীকৃতি পায়?

উত্তৰ : ১৯৬১ চনত।

১০) প্ৰশ্ন : অসমৰ প্ৰথম সংবাদ পত্ৰ “অৰুণোদয়” কোন চনত প্ৰকাশ পায়?

উত্তৰ : ১৮৪৬ চনত।

১১) প্ৰশ্ন : প্ৰথম অসমীয়া মাহেকীয়া আলোচনী “জোনাকী” কলিকতাৰ পৰা কোন চনত প্ৰকাশ পায়?

উত্তৰ : ১৮৮৯ চনত।

১২) প্ৰশ্ন : মণিপুৰী ভাষা ভাৰতীয় সনহবিধানৰ অষ্টম অনুসূচীত ভাৰতৰ অন্যতম মুখ্য ভাষা হিচাপে কেতিয়া অন্তৰ্ভূক্ত হয়?

উত্তৰ : ২০ আগষ্ট, ১৯৯২ চনত।

১৩) প্ৰশ্ন : মনিপুৰৰ প্ৰথম বাতৰি কাকত “দৈনিক মণিপুৰ পত্ৰিকা” কোন চনত প্ৰকাশ পায়?

উত্তৰ : ১৯৩২ চনত।

১৪ ) প্ৰশ্ন : মূল মাইটি ভাষাত কেইটা আখৰ আছে?

উত্তৰ : ১৮ টা।

১৫) প্ৰশ্ন : খাছী ভাষাত বাইবেল কোন চনত প্ৰথম প্ৰকাশ পায়?

উত্তৰ : ১৮৩১ চনত।

১৬) প্ৰশ্ন : কোনে ‘ইমাৰ্জেন্স অৱ নাগালেণ্ড’ কিতাপ খন লিখিছিল?

উত্তৰ : হকিচে চেমা।

১৭) প্ৰশ্ন : অৰুণাচল প্ৰদেশত ভূটি লিপি কোনে বিকশিত কৰিছিল?

উত্তৰ : চানি ভূটি।

১৮) প্ৰশ্ন : ‘অসমীয়া সাহিত্যৰ পিতৃ’ বুলি কাক কোৱা হয়?

উত্তৰ : শ্ৰী মন্ত শংকৰদেৱ।

১৯) প্ৰশ্ন : অসমীয়া ভাষাত প্ৰথম ছপা কিতাপখনৰ নাম আৰু ই প্ৰকাশিত হোৱাৰ বছৰতো কি?

উত্তৰ : ধৰ্ম পুস্তক, ১৮১৩ চনত।

২০) প্ৰশ্ন : অসমীয়া ভাষা সাহিত্য আৰু সংস্কৃতিৰ উন্নতিৰ উদ্দেশ্যে কাৰ্য কৰা মহত্বপূৰ্ণ সাহিত্যিক আৰু সাংস্কৃতিক সংস্থাটোৰ নাম কি?

উত্তৰ : অসম সাহিত্য সভা।

২১) প্ৰশ্ন : ‘মেঘালয়ৰ সাহিত্যৰ পিতৃ’ বুলি কাক কোৱা হয়?

উত্তৰ : থমাছজ’নছ।

২২) প্ৰশ্ন : মিজোৰামত প্ৰচলিত কেইটামান মুখ্য ভাষাৰ নাম কোৱা?

উত্তৰ : মিজো, ইংৰাজী আৰু হিন্দী।

২৩) প্ৰশ্ন : নাগালেণ্ডত কেইটা মুখ্য ভাষা প্ৰচলিত ?

উত্তৰ : ষোল্লটা।

২৪) প্ৰশ্ন : ছিকিমত প্ৰচলিত কেইটামান প্ৰধান ভাষাৰ নাম লিখা?

উত্তৰ : ইংৰাজী, হিন্দী, নেপালী, ছিকিমিজ, লেপচা, তিব্বতীয় ইত্যাদি।

২৫) প্ৰশ্ন : ত্ৰিপুৰাত প্ৰচলিত মুখ্য কথিত ভাষাকেইটা কি কি?

উত্তৰ : বাংলা আৰু ককবৰাক।

  • উত্তৰ – পূৰ্বাঞ্চলৰ ৰাজ্য সমূহৰ মুখ্য ভাষা সমূহ:

ৰাজ্য

মুখ্য ভাষা সমূহ

অৰুণাচল প্ৰদেশ

মনপা, আও, ছেৰডুক্‌পেন, হিন্দী, ইংৰাজী, মিজি ইত্যাদি।

অসম

অসমীয়া, ইংৰাজী, হিন্দী, বড়ো, বঙালী আদি।

মণিপুৰ

মনিপুৰী।

মেঘালয়

গাৰো, খাছী, ইংৰাজী আদি।

মিজোৰাম

মিজো আৰু ইংৰাজী।

নাগালেণ্ড

নাগামিজ, ইংৰাজী আদি।

ছিকিম

ছিক্কিমিজ, ভূটীয়া, লেপ্‌চা, লিম্বু, হিন্দী, ইংৰাজী আদি।

ত্ৰিপুৰা

বঙালী আৰি ককবৰাক।

 

 

কলা আৰু শিল্প

১) প্ৰশ্ন : অসমৰ অন্যতম মৰ্যাদাপূৰ্ণ বাঁহৰ সামগ্ৰী পৰম্পৰাগত ছাতিটো কি?

উত্তৰ : জাপি।

২) প্ৰশ্ন : মেঘালয়ৰ খাছী জনজাতিয়ে সাধাৰণতে বজাৰ কৰাৰ উদ্দেশ্যে ব্যৱহাৰ কৰা ঘনকৈ বোৱা যতনটো কি যি সাধাৰণতে মূৰত বন্ধা ৰছীৰ দ্বাৰা পিঠিত কঢ়িওৱা হয়?

উত্তৰ : খোহ।

৩) প্ৰশ্ন : ত্ৰিপুৰাৰ জনপ্ৰিয় সাংগীতিক বাদ্যযন্ত্ৰ বিধ কি, যি বেত আৰু বাঁহেৰে নিৰ্মিত?

উত্তৰ : খাম্ব।

৪) প্ৰশ্ন : অসমৰ সবাতোকৈ মৰ্যাদাপূৰ্ণ ৰেচমী বস্ত্ৰবিধ কি?

উত্তৰ : মুগা।

৫) প্ৰশ্ন : অসমৰ বিবাহিত মহিলাই কিহেৰে নিৰ্মিত খাৰু পিন্ধে?

উত্তৰ : শঙ্খ।

৬) প্ৰশ্ন : খাছী ছাতি স্থানীয়ভাৱে কি হিচাপে জনা যায়?

উত্তৰ : কুৰুপ।

৭) প্ৰশ্ন : মিজো মহিলাই ভাটৌৰ পাখি লগোৱা বাঁহেৰে নিৰ্মিত ব্যৱহাৰ কৰা সামগ্ৰী বিধ কি?

উত্তৰ : মস্তকাৱৰণ।

৮) প্ৰশ্ন : কোন জনজাতীয় লোক সকলক নাগালেণ্ডৰ সৰ্বশ্ৰেষ্ঠ কমাৰ হিচাপে গণ্য কৰা হয়?

উত্তৰ : ৰেংমা।

৯) প্ৰশ্ন : বেত আৰু বাঁহেৰে নিৰ্মিত ত্ৰিপুৰাৰ সবাতোকৈ জনপ্ৰিয় সাংগীতিক বাদ্যযন্ত্ৰ কেইটা কি কি?

উত্তৰ : খাম্ব আৰু বাঁহী।

১০) প্ৰশ্ন : অসমলৈ অহা পৰ্যটকৰ প্ৰয়োজন তালিকাত শীৰ্ষস্থান দখল কৰা কাঠেৰে নিৰ্মিত দুটা মুখ্য সামগ্ৰীৰ নাম উল্লেখ কৰা?

উত্তৰ : এশিঙীয়া গঁড় আৰু পৃথিৱী বিখ্যাত কামাখ্যা মন্দিৰৰ প্ৰতিকৃতি।

১১) প্ৰশ্ন : মণিপুৰত মাটিৰ পাত্ৰ নিৰ্মাণৰ কলা কোনে পৰিচয় কৰাইছিল বুলি বিশ্বাস কৰা হয়?

উত্তৰ : চাক্‌পা সকলে।

১২) প্ৰশ্ন : মণিপুৰৰ এখন গাঁও ভাৰতৰ সমগ্ৰ উত্তৰ-পূ প্ৰান্তৰ একমাত্ৰ স্থান য’ত ক’লা মাটিৰে নিৰ্মিত পাত্ৰ পোৱা যায়। ইয়াৰ নাম কি?

উত্তৰ : নাংবি।

১৩) প্ৰশ্ন : মিজোৰামৰ মিজো মহিলাই ব্যৱহাৰ কৰা বাঁহেৰে নিৰ্মিত ধঁপাত খোৱা নলৰ নাম উল্লেখ কৰা?

উত্তৰ : টুইবুৰ।

১৪) প্ৰশ্ন : ত্ৰিপুৰাত বৃহৎ মাত্ৰাত নিযুক্তি প্ৰদানত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা একমাত্ৰ উদ্যোগটোৰ নাম উল্লেখ কৰা?

উত্তৰ : হস্ততাঁত উদ্যোগ।

১৫) প্ৰশ্ন : শৰাই আৰু বঁটা হৈছে এক প্ৰকাৰৰ পাত্ৰ যিবোৰ অসমীয়া লোক সকলে আলহীক সন্মান জনাবৰ বাবে তামোল আৰু পাণ দিবলৈ যুগ যুগ ধৰি ব্যৱহাৰ কৰি আহিছে। হয় নে নহয়?

উত্তৰ : হয়।

১৬) প্ৰশ্ন : ট্ৰাইল, মেঘালয়ত পোৱা বাঁহৰ এক প্ৰজাতি যিবোৰ ঘৰৰ বেৰ নিৰ্মাণ কৰিবলৈ ব্যৱহাৰ কৰা হয় নে নহয়?

উত্তৰ : নহয়। ইয়াৰ নাম ডাইট’ হে হয়।

১৭) প্ৰশ্ন : বস্ত থোৱা বাঁহ-বেতৰ সামগ্ৰী নিৰ্মান আৰু অন্যান্য বাঁহৰ কামবোৰ নাগালেণ্ডত সাধাৰণতে জুলাই আৰু অক্টোবৰ মাহৰ মাজভাগত কৰা হনে নহয়?

উত্তৰ : হয়।

 

ক্ৰীড়া

১) প্ৰশ্ন : ২০০৭ চনত আৰ্চাৰীৰ বাবে ‘অৰ্জুন বঁটা’ আৰু ২০১২ চনৰ লণ্ডন অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰা অসমৰ বিখ্যাত আৰ্চাৰী খেলুৱৈজন কোন?

উত্তৰ : জয়ন্ত তালুকদাৰ।

২) প্ৰশ্ন : ভাৰতীয় ফুটবল সংস্থাৰ সবাপতিপ্ৰথম অসমৰ ব্যক্তিজন কোন?

উত্তৰ : নুৰুল আমীন।

৩) প্ৰশ্ন : অসমৰ ‘ক্ৰীড়াৰ পিতৃ’ বুলি কাক জনা যায়?

উত্তৰ : আৰ জি বৰুৱা।

৪) প্ৰশ্ন : মণিপুৰে কি খেলৰ বাবে সমগ্ৰ পৃথিৱীক পৰিচয় কৰোৱাৰ গৌৰৱ অৰ্জন কৰিছে?

উত্তৰ : প’ল’।

৫) প্ৰশ্ন : মণিপুৰী শৈলীৰ মল্লযুদ্ধক কি বুলি জনা যায়?

উত্তৰ : মুকনা।

৬) প্ৰশ্ন : মনিপুৰৰ হকী সংস্থা কোন চনত গঠিত হয়?

উত্তৰ : ১৯৭৬ চনত।

৭) প্ৰশ্ন : মেঘালয়ৰ সবাতোকৈ জনপ্ৰিয় পৰম্পৰাগত খেল কি?

উত্তৰ : ধনুৰ্বিদ্যা।

৮) প্ৰশ্ন : মিজো সকলৰ সবাতোকৈ জনপ্ৰিয় পৰম্পৰাগত খেলটো কি?

উত্তৰ : ইনবুৱান।

৯) প্ৰশ্ন : ২০০৭ চনৰ ৯ ফেব্ৰুৱাৰীৰ পৰা ১৮ ফেব্ৰুৱাৰীলৈ ক’ত ৩৩ তম ৰাষ্ট্ৰীয় ক্ৰীয়া অনুষ্ঠিত হয়?

উত্তৰ : অসমত।

১০) প্ৰশ্ন : ত্ৰিপুৰাৰ সবাতোকৈ জনপ্ৰিয় পৰম্পৰাগত খেল কি?

উত্তৰ : গেলা – চুট।

১১) প্ৰশ্ন : অৰ্জুন পুৰস্কাৰ লাভ কৰা ত্ৰিপুৰাৰ প্ৰথম মহিলা গৰাকী কোন?

উত্তৰ : কল্পনা দেৱনাথ।

১২) প্ৰশ্ন : ‘অসম ক্ৰীড়া দিৱস’ প্ৰতি বছৰে কোন তাৰিখে পালন কৰা হয়?

উত্তৰ : ১৭ অক্টোবৰ।

১৩) প্ৰশ্ন : ‘বৰদলৈ ট্ৰ্ফী’ প্ৰতিযোগিতা প্ৰথম বাৰৰ বাবে কেতিয়া ৰাষ্ট্ৰীয় দূৰদৰ্শন চেনেলত সম্প্ৰচাৰ কৰা হয়?

উত্তৰ : ১৯৯৩ চনত।

১৪) প্ৰশ্ন : কোন চনত গুৱাহাটীত প্ৰথম এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট খেল অনুষ্ঠিত হৈছিল?

উত্তৰ : ১৯৮৩ চনত।

১৫) প্ৰশ্ন : কোন বছৰত মণিপুৰত ঐতিহাসিক ‘আন্তঃৰাষ্ট্ৰীয় প’ল’ প্ৰতিযোগিতা’ অনুষ্ঠিত হয়?

উত্তৰ : ১৯৯০ চনত।

১৬) প্ৰশ্ন : মণিপুৰী ভাষাত প’ল’ক কি বুলি কোৱা হয়?

উত্তৰ : চাগোল কাংজেই।

১৭) প্ৰশ্ন : ২০১২ চনৰ লণজ্ঞন অলিম্পিকৰ মহিলা বক্সিঙত ব্ৰঞ্জৰ পদক দখল কৰা মেৰী কম উত্তৰ-পূৰ্বাঞ্চলৰ কোন খন ৰাজ্যৰ বাসিন্দা?

উত্তৰ : মণিপুৰ।

১৮) প্ৰশ্ন : ছিলং গ’ল্‌ফ কোৰ্চ ভাৰতৰ কোন স্থানৰ পুৰণি গ’ল্‌ফ কোৰ্চ?

উত্তৰ : তৃতীয়।

১৯) প্ৰশ্ন : মণিপুৰত আধুনিক ক্ৰীড়া আন্দোলনৰ ‘প্ৰধান পৃষ্ঠপোষক’ কোন আছিল?

উত্তৰ : ছাৰ চুৰাচান্দ সিং।

২০) প্ৰশ্ন : হিমাচল প্ৰদেশৰ ৰাজমাক শৃংগ আৰোহণ কৰা মেঘালয়ৰ প্ৰথম পৰ্বতাৰোহীজনৰ নাম কি?

উত্তৰ : ৱালামবাক লিংডো।

২১) প্ৰশ্ন : চীনত অনুষ্ঠিত দক্ষিণ এছিয়া বেডমিন্টন চেম্পিয়নশ্বিপত ভাৰতক প্ৰতিনিধিত্ব কৰা নগা ছোৱালী জনীৰ নাম কি?

উত্তৰ : মিচ্‌ মৰিনিয়া।

২২) প্ৰশ্ন : ত্ৰিপুৰাৰ ৰাজ্যিক ক্ৰীড়া বিধৰ নাম কি?

উত্তৰ : গেলা – চুট।

 

উৎস : উত্তৰ পূৰ্বাঞ্চল কুইজ সঁফুৰা।

 

 

3.04545454545
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top