অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মানৱ শৰীৰ, ৰোগ আৰু চিকিৎসা

মানৱ শৰীৰ, ৰোগ আৰু চিকিৎসা

 

১) প্ৰশ্ন : মানুহৰ শৰীৰ কি কি উপাদানেৰে গঠিত?

উত্তৰ : লো, কেলচিয়াম, ছ’ডিয়াম, মেগনেচিয়াম, কাৰ্বন, ফছ্‌ফৰাছ্‌, নাইট্ৰ’জেন, অক্সিজেন, গন্ধক আৰু ফ্ল’ৰিণৰ দ্বাৰা গঠিত।

২) প্ৰশ্ন : মানুহৰ শৰীৰত থকা হাড়ৰ সংখ্যা কিমান?

উত্তৰ : ২০৬ ডাল।

৩) প্ৰশ্ন : সুস্থ প্ৰাপ্তবয়স্ক মানুহ এজনৰ দাঁতৰ সংখ্যা কিমান?

উত্তৰ : ৩২ টা।

৪) প্ৰশ্ন : সুস্থ মানুহৰ প্ৰতি মিনিটত নাড়ীৰ স্পন্দন কিমান?

উত্তৰ : ৭২ বাৰ।

৫) প্ৰশ্ন : সুস্থ মানুহ এজনৰ শৰীৰৰ সাধাৰণ উত্তাপ কিমান?

উত্তৰ : ৯৮.৪ডিগ্ৰী।

৬) প্ৰশ্ন : মানুহৰ শৰীৰত থকা পেশীৰ সংখ্যা কিমান?

উত্তৰ : ৩৩০ ৰ পৰা ৪০০ ৰ ভিতৰত।

৭) প্ৰশ্ন : মানুহৰ শৰীৰত কিমান তেজ থাকিব লাগে?

উত্তৰ : প্ৰত্যেক মানুহৰ নিজৰ শৰীৰৰ ওজনৰ ১/১১ ভাগ তেজ থাকিব লাগে।

৮) প্ৰশ্ন : মানুহৰ জ্ঞানকেন্দ্ৰ ক’ত?

উত্তৰ : মগজুত।

৯) প্ৰশ্ন : মানুহৰ তেজৰ উপাদান সমূহৰ নাম কি?

উত্তৰ : লোহিত ৰক্ত কণিকা, শ্বেত ৰক্ত কণিকা আৰু অণুচক্ৰিকা।

১০) প্ৰশ্ন : প্ৰতিটো লোহিত ৰক্ত কণিকাৰ গড় আয়ুস কিমান?

উত্তৰ : ১২০ দিন।

১১) প্ৰশ্ন : কি ভিটামিনৰ অভাৱত মানুহৰ শৰীৰত স্কাৰ্ভি ৰোহ হয়?

উত্তৰ : ভিটামিন – চি (Vitamin – C)।

১২) প্ৰশ্ন : সুস্থ প্ৰাপ্তবয়স্ক পুৰুষ মানুহ এজনৰ প্ৰতি কিউবিক মিলিমিটাৰ তেজত কিমান সংখ্যক লোহিত কণিকা থাকে?

উত্তৰ : প্ৰায় ৫০ লাখ।

১৩) প্ৰশ্ন : সুস্থ আৰু স্বাভাৱিক অৱস্থাত পুৰুষ আৰু মহিলাৰ প্ৰতি ১০০ মিলিলিটাৰ তেজত কিমান গ্ৰাম হিম’গ্লোবিন থাকে?

উত্তৰ : ১৪.৫ গ্ৰামৰ পৰা ১৫ গ্ৰাম পৰ্যন্ত।

১৪) প্ৰশ্ন : তেজৰ শ্বেত কনিকাত নিউক্লিয়াছ থাকেনে?

উত্তৰ : থাকে।

১৫) প্ৰশ্ন : তেজৰ শ্বেত কণিকা সমূহৰ মৃত্যু হ’লে কি বস্তুৰ সৃষ্টি হয়?

উত্তৰ : পূঁজ।

১৬) প্ৰশ্ন : মানুহৰ হৃদপিণ্ডটোৰ যি অংশত তেজ সংগৃহীত হয় সেই অংশটোৰ নাম কি?

উত্তৰ : অলিণ্ড।

১৭) প্ৰশ্ন : মানুহৰ হৃদপিণ্ডৰ যি অংশটোৱে তেজ প্ৰেৰকৰ কাম কৰে সেই অংশটোৰ নাম কি?

উত্তৰ : নিলয়।

১৮) প্ৰশ্ন : হৃদপিণ্ডৰ পৰা শৰীৰৰ বিভিন্ন কলালৈ তেজৰ প্ৰৱাহ বোৱাই নিয়া ৰক্তবাহক নলী (শিৰা) ক কি বোলে?

উত্তৰ : ধমনী।

১৯) প্ৰশ্ন : শিৰা কাক বোলে?

উত্তৰ : যি ৰক্তবাহকৰ দ্বাৰা মানৱ দেহৰ বিভিন্ন কলাৰ পৰা হৃদপিণ্ডৰ তেজ ঘূৰি যায় তাকে শিৰা বোলে।

২০) প্ৰশ্ন : নেফ্ৰন কাক বোলে?

উত্তৰ : বৃক্কৰ গঠনগত আৰু কাৰ্যগত এককৰ নামেই হ’ল নেফ্ৰন।

২১) প্ৰশ্ন : মানৱ দেহৰ কোন অংশত ইউৰিয়া উৎপন্ন হয়?

উত্তৰ : যকৃত।

২২) প্ৰশ্ন : উদ্দীপক মানে কি?

উত্তৰ : পৰিৱেশৰ যি অৱস্থাত পৰিৱৰ্তনৰ ফলত জীৱদেহত প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় তাকে উদ্দীপক বোলে।

২৩) প্ৰশ্ন : আহাৰ কাক বোলে?

উত্তৰ : যি বস্তু খালে শৰীৰৰ গঠন আৰু বৃদ্ধি সাধন হয় তথা শৰীৰে শক্তি লাভ কৰে তেনে খাদ্যক আহাৰ বোলে।

২৪) প্ৰশ্ন : মানুহে শ্বাস-প্ৰশ্বাস লয় কিয়?

উত্তৰ : মানুহে তেজৰ পৰা কাৰ্বন-ডাই-অক্সাইড গেছ উলিয়াই দি অক্সিজেন গেছ গ্ৰহণ কৰিবলৈ শ্বাস-প্ৰশ্বাস লয়।

২৫) প্ৰশ্ন : ভোক লাগে কিয়?

উত্তৰ : শৰীৰত খাদ্যৰ অভাৱ হ’লে ভোক লাগে।

২৬) প্ৰশ্ন : মানুহৰ ভাগৰ লাগে কিয়?

উত্তৰ : শৰীৰত থকা পেশী বা স্নায়ুৰ কৰ্মশক্তি শেষ হ’লেই ভাগৰ লাগে।

২৭) প্ৰশ্ন : স্নায়ু কেইবিধ?

উত্তৰ : তিনিবিধ।

২৮) প্ৰশ্ন : গৰুৰ নাক ঘামেকিয়?

উত্তৰ : শ্বেদ গ্ৰন্থিৰ সহায়ত শৰীৰৰ ঘাম নিৰ্গত হয়। নাকৰ বাহিৰে আন ক’তো গৰুৰ দেহত শ্বেদগ্ৰন্থি নথকা বাবে গৰুৰ নাক ঘামে।

২৯) প্ৰশ্ন : মানুহৰ চুলি পকে কিয়?

উত্তৰ : চুলিৰ গুৰিত এবিধ ৰঞ্জক পদাৰ্থ থাকে। নানা কাৰণত এই ৰঞ্জক পদাৰ্থ শুকাই যায়। সেয়ে মানুহৰ চুলি পকে।

৩০) প্ৰশ্ন : নখ বা চুলি কাটিলে দুখ পোৱা নাযায় কিয়?

উত্তৰ : নখ বা চুলিত স্নায়ু নথকা কাৰণে নখ বা চুলি কাটিলে দুখ পোৱা নাযায়।

৩১) প্ৰশ্ন : মুখেৰে উশাহ ল’লে আমি গোন্ধ নাপাওঁ কিয়?

উত্তৰ : ঘ্ৰাণ স্নায়ু নালত থাকে। মুখত নাথাকে বাবে মুখেৰে গোন্ধ নাপাওঁ।

৩২) প্ৰশ্ন : বহুত সময় একেথৰে চাই থাকিলে চকুৰে পানী বৈ আহে কিয়?

উত্তৰ : বহুত সময় একেথৰে চাই থাকিলে চকুৰ স্নায়ু সমূহত উত্তেজনাৰ সৃষ্টি হয়। সেয়ে চকুৰ অশ্ৰু গ্ৰন্থিৰ পৰা পানী বৈ আহে।

৩৩) প্ৰশ্ন : চকু নাচে কিয়?

উত্তৰ : কোনো কাৰণত তেজ চলাচলত বাধা পালে চকুৰ আৱৰণ নাইবা চকুৰ পতাৰ মাংসপেশী কঁপিবলৈ ধৰে। এই স্পন্দনকে চকু নচা বোলে।

৩৪) প্ৰশ্ন : মানুহ কুকুৰীকণা হয় কিয়?

উত্তৰ : কোনো কাৰণত চকুৰ ‘বড’ কোষবোৰ ক্ষতিগ্ৰস্ত হ’লে বা সিহঁতৰ কাৰ্য-ক্ষমতা হ্ৰাস পালে মানুহ কুকুৰীকণা হয়।

৩৫) প্ৰশ্ন : ভয় খালে নাইবা আনন্দিত হ’লে মানুহৰ গাৰ নোম শিঁয়ৰি উঠে কিয়?

উত্তৰ : ভয় খালে বা আনন্দিত হ’লে মানুহৰ মগজুত থকা স্নায়ু উত্তেজিত হয়। ফলত নোমৰ গুৰিৰ পেশীৰ গাতো সংকোচন ঘটে বাবেই গাৰ নোম শিঁয়ৰি উঠে।

৩৬) প্ৰশ্ন : হামি আহে কিয়?

উত্তৰ : শৰীৰত ক্লান্তি বোধ হ’লে নাইবা টোপনি ধৰিলে তেজত অক্সিজেনৰ অভাৱ ঘটিবলৈ ধৰে। তেতিয়াই হামি আহে।

৩৭) প্ৰশ্ন : ভয় খালে মুখ শেঁতা পৰে কিয়?

উত্তৰ : কোনো কাৰণত মনত ভয় লাগিলে হৃদপিণ্ডৰ তেজ সঞ্চালনৰ ক্ৰিয়া সাময়িকভাৱে বন্ধ হৈ পৰে। ফলত মুখমণ্ডল তেজৰ অভাৱত শেঁতা পৰে।

৩৮) প্ৰশ্ন : পিয়াহ লাগে কিয়?

উত্তৰ : শৰীৰত কোনো কাৰণত পানীৰ অভাৱ ঘটিলে পাকস্থলীৰ নিউমেগাষ্টিক স্নায়ু উত্তেজিত হৈ পৰে বাবেই পিয়াহ লাগে।

৩৯) প্ৰশ্ন : গাৰ উত্তাপৰ লগত নাড়ীৰ সম্বন্ধ কি?

উত্তৰ : সাধাৰণতে গাৰ উত্তাপ ১ বাঢ়িলে নাড়ীৰ স্পন্দন ১০ বাৰ বাঢ়ে।

৪০) প্ৰশ্ন : হৃদপিণ্ড কেতিয়াবা বন্ধ হয়নে?

উত্তৰ : মানুহ নমৰা লৈকে হৃদপিণ্ড বন্ধ নহয়।

৪১) প্ৰশ্ন : হৃদপিণ্ড কি?

উত্তৰ : মানৱ দেহৰ কামিহাড়ৰ জঁকাটোৰ বাওঁফালে থকা কলডিলৰ দৰে এটি দেহযন্ত্ৰ, গোটেই শৰীৰত ই তেজ সঞ্চালন কৰে।

৪২) প্ৰশ্ন : আমি ঘাঁমো কিয়?

উত্তৰ : গাৰ ভিতৰৰ মলি বিলাক ছালৰ বিন্ধাইদি বাহিৰলৈ উলিয়াবলৈ আৰু গাৰ তাপত সমতা ৰাখিবলৈ।

৪৩) প্ৰশ্ন : আমি হাঁচিয়াও কিয়?

উত্তৰ : উশাহ লওঁতে নাকৰ ভিতৰত কোনো উত্তেজনা হ’লে আমি হাঁচিয়াও।

৪৪) প্ৰশ্ন : আমি কাঁহো কিয়?

উত্তৰ : ডিঙিৰ ভিতৰৰ স্নায়ু নলীত উত্তেজনা হ’লে আমি কাঁহো।

৪৫) প্ৰশ্ন : আমি চকু পিৰিকাওঁ কিয়?

উত্তৰ : চকুৰ মণি শুকালে চকুৰ পতাৰ কাষত থকা অশ্ৰু গ্ৰন্থিৰ পৰা পালী লৈ মণি তিয়াবলৈ আমি চকু পিৰিকাওঁ।

৪৬) প্ৰশ্ন : গাৰ কোনো ঠাইত সুৰসুৰালে আমাৰ হাহিঁ উঠে কিয়?

উত্তৰ : যিবিলাক মাংসপেশী লৰচৰ কৰিলে আমাৰ হাঁহি উঠে, গাৰ অঙ্গ অঙ্গ বিশেষত সুৰসুৰালে সেই মাংশপেশী বিলাক সজাগ হৈ উঠে কাৰণে আমি হাঁহো।

৪৭) প্ৰশ্ন : কিছুমান মানুহে টোপনিত নাকেৰে শব্দ কৰে কিয়?

উত্তৰ : শোৱাৰ সময়ত কোনো কাৰণত শ্বাস-প্ৰশ্বাসত বাধা জন্মিলে সেই মানুহবোৰে নাকেৰে শব্দ কৰে।

৪৮) প্ৰশ্ন : আমি চৰ্‌-চৰণি খাওঁ কিয়?

উত্তৰ : খোৱাৰ সময়ত কিবা বিজুতিত খাদ্যৰ কণা অন্ননলীৰ সলনি শ্বাস নলীত প্ৰৱেশ কৰিলে হাওঁফাওঁত প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় কাৰণে আমি চৰ-চৰণি খাওঁ।

৪৯) প্ৰশ্ন : হাত ভৰি জিন নিনায় কিয়?

উত্তৰ : কোনো কাৰণত হাত-ভৰিত থকা স্নায়ু বাধাপ্ৰাপ্ত হ’লেও হাত-ভৰি জিন জিনায়।

৫০) প্ৰশ্ন : এপেনডিক্স (Appendix)ৰ সম্পূৰ্ণ নাম কি? ই ক’ত হয়?

উত্তৰ : এপেনডিক্সৰ সম্পূৰ্ণ নাম – ভাৰ্মিফৰ্ম এপেনডিক্স। ই পেটৰ তলৰ অংশত সোঁফালে হয়।

৫১) প্ৰশ্ন : তিৰোতা মানুহৰ শৰীৰত গাখীৰ ক’ত প্ৰস্তুত  হয়?

উত্তৰ : স্তন গ্ৰন্থিত।

৫২) প্ৰশ্ন : মানুহৰ শৰীৰত কেইবিধ আৰু কি কি খনিজ পদাৰ্থ আছে?

উত্তৰ : ১৩ বিধ। যেনে – কেলচিয়াম, ফচফৰাচ, লো, আয়’ডিন, তাম, ছডিয়াম, পটাচিয়াম, ক্ল’ৰিণ, মেগনেচিয়াম, চালফাৰ, জিংক, মেঙ্গানিজ আৰু কোৱাল্ট।

৫৩) প্ৰশ্ন : মানুহৰ হাড় কি পদাৰ্থৰে গঠিত হৈছে?

উত্তৰ : কেলচিয়াম আৰু ফচ্‌ফৰাচ।

৫৪) প্ৰশ্ন : এজন সুস্থ মানুহে এক মিনিটত কিমান বাৰ উশাহ লয়?

উত্তৰ : ১৬ৰ পৰা ১৮ বাৰ।

৫৫) প্ৰশ্ন : পুৰুষ আৰু মহিলাৰ কিমান কিমান বয়সত মগজু আটাইতকৈ গধুৰ হয়?

উত্তৰ : পুৰুষৰ প্ৰায় ২০ বছৰত আৰু মহিলাৰ প্ৰায় ১৭ বছৰ বয়সত।

৫৬) প্ৰশ্ন : মানুহৰ শৰীৰত বেমাৰ বিয়পোৱা বেক্টেৰিয়া কেইপ্ৰকাৰৰ আৰু কি কি?

উত্তৰ : চাৰি প্ৰকাৰৰ। যেনে – কোকচ্‌, বেবিলচ্‌, স্পাইৰিলম্‌ আৰু বাইব্ৰো।

৫৭) প্ৰশ্ন : বেক্টেৰিয়াৰ পৰা মানুহৰ শৰীৰত কি কি বেমাৰ হয়?

উত্তৰ : টাইফয়েড, টিটেনাচ, টি. বি., হাইজা, ডিপ্‌থেৰিয়া, গ্ৰহণী আৰু হুপিং কাঁহ আদি।

৫৮) প্ৰশ্ন : এইড্‌ছ (AIDS) সম্পূৰ্ণ মান কি?

উত্তৰ : একুৱাৰ্ড ইমিউন ডেফিচিয়েঞ্চি চিনড্ৰম।

৫৯) প্ৰশ্ন : কেন্সাৰ কি?

উত্তৰ : কেন্সাৰ এবিধ ভয়ঙ্কৰ বেমাৰ। এই ৰোগত আক্ৰান্ত হ’লে মানুহৰ কেশিকাবোৰ নষ্ট হৈ যায়।

৬০) প্ৰশ্ন : কেন্সাৰ আধুনিক বেমাৰ নে?

উত্তৰ : নহয়। ইজিপ্ত (মিচৰ)ৰ ‘মামী’টো এই বেমাৰৰ চিন পোৱা গৈছে।

৬১) প্ৰশ্ন : এইড্‌ছ কেনেকৈ হয়?

উত্তৰ : বিষাক্ত বীজাণুৰ দ্বাৰা।

৬২) প্ৰশ্ন : ডৱল নিমোনিয়া মানে কি?

উত্তৰ : দুয়োটা হাওঁফাওঁত নিমোনিয়া হোৱা অৱস্থা।

৬৩) প্ৰশ্ন : মানুহৰ শৰীৰৰ পৰা বিহ (Poision) ৰ প্ৰভাৱ নষ্ট কৰিবলৈ কি দৰৱ ব্যৱহাৰ কৰা হয়?

উত্তৰ : এণ্টিড’ট (প্ৰতিকাৰক)।

৬৪) প্ৰশ্ন : কুকুৰীকণা ৰোগ কিহৰ কাৰণে হয়?

উত্তৰ : শৰীৰত ভিটামিন – A ৰ অভাৱ ঘটিলে হয়।

৬৫) প্ৰশ্ন : বাটুলিনচ্‌ বেক্টেৰিয়াৰ পৰা কি বেমাৰ হয়?

উত্তৰ : বাটুলিনচ্‌ বেক্টেৰিয়াৰ পৰা বাটুলিজম্‌ বেমাৰ হয়। ই এবিধ স্নয়ুতন্ত্ৰৰ ৰোগ।

৬৬) প্ৰশ্ন : ৰিকেট (Ricket) কেনে বিধৰ ৰোগ?

উত্তৰ : ই এবিধ শিশুৰ ৰোগ। শৰীৰত ভিটামিন ডি আৰু কেলচিয়াম কম হ’লে এই ৰোগে শিশুক আক্ৰমণ কৰে। ফলত শিশুৰ শৰীৰতৰ হাড় কোমল হয় আৰু বৃদ্ধিত বাধাপ্ৰাপ্ত হয়।

৬৭) প্ৰশ্ন : চিৰোচিচ কেনে বিধৰ বেমাৰ?

উত্তৰ : চিৰোচিচ্‌ যকৃৎৰ বেমাৰ। অত্যাধিক মদ্যপান, বিষাক্ত ভোজন, বিষাক্ত ধোঁৱা, দূষিত পানী আদিৰ পৰাই এই বেমাৰ হয়।

৬৮) প্ৰশ্ন : দন্ত ক্ষয় (Tooth Decay) হোৱাৰ কাৰণ কি?

উত্তৰ : খাদ্যৰ লগত চেনী বেছিকৈ খোৱাটোৱে দন্ত ক্ষয়ৰ কাৰণ।

৬৯) প্ৰশ্ন : কেন্সাৰ কিমান প্ৰকাৰৰ?

উত্তৰ : মানৱ শৰীৰত ১০০ প্ৰকাৰতকৈও অধিক (প্ৰকাৰৰ) কেন্সাৰৰ আক্ৰমণ হ’ব পাৰে। কেইবাটাও প্ৰধান কেন্সাৰ হ’ল – ছালৰ কেন্সাৰ, হাওঁফাওঁৰ কেন্সাৰ, তেজৰ কেন্সাৰ, ইউট্ৰাচ কেন্সাৰ, স্তন কেন্সাৰ, হাড়ৰ কেন্সাৰ, পাচন তন্ত্ৰৰ কেন্সাৰ, বৃহদন্ত্ৰ (Colon) কেন্সাৰ আৰু মলাশয়ৰ কেন্সাৰ।

৭০) প্ৰশ্ন : গ্লুকমা (Galucoma) কি?

উত্তৰ : চকুৰ এবিধ মাৰাত্মক ৰোগ। উপযুক্ত চিকিৎসা নকৰিলে ৰোগীয়ে দৃষ্টিশক্তি হেৰুৱায়।

৭১) প্ৰশ্ন : এলাৰ্জি কি?

উত্তৰ : পৰিৱেশৰ কোনো বিশেষ পদাৰ্থৰ প্ৰতি ব্যক্তি বিশেষৰ শৰীৰৰ সংবেদনশীলতাই হ’ল এলাৰ্জি। ধূলি-মাকতি, ফুলৰ গোন্ধ, কোনো কোনো খাদ্য দ্ৰব্য আৰু বেক্টেৰিয়াৰ পৰা মানুহৰ এলাৰ্জি হয়। মানৱ শৰীৰৰ ছাল, নাক, শ্বাসনলী আৰু পাচনতন্ত্ৰ এলাৰ্জিৰ দ্বাৰা প্ৰবাৱিত হয়।

৭২) প্ৰশ্ন : সন্ধি বা গাঁঠি বাত (Arthritis) কি?

উত্তৰ : মানৱ শৰীৰৰ গাঁঠি সন্ধি সমূহত এই ৰোগে আক্ৰমণ কৰে। এই ৰোগত আক্ৰান্ত ৰোগীয়ে গাঁঠি সমূহত প্ৰচণ্ড বিষ অনুভৱ কৰে। গাঁঠি সমূহ ফুলি যায়। এনে ৰোগত আক্ৰান্ত ৰোগীয়ে পক্ষাঘাত বেমাৰতো আক্ৰান্ত হোৱাৰ সম্ভাৱনা থাকে।

৭৩) প্ৰশ্ন : ক্ষয়ৰোগ কি আৰু কেনেকৈ হয়?

উত্তৰ : বেক্টেৰিয়াই বিয়পোৱা এবিধ ৰোগ হ’ল হাওঁ-ফাওঁৰ ক্ষয় ৰোগ বা যক্ষ্মা। বেক্টেৰিয়াই বিয়পোৱা এই বেমাৰক ইংৰাজীত ‘মাইক্ৰ’বেক্টেৰিয়াম টিউবাৰকুলেচিচ’ বোলে।

৭৪) প্ৰশ্ন : সংক্ৰমণ (Infections) ৰোগ কি?

উত্তৰ : বেক্টেৰিয়া, বীজাণু, প্ৰ’টজোৱা আদিয়ে বিয়পোৱা আৰু এজন মানুহৰ পৰা আন এজন মানুহৰ শৰীৰলৈ যোৱা ৰোগক সংক্ৰমণ ৰোগ বোলে।

৭৫) প্ৰশ্ন : মানুহৰ বৃদ্ধাৱস্থাত হোৱা কেইটামান ৰোগৰ নাম কি?

উত্তৰ : ধমনী কঠোৰ হোৱা, হৃদয় ৰোগ, দুৰ্দম বৃদ্ধি, (Malingnant)(Growth) যেনে – কেন্সাৰ, ষ্ট্ৰোক, পক্ষাঘাত, প্ৰটেষ্ট গ্ৰন্থিৰ ৰোগ আদি।

৭৬) প্ৰশ্ন : চিকিৎসা বিজ্ঞান বা আয়ুবিজ্ঞান কি?

উত্তৰ : চিকিৎসা, ৰোগৰ নিদান তথা শুশ্ৰ্ষ সম্পৰ্কীয় বিজ্ঞান।

৭৭) প্ৰশ্ন : আকুপাংচাৰ কি?

উত্তৰ : চীন দেশত বিকাশ হোৱা এবিধ চিকিৎসা ব্যৱস্থা। এই চিকিৎসা ব্যৱস্থাত শৰীৰৰ বিভিন্ন অঙ্গত ধাতুৰে বনোৱা বেজীৰে খুঁচি ৰোগীক চিকিৎসা কৰা হয়।

৭৮) প্ৰশ্ন : চিকিৎসাৰ বিভিন্ন পদ্ধতি সমূহ কি কি?

উত্তৰ : বৰ্তমানত বিশ্বৰ চাৰি প্ৰকাৰৰ চিকিৎসা পদ্ধতি চলি আছে। যেনে – এলোপেথিক, হোমিওপেথিক, আয়ুৰ্বেদিক আৰু আকুপাংচাৰ।

৭৯) প্ৰশ্ন : চলাফা ড্ৰাগচ্‌ কি?

উত্তৰ : চালফা ড্ৰাগচ হ’ল কৃত্ৰিম ৰাসায়নিক দ্ৰব্য। বেক্টেৰিয়াৰ পৰা হোৱা বেমাৰৰ চিকিৎসাৰ কাৰণে এনে দৰৱ ব্যৱহাৰ কৰা হয়। ‘এল্‌ফোনামাইড’ এটা মুখ্য চালফা দৰৱ।

৮০) প্ৰশ্ন : এণ্টিবায়’টিকচ্‌ কি?

উত্তৰ : শৰীৰত বেমাৰ উৎপন্ন কৰা সূক্ষ্মাতি-সুক্ষ্ম জীৱাণু সমূহক ধ্বংস কৰা এবিধ দৰৱ। পোন প্ৰথমে আৱিষ্কাৰ কৰা এণ্টিবায়’টিকচ হ’ল – পেনিচিলিন। ডাঃ আলেকজেণ্ডাৰ ফ্লেমিঙে ইং ১৯২৮ব চনত প্ৰথমে পেনিচিলিনক ভেকুঁৰত আৱিষ্কাৰ কৰে।

৮১) প্ৰশ্ন : বসন্ত ৰোগৰ ছিটাৰ আৱিষ্কাৰক কোন?

উত্তৰ : এডৱাৰ্ড জেনাৰ।

৮২) প্ৰশ্ন : এনাচথেনিয়া (Anaesthesia) কি?

উত্তৰ : হাইপেচথেচি্‌য়াত চেতনা কম কৰি বিষ আৰু স্পৰ্শৰ প্ৰতি সংবেদনা সমাপ্ত কৰা চিকিৎসা পদ্ধতি। অস্ত্ৰোপ্ৰচাৰত ইয়াৰ বিশেষ আৱশ্যক।

৮৩) প্ৰশ্ন : মেনিনজাইটিচ ৰোগে মানুহৰ শৰীৰৰ কোন অংশৰ অনিষ্ট কৰে?

উত্তৰ : মগজু আৰু স্নায়ুৰ ৰজ্জুৰ।

৮৪) প্ৰশ্ন : নিউম’নিয়া ৰোগে মানুহৰ শৰীৰৰ কোন অংশৰ ক্ষতি সাধন কৰে?

উত্তৰ : হাওঁফাওঁৰ।

৮৫) প্ৰশ্ন : টিউবাৰ কুল’চিচ বেমাৰে মানুহৰ শৰীৰৰ কোন অংশৰ ক্ষতি সাধন কৰে?

উত্তৰ : হাওঁফাওঁ আৰু অন্ত্ৰৰ।

৮৬) প্ৰশ্ন : প্ৰাপ্তবয়স্ক সুস্থ মানুহ এজনে দৈনিক প্ৰ’টিন খাব লাগে?

উত্তৰ : কমেও ৭০ ৰ পৰা ৮০ গ্ৰাম।

৮৭) প্ৰশ্ন : মঙ্গোলিজম কি?

উত্তৰ : এবিধ বংশগত বেমাৰ। ইয়াক ‘ডাউন চিড্ৰম’ বা ’২১ ট্ৰাইচোম চিড্ৰম’ বুলিও কোৱা হয়।

৮৮) প্ৰশ্ন : আমাৰ শৰীৰত নিমখৰ পৰিমাণ কিমান?

উত্তৰ : ০.৯ শতাংশ।

৮৯) প্ৰশ্ন : কোনো লেন্সৰ সহায় নোলোৱাকৈ মানুহে কিমান ক্ষুদ্ৰ বস্তু খালী চকুৰে দেখা পায়?

উত্তৰ : চকুৰ পৰা ২৫ ছেণ্টিমিটাৰ আঁতৰত থকা ১০০ মাইক্ৰোন আকৃতিৰ বস্তু দেখা পায়। (১ মাইক্ৰোন সমা ০.০০০১ মিলিমিটাৰ)।

৯০) প্ৰশ্ন : নেত্ৰ গোলক (Eye Ball) ক ঢাকি ৰখা পাতল চামনিটোক কি বোলে?

উত্তৰ : কোৰ্ণিয়া (Cornea)।

৯১) প্ৰশ্ন : মানুহৰ মাংসপেশীত কি পদাৰ্থ জমা থাকে?

উত্তৰ : গ্লাইকোজেন।

৯২) প্ৰশ্ন : মানুহৰ দেহত থকা ক্ৰমোজমৰ সংখ্যা কিমান?

উত্তৰ : ২৩ যোৰ।

৯৩) প্ৰশ্ন : বিজ্ঞানী ডেল্টনে ভোগা ‘ডেল্টনিজম্‌’ নামৰ ৰোগটো কি?

উত্তৰ : বৰ্ণান্ধতা।

৯৪) প্ৰশ্ন : বাইল ৰস মানুহৰ শৰীৰৰ কোন অংশৰ পৰা ওলায়?

উত্তৰ : লিভাৰৰ পৰা।

৯৫) প্ৰশ্ন : এইচ. আই. ভি. কি?

উত্তৰ : হিউমেন ইমিউনিটি ভাইৰাছ।

৯৬) প্ৰশ্ন : পুৰুষৰ লিঙ্গ নিৰ্দ্ধাৰণকাৰী ক্ৰমোজমযোৰ কি?

উত্তৰ : XY।

 

উৎস-নতুন চাইঞ্চ কুইজ।

শেহতীয়া উন্নীতকৰণ: : 1/17/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate