অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কুইজ-

প্ৰশাসন-

 

১) প্ৰশ্ন : অৰুণাচল প্ৰদেশত সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰ কোন চনত প্ৰৱৰ্তন হয়?

উত্তৰ : ১৯৭২ চনত।

২) প্ৰশ্ন : অসমৰ বিধান সভা কিমান জন সদস্যৰে গঠিত?

উত্তৰ : ১২৬ জন।

৩) প্ৰশ্ন : মণিপুৰৰ বিধান সভা কিমান জন সদস্যৰে গঠিত?

উত্তৰ : ৬০ জন।

৪) প্ৰশ্ন : মিজোৰামৰ বিধান সভাৰ সদস্য সংখ্যা কিমান?

উত্তৰ : ৪০ জন।

৫) প্ৰশ্ন : ছিকিমৰ বিধান সভাৰ সদস্য সংখ্যা কিমান?

উত্তৰ : ৩২ জন।

৬) প্ৰশ্ন : ছিকিমে কিমান জন সদস্য ৰাজ্যসভালৈ পঠিয়াই?

উত্তৰ : এজন।

৭) প্ৰশ্ন : ত্ৰিপুৰাৰ বিধান কিমান জন সদস্যৰ দ্বাৰা গঠিত?

উত্তৰ : ৬০ জন।

৮) প্ৰশ্ন : ৬০ জন সদস্যৰে গঠিত অৰুণাচল প্ৰদেশ বিধান সভাৰ প্ৰথম সাধাৰণ নিৰ্বাচন কেতিয়া অনুষ্ঠিত হৈছিল?

উত্তৰ : ২৭ ফেব্ৰুৱাৰী, ১৯৯০ চন।

৯) প্ৰশ্ন : লোক সভাত অসমৰ কিমান জন সদস্যই প্ৰতিনিধিত্ব কৰে?

উত্তৰ : ১৪ জন।

১০) প্ৰশ্ন : কোন চনত মেঘালয়ত প্ৰথম সাধাৰণ নিৰ্বাচন অনুষ্ঠিথৈছিল?

উত্তৰ : ১৯৭২ চনত।

১১) প্ৰশ্ন : ৰাজ্যসভাত কিমানজন সদস্যই মিজোৰামক প্ৰতিনিধিত্ব কৰে?

উত্তৰ : এজন।

১২) প্ৰশ্ন : ভাৰতীয় সংবিধানৰ কোনটো সংশোধনীৰ দ্বাৰা নাগালেণ্ডক ভাৰতৰ ১৬তম ৰাজ্য হিচাপে স্বীকৃতি দিয়া হয়?

উত্তৰ : ১৩ তম।

১৩) প্ৰশ্ন : ৰাজ্যসভাত নাগালেণ্ডৰ কিমান জন সদস্যই প্ৰতিনিধিত্ব কৰে?

উত্তৰ : এজন।

১৪) প্ৰশ্ন : লোক সভাত ছিকিমৰ কিমান জন সদস্যই প্ৰতিনিধিত্ব কৰে?

উত্তৰ : এজন।

১৫) প্ৰশ্ন : কোন চনত অৰুণাচল প্ৰদেশৰ পঞ্চায়তী ৰাজ প্ৰৱৰ্তন কৰা হয়?

উত্তৰ : ১৯৬৭ চনত।

১৬) প্ৰশ্ন : অৰুণাচল প্ৰদেশৰ ৰাজধানী শ্বিলংৰ পৰা ইটানগৰলৈ কেতিয়া স্থানান্তৰ কৰা হয়?

উত্তৰ : ১জুন, ১৯৭৪ চনত।

১৭) প্ৰশ্ন : অৰুণাচল প্ৰদেশৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল?

উত্তৰ : পি. কে. থুংগন।

১৮) প্ৰশ্ন : অৰুণাচল প্ৰদেশৰ প্ৰথম নিৰ্বাচিত মহিলা বিধায়িকা কোন আছিল?

উত্তৰ : ন্যাৰি ৱেলি।

১৯) প্ৰশ্ন : ৰাজ্যসভাত কিমান জন সদস্যই অসমক প্ৰতিনিধিত্ব কৰে?

উত্তৰ : ৭ জন।

২০) প্ৰশ্ন : অসমত ত্ৰিস্তৰীয় পঞ্চায়তীৰাজ ব্যৱস্থা আছে। ইয়াৰ নামবোৰ কি কি?

উত্তৰ :  গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদ।

২১) প্ৰশ্ন : অসমৰ কোন ঠাইত উচ্চ ন্যায়ালয় অৱস্থিত?

উত্তৰ : গুৱাহাটী।

২২) প্ৰশ্ন : অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল?

উত্তৰ : গোপীনাথ বৰদলৈ।

২৩) প্ৰশ্ন : মণিপুৰত দুটা সংসদীয় নিৰ্বাচনী সমষ্টি আছে। সেইকেইটাৰ নাম কি কি?

উত্তৰ : ইনাৰ মণিপুৰ সংসদীয় নিৰ্বাচন ক্ষেত্ৰ আৰু আউটাৰ মণিপুৰ সংসদীয় নিৰ্বাচন ক্ষেত্ৰ।

২৪) প্ৰশ্ন : ৰাজ্যসভাত মেঘালয়ক কিমান জন সদস্যই প্ৰতিনিধিত্ব কৰে?

উত্তৰ : এজন।

২৫) প্ৰশ্ন : মিজোৰামৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল?

উত্তৰ : চুংগা।

২৬) প্ৰশ্ন : কোন চনত মিজোৰাম স্বতন্ত্ৰ ৰাজ্যত পৰিণত হয়?

উত্তৰ : ২০ ফেব্ৰুৱাৰী, ১৯৮৭ চনত।

২৭) প্ৰশ্ন : কিমান জন সদস্যই লোক সভাত মিজোৰামক প্ৰতিনদিত্ব কৰে?

উত্তৰ : এজন।

২৮) প্ৰশ্ন : কিমান জন সদস্যই লোক সভাত নাগালেণ্ডক প্ৰতিনদিত্ব কৰে?

উত্তৰ : ২ জন।

২৯) প্ৰশ্ন : কিমান জন সদস্যই লোক সভাত ত্ৰিপুৰাক প্ৰতিনিত্ব কৰে?

উত্তৰ : দুজন।

৩০) প্ৰশ্ন : ত্ৰিপুৰাত কেইটা সংসদীয় নিৰ্বাচনী সমষ্টি আছে?

উত্তৰ : দুটা।

 

কৃষি, উদ্যোগ আৰু খনিজ সম্পদ-

 

১) প্ৰশ্ন : অৰুণাচল প্ৰদেশৰ অধিবাসী সকলৰ জীৱিকাৰ প্ৰধান উপায় কি?

উত্তৰ : কৃষি।

২) প্ৰশ্ন : অৰুণাচল প্ৰদেশৰ সৰ্বোচ্চ আপেল উৎপাদন কৰা চহৰ খন কি?

উত্তৰ : দিৰাং।

৩) প্ৰশ্ন : কোন চনত অসমত চাহ আৱিষ্কাৰ হৈছিল?

উত্তৰ : ১৮২৩ চনত।

৪) প্ৰশ্ন : অসমৰ কোন খন চাহ বাগান ভাৰতৰ সৰ্ববৃহৎ চাহ বাগিচা?

উত্তৰ : কাকজান চাহ বাগান।

৫) প্ৰশ্ন : মণিপুৰৰ অধিবাসী সকলৰ মুখ্য খাদ্য শস্য কি?
উত্তৰ : ধান।

৬) প্ৰশ্ন : মেঘালয়ৰ প্ৰধান আয়ৰ উপায় কি?

উত্তৰ : কৃষি।

৭) প্ৰশ্ন : মিজোৰামৰ অধিবাসী সকলৰ প্ৰধান আয়ৰ উৎস কি

উত্তৰ : কৃষি।

৮) প্ৰশ্ন : নাগালেণ্ডৰ অধিবাসী সকলৰ মুখ্য খাদ্য শস্য কি?

উত্তৰ : ধান।

৯) প্ৰশ্ন : ত্ৰিপুৰাত উৎপাদন হোৱা মুখ্য খাদ্য শস্যবিধ কি?

উত্তৰ : ধান।

১০) প্ৰশ্ন : অৰুণাচল প্ৰদেশৰ চিমেণ্ট কাৰখানা ক’ত অৱস্থিত?

উত্তৰ : তেজু।

১১) প্ৰশ্ন : পেট্ৰ’ৰাসায়নিক উদ্যোগ অসমৰ ক’ত অৱস্থিত?

উত্তৰ : বঙাইগাঁওত।

১২) প্ৰশ্ন : কোন চনত মণিপুৰত ঔদ্যগিক বিকাশ নিগম স্থাপিত হয়?

উত্তৰ : ১৯৬৯ চনত।

১৩) প্ৰশ্ন : ছিকিমৰ বাসিন্দাৰ প্ৰধান খাদ্য শস্য কি?

উত্তৰ : গোমধান।

১৪) প্ৰশ্ন : অৰুণাচল প্ৰদেশৰ কোনখন জিলা মাৰ্বল শিলৰ বাবে বিখ্যাত?

উত্তৰ : তেজু।

১৫) প্ৰশ্ন : ভাৰতৰ সবাতোকৈ পুৰণি তেল শোধনাগাৰটো অসমত আছে। ইয়াৰ নামটো কি?

উত্তৰ : “ডিগবৈ তেল শোধনাগাৰ”, (ভাৰতীয় তেল নিগমৰ দ্বাৰা ১৮৯০ চনত স্থাপিত)।

১৬) প্ৰশ্ন : অসমত কয়লা আৱিষ্কাৰ কৰা কোম্পানীটোৰ নাম কি?

উত্তৰ : অসম ৰে’ল আৰু ব্যৱসায়িক কোম্পানী।

১৭) প্ৰশ্ন : কমলাৰ বিশেষ প্ৰজাতিটোৰ নাম কি যাৰ কাৰণে মেঘালয় বিখ্যাত?

উত্তৰ : খাছী মাণ্ডাৰিণ।

১৮) প্ৰশ্ন : নাগালেণ্ডত কোনটো বৰ্ষক “ধান আৰু গোমধানৰ বৰ্ষ” হিচাপে ঘোষণা কৰা হৈছিল?

উত্তৰ : ২০০১ বৰ্ষক।

১৯) প্ৰশ্ন : ত্ৰিপুৰাৰ প্ৰথমটো সফল জলবিদ্যুৎ প্ৰকল্পৰ নাম কি?

উত্তৰ : গোমতী জলবিদ্যুৎ প্ৰকল্প।

২০) প্ৰশ্ন : জলবিদ্যুৎ শক্তি উৎপাদনত অৰুণাচল প্ৰদেশে দেশৰ ভিতৰতে প্ৰথম স্থান অধিকাৰ কৰিছে ন নাই কৰা?

উত্তৰ : কৰিছে।

২১) প্ৰশ্ন : অসমৰ একমাত্ৰ জুইশলা কাৰখানা বোকাজানত অৱস্থিত হয় নে নহয়?

উত্তৰ : নহয়। ধুবুৰীত অৱস্থিত।

২২) প্ৰশ্ন : মণিপুৰৰ পৰা সৰ্বাধিক মাত্ৰাত ৰপ্তানি কৰা কৃষিজাত সামগ্ৰীবিধ ধান হয় নে নহয়?

উত্তৰ : নহয়। ই গোমধান হয়।

২৩) প্ৰশ্ন : মিজোৰামত ১৯৬২ চনত পোন প্ৰথমবাৰৰ বাবে বিদ্যুৎ শক্তিৰ যোগান ধৰা হৈছিল নে হোৱা নাছিল?

উত্তৰ : হৈছিল।

২৪) প্ৰশ্ন : ত্ৰিপুৰাক ভাৰতৰ দ্বিতীয় “ৰবৰ ৰাজধানী” হিচাপে ঘোষণা কৰা হৈছে, হয় নে নহয়।

উত্তৰ : হয়।

 

  • উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰধান কৃষি-উদ্যান ভিত্তিক উৎপাদন সমূহ:

ৰাজ্য

প্ৰধান উদ্যান ভিত্তিক উৎপাদনসমূহ

প্ৰধান কৃষি ভিত্তিক উৎপাদন সমূহ

অৰুণাচল প্ৰদেশ

ৰবৰ আৰু চাহ

চাউল, কণী, ধান, মাকৈ, মাহ, কুঁহিয়াৰ, ঘেঁহু ইত্যাদি।

অসম

চাহ, ৰবৰ আৰু কফি

চাউল, ঘেঁহু, মৰাপাট, নাৰিকল, কুঁহিয়াৰ, কঁপাহ ইত্যাদি।

মণিপুৰ

ৰবৰ আৰু কফি

ঘেঁহু, সৰিয়হ, চাউল, মাকৈ ইত্যাদি।

মেঘালয়

কাজু আৰু কমলা

মৰাপাট, সৰিয়হ, সূৰ্যমূখী ফুল, চয়াবিন ইদ্যাদি।

মিজোৰাম

ৰবৰ আৰু কমলা

মাকৈ, কুঁহিয়াৰ, চাউল, ধঁপাত ইত্যাদি।

নাগালেণ্ড

চাহ, ৰবৰ আৰু কফি

ঘেঁহু, বুট মাহ, সৰিয়হ, কপাহ, মাকৈ, চাউল ইত্যাদি।

ছিকিম

ইলাচি আৰু চাহ

আদা, হালধি, ইলাচি ইত্যাদি।

ত্ৰিপুৰা

চাহ, কফি আৰু ৰবৰ

কুঁহিয়াৰ, কপাহ, মেচ্‌টা ইত্যাদি।

 

জনসাধাৰণ আৰু জনবসতি

 

১) প্ৰশ্ন : অৰুণাচল প্ৰদেশত প্ৰধানকৈ কিমানটা জনজাতি আৰু বহু সংখ্যক উপজাতি বাস কৰে?

উত্তৰ : ২৬ টা।

২) প্ৰশ্ন : কাক অসমৰ “পূবৰ নেপোলিয়ন” হিচাপে জনা যায়?

উত্তৰ : বীৰ চিলাৰায়।

৩) প্ৰশ্ন : মণিপুৰত চৰকাৰী ভাৱে স্বীকৃত জনজাতি কিমান বাস কৰে?

উত্তৰ : ঊনত্ৰিশ টা।

৪) প্ৰশ্ন : মেঘালয়ৰ অধিবাসী সকল মুখ্যতঃ কি হয়?

উত্তৰ : জনজাতি।

৫) প্ৰশ্ন : ত্ৰিপুৰাৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ জনজাতীয় লোক আছে?

উত্তৰ : ত্ৰিশ শতাংশ।

৬) প্ৰশ্ন : অৰুণাচল প্ৰদেশৰ পৰা লোকসভালৈ মনোনীত প্ৰথম সংসদ সদস্য জন কোন আছিল?

উত্তৰ : চি কে গোঁহাই।

৭) প্ৰশ্ন : অৰুণাচল প্ৰদেশৰ প্ৰথম ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া জনৰ নাম কি আছিল?

উত্তৰ : জোমিন টায়েং।

৮) প্ৰশ্ন : “জ্ঞানপীঠ পুৰস্কাৰ”ৰ প্ৰাপ্ত প্ৰথম জন অসমীয়া কোন আছিল?

উত্তৰ : ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য।

৯) প্ৰশ্ন : ভাৰতৰ ৰাষ্ট্ৰপতি হোৱা অসমৰ প্ৰথমজন অসমীয়া ব্যক্তিৰ নাম কোৱা?

উত্তৰ : ফকৰুদ্দি আলি আহমেদ।

১০) প্ৰশ্ন : প্ৰথম অসমীয়া বিধায়িকা কোন আছিল?

উত্তৰ : শ্ৰী মতী উষা বৰঠাকুৰ।

১১) প্ৰশ্ন : মাদ্ৰাজৰ ৰাজ্যপাল হোৱা অসমৰ প্ৰথম ব্যক্তি জনৰ নাম কি আছিলে?

উত্তৰ : বিষ্ণুৰাম মেধি।

১২) প্ৰশ্ন : মণিপুৰৰ প্ৰথম অলিম্পিক খেলুৱৈ কোন আছিল?

উত্তৰ : পি নীলকমল।

১৩) প্ৰশ্ন : মৰ্যাদাপূৰ্ণ “পদ্মশ্ৰী” বঁটা লাভ কৰা মণিপুৰৰ প্ৰথম ব্যক্তি গৰাকী কোন আছিল?

উত্তৰ : এট’মবাপু শৰ্মা।

১৪) প্ৰশ্ন: মেঘালয়ৰ প্ৰথম খাছী মুখ্যমন্ত্ৰী কোন আছিল?

উত্তৰ : ডাৰউইন ডিয়েংডো পাগ।

১৫) প্ৰশ্ন : নাগালেণ্ডৰ প্ৰথম ৰাজ্যপাল গৰাকীৰ নাম লিখা?

উত্তৰ : শ্ৰী বিষ্ণু সাহায়।

১৬) প্ৰশ্ন : প্ৰথম গৰাকী নগা ব্যক্তি যিয়ে ১৯৪৮ চনৰ লণ্ডন অলিম্পিকত ভাৰতীয় ফুটবল দলৰ প্ৰথম গৰাকী অধিনায়ক হোৱাৰ গৌৰৱ অৰ্জন কৰে, তেঁও কোন আছিল?

উত্তৰ : ড° টালিমেৰন আও।

১৭) প্ৰশ্ন : ছিকিমৰ প্ৰথম মুখ্যমন্ত্ৰী গৰাকী কোন আছিল?

উত্তৰ : কাজী লেনডুপ দৰ্জী খাংচাৰ্পা।

১৮) প্ৰশ্ন : অৰুণাচল প্ৰদেশৰ পিতৃ স্বৰুপে গণ্য কৰা ব্যক্তি গৰাকীৰ নাম কি?

উত্তৰ : ড° ডায়িং এৰিং।

১৯) প্ৰশ্ন : ছিকিমৰ লেপচা জনজাতি মুখ্যতঃ ধৰ্মাৱলম্বী কি হয়?

উত্তৰ : বৌদ্ধ।

২০) প্ৰশ্ন : অৰুণাচল প্ৰদেশৰ কোন জনজাতিয়ে টোপিঅ’ নামৰ থলুৱা ক’লা নিমখ উৎপাদন কৰে?

উত্তৰ : আপাটানি।

২১) প্ৰশ্ন : অৰুণাচল প্ৰদেশৰ কোনটো জনজাতি ব্যৱহাৰোপযোগী কপাহী কম্বল তৈয়াৰ কৰাৰ বাবে প্ৰসিদ্ধ?

উত্তৰ : চেৰডুকপেন।

২২) প্ৰশ্ন : সুমেৰুত উপস্থিত হোৱা প্ৰথম অসমীয়া বৈজ্ঞানিক জনৰ নাম কি?

উত্তৰ : ৰাঘৱ চন্দ্ৰ ডেকা।

২৩) প্ৰশ্ন : তেওঁ ১৯৫৭ চনৰ অসমৰ বিখ্যাত সংসদ সদস্য। ১৯৫৪ চনত তেওঁ বিখ্যাত গ্ৰন্থ “ৰেড ৰিভাৰ এণ্ড দ্য ব্লু হিল্‌ছ”ৰ ৰচনাও কৰিছিল। তেওঁৰ নামটো কি?

উত্তৰ : হেম বৰুৱা।

২৪) প্ৰশ্ন : লণ্ডনৰ পৰা পি. এইচ. ডি. ডিগ্ৰী লাভ কৰা অসমৰ প্ৰথম মহিলা গৰাকীৰ নাম কি?

উত্তৰ : ড° তিলোত্তমা বৰুৱা।

২৫) প্ৰশ্ন : মেঘালয়ৰ কোনটো একমাত্ৰ জনজাতিৰ মাজত “অতিবাহিত যুৱকৰ সমূহীয়া শয়নকক্ষ”ৰ প্ৰথা দেখা পোৱা যায়?

উত্তৰ : গাৰো।

২৬) প্ৰশ্ন : তেওঁ প্ৰথম খাছী জোতা নিৰ্মাতা যিয়ে বিশ্বৰ সৰ্ববৃহৎ জোতা আৰু উচ্চতম গোৰোহা যুক্ত প্লেটফৰ্ম ফুট নিৰ্মাণ কৰাৰ অভিলেখ গঢ়িছে। তেওঁৰ নাম কি?

উত্তৰ : জেমছ চিয়েমিয়ং।

২৭) প্ৰশ্ন : মিজোৰামৰ কোনটো জনজাতিৰ নিজস্ব ভাষা আৰু লিপি আছে?

উত্তৰ : চাকমা।

২৮) প্ৰশ্ন : ৰাষ্ট্ৰসংঘত সম্বোধন কৰা প্ৰথম নগা ব্যক্তি কোন আছিল?

উত্তৰ : ফুৰেৰ হেইমেনড্ৰাফ।

২৯) প্ৰশ্ন : ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হোৱা প্ৰথম নগা ব্যক্তিজনৰ নাম কি?

উত্তৰ : এইছ কে চেমা।

  • উত্তৰ-পূৰ্বাঞ্চলৰ জনগোষ্ঠী সমূহ :

ৰাজ্য

জনগোষ্ঠী সমূহ

অৰুণাচল প্ৰদেশ

আদি, আপাটানি, বুগুন, গালো, নাইচি, ৰুচো, খাম্বা, মেম্বা, শ্বেৰদুকপেন, মিচ্‌মি, মনপা, টাগিন চিংফৌ, টাংচাং, মিয়োৰ ইত্যাদি।

অসম

বড়ো, কছাৰী, ৰাভা, কাৰ্বি, মিচিং, সোণোৱাল কছাৰী, তিৱা, ডিমাচা, কছাৰী, হাজং, গাৰো, দেউৰী, চুতীয়া, বৰ্মন ইত্যাদি।

মণিপুৰ

অনাল, অইমোল, গাণ্টে, কুকী, কাবুই, মৰাম, মাও, চাল্‌টে, টাংখুল, ৱাইফেই, জৌ ইত্যাদি।

মেঘালয়

খাচী, জয়ন্তীয়া, গাৰো, ৰাভা, হাজং ইত্যাদি।

মিজোৰাম

লুচাই, ত্ৰিপুৰী, লাখেৰ, পাৱি ইত্যাদি।

নাগালেণ্ড

আঙ্গামি, আও, চেমা, লোথা, ৰেংমা, ফোম, চাংগট্‌ম, কন্যাক, চাং, পোচুৰি, জেলিয়াং, চাখেচেং ইত্যাদি।

ছিকিম

লেপ্‌চা, নেপালী, ভূটিয়া ইত্যাদি।

ত্ৰিপুৰা

ত্ৰিপুৰা, ৰিয়াং, জামাটিয়া, হালাম, কুকী, মোগ, চাকমাচ ইত্যাদি।

 

 

উৎস : উত্তৰ পূৰ্বাঞ্চল কুইজ সঁফুৰা।

শেহতীয়া উন্নীতকৰণ: : 2/6/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate