অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বিজ্ঞান

মহাকাশ বিজ্ঞান

১) প্ৰশ্ন : মহাকাশ ভ্ৰমণ সম্পৰ্কীয় অধ্যয়ন কি কোৱা হয়?

উত্তৰ : এষ্ট্ৰ’নটিকাছ। (Astronautics)।

২) প্ৰশ্ন : মহাকাশৰ পৰা স্পষ্টভাৱে দেখা মানুহে সজা পৃথিৱীৰ একমাত্ৰ বস্তুটো কি?

উত্তৰ :  চীনৰ প্ৰাচীৰ।

৩) প্ৰশ্ন : মহাকাশত ভ্ৰমণ কৰা পৃথিৱীৰ প্ৰথম প্ৰাণীটো কি?

উত্তৰ : লাইকা নামৰ এটা কুকুৰ (যান০স্পুটনিক ২)।

৪) প্ৰশ্ন : ভষ্টক (Vostok) মহাকাশযানত উঠি কোনজন ব্যক্তি প্ৰথম মহাকাশচাৰী হিচাপে পৰিগণিত হৈছিল?

উত্তৰ : ইউৰি গাগাৰিণ (১২/৪/৬১ চন)।

৫) প্ৰশ্ন : আমেৰিকাৰ প্ৰথম মানৱবাহী যান খনৰ নাম কি?

উত্তৰ : ফ্ৰিডম-৭ (Freedom-7)।

৬) প্ৰশ্ন : মহাকাশলৈ যোৱা প্ৰথম মহিলা গৰাকী কোন?

উত্তৰ : ভেলেণ্টিনা টেৰেস্ক’ভা (ভষ্টক-৬) (Vostok-6)।

৭) প্ৰশ্ন : উপগ্ৰহ উৎক্ষেপণ কৰা প্ৰথম দেশখনৰ নাম কি?

উত্তৰ : ৰাচিয়া (১৯৫৭ চন)।

৮) প্ৰশ্ন : টেলিফোন, ফেক্স, টেলিভিছন, ইণ্টাৰনেট আদিৰ সংযোগ স্থাপনৰ বাবে কৃত্ৰিম উপগ্ৰহ ব্যৱহাৰ কৰা হয়। এই উপগ্ৰহবোৰৰ এটা চমু নাম আছে ; নামটো কি?

উত্তৰ : ‘ছেটকম’। (Satcom)।

৯) প্ৰশ্ন : ‘ইনছেট – ১ ডি’ কৃত্ৰিম উপগ্ৰহটো কোনটো মহাকাশ ষ্টেচনৰ পৰা মহাকাশলৈ উৎক্ষেপণ কৰা হৈছিল?

উত্তৰ : কেপ কেনাভেৰাল।

১০) প্ৰশ্ন : আমেৰিকা যুক্তৰাষ্ট্ৰৰ মহাকাশ গৱেণ্ণা সংস্থা নাছা’ (NASA)ৰ সম্পূৰ্ণ নাম কি?

উত্তৰ : নেছনেল এৰোনটিকছ এণ্ড স্পেছ এডমিনিষ্ট্ৰেচন।

১১) প্ৰশ্ন : চন্দ্ৰ পৃষ্ঠত প্ৰথম খোজ পেলোৱা মহাকাশচাৰী ‘নীল আমষ্ট্ৰং’ চন্দ্ৰৰ মাটিত কিমান সময় আছিল?

উত্তৰ : ২১ ঘণ্টা ৩৬ মিনিট ২১ ছেকেণ্ড।

১২) ভাৰতৰ প্ৰথম মহাকাশচাৰী ৰাকেচ শৰ্মাই মহাকাশ যাত্ৰাত ভাৰতভূমিৰ অলপ মাটি লগত নিছিল। মাটিখিনি কোন ঠাইৰ লগত আছিল?

উত্তৰ : দিল্লীৰ ৰজঘাট।

১৩) প্ৰশ্ন : দীৰ্ঘদিনীয়া মহাকাশ ভ্ৰমণৰ বাবে ৰকেটত কি ইন্ধন ব্যৱহাৰ কৰা হয়?

উত্তৰ : নিউক্লীয় ইন্ধন।

১৪) প্ৰশ্ন : মাৰ্কিন যুক্তৰাষ্ট্ৰৰ প্ৰথম মহাকাশ ষ্টেচনটো কি?

উত্তৰ : স্কাইলেব (১৯৭৩) পতন ইংৰাজী ১৯৭৯ চনত।

১৫) প্ৰশ্ন : মঙ্গল গ্ৰহৰ পৃষ্ঠভাগৰ ফটো লোৱা প্ৰথম মহাকাশ যানখনৰ নাম কি?

উত্তৰ : মেৰিনাৰ – ৪ (আমেৰিকা যুক্তৰাষ্ট্ৰ)

১৬) প্ৰশ্ন : ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহ কি? আৰু ইয়াক ক’ৰপৰা কিমান চনত উৎক্ষেপণ কৰা হৈছিল?

উত্তৰ : আৰ্যভট্ট, ৰাচিয়াৰ পৰা (১৯৭৫ চনৰ ১৯ এপ্ৰিল)

১৭) প্ৰশ্ন : ইছৰো আৰু ডছৰ সম্পূৰ্ণ নাম কি?

উত্তৰ : ইছৰো (ISRO) – ভাৰতীয় মহাকাশ গৱেষণা সংস্থা

ডছ (DOS) – মহাকাশ দপ্তৰ।

১৮) প্ৰশ্ন : ৰকেট ইঞ্জিন এটাৰ চলনত নিউটনৰ গতিবিষয়ত সূত্ৰৰ কোনটো নীতি প্ৰয়োগ কৰা হয়?

উত্তৰ : তৃতীয় সূত্ৰ।

১৯) প্ৰশ্ন : ৰকেট ইঞ্জিন এটা চলাচলৰ বাবে আটাইতকৈ প্ৰয়োজনীয় ব্যৱস্থাটো কি?

উত্তৰ : অতি উচ্চচাপৰ গেছ উৎপন্ন কৰিব পৰা ব্যৱস্থা।

২০) প্ৰশ্ন : ‘পাথ ফাইণ্ডাৰ’ কি?

উত্তৰ : মঙ্গল গ্ৰহৰ অভিমুখী এখন মহাকাশযান। বৰ্তমান ই মৃত।

২১) প্ৰশ্ন : উপগ্ৰহ এটাক কক্ষপথলৈ নিক্ষেপ কৰিবলৈ ব্যৱহাৰ কৰা যানখনক কি বোলে?

উত্তৰ : স্পেছ শ্বাটল।

২২) প্ৰশ্ন : সুদূৰ সংবেদনৰ বাবে অকলশৰীয়াকৈ ব্যৱহাৰ কৰা প্ৰথমটো উপগ্ৰহৰ নাম কি?

উত্তৰ :ই আৰ টি এছ- ১ (Earth Resources Technology Satelite-1)

২৩) প্ৰশ্ন : ‘সূৰ্যহে সৌৰজগতৰ কেন্দ্ৰ’ এই কথা বিজ্ঞান সন্মতভাৱে প্ৰথম কোনে ঘোষণা কৰিছিল?

উত্তৰ : নিকোলাচ কপাৰনিকাছ।

২৪) প্ৰশ্ন : মহাকাশত জ্যোতিষ্কৰ দূৰত্ব জোখা একক কি?

উত্তৰ : আলোকবৰ্ষ।

২৫) প্ৰশ্ন : মহাকাশযান এখনে কোনো গ্ৰহ বা চন্দ্ৰৰ মাধ্যাকৰ্ষণ শক্তিৰ আকৰ্ষণ এৰাই যাবৰ বাবে প্ৰয়োজন হোৱা গতিবেগত কি কোৱা হয়?

উত্তৰ : নিৰ্গম বেগ বা পলায়নবেগ।

২৬) প্ৰশ্ন : টেলিসংযোগ ব্যৱস্থাৰ বাবে কোনবোৰ কৃত্ৰিম উপগ্ৰহ ব্যৱহাৰ কৰা হয়?

উত্তৰ : ভূ-স্থিৰ উপগ্ৰহ।

২৭) প্ৰশ্ন : সৌৰজগতৰ বৃহত্তম গ্ৰহানুটোৰ নাম কি?

উত্তৰ : চিৰিচ।

২৮) প্ৰশ্ন : পৃথিৱী সূৰ্য্যৰ চাৰিওফালে ঘূৰে, এই ধাৰণাটো প্ৰথম কোনে দিছিল?

উত্তৰ : গ্ৰীক জ্যোতিবিজ্ঞানী এৰিষ্টাৰ্‌কাছে।

২৯) প্ৰশ্ন : ‘Red Planet’ বুলি কোনটো গ্ৰহক জনা যায়?

উত্তৰ : মঙ্গল গ্ৰহ।

৩০) প্ৰশ্ন : শনিগ্ৰহৰ দুটা আঙুঠিৰ মাজৰ খালী ঠাইখিনিক কি কোৱা হয়?

উত্তৰ : কাছিনি অঞ্চল।

৩১) প্ৰশ্ন : কৃত্ৰিমভাৱে গ্ৰহ, নক্ষত্ৰৰ স্থিতি, পৰিৱৰ্ত্তন আদি নিখুঁট ভাৱে দেখুৱাবলৈ সজা বিজ্ঞানসন্মত গৃহক কি কোৱা হয়?

উত্তৰ : তাৰকাগৃহ।

৩২) প্ৰশ্ন : আমাৰ সৌৰজগতখনত থকা তাৰকা ৰাজ্যখনৰ নাম কি?

উত্তৰ : হাতীপটি।

৩৩) প্ৰশ্ন : সৌৰজগতৰ নীল গ্ৰহ কাক কোৱা হয়?

উত্তৰ : পৃথিৱী।

৩৪) প্ৰশ্ন : পৃথিৱী আৰু সূৰ্যৰ মাজৰ গড় দূৰত্ব কিমান?

উত্তৰ : ১৫০ নিযুত কিলোমিটাৰ।

৩৫) প্ৰশ্ন : আমাৰ সৌৰজগতখন হাতীপটি তাৰকা ৰাজ্যৰ পৰা কিমান দূৰত্বত অৱস্থিত?

উত্তৰ : ৩০ হাজাৰ আলোকবৰ্ষ দূৰত্বত।

৩৬) প্ৰশ্ন : পৃথিৱীৰ পৰা চন্দ্ৰলৈ দূৰত্ব কিমান?

উত্তৰ : ৩ লাখ ৮৫ হাজাৰ কিলোমিটাৰ।

৩৭) প্ৰশ্ন : মঙ্গল গ্ৰহৰ উপগ্ৰহ দুটাৰ নাম কি?

উত্তৰ : ফবছ আৰু ডিমছ্‌।

৩৮) প্ৰশ্ন : সূৰ্যত আটাইতকৈ বেছি পৰিমাণে থকা মৌলবিধ কি?

উত্তৰ : হাইড্ৰ’জেন।

৩৯) প্ৰশ্ন : পৃথিৱীৰ প্ৰথম প্লেনেটৰিয়ামটো ক’ত আৰু কেতিয়া স্থাপন কৰা হৈছিল?

উত্তৰ : মিউনিখৰ মিউজিয়ামত, ১৯২৮ চনত।

৪০) প্ৰশ্ন : হেলিৰ ধুমকেতু পৃথিৱীৰ পৰা পুনৰ কোন চনত দেখা যাব?

উত্তৰ : ২০৬১ চনত।

৪১) প্ৰশ্ন : বিগ বেং বা মহানাদ তত্ত্ব কি?

উত্তৰ : বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টি তত্ত্ব।

৪২) প্ৰশ্ন : আকাশৰ তৰাবোৰ জিলমিলাই থকা দেখা যায় কিয়?

উত্তৰ : বায়ুমণ্ডলীয় প্ৰতিসৰনৰ বাবে।

৪৩) প্ৰশ্ন : এক মহাজগতিক বছৰ কি?

উত্তৰ : সৌৰজগতখনে হাতীপটিত এপাক সম্পূৰ্ণ কৰিবলৈ যি সময়ৰ প্ৰয়োজন হয়।

৪৪) প্ৰশ্ন : এক আলোকবৰ্ষ বুলিলে কি বুজায়?

উত্তৰ : পোহৰে ছেকেণ্ডত প্ৰায় ৩ লাখ কিলোমিটাৰ বেগত এবছৰত যিমান দূৰ অতিক্ৰম কৰে।

৪৫) প্ৰশ্ন : বিশ্ব সৃষ্টিৰ সম্পৰ্কে কোনখন প্ৰাচীন ভাৰতীয় গ্ৰন্থত চিন্তাৰ প্ৰমাণ পোৱা যায়?

উত্তৰ : কপিল “মুনিৰ সংখ্যা সূত্ৰ”ত।

৪৬) প্ৰশ্ন : ভাৰত মহাকাশ গৱেষণা সংস্থা কেতিয়া প্ৰতিষ্ঠা কৰা হয়৬?

উত্তৰ : ১৯৬৯ চনত।

৪৭) প্ৰশ্ন : ভাৰতীয় মহাকাশ আয়োগৰ প্ৰথমজন মূৰব্বী কোন আছিল?
উত্তৰ : ড° সতীশ ধাৱান।

৪৮) প্ৰশ্ন : ভাৰতবৰ্ষত চুপাৰন’ভাৰ ওপৰত গৱেষণা কৰা অনুষ্ঠানটোৰ নাম কি?

উত্তৰ : ভাৰতৰ জ্যোতি পদাৰ্থবিজ্ঞান প্ৰতিষ্ঠান (বাঙ্গালোৰ)

পৰিবেশ বিজ্ঞান

৪৯) প্ৰশ্ন : বায়ুমণ্ডলত সৰ্বাধিক পৰিমাণ থকা গেছ বিধ কি?

উত্তৰ : নাইট্ৰ’জেন ৭৮.০৮ শতাংশ।

৫০) প্ৰশ্ন : অজ’ন স্তৰৰ ক্ষতি সাধন কৰা মানৱ সৃষ্ট মুখ্য উপাদান দুটা কি কি?

উত্তৰ : ক্ল’ৰ’ফ্লৰ’কাৰ্বন আৰু হেলন্‌চ।

৫১) প্ৰশ্ন : অ’জন স্তৰটোত বিন্ধা হোৱাৰ কথা প্ৰথম কোনটো কৃত্ৰিম উপগ্ৰহে ধৰা পেলাইছিল?

উত্তৰ : নিমকছ – ৭।

৫২) প্ৰশ্ন : বায়ুমণ্ডলৰ একেবাৰে তলৰ স্তৰটোক কি কোৱা হয়?

উত্তৰ : ট্ৰপস্ফিয়াৰ।

৫৩) প্ৰশ্ন : অজ’ন গেছৰ তৰপটো বায়ুমণ্ডলৰ কোন অংশত আছে?

উত্তৰ : ষ্টেট’স্ফিয়াৰ।

৫৪) প্ৰশ্ন : মানুহে কিমান কম্পনামহক লৈ শব্দ শুনিব পাৰে?
উত্তৰ : ২০,০০০ হাৰ্জ।

৫৫) প্ৰশ্ন : যিবোৰ শব্দৰ কম্পনাংক ২০,০০০ হাৰ্জতকৈ বেছি তেনে শব্দক কি কোৱা হয়?

উত্তৰ : অতি শব্দ।

৫৬) প্ৰশ্ন : এবিধ উত্তম কীটনাশকৰ বাবে চুইজাৰলেণ্ডৰ বিজ্ঞানী ড° মূলাৰক ১৯৪৮ চনত নবেল বঁটা দিতা হৈছিল। কিন্ত প্ৰদূষক হিচাপে ধৰা পৰাত বৰ্ত্তমান বহুদেশীই দৰব নিষিদ্ধ কৰিছে। এই কীটনাশক বিধৰ নাম কি?

উত্তৰ : ডি. ডি. টি.।

৫৭) প্ৰশ্ন : বিশ্বৰ এদল পৰিবেশ বিজ্ঞানীৰ মতে পৃথিৱীৰ সামগ্ৰিক উষ্ণতা বৃদ্ধি পাইছে। প্ৰদূষণৰ ফলত বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইড বাঢ়ি যোৱাটোৱেই ইয়াৰ মূল কাৰণ। এটা বিশেষ প্ৰক্ৰিয়াৰে CO2 ৰ বাবে বায়ুমণ্ডলৰ উষ্ণতা বৃদ্ধি হয়। এই প্ৰক্ৰিয়াটোক কি বুলি কোৱা হয়?

উত্তৰ : সেউজ গৃহ প্ৰভাৱ।

৫৮) বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি পৃথিৱীৰ আটাইতকৈ প্ৰদূষিত ১০ খন মহানগৰীৰ ভিতৰত এখন ভাৰততো আছে। সেইখন কি?

উত্তৰ : দিল্লী।

৫৯) প্ৰশ্ন : পৰিবেশ সংৰক্ষণৰ প্ৰতীক হিচাপে গ্ৰহণ কৰা ৰং কোনটো?

উত্তৰ : সেউজীয়া।

৬০) প্ৰশ্ন : “ভাৰত পৰিবেশ সংৰক্ষণ” আইনখন কেতিয়াৰ পৰা প্ৰযোজ্য কৰা হয়?

উত্তৰ : ১৯৮৬/ ২৩ মে’।

৬১) প্ৰশ্ন : অসমৰ কাজিৰঙা আভয়াৰণ্যক কেতিয়া ‘ৰাষ্ট্ৰীয় উদ্যান’ হিচাপে ঘোষণা কৰা হয়?

উত্তৰ : ১৯৭৮ / ১ জানুৱাৰী।

৬২) প্ৰশ্ন : বায়ুমণ্ডলৰ গুণাগুণ, বিস্তাৰ ইত্যাদিৰ সম্পৰ্কে অধ্যয়ন কৰা বিজ্ঞানৰ শাখাটোক কি বোলা হয়?

উত্তৰ : এৰ’গ্ৰাফী।

৬৩) প্ৰশ্ন : মাটিৰ পৰা জেটবিমান উৰোতে কিমান ডেছিবলৰ শব্দ সৃষ্টি হয়?

উত্তৰ : ১৪০ ডেছিবল।

৬৪) প্ৰশ্ন : ‘নৰ্মদা বচাও’ আন্দোলনৰ গুৰি ধৰা ব্যক্তি গৰাকী কোন?

উত্তৰ : মেধা পাটেকাৰ।

৬৫) প্ৰশ্ন : বিশ্বস্বাস্থ্য সংস্থাৰ মতে ভাৰতৰ জনসাধাৰণে ব্যৱহাৰ কৰা পানীৰ কিমান অংশ দূষিত?

উত্তৰ : ৭০ শতাংশ।

৬৬) প্ৰশ্ন : “World Wild life Fund” ৰ প্ৰথম সভাপতিজন কোন আছিল?

উত্তৰ : নেদাৰলেণ্ডৰ যুৱৰাজ বাৰ্ণহাৰ্ড।

৬৭) প্ৰশ্ন : বন্য জীৱ-জন্ত ৰক্ষণাবেক্ষণৰ উদ্দেশ্য কঠোৰ আইন প্ৰণয়ন কৰা প্ৰথম ভাৰতীয় ৰজাজন কোন?

উত্তৰ : সম্ৰাট অশোক।

৬৮) প্ৰশ্ন : জনসাধাৰনক জল প্ৰদূষণ সম্পৰ্কে সচেতন কৰি দিয়া প্ৰথম ব্যক্তিজন কোন আছিল?

উত্তৰ : প্ৰাচীন গ্ৰীক চিকিৎসা বিজ্ঞানী হিপক্ৰেটিছ্‌।

৬৯) প্ৰশ্ন : কৃত্ৰিম বৰষুণ কোনে কেতিয়া দিয়াইছিল?

উত্তৰ : ভিনচেণ্ট জোচেফ শ্বেফাৰ (১৯৪৬ চনত)।

পদাৰ্থ বিজ্ঞান

৭০) প্ৰশ্ন : টেপৰেকৰ্ডাৰৰ ফিটাডাল কিহেৰে তৈয়াৰী?

উত্তৰ :চুম্বকৰ লেপন দিয়া এবিধ প্লাষ্টিক।

৭১) প্ৰশ্ন : ‘কোৱাণ্টাম তত্ত্ব’ৰ আৱিষ্কাৰক জনৰ নাম কি?

উত্তৰ : মাক্স প্লাংক।

৭২) প্ৰশ্ন : পোহৰ কোন মাধ্যমৰ পৰা কোন মাধ্যমলৈ গতি কৰিলে আভ্যন্তৰিণ পূৰ্ণ প্ৰতিফলন ঘটে?

উত্তৰ : ঘনতৰৰ পৰা লঘৰ্তৰলৈ।

৭৩) প্ৰশ্ন : তেজষ্ক্ৰিয়তাৰ (Radioactivity)গণনাৰ একক কি?

উত্তৰ : কুৰি ci - (S.I. একক বেকৰেল)।

৭৪) প্ৰশ্ন : সূৰ্য্যত শক্তি উৎপন্ন হোৱা প্ৰক্ৰিয়াটোক কি কোৱা হয়?

উত্তৰ : নিউক্লীয় সংযোজন (Nuclear fusion)

৭৫) প্ৰশ্ন : বিদ্যুৎ প্ৰবাহৰ একক কি?

উত্তৰ : এম্‌পিয়াৰ (A)।

৭৬) প্ৰশ্ন : পদাৰ্থৰ চতুৰ্থ অৱস্থাটোক কি বুলি কোৱা হয়?

উত্তৰ : প্লাজমা।

৭৭) প্ৰশ্ন : পোহৰ বিজ্ঞানৰ ওপৰত ৰচনা কৰা নিউটনৰ অমৰ গ্ৰন্থখনৰ নাম কি?

উত্তৰ : অপটিক্স (Optics)।

৭৮) প্ৰশ্ন : লেজাৰ (LASER) শব্দটোৰ সম্পূৰ্ণ নাম কি?

উত্তৰ : Light Amplication by stimulated Emission of Radiation (বিশেষ ধৰণৰ ধৰ্ম থকা পোহৰ উৎপন্ন কৰিব পৰা এটা বিশেষ পদ্ধতি)

৭৯) প্ৰশ্ন : পদাৰ্থ বিজ্ঞানত দুবাৰ নোবেল বঁটা লাভ কৰা বিজ্ঞানীজন কোন?

উত্তৰ : জন বাৰ্তিন ( ১৯৫৬, ১৯৭২)।

৮০) প্ৰশ্ন : কি যন্ত্ৰৰ সহায়ত এ.চি. কাৰেণ্টক ডি.চি. কাৰেণ্টলৈ পৰিৱৰ্ত্তন কৰিব পাৰি?

উত্তৰ : ৰেক্‌টিফায়াৰ বা ডায়ড ভালব্‌।

৮১) প্ৰশ্ন : ৰিফ্ৰিজাৰেটৰ কোনে, কেতিয়া আবিষ্কাৰ কৰিছিল?

উত্তৰ : জেমচ্‌ হেৰিচনে, ১৮৫০ চনত।

৮২) প্ৰশ্ন : পৃথিৱীৰ মাধ্যাকৰ্ষনিক শক্তিৰ মন আটাইতকৈ ক’ত বেছি?

উত্তৰ : দুই মেৰু অঞ্চলত।

৮৩) প্ৰশ্ন : “বেঘনীসেহাসুৰ” কি?

উত্তৰ : বগা পোহৰত থকা সাতটা ৰঙৰ সমষ্টি। যেনে: বেঙুনীয়া, ঘননীলা, নীলা, সেউজীয়া, হালধীয়া, সুমথিৰা, ৰঙা।

৮৪) প্ৰশ্ন : পৃথিৱীৰ প্ৰথম হাইড্ৰজেন বোমাটোৰ বিস্ফোৰণ কেতিয়া ঘটোৱা হৈছিল?

উত্তৰ : ১৯৫২ / ১ নৱেম্বৰত (আমেৰিকা যুক্তৰাষ্ট্ৰ)।

৮৫) প্ৰশ্ন : ফ্ৰিজত ব্যৱহাৰ কৰা শীতলকাৰক বিধৰ নাম কি?

উত্তৰ : ফ্ৰিয়ন।

৮৬) প্ৰশ্ন : “লিকুইড ষ্ক্ৰিষ্টেল” নামৰ পদাৰ্থবিধৰ কিহত ব্যৱহাৰ কৰা হয়?

উত্তৰ : কেলকুলেটৰ, ডিজিটেল ডিচপ্লে’ৰ বাবে।

৮৭) প্ৰশ্ন : সমুদ্ৰৰ তলেদি কে’বলৰ জৰিয়তে প্ৰথম টেলিফোন বাৰ্তা বিনিময় কৰা দেশ দুখনৰ নাম কি?

উত্তৰ : নিউজিলেণ্ড আৰু আইচলেণ্ড (১৮৫৮ / ৫ আগষ্ট)।

৮৮) প্ৰশ্ন : টিউব লাইটত নিয়ম গেছ প্ৰথমে কোনে কেতিয়া ব্যৱহাৰ কৰে?

উত্তৰ : ফৰাচী বিজ্ঞানী ক্লাইভে (১৯১০ চনত)।

৮৯) প্ৰশ্ন : এটা পৰমাণুত ইলেকট্ৰন আৰু প্ৰট’নৰ সংখ্যা কিমান?

উত্তৰ : সমান সমান।

৯০) প্ৰশ্ন : একে ভৰক্ৰমাংক কিন্ত বেলেগ বেলেগ পৰমাণু ক্ৰমাংক বিশিষ্ট পৰমাণুবোৰক কি কোৱা হয়?

উত্তৰ : আইচ’বাৰ।

৯১) প্ৰশ্ন : পানীত বায়ুৰ বুৰবুৰণি ৰুপালী দেখা যায় কিয়?

উত্তৰ : পোহৰৰ আভ্যন্তৰিণ পূৰ্ণ প্ৰতিফলনৰ বাবে।

৯২) প্ৰশ্ন : হাতঘড়ী প্ৰথম কেতিয়া ক’ত সাজি উলিওৱা হৈছিল?

উত্তৰ : ১৭৯০ চনত চুইজাৰলেণ্ডত।

৯৩) প্ৰশ্ন : বৰ্ষাৰ আৰম্ভনিতে মেঘৰ গাজনিত আকাশৰ পৰা নামি অহা বিদ্যুৎক্ষৰণে মাটিৰৰ্বুকুত কি এৰি দিয়ে?

উত্তৰ : নাইট্ৰিক অক্সাইড।

৯৪) প্ৰশ্ন : সাগৰ তলিৰ গভীৰতা জুখিবলৈ কোনবিধ যন্ত্ৰ ব্যৱহাৰ কৰা হয়?

উত্তৰ : ফেথ’মিটাৰ।

৯৫) প্ৰশ্ন : কিহৰ ওপৰত গৱেষণা কৰি এলবাৰ্ট আইনষ্টাইনে ১৯২১ চনত পাদাৰ্থ বিজ্ঞানৰ ন’বেল বঁটা লাভ কৰিছিল?

উত্তৰ : আলোক বিদ্যুৎ কোষ।

৯৬) প্ৰশ্ন : গ্ৰীনিজৰ মান মন্দিৰৰ পৰা এক ডিগ্ৰী দ্ৰাঘিমাত থকা কোনো এখন ঠাইৰ স্থানীয় সময় আৰু গ্ৰীনিজৰ মান মন্দিৰৰ সময়ৰ মাজৰ পাৰ্থক্য কিমান?

উত্তৰ : ৪ মিনিট।

৯৭) প্ৰশ্ন : “ডুৰণ্ড ৰেখা” ই পৃথিৱীৰ কোন দুখন দেশৰ সীমা নিৰ্ধাৰণ কৰে?

উত্তৰ : ভাৰত-আফগানিস্থান।

৯৮) প্ৰশ্ন : ৰাশি চক্ৰত থকা ১২ টা তাৰকামণ্ডলী আচলতে কি?

উত্তৰ : কিছুমান নক্ষৰ থুপ।

৯৯) প্ৰশ্ন : জ্যোতিবিজ্ঞানত “ট্ৰজান” এ কি বুজায়?

উত্তৰ : এদল গ্ৰহানুপুঞ্জ।

১০০) প্ৰশ্ন : পদাৰ্থ বিজ্ঞান বিষয়ত কোনে প্ৰথমে ন’বেল বঁটা পাইছিল?

উত্তৰ : উইলহেল্ম কনৰাড ৰণ্টজেন।

১০১) প্ৰশ্ন : এজন বিজ্ঞানীয়ে ১৯৫৪ চনত ৰসায়ন বিষয়ত আৰু ১৯৬২ চনত শান্তিৰ বাবে ন’বেল বঁটা লাভ কৰিছিল। তেওঁ কোন?

উত্তৰ : লিনাছ কাৰ্ল পাউলিং।

১০২) প্ৰশ্ন : প্ৰতিফলন / প্ৰতিসৰণ / বিচ্ছুৰন – এই কেইটাৰ ভিতৰত কোনটো পৰিঘটনাৰ বাবে আকাশত ৰামধেনুৰ সৃষ্টি হয়?

উত্তৰ : বিচ্ছুৰন।

১০৩) প্ৰশ্ন : এটুকুৰা সোণ স্প্ৰিং তুলাৰে বায়ুত জোখাত ১০০ গ্ৰাম পোৱা গ’ল। টুকুৰাটো পানীত ডুবাই ধৰি একেডাল স্প্ৰিং তুলাৰে জুখিলে তাৰ ওজন কিমান পোৱা যাব?

উত্তৰ : ১০০ গ্ৰামতকৈ কম।

১০৪) প্ৰশ্ন : প্ৰতিবছৰে ১০ ডিচেম্বৰৰ দিনাখনেই ন’বেল বঁটা প্ৰদান কৰাৰ বিশেষ কাৰণটো কি?

উত্তৰ : এই দিনটোতেই আলফ্ৰেড ন’বেলৰ মৃত্যু হৈছিল।

১০৫) প্ৰশ্ন : মটৰ গাড়ীৰ পিছত আহি থকা গাড়ী চাবৰ বাবে চালকৰ আসনত কাষত কোনবিধ আয়না ব্যৱহাৰ কৰা হয়?

উত্তৰ : উত্তল দাপোন।

১০৬) প্ৰশ্ন : ন’বেল বঁটা বিজয়ী বিজ্ঞানী পিয়েৰ কুৰিয়ে তেওঁৰ জন্মভূমি নামেৰে তেওঁ আৱিষ্কাৰ কৰা মৌলটোৰ নামাকৰণ কৰিছিল। মৌলটোৰ নাম কি?

উত্তৰ : পল’নিয়াম।

১০৭) প্ৰশ্ন : হুইষ্টন ব্ৰীজ কি?

উত্তৰ : বৈদ্যুতিক ৰোধ জুখিব পৰা এবিধ যন্ত্ৰ।

১০৮) প্ৰশ্ন : বিজ্ঞানত দুবাৰকৈ নোবেল বঁটা লাভ কৰা একমাত্ৰ মহিলা গৰাকীৰ নাম কি?

উত্তৰ : ম্যাডাম কুৰি। (১৯০৩ চনত পদাৰ্থ বিজ্ঞানত, ১৯১১ চনত ৰসায়ন বিজ্ঞানত)।

১০৯) প্ৰশ্ন : ডিজেল ইঞ্জিন কেতিয়া কোনে আৱিষ্কাৰ কৰিছিল?

উত্তৰ : ১৮৯৩ চনত জাৰ্মান ইঞ্জিনিয়াৰ ৰুডল্‌ফ ডিজেলে।

১১০) প্ৰশ্ন : ইলেক্ট্ৰনৰ আধান নিৰ্ণয় কৰা বিজ্ঞানীজনৰ নাম কি?

উত্তৰ : মিলিকান।

১১১) প্ৰশ্ন : মেৰু অঞ্চলৰ উৰ্ধ মৰিচিকাক কি কোৱা হয়?

উত্তৰ : লুমিং।

১১২) প্ৰশ্ন : কেথড ৰশ্মি ব্যৱহাৰ কৰা জনপ্ৰিয় যন্ত্ৰটোৰ নাম কি?

উত্তৰ : টেলিভিছন।

১১৩) প্ৰশ্ন : মহাকাশত কোনো বস্তুৰ ওজন কিমান?

উত্তৰ : শূণ্য।

১১৪) প্ৰশ্ন : বাইফোকেল লেন্সৰ আৱিষ্কাৰক জনৰ নাম কি?
উত্তৰ : বঞ্জামিন ফ্ৰেঙ্কলিন (১৭৮০)।

১১৫) প্ৰশ্ন : কোনো বস্তু বৃত্তাকাৰ পথত ঘূৰিবলৈ হ’লে তাৰ ওপৰত যিবল প্ৰয়োগ কৰা হয়, সেই বলক কি কোৱা হয়?

উত্তৰ : অভিকেন্দ্ৰিক বল।

১১৬) প্ৰশ্ন : ‘অশ্বশক্তি’ শব্দটো প্ৰথম কোনে ব্যৱহাৰ কৰিছিল?

উত্তৰ : জেমচ্‌ ৱাটে।

১১৭) প্ৰশ্ন : সমুদ্ৰ পৰিবহন বা বিমান পৰিবহনত ব্যৱহৃত দূৰত্বৰ একক কি?

উত্তৰ : নটিকেল মাইল (১ নটিকেল মাইল= ৬০৭৬.১ ফুট = ১.৮৫২ কিঃ মিঃ)

১১৮) প্ৰশ্ন : কোন গৰাকী প্ৰখ্যাত ভাৰতীয় পৰমাণু বিজ্ঞানীৰ প্ৰচেষ্টাৰ বম্বেত “Tata Institute of Fundamental Reserch” নামৰ নিউক্লীয় বিজ্ঞানৰ অনুষ্ঠানটো প্ৰতিষ্ঠিত হৈছিল?

উত্তৰ :  ড° হোমি জাহাঙ্গিৰ ভাবা।

১১৯) প্ৰশ্ন : ঘূৰ্ণন গতি সৃষ্টি কৰা ইঞ্জিনক কি কোৱা হয়?

উত্তৰ :  টাৰবাইন।

১২০) প্ৰশ্ন : গধুৰ পানী (Heavy water) কি কামত ব্যৱহাৰ কৰা হয়?

উত্তৰ :  পাৰমাণৱিক ৰিয়েক্টৰত মন্থৰক (moderator) হিচাপে।

১২১) প্ৰশ্ন : একমুখী ভ’ল্টেজক পৰিৱৰ্ত্তী ভ’ল্টেজলৈ পৰিৱৰ্ত্তন কৰিব পৰা ইলেক্‌ট্ৰনিক সজুলি বিধক কি কোৱা হয়?

উত্তৰ : ইনভাৰটাৰ।

১২২) প্ৰশ্ন : ৰাইট ভাতৃদ্বয় সজা প্ৰথম প্লেনখনৰ নাম কি আছিল?

উত্তৰ : ফ্লায়াৰ।

ৰসায়ন বিজ্ঞান

১২৩) প্ৰশ্ন : কোনবিধ পদাৰ্থক ‘দাৰ্শনিক শিল’ বোলা হয়?

উত্তৰ : জিংক অক্সাইড (Zno)।

১২৪) প্ৰশ্ন : কাঁহ ধাতুত কি কি মৌলিক উপাদান থকে?

উত্তৰ : তাম (cu), টিন (Sn) আৰু দস্তা (Zn)।

১২৫) প্ৰশ্ন : সূৰ্য আৰু চন্দ্ৰৰ নামাকৰণ কৰা মৌল দুটা কি কি?

উত্তৰ : হিলিয়াম (He) আৰু ছেলেনিয়াম (Se)।

১২৬) প্ৰশ্ন : নিষ্কলংক তীখাত (Stainless steel) থকা প্ৰধান প্ৰাকৃতিক মৈল দুবিধ কি কি?

উত্তৰ : ক্ৰ’মিয়াম (Cr) আৰু কাৰ্বন (C)।

১২৭) প্ৰশ্ন : সীহৰ মূখ্য আকৰিক কি?

উত্তৰ :  গেলেনা (Pbs)।

১২৮) প্ৰশ্ন : বিজুলী বাতিৰ ফিউজ তাৰ প্ৰস্তুত কৰিবলৈ সাধাৰণতে কি পদাৰ্থ ব্যৱহাৰ কৰা হয়?

উত্তৰ : টিন আৰু সীহৰ সংকৰ ধাতু।

১২৯) প্ৰশ্ন : বালিৰ পাউদাৰৰ ৰাসায়নিক নাম কি?

উত্তৰ : চিলিকন ডাই অক্সাইড (Sio2)।

১৩০) প্ৰশ্ন : ব্লিচিং পাউদাৰৰ ৰাসায়নিক নাম কি?

উত্তৰ : কেলচিয়াম অক্সি ক্ল’ৰাইড Ca(ocl)cl ।

১৩১) প্ৰশ্ন : গেছীয় পদাৰ্থৰ আয়তন জুখিব পৰা যন্ত্ৰটোৰ নাম কি?

উত্তৰ : ইডিঅ’মিটাৰ।

১৩২) প্ৰশ্ন : ‘একুৱা ৰেজিয়া’ ত গাঢ় নাইট্ৰিক এচিদ আৰু হাইদ্ৰ’ক্লৰিক এচিড কি অনুপাতত থাকে?

উত্তৰ : HNO3 Hcl [1:3] ।

১৩৩) প্ৰশ্ন : ১৯৮৪ চনত ভূপাল গেছ দুৰ্ঘটনাত এবিধ বিষাক্ত গেছ নিৰ্গত হৈ শতাধিক লোকৰ মৃত্যু হৈছিল। সেই বিষাক্ত গেছ বিধৰ নাম কি?

উত্তৰ : মিথাইল আইচ’ছায়েনাইড।

১৩৪) প্ৰশ্ন : “Hindu Chemistry” নামৰ মূল্যবান গ্ৰন্থখনৰ লিখক কোন?

উত্তৰ : আচাৰ্য্য প্ৰফুল্ল চন্দ্ৰ ৰায়।

১৩৫) প্ৰশ্ন : গেছৰ চাপ আৰু আয়তনৰ মাজৰ সম্পৰ্কটোক আচলতে কাৰ সূত্ৰ বুলি কোৱা হয়?

উত্তৰ :  বয়লৰ সূত্ৰ (Boyle’s law)।

১৩৬) প্ৰশ্ন : ৰসায়ন বিজ্ঞানৰ পৰিচিত নাম ‘এচিড’ শব্দটো মূলত কোন ভাষাৰ পৰা আহে?

উত্তৰ : লেটিন ভাষাৰ ‘আচিভাচ’ শব্দৰ পৰা, যাৰ অৰ্থ অম্ল।

১৩৭) প্ৰশ্ন : আধুনিক ৰসায়ন বিজ্ঞানৰ জনক কোন?

উত্তৰ : এণ্টনি লেভয়ছিয়াৰ।

১৩৮) প্ৰশ্ন : বুনছেন বাৰ্ণাৰ (Bunsen burner) ৰ  আৱিষ্কাৰক কোন?

উত্তৰ : ৰৰ্বাট ৱাইলহেম বুনছেন (জাৰ্মানী)।

১৩৯) প্ৰশ্ন : L.P.G. চিলিণ্ডাৰৰ উৰুখনি (Leakage) ৰ সম্ভেদ পাবলৈ এবিধ উগ্ৰ গোন্ধ যুক্ত যৌগ যোগ কৰা হয়। যৌগটোৰ নাম কি?

উত্তৰ : ইথাইল মাৰকেপটান।

১৪০) প্ৰশ্ন : কেলেমাইনৰ ৰাসায়নিক সংকেত কি?

উত্তৰ : Znco3 (জিংক কাৰ্বনেট)।

১৪১) প্ৰশ্ন : ৰন্ধন (L.P.G.) কি কি উপাদানৰ সমষ্টি?

উত্তৰ : বিউটেন, অইচ’বিউটেন, বিউটিন, প্ৰপেন আৰু প্ৰপিনৰ সমষ্টি।

১৪২) প্ৰশ্ন : হাইড্ৰ’জেন গেছৰ নামাকৰণ কোনে কেতিয়া কৰিছিল?

উত্তৰ : ১৭৮৩ চনত লেভইছিয়াৰে।

১৪৩) প্ৰশ্ন : চশমা তৈয়াৰ কৰা কাচত দুবিধ লেন্থানাইড ধাতু থাকে। ধাতু দুবিধৰ নাম কি?

উত্তৰ : প্ৰেছিঅ’ডাইমিয়াম আৰু নিঅ’ডাইমিয়াম।

১৪৪) ‘প্লাষ্টাৰ অব পেৰিছ’ৰ ৰাসায়নিক সংকেত কি?

উত্তৰ : 2CaSo4 H2O।

১৪৫) প্ৰশ্ন : পৃথিৱীৰ খোলাত সৰ্বাধিক পৰিমাণে থকা মৌল বিধ কি?

উত্তৰ : অক্সিজেন (৪৯%)।

১৪৬) প্ৰশ্ন : ‘অয়ল অব ভিট্ৰিয়ল (Oil of Vitrial) কাক কিৱা হয়?

উত্তৰ :  চালফিউৰিক এছিদ (H2So4)।

১৪৭) প্ৰশ্ন : ফ্ল’ৰিণ, ক্লৰিণ, ব্ৰমিন আৰু আয়’ডিন এই চাৰিটা মৌলিক একত্ৰে কি কোৱা হয়?

উত্তৰ : হে’লজেন।

১৪৮) প্ৰশ্ন : গধুৰ পানীৰ এটা অযুত কি কি উপাদান থাকে?

উত্তৰ : দুটা ডয়টেৰিয়াম আৰু এটা অক্সিজেন পৰমাণু (D2O)।

১৪৯) প্ৰশ্ন : লাফিংগেছ বুলি কাক জনা যায়?

উত্তৰ : N2O (নাইট্ৰ’জেন অক্সাইড)।

১৫০) প্ৰশ্ন : যুদ্ধক্ষেত্ৰত ধোৱাৰ পৰ্দা (Smoke screen) সৃষ্টি কৰিবলৈ ব্যৱহাৰ কৰা যৌগ বিধৰ নাম কি?

উত্তৰ : ফছফৰিন (PH3)।

১৫১) প্ৰশ্ন : ‘মিল্ক অৱ মেগনেছিয়া’ কোনবিধ পদাৰ্থক কোৱা হয়?

উত্তৰ : মেগনেছিয়াম হাইড্ৰক্সাইড Mg (OH)2 ।

প্ৰাণী বিজ্ঞান

১৫২) প্ৰশ্ন : জীৱ বিজ্ঞান অৰ্থাৎ ‘Biology’ শব্দটো প্ৰথমে কোনে ব্যৱহাৰ কৰিছিল?

উত্তৰ : জাঁ বেপিষ্ট লেমাৰ্কে।

১৫৩) প্ৰশ্ন : ছুইডেনৰ এজন প্ৰকৃতি বিজ্ঞানীয়ে প্ৰাণী আৰু উদ্ভিদৰ প্ৰথমে বৈজ্ঞানিক নামাকৰণ প্ৰথা আৰম্ভ কৰিছিল। বিজ্ঞানী জনৰ নাম কি?

উত্তৰ : কেৰলাছ লিনিয়াছ।

১৫৪) প্ৰশ্ন : “Father of genetics’ (জেনেটিক্‌ছ)ৰ জনক কাক কোৱা হয়?

উত্তৰ :  গ্ৰেগৰ য়’হান মেণ্ডেলক।

১৫৫) প্ৰশ্ন : জীৱ প্ৰযুক্তি বিজ্ঞানৰ ইংৰাজী শব্দ কি?

উত্তৰ :  বয়’টেনকন্‌লজি (Biotechnilogy)।

১৫৬) প্ৰশ্ন : জীৱদেহত কোষৰ অস্তিত্ব কোনে আৱিষ্কাৰ কৰে?

উত্তৰ : ৰবাৰ্ট হুকে (Robert Hook)।

১৫৭) প্ৰশ্ন : কণীৰ বগা বিজলীয়া অংশত কি প্ৰ’টিন থাকে?

উত্তৰ : এলবুমিন।

১৫৮) প্ৰশ্ন : কণী পৰা একমাত্ৰ স্তন্যপায়ী প্ৰাণীবিধ কি?

উত্তৰ : প্লাটিপাছ।

১৫৯) প্ৰশ্ন : আলচাৰেটিভ ডিজিজ চিনড্ৰম নামৰ মাছৰ মহামাৰী বিধ প্ৰথম ক’ত ধৰা পৰে?

উত্তৰ : অষ্ট্ৰেলিয়াত।

১৬০) প্ৰশ্ন : আটাইতকৈ ক্ষুদ্ৰতম চৰাইবিধ কি?

উত্তৰ : হামিং বাৰ্ড। ইহঁতৰ দৈৰ্ঘ প্ৰায় ১ ইঞ্চি।

১৬১) প্ৰশ্ন : জীৱনত কোনো সময়তে যোৰ নভগা চৰাইবিধ কি?

উত্তৰ : চাকৈ-চকোৱা।

১৬২) প্ৰশ্ন : কোনবিধ প্ৰাণীয়ে পানী নোখোৱাকৈ জীৱন অতিবাহিত কৰে?

উত্তৰ : অষ্ট্ৰেলিয়াৰ কোৱালা নামৰ প্ৰাণীবিধ।

১৬৩) প্ৰশ্ন : পৃথিৱীৰ পৰা বিলুপ্ত হৈ যোৱা ড’ড নামৰ চৰাই বিধ শেষবাৰৰ বাবে কেতিয়া ক’ত দেখা গৈছিল?

উত্তৰ : ১৬৮১ চনত মৰিচাছ দ্বীপত।

১৬৪) প্ৰশ্ন : কোনবিহ পতঙ্গই সৰ্বাধিক বেমাৰৰ বীজাণু কঢ়িয়ায়?

উত্তৰ : মাখিয়ে। প্ৰায় ৬৫ বিধ বীজানু কঢ়িয়ায়।

১৬৫) প্ৰশ্ন : ‘কড্‌ লিভাৰ অইল’ত কোনবিধ ভিটামিন থাকে?

উত্তৰ : ভিটামিন-এ।

১৬৬) প্ৰশ্ন : কোনবিধ ভিটামিনৰ বাবে তেজ গোট মাৰে?

উত্তৰ : ভিটামিন – কে।

১৬৭) প্ৰশ্ন : প্ৰাণীৰ দেহ আৰু ফল-মূল আদিৰ পৰা বাষ্পীভূত হৈ নিৰ্গত হোৱা এবিধ পদাৰ্থৰ কাৰণে এইবোৰত গোন্ধ পোৱা যায়। পদাৰ্থবিধৰ নাম কি?

উত্তৰ : ফেৰ’মন।

১৬৮) প্ৰশ্ন : মুগা পলু আৰু উজ্জ্বল সোণালী মুগা সূতা উৎপাদন অসমৰ একচেটিয়া ব্যৱসায়। পিছে এই মূগা পলুৰ বৈজ্ঞানিক নাম কি?

উত্তৰ : এন্থেৰিয়া আছামা।

১৬৯) প্ৰশ্ন : পাট পলুৰ প্ৰধান খাদ্য কি?

উত্তৰ : নুনী গছৰ পাত।

১৭০) প্ৰশ্ন : বিষাক্ত সাপৰ বিষ গ্ৰন্থি ক’ত থাকে?

উত্তৰ : উৰ্দ্ধহনুৰ দুয়ো দাঁতিত চকুৰ পিছফালে মোনাৰ আকাৰত এই গ্ৰন্থি থাকে।

১৭১) প্ৰশ্ন : সকলো জীৱদেহ অত্যন্ত সূক্ষ্ম অগণন কোষেৰে গঠিত আৰু এই কোষবোৰৰ ভিতৰত এবিধ অৰ্ধ জুলীয়া জীৱিত পদাৰ্থ থাকে। পদাৰ্থ বিধক কি কোৱা হয়?

উত্তৰ : প্ৰট’প্লাজম।

১৭২) প্ৰশ্ন : “বম্বে নেচাৰেল হিষ্টৰি অব ছচাইটি” কেতিয়া গঠন কৰা হৈছিল?

উত্তৰ : ১৮৮৩ চনত।

১৭৩) প্ৰশ্ন : কোনখন ৰাষ্ট্ৰীয় উদ্যান বন্যপ্ৰাণী সিংহৰ বাসস্থান?

উত্তৰ : গুজৰাটৰ গিৰ অৰণ্য।

১৭৪) প্ৰশ্ন : জীৱৰ উৎপত্তি সম্পৰ্কত প্ৰাচীন গ্ৰীক্‌ দাৰ্শনিক এৰিষ্ট’টলৰ মত কি আছিল?

উত্তৰ : স্বতঃস্ফূৰ্ত জনন অৰ্থাৎ বোকা বা গেলাপচা বস্তুৰ পৰা আপোনা আপুনি জীৱৰ উৎপত্তি হৈছিল।

১৭৫) প্ৰশ্ন : ভাৰতৰ আন্তজাৰ্তিক খ্যাতি সম্পন্ন পক্ষীবিদ চেলিম আলিৰ সম্পূৰ্ণ নাম কি?

উত্তৰ : ড° চালিম মইজুদ্দিন অব্দুল আলি।

১৭৬) প্ৰশ্ন : এনোফিলিছ ম’হৰ পলু পানীত কিদৰে ওপঙি থাকে?

উত্তৰ : পথালিকৈ।

১৭৭) প্ৰশ্ন : কণী পৰা প্ৰাণীক কি কোৱা হয়?

উত্তৰ : অণ্ডজ।

১৭৮) প্ৰশ্ন : কোনবিধ কুকুৰৰ ঘ্ৰাণ শক্তি আটাইতকৈ প্ৰবল?

উত্তৰ : ব্লাড-হাউণ্ড।

১৭৯) প্ৰশ্ন : কোন দেশত পইতাচোৰাক খাদ্য হিচাবে মানুহে খায়?

উত্তৰ : চীন দেশত।

১৮০) প্ৰশ্ন : জীৱ বিৱৰ্তনৰ জনক কোন?

উত্তৰ : চাৰ্লচ ডাৰউইন।

১৮১) প্ৰশ্ন : সন্তান প্ৰসৱ কৰা প্ৰাণীক কি বোলে?

উত্তৰ : জৰায়ুজ।

১৮২) প্ৰশ্ন : কৃত্ৰিম ভাৱে কণী উমনি দিয়া যন্ত্ৰটোৰ নাম কি?

উত্তৰ : ইনকুবেটৰ।

১৮৩) প্ৰশ্ন : কেঁচুৰ সহায়ত প্ৰস্তুত কৰা পচন সাৰ বিধৰ নাম কি?

উত্তৰ : ভাৰ্মিকমপোষ্ট।

১৮৪) প্ৰশ্ন : পৃথিৱীত কিমান বিধ লিজাৰ্ড বা জেঠী জাতীয় প্ৰাণীৰ প্ৰজাতি আছে?

উত্তৰ : প্ৰায় তিনি হাজাৰ প্ৰজাতি।

উদ্ভিদ বিজ্ঞান

১৮৫) প্ৰশ্ন : গছৰ বয়স কেনেকৈ নিৰ্ণয় কৰিব পাৰি?

উত্তৰ : গা-গছৰ বছৰেকীয়া তৰপৰ আঙুঠিবোৰ গণনা কৰি।

১৮৬) প্ৰশ্ন : চোৰাত গছৰ পাতে ডাকিলে ছালৰ ভিতৰলৈ এবিধ এচিদ সোমাই যায়। সেই এচিদ বিধৰ নাম কি?

উত্তৰ : ফৰমিক এচিড।

১৮৭) প্ৰশ্ন : বিশ্বত সৰ্বাধিক পৰিমাণৰ ব্যৱহাৰ হোৱা পাচলি বিধ কি?

উত্তৰ : পিয়াঁজ।

১৮৮) প্ৰশ্ন : পৃথিৱীৰ আটাইতকৈ বয়সীয়াল গছজোপা ক’ত আছে?

উত্তৰ : কালিফ’নিয়াৰ হুইলাৰ শৃংগত থকা এজোপা পাইন গচগ। এইজোপা গছৰ বয়স পাচ হাজাৰ বছৰৰ অধিক।

১৮৯) প্ৰশ্ন : বিলাহী প্ৰকৃততে ফল নে পাচলি?

উত্তৰ : ফল।

১৯০) প্ৰশ্ন : লাজুকীবন চুই দিয়াৰ লগে লগে গছজোপা জয় পৰি যায়। এই ধৰণৰ চলনক কি কোৱা হয়?

উত্তৰ : কম্পানুকুঞ্চন।

১৯১) প্ৰশ্ন : আলেকজেণ্ডাৰ ফ্লেমিঙে পেনিচিলিন ঔষধ উদ্ভাৱন কৰা ভেকুঁৰ বিধৰ নাম কি?

উত্তৰ : পেনিচিলিয়াম নটেটাম।

১৯২) প্ৰশ্ন : কচু গছৰ পাত, ঠাৰি আদিত এবিধ ৰাসায়নিক পদাৰ্থ থাকে যিটো গাত লাগিলে খজুৱায়। পদাৰ্থবিধৰ নাম কি?

উত্তৰ : কেলচিয়াম অক্‌জেলেট।

১৯৩) প্ৰশ্ন : কফিত থকা ৰাসায়নিক পদাৰ্থ বিধৰ নাম কি?

উত্তৰ : কেফেইন।

১৯৪) প্ৰশ্ন : অমিতা ফলত থকা এন্‌জাইম বিধৰ নাম কি?

উত্তৰ : পেপেইন।

১৯৫) প্ৰশ্ন : নাৰিকল ফলৰ ভিতৰত থকা পানীখিনি প্ৰকৃততে কি?

উত্তৰ : জুলীয়া ভ্ৰূণপোষক।

১৯৬) প্ৰশ্ন : সৰ্বাধিক পৰিমাণত ‘চি’ ভিটামিন থকা ফকবিধ কি?

উত্তৰ : আমলখি।

১৯৭) প্ৰশ্ন : চয়াবিনত কিমান পৰিমাণৰ প্ৰ’টিন থাকে?

উত্তৰ : শতকৰা ৪০ ভাগ।

১৯৮) প্ৰশ্ন : মাহজাতীয় শস্যৰ শিপাত থকা ‘ৰাইয’বিয়াম’ নামৰ বেক্টেৰিয়া বিধ কেতিয়া কোনে আৱিষ্কাৰ কৰে?

উত্তৰ : ১৮৮৮ চনত বেইজেৰিনক নামৰ এজন হলেণ্ডৰ বিজ্ঞানীয়ে।

১৯৯) প্ৰশ্ন : মানুহৰ কোনো হস্তক্ষেপ নোহোৱাকৈ প্ৰাকৃতিকভাৱে থকা বনভূমিক কি কোৱা হয়?

উত্তৰ : চৰম বন।

২০০) প্ৰশ্ন : গছৰ পাতৰ ৰং সেউজীয়া হয় কিয়?

উত্তৰ : ক্ল’ৰ’ফিলৰ বাবে।

২০১) প্ৰশ্ন : শুকান বুটমাহ এটা পানীত থৈ দিলে কিছু সময়ৰ পিছত ই ফুলি উঠে। বাহিৰৰ পৰা পানী বুটটোৰ ভিতৰলৈ যোৱাৰ বাবে এনে হয়। এই পৰিঘটনাটোক কি কোৱা হয়?

উত্তৰ : অন্তঃচোষণ।

২০২) প্ৰশ্ন : পৃথিৱীৰ আটাইতকৈ ডাঙৰ ফুলপাহ কি?

উত্তৰ : ৰাফেল’চিয়া আৰনল্‌ডি।

২০৩) প্ৰশ্ন : কিছুমান উদ্ভিদৰ পৰাগৰেণুৱে মানুহৰ শৰীৰত এবিধ ৰোগৰ সৃষ্টি কৰে। ৰোগবিধ কি?

উত্তৰ : এলাৰ্জি।

২০৪) প্ৰশ্ন : সূৰ্য্যৰ পোহৰৰ লগে লগে গতি কৰা ফুলক কি কোৱা হয়?

উত্তৰ : আলোক দিশন।

২০৫) প্ৰশ্ন : চাহ গছৰ বৈজ্ঞানিক নাম কি?

উত্তৰ : কেমেলিয়া চাইনেঞ্ছিছ।

২০৬) প্ৰশ্ন : উদ্ভিদত থকা কোনবিধ ৰাসায়নিক পদাৰ্থই পাতসৰা কাৰ্যত বাধা প্ৰদান কৰে?

উত্তৰ : অক্সিন।

২০৭) প্ৰশ্ন : পতংগভোজী কলচী গছৰ পাচন ক্ষমতাৰ বিষয়ে প্ৰথম তথ্য উদঘাটন কৰা বিজ্ঞানীজন কোন?

উত্তৰ : হুকাৰ (১৮৭৪ চন)।

২০৮) প্ৰশ্ন : বৰ্ত্তমান সময়ত কোনবিধ খাদ্যৰ উপযোগী কাঠফুলাৰ খেতি ভাৰতত সৰ্বাধিক পৰিমাণে কৰা হয়?

উত্তৰ : এগাৰিকাছ বায়স্প’ৰাছ।

২০৯) প্ৰশ্ন : ভাৰতৰ কোনখন প্ৰাচীন গ্ৰন্থত উদ্ভিদৰ শ্ৰেণীকৰণৰ উল্লেখ আছে?

উত্তৰ : ঋকবেদ।

২১০) প্ৰশ্ন : সেউজীয়া উদ্ভিদে সূৰ্য্যৰ কিৰণত কাৰ্বনডাই-অক্সাইড, পানী আৰু অন্যান্য পদাৰ্থ জটিল ৰাসায়নিক প্ৰক্ৰিয়াৰে একত্ৰিত কৰি কাৰ্বহাইড্ৰেট প্ৰস্তুত কৰা কাৰ্য্যক কি কোৱা হয়?
উত্তৰ : সালোক সংশ্লেষণ।

২১১) প্ৰশ্ন : ইজিপ্তৰ নীলনদীৰ উপত্যকা বিশেষকৈ ব-দ্বীপ অঞ্চলত থকা এবিধ তৃণভোজী উদ্ভিদ। প্ৰাচীন কালত এই উদ্ভিদৰ পৰা কাগজ প্ৰস্তুত কৰা হৈছিল। উদ্ভিদ বিধৰ নাম কি?

উত্তৰ : পেপিৰাছ।

২১২) প্ৰশ্ন : উদ্ভিদৰ বৈজ্ঞানিক নামাকৰণ পদ্ধতি কেতিয়াৰ পৰা প্ৰচলন হয়?

উত্তৰ : ১৭৫৩ চনত উদ্ভিদ বিজ্ঞানী বলিফন লিনিৰ “স্পেচিছ পেণ্টাৰাম” প্ৰকাশৰ পিছত।

চিকিৎসা বিজ্ঞান

২১৩) প্ৰশ্ন : চিকিৎসা বিজ্ঞানৰ সূৰ্যোদয় সময় বুলি কোনটো শতিকাক কোৱা হয়?

উত্তৰ : খ্ৰীষ্টিয় পোন্ধৰ শতিকা।

২১৪) প্ৰশ্ন : চিকিৎসা বিজ্ঞানৰ গুৰু বুলি কাক কোৱা হয়?

উত্তৰ : প্ৰাচীন গ্ৰীক চিকিৎসা বিজ্ঞান হিপক্ৰেটিছক।

২১৫) প্ৰশ্ন : হোমিঅ’পেথি চিকিৎসাৰ জনক কোন?

উত্তৰ : জাৰ্মান চিকিৎসক চেমুৱেল জৰ্জ হেনিমেন (১৭৫৫-১৮৪৩)।

২১৬) প্ৰশ্ন : চিকিৎসা বিজ্ঞানত প্ৰথম নবেল বঁটা লাভ কৰা ব্যক্তিজন কোন?

উত্তৰ : এমিলৱন বেৰিং (জাৰ্মানী)।

২১৭) প্ৰশ্ন : মানুহৰ শৰীৰৰ আটাইতকৈ ডাঙৰ অঙ্গটো কি?

উত্তৰ : ছাল।

২১৮) প্ৰশ্ন : মানুহৰ দেহকোষত কিমান ক্ৰ’মজ’ম থাকে?

উত্তৰ : ৪৬ ডাল।

২১৯) প্ৰশ্ন : কোনবিধ ভিটামিনৰ অভাৱত মানুহৰ কুকুৰিকণা ৰোগ হয়?

উত্তৰ : ভিটামিন – এ।

২২০) প্ৰশ্ন : এজন পূৰ্ণবয়স্ক মানুহৰ দেহত কিমান পৰিমাণৰ তেজ থাকে?
উত্তৰ : ৫-৬ লিটাৰ।

২২১) প্ৰশ্ন : বিজ্ঞানী ডেণ্টেনে ভোগা ‘ডেল্টনিজম’ ৰোগটি কি?

উত্তৰ : বৰ্ণান্ধতা।

২২২) প্ৰশ্ন : জন্মতে শিশুৰ দেহত থকা হাড়ৰ সংখ্যা কিমান?

উত্তৰ : ৩০৫ ডাল।

২২৩) প্ৰশ্ন : মানৱ শৰীৰৰ খাদ্যনলী বা ইছ’ফেগাছ নলীডাল কিমান দীঘল?

উত্তৰ : প্ৰায় ২৪ ছেঃমিঃ।

২২৪) প্ৰশ্ন : ৰক্তচাপ  জোখা যন্ত্ৰবিধৰ নাম কি?

উত্তৰ : স্ফিগম’-মেন’মিটাৰ।

২২৫) প্ৰশ্ন : কোনবিধ মৌলৰ অভাৱত দাঁতৰ ক্ষয় ৰোগ হয়?

উত্তৰ : ফ্ল’ৰিন।

২২৬) প্ৰশ্ন : খৰ-খজুৱতি আদি ছালৰ ৰোগ সমূহৰ প্ৰধান কাৰণ কি?

উত্তৰ : ভেকুঁৰ।

২২৭) প্ৰশ্ন : ৰেবিজ বা জলাতংকৰ ছিটা কোনে আৱিষ্কাৰ কৰিছিল?

উত্তৰ : ১৮৮৫ চনত প্ৰথমবাৰৰ বাবে লুইপেষ্টৰে।

২২৮) প্ৰশ্ন : এনথ্ৰাক্স ৰোগ সৃষ্টি কৰা বেক্টেৰিয়া বিধ কি?

উত্তৰ : বেছিলাছ এনথ্ৰাছিছ।

২২৯) প্ৰশ্ন : ‘এইডছ’ ৰ সম্পূৰ্ণ নাম কি?

উত্তৰ : একুয়াৰ্ড ইমিউন ডেফিছিয়েন্সি ছিণ্ড্ৰ’ম।

২৩০) প্ৰশ্ন : পেনিছিলিন কোনে আৱিষ্কাৰ কৰিছিল?

উত্তৰ : ছাৰ আলেকজেণ্ডাৰ ফ্লেমিঙে (১৯২৮ চনত)।

২৩১) প্ৰশ্ন : ‘স্কাৰ্ভি’ বেমাৰ কোনবিধ ভিটামিনৰ অভাৱত হয়?

উত্তৰ : ভিটামিন ‘ছি’।

২৩২) প্ৰশ্ন : কলেৰা ৰোগ সৃষ্টি কেনেদৰে হয়?

উত্তৰ : ‘ভাইব্ৰিঅ’ কলেৰি আৰু এলটৰ নামৰ পানীবাহিত বীজাণুৰ পৰা কলেৰা ৰোগক্সৃষ্টি হয়।

২৩৩) প্ৰশ্ন : ‘এইডছ’ ৰোগৰ ভাইৰাছ বিধৰ নাম কি?

উত্তৰ : এইচ. আই. ভ.।

২৩৪) প্ৰশ্ন : সূৰ্য্যৰ ৰশ্মিত কি ভিটঅমিন পোৱা যায়?

উত্তৰ : ভিটামিন – ডি।

২৩৫) প্ৰশ্ন : কোনটো গ্ৰুপৰ তেজৰ মানুহে যিকোনো গ্ৰুপৰ তেজ গ্ৰহণ কৰিব পাৰে?

উত্তৰ : গ্ৰুপ AB।

২৩৬) প্ৰশ্ন : শৰীৰত আয়’ডিনৰ অভাৱ হৈ থাইৰডৰ গ্ৰন্থি ফুলি থকা বেমাৰটোৰ নাম কি?

উত্তৰ : গৰল ৰোগ।

২৩৭) প্ৰশ্ন : বসন্তৰ ছিটা পোন প্ৰথমে কোনে আৱিষ্কাৰ কৰিছিল?

উত্তৰ : এডৱাৰ্ড জেনাৰে (১৭৯৮ চন)।

২৩৮) প্ৰশ্ন : আকুপাংচাৰ কি?

উত্তৰ : চীনদেশীয় চিকিৎসা পদ্ধতি। শৰীৰৰ বিভিন্ন অংগ ধাতুৰে বনোৱা বেজীৰে খুচি ৰোওগীক চিকিৎসা কৰা হয়।

২৩৯) প্ৰশ্ন : মানুহৰ মস্তিষ্কৰ আটাইতকৈ ডাঙৰ অংশটোৰ নাম কি?

উত্তৰ : প্ৰমস্কিষ্ক (চেৰিব্ৰাম)।

২৪০) প্ৰশ্ন : চেতনা নাশক হিচাপে ৰোগীক ক্লৰ’ফৰ্ম (CHcl3) ব্যৱহাৰ কতা প্ৰথম চিকিৎসক জন কোন?

উত্তৰ : ডাঃ জ’ন স্নো।

২৪১) প্ৰশ্ন : শিশু, তিৰোতা আৰু মতা মানুহৰ মাত, ইয়াৰ ভিতৰত কাৰ মাতৰ কম্পনাংক সাধাৰণতে বেছি?

উত্তৰ : শিশু আৰু তিৰোতাৰ।

২৪২) প্ৰশ্ন : এণ্টিব’ডি কি?

উত্তৰ : অনুজীৱ সংক্ৰমণ ৰোধ কৰিব পৰাকৈ উৎপন্ন হোৱা দ্ৰব্যই হৈছে এণ্টিব’ডি।

২৪৩) প্ৰশ্ন : শৰীৰত লোৰ পৰিমাণ কমিলে কি ৰোগে দেখা দিয়ে?

উত্তৰ : ৰক্তহীনতা।

২৪৪) প্ৰশ্ন : দেহত পানী জমা হোৱা ৰোগক কি কোৱা হয়?

উত্তৰ : ড্ৰপছি।

২৪৫) প্ৰশ্ন : মাকৰ গাখীৰত ৰোগ প্ৰতিৰোধ কৰিব পৰা এবিধ প্ৰ’টিন থাকে। ইয়াৰ নাম কি?

উত্তৰ : ইমুন’গ্ল’বুলিন।

২৪৬) প্ৰশ্ন : অস্ৰোপ্ৰচাৰ নকৰাকৈ বৃক্কৰ পাথৰ ভঙাৰ অত্যাধুনিক ছিকিৎসা ব্যৱস্থাটোক কি কোৱা হয়?

উত্তৰ : লিথ’ট্ৰিপ্‌চী।

২৪৭) প্ৰশ্ন : ভাৰতৰ কোনখন ৰাজ্যত প্ৰথম পলিঅ’ প্ৰতিষেধক ঔষধৰ প্ৰয়োগ কৰা হৈছিল?

উত্তৰ : কেৰেলাত।

২৪৮) প্ৰশ্ন : কোনবিধ শৌগই একে সময়তে বীজানুবাৰক আৰু বীজানুনাশী হিচাপে কাম কৰে?

উত্তৰ : ফিন’ল।

২৪৯) প্ৰশ্ন : ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ মুখ্য কাৰ্য্যালয় ক’ত?

উত্তৰ : নতুন দিল্লীত।

২৫০) প্ৰশ্ন : ভাৰতীয় পৰম্পৰা চিকিৎসা বিদ্যাক কি কোৱা হয়?

উত্তৰ : আয়ুৰ্বেদ।

২৫১) প্ৰশ্ন : কোনজন প্ৰাচীন ভাৰতীয় চিকিৎসকে আধুনিক প্লাষ্টিক চাৰ্জাৰীৰ দৰে এক চিকিৎসা পদ্ধতিৰ উদ্ভাৱন কৰিছিল?

উত্তৰ : সুশ্ৰুতই।

২৫২) প্ৰশ্ন : চিকিৎসাবিজ্ঞানৰ নোবেল বঁটা প্ৰদান কৰা অনুষ্ঠানটোৰ নাম কি?

উত্তৰ : ৰয়েল কেৰ’লিন মেডিক’চাৰ্জিকেল ইনষ্টিটিউট।

ভূ-বিজ্ঞান

২৫৩) প্ৰশ্ন : পৃথিৱীৰ ভূ-খণ্ডৰ মুঠ কালি কিমান?

উত্তৰ : ১৪৮.৯ নিযুত বৰ্গ কিঃমিঃ।

২৫৪) প্ৰশ্ন : কোন গৰাকী নাবিকে পৃথিৱীখন ঘূৰণীয়া বুলি প্ৰথম প্ৰমাণ কৰিছিল?

উত্তৰ : ফাৰ্ডিনাণ্ড মেগেল্যান।

২৫৫) পৃথিৱীৰ বৃহত্তম জাগ্ৰত আগ্নেয়গিৰিটো কি?

উত্তৰ : হাৱাই দ্বীপৰ মাউনা ল’ৱা।

২৫৬) প্ৰশ্ন : পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি আগ্নেয়গিৰি থকা দেশখন কি?

উত্তৰ : ইন্দোনেচিয়া (মুঠ ৯৬৭ টা)।

২৫৭) প্ৰশ্ন : তেজষ্ক্ৰিয় কাৰ্বনৰ সহায়ত বয়স নিৰুপন পদ্ধতি কোনে উদ্ভাৱন কৰে?

উত্তৰ : মৰ্কিন বিজ্ঞানী উইলৰ্ড লিবিয়ে।

২৫৮) প্ৰশ্ন : ভূ-পৃষ্ঠৰ সৰ্বাধিক পৰিমাণত থকা ধাতুবিধ কি?

উত্তৰ : এলুমিনিয়াম (৮.১ শতাংশ)।

২৫৯) প্ৰশ্ন : ভাৰতৰ ভৌগোলিক মানচিত্ৰ সমূহ কোনে প্ৰস্তুত কৰে?

উত্তৰ : ছাৰ্ভে অব ইণ্ডিয়া।

২৬০) প্ৰশ্ন : চন্দ্ৰৰ পৰা অনা শিলাত কিমান বিধ ধাতু চিনাক্ত কৰা হৈছে?

উত্তৰ : ১৬ বিধ।

২৬১) প্ৰশ্ন : ধাতুৰ ৰজা কাক কোৱা হয়?

উত্তৰ : লো-তীখা।

২৬২) প্ৰশ্ন : আটাইতকৈ উৎকৃষ্ট মানৰ কয়লাবিধ কি?

উত্তৰ : এনথ্ৰেছাইট।

২৬৩) প্ৰশ্ন : ভূমিকম্পৰ উৎসৰ পৰা নিৰ্গত হোৱা শক্তি সকলো দিশতে কিদৰে বিয়পি পৰে?

উত্তৰ : স্থিতিস্থাপক তৰংগ হিচাপে।

২৬৪) প্ৰশ্ন : ‘Geology of India’ নামৰ পুথিখন কেতিয়া কোনে ৰচনা কৰিছিল?

উত্তৰ :  ১৯১৯ চনত দাৰোচা নচেৰান ৱাডিয়াই।

২৬৫) প্ৰশ্ন : আমেৰিকাৰ কল’ৰাডো নদীত থকা বিখ্যাত গ্ৰেণ্ড কেনিয়নৰ প্ৰস্থতা কিমান?

উত্তৰ :  ১৩১৫ মিটাৰ গভীৰতাত প্ৰায় ৩৪৯ মিটাৰ।

২৬৬) প্ৰশ্ন : অয়ল ইণ্ডিয়া (Oil India) কেতিয়া স্থাপিত হৈছিল?

উত্তৰ : ১৯৫৯ চনত।

২৬৭) প্ৰশ্ন : O.N.G.C. কেতিয়া স্থাপিত হৈছিল?

উত্তৰ : ১৯৫৬ চনত।

২৬৮) প্ৰশ্ন : অসমত কয়লা কোনে প্ৰথম আৱিষ্কাৰ কৰিছিল?

উত্তৰ : উইলক্স নামৰ এজন সামৰিক বিষয়াই দিচাং নদীয়েদি উজাই গৈ কয়লাক্ষেত্ৰ আৱিষ্কাৰ কৰে।

২৬৯) প্ৰশ্ন : অসমৰ ডিগবৈত তৈলক্ষত্ৰৰ প্ৰকৃত আৱিষ্কাৰক কোন আছিল?

উত্তৰ : এটা হাতী।

২৭০) প্ৰশ্ন : অসমত প্ৰথম তেলৰ কূপটো কোনে কেতিয়া খান্দিছিল?

উত্তৰ : ষ্টুৱাৰ্ট কোম্পানীৰ গুড এনাফ নামৰ এজন বিষয়াই ১৮৬৬ চনত নাহৰপুং নামৰ ঠাইত।

২৭১) প্ৰশ্ন : অসমৰ আটাইতকৈ উচ্চ অঞ্চলটোৰ নাম কি?

উত্তৰ : লাইছং (উত্তৰ কাছাৰ)।

২৭২) প্ৰশ্ন : ভূত্বকৰ দুখন ফলক বা প্লেটৰ সীমাত থকা অথচ ভূমিকম্প নোহোৱা অঞ্চলক কি কোৱা হয়?

উত্তৰ : ভূকম্প ফাঁক।

২৭৩) প্ৰশ্ন : মৰুভূমিৰ মাটি অনুৰ্বৰ হয় কিয়?

উত্তৰ : ছডিয়াম, পটেছিয়াম আদি খাৰধৰ্মী যৌগৰ প্ৰাচুৰ্য্যতাৰ বাবে।

২৭৪) প্ৰশ্ন : ভূত্বক ভেদ কৰি ভূগৰ্ভৰ পৰা নিৰ্গত হোৱা উত্তপ্ত পদাৰ্থ শীতল হৈ সৃষ্টিহোৱা শিলক কি কোৱা হয়?

উত্তৰ : বৰ্হিভেদী শিলা।

কিছুমান বৈজ্ঞানিক যন্ত্ৰৰ নাম আৰু কামসমূহ

১) বেৰোস্কোপ               - বায়ুৰ প্লাবিতা নিৰ্ণয় কৰা যন্ত্ৰ।

২) বেৰোমিটাৰ               - বায়ুৰ চাপ জোখা যন্ত্ৰ।

৩) এনিম’মিটাৰ              - বায়ুৰ গতি পৰিমাপক যন্ত্ৰ।

৪) ক্ৰেস্কোগ্ৰাফ               - উদ্ভিদৰ জীৱনী শক্তিৰ জ্ঞান পাব পৰা যন্ত্ৰ।

৫) থাৰ্ম’মিটাৰ               - শৰীৰৰ তাপ জোখা যন্ত্ৰ।

৬) লেক্টোমিটাৰ              - গাখীৰৰ বিশুদ্ধতা জোখা যন্ত্ৰ।

৭) ওডোমিটাৰ               - শব্দৰ তীব্ৰতা জোখা যন্ত্ৰ।

৮) ইডিঅ’মিটাৰ             - গেছীয় পদাৰ্থৰ আয়তন জুখিব পৰা যন্ত্ৰ।

৯) স্পিৰ’স্কোপ                   - নোট জাল নে আচল বুজিব পৰা যন্ত্ৰ।

১০) ফেদম                 - পানীৰ গভীৰতা জোখা স্কেল।

১১) ডায়নামো               - যান্ত্ৰিক শক্তিক বিদ্যুৎ শক্তিলৈ ৰুপান্তৰ কৰিব পৰা যন্ত্ৰ।

১২) কম্পাছ                - দিশ নিৰ্ণয় কৰা যন্ত্ৰ।

১৩) অল্টিমিটাৰ              - কোনো ঠাইৰ উষ্ণতা মাপক যন্ত্ৰ।

১৪) চিচ্‌মোমিটাৰ             - ভূমিকম্পৰ উৎপত্তি আৰু গতি নিৰ্ণয় কৰা যন্ত্ৰ।

১৫) এমিটাৰ                - বৈদ্যুতিক প্ৰবাহ জোখা যন্ত্ৰ।

১৬) স্ক্ৰু-গজ                - সৰু তাঁৰৰ ব্যাসাৰ্ধ জোখা যন্ত্ৰ।

১৭) স্পিৰিট-লেভেল           - কোনো ঠাইৰ সমলতা পৰীক্ষা কৰিব পৰা যন্ত্ৰ।

১৮) ম্যান’মিটাৰ             - গেছীয় পদাৰ্থৰ চাপ নিৰ্দ্ধাৰণ কৰা যন্ত্ৰ।

১৯) ফেদ’মিটাৰ              - সাগৰৰ গভীৰতা জোখা যন্ত্ৰ।

২০) অক্সেন’মিটাৰ             - বৃষ্টিপাতৰ পৰিমাণ নিৰ্দেশক যন্ত্ৰ।

২১) ষ্টেথিস্কোপ               - হাওঁফাওঁ, হৃদপিণ্ড আদিৰ ক্ৰিয়াৰ পৰীক্ষাৰ বাবে চিকিৎসক

সকলে ব্যৱহাৰ কৰা যন্ত্ৰ।

২২) কেথেটোমিটাৰ            - দূৰত্বত থকা দুটা চিহ্নৰ মাজৰ ব্যৱধান নিৰ্ণয় কৰা যন্ত্ৰ।

২৩) কেল’ৰিমিটাৰ            - কোনো বস্তুৰ তাপৰ পৰিমাণ জোখা যন্ত্ৰ।

২৪) চন’মিটাৰ               - তাঁৰৰ কম্পনাংক উলিওৱা যন্ত্ৰ।

২৫) চলানুবীক্ষণ              - তৰল পদাৰ্থৰ প্ৰতিসৰণাংক উলিওৱা যন্ত্ৰ।

কেইটামান আৱিষ্কাৰ আৰু আৱিষ্কাৰক

১) ডিনামাইট                    - আলফ্ৰেড ন’বেল (চুইডেন)।

২) গ্ৰামোফোন                    - টমাচ আলভা এডিচন (আমেৰিকা)।

৩) ডিজেল ইঞ্জিন                  - ৰুডলফ্‌ ডিজেল (জাৰ্মানী)।

৪) ফাউণ্টেন পেন                 - লিউৱিচ ই ওৱাটোৰমেন (আমেৰিকা)।

৫) ছপাশাল                     - জন গুটেনবাৰ্গ (জাৰ্মানী)।

৬) ৰেলইঞ্জিন                    - জৰ্জ ষ্টিফেনচ্‌ন (ইংলেণ্ড)।

৭) জীৱ বিৱৰ্তন তত্ত্ব                - চাৰ্লচ ডাৰউইন (ইংলেণ্ড)।

৮) টেলিফোন                    - আলেকজেণ্ডাৰ গ্ৰাহামবেল (স্কটলেণ্ড)।

৯) ডাইনামো                    - মাইকেল ফেৰাডে (ইংলেণ্ড)।

১০) নিউক্লিয়াচ                   - ৰাদাৰ ফোৰ্ড।

১১) আপেক্ষিকতাবাদ তত্ত্ব             - এলবাৰ্ট আইনষ্টাইন (জাৰ্মানী)।

১২) ৰেডিয়াম                    - মেডাম কুৰী আৰু পিয়েৰ কুৰী (ফ্ৰান্স)।

১৩) টেলিভিচন                   - জন লগি বেয়াৰ্ড (ব্ৰিটেইন)।

১৪) ইলেকক্ট্ৰন                    - চাৰ যোছেফ টমছন (গ্ৰেট ব্ৰিটেইন)।

১৫) ৰিক্সিজাৰোটৰ                 - ফাৰ্ডিনান্দ কাৰে (ফ্ৰান্স)।

১৬) প্ৰেছাৰ কুকাৰ                 - ডেনিছ পেপিন (ফ্ৰান্স)।

১৭) গুইশলা (আধুনিক)             - জন ৱাকাৰ (ইংলেণ্ড)।

১৮) ৰেডিঅ’                    - গুগ্লিয়েল্মো মাৰ্কনি (ইটালী)।

১৯) মাধ্যাকৰ্ষণ সূত্ৰ                - আইজাক নিউটন (ইংলেণ্ড)।

২০) ট্ৰেনজিষ্টৰ                        - জন বাৰ্ডিন (আমেৰিকা)।

লেখিকা: প্ৰতিভা দেৱী, কুইজ মঞ্চ

শেহতীয়া উন্নীতকৰণ: : 5/23/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate