অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বিভিন্ন কুইজ-

বিভিন্ন কুইজ-

ৰীতি-নীতি আৰু পৰম্পৰা-

 

১) প্ৰশ্ন : অসমীয়া মহিলাই পৰিধান কৰা পৰম্পৰাগত সাজটো কি বুলি কয়?

উত্তৰ : মেখেলা চাদৰ।

২) প্ৰশ্ন : মণিপুৰৰ অধিবাসী সকলে কি উত্তৰাধিকাৰ পদ্ধতি অনুসৰণ কৰে?

উত্তৰ : পিতৃতন্ত্ৰীয়।

৩) প্ৰশ্ন : মণিপুৰত কইনাই কি পিন্ধাটো বাধ্যতামূলক?

উত্তৰ : ৰাসলীলা ঘূৰী।

৪) প্ৰশ্ন : মেঘালয়ত সন্তানে সাধাৰণতে কাৰ উপাধি গ্ৰহণ কৰে?

উত্তৰ : মাকৰ।

৫) প্ৰশ্ন : মিজো সমাজত কাৰ মধ্যস্থতাকাৰীৰ জৰিয়তে বিবাহ কৰোৱা হয়?

উত্তৰ : পালাই।

৬) প্ৰশ্ন : ছিকিমৰ ভূটীয়া সকলৰ এজন পিপ’নৰ (গাঁৱৰ মুৰব্বী) পৰিচালনাত থকা নিজস্ব আইন ব্যৱস্থাটো কি?

উত্তৰ : জুমচ।

৭) প্ৰশ্ন : অসমীয়া মানুহে বিহুত আত্মীয়-স্বজনক দিয়া সামগ্ৰী বিধ কি?

উত্তৰ : গামোচা।

৮) প্ৰশ্ন : অসমত নৱজাতক শিশুক জন্মৰ এঘাৰ দিনৰ পিছত প্ৰথমবাৰ সূৰ্যৰ পোহৰলৈ উলিওৱা অনুষ্ঠানটোক কি বোলা হয়?

উত্তৰ : শুদ্ধি।

৯) প্ৰশ্ন : মণিপুৰত আয়োজিত হোৱা ৰাজকীয় বা সম্ভ্ৰান্তৰ গৃহ নিৰ্মাণ ভোজক কি বোলা হয়?

উত্তৰ : চিম্‌চাক কাচা।

১০) প্ৰশ্ন : খাছী পুৰুষে পৰিধান কৰা তেওঁলোকৰ পৰম্পৰাগত সাজটোক কি কোৱা হয়?

উত্তৰ : জিমফুং।

১১) প্ৰশ্ন : মিজোৰামত শস্য চপোৱাৰ পিছত গাঁৱৰ মুৰব্বীয়ে সমগ্ৰ গাঁৱৰ শিশু সকলক দিয়া ভোজটোৰ নাম কি?

উত্তৰ : পাজুচাতা।

১২) প্ৰশ্ন : মিজোৰামত যৌতুক বিহীন ভাৱে সম্পন্ন কৰা বিবাহ পদ্ধতিটোৰ নাম কি?

উত্তৰ : চাজুমেইডাও।

১৩) প্ৰশ্ন : ছিকিমৰ ভূটিয়া সমাজৰ পুৰুষ সকলে পিন্ধা পৰম্পৰাগত সাজটোক কি হিচাপে জনা যায়?

উত্তৰ : বাখু।

১৪) প্ৰশ্ন : ত্ৰিপুৰাৰ ৰিয়াং সমাজৰ মুৰব্বীয়ে কি উপাধি লয়?

উত্তৰ : ৰায়।

১৫) প্ৰশ্ন : অৰুণাচল প্ৰদেশৰ বেছিভাগ জনজাতিৰ মহিলা সকলে মাটি, ঘৰ ইত্যাদিৰ দৰে স্থাৱৰ সম্পত্তি উত্তৰাধিকাৰী সূত্ৰে লাভ নকৰে। তেওঁলোকে উত্তৰাধিকাৰী সূত্ৰে লাভ কৰা একমাত্ৰ বস্তুটো কি?

উত্তৰ : গহনা।

১৬) প্ৰশ্ন : অসমীয়া সমাজত তিনিটা গুৰুত্বপূৰ্ণ তিথিত আমিষ আহাৰ খোৱা নিষেধ। এই কেইটাৰ নাম কি কি?

উত্তৰ : অমাৱস্যা, একাদশী আৰু পূৰ্ণিমা।

১৭) প্ৰশ্ন : মণিপুৰত কেনে ধৰণৰ বিবাহ নিষেধ?

উত্তৰ : গোত্ৰীয় বিবাহ।

১৮) প্ৰশ্ন : মণিপুৰী সকলে সন্তান জন্ম উপলক্ষে আয়োজন কৰা পূজাটোৰ নাম কি কোৱা?

উত্তৰ : স্বস্তি পূজা।

১৯) প্ৰশ্ন : মণিপুৰৰ মহিলা সকলে পৰিধান কৰা পৰম্পৰাগত পোছাক বিধ কি?

উত্তৰ : ফানেক বা লাহিং বা চাকচাৰিৰ (দীঘলীয়া পটি বিশিষ্ট আৰু দীঘলীয়াকৈ দুয়োটা পিঠিতে সূচিকৰ্ম কৰা এটুকুৰা খহতা কাপোৰ) সৈতে আংগেই বা ব্লাউজ আৰু ইনাফি (দুয়োটা প্ৰান্তত ফিটা লগোৱা এটা ৰঙৰ বা বহুৰঙী খহতা কাপোৰ) পিন্ধে।

২০) প্ৰশ্ন : মেঘালয়ত সকলো ধাৰ্মিক আৰু আনুষ্ঠানিক কাৰ্যৰ সময়ত বাধ্যতামূলক ভাৱে পৰিৱেশন কৰা পানীয় বিধৰ নাম কি?

উত্তৰ : ৰাইচ বীয়েৰ (চাউলৰ পৰা প্ৰস্তুত কৰা সুৰা)।

২১) প্ৰশ্ন : মিজোৰামত আবিয়ৈ সকলৰ শোৱনি কোঠাক কি বুলি অভিহিত কৰা হয়?

উত্তৰ : জ’লবুক।

২২) প্ৰশ্ন : নগাৰ ঔপচাৰিক শিৰস্ত্ৰাণত কি চৰাই পাখি ব্যৱহাৰ কৰা হয়?

উত্তৰ :  ধনেশ পক্ষী।

২৩) প্ৰশ্ন : ছিকিমৰ লেপচা পুৰুষে পৰিধান কৰা পৰম্পৰাগত পোছাক বিধক কি কোৱা হয়?

উত্তৰ : পাগী, যি আঁচ আঁচ থকা আৰু কপাহেৰে তৈয়াৰী।

 

নৃত্য আৰু মনোৰঞ্জন

 

১) প্ৰশ্ন : অৰুণাচল প্ৰদেশৰ কি নৃত্যই কুকুৰা যুঁজৰ বিষয়ে বৰ্ণনা কৰে?

উত্তৰ : কাকংটোকাই।

২) প্ৰশ্ন : অৰুণাচল প্ৰদেশত নৱবৰ্ষ উৎসৱৰ সময়ত কি নৃত্য পৰিৱেশন কৰা হয়?

উত্তৰ : মনপা।

৩) প্ৰশ্ন : সমগ্ৰ দেশতে অসম আৰু ইয়াৰ অদ্বিতীয় আৰু ৰুচিবোধ সম্পন্ন বাবে বিখ্যাত নৃত্য বিধ কি?

উত্তৰ : বিহু।

৪) প্ৰশ্ন : অসমৰ কোন বিধ নৃত্যৰ ৰুপ সৰ্পৰ দেৱী মনসাৰ পূজাৰ লগত জড়িত?

উত্তৰ : দেওধনী।

৫) প্ৰশ্ন : মণিপুৰৰ বিখ্যাত ধ্ৰুপদী নৃত্য বিধৰ নাম কি?

উত্তৰ : ৰাসলীলা।

৬) প্ৰশ্ন : মেঘালয়ৰ গাৰোসকলে পালন কৰা পোমেল’ নৃত্যক আন এটা নাম কি হিচাপে জনা যায়?

উত্তৰ : চাম্বিল মেচাৰ।

৭) প্ৰশ্ন : নাগালেণ্ডৰ লোথা জনজাতিয়ে পৰিৱেশন কৰা নৃত্য বিধৰ নাম কি, যাৰ আক্ষৰিক অৰ্থ ‘বিজয় নৃত্য?

উত্তৰ : ৰুখ্যু – চাৰু।

৮) প্ৰশ্ন : ছিকিমৰ নেপালী সমাজৰ লোকনৃত্য বিধ কি?

উত্তৰ : মাৰুণি।

৯) প্ৰশ্ন : ত্ৰিপুৰাৰ চাক্‌মা সমাজে পৰিৱেশন কৰা নৃত্যটোৰ নাম কি?

উত্তৰ : বিজু।

১০) প্ৰশ্ন :  অৰুণাচল প্ৰদেশৰ লোহিত জিলাত বাস কৰা খামটি সকলৰ এবিধ লোকনৃত্য আছে, যিয়ে তেওঁলোকৰ অতিথিক স্বাগত জনোৱাৰ পাৰম্পৰিক প্ৰথাৰ বৰ্ণনা কৰে। এই নৃত্য বিধ কি নৃত্য বাৰু?

উত্তৰ : কাচেং আলুৱাং।

১১) প্ৰশ্ন : অৰুণাচল প্ৰদেশৰ আদি জনজাতিৰ মহিলা সকলে শস্য চপোৱাৰ আগতে কৰা লোকনৃত্য বিধ কি?

উত্তৰ : পুনুংগ।

১২) প্ৰশ্ন : অসমৰ এনে এবিধ কি নৃত্য যি শ্ৰী মন্ত শঙ্কৰদেৱৰ অতুলনীয় সৃষ্টি আৰু ইয়াক পাঁচশ বছৰ ধৰি সত্ৰসমূহত পৰিৱেশন কৰি অহা হৈছে?

উত্তৰ : সত্ৰীয়া নৃত্য।

১৩) প্ৰশ্ন : অসমৰ বড়ো জনজাতিয়ে বৈছাগু উৎসৱৰ সময়ত কোনটো নৃত্য পৰিৱেশন কৰে?

উত্তৰ : বাগুৰুম্বা।

১৪) প্ৰশ্ন : মেঘালয়ৰ খাছী সকলে ভাল শস্য চপোৱাৰ বাবে সৰ্বশক্তিমান ভগৱানক ধন্যবাদ জনোৱাৰ বাবে আয়োজন কৰা নৃত্য উৎসৱটিৰ নাম কি?

উত্তৰ : নংক্ৰেম।

১৫) প্ৰশ্ন : মিজোৰামত কোনটো নৃত্যক বাঁহ নৃত্য হিচাপেও জনা যায়?

উত্তৰ : চেৰাও।

১৬) প্ৰশ্ন : মিজোৰামত আলহীৰ এক নৃত্য আছে, কি হয়?

উত্তৰ : খুৱাল্লাম।

১৭) প্ৰশ্ন : ত্ৰিপুৰাত বাস কৰা ৰিয়াং সমাজে পৰিৱেশন কৰা নৃত্যটি কি?

উত্তৰ : হোজগিৰি।

১৮) প্ৰশ্ন : অৰুণাচল প্ৰদেশৰ কোনটো লোকনৃত্য ৰামায়ণৰ তিব্বতীয় সংস্কৰণ উপস্থাপন কৰা হৈছে?

উত্তৰ : আজি লামু লোকনৃত্য।

১৯) প্ৰশ্ন : য়াক নৃত্যু পৰিৱেশন কৰা অৰুণাচল প্ৰদেশৰ বৌদ্ধ জনজাতিৰ মাজত য়াকৰ তাৎপৰ্য কি?

উত্তৰ : য়াকক সম্পত্তি আৰু সমৃদ্ধিৰ স্থায়ী উৎস হিচাপে বিবেচনা কৰা হয়।

২০) প্ৰশ্ন : অসমৰ আটাইতকৈ জনপ্ৰিয় লোকনৃত্য বিধৰ নাম কি?

উত্তৰ : বিহু নৃত্য।

২১) প্ৰশ্ন : অসমৰ কাৰ্বি জনজাতিয়ে পৰিৱেশন কৰা কৃষি ভিত্তিক নৃত্যটোৰ নাম কি?

উত্তৰ : হাচা কেকান।

২২) প্ৰশ্ন : লাই হাৰাওবা নৃত্যই কি বৰ্ণনা কৰে?

উত্তৰ : ই মানৱতা আৰু সভ্যতাৰ সৃষ্টিৰ বৰ্ণনা কৰে।

২৩) প্ৰশ্ন : ই সবাতোকৈ প্ৰভাৱশালী মিজো সমাজৰ নৃত্য যাক চোলোকিয়াৰ এক ভিন্ন ৰুপ বুলি ক’ব পাৰি। ইয়াৰ নাম উল্লেখ কৰা।

উত্তৰ : চাৰলামকাই।

২৪) প্ৰশ্ন : ছিকিমৰ কোনটো নৃত্যৰ আক্ষৰিক অৰ্থ “ৰাজহাঁহৰ নৃত্য”?

উত্তৰ : কাৰ নোক লোক।

২৫) প্ৰশ্ন : ত্ৰিপুৰাৰ ম’গ সমাজৰ পৰম্পৰাগত নৃত্যটোৰ নাম কি?

উত্তৰ : বাটৰ নৃত্য বা চাকি নৃত্য।

 

ধৰ্ম আৰু উপাসনা স্থল

 

১) প্ৰশ্ন : অৰুণাচল প্ৰদেশৰ বেছিভাগ জনজাতিয়ে কি ধৰ্মৰ মত গ্ৰহণ কৰে পালন কৰে?

উত্তৰ : ডনি পল’ইজিম।

২) প্ৰশ্ন : অৰুণাচল প্ৰদেশৰ নক্টে জনজাতিয়ে অনুসৰণ কৰা ধৰ্মটো কোনটো?

উত্তৰ : বৈষ্ণৱ ধৰ্ম।

৩) প্ৰশ্ন : অসমৰ প্ৰথম ধৰ্ম সংস্কাৰক কোন আছিল?

উত্তৰ : শ্ৰীমন্ত শংকৰদেৱ।

৪) প্ৰশ্ন : অসমৰ একমাত্ৰ স্থান য’ত তিনিটা ধৰ্ম, যেনে : হিন্দু, বৌদ্ধ আৰু ইছলাম ধৰ্মৰ সহ অৱস্থান পৰিলক্ষিত হয়। এই ঠাইখন কোন খন ঠাই?

উত্তৰ : হাজো।

৫) প্ৰশ্ন : অসমৰ শিৱসাগৰৰ শিৱসাগৰ পুখুৰী পাৰত অৱস্থিত ভাৰতৰ উত্তৰ পূব প্ৰান্তৰ সবাতোকৈ ওখ শিৱ মন্দিৰ হিচাপে বিশ্বাস কৰা মন্দিৰটো কি?

উত্তৰ : শিৱসাগৰৰ শিৱ দ’ল।

৬) প্ৰশ্ন : মণিপুৰৰ মেইতী সকলে প্ৰায় কিমান গৰাকী দেৱী-দেৱতা পূজা কৰে?

উত্তৰ : ৩৬৪।

৭) প্ৰশ্ন : মণিপুৰৰ বিষেণপুৰ নগৰত অৱস্থিত প্ৰাচীনতম মন্দিৰটো কি?

উত্তৰ : বিষ্ণু মন্দিৰ।

৮) প্ৰশ্ন : মেঘালয়ত অৱস্থিত সমগ্ৰ উত্তৰ-পূব ভাৰতৰ প্ৰথম আৰু প্ৰাচীনতম গীৰ্জটোৰ নাম কি?

উত্তৰ : নংচাওলিয়া প্ৰেচবাইৰেৰিয়ান।

৯) প্ৰশ্ন : মেঘালয়ত অৱস্থিত মা দুৰ্গাৰ ৫০০ বছৰ পুৰণি মন্দিৰটো কি?

উত্তৰ : নাৰটিয়াং।

১০) প্ৰশ্ন : মিজোৰামত বাস কৰা চাকমা জনজাতিৰ লোকসকল কোন ধৰ্মাৱলম্বীৰ?

উত্তৰ : বৌদ্ধ।

১১) প্ৰশ্ন : নাগালেণ্ডৰ আৰাদুৱা পাহাৰত অৱস্থিত সমগ্ৰ উত্তৰ-পূব ভাৰতৰ বৃহত্তম গীৰ্জাটো কোনটো?

উত্তৰ : কেথ’লিক গীৰ্জা।

১২) প্ৰশ্ন : ছিকিমৰ মুখ্য ধৰ্ম কি?

উত্তৰ : বৌদ্ধ ধৰ্ম।

১৩) প্ৰশ্ন : ছিকিমৰ বৃহত্তম মঠ কি?

উত্তৰ : ৰুমটেক্‌ মঠ।

১৪) প্ৰশ্ন : কোন চনত অৰুণাচল প্ৰদেশৰ টাৱাং মঠ নিৰ্মাণ কৰা হয়?

উত্তৰ : ১৬৮১ চনত।

১৫) প্ৰশ্ন : বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক শ্ৰী গোপালদেৱৰ পৃষ্ঠাপোষকতাত কেইখন সত্ৰ প্ৰতিষ্ঠা হৈছিল?

উত্তৰ : ১২ খন।

১৬) প্ৰশ্ন : অসমৰ বিখ্যাত “উমানন্দ মন্দিৰ” কোন চনত স্থাপিত হয়?

উত্তৰ : ১৬৯৪ চনত।

১৭) প্ৰশ্ন : ইম্ফলত অৱস্থিত শ্ৰী হনুমান ঠাকুৰ মন্দিৰ কেতিয়া নিৰ্মাণ হৈছিল?

উত্তৰ : ১৭২৫ চনত।

১৮) প্ৰশ্ন : মণিপুৰৰ বিষেণপুৰত অৱস্থিত বিষ্ণু মন্দিৰ কোনে নিৰ্মাণ কৰিছিল?

উত্তৰ : ৰজা ক্যাম্বা।

১৯) প্ৰশ্ন : কোন চনত “আৱাৰ লেডী অৱ গুড হেল্‌থ” তীৰ্থ মেঘালয়ত স্থাপন কৰা হয়?

উত্তৰ : ১৯৮৯ চনত।

২০) প্ৰশ্ন : ছিকিমৰ প্ৰাচীনতম মঠ কি?

উত্তৰ : চাংগা চেলিং।

২১) প্ৰশ্ন : অৰুণাচল প্ৰদেশৰ বেছি ভাগ লোকে কি ধৰ্ম অনুসৰণ কৰে?

উত্তৰ : বৌদ্ধ ধৰ্ম।

২২) প্ৰশ্ন : শংকৰদেৱে প্ৰচাৰ কৰা ধৰ্মটোক সাধাৰণতে কি বুলি জনা যায়?

উত্তৰ : এক শৰণীয়া নাম ধৰ্ম।

২৩) প্ৰশ্ন : প্ৰসিদ্ধ মুছলমান সন্তজনৰ নাম কি যিয়ে অসমত সামাজিক-ধাৰ্মিক আন্দোলনৰ নেতৃত্ব প্ৰদান কৰিছিল?

উত্তৰ : ছাহ আউলিয়া ওৰফে আজান ফকীৰ।

২৪) প্ৰশ্ন : মণিপুৰৰ কোনখন জিলাক সেই ৰাজ্যৰ খ্ৰীষ্টান ধৰ্মৰ জন্মস্থান হিচাপে জনা যায়?

উত্তৰ : উখৰুল।

২৫) প্ৰশ্ন : মণিপুৰী সকলে পূজা কৰা ভগৱানৰ তিনিটা অৱতাৰৰ নাম কি কি?

উত্তৰ : এতিয়া চিডাবা, অপনবা আৰু আচিবা ক্ৰমান্বয়ে সৃষ্টিকৰ্তা, পালনকৰ্তা আৰু ধ্বংসকৰ্তা।

২৬) প্ৰশ্ন : মণিপুৰলৈ খ্ৰীষ্টান ধৰ্ম অনা বেপ্টিষ্ট মিছানাৰী জনৰ নাম কি?

উত্তৰ : ৰেভাৰেণ্ড. আৰ. ডব্লিউ. পেটিগ্ৰিউ।

২৭) প্ৰশ্ন : মেঘালয়ৰ ক’ত ‘আৱাৰ লেডী অৱ গুড হেল্‌থ’ৰ তীৰ্থ অৱস্থিত?

উত্তৰ : ৰালিয়াং গাঁও।

২৮) প্ৰশ্ন : গাৰো পাহাৰত প্ৰচলিত পৰম্পৰাগত ধৰ্মক কি বুলি কোৱা হয়?

উত্তৰ : চংচেৰেক।

২৯) প্ৰশ্ন : ত্ৰিপুৰাৰ কোনটো মন্দিৰক উত্তৰ-পূব ভাৰতৰ অন্যতম পবিত্ৰতমহিন্দু মন্দিৰ হিচাপে বিশ্বাস কৰা হয়?

উত্তৰ : ত্ৰিপুৰা সুন্দৰী মন্দিৰ।

৩০) প্ৰশ্ন : ত্ৰিপুৰাৰ কোনজন জনজাতীয় উপাস্য দেৱতাৰ লগত ভগৱান শিৱৰ মিল দেখা যায়?

উত্তৰ : মাতাই-কাতাৰ।

 

বিভিন্ন উৎসৱ-পাৰ্বণ-

 

১) প্ৰশ্ন : অৰুণাচল প্ৰদেশৰ মন্‌পা সকলে তেওঁলোকৰ নৱবৰ্ষ উৎসৱ কিমান দিন ধৰি পালন কৰে?

উত্তৰ : পাঁচ দিন।

২) প্ৰশ্ন : অৰুণাচল প্ৰদেশৰ চেৰডুকপেন জনজাতিৰ ধৰ্মীয় উৎসৱটো কি?

উত্তৰ : ৱাং।

৩) প্ৰশ্ন : অসমৰ ধান খেতি আৰু চপোৱাৰ লগত নিবিড়ভাৱে জড়িত সবাতোকৈ জনপ্ৰিয় উৎসৱ বিধ কি?

উত্তৰ : বিহু।

৪) প্ৰশ্ন : অসমৰ মা কামাখ্যাৰ শক্তি মন্দিৰত অনুষ্ঠিত সবাতোকৈ গুৰুত্বপূৰ্ণ ধৰ্মীয় উৎসৱটো কি?

উত্তৰ : অম্বুবাচী মেলা।

৫) প্ৰশ্ন : ব’হাগ বিহুৰ পালনে অসমত কিহৰ আৰম্ভণিৰ সূচনা কৰে?

উত্তৰ : অসমীয়া নতুন বছৰ।

৬) প্ৰশ্ন : মণিপুৰৰ প্ৰধান উৎসৱ কি?

উত্তৰ : য়াও চাং।

৭) প্ৰশ্ন : মণিপুৰী সকলে উদ্‌যাপন কৰা বসন্ত উৎসৱক কি বুলি কোৱা হয়?

উত্তৰ : লাই হাৰাওবা।

৮) প্ৰশ্ন : ঝুম খেতিৰ লগত নিবিড়ভাৱে জড়িত মেঘালয়ৰ গাৰো সকলৰ সবাতোকৈ গুৰুত্বপূৰ্ণ উৎসৱটোৰ নাম কি?

উত্তৰ : ৱাংগালা।

৯) প্ৰশ্ন : ৱাংগালাক মেঘালয়ৰ কি উৎসৱ হিচাপেও জনা যায়?

উত্তৰ : এশটা ঢোলৰ নৃত্য।

১০) প্ৰশ্ন : মিজোৰামৰ ‘গোমধান’ৰ উৎসৱ হিচাপে পালন কৰা উৎসৱটোক কি বুলি জনা যায়?

উত্তৰ : মিমকুট।

১১) প্ৰশ্ন : মিজো সকলে প্ৰত্যেক বছৰে পালন কৰা বসন্ত উৎসৱটি কি?

উত্তৰ : চাপচাৰ কুট।

১২) প্ৰশ্ন : নাগালেণ্ডৰ কন্যাক নগা গোষ্ঠীয়ে পালন কৰা কি উৎসৱে নৱবৰ্ষৰ আৰম্ভণি ঘোষণা কৰে?

উত্তৰ : আওলিংগ ম’নয়ু।

১৩) প্ৰশ্ন : নাগালেণ্ডৰ টুৱেনচাং জিলাৰ চাং নগা সকলে জুলাই মাহত ছদিন ধৰি কি উৎসৱ পালন কৰে?

উত্তৰ : নাক ন্যুওলাম।

১৪) প্ৰশ্ন : ছিকিমৰ লেপ্‌চা আৰু ভূতীয়া সকলৰ মাজত ভ্ৰাতৃত্বৰ সন্ধি স্বাক্ষৰ কৰাটো কি উৎসৱে চিহ্নিত কৰে?

উত্তৰ : ফাং লাবচল।

১৫) প্ৰশ্ন : ছিকিমৰ বৌদ্ধ কেলেণ্ডাৰৰ চতুৰ্থ মাহত অৰ্থাৎ মে’ৰ শেষত বা জুনৰ আৰম্ভণিত পালন কৰা উৎসৱ বিধ কি?

উত্তৰ : চাগা ডাৱা।

১৬) প্ৰশ্ন : ত্ৰিপুৰাৰ বনবিহাৰ মেলাক আন এটা নামেৰে কি মেলা বুলিও জনা যায়?

উত্তৰ : পঞ্চনাল্যাৰ।

১৭) প্ৰশ্ন : ত্ৰিপুৰাৰ প্ৰ্ত্যেক মহকুমাত প্ৰতি বছৰে দুৰ্গা পূজাৰ পিছত উদ্‌যাপন কৰা একমাত্ৰ শাৰদীয় উৎসৱ বিধ কি?

উত্তৰ : শাৰদোৎসৱ।

১৮) প্ৰশ্ন : অৰুণাচল প্ৰদেশৰ মন্‌পাসকলে নৱবৰ্ষক স্বাগতম জনাবলৈ পালন কৰা উৎসৱটিৰ নাম কি?

উত্তৰ : লোচাৰ।

১৯) প্ৰশ্ন : অসমত চকলং অনুষ্ঠানত কিমানটা বন্তি জ্বলোৱা হয়?

উত্তৰ : ১০১ টা।

২০) প্ৰশ্ন : অৰুণাচল প্ৰদেশৰ উৎসৱ সমূহত এক উমৈহতীয়া বৈশিষ্ট্য আছে। তুমি ইয়াক চিনাক্ত কৰিব পাৰিবানে?

উত্তৰ : পশু বলিদান প্ৰথা।

২১) প্ৰশ্ন : অৰুণাচল প্ৰদেশত আয়োজন কৰা কোনখন মেলাক “পূবৰ কুম্ভ মেলা” হিচাপে গ্ৰাহ্য কৰা হয়?

উত্তৰ : পৰশুৰাম কুম্ভ মেলা।

২২) প্ৰশ্ন : অসমৰ জাতীয় উৎসৱ কি?

উত্তৰ : বিহু।

২৩) প্ৰশ্ন : অসমৰ বৈষ্ণৱ হিন্দু সকলে শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ জন্ম আৰু মৃত্যু তিথি কিদৰে পালন কৰে?

উত্তৰ : নামঘৰত নাম, ভাওনা ইত্যাদি পৰিৱেশন কৰে।

২৪) প্ৰশ্ন : মণিপুৰত পালন কৰা বিখ্যাত “ৰথ যাত্ৰা” কোন উপাস্য দেৱতাৰ প্ৰতি সমৰ্পিত?

উত্তৰ : ভগৱান জগন্নাথ।

২৫) প্ৰশ্ন : মণিপুৰৰ কোনটো উৎসৱৰ সবাতোকৈ জনপ্ৰিয় উৎসৱ “হোলি” ৰ লগত সাদৃশ্য আছে?

উত্তৰ : য়াওচাং।

২৬) প্ৰশ্ন : মেঘালয়ত জাতি, বৰ্ণ, লিঙ্গ নিৰ্বিশেষে বৰ উৎসাহেৰে এই উৎসৱ পালন কৰা হয়। তুমি ইয়াৰ নাম ক’ব পাৰিবানে?

উত্তৰ : খ্ৰীষ্টমাচ।

২৭) প্ৰশ্ন : মেঘালয়ৰ খাছী জনজাতিয়ে উদ্‌যাপন কৰা বসন্ত উৎসৱটোৰ নাম কি?

উত্তৰ : উমচান নংখৰাই।

২৮) প্ৰশ্ন : নাৰচ বা জয়ন্তীয়া সকলে পালন কতা সবাতোকৈ গুৰুত্বপূৰ্ণ ধৰ্মীয় উৎসৱটোৰ নাম কি?

উত্তৰ : বেহডেইনখলাম।

২৯) প্ৰশ্ন : কেতিয়া মিজোৰামত চাপচাৰ কুট উৎসৱ উদ্‌যাপন কৰা হয়?

উত্তৰ : মাৰ্চত ঝুম কৃষিৰ কৰ্ম সম্পন্ন হোৱাৰ পিছত।

৩০) প্ৰশ্ন : নাগালেণ্ডৰ চাখেচেংগ আৰু আংগামী উভয় জনগোষ্ঠীয়ে পালন কৰা শস্য চপোৱা উৎসৱটোৰ নাম কি?

উত্তৰ : টেনয়ি।

৩১) প্ৰশ্ন : ছিকিমত চাগা ডেৱা উৎসৱৰ লগত তিনিটা গুৰুত্বপূৰ্ণ ঘটনা জড়িত। সেইকেইটা কি কি?

উত্তৰ : ক) ভগৱান বুদ্ধৰ জন্ম

খ) তেওঁৰ দিব্য জ্ঞান লাভ।

গ) তেওঁৰ নিৰ্বাণ প্ৰাপ্তি।

৩২) প্ৰশ্ন : ছিকিমত উদ্‌যাপিত ফাং লাবচ’ল উৎসৱত কাৰ পূজা কৰা হয়?

উত্তৰ : কাঞ্চনজংঘাৰ বৰফাবৃত শাৰী ইয়াৰ ঐক্যবদ্ধকৰণ ক্ষমতাৰ বাবে।

৩৩) প্ৰশ্ন : অৰুণাচল প্ৰদেশৰ কি জনজাতিয়ে নানহাক বা নৱাংচাং উৎসৱ পালন কৰে?

উত্তৰ : খামটি।

৩৪) প্ৰশ্ন : অসমৰ ৰঙালী বিহুৰ প্ৰথম দিনটো কাৰ বাবে পালন কৰা হয়?

উত্তৰ : গৰু।

৩৫) প্ৰশ্ন : অসমৰ চাহ জনজাতিয়ে পালন কৰা সবাতোকৈ গুৰুত্বপূৰ্ণ উৎসৱটো কি?

উত্তৰ : টুচু পূজা।

৩৬) প্ৰশ্ন : “ৰথ যাত্ৰা”ৰ সময়ত মণিপুৰত স্থানীয়ভাৱে কি নামেৰে জনাজাত হৈ ৰথত ভগৱান জগন্নাথে তেওঁৰ মন্দিৰ এৰে?

উত্তৰ : কাং।

৩৭) প্ৰশ্ন : দুৰ্গা পূজা মণিপুৰত কি নামেৰে জনাজাত?

উত্তৰ : কৱাক যাত্ৰা।

৩৮) প্ৰশ্ন : মিজোৰামৰ মিম কুট উৎসৱ কোন মাহত উদ্‌যাপন কৰা হয়?

উত্তৰ : আগষ্ট আৰু ছেপ্টেম্বৰ।

৩৯) প্ৰশ্ন : আক’ক-খি নৃত্য নাগালেণ্ডত কি উৎসৱৰ সময়ত পালন কৰা হয়?

উত্তৰ : এমংমং।

৪০) প্ৰশ্ন : টুলুনি উৎসৱৰ সময়ত নাগালেণ্ডৰ চেমা জনগোষ্ঠীয়ে কোনজন দেৱতাক উপাসনা কৰে?

উত্তৰ : লিটম্পা।

৪১) প্ৰশ্ন : ছিকিমত পোহৰৰ উৎসৱ হিচাপে কোনটো উৎসৱক পালন কৰা হয়?

উত্তৰ : তিহাৰ।

৪২) প্ৰশ্ন : ত্ৰিপুৰাত কেৰ পূজা কোন মাহত উদ্‌যাপন কৰা হয়?

উত্তৰ : জুলাই।

 

উৎস : উত্তৰ পূৰ্বাঞ্চল কুইজ সঁফুৰা।

 

 

 

 

 

 

2.94871794872
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top