অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বিশ্ব ঐতিহ্য দিৱস ২০১৬

বিশ্ব ঐতিহ্য দিৱস ২০১৬

বিশ্বৰ ঐতিহ্যমণ্ডিত ঠাইসমূহৰ সংৰক্ষণৰ বাবে তথা মানুহৰ মাজত সজাগতা বৃদ্ধিৰ ইউনেস্ক’ই বিশেষ ভাৱে কাম কৰি আহিছে ৷ ইউনেস্ক’ই বিশ্বৰ বিভিন্ন ঐতিহ্যমণ্ডিত ঠাইসমূহৰ এখন তালিকা বনাই সেই ঠাইসমূহৰ সংৰক্ষণৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে ৷ এনে ঠাইসমূহ ‘বিশ্ব ঐতিহ্য ক্ষেত্ৰ’ বা ‘Word Heritage Site’ নামেৰে জনপ্ৰিয় ৷ জুলাই ২০১৫ চনলৈকে ১০৩১ খন ঠাইক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ অন্তৰ্ভূক্ত কৰা হৈছে; ইয়াৰ ভিতৰত ৮০২ খন সাংস্কৃতিক, ১৯৭ খন প্ৰাকৃতিক আৰু ৩২খন মিশ্ৰিত ঐতিহ্যক্ষেত্ৰ ৷ ভাৰতত এতিয়ালৈকে ৩২খন ঠাইক ইউনেস্ক’ই বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰিছে ৷ ইয়াৰ উপৰিও মানুহৰ মাজত সজাগতা বৃদ্ধিৰ বাবে প্ৰতিবছৰে ১৮ এপ্ৰিলত “কীৰ্তিস্তম্ভ আৰু ঐতিহ্যক্ষেত্ৰৰ বাবে আন্ত:ৰাষ্ট্ৰীয় দিৱস” (International Day for Monuments and Site ) বা ‘বিশ্ব ঐতিহ্য দিৱস’ (World Heritage Day ) পালন কৰা হয় ৷ সেই উপলক্ষে বিশ্বৰ বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত লোৱা হয় ৷ পোন প্ৰথমবাৰৰ বাবে ১৯৮২ চনত এখন আলোচনাচক্ৰত  ইণ্টাৰনেচনেল কাউন্সিল অন্‌ মনুমেণ্টছ্‌ এণ্ড্‌ ছাইটচ্‌ (International Council on Monuments and Sites, ICOMOS) য়ে সমগ্ৰ বিশ্বতে এই দিবস পালন কৰিবৰ বাবে এক প্ৰস্তাৱ হাতত লয় ৷ পাছলৈ এই প্ৰস্তাৱ ইউনেস্ক’ৰ সাধাৰণ সভাত স্বীকৃতি লাভ কৰে ৷ তাৰ পাছৰ পৰাই প্ৰতি বছৰে এই দিবস পালন কৰি অহা হৈছে ৷ এই দিবস ‘বিশ্ব এতিহ্য দিবস’ নামেৰেই বেছি জনপ্ৰিয় হৈ উঠে ৷

উৎস:- সন্ধান আলোচনী

শেহতীয়া উন্নীতকৰণ: : 2/8/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate