অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বুৰঞ্জী

ভাৰত বুৰঞ্জীৰ চমু আভাস

প্ৰাচীন সাহিত্য, বেদ, উপনিষদ, শিলালিপি, প্ৰত্নতাত্ত্বিক নিদৰ্শন, প্ৰাচীন ইতিহাস, বৌদ্ধশাস্ত্ৰ, বিদেশী পৰিব্ৰাজকৰ বিৱৰণ আদিয়েই হ’ল ভাৰত বুৰঞ্জী অধ্যয়নৰ সমল। ভাৰতৰ প্ৰাচীন সভ্যতা হ’ল সিন্ধু সভ্যতা। বুৰঞ্জীবিদ সকলৰ মতে এই সভ্যতা হ’ল খ্ৰীষ্টপূৰ্ব ৫০০০ বছৰৰ আগৰ। প্ৰত্নতাত্ত্বিক সমলৰ পৰা দেখা যায় সিন্ধু উপত্যকাৰ সভ্যতা অতি উন্নত মানৰ আৰু আধুনিক বিজ্ঞানসন্মত আছিল।

খ্ৰীষ্টপূৰ্ব ১৫০০ চন মানত আৰ্যসকলৰ ভাৰতলৈ আগমন ঘটে। তেওঁলোকে অনাৰ্য দ্ৰাবিড় সকলক ভাৰতৰ উত্তৰ অঞ্চলৰ পৰা খেদি পঠিয়াই নিজে থিতাপি লয়। আৰ্য সকল ভাৰতলৈ অহাৰ লগে লগে জাতিভেদ প্ৰথা, বিভিন্ন ধৰ্মীয় সংস্কাৰ আদিৰ প্ৰচলন হ’বলৈ ধৰে। এই সময়ছোৱাতেই বেদ, উপনিষদ সমূহ ৰচিত হয়।

খ্ৰীষ্টপূৰ্ব ষষ্ঠ শতিকাৰ পৰা চতুৰ্থ শতিকালৈ উত্তৰ ভাৰতত ১৬ খন ৰাজ্য থকাৰ উমান পোৱা যায়। ৰিচ্‌ ডেভিদৰ ‘বুদ্ধিষ্ট ইণ্ডিয়া’ত এই ষোল্লখন ৰাজ্যৰ নাম পোৱা যায়। এই ৰাজ্য কেইখন ক্ৰমে কাশী, কোশল, অংগ, মগধ, বৃজি, মল্ল, চেদী, বামছা, কুৰু, পাঞ্চাল, মৎস্য, সুৰসেন, আছাকা, অৱন্তী, গান্ধাৰ আৰু কম্বোজ। ই ৰাজ্যসমূহৰ ভিতৰত মগধ অতি প্ৰতাপী আছিল। এই মগধৰ এজন প্ৰতাপী ৰজা আছিল বিম্বিসাৰ। বিম্বিসাৰে খ্ৰীষ্টপূৰ্ব ৫৮২ -ৰ পৰা ৫৪৪ চন মানলৈ ৰাজত্ব চলায়। ইয়াৰ পাছত খ্ৰীষতপূৰ্ব ৫১৯ মানলৈকে অজাত শত্ৰুৱে ৰাজত্ব চলাইছিল।

গ্ৰীচৰ মেচিডিনিয়াৰ ৰজা আলেকগেণ্ডাৰে খ্ৰীষ্টপূৰ্ব ৩২৭ -ত উত্তৰ ভাৰত আক্ৰমণ কৰে আৰু ৩২৬ খ্ৰীষ্টপূৰ্বত পুনৰ নিজ দেশলৈ উভতি যায়।

আলেকজেণ্ডাৰৰ আক্ৰমণৰ পাছত খ্ৰীষতপূৰ্ব ৩২১ ত চন্দ্ৰগুপ্ত মৌৰ্যই মৌৰ্য বংশ প্ৰতিষ্ঠা কৰে। তেওঁৰ মন্ত্ৰী চাণক্য এজন বিশিষ্ট কূটনীতিবিদ আছিল। তেওঁৰ দিনতে গ্ৰীক পৰিব্ৰাজক মেগেস্থেনিছ ভাৰতলৈ আহে। চন্দ্ৰগুপ্তৰ পাছত বিন্দুসাৰ মগধৰ ৰজা হয়।

২৬৩ খ্ৰীষ্টপূৰ্বত সম্ৰাট অশোক মগধৰ ৰজা হয়। তেওঁ বৌদ্ধ ধৰ্ম গ্ৰহণ কৰি এই ধৰ্ম প্ৰসাৰৰ আৰু প্ৰচাৰৰ বিভিন্ন ব্যৱস্থা হাতত লয়।

মৌৰ্য বংশ পতনৰ পাছত উত্তৰ ভাৰতত কুষাণ বংশই ৰাজত্ব কৰে। এই বংশৰ শ্ৰেষ্ঠ ৰজা কণিষ্কই ৭৮ খ্ৰীষ্টাব্দত ৰাজসিংহাসনত আৰোহণ কৰে।

গুপ্ত বংশৰ প্ৰতিষ্ঠাপক শ্ৰীগুপ্তই ২৪০ খ্ৰীষ্টাব্দৰ পৰা ২৮০ খ্ৰীষ্টাব্দলৈ শাসন কাৰ্য চলায়। গুপ্ত সাম্ৰাজ্যৰ কালছোৱাক্ভাৰত বুৰঞ্জীৰ সোণালী যুগ বুলি কোৱা হয়। ৩৭৫ খ্ৰীষ্টাব্দত দ্বিতীয় চন্দ্ৰগুপ্ত বিক্ৰমাদিত্য সম্ৰাট হয়। তেওঁৰ দিনতেই চীনা পৰিব্ৰাজক ফাহিয়ান ভাৰতলৈ আহে।

গুপ্ত সাম্ৰাজ্যৰ পতন হোৱাৰ পাছত বহু সৰু সৰু ৰাজ্যই গা-কৰি উঠে। ইয়াৰ ভিতৰত থানেশ্বৰ ৰাজ্যৰ শাসক হৰ্ষবৰ্ধন অন্যতম একচ্ছত্ৰী আছিল। সেই সময়ৰ কামৰুপৰ ৰজা কুমাৰ ভাস্কৰ বৰ্মনেও তেওঁৰ লগত বন্ধুত্ব স্থাপন কৰিছিল। চীনা পৰিব্ৰাজক হিউ এন চাং এই সময়ত ভাৰত ভ্ৰমণলৈ আহে। এই সময়তেই চালুক্য আৰু চোলসকলে দক্ষিণ ভাৰতত শাসন কাৰ্য চলাইছিল।

১১৯২ চনত মহম্মদ ঘোৰীয়ে ভাৰতত মুছলমান সাম্ৰাজ্য প্ৰতিষ্ঠা কৰে। ১২০৬ চনত কুতুবুদ্দিন আইবাকে দাস বংশ প্ৰতিষ্ঠা কৰে। এই বংশৰ ৰাণী চুলতানা ৰেজিয়া ভাৰতৰ প্ৰথম মহিলা শাসনকৰ্তা। তাৰ পাছত ১২৯০ খ্ৰীষ্টাব্দত খিলজি বংশই দেশৰ শাসনভাৰ চলায়। খিলজি বংশৰ পাছত টোগলক বংশই দেশৰ শাসনভাৰ চলায়। সেই সময়তেই ১৩৯৮ খ্ৰীষ্টাব্দত টাইমুৰে ভাৰত আক্ৰমণ কৰে আৰু লুণ্ঠন চলায়।

১৫২৬ খ্ৰীষ্টাব্দত বাবৰে মোগল বংশ প্ৰতিষ্ঠা কৰে। বাবৰৰ মৃত্যুৰ পাছত হুমায়ুন সম্ৰাট হয়।

১৫৪০ খ্ৰীষ্টাব্দত সুৰী বংশৰ ৰজা শ্বেৰশ্বাহে হুমায়ুনক পৰাস্ত কৰি দিল্লীৰ শাসনভাৰ নিজৰ হাতলৈ আনে। তেওঁ পেছোৱাৰৰ (বৰ্তমান পাকিস্তানত) পৰা কলকাতালৈ গ্ৰেণ্ড ট্ৰাংক ৰ’ড নিৰ্মাণ কৰে। তদুপৰি তেওঁ ঘোঁৰাৰে ডাক অনা-নিয়া ব্যৱস্থাৰো প্ৰচলন কৰে। তদুপৰি ৰুপৰ মুদ্ৰাৰো তেওঁ প্ৰচলন কৰে। শ্বেৰশ্বাহৰ মৃত্যুৰ পাছত হুমায়ুনে পুনৰ দিল্লীৰ সিংহাসন অধিকাৰ কৰে।

হুমায়ুনৰ মৃত্যুৰ পাছত ১৫৫৬ খ্ৰীষ্টাব্দত সম্ৰাট আকবৰ দিল্লীৰ সিংহাসনত উঠে। আকবৰে ‘দিন ইলাহী’ নামৰ ধৰ্মৰ প্ৰচাৰ কৰিছিল। তেওঁৰ মৃত্যুৰ পাছত ক্ৰমে জাহাংগীৰ পাছত চাহজাহান, ঔৰংজেৱ আৰু প্ৰথম বাহাদুৰ শ্বাহ সম্ৰাট হয়। প্ৰথম বাহাদুৰ স্বাহৰ মৃত্যুৰ পাছত মোগল সম্ৰাটৰ পতন ঘটে। মাৰাঠা, শিখ, ৰাজপুত, আফগানসকলে ইয়াৰ সুবিধা লৈ ন ন স্বাধীন ৰাজ্যৰ সৃষ্টি কৰে।

১৮০৩ চনত ইংৰাজ সদকলে দিল্লী অধিকাৰ কৰাত সম্ৰাট সকল ব্ৰিটিছৰ পেঞ্চনভোগী হৈ পৰে। ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ অভিযোগত শেষ মোগল সম্ৰাট দ্বিতীয় বাহাদুৰ শ্বাহক বন্দী কৰি ৰেংগুনলৈ পঠিয়াই দিয়ে। বন্দী শালতে ১৮৬২ খ্ৰীষ্টাব্দত তেওঁৰ মৃত্যু হয়।

১৬৭৮ খ্ৰীষ্টাব্দত সিংহাসনত আৰোহণ কৰি মাৰাঠা সম্ৰাট শিৱাজীয়ে মাৰাঠা সাম্ৰাজ্যৰ ভেটি সুদৃঢ় কৰে। মোগল সম্ৰাট ঔৰংজেৱেও শিৱাজীক স্বীকৃতি প্ৰদান কৰিছিল।

শিৱাজীৰ দ্বাৰা প্ৰতিষ্ঠিত মাৰাঠা ৰাজ্যক পাছত পেছোৱা সকলে এক সাম্ৰাজ্যলৈ ৰুপান্তৰিত কৰে। ১৭১৪ চনত শাসনভাৰ হাতত লোৱা বালাজী বিশ্বনাথ প্ৰথম গৰাকী পেছোৱা। ১৮১৮ চনত তৃতীয় মাৰাঠা যুদ্ধত ব্ৰিটিছ সকলে মাৰাঠা সকলক হৰুৱায় আৰু ‘পেছোৱা’ পদটোৰ বিলুপ্তি ঘটায়। লগে লগে মাৰাঠা সাম্ৰাজ্যৰো অন্ত পৰে।

১৭৫৭ চনৰ পলাশীৰ যুদ্ধত জয়লাভ কৰি ইংৰাজে বংগ আৰু বিহাৰৰ শাসনভাৰ নিজৰ হাতলৈ আনে ভাৰতত খোপনি পোতে। ১৭৯৮ চনৰ বংগৰ গৱৰ্ণৰ জেনেৰেল ৱেলেছলীয়ে ‘বশ্যতামূলতা মিত্ৰতা নীতি’ প্ৰয়োগ কৰি বহুতো দেশীয় ৰাজ্য ব্ৰিটিছৰ অধীনলৈ আনে। ১৭৯৯ চনত টিপু চুলতান যুদ্ধত পৰাজিত হোৱাত দক্ষিণ ভাৰততো ব্ৰিটিছৰ আদিপত্য বিস্তাৰ হয়। ১৮৪৮-৫৬ চনলৈ গৱৰ্ণৰ জেনেৰেল লৰ্ড ডেলহাউচিৰ কাৰ্যকালত পঞ্জাব আৰু ব্ৰহ্মদেশ ব্ৰিটিছৰ অধীনলৈ আহে। তদুপৰি ডেলহাউচিয়ে প্ৰৱৰ্তন কৰা ‘স্বত্ববিলোপ’ নীতিৰ ফলত বহুতো দেশীয় ৰাজ্য ব্ৰিটিছৰ অধীনলৈ আহে।

১৮৫৭ চনত সমগ্ৰ ভাৰততে ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ আৰম্ভ হয়। মীৰাট, দিল্লী। কানপুৰ আদিত এই বিদ্ৰোহে তিব্ৰতৰ ৰুপ লয়। ইয়েই চিপাহী বিদ্ৰোহ। ঝান্সিৰ ৰাণী লক্ষ্মীবাই, তাঁতিয়া টোপি, নানা চাহেব, দ্বিতীয় বাহাদুৰ শ্বাহ, জাফৰ আদিৰ নেতৃত্বত এই বিদ্ৰোহ আৰম্ভ হয় যদিও ব্ৰিটিছে ইয়াক দমন কৰিবলৈ সক্ষম হয়। চিপাহী বিদ্ৰোহৰ পাছত ভাৰতৰ শাসনভাৰ কোম্পানীৰ হাতৰ পৰা ব্ৰিটিছ ৰাণীৰ হাতলৈ যায়।

১৮৮৫ চনত প্ৰতিষ্ঠা হোৱা ভাৰতীয় জাতীয় কংগ্ৰেছৰ যোগেদি ভাৰতবাসী পুনৰ ব্ৰিটিছৰ বিৰুদ্ধে একত্ৰিত হ’ল আৰু স্বাধীনতা আন্দোলন আৰম্ভ হয়। ১৯২০ চনত মহাত্মা গান্ধীৰ নেতৃত্বত অসহযোগ আৰু ১৯৩০ চনত আইন অমান্য আন্দোলন আৰম্ভ হয়।

১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনৰ ফলত ১৯৪৭ চনৰ ১৫ আগষ্টত ব্ৰিটিছে দেশ খনক ভাৰত আৰু পাকিস্থা নামে দুভাগত বিভক্ত কৰি স্বাধীনতা প্ৰদান কৰে।

জৱাহৰলাল নেহৰু ভাৰতৰ প্ৰথম মন্ত্ৰী হয়। ১৯৫০ চনৰ ২৬ জানুৱাৰীত ভাৰতৰ সংবিধান কাৰ্যকৰী হয় আৰু ডঃ ৰাজেন্দ্ৰ প্ৰসাদ ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হয়। প্ৰধান মন্ত্ৰী, তেওঁৰ মন্ত্ৰী সভা আৰু ৰাষ্ট্ৰপতিৰ কাৰ্যকাল পাঁচ বছৰ নিৰ্ধাৰিত কৰা হয়।

লেখক: শান্তনু কৌশিক বৰুৱা

লেখিকা: প্ৰীতিমা কৌশিক বৰুৱা

উৎস: নতুন জানানে

3.03448275862
ধৈৰ্য বৰপাত্ৰ। Jun 26, 2019 11:14 AM

অনুগ্ৰহ কৰি সিন্ধু সভ্যতাৰ বিষয়ে কিছু সংযোগ কৰিব।

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top