অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ভাৰত নামৰ উৎপত্তি

প্ৰাচীন কালত এই ভূ-খণ্ডত ভৰত নামৰ এজন প্ৰবল-প্ৰতাপী ৰজাই ৰাজত্ব কৰিছিল। কিংবদন্তী মতে ভৰত আছিল ৰজা দুষ্মন্ত আৰু শকুন্তলাৰ পুত্ৰ। এই ভৰতৰ নাম অনুসৰি আমাৰ দেশ খনৰ নাম ভাৰত হয়।

‘হিন্দুস্তান’ আৰু ‘ইণ্ডিয়া’ নামৰ উৎপত্তি

প্ৰাচীন কালত গ্ৰীষ্ম সকল ভাৰতলৈ আহি পোনতে সিন্ধু নদীৰ পাৰতে নিজে উপনিৱেশ স্থাপন কৰিছিল। কিন্ত তেওঁলোকে ‘সিন্ধু’ নদীৰ উচ্চৰণ কৰিছিল ‘হিন্দু’ বুলি। কালক্ৰমত ‘সিন্ধু’ (হিন্দু) নদীৰ কাষৰীয়া অঞ্চল ‘হিন্দুস্তান’ নামেৰে পৰিচিত হৈ উঠে। এনেদৰে সমগ্ৰ ভাৰতেই সময়ত ‘হিন্দুস্তান’লৈ ৰুপান্তৰিত হয়। সেই সিন্ধ-হিন্দু শব্দৰ পৰাই কালক্ৰমত মুখ বাগৰি ইণ্ডাছ (Indus) আৰু তাৰ পৰাই ভূ-খণ্ডৰ নাম ‘ইণ্ডিয়া’ হয়গৈ।

অৱস্থিতি

৮°৪´ ৰ পৰা ৩৭°৬´ উত্তৰ অক্ষৰেখা আৰু ৬৮°৭´ ৰ পৰা ৯৭°২৫´ পূব দ্ৰাঘিমা। ভাৰতৰ প্ৰায় সোঁ মাজেৰে কৰ্কট ক্ৰান্তি ৰেখা পাৰ হৈ গৈছে।

চাৰিসীমা

পূবে ম্যানমাৰ আৰু বাংলাদেশ; দক্ষিণে শ্ৰীলংকা আৰু ভাৰত মহাসাগৰ; পশ্চিমে পাকিস্তান আৰু আৰব সাগৰ; উত্তৰে চীন, তিব্বত, নেপাল, ভূটান আৰু হিমালয় পৰ্বত। মান্নাৰ উপসাগৰ আৰু পক্‌ প্ৰণালীয়ে দেশ খনক শ্ৰীলংকাৰ পৰা পৃথক কৰিছে। ভাৰতৰ দক্ষিণ-পূবত বংগোপ সাগৰত অৱস্থিত।

প্ৰাকৃতিক বিভাগ

ভাৰতৰ মূল প্ৰাকৃতিক বিভাগ চাৰিটা:

(১) হিমালয় পৰ্বতমালা অঞ্চল,

(২) গংগা আৰু সিন্ধু সমভূমি অঞ্চল,

(৩) মৰু অঞ্চল,

(৪) দক্ষিণ সমভূমি অঞ্চল।

মাটিকালি, জনসংখ্যা আৰু অন্যান্য তথ্য

মাটিকালি

৩২,৮৭,২৬৩ বৰ্গ কিলোমিটাৰ (পৃথিৱীৰ মুঠ মাটিকালি প্ৰায় ২.৪২        শতাংশ), উত্তৰা-দক্ষিণাকৈ ইয়াৰ দীঘ প্ৰায় ৩২১৪ কিলোমিটাৰ আৰু পূবা-পশ্চিমাকৈ গড় ২৯৩৩ কিলোমিটাৰ।

জনসংখ্যা

১০২,৯০,০০,০০০

পুৰুষ

৫৩,২০,০০,০০০

মহিলা

৪৯,৭০,০০,০০০

১৯৯১ চনত জনসংখ্যা

৮৪,৩৯,৩০,৮৬১

জনসংখ্যা (জুলাই, ২০০৯)

১১৫,০০,০০,০০০

২০২৫ চনত সম্ভাব্য জনসংখ্যা

১৩৬ কোটি ৩ লাখ

সাক্ষৰতাৰ হাৰ

৭৫.৩০ শতাংশ

পুৰুষ

৫৩.৭০ শতাংশ

মহিলা

৬৪.৮০ শতাংশ

পুৰুষ-মহিলাৰ অনুপাত

প্ৰতি ১০০০ জন পুৰুষৰ ভিতৰত ৯৩৩ গৰাকী মহিলা

জনবসতিৰ ঘনত্ব

প্ৰতি বৰ্গ কিলোমিটাৰত ৩২৫

গড় আয়ুস

৬৪.৭১ বছৰ

পুৰুষ

৬৩.৯০ বছৰ

মহিলা

৬৫.৫৭ বছৰ

ৰাজধানী

নতুন দিল্লী

ৰাজ্যৰ সংখ্যা

২৮ খন

কেন্দ্ৰীয় শাসিত অঞ্চল

৬ খন

ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল

১ খন (দিল্লী)

২০০১ চনৰ চুড়ান্ত লোকপিয়ল অনুসৰি

মুখ্য ধৰ্ম (২০০১) চনৰ পিয়ল অনুসৰি)

হিন্দু

মুঠ জনসংখ্যাৰ ৮০.৫০ শতাংশ

মুছলমান

১৩.৪০ শতাংশ

খ্ৰীষ্ট্ৰান

২.৩০ শতাংশ

শিখ

১.৯০ শতাংশ

বৌদ্ধ

০.৮০ শতাংশ

জৈন

০.৪০ শতাংশ

অন্যান্য

০.৬০ শতাংশ

নাস্তিক/ধৰ্মনিৰপেক্ষ

০.১০ শতাংশ

 

ভাষা

সমগ্ৰ ভাৰততে মুঠতে ১,৬৫২ টা বিভিন্ন ভাষা, উপভাষা আৰু দোৱান প্ৰচলিত। ইয়াৰে ২২ টা ভাষা ভাৰতীয় সংবিধানৰ দ্বাৰা স্বীকৃত। সেই কেইটা হ’ল : অসমীয়া (২০০১ চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ মুঠ জনসংখ্যাৰ ১.৩০ শতাংশ), বাংলা (৮.১ শতাংশ), হিন্দী (৪১ শতাংশ), তেলেগু (৭.২ শতাংশ), মাৰাঠী (৭ শতাংশ), তামিল (৫.৯ শতাংশ), উৰ্দু (৫ শতাংশ), গুজৰাটী (৪.৫ শতাংশ), মালায়ালম (৩.২ শতাংশ), কানাড়া (৩.৭ শতাংশ), উৰিয়া (৩.২ শতাংশ), পঞ্জাবী (২.৮ শতাংশ), সিন্ধি, নেপালী, কোংকনি, মণিপুৰী, সংস্কৃত, কাশ্মীৰী বড়ো, ডোগৰী, মৈথিলি আৰু ছান্থালি (১.২ শতাংশ)।

চৰকাৰী ভাষা

দেৱনাগৰী লিপিৰ হিন্দী ভাষাই হ’ল ভাৰতৰ চৰকাৰী ভাষা। ভাৰতীয় সংবিধানে ইংৰাজী ভাষাকো ১৯৬৫ চনৰ ২৫ জানুৱাৰী পৰ্যন্ত চৰকাৰী কাম-কাজৰ ব্যৱহাৰ কৰাৰ অনুমতি দিছিল। কিন্ত তাৰ পাছতো হিন্দী ভাষাক কাৰ্যকৰী আৰু সম্পূৰ্ণভাৱে সকলো চৰকাৰী কাম-কাজত ব্যৱহাৰ কৰিব নোৱাৰাত বৰ্তমানলৈকে ইংৰাজী ভাষাও সহযোগী চৰকাৰী ভাষাৰুপে ব্যৱহাৰ হৈ আছে।

প্ৰধান নদ – নদী

সিন্ধু, গংগা, ব্ৰহ্মপুত্ৰ, কাবেৰী, নৰ্মদা, যমুনা, শতদ্ৰু, বিপাশা, ইৰাৱতী, মহানদী, কৃষ্ণা, তাপ্তী, কুশী, শোন, দামোদৰ, গোমতি, কোশী, লুনি, চম্বল, চন্দ্ৰভাগা, সৰস্বতী আদি।

প্ৰধান হ্ৰদ

চিল্কা, কলেৰুণ, পুষ্কৰ, লগটক, চম্বৰ, উলাৰ আদি।

প্ৰধান পাহাৰ-পৰ্বত

হিমালয়, পাটকাই, বিন্ধ্য, সাতপুৰা, আৰাৱলী, পূৰ্বঘাট, পশ্চিমঘাট, কাৰাকৰাম, নীলগিৰি, কাৰ্ডমম, পৰেশনাথ, মহাদেৱ আদি।

প্ৰধান অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যান

কাজিৰঙা ৰাষত্ৰীয় উদ্যান, মানাহ ৰাষ্ট্ৰীয় উদ্যান, কৰবেট ৰাষ্ট্ৰীয় উদ্যান, সুন্দৰবন, দুধৱা ৰাষ্ট্ৰীয় উদ্যান, বান্ধৱনগৰ ৰাষ্ট্ৰীয় উদ্যান, ভৰতপুৰ পক্ষী অভয়াৰণ্য, মৃদুমালাই অভয়াৰণ্য, হাজাৰিবাগ ৰাষ্ট্ৰীয় উদ্যান, কানহা ৰাষ্ট্ৰীয় উদ্যান, গীৰ অভয়াৰণ্য, পেৰিয়াৰ অভয়াৰণ্য আদি।

প্ৰধান কৃষিজাত দ্ৰব্য

চাহ, ধান, গম, যৱ, কফি, কুঁহিয়াৰ, মাকৈজোৱা, মৰাপাট, ধপাত, সৰিয়হ, বাৰ্লি, কপাহ, বাদাম, নাৰিকল, বজ্ৰা, ৰবৰ।

প্ৰধান খনিজাত দ্ৰব্য

খাৰুৱা তেল, কয়লা, মেংগানিজ, সোণ, লিগ্‌নাইট, লি, মোনাজাইট, বক্সাইট, জিংক, ছালফাৰ, জিপচাম, টংষ্টেন, চূণশিল, তাম, হীৰা, লোন, অভ্ৰ বা বালিচন্দা।

প্ৰধান ৰপ্তানি দ্ৰব্য

চাহ, মৰাপাটৰ দ্ৰব্য, কপাহ, কপাহী কাপোৰ, চামৰা, মছলা, ইলেকট্ৰনিক যন্ত্ৰ-পাতি, মটৰগাড়ী আদি।

প্ৰধান আমদানী দ্ৰব্য

কাপোৰ, খনিজ তেল, ধাতুনিৰ্মিত বিভিন্ন যন্ত্ৰ-পাতি, ঔষধ, খাদ্যশস্য, বিভিন্ন ৰাসায়নিক দ্ৰব্য আদি।

আন্তৰ্জাতিক বিমান বন্দৰ

দমদম (কলিকতা), ছাহাৰ (মুম্বাই), ইন্দিৰা গান্ধী আন্তৰ্জাতিক বিমান বন্দৰ (দিল্লী), মীনামবাক্কম (চেন্নাই), আহমেদাবাদ, হায়দৰাবাদ, অমৃতসৰ, বাংগালোৰ, কোচিন, গোৱা, জয়পুৰ, বাৰানসী, পোৰ্টব্লেয়াৰ, গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰ (বৰঝাৰ, গুৱাহাটী) আৰু ত্ৰিবান্দ্ৰম (তিৰুৱনন্তপুৰম)। ইয়াৰ উপৰি ভাৰতৰ বিভিন্ন ঠাইত ৮৭ টা অসামৰিক আৰু ২৫ টা সামৰিক বিমান বন্দৰ আছে।

ভাৰতৰ ৰে’ল মণ্ডল

ক্ৰমিক নং

মণ্ডল

মুখ্য কাৰ্যালয়

মধ্য ৰে’লৱে

মুম্বাই

পূব ৰে’লৱে

কলকাতা

উত্তৰ ৰে’লৱে

নতুন দিল্লী

পূৰ্বোত্তৰ ৰে’লৱে

গোৰখপুৰ

উত্তৰ-পূব সীমান্ত ৰে’লৱে

মালিগাঁও, গুৱাহাটী

দক্ষিণ ৰে’লৱে

চেন্নাই

দক্ষিণ মধ্য ৰে’লৱে

ছেকেন্দ্ৰাবাদ

সক্ষিণ-পূব ৰে’লৱে

কলকাতা

পশ্চিম ৰে’লৱে

মুমবঅই

১০

পূব-মধ্য ৰে’লৱে

হাজিপুৰ

১১

পূব উপকূল ৰে’লৱে

ভুৱনেশ্বৰী

১২

উত্তৰ-মধ্য ৰে’লৱে

এলাহাবাদ

১৩

উত্তৰ-পশ্চিম ৰে’লৱে

জয়পুৰ

১৪

দক্ষিণ-পূব মধ্য ৰে’লৱে

বিলাসপুৰ

১৫

দক্ষিণ-পশ্চিম ৰে’লৱে

হুব্‌লি

১৬

মধ্য-পশ্চিম ৰে’লৱে

জব্বলপুৰ

 

ৰাষ্ট্ৰীয় ঘাইপথ

ভাৰতত সৰ্বমুঠ ৫৬ টা ৰাষ্ট্ৰীয় ঘাইপথ আছে। এই পথ সমূহৰ দৈৰ্ঘ্য ৬৫,৫৯০ কিলোমিটাৰ। এই খিনিক ধৰি ভাৰতৰ সৰ্বমুঠ পথৰ দৈৰ্ঘ্য ৩৩,১৫,২৫২ কিলোমিটাৰ।

জল পৰিবহণ

ভাৰতৰ আভ্যন্তৰীণ জলপথৰ মুঠ দৈৰ্ঘ্য ১৪,৫০০ কিলোমিটাৰ। জাহাজেৰে বয়-বস্তু অনা-নিয়া কৰা ব্যৱস্থাত উন্নয়নশীল দেশ সমূহৰ ভিতৰত ভাৰতৰ স্থান প্ৰথম আৰু পৃথিৱীৰ ভিতৰত ১৯তম। আমাৰ দেশৰ বন্দৰবোৰৰ ভিতৰত মুম্বাইৰ বন্দৰটোৱেই আটাইতকৈ ডাঙৰ।

প্ৰধান বন্দৰ

ভাৰতৰ সৰ্বমুঠ ১২ টা প্ৰধান বন্দৰ আৰু ১৮৭ টা ক্ষুদ্ৰ বন্দৰ আছে। ইয়াৰে প্ৰধান বন্দৰ ১২ টা হ’ল: কান্দালা, মুম্বাই, মোৰমুগাঁও, নিউ মাংগালোৰ, কোচিন, জৱাহৰলাল নেহৰু বন্দৰ (মুম্বাই), এন্নোৰ, টুটিকৰিন, চেন্নাই, বিশাখাপট্টনম, পাৰাদ্বীপ, কলিকতা-হালদিয়া।

ভাৰতীয় ৰে’লৰ কিছু কথা

  • ভাৰতত ১৮৫৩ চনৰ ১৬ এপ্ৰিলৰ পৰা মুম্বাইৰ পৰা থানেলৈ প্ৰথম ৰে’ল চলাচল আৰম্ভ হয়। এই ৰে’ল পথৰ দৈৰ্ঘ্য আছিল ৩৪ কিলোমিটাৰ।
  • বৰ্তমান ভাৰতৰ ৰে’লপথৰ মুঠ দৈৰ্ঘ্য ৬৩,৪৬৫ কিলোমিটাৰ (২০০৮)।
  • ভাৰতত প্ৰতিদিনে ১১,২৭০ খন ৰে’লগাড়ী চলে।
  • ভাৰতত সৰ্বমুঠ ৭,১৩৩ টা ৰে’ল ষ্টেচন আছে।
  • ভাৰতীয় ৰে’লত নিযুক্ত কৰ্মচাৰীৰ সংখ্যা ১৫ লাখ ৪০ হাজাৰ।
  • ভাৰতৰ ৰে’ল ব্যৱস্থা এছিয়াৰ ভিতৰতে বৃহৎ ৰে’ল ব্যৱস্থা আৰু পৃথিৱীৰ ভিতৰত দ্বিতীয়।
  • ভাৰতীয় ৰে’লৱেই দেশৰ শতকৰা ৮০ শতাংশ মাল-বস্তু আৰু ৭০ শতাংশ যাত্ৰী অনা-নিয়া কৰে।
  • ভাৰতীয় ৰে’লপথৰ আটাইতকৈ দীঘল ৰে’ল পথটো হ’ল : গুৱাহাটী-ত্ৰিবান্দ্ৰম ৰে’ল পথটো।
  • ১৯৮৪-৮৫ চনত ভাৰতৰ কলকাতা মহানগৰীত মাটিৰ তলৰ ৰে’ল-সেৱা ‘মেট্ৰো ৰে’লৱে’ প্ৰৱৰ্তন কৰা হয়। ২০০২ চনৰ পৰা নতুন দিল্লীতো মেট্ৰো ৰে’লসেৱা আৰম্ভ হৈছে।
  • ভাৰতত তিনি ধৰণৰ ৰে’ল লাইন প্ৰচলিত : ব্ৰডগজ (দুডাল লাইনৰ মাজৰ জোখ ১.৬৯ মিটাৰ), মিটাৰ গজ (১ মিটাৰ), নেৰ’গজ (০.৭৭ মিটাৰ)।
  • ডাক আৰু যোগাযোগ ব্যৱস্থা
  • ১৮৩৭ চনত ভাৰতত ডাকসেৱাৰ প্ৰৱৰ্তন কৰা হয়। ২০০৮ চনৰ মাৰ্চ মাহৰ পৰিসংখ্যা অনুসৰি ভাৰতত ১,৫৫,৮৩৭ টা ডাকঘৰ আছে আৰু ই ব্ৰৰুহত্তম ডাক নেটৱৰ্ক। ভাৰতত প্ৰথম ডাক টিকট প্ৰচলন কৰা হয় ১৮৫৪ চনত। ১৯৭২ চনৰ পৰা ভাৰতত চিঠিত ডাক সূচাংক বা পিন (PIN : Postal Index Number) কোড দিয়া প্ৰথা আৰম্ভ হয়। একেদৰে স্পীড প’ষ্ট বা দ্ৰুত ডাকসেৱা আৰম্ভ হয় ১৯৮৬ চনৰ ১ আগষ্টত।
  • ১৮৫৩ চনৰ পৰা ভাৰতত টেলিগ্ৰাফ সেৱাৰ প্ৰৱৰ্তন কৰা হয়। ১৯৪৯ চনৰ পৰা হিন্দী আৰু অন্যান্য ভাষাত টেলিগ্ৰাম সেৱা প্ৰৱৰ্তন কৰা হয়।
  • ভাৰতত প্ৰথম স্বয়ংক্ৰিয় টেলিফোন ব্যৱস্থা প্ৰৱৰ্তন কৰা হয় ১৯১৩ চনত। বৰ্তমান ভাৰতত প্ৰায় ১৪,২৯০ টা টেলিফোন এক্সেঞ্জ আছে। আমাৰ দেশত এছ টি ডি (STD) সেৱা আৰম্ভ হয় ১৯৬০ চনৰ ২৬ নৱেম্বৰত আৰু আন্ত:ৰাষ্ট্ৰীয় টেলিফোন সেৱা (ISD) প্ৰৱৰ্তন কৰা হয় ১৯৭৬ চনত। বৰ্তমান ২৮৭ খন দেশলৈ এই ব্যৱস্থাৰে টেলিফোন কৰিব পাৰি। একেদৰে ভাৰতৰ ৭,৯৫৮ খন চহৰত এছ টি ডি সেৱা আছে।

বৰ্তমান ভাৰতত টেলিফোন গ্ৰাহকৰ সংখ্যা ৩ কোটি ৯৩ লাখ (২০০৮)। ২০০১ চনৰ পৰা ভাৰতত মোবাইল ফোনৰ সেৱাও আৰম্ভ হয়। ২০০৭ চনৰ পৰিসংখ্যা অনুসৰি ভাৰতত মোবাইল ফোনৰ গ্ৰাহকৰ সংখ্যা ২৩.৩৬ কোটি।

টেলিভিছন

ভাৰতৰ টেলিভিছন সেৱাৰ নাম দূৰদৰ্শন। ১৯৫৯ চনৰ ১৫ ছেপ্তেম্বৰত দিল্লীত প্ৰথমবাৰৰ বাবে টেলিভিছনৰ পৰীক্ষা মূলক সম্প্ৰচাৰ আৰম্ভ হয়। টেলিভিছনৰ নিয়মিত সম্প্ৰচাৰ আৰম্ভ হয় ১৯৬৫ চনত। পোনতে আকাশবাণীৰ লগত একেলগে আছিল যদিও ১৮৭৬ চনৰ পৰা ই এক পৃথক তথা স্বতন্ত্ৰ সংগঠন হয় ; নাম হয়গৈ দূৰদৰ্শন। দূৰদৰ্শনৰ ৰাষ্ট্ৰীয় ৰঙীন কাৰ্যসূচী আৰম্ভ হয় ১৯৮২ চনৰ ২৫ এপ্ৰিলত।

ৰেডিঅ’

১৯২৭ চনত মুম্বাই আৰু কলকাতাত ভাৰতৰ প্ৰথম অনাঁতাৰ কেন্দ্ৰ স্থাপন কৰা হয়। বেচৰকাৰী খণ্ডত প্ৰতিষ্ঠিত এই কোম্পানীৰ নাম আছিল ‘ইণ্ডিয়ান ব্ৰডকাষ্টিং কৰ্পোৰেচন’। ১৯৩০ চনত ইয়াক চৰকাৰে গ্ৰহণ কৰে আৰু ইয়াৰ নাম দিয়া হয় ‘ইণ্ডিয়ান ব্ৰডকাষ্টিং ছাৰ্ভিচ’। ১৯৩৬ চনৰ ৮ জুনত ইয়াৰ নাম সলনি কৰি ‘অল ইণ্ডিয়া ৰেডিঅ’ (All India Radio, সংক্ষেপে AIR) কৰা হয় আৰু ১৯৫৭ চনত ইয়াৰ নাম হয়গৈ আকাশবাণী। বৰ্তমান এই নামেৰেই ভাৰতৰ ৰেডিঅ’ সেৱা পৰিচিত।

বৰ্তমান ভাৰতত ২২৫ টা সম্প্ৰচাৰণ কেন্দ্ৰ আছে আৰু ই দেশ খনৰ প্ৰায় ৯১.৪২ শতাংশ এলেকা সামৰিছে। আকাশবাণিইয়ে বৰ্তমান ২৪ টা ভাষা আৰু ১৪৬ টা দোৱানত অনুষ্ঠান সম্প্ৰচাৰ কৰে। ভাৰতত ১৪৯ টা মিডিয়াম ৱেভ আৰু ৫৫ টা এফ এম ট্ৰেন্সমিটাৰ আছে।

কম্পিউটাৰ আৰু ইণ্টাৰনেট

কুৰি শতিকাৰ সত্তৰৰ শকৰ পৰা ভাৰততো কম্পিউটাৰৰ ব্যৱহাৰৰ আৰম্ভ হয় আৰু শীঘ্ৰে ব্যৱসায়-বাণিজ্য, যোগাযোগ, শিক্ষা, মুদ্ৰণ শিল্প, মনোৰঞ্জন আদি প্ৰায় সকলো ক্ষেত্ৰতে ই নিজ ঠাই অধিকাৰ কৰি লয়। ২০০৭ চনৰ পৰিসংখ্যা অনুসৰি ভাৰতত ব্যক্তিগত কম্পিউটাৰৰ (PC : Personal Computer) সংখ্যা ২.৬১ কোটি। (পৃথিৱীৰ মুঠ ব্যৱহাৰকাৰীৰ ২.৪ শতাংশ)।

১০০৫-৯৬ চনৰ পৰা ভাৰতত ইণ্টাৰনেট সেৱা আৰম্ভ হয়। ২০০৭-০৮ চনৰ পৰিসংখ্যা অনুসৰি ভাৰতত ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ সংখ্যা ৮.১ কোটি (পৃথিৱীৰ মুঠ ব্যৱহাৰকাৰীৰ ৫.৫ শতাংশ ; চতুৰ্থ স্থান)।

প্ৰধান পৰ্বত – শৃংগ

গডউইন অষ্টিন

৮,৬১১ মিটাৰ উচ্চতা

কাঞ্চনজংঘা

৮,৫৯৮ মিটাৰ

নংগা পৰ্বত

৮,১২৬ মিটাৰ

পেছহাৰ ব্ৰাম

৮,০৬৮ মিটাৰ

ব্ৰড পীক

৮,০৪৭ মিটাৰ

নন্দা দেৱী

৭,৮১৭ মিটাৰ

কামেট

৭,৭৫৬ মিটাৰ

ত্ৰিশূল

৭,১৩৮ মিটাৰ

নানকান

৭,১৩৫  মিটাৰ

ডুনাগিতি

৭,০৬৬ মিটাৰ

 

জনবসতিৰ ঘনত্ব অনুসৰি ১০ খন ৰাজ্য / কেন্দ্ৰীয় শাসিত অঞ্চল

(২০০১ চনৰ চূড়ান্ত লোকপিয়ল অনুসৰি প্ৰতি বৰ্গ কিলোমিটাৰত)

দিল্লী

৯,২৯৮

চণ্ডীগড়

১,৭০৩

পুডুচেৰী

২,০২৯

লাক্ষাদ্বীপ

১,৮৯৮

দমন আৰু ডিউ

১,৪১১

পশ্চিমবংগ

৯০৪

বিহাৰ

৮৮০

কেৰেলা

৮১৯

উত্তৰ প্ৰদেশ

৬৮৯

তামিলনাডু

৪৭৮

 

১০ খন সৰ্বাধিক জনবহুল ৰাজ্য

(২০০১ চনৰ চূড়ান্ত লোকপিপ্যল অনুসৰি)

উত্তৰ প্ৰদেশ

 

১৬,৬১,৯৭,৯২১

মহাৰাষ্ট্ৰ

৯,৬৮,৭৮,৬২৭

বিহাৰ

৮,২৯,৯৮,৫০৯

পশ্চিমবংগ

৮,০১,৭৬,১৯৭

অন্ধ্ৰ প্ৰদেশ

৭,৬২,১০,০০৭

তামিলনাডু

৬,২৪,০৫,৬৭৯

মধ্য প্ৰদেশ

৬,০৩,৪৮,০২৩

ৰাজস্থান

৫,৬৫,০৭,১৮৮

কৰ্ণাটক

৫,২৪,৫০,৫৬২

গুজৰাট

৫,০৬,৭১,০১৭

 

কেইখনমান সৰ্বাধিক জনবহুল নগৰ আৰু মহানগৰ

(জনসংখ্যা ২০০১ চনৰ চূড়ান্ত লোকপিয়ল অনুসৰি)

বৃহত্তৰ মুম্বাই

১,৬৩,৬৮,০৮৪

কলকাতা

১,৩২,১৬,৫৪৬

দিল্লী

১,২৭,৯১,৪৫৮

চেন্নাই

৬৪,২৪,৬২৪

হায়দৰাবাদ

৫৫,৩৩,৬৪০

বাংগালুৰ

৫৬,৮৬,৮৪৪

আহমেদাবাদ

৪৫,১৯,২৭৮

পুনা

৩৭,৫৫,৫২৫

ছুৰাট

২৮,১১,৪৬৬

কানপুৰ

২৬,৯০,৪৮৬

 

লেখক: শান্তনু কৌশিক বৰুৱা

লেখিকা: প্ৰীতিমা কৌশিক বৰুৱা

উৎস: নতুন জানানে

শেহতীয়া উন্নীতকৰণ: : 5/4/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate