মূল পৃষ্ঠা / শিক্ষা / শিশুসকলৰ ক্ষেত্ৰ / কুইজ মঞ্চ / শেহতীয়া বস্তুনিষ্ঠ সাধাৰণ জ্ঞান।
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শেহতীয়া বস্তুনিষ্ঠ সাধাৰণ জ্ঞান।

    ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ কোন জিলাৰ কিমান জনসংখ্যা

 

জিলা

জনসংখ্যা

কোকৰাঝাৰ

৮,৮৭,১৪২

গোৱালপাৰা

১০,০৮,১৮৩

মৰিগাওঁ

৯,৫৭,৪২৩

শোণিতপুৰ

১৯,২৪,১১০

ধেমাজী

৬,৮৬,১৩৩

ডিব্ৰুগড়

১৩,২৬,৩৩৫

যোৰহাট

১০,৯২,২৫৬

কাৰ্বি আংলং

৯,৫৬,৩১৩

কাছাৰ

১৭,৩৬,৬১৭

হাইলাকান্দি

৬,৫৯,২৯৬

চিৰাং

৪,৮২,১৬২

কামৰুপ মেট্ৰ’পলিটন

১২,৫৩,৯৩৮

বাক্সা

৯,৫০,০৭৫

ওদালগুড়ি

৮,৩১,৬৬৮

ধুবুৰী

১৯,৪৯,২৫৮

বৰপেটা

১৬,৯৩,৬২২

নগাওঁ

২৮,২৩,৭৬৮

উত্তৰ লক্ষীমপুৰ

১০,৪২,১৩৭

তিনিচুকীয়া

১৩,২৭,৯২৯

শিৱসাগৰ

১১,৫১,০৫০

গোলাঘাট

১০,৬৬,৮৮৮

ডিমাছা

২,১৪,১০২

কৰিমগঞ্জ

১২,২৮,৬৮৬

বঙাইগাওঁ

৭,৩৮,৮০৪

কামৰুপ

১৫,১৭,৫৪২

নলবাৰী

৭,৭১,৬৩৯

দৰং

৯,২৮,৫০০

 

    ভাৰতৰ সৈন্য-বাহিনীৰ বীৰত্বৰ বাবে প্ৰদান কৰা সন্মানসমূহ

১) পৰমবীৰ চক্ৰ : সৈন্য – বাহিনীত এইটোৱেই সৰ্বোচ্চ সন্মান আৰু পুৰষ্কাৰ। শত্ৰুৰ বিৰুদ্ধে স্থলযুদ্ধ, জলযুদ্ধ বাৰু আকাশমাৰ্গত হোৱা বিমান যুদ্ধত অসাধাৰণ শৌৰ্য্য, বীৰ্য্য, সাহস প্ৰদৰ্শন অথবা আত্মবলিদানৰ বাবে এই সন্মান সূচক পুৰষ্কাৰ প্ৰদান কৰা হয়।

২) মহাবীৰ চক্ৰ : সৈন্য – বাহিনীত এইটো দ্বিতীয় সৰ্বোচ্চ সন্মান আৰু পুৰষ্কাৰ। স্থল, জল আৰু আকাশী যুদ্ধত শত্ৰুৰ বিৰুদ্ধে অসাধাৰণ সাহস, বীৰত্ব অথবা আত্মবলিদানৰ বাবে এই সন্মাজনক পুৰষ্কাৰ প্ৰদান কৰা হয়।

৩) বীৰ চক্ৰ : এইটো সৈন্য – বাহিনীত এইটোৱেই তৃতীয় সৰ্বোচ্চ সন্মান আৰু পুৰষ্কাৰ। শত্ৰুৰ বিৰুদ্ধে স্থলযুদ্ধ, জলযুদ্ধ বাৰু আকাশমাৰ্গত হোৱা বিমান যুদ্ধত অসাধাৰণ শৌৰ্য্য, বীৰ্য্য, সাহস প্ৰদৰ্শন অথবা আত্মবলিদানৰ বাবে এই সন্মান সূচক পুৰষ্কাৰ আগবঢ়োৱা কৰা হয়।

৪) অশোক চক্ৰ : স্থল, জল আকাশ মাৰ্গত হোৱা যুদ্ধত অসাধাৰণ শৌৰ্য্য, বীৰ্য্য, বীৰত্ব, আত্মত্যাগৰ স্বীকৃতি হিচাবে এই পদক প্ৰদান কৰা হয়। যোগ্যতা আৰু মানৰ ভিত্তিত এই পুৰষ্কাৰ তিনিটা ভাগত ভাগ কৰা হৈছে। (ক) অশোকচক্ৰ (খ) কীৰ্ত্তি চক্ৰ আৰু (গ) শৌৰ্য্য চক্ৰ।

 

    নিজ আচৰণৰ বাবে বিখ্যাত হোৱা ব্যক্তিৰ বৈশিষ্ট্য

     

জয়চান্দ

বিশ্বাসঘাটকতা

মীৰা জাফৰ

বিশ্বাসঘাটকতা

কুইস্‌লিং

দেশদ্ৰোহিতা

বিভীষণ

দেশ আৰু স্বজনদ্ৰোহিতা

নেপলিঅ’ বোনাপাৰ্ট

উচ্চাকাংক্ষা

মহাত্মা গান্ধী

অহিংসা

কৰ্ণ

দাতা

 

    নদীৰ লগত জড়িত সভ্যতা

টাইগ্ৰীছ আৰু ইউফ্ৰেটছ নদী

সুমেৰীয় বা মেছ’পটেমীয়া সভ্যতা

টাইবাৰ নদী

ৰোমাণ সভ্যতা

নীল নদী

মিছৰীয়া সভ্যতা

ৰাইন নদী

চেল্টিল সভ্যতা

সিন্ধু

সিন্ধু সভ্যতা

ইয়াং চিকিয়াং নদী

চীনা সভ্যতা

 

    কি নামেৰে জনাজাত

ভাৰতৰ সৈন্য

যোৱান

ফৰাচী সৈন্য

পুলু

আমেৰিকাৰ সৈন্য

জি আই

ইংৰাজ সৈন্য

টমি আটকিন্স

চীন বিষয়া

মান্দাৰিণ

আমেৰিকাৰ নাগৰিক

আঙ্কল শ্যাম

ইংলেণ্ডৰ নাগৰিক

জন বুল

 

    চৰকাৰী নঠি-পত্ৰৰ নাম

গ্ৰীণবুক

ইটালী আৰু ইৰাণৰ চৰকাৰৰ দ্বাৰা প্ৰকাশিত দলিলৰ নাম

ব্লুবুক

ইংৰাজ চৰকাৰৰ দ্বাৰা প্ৰকাশিত যি কোনো চৰকাৰী নথি-পত্ৰ

অৰেঞ্জবুক

নেদাৰলেণ্ড চৰকাৰে প্ৰকাশ কৰা দলিলৰ নাম

গ্ৰেবুক

জাপান চৰকাৰে প্ৰকাশ কৰা দলিলৰ নাম

হুৱাইট বুক

পৰ্টুগাল চৰকাৰে প্ৰকাশ কৰা দলিল।

হুৱাইট পেপাৰ (শ্বেত পত্ৰ)

কোনো বিষেশ বিষয়ৰ ওপৰত ভাৰত চৰকাৰে প্ৰকাশ কৰা চৰকাৰী দৃষ্টি ভঙ্গী আৰু সিদ্ধান্ত।

 

    বিশ্বকাপ ফুটবল

বছৰ

স্থান

বিজয়ী

বিজিত

১৯৭৮

আৰ্জেণ্টিনা

আৰ্জেণ্টিনা

হলেণ্ড

১৯৮২

স্পেইন

ইটালী

পশ্চিম জাৰ্মানী

১৯৮৬

মেক্সিকো

আৰ্জেণ্টিনা

পশ্চিম জাৰ্মানী

১৯৯০

ইটালী

পশ্চিম জাৰ্মানী

আৰ্জেণ্টিনা

১৯৯৪

লছ এঞ্জেল্‌ছ

ব্ৰাজিল

ইটালী

১৯৯৮

ফ্ৰান্স

ফ্ৰান্স

ব্ৰাজিল

২০০২

জাপান আৰু কোৰিয়া

ব্ৰাজিল

জাৰ্মানী

২০০৬

জাৰ্মানী

ইটালী

ফ্ৰান্স

২০১০

দক্ষিণ-আফ্ৰিকা

স্পেইন

হলেণ্ড

২০১৪

ব্ৰাজিল

 

 

 

    বিশ্বকাপ ক্ৰিকেট

বছৰ

বিজয়ী

অধিনায়ক

১৯৭৫

ৱেষ্ট ইণ্ডিজ

ক্লাইৱ লয়ড

১৯৭৯

ৱেষ্ট ইণ্ডিজ

ক্লাইৱ লয়ড

১৯৮৩

ভাৰত

কপিল দেৱ

১৯৮৭

অষ্ট্ৰেলিয়া

এলেন বৰ্ডাৰ

১৯৯১

পাকিস্তান

ইমৰান খান

১৯৯৫

শ্ৰীলঙ্কা

অৰ্জ্জুন ৰাণাতুঙ্গা

১৯৯৯

অষ্ট্ৰেলিয়া

ষ্টিভ ৱে

২০০৩

অষ্ট্ৰেলিয়া

ষ্টিভ ৱে

২০০৭

অষ্ট্ৰেলিয়া

ৰিকি পণ্টিং

২০০১

ভাৰত

মহেন্দ্ৰ সিং ধোনী

২০১৫

অষ্ট্ৰ্লিয়া

 

 

    চলচিত্ৰ

১) প্ৰশ্ন : বায়’স্কোপৰ অৰ্থ কি?

উত্তৰ : ছায়াছবি বা চলচিত্ৰ।

২) প্ৰশ্ন : হোৰিট্ৰোপ কি?

উত্তৰ : ইংৰাজ গণিতজ্ঞ জি হাৰ্ণাৰ আৱিস্কৃত এটা যন্ত্ৰ।

৩) প্ৰশ্ন : প্ৰাকিসনোস্কোপ কি?

উত্তৰ : চলচিত্ৰ প্ৰদৰ্শিত হোৱাৰ পূৰ্বে বাকছৰ নিচিনা এটা যন্ত্ৰ।

৪) প্ৰশ্ন : ৰোল ফিল্মৰ আৱিষ্কাৰক কোন?

উত্তৰ : মাৰ্কিন যুক্তৰাষ্ট্ৰৰ জৰ্জ্জ ইষ্ট্‌মেন। ১৮৮৪ চনত চেলুচেডৰ ফটো তোলাৰ ৰোল ফিল্ম আৰো জ্ঞোটানো ফিল্মৰ আৱিষ্কাৰ কৰে।

৫) প্ৰশ্ন : মুভি কেমেৰা কি আৰু কোনে আৱিষ্কাৰ কৰে?

উত্তৰ : চলমান (চলন্ত) ছবি তুলিব পৰা কেমেৰা। ১৮৮৫ চনত উইলিয়াম ফ্ৰিজ গ্ৰীণ নামৰ এজন ইংৰাজ বিজ্ঞানীয়ে আৱিষ্কাৰ কৰিছিল।

৬) প্ৰশ্ন : প্ৰজেক্টৰ কি?

উত্তৰ : পৰ্দাৰ ওপৰত ফটো প্ৰতিবিম্বিত কৰা এক যন্ত্ৰ বিশেষ।

৭) প্ৰশ্ন : ফনোগ্ৰাফ কি?

উত্তৰ : শব্দ তৰঙ্গ ধৰি ৰখা ( ৰেকৰ্ড কৰা) এটা যন্ত্ৰ। ১৮৭৭ চনত এডিছনে আৱিষ্কাৰ কৰে।

৮) প্ৰ্শ্ন : চলচিত্ৰৰ আৱিষ্কাৰক কোন?

উত্তৰ : ফ্ৰিজ গ্ৰীণ।

৯) প্ৰশ্ন : পৃথিৱীৰ প্ৰথম সবাক চিত্ৰ কি?

উত্তৰ : ১৮৭৬ চনত নায়েগ্ৰা জলপ্ৰপাতৰ দৃশ্য তোলা ৰবাৰ্ট পলৰ ডাৰ্বি।

১০) প্ৰশ্ন : পৃথিৱীৰ প্ৰথম সবাক চলচিত্ৰ কি? কেতিয়া, ক’ত প্ৰদৰ্শিত হয়?

উত্তৰ : লাইট অৱ নিউইয়ৰ্ক। ১৯২৮ চনৰ ৬ জুলাইত নিউইয়ৰ্কৰ বাৰ্ণাৰ ছবিঘৰত প্ৰদৰ্শিত হয়।

১১) প্ৰশ্ন : ভাৰতৰ প্ৰথম নিৰ্বাক চলচিত্ৰ কি?

উত্তৰ : ১৯৩০ চনত প্ৰদৰ্শিত ৰাজা হৰিচন্দ্ৰ।

১২) প্ৰশ্ন : পৃথিৱীৰ সৰ্ববৃহৎ চিনেমা হল কোনটো?

উতৰ : নিউইয়ৰ্কৰ ৰেডি চিটি মিউজিকেল হল। ইয়াত ৫৮৮৮ দৰ্শকে একেলগে চাব পাৰে।

১৩) প্ৰশ্ন : জনসংখ্যাৰ ফালৰ পৰা পৃথিৱীৰ কোন দেশত বেছি চিনেমা হল আছে?

উত্তৰ : চানমেৰিনো, য’ত ১৫১২ জন লোকৰ বিপৰীতে এটাকৈ চিনেমা হল আছে।

১৪) প্ৰশ্ন : পৃথিৱীৰ কোন দেশত চিনেমা হল নাই?

উত্তৰ : চৌদি আৰৱ।

১৫) প্ৰশ্ন : পৃথিৱীৰ কোন দেশত বেছি সংখ্যক চিনেমা হল আছে?

উত্তৰ : পূৰ্বৰ ছোভিয়েট ৰাছিয়াত। ১,৬৩,৪০০ টা চিনেমা হল আছে।

১৬) প্ৰশ্ন : ভাৰতৰ প্ৰথম চিনেমাস্কেপ ছবিখন কি, কোনে পৰিচালনা কৰে?

উত্তৰ : গুৰু দত্তই পৰিচালনা কৰা ‘কাগজ কে ফুল’।

১৭) প্ৰশ্ন : ভাৰতৰ প্ৰথম সম্পূৰ্ণ ৰঙীণ ছবিখনৰ নাম কি?

উত্তৰ : মেহবুব খানৰ ‘আন’।

১৮) প্ৰশ্ন : পৃথিৱীৰ সকলোতকৈ ব্যয়বহুল চিনেমা খনৰ নাম কি?

উত্তৰ : আমেৰিকাৰ ষ্টাৰ ট্ৰেক, নিৰ্মাণ ব্যয় ৪৬০ লাখ ডলাৰ।

১৯) প্ৰশ্ন : পৃথিৱীৰ কম ব্যয়ত নিৰ্মিত ছবিখন কি?

উত্তৰ : ৰেছকিউ ডবাই ৰেডোৰ খৰচ হৈছিল ৩৭.৪০ পাউণ্ড।

২০) প্ৰ্শ্ন : পৃথিৱীৰ কোন দেশত সুদীৰ্ঘ ছবি নিৰ্মাণ হৈছে?

উত্তৰ ল পশ্চিম জাৰ্মানীৰ হাভেনাৰ এখন চিনেমা যিখন একেৰাহে ৩২ ঘণ্টা ৩৫ মিনিট ১৩ চেকেণ্ড চলে।

২১) প্ৰশ্ন : চলচিত্ৰৰ সৰ্বশ্ৰেষ্ঠ পুৰষ্কাৰটো কি?

উত্তৰ : অস্কাৰ। চলচিত্ৰ নিৰ্মাণৰ বিভিন্ন দিশত বছৰি আমেৰিকাৰ অস্কাৰ পিকচাৰ্ছে দিয়া পুৰষ্কাৰ।

২২) প্ৰশ্ন : কোনে সকলোতকৈ বেছি অস্কাৰ বঁটা পাইছে?

উত্তৰ : ৱালটাৰ ডিজ্‌নী।

২৩) প্ৰশ্ন : কোন কথাছবিখনে সকলোতকৈ বেছি অস্কাৰ পাইছে?

উত্তৰ : টাইটানিক ছবিখনে। মুঠ ১২ টা অস্কাৰ পাইছে। পূৰ্বৰ ৰেকৰ্ড বেনহুৰৰ ১১ টা, ৱেষ্ট চাইড ষ্টোৰী ১০ টা।

২৪) প্ৰশ্ন : ভাৰতৰ কোন পৰিচালকে জীৱন জোৰা কথাছবি নিৰ্মাণৰ বাবে অস্কাৰ পাইছিল?

উত্তৰ : সত্যজিৎ ৰায়।

২৫) প্ৰশ্ন : চলচিত্ৰ জগতৰ কিংবদন্তিৰ নায়ক কোন?

উত্তৰ : চাৰ্লি চেপ্‌লিন।

২৬) প্ৰশ্ন : ভাৰতৰ চলচিত্ৰৰ সৰ্বশ্ৰেষ্ঠ পুৰষ্কাৰ কি?

উত্তৰ : দাদা চাহেব ফাল্কে পুৰষ্কাৰ।

২৭) প্ৰশ্ন : কেতিয়াৰ পৰা এই পুৰষ্কাৰ আৰম্ভ হয়? প্ৰথম কাক এই বঁটা দিয়া হয়?

১৯৭০ চনত প্ৰথম অভিনেত্ৰী দেৱীকা ৰাণীক দিয়া হয়।

২৮) প্ৰশ্ন : ২০১১ চনত কোনে এই বঁটা পায়?

উত্তৰ : সৌমিত্ৰ চেটাৰ্জী।

২৯) প্ৰশ্ন : ২০১২ চনত কোনে এই বঁটা পায়?

উত্তৰ : হিন্দী কথাছবিৰ দুৰ্দান্ত অভিনেতা প্ৰাণকিৰণ চিকণ্ড।

৩০) প্ৰশ্ন : ভাৰতৰ সৰ্বোচ্চ সন্মান কি?

উত্তৰ : ভাৰতৰত্ন।

৩১) প্ৰশ্ন : কেতিয়াৰ পৰা এই সন্মান দিয়া হয়?

উত্তৰ : ১৯৫৪ চনত।

৩২) প্ৰশ্ন : ভাৰতৰ সাহিত্যৰ সৰ্বশ্ৰেষ্ঠ বঁটা কি?

উত্তৰ : জ্ঞানপীঠ বঁটা।

৩৩) প্ৰশ্ন : কেতিয়াৰ পৰা এই বঁটা দিয়া হয়?

উত্তৰ : ১৯৬৫ চনত।

৩৪) প্ৰথমে কোনে এই বঁটা পায়?

উত্তৰ : জি শঙ্কৰ কুৰুপ, মালয়ালাম কবি। ২০১১ চনত চন্দ্ৰশেখৰ কাম্বায়াই এই বঁটা পায়।

উৎস : কাৰেণ্ট G.K. আৰু অসম কুইজ।

 

সাধাৰণ জ্ঞান

 

১) প্ৰশ্ন : ৰাষ্ট্ৰীয় গ্ৰাহক দিৱস কোন তাৰিখে পালন কৰা হয়?

উত্তৰ : ২৪ ডিচেম্বৰ।

২) প্ৰশ্ন : কোনটো সংস্থা শৰণাৰ্থীৰ (ৰিফিউজী) সৈতে জড়িত?

উত্তৰ : UNHCR ।

৩) প্ৰশ্ন : CAT ৰ সম্পূৰ্ণ ৰুপ কি?

উত্তৰ : Computerised Arial Tomography আৰু Central Administrative Tribunal।

৪) প্ৰশ্ন : অৰ্থনীতিৰ পিতৃ আখ্যা কাক দিয়া হয়?

উত্তৰ : আডাম স্মিথ।

৫) প্ৰশ্ন : UNESCO ৰ মুখ্য কাৰ্যালয় ক’ত?

উত্তৰ : পেৰিছ।

৬) প্ৰশ্ন : UN দিৱস কেতিয়া পালন কৰা হয়?

উত্তৰ : ২৪ অক্টোবৰ।

৭) প্ৰশ্ন : ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠানৰ মুখ্য কাৰ্যালয় ক’ত অৱস্থিত?

উত্তৰ : বাঙ্গালোৰত।

৮) প্ৰশ্ন : ভাৰতৰ অসামৰিক বিমান চালকৰ জনক কোন?

উত্তৰ : জে. আৰ. ডি. টাটা।

৯) প্ৰশ্ন : এক সামুদ্ৰিক মাইলত কিমান কিল’মিটাৰ?

উত্তৰ : ১.৬ কিঃ মিঃ।

১০) প্ৰশ্ন : নাছা (NASA) ৰ সম্পূৰ্ণ অৰ্থ কি?

উত্তৰ : ৰাষ্ট্ৰীয় বৈমানিক আৰু মহাকাশ প্ৰাধিকৰণ (National Aeronautics and Space Administration)।

১১) প্ৰশ্ন : ‘ভাৰতৰত্ন’ লাভ কৰা প্ৰথম গৰাকী ব্যক্তি কোন?

উত্তৰ : চি. ৰাজাগোপালচাৰী।

১২) প্ৰশ্ন : স্বাধীন ভাৰতৰ প্ৰথম গৰাকী মুখ্য ন্যায়াধীশ কোন?

উত্তৰ : এইছ. জে. কেনিয়া।

১৩) প্ৰশ্ন : ‘ৰেড ক্ৰছ’ ছ’চাইটি মূলতঃ কোনটো বিষয়ৰ লগত জড়িত?

উত্তৰ : চিকিৎসা সেৱা।

১৪) প্ৰশ্ন : কোন খন গ্ৰন্থক ‘সাম্যবাদৰ বাইবেল’ আখ্যা দিয়া হয়?

উত্তৰ : ডাছ কেপিটেল।

১৫) প্ৰশ্ন : ‘ইণ্ডিয়া 2020 : ভিজন ফ’ৰ দ্য নিউ মিলেনিয়াম’ শীৰ্ষক গ্ৰন্থ খনৰ ৰচক কোন?

উত্তৰ : ড° এ. পি. জে. আব্দুল কালাম।

১৬) প্ৰশ্ন : বগা কয়লা কি?

উত্তৰ : জল – বিদ্যুৎ।

১৭) প্ৰশ্ন : যদি এজন খেলুৱৈয়ে শূণ্য (Cannon) স্ক’ৰ কৰে, তেন্তে তেওঁ কি খেল খেলা বুলিব পাৰি?

উত্তৰ : বিলিয়াৰ্ডছ।

১৮) প্ৰশ্ন : ডঃ এম এছ স্বামীনাথনে কোনটো ক্ষেত্ৰত বিশেষ সুনাম অৰ্জন কৰিছে?

উত্তৰ : কৃষি।

১৯) প্ৰশ্ন : কি কি ক্ষেত্ৰত অশোক চক্ৰ প্ৰদান কৰা হয়?

উত্তৰ : শত্ৰুৰ অনুপস্থিতিত ভূমি, আকাশমাৰ্গ অথবা সমুদ্ৰত দেখুওৱা দৃষ্টি আকৰ্ষণকাৰী সাহসিকতা অথবা আত্মবলিদান।

২০) প্ৰশ্ন : কোনখন ৰাজ্য পূৰ্ণ পৰ্য্যায়ৰ ৰাজ্য হোৱাৰ পূৰ্বে এখন সহযোগী ৰাজ্য আছিল?

উত্তৰ : ছিকিম।

২১) প্ৰশ্ন : ভাৰতৰ কোন বিধ পক্ষীক পৃথিৱীৰ সংৰক্ষিত পক্ষীৰ তালিকাত অন্তৰ্ভূক্ত কৰিছে?

উত্তৰ : শগুণ।

২২) প্ৰশ্ন : কোন খন দেশে প্ৰথমে উপগ্ৰহ উৎক্ষেপণ কৰিছিল?

উত্তৰ : ৰাছিয়া।

২৩) প্ৰশ্ন : ‘অস্কাৰ’ বঁটা কিহৰ লগত জড়িত?

উত্তৰ : চলচ্চিত্ৰ।

২৪) প্ৰশ্ন : কোনটো সামৰিক মিত্ৰগোষ্ঠী?

উত্তৰ : NATO।

২৫) প্ৰশ্ন : কোনে চণ্ডীগৰ আৰ্হি প্ৰস্তুত কৰিছিল?

উত্তৰ : লী ক’ৰবুচিয়াৰ।

 

ভাৰতবৰ্ষ সম্পৰ্কে তথ্য

 

১) প্ৰশ্ন : ভাৰতবৰ্ষৰ কোনখন মহানগৰক জৱাহৰলাল নেহৰুৱে ভাৰতৰ অক্সফৰ্ড আৰু কেম্ব্ৰিজ আখ্যা দিছে?

উত্তৰ : পুণে।

২) প্ৰশ্ন : বৃহৎ জাহাজ নিৰ্মাণ কেন্দ্ৰ হিচাপেও জনাজাত ভাৰতৰ এখন উপকূলীয় চহৰ, নামটো কি?

উত্তৰ : বিশাখাপট্টনম।

৩) প্ৰশ্ন : ভাৰতৰ কোনখন ৰাজ্যৰ ৰাজধানী ‘ডেৰাডুন’?

উত্তৰ : উত্তৰাখণ্ড।

৪) প্ৰশ্ন : লোক সভাত সদস্য সকলে কাক সম্বোধি বক্তৃতা প্ৰদান কৰে?

উত্তৰ : অধ্যক্ষ।

৫) প্ৰশ্ন ; ‘ঝাৰখণ্ড’ ৰ পূৰ্বৰ নাম কি?

উত্তৰ : বনাঞ্চল।

৬) প্ৰশ্ন : “ৰাম, ৰহিম, আলাহ, খোদা, হৰি, গোবিন্দ যি নামেৰেই নামাতক কিয় তেওঁ এজন” – এই কথাষাৰ কোনে কৈছিল?

উত্তৰ : কবীৰ।

৭) প্ৰশ্ন : ভাৰতীয় কোনটো স্মৃতিসৌধক ৰবীন্দ্ৰনাথ ঠাকুৰে ‘অনন্তকালৰ এটোপাল অশ্ৰু’ হিচাপে আখ্যা দিছে?

উত্তৰ : তাজমহল।

৮) প্ৰশ্ন : ভাৰতৰ কোনে ‘টকা’ৰ পৰিৱৰ্তন কৰিছিল?

উত্তৰ : শ্বেৰশ্বাহ চুৰীয়ে।

৯) প্ৰশ্ন : ভাৰতৰ কোনখন ৰাজ্যই একমাত্ৰ নিজ ৰাজ্যৰ নামটোৰে ভাৰতীয় ভাষা এটাক বুজায়?

উত্তৰ : তামিলনাডু।

১০) প্ৰশ্ন : ভাৰতৰ কোনখন ৰাজ্যৰ ভুমি সীমা ম্যানমাৰ আৰু বাংলাদেশৰ লগত সংলগ্ন?

উত্তৰ : মিজোৰাম।

১১) প্ৰশ্ন : ভাৰতৰ কোনটো উৎসৱ ৰঙালী, ভোগালী আৰু কঙালী – এই তিনিটা ধৰণে পালন কৰা হয়?

উত্তৰ : বিহু।

১২) প্ৰশ্ন : কাৰ ৰাজত্ব কালত ‘ফাহিয়ান’ ভাৰতলৈ আহিছিল?

উত্তৰ : গুপ্ত সকলৰ।

১৩) প্ৰশ্ন : আন্না চাল’ই বা মাউণ্ট ৰোড কোনখন চহৰৰ মুখ্য পৰিবহণ পথ?

উত্তৰ : চেন্নাই।

১৪) প্ৰশ্ন : ভাৰতৰ কোন খন নদীক ‘বংগৰ দুখ’ বুলি জনা যায়?

উত্তৰ : দামোদৰ নদী।

১৫) প্ৰশ্ন : চন্দ্ৰগুপ্ত মৌৰ্যৰ মুখ্য উপদেষ্টা কোন আছিল?

উত্তৰ : চাণক্য।

১৬) প্ৰশ্ন : ভাৰতৰ কোন খন ৰাজ্যত মূলতঃ খাচী ভাষা কোৱা হয়?

উত্তৰ : মেঘালয়।

১৭) প্ৰশ্ন : পৃথিৱী বিখ্যাত ভাৰতৰ ‘ধাৰাভী’ দৰাচলতে কি?

উত্তৰ : মুম্বাইৰ বস্তি অঞ্চল।

১৮) প্ৰশ্ন : ‘সৰজু’ নদী কোনখন পৱিত্ৰ চহৰৰ মাজেৰে বৈ গৈছে?

উত্তৰ : মাদুৰাই।

১৯) প্ৰশ্ন : ফতেহপুৰ চিক্ৰীত প্ৰৱেশৰ দুটা প্ৰধান দ্বাৰ আছে। ইয়াৰে এটা ‘শ্বাহী দৰৱাজা’। আনটো কি?

উত্তৰ : বুলন্দ দৰৱাজা।

২০) প্ৰশ্ন : কোন গৰাকী ভাৰত আক্ৰমণকাৰীক ‘ইছলামৰ তৰোৱাল’ বুলি জনা যায়?

উত্তৰ : গজনীৰ মাহমুদ।

২১) প্ৰশ্ন : কোনবিধ ফল ‘ৰত্ন, নীলম, সিন্ধু, ফীৰাৰদিন আৰু ইনুগু দত্ত’ – এই প্ৰকাৰ কেইটাত উপলদ্ধ?

উত্তৰ : আম।

২২) প্ৰশ্ন : কোনখন গ্ৰন্থক মহাত্মা গান্ধীয়ে ‘তেওঁৰ মাতৃ’ বুলি বিবেচনা কৰি তেওঁ জীৱনৰ আদৰ্শ হিচাপে গ্ৰহণ কৰিছিল?

উত্তৰ : গীতা।

২৩) প্ৰশ্ন : স্নান ঘাট, হিন্দু বিশ্ব বিদ্যালয় আৰু ৰেচম কাপোৰৰ বাবে প্ৰসিদ্ধ ঠাই খনৰ নাম কি?

উত্তৰ : বাৰানসী।

২৪) প্ৰশ্ন : অসমত টুপ্পা মানে কি বস্তুত বুজায়?

উত্তৰ : চাহৰ খৰাহী।

২৫) প্ৰশ্ন : ছান ফ্ৰান্সিছকো আৰু ক’লকাতাৰ পৰিবহণৰ মাজত সাদৃশ্য থকা পৰিবহণ ব্যৱস্থাটো কি?

উত্তৰ : ট্ৰাম গাড়ী।

২৬) প্ৰশ্ন : সৰ্ব পৰিচিত মহাকাশযান ‘ছোয়াজটি – 11’ ৰ ভাৰতীয় মহাকাশচাৰী গৰাকী কোন?

উত্তৰ : ৰাকেশ শৰ্মা।

২৭) প্ৰশ্ন : ভাৰতক কেইটা ‘ডাক সূচকাংক’ মণ্ডলত বিভক্ত কৰা হৈছে?

উত্তৰ : আঠটা।

২৮) প্ৰশ্ন : ভাৰতৰ আটাইতকৈ দীঘল প্লেটফ’ৰ্ম খন ক’ত অৱস্থিত?

উত্তৰ : খড়গপুৰ।

২৯) প্ৰশ্ন : ভাৰতৰ কোনখন ৰাজ্যৰ জনমুৰি আয় সৰ্বাধিক?

উত্তৰ : পঞ্জাৱ।

৩০) প্ৰশ্ন : ভাৰতৰ প্ৰথম দূৰদৰ্শন কেন্দ্ৰ ক’ত স্থাপিত হৈছিল?

উত্তৰ : দিল্লী।

৩১) প্ৰশ্ন : ভাৰতৰ কোনখন ঠাইক ভাৰতবৰ্ষৰ হৃদপিণ্ড বুলি কোৱা হয়?

উত্তৰ : দিল্লী।

৩২) প্ৰশ্ন : জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় ক’ত অৱস্থিত?

উত্তৰ : নতুন দিল্লীত।

৩৩) প্ৰশ্ন : ভাৰতবৰ্ষৰ সাহসীকতাৰ সৰ্বোত্তম বঁটাটো কি?

উত্তৰ : মহাবীৰ চক্ৰ।

৩৪) প্ৰশ্ন : ভাৰতীয় ৰেড ক্ৰছ সমিতি কেতিয়া স্থাপিত হৈছিল?

উত্তৰ : ১৯২০ চনত।

৩৫) প্ৰশ্ন : ৰাজস্থানৰ কোনখন মহানগৰক সপ্ত প্ৰৱেশ পথৰ মহানগৰ (City of Seven Gates) বুলি জনা যায়?

উত্তৰ : যোধপুৰ।

 

ভূগোল

 

১) প্ৰশ্ন : ভাৰতৰ বৰ্তমান ৰাজ্য সংখ্যা কিমান?

উত্তৰ : ২৮ খন।

২) প্ৰশ্ন : পৃথিৱীৰ কোন খন চহৰৰ জনসংখ্যা সৰ্বাধিক?

উত্তৰ : ট’কিঅ।

৩) প্ৰশ্ন : সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটোৰ নাম কি?

উত্তৰ : বৃহস্পতি।

৪) প্ৰশ্ন : ভাৰতৰ কোন খন চহৰৰ জনসংখ্যা সৰ্বাধিক?

উত্তৰ : মুম্বাই।

৫) প্ৰশ্ন : পৃথিৱীৰ বৃহত্তম মহাদেশ খনৰ নাম কি?

উত্তৰ : এছিয়া।

৬) প্ৰশ্ন : পৃথিৱীৰ সৰ্বাধিক কপাহ কোন খন দেশত উৎপন্ন হয়?

উত্তৰ : ভাৰত।

৭) প্ৰশ্ন : পৃথিৱীৰ দীৰ্ঘতম নদী খন ক’ত অৱস্থিত?

উত্তৰ : ইজিপ্তত।

৮) প্ৰশ্ন : কোৰিয়াক অন্য এটা কি নামেৰেও জনা যায়?

উত্তৰ : ল্যাণ্ড অৱ মৰ্ণিং কাম।

৯) প্ৰশ্ন : মানচিত্ৰত বৃষ্টিপাত কিহৰ দ্বাৰা দেখুওৱা হয়?

উত্তৰ : আয়ছ’হাইটছৰ দ্বাৰা।

১০) প্ৰশ্ন : ভাৰতৰ ভিতৰত তকোনটো হ্ৰদৰ পানী সৰ্বাধিক লৱণাক্ত?

উত্তৰ : উলাৰ।

১১) প্ৰশ্ন : পৃথিৱীৰ ব্যাস কিমান?

উত্তৰ : ১২,৭৪২ কিঃ মিঃ।

১২) প্ৰশ্ন : মানসৰোবৰ কোন নদীৰ উৎস?

উত্তৰ : ব্ৰহ্মপুত্ৰ।

১৩) প্ৰশ্ন : পৃথিৱীৰ সৰ্বোচ্চ পৰ্বত শৃংগটোৰ নাম কি?

উত্তৰ : মাউণ্ট এভাৰেষ্ট।

১৪) প্ৰশ্ন : পৃথিৱীৰ ভিতৰত সৰ্বাধিক বৰষুণ হোৱা ঠাইখনৰ নাম কি?

উত্তৰ : ভাৰতৰ মৌচিনৰাম।

১৫) প্ৰশ্ন : কোনখন মহাদেশত ‘ছাহাৰা’ মৰুভূমি আছে?

উত্তৰ : আফ্ৰিকা।

১৬) প্ৰশ্ন : কোন খন চহৰ ৰক গাৰ্ডেন (Rock Garden) ৰ বাবে বিখ্যাত?

উত্তৰ : চণ্ডিগড়।

১৭) প্ৰশ্ন : সৌৰজগতৰ কোনটো গ্ৰহৰ উপগ্ৰহৰ সংখ্যা সৰ্বাধিক?

উত্তৰ : বৃহস্পতি।

১৮) প্ৰশ্ন : চন্দ্ৰই পৃথিৱীৰ চাৰিওফালে প্ৰদক্ষিণ কৰিবলৈ কিমান দিন সময় লয়?

উত্তৰ : ২৯½ দিন।

১৯) প্ৰশ্ন : সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহটোৰ নাম কি?

উত্তৰ : প্লুটো।

২০) প্ৰশ্ন : হেলীৰ ধূমকেতু কিমান বছৰৰ মূৰে মূৰে দেখা যায়?

উত্তৰ : ৭৬ বছৰ।

২১) প্ৰশ্ন : সূৰ্য্যৰ পোহৰ পৃথিৱীলৈ আহোতে কিমান সময় লয়?

উত্তৰ : ৮ মিনিট।

২২) প্ৰশ্ন : আকাশত কোনটো তৰাৰ স্থান পৰিৱৰ্তন নহয় বুলি ধাৰণা কৰা হয়?

উত্তৰ : ধ্ৰুৱতৰা।

২৩) প্ৰশ্ন : গ্ৰেট ইণ্ডিয়ান ডেজাৰ্টৰ সোমাজেৰে পাৰ হোৱা ভাৰতৰ একমাত্ৰ নদীখনৰ নাম কি?

উত্তৰ : লুনি।

২৪) প্ৰশ্ন : ভূমিকম্পৰ তৰংগই কি শিলত দ্ৰুতভাৱে সঞ্চালিত হয়?

উত্তৰ : গোটা শিলত।

২৫) প্ৰশ্ন : কোনবিধ শিলত জীৱাশ্ম পোৱা যায়?

উত্তৰ : ৰুপান্তৰিত শিলত।

২৬) প্ৰশ্ন : তলৰ কোন বিধৰ আকৃতি উপবৃত্তাকাৰ?

(ক) পৃথিৱী

(খ) চন্দ্ৰ

(গ) সূৰ্য্য

(ঘ) এটাও নহয়।

উত্তৰ : পৃথিৱী।

২৭) প্ৰশ্ন : মহাবৃত্ত (Great Circle) ক সাধাৰণতে কি নামেৰে জনা যায়?

উত্তৰ : নিৰক্ষ ৰেখা।

২৮) প্ৰশ্ন : কাৰ দ্ৰাঘিমাংশ ৯০০।

উত্তৰ : দক্ষিণ মেৰু।

২৯) প্ৰশ্ন : কোনটো গ্ৰহক পৃথিৱীৰ ‘যমজ’ বোলে?

উত্তৰ : শুক্ৰ।

৩০) প্ৰশ্ন : কোনটো গ্ৰহত বায়ু নাই?

উত্তৰ : বুধ।

৩১) প্ৰশ্ন : গংগা নদী খনক বাংলাদেশক কি নামেৰে জনা যায়?

উত্তৰ : পদ্মা।

৩২) প্ৰশ্ন : ভাৰতবৰ্ষৰ বৃহত্তম উপদ্বীপটোৰ নাম কি?

উত্তৰ : গোদাবৰী।

৩৩) প্ৰশ্ন : কোনটো ঋতু বায়ুমণ্ডলৰ আৰ্দ্ৰতা সৰ্বাধিক?

উত্তৰ : বাৰিষা।

৩৪) প্ৰশ্ন : পৃথিৱীৰ আটাইতকৈ গভীৰ মহাসাগৰ কি?

উত্তৰ : প্ৰশান্ত মহাসাগৰ।

৩৫) প্ৰশ্ন : নাথুল্লা পাচে চীনৰ সৈতে ভাৰতৰ কোনখন ৰাজ্যক সংলগ্ন কৰিছে?

উত্তৰ : ছিকিম।

৩৬) প্ৰশ্ন : কোনখন মহাদেশক ক’লা মহাদেশ হিচাপে জনা যায়?

উত্তৰ : আফ্ৰিকা।

৩৭) প্ৰশ্ন : গ্ৰীণউইচ মান সময় আৰু ভাৰতীয় মান সময়ৰ মাজত কিমান সময়ৰ ব্যৱধান আছে?

উত্তৰ : ৫½ ঘণ্টা।

৩৮) প্ৰশ্ন : মাৰ্বল এক প্ৰকাৰৰ কি হয়?

উত্তৰ : ৰুপান্তৰিত শিল।

৩৯) প্ৰশ্ন : ভাৰতৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যান খন কি?

উত্তৰ : কৰবেট ৰাষ্ট্ৰীয় উদ্যান।

৪০) প্ৰশ্ন : ভাৰতৰ বৃহত্তম তেল শোধনাগাৰ কোনটো?

উত্তৰ : ট্ৰ’মলে।

৪১) প্ৰশ্ন : ভাৰতে পৃথিৱীৰ ভিতৰত কোনবিধ খনিজ পদাৰ্থ সৰ্বাধিক আমদানি কৰে?

উত্তৰ : সোণ।

 

স্থান, ব্যক্তি আৰু ভূমি

 

১) প্ৰশ্ন : পোন প্ৰথম বাৰৰ বাবে দক্ষিণ আফ্ৰিকাত কোনে হৃদযন্ত্ৰৰ মুক্ত অস্ত্ৰোপচাৰ সম্পন্ন কৰিছিল?

উত্তৰ : ডাঃ খৃষ্টীয়ান বাৰ্ণাড।

২) প্ৰশ্ন : বিখ্যাত সঙ্গীতজ্ঞ ওস্তাদ জাকিৰ হুছেইনৰ পিতৃৰ নাম কি?

উত্তৰ : ওস্তাদ আল্লা ৰাখা খান।

৩) প্ৰশ্ন : ভাৰতৰ সৈতে কিমান খন দেশৰ সমূহীয়া আন্তৰ্জাতিক সীমাৰেখা আছে?

উত্তৰ : সাতখন।

৪) প্ৰশ্ন : কিহে শ্ৰীলংকাক ভাৰতৰ পৰা পৃথক কৰিছে?

উত্তৰ : পক প্ৰণালী আৰু উপসাগৰীয়া মান্নাৰে।

৫) প্ৰশ্ন : ভাৰতৰ দ্বিতীয় সৰ্ব্বোচ্চ পৰ্বত শৃঙ্গ কি?

উত্তৰ : কাঞ্চনজংঘা।

৬) প্ৰশ্ন : প্ৰাক্‌-ঐতিহাসিক যুগত পুৰণি ভাৰত কোনখন ছুপাৰ মহাদেশ (Super Continent) – ৰ অংশ আছিল?

উত্তৰ : গ’নৱানালেণ্ড।

৭) প্ৰশ্ন : ভাৰতৰ আটাইতকৈ ডাঙৰ নদী কি?

উত্তৰ : বতহ্মপুত্ৰ।

৮) প্ৰশ্ন : যমুনা আৰু গঙ্গাৰ সঙ্গমস্থল কি?

উত্তৰ : এলাহাবাদ।

৯) প্ৰশ্ন : বৰ্তমান ভাৰতত ব্যঘ্ৰ (বাঘ) সংৰক্ষিত বনাঞ্চল কেইখন?

উত্তৰ : ২৯ খন।

১০) প্ৰশ্ন : ভাৰতৰ কোন খন ৰাজ্যত প্ৰধানতঃ বগৰী উৎপাদন হয়?

উত্তৰ : উত্তৰ প্ৰদেশৰ আৰু ৰাজস্থান।

১১) প্ৰশ্ন : জনসংখ্যাৰ ফালৰ পৰা ভাৰতৰ স্থান পৃথিৱীৰ ভিতৰত কিমান?

উত্তৰ : দ্বিতীয়।

১২) প্ৰশ্ন : কোনখন ৰাজ্যৰ জনসংখ্যাৰ ঘনত্ব সৰ্বাধিক?

উত্তৰ : দিল্লী।

১৩) প্ৰশ্ন : কোন গৰাকী মোগল সম্ৰাটৰ মৃত্যু-শয্যাৰ সময়ত মুখত কাশ্মীৰ নামটো আছিল?

উত্তৰ : জাহাংগীৰ।

১৪) প্ৰশ্ন : অন্ধ্ৰপ্ৰদেশৰ আঞ্চলিক ভাষা কি?

উত্তৰ : তেলেগু।

 

ভাৰতীয় সংগীত আৰু নৃত্য

 

১) প্ৰশ্ন : কোন খন ৰাজ্যৰ সৈতে ‘কথক’ নৃত্য জড়িত?

উত্তৰ : উত্তৰ প্ৰদেশ।

২) প্ৰশ্ন : কোনখন ৰাজ্যৰ কথাকলি বিখ্যাত নৃত্য?

উত্তৰ : কেৰেলা।

৩) প্ৰশ্ন : কোন খন ৰাজ্যৰ এককভাৱে প্ৰদৰ্শিত ‘অ’ত্তাম থুল্লাল’ বিখ্যাত নৃত্য?

উত্তৰ : কেৰেলা।

৪) প্ৰশ্ন : কোনবিধ বাদ্যযন্ত্ৰ মণিপুৰী নৃত্য সংগীতত ব্যৱহাৰ কৰা হয়?

উত্তৰ : পুং।

৫) প্ৰশ্ন : নৃত্যৰ সময়ৰ হাত আৰু ভৰিৰে প্ৰদৰ্শিত বিভিন্ন ভংগীমাক কি বোলে?

উত্তৰ : মুদ্ৰা।

৬) প্ৰশ্ন : কোন গৰাকী বিখ্যাত নৃত্য পটিয়সীক ‘ভাৰত নাট্যম’ৰ ৰাণী বোলে?

উত্তৰ : বালা সৰস্বতী।

৭) প্ৰশ্ন : কোন বিধ নৃত্যৰ লগত বীৰজু মহাৰাজ জড়িত?

উত্তৰ : কথক।

৮) প্ৰশ্ন : পুৰণি ভাৰতৰ মহাকাব্যত কোনবিধ বাদ্যযন্ত্ৰৰ বিষয়ে বৰ্ণনা পোৱা যায়?

উত্তৰ : বীণ।

৯) প্ৰশ্ন : দক্ষিণ ভাৰতত চেহনাইৰ এটা ৰুপ কি?

উত্তৰ : নাদ স্বৰম।

১০) প্ৰশ্ন : তবলা কোনে আৱিষ্কাৰ কৰিছিল?

উত্তৰ : আমিৰ খুবৰু।

১১) প্ৰশ্ন : ভাৰতীয় সংগীতৰ স্বৰৰ সংখ্যা কিমান?

উত্তৰ : ৭ টা।

১২) প্ৰশ্ন : ভীমসেনৰ যোশী কিহৰ বাবে বিখ্যাত?

উত্তৰ : কণ্ঠশিল্পী।

১৩) প্ৰশ্ন : পণ্ডিত ৰবিশঙ্কৰ কোনবিধ বাদ্যযন্ত্ৰৰ সৈতে জড়িত?

উত্তৰ : চেতাৰ।

১৪) প্ৰশ্ন : পণ্ডিত যশৰাজ এজন প্ৰখ্যাত কি হয়?

উত্তৰ : কণ্ঠশিল্পী।

১৫) প্ৰশ্ন : হৰি প্ৰসাদ চৌৰাচিয়া কোনবিধ বাদ্যযন্ত্ৰৰ বাবে বিখ্যাত?

উত্তৰ : বাঁহী।

১৬) প্ৰশ্ন : ভাৰতীয় পৌৰাণিক বিশ্বাস মতে ভগৱান কৃষ্ণই কোনবিধ বাদ্যযন্ত্ৰ বজাইছিল?

উত্তৰ : বাঁহী।

১৭) প্ৰশ্ন : ভগৱান শিৱই কোনবিধ বাদ্যযন্ত্ৰ লগত ৰাখিছিল?

উত্তৰ : ডম্বৰু।

১৮) প্ৰশ্ন : গিটাৰক কোন গৰাকী সঙ্গীতজ্ঞই হিন্দুস্থানী সঙ্গীতৰ মৰ্যাদা দিছিল?

উত্তৰ : বিশ্বমোহন ভট্ট।

১৯) প্ৰশ্ন : কি নৃত্যৰ লগত গোপী কৃষ্ণ জড়িত?

উত্তৰ : কথক।

 

ধৰ্ম

 

১) প্ৰশ্ন : কোনখন বেদ ‘আইনৰ গীত’ ৰুপে পৰিচিত?

উত্তৰ : সাম বেদ।

২) প্ৰশ্ন : কোন গৰাকী গুৰুৱে শিখ সকলক শৰণ দিছিল?

উত্তৰ : গুৰু গোবিন্দ সিং।

৩) প্ৰশ্ন : কোনে ভাৰতত খ্ৰীষ্টান ধৰ্ম প্ৰৱৰ্তন কৰিছিল?

উত্তৰ : ছেইণ্ট থ’মাছ।

৪) প্ৰশ্ন : শিখ ধৰ্মাৱলম্বী লোক সকলৰ ধৰ্ম গ্ৰন্থ খন কি?

উত্তৰ : গুৰু গ্ৰন্থ চাহিব।

৫) প্ৰশ্ন : ভাৰতৰ মক্কা মছজিদ ক’ত আছে?

উত্তৰ : হায়দৰাবাদত।

৬) প্ৰশ্ন : যীশুখ্ৰীষ্টই মৃত্যুৰ পৰা পুনঃ জীৱন লাভ কৰাৰ বাবে কোনটো উৎসৱ পালন কৰা হয়?

উত্তৰ : ইষ্টাৰ।

৭) প্ৰশ্ন : হিন্দু দেৱতা সকলৰ ৰজা কোন?

উত্তৰ : ইন্দ্ৰ।

৮) প্ৰশ্ন : ‘শ্ৰীগুৰু গ্ৰন্থ চাহিব’ কোন গৰাকী শিখ গুৰিৱে ৰচনা কৰিছিল?

উত্তৰ : গুৰু অৰ্জুন দেৱ।

৯) প্ৰশ্ন : কোনটো উৎসৱে শিখ ‘খালছা’ৰ আৰম্ভণি বুজায়?

উত্তৰ : বৈশাখী।

১০) প্ৰশ্ন : কোনটো মন্দিৰৰ বাবে গয়া ঠাই খন বিখ্যাত?

উত্তৰ : মহাবোধি মন্দিৰ।

১১) প্ৰশ্ন : জৈন ধৰ্মৰ বাণী সমূহ কেতিয়া সংগ্ৰহ আৰু বাণীবদ্ধ কৰা হৈছিল?

উত্তৰ : ৩য় শতিকা।

১২) প্ৰশ্ন : বুদ্ধই কি ভাষাত বাণী সমূহ প্ৰচাৰ কৰিছিল?

উত্তৰ : পালি ভাষাত।

১৩) প্ৰশ্ন : বিষ্ণুৱে কোন বিধ জন্তুৰ ৰুপত দ্বিতীয় বাৰ অৱতাৰ গ্ৰহণ কৰিছিল?

উত্তৰ : কাছ।

১৪) প্ৰশ্ন : ‘লিংগৰাজ’ মন্দিৰ ক’ত অৱস্থিত?

উত্তৰ : ভূৱনেশ্বৰ।

১৫) প্ৰশ্ন : ৰামায়ণৰ ৰচয়িতা কোন?

উত্তৰ : বাল্মিকী।

১৬) প্ৰশ্ন : গীতাত কিমানটা শ্লোক আছে?

উত্তৰ : ৭০০ ৰ অধিক।

১৭) প্ৰশ্ন : ‘গুৰুদ্বাৰ হুজুৰ ছাহেলী’ ক’ত অৱস্থিত?

উত্তৰ : নান্‌ডেদ।

১৮) প্ৰশ্ন : জৈন মন্দিৰ আৰু গৰম পানীৰ উহৰ বাবে বিখ্যাত ঠাই খন কি?

উত্তৰ : ৰাজগীৰ।

১৯) প্ৰশ্ন : পুৰাণ প্ৰধানকৈ কেইখন?

উত্তৰ : ১৮ খন।

২০) প্ৰশ্ন : কোন জন হিন্দু দেৱতাক ‘চতুৰ্মুখ’ আখ্যা দিয়া হয়?

উত্তৰ : ব্ৰহ্ম।

২১) প্ৰশ্ন : কোন জন দেৱতাৰ নাম মৃত্যুৰ সৈতে জড়িত?

উত্তৰ : যম।

২২) প্ৰশ্ন : কুম্ভমেলা প্ৰতি বাৰ বছৰৰ মূৰে মূৰে চাৰি খন ঠাইত অনুষ্ঠিত হয়। ইয়াৰে তিনি খন স্থান হ’ল – হৰিদ্বাৰ, প্ৰয়াগ আৰু নাছিক। চতুৰ্থ স্থান খন কি?

উত্তৰ : উজ্জয়িন।

২৩) প্ৰশ্ন : আটাইতকৈ পুৰণি বেদ কোন খন?

উত্তৰ : ঋক বেদ।

২৪) প্ৰশ্ন : ৰামে কোন যুগত অৱতাৰ ধাৰণ কৰিছিল?

উত্তৰ : ত্ৰেতা যুগত।

২৫) প্ৰশ্ন : কোনখন শক্তি পীঠত দেৱীৰ জিভাৰ পূজা হয়?

উত্তৰ : জ্বালামুখী।

২৬) প্ৰশ্ন : কোন গৰাকী হিন্দু দেৱতাৰ বাহন এন্দুৰ?

উত্তৰ : গণেশ।

২৭) প্ৰশ্ন : তিৰুপতি বালাজী মন্দিৰ ভাৰতৰ কোন অংশত অৱস্থিত?

উত্তৰ : দক্ষিণ অংশত।

২৮) প্ৰশ্ন : কোন জন ৰোমান দেৱতাৰ নামানুসৰি নেপচুন গ্ৰহৰ নামাকৰণ কৰা হৈছে?

উত্তৰ : সমুদ্ৰৰ দেৱতা।

২৯) প্ৰশ্ন : দিল্লীৰ ল’টাছ টেম্পল (পদ্ম মন্দিৰ) কোনটো ধৰ্ম বিশ্বাসৰ সৈতে জড়িত?

উত্তৰ : বাহাই।

৩০) প্ৰশ্ন : হিন্দু উপাখ্যান মতে ধন – সম্পত্তিৰ দেৱতা কোন?

উত্তৰ : কুবেৰ।

৩১) প্ৰশ্ন : কোন গৰাকী হিন্দু দেৱতাই ‘কলিযুগ’ত অৱতাৰ গ্ৰহণ কৰিব বুলি বিশ্বাস কৰা হয়?

উত্তৰ : বিষ্ণুৱে কক্লিৰুপে।

৩২) প্ৰশ্ন : হিন্দু উপাখ্যান মতে এই পৃথিৱীৰ স্ৰষ্টা কোন?

উত্তৰ : ব্ৰহ্মা।

৩৩) প্ৰশ্ন : কোন খন নদী শিৱৰ মূৰৰ পৰা উৎপত্তি হৈছে?

উত্তৰ : গংগা।

৩৪) প্ৰশ্ন : গ্ৰীক সকলৰ প্ৰেমৰ দেৱীৰ নামানুসৰি কোনটো গ্ৰহৰ নামাকৰণ কৰা হৈছে?

উত্তৰ : শুক্ৰ।

৩৫) প্ৰশ্ন : ভাৰতৰ মহৎ ধৰ্ম গ্ৰন্থ মহাভাৰতৰ ৰচক কোন?

উত্তৰ : বেদ ব্যাস।

৩৬) প্ৰশ্ন : জগন্নাথ মন্দিৰ ক’ত অৱস্থিত?

উত্তৰ : পুৰী।

 

বুৰঞ্জী

 

১) প্ৰশ্ন : দাণ্ডি যাত্ৰাৰ লগত কি জড়িত আছে?

উত্তৰ : নিমখ।

২) প্ৰশ্ন : ভাৰতৰ প্ৰথম গৰাকী মহিলা শাসক কোন?

উত্তৰ : ৰেজিয়া চুলতান।

৩) প্ৰশ্ন : চিপাহী বিদ্ৰোহৰ তাৎক্ষণিক কাৰণৰ লগত জড়িত ব্যক্তি গৰাকী কোন?

উত্তৰ : মঙ্গল পাণ্ডে।

৪) প্ৰশ্ন : কনিষ্ক কোন বংশৰ এজন শ্ৰেষ্ঠ ৰজা আছিল?

উত্তৰ : কুশান।

৫) প্ৰশ্ন : শ্বেৰ শ্বাহ চুৰীৰ দুৰ্গ ক’ত অৱস্থিত?

উত্তৰ : সহশ্ৰম।

৬) প্ৰশ্ন : গৌতম বুদ্ধৰ জন্ম ক’ত হৈছিল?

উত্তৰ : লুম্বিনী।

৭) প্ৰশ্ন : ছাহজাহানে তলৰ কোনটো সাজিছিল?

(ক) শালিমাৰ বাগিছা

(খ) মতি মছজিদ

(গ) হজ খাছ

(ঘ) চিছ মহল

উত্তৰ : চিছ মহল।

৮) প্ৰশ্ন : কোন গৰাকী মোগল সম্ৰাটে তাজমহল সাজিছিল?

উত্তৰ : ছাহজাহানে।

৯) প্ৰশ্ন : জালিয়ানৱালাবাগৰ হত্যাকাণ্ড ক’ত হৈছিল?

উত্তৰ : অমৃতসৰ।

১০) প্ৰশ্ন : কোন মগধৰ শাসক বুদ্ধৰ সমসাময়িক আছিল?

উত্তৰ : বীসিম্বাৰ।

১১) প্ৰশ্ন : প্ৰাচীন সমুদ্ৰত বীণ বজোৱা অৱস্থা দেখুৱাই মুদ্ৰিত কৰা হিন্দু ৰজা জনৰ নাম কি?

উত্তৰ : সমুদ্ৰ গুপ্ত।

১২) প্ৰশ্ন : হিটলাৰ কেতিয়া জাৰ্মানীৰ উপদেষ্টা (Chancellor) হৈছিল?

উত্তৰ : ১৯৩৩ খ্ৰীষ্টাব্দ।

১৩) প্ৰশ্ন : ৰাজস্থানৰ আজমীৰত অৱস্থিত তাৰাগড় দূৰ্গ কোনে নিৰ্মাণ কৰিছিল?

উত্তৰ : আকবৰে।

১৪) প্ৰশ্ন : অশোকৰ জীয়েক কোন হয়?

উত্তৰ : সংঘামিত্ৰা।

১৫) প্ৰশ্ন : মহাবীৰ আলেকজেণ্ডাৰৰ সমসাময়িক ৰজা কোন আছিল?

উত্তৰ : অশোক।

১৬) প্ৰশ্ন : পৃথিৱী পৰিভ্ৰমণ কৰা প্ৰথম গৰাকী ব্যক্তি কোন?

উত্তৰ : মেগেলান।

১৭) প্ৰশ্ন : মহেঞ্জোদাৰো আৰু হৰপ্পা ক’ত অৱস্থিত?

উত্তৰ : পাকিস্তান।

১৮) প্ৰশ্ন : জৈন ধৰ্মৰ ২৪ তম তীৰ্থাংকৰৰ নাম কি?

উত্তৰ : মহাবীৰ।

১৯) প্ৰশ্ন : পুৰণি কালত দিল্লী কি নামেৰে জনা গৈছিল?

উত্তৰ : ইন্দ্ৰপ্ৰস্থ।

২০) প্ৰশ্ন : ভাৰতৰ নেপোলিয়ন বুলি কাক কোৱা হয়?

উত্তৰ : সমুদ্ৰ গুপ্ত।

২১) প্ৰশ্ন : ১৫২৬ চনৰ পানিপথৰ যুদ্ধ কাৰ মাজত হৈছিল?

উত্তৰ : বাবৰ আৰু ইব্ৰাহিম লোডীৰ মাজত।

২২) প্ৰশ্ন : কাশ্মীৰ বুৰঞ্জীৰ তথ্য সম্বলিত উৎস গ্ৰন্থ খন কি?

উত্তৰ : কলহনৰ ৰাজতৰঙ্গিনী।

২৩) প্ৰশ্ন : মগদ্গ নামৰ ঠাই খিনি কোন ৰাজ্যত অৱস্থিত?

উত্তৰ : বিহাৰ।

২৪) প্ৰশ্ন : ১৩০৩ খ্ৰীষ্টাব্দত আলাউদ্দিন খিল্‌জিয়ে চিতোৰ আক্ৰমণ কৰি জয় কৰাৰ সময়ত তাত কোনে শাসন কৰিছিল?

উত্তৰ : ৰাণা সংগ।

২৫) প্ৰশ্ন : দিল্লীৰ কুতুব মিনাৰৰ আধাৰশিলা কোনে স্থাপন কৰিছিল?

উত্তৰ : কুতুবুদ্দিন আইবাক।

২৬) প্ৰশ্ন : পুৰুৱে আলেকজেণ্ডাৰক আক্ৰমণ কৰাৰ কাৰণ কি?

উত্তৰ : তেওঁৰ সম্পত্তি ডকাইতি কৰিবলৈ।

২৭) প্ৰশ্ন : কাৰ শাসন কালত তুলসী দাসে ৰাম চৰিত মানস ৰচনা কৰিছিল?

উত্তৰ : আকবৰৰ।

২৮) প্ৰশ্ন : পুৰণি ভাৰতৰ কোন গৰাকী সম্ৰাটৰ ৰাজত্ব কালৰ সময় ছোৱাক সোণালী যুগ আখ্যা দিয়া হয়?

উত্তৰ : দ্বিতীয় চন্দ্ৰগুপ্ত।

২৯) প্ৰশ্ন : দিল্লীৰ টোগলক বংশৰ শেষৰ জন চুলতান কোন আছিল?

উত্তৰ : নাছিৰুদ্দিন মাহমুদ।

৩০) প্ৰশ্ন : টাইমূৰে কেতিয়া ভাৰত আক্ৰমণ কৰিছিল?

উত্তৰ : ১৩৯৮ চনত।

৩১) প্ৰশ্ন : গজনীৰ চুলতানে কিমান বাৰ ভাৰত আক্ৰমণ কৰিছিল?

উত্তৰ : ১৭ বাৰ।

৩২) প্ৰশ্ন : সীমান্ত গান্ধী ৰুপে খ্যাত ব্যক্তি গৰাকী কোন?

উত্তৰ : খান অব্দুল গফৰ খান।

৩৩) প্ৰশ্ন : সিন্ধু সভ্যতাৰ সময়ত সিন্ধু উপত্যকাৰ লোক সকলৰ প্ৰধান বৃত্তি কি আছিল?

উত্তৰ : কৃষি।

৩৪) প্ৰশ্ন : কোন গৰাকী মোগল সম্ৰাটে আগ্ৰাৰ পৰা দিল্লীলৈ ৰাজধানী স্থানান্তৰিত কৰিছিল?

উত্তৰ : ঔৰংজেৱে।

৩৫) প্ৰশ্ন : কিমান চনত ভাৰতবৰ্ষত স্কাউট আৰু গাইড বাহিনী গঠন কৰা হৈছিল?

উত্তৰ : ১৯৫০ চনত।

৩৬) প্ৰশ্ন : ভাৰতত হোল – ৰুল – লীগ কোনে আৰম্ভ কৰিছিল?

উত্তৰ : এনী বেচান্ত আৰু বাল গংগাধৰ তিলকে।

৩৭) প্ৰশ্ন : কোন বংশৰ ৰজা সকলক দেৱতাৰ পুত্ৰ হিচাপে আখ্যা দিয়া হয়?

উত্তৰ : কুশান।

৩৮) প্ৰশ্ন : লিবাৰেটৰ অৱ দ প্ৰেছ হিচাপে খ্যাত ব্যক্তি গৰাকী কোন?

উত্তৰ : মেট্‌কাফে।

৩৯) প্ৰশ্ন : কাৰ শাসন কালত মোগল চিত্ৰকলাই শীৰ্ষ পৰ্য্যায়ত উপনীত হৈছিল?

উত্তৰ : জাহাংগীৰৰ।

৪০) প্ৰশ্ন : টালিকটৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিল?

উত্তৰ : বৃটিছ আৰু ফ্ৰান্স।

৪১) প্ৰশ্ন : তৰাইনৰ দ্বিতীয় যুদ্ধ কাৰ কাৰ মাজত হৈছিল?

উত্তৰ : মহম্মদ ঘোৰী আৰু পৃথ্বিৰাজ চৌহানৰ মাজত।

৪২) প্ৰশ্ন : লালকিল্লা নিৰ্মাণৰ কৃতিত্বৰ স্বীকৃতি কাক দিয়া হয়?

উত্তৰ : আকবৰ।

৪৩) প্ৰশ্ন : কাৰ শাসন কালত শিৱাজীয়ে মাৰাঠা ৰাজ্য প্ৰতিষ্ঠা কৰিছিল?

উত্তৰ : ঔৰংজেৱ।

৪৪) প্ৰশ্ন : মোগল ৰাজদৰবাৰত প্ৰচলিত ভাষা কোনটো?

উত্তৰ : পাৰ্চী।

৪৫) প্ৰশ্ন : কোন গৰাকী ভাৰতীয় মুক্তি যোদ্ধাৰ জন্মদিনটো ২৩ জানুৱাৰী তাৰিখে পালন কৰা হয়?

উত্তৰ : নেতাজী সুভাষ চন্দ্ৰ বসু।

৪৬) প্ৰশ্ন : অশোকে কেতিয়া কলিংগ বিজয় কৰিছিল?

উত্তৰ : ২৫৮ খ্ৰীঃ পূঃ।

৪৭) প্ৰশ্ন : কোন গৰাকী ভাৰতীয় শাসকৰ পিতা – পুত্ৰৰ নাম একেই আছিল?

উত্তৰ : সমুদ্ৰ গুপ্ত।

৪৮) প্ৰশ্ন : আকবৰৰ সাম্ৰাজ্য বিস্তাৰৰ তিনিটা কাৰণৰ দুটা হ’ল যুদ্ধ আৰু সন্ধি। তৃতীয়টো কি?

উত্তৰ : বিবাহ।

৪৯) প্ৰশ্ন : মাৰ্গাৰেট এলিজাবেথ ন’বেলক কোনে নিবেদিতা আখ্যা দিছিল?

উত্তৰ : স্বামী বিবেকানন্দই।

৫০) প্ৰশ্ন : ভাস্কো ডা-গামাই প্ৰথম পৰিভ্ৰমণ কৰা ভাৰতৰ চহৰ খনৰ নাম কি?

উত্তৰ : কালিকট (বৰ্তমানৰ ক’জিকোড়)।

৫১) প্ৰশ্ন : বৃটিছ সকলক ভাৰতৰ পৰা বহিষ্কাৰ কৰিবলৈ কোন জন ভাৰতীয় ৰজাই নেপোলিয়নৰ ওচৰত সাহায্য বিচাৰিছিল?

উত্তৰ : টিপু চুলতান।

৫২) প্ৰশ্ন : কোন বিধ সামগ্ৰীৰ আৱিষ্কাৰে প্ৰাক্‌ – ঐতিহাসিক যুগৰ অৱসান সূচায়?

উত্তৰ : লিখন সঁজুলি।

উৎস : শেহতীয়া বস্তুনিষ্ঠ সাধাৰণ জ্ঞান।

 

ভাৰতৰ স্বাধীনতা আন্দোলন

 

১) প্ৰশ্ন : মহাত্মা গান্ধীয়ে তেওঁৰ উত্তৰাধিকাৰী হিচাপে কাক বিবেচনা কৰিছিল?

উত্তৰ : জৱাহৰলাল নেহৰু

২) প্ৰশ্ন : তিনিও খন ঘূৰণীয়া মেজমেলত উপস্থিত থকা ব্যক্তি গৰাকী কোন?

উত্তৰ : ড° বি. আৰ. আম্বেদকাৰ।

৩) প্ৰশ্ন : কোন গৰাকী ব্যক্তিৰ পিতৃও ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি আছিল?

উত্তৰ : জৱাহৰলাল নেহৰু।

৪) প্ৰশ্ন : তলৰ কোন গৰাকী মহিলা ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভানেত্ৰী আছিল?

(ক) সুচেতা কৃপালানি

(খ) কস্তৰবা গান্ধী

(গ) সৰোজিনী নাইডু

(ঘ) ইন্দিৰা গান্ধী।

উত্তৰ : সৰোজিনী নাইডু।

৫) প্ৰশ্ন : ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম অধিবেশন কেতিয়া বহিছিল?

উত্তৰ : ২৭ ডিচেম্বৰ, ১৮৮৫ চন।

৬) প্ৰশ্ন : ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম অধিবেশন ক’ত বহিচিল?

উত্তৰ : বোম্বাই (এতিয়াৰ মুম্বাই)।

৭) প্ৰশ্ন : ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল?

উত্তৰ : ডব্লিউ. চি. বেনাৰ্জী।

৮) প্ৰশ্ন : পৃথক ৰাষ্ট্ৰ গঠনৰ আঁচনিত বৃটিছক কোনে সহায় কৰিছিল?

উত্তৰ : ১) আগা খান

২) এম. এল. জিন্না

৩) ছাৰ ছৈয়দ আহমেদ।

৯) প্ৰশ্ন : ১৯১৯ চনৰ পৰা ১৯৪৭ চনৰ এই সময় ছোৱাক কি যুগ বুলি অভিহিত কৰা হয়?

উত্তৰ : গান্ধী যুগ।

১০) প্ৰশ্ন : ‘হিন্দু ধৰ্মৰ অবিহনে ভাৰতীয় সকলৰ কোনো ভৱিষ্যত নাই’ – এই কথাষাৰ কোনে কৈছিল?

উত্তৰ : এনী বেচান্ত।

১১) প্ৰশ্ন : মহাত্মা গান্ধীৰ জন্ম কেতিয়া হৈছিল?

উত্তৰ : ২ অক্টোবৰ, ১৮৭৯ চন।

১২) প্ৰশ্ন : মহাত্মা গান্ধীয়ে ভাৰতীয় জাতীয় আন্দোলনৰ নেতৃত্ব কেতিয়া গ্ৰহণ কৰিছিল?

উত্তৰ : ১৯১৮ চনত।

১৩) প্ৰশ্ন : কোনটো বৃটিছ মিছনৰ ব্যৰ্থতাৰ পাছত ভাৰতীয় জাতীয় কংগ্ৰেছে ভাৰত ত্যাগ আন্দোলনৰ সূচনা কৰিছিল?

উত্তৰ : ক্ৰিপছ মিছন।

১৪) প্ৰশ্ন : অৰবিন্দ ঘোষ কোন আছিল?

উত্তৰ : তেওঁ এজন – ১) যোগী

২) ৰাজনৈতিক নেতা

৩) মহান লেখক আৰু কবি।

১৫) প্ৰশ্ন : কোন গৰাকী কংগ্ৰেছ নেতাই ভাৰতীয় অসামৰিক সেৱা পৰীক্ষাত উৰ্ত্তিণ হৈছিল?

উত্তৰ : ১) অৰবিন্দ ঘোষ আৰু

২) সুভাষ চন্দ্ৰ বসু।

১৬) প্ৰশ্ন : ‘দিল্লী চলো’ শ্লোগানটো কাৰ?

উত্তৰ : সুভাষ চন্দ্ৰ বসুৰ।

১৭) প্ৰশ্ন : ভাৰত ত্যাগ আন্দোলনৰ মূল নেতা কোন আছিল?

উত্তৰ : মহাত্মা গান্ধী।

১৮) প্ৰশ্ন : ভাৰতে কেতিয়া স্বাধীনতা লাভ কৰে?

উত্তৰ : ১৫ আগষ্ট, ১৯৪৭ চন।

১৯) প্ৰশ্ন : মহাত্মা গান্ধীয়ে কিয় অনশন কৰিছিল?

উত্তৰ : নিজৰ পৱিত্ৰতাৰ কাৰণে।

২০) প্ৰশ্ন : ভাৰতে স্বাধীনতা লাভ কৰাৰ সময়ত ইংলেণ্ডৰ প্ৰধান মন্ত্ৰী কোন আছিল?

উত্তৰ : ক্লিমেণ্ট এটলী।

২১) প্ৰশ্ন : ডেক্কান শৈক্ষিক সমিতিৰ প্ৰতিষ্ঠাপক কোন আছিল?

উত্তৰ : এম. জি. ৰাণাডে।

২২) প্ৰশ্ন : কিমান চনত বংগ বিভাজন হৈছিল?

উত্তৰ : ১৯০৫ চনত।

২৩) প্ৰশ্ন : কোনে মুছলমান সকলৰ কাৰণে পৃথক ৰাষ্ট্ৰ দাবী কৰিছিল?

উত্তৰ : মহম্মদ আলী জিন্নাই।

২৪) প্ৰশ্ন : কাৰ শাসক কালত সংবিধান সভাৰ প্ৰথম খন সভা অনুষ্ঠিত হৈছিল?

উত্তৰ : লৰ্ড ৱেভেল।

২৫) প্ৰশ্ন : কাৰ শাসন কালত পূৰ্ণ স্বাধীনতাৰ বাবে কংগ্ৰেছৰ প্ৰস্তাৱ উত্থাপিত হৈছিল?

উত্তৰ : লৰ্ড আৰউইন।

২৬) প্ৰশ্ন : বৃটিছ সকলে ভাৰতলৈ অহাৰ কাৰণ কি আছিল?

উত্তৰ : ভাৰতত ব্যৱসায় কৰিবলৈ।

২৭) প্ৰশ্ন : মহাত্মা গান্ধীয়ে কাক দেশ প্ৰেমিকৰ দেশ প্ৰেমিক বুলি আখ্যা দিছিল?

উত্তৰ : সুভাষ চন্দ্ৰ বসু।

২৮) প্ৰশ্ন : বক্সাৰ যুদ্ধত পৰাজিত ভাৰতীয় নবাব কোন আছিল?

উত্তৰ : চিৰাজউদ্দৌলা।

২৯) প্ৰশ্ন : পাকিস্তানৰ ধাৰণা কৰা পিতৃ পুৰুষ গৰাকী কোন?

উত্তৰ : ছাৰ মহম্মদ ইকবাল।

৩০) প্ৰশ্ন : ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ অকৃতকাৰ্য্যতাৰ মুখ্য কাৰণ কি?

উত্তৰ : সৰ্ব্বসাধাৰণ মানুহে বিদ্ৰোহক সমৰ্থন গৰা নাছিল।

৩১) প্ৰশ্ন : জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ পিছত গান্ধীয়ে কি আন্দোলন কৰিছিল?

উত্তৰ : অসহযোগ আন্দোলন।

৩২) প্ৰশ্ন : কোন জন বৃটিছ গৱৰ্ণ জেনেৰেলে ভাৰতত প্ৰথম ৰাজপথ সূচনা কৰে?

উত্তৰ : লৰ্ড ডেলহাউচি।

৩৩) প্ৰশ্ন : ১৯৪৭ চনত ভাৰতে স্বাধীনতা লাভ কৰাৰ সময়ত জাতীয় কংগ্ৰেছৰ সভাপতি কোন আছিল?

উত্তৰ : জৱাহৰলাল নেহৰু।

৩৪) প্ৰশ্ন : লালা লাজপট ৰায়ে ৰচনা কৰা গ্ৰন্থ খন কি?

উত্তৰ : আনহেপী ইণ্ডিয়া।

 

বাটকটীয়া সকল

 

১) প্ৰশ্ন : ইলেক্ট্ৰ’নিক অণুবীক্ষণ যন্ত্ৰ কোনে সাজিছিল?

উত্তৰ : ম্যাক্স নোল আৰু আৰ্ণেষ্ট ৰুস্কা।

২) প্ৰশ্ন : প্ৰথম চলচ্চিত্ৰ কেমেৰা সাজি উলিওৱা ব্যক্তি গৰাকী কোন?

উত্তৰ : চাৰ্লছ পাথে।

৩) প্ৰশ্ন : টেলিস্কোপ প্ৰথমে কোনে সাজিছিল?

উত্তৰ : গেলিলিঅ’।

৪) প্ৰশ্ন : পৰমাণুৰ ধাৰণা কোনে আগবঢ়াইছিল?

উত্তৰ : কানাডা।

৫) প্ৰশ্ন : শূন্যক সংখ্যা হিচাপে ব্যৱহাৰ কৰি ইয়াৰ বৱহাৰ সম্পৰ্কে দেখুওৱা ব্যক্তি গৰাকী কোন?

উত্তৰ : ব্ৰহ্মগুপ্ত।

৬) প্ৰশ্ন : কোন সংখ্যক শূণ্যৰ হৰণ কৰিলে অসীম ৰাশি পোৱা বুলি দেখুওৱা ব্যক্তি জনৰ নাম লিখা।

উত্তৰ : ভাস্কৰাচাৰ্য্য।

৭) প্ৰশ্ন : মিছ ৱৰ্ল্ডৰ মুকুট অৰ্জন কৰা প্ৰথম গৰাকী ভাৰতীয় মহিলাৰ নাম কি?

উত্তৰ : ৰিতা ফাৰিয়া।

৮) প্ৰশ্ন : প্ৰথম কেল্‌কোলেটৰ যন্ত্ৰ কোনে আৱিষ্কাৰ কৰিছিল?

উত্তৰ : পাস্কেল।

৯) প্ৰশ্ন : ভূ-গৰ্ভৰ পৰা তেল সংগ্ৰহ কৰা প্ৰথম ব্যক্তি গৰাকী কোন?

উত্তৰ : এডুইন ড্ৰেক।

১০) প্ৰশ্ন : ৰেডিঅ’ তৰংগ প্ৰথমে কোনে আৱিষ্কাৰ কৰিছিল?

উত্তৰ : হেইন্‌ৰিচ হাৰ্ট্‌জ।

১১) প্ৰশ্ন : প্ৰথম যন্ত্ৰ চালিত তাঁতশাল কোনে আৱিষ্কাৰ কৰিছিল?

উত্তৰ : এড্‌মুণ্ড কাৰ্ট্‌ৰাইট।

১২) প্ৰশ্ন : বৃক্ক সংৰোপনৰ অস্ত্ৰোপচাৰ কৰা প্ৰথম ব্যক্তি গৰাকী কোন?

উত্তৰ : ৰিচাৰ্ড লয়েটাৰ।

১৩) প্ৰশ্ন : মহাকাশলৈ যোৱা বিশ্বৰ প্ৰথম গৰাকী মহিলা পৰ্য্যটকৰ নাম কি?

উত্তৰ : আনুছেহ আনছাৰী।

১৪) প্ৰশ্ন : সন্মান জনক ম্যেন বুকাৰ প্ৰাইজ অৰ্জনকাৰী কনিষ্ঠতম ভাৰতীয় জনৰ নাম কি?

উত্তৰ : কিৰণ দেশাই।

১৫) প্ৰশ্ন : পোলাৰাইড কেমেৰা (Polaroid Camera) প্ৰথমে কোনে আৱিষ্কাৰ কৰিছিল?

উত্তৰ : ই. এইছ. ল্যাণ্ড।

১৬) প্ৰশ্ন : জাৰ্মানীৰ প্ৰথম গৰাকী মহিলা চেঞ্চেলৰৰ (Chancellor) নাম কি?

উত্তৰ : মিছেচ এঞ্জেলা মাৰ্কেল।

১৭) প্ৰশ্ন : সূৰ্য্যৰ ভিতৰ ফালে হোৱা গেছীয় বিক্ৰিয়া সমূহক প্ৰথমে কোনে আৱিষ্কাৰ কৰিছিল?

উত্তৰ : গেলিলিঅ’ই।

১৮) প্ৰশ্ন : ইছলাম ধৰ্মৰ প্ৰৱৰ্ত্তক কোন?

উত্তৰ : হজৰত মহম্মদ।

১৯) প্ৰশ্ন : দাস প্ৰথাৰ বিলোপ সাধন কৰা আমেৰিকাৰ ৰাষ্ট্ৰপতি এজনক ১৮৬৫ চনত হত্যা কৰা হৈছিল। ৰাষ্ট্ৰপতি গৰাকী কোন?

উত্তৰ : আব্ৰাহাম লিংকন।

২০) প্ৰশ্ন : ভাৰতৰ প্ৰথম মোগল শাসক কোন আছিল?

উত্তৰ : আকবৰ।

২১) প্ৰশ্ন : মহাকাশলৈ যোৱা প্ৰথম ব্যক্তি গৰাকী কোন আছিল?

উত্তৰ : ইউৰি গাগাৰিন।

২২) প্ৰশ্ন : চীন দেশৰ কোন গৰাকী দাৰ্শনিকে ‘টাও’ ধৰ্মৰ প্ৰশৰ্ত্তন কৰিছিল?

উত্তৰ : লাউ ছ্যে।

২৩) প্ৰশ্ন : ন’বেল বঁটা বিজয়ী ভাৰতৰ প্ৰথম ব্যক্তি জন কোন আছিল?

উত্তৰ : ৰবীন্দ্ৰ নাথ ঠাকুৰ।

২৪) প্ৰশ্ন : ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ সভানেত্ৰীৰ পদ অলংকৃত কৰা ভাৰতীয় মহিলা গৰাকী কোন?

উত্তৰ : বিজয়ালক্ষ্মী পণ্ডিত।

২৫) প্ৰশ্ন : পোন প্ৰথমে পৃথিৱী প্ৰদক্ষিণ কৰা পৰ্তুগীজ নাৱিক গৰাকী কোন?

উত্তৰ : ফাৰ্ডিনান্দ মেগেলান।

২৬) প্ৰশ্ন : দাদা চাহেব ফাল্কে বঁটা বিজয়ী প্ৰথম গৰাকী অভিনেত্ৰী কোন আছিল?

উত্তৰ : দেৱীকা ৰাণী।

২৭) প্ৰশ্ন : হৃদযন্ত্ৰ সংৰোপনৰ অস্ত্ৰোপচাৰ সম্পন্ন কৰা প্ৰথম ব্যক্তি জন কোন আছিল?

উত্তৰ : ডাঃ যে. পি. মেৰিল।

২৮) প্ৰশ্ন : উত্তৰ মেৰুত উপনীত হোৱা প্ৰথম ব্যক্তি জন কোন আছিল?

উত্তৰ : ৰৰ্বাট পিয়েৰী।

২৯) প্ৰশ্ন : ভাৰতত কাৰ্য নিৰ্বাহ কৰা প্ৰথম বৃটিছ গৱৰ্ণৰ জেনেৰেল কোন?

উত্তৰ : ৱাৰেন হেষ্টিংছ।

৩০) প্ৰশ্ন : ভাৰতৰ প্ৰথম মুখ্য নিৰ্বাচনী আয়ুক্ত কোন?

উত্তৰ : সুকুমাৰ সেন।

৩১) প্ৰশ্ন : মহাকাশলৈ যোৱা ভাৰতীয় মূলৰ দ্বিতীয় গৰাকী আমেৰিকান মহিলা কোন আছিল?

উত্তৰ : সুনীতা উইলিয়ামছ।

৩২) প্ৰশ্ন : উত্তৰ মেৰুত উপনীত হোৱা প্ৰথম মহিলা গৰাকী কোন?

উত্তৰ : মিছেছ কেৰ’লিন মাইকেলছন।

৩৩) প্ৰশ্ন : ‘বজ্ৰপাত প্ৰতিৰোধী পৰিবাহী’ৰ আৱিষ্কাৰক আমেৰিকাৰ কূটনিতিবিদ, লেখক আৰু বৈজ্ঞানিক গৰাকী কোন?

উত্তৰ : বেঞ্জামিন ফ্ৰাংকলিন।

৩৪) প্ৰশ্ন : খ্ৰীষ্টান ধৰ্মৰ প্ৰৱৰ্তক কোন?

উত্তৰ : যীশু খ্ৰীষ্ট।

৩৫) প্ৰশ্ন : চীন ভ্ৰমণ কৰা প্ৰথম ইউৰোপীয় ব্যক্তি জন কোন?

উত্তৰ : মাৰ্ক প’ল’।

৩৬) প্ৰশ্ন : জিব্ৰালটৰ প্ৰণালী অতিক্ৰম কৰা প্ৰথম ভাৰতঈয় মহিলা গৰাকী কোন?

উত্তৰ : আৰতি প্ৰধান।

 

অসাধাৰণ ব্যক্তিত্ব

 

১) প্ৰশ্ন : স্বাধীন ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল?

উত্তৰ : ড° ৰাজেন্দ্ৰ প্ৰসাদ।

২) প্ৰশ্ন : ভাৰতৰত্ন সন্মানেৰে বিভূষিত কৰা প্ৰথম বিদেশী লোকজনৰ নাম কি?

উত্তৰ : খান আব্দুল গফৰ খান।

৩) প্ৰশ্ন : ব্ৰাহ্ম সমাজৰ প্ৰতিষ্ঠাপক কোন?

উত্তৰ : ৰাজা ৰামমোহন ৰয়।

৪) প্ৰশ্ন : মাউণ্ট এভাৰেষ্টত আৰোহণ কৰা প্ৰথম গৰাকী মহিলা কোন?

উত্তৰ : জুংকো টাবেই।

৫) প্ৰশ্ন : চন্দ্ৰত পদাৰ্পণ কৰা প্ৰথম গৰাকী ব্যক্তিৰ নাম কি?

উত্তৰ : নীল এ আৰ্মষ্ট্ৰং।

৬) প্ৰশ্ন : মাউণ্ট এভাৰেষ্টত আৰোহণ কৰা প্ৰথম গৰাকী ব্যক্তি কোন আছিল?

উত্তৰ : ১) টেনজিং নৰ্গে আৰু

২) এডমাণ্ড হিলাৰী।

৭) প্ৰশ্ন : লৰ্ড কেনিং কোন আছিল?

উত্তৰ : ভাৰতৰ প্ৰথম ভাইচৰয়।

৮) প্ৰশ্ন : ভাৰতৰ প্ৰথম গৰাকী মহিলা ৰাজ্যপাল কোন?

উত্তৰ : শ্ৰীমতী সৰোজিনী নাইডু।

৯) প্ৰশ্ন : ন’বেল বঁটা বিজয়ী ভাৰতৰ অমৰ্ত্য সেনে নিজকে কোনটো ক্ষেত্ৰত সুপ্ৰতিষ্ঠিত কৰিছে?

উত্তৰ : অৰ্থনীতি বিজ্ঞান।

১০) প্ৰশ্ন : তানচেন কাৰ দৰবাৰৰ বিখ্যাত কবি আছিল?

উত্তৰ : আকবৰৰ।

১১) প্ৰশ্ন : বিশ্ব বিখ্যাত সংগীতজ্ঞ ওস্তাদ বিছমিল্লা খান কোন বিধ বাদ্যযন্ত্ৰৰ লগত জড়িত?

উত্তৰ : চেহনাই।

১২) প্ৰশ্ন : চি. ৰাজাগোপালাচাৰী কোন আছিল?

উত্তৰ : স্বাধীন ভাৰতৰ প্ৰথম গৱৰ্ণৰ জেনেৰেল।

১৩) প্ৰশ্ন : পণ্ডিত শিৱ কুমাৰ শৰ্মা তলৰ কোন বিধ বাদ্য যন্ত্ৰৰ বাবে ওস্তাদ আখ্যা প্ৰাপ্ত?

(ক) তবলা

(খ) চেতাৰ

(গ) বাঁহী

(ঘ) সন্ত্তৰ

উত্তৰ : সন্তৰ।

 

পৌৰবিজ্ঞান

 

১) প্ৰশ্ন : জম্মু আৰু কাশ্মীৰৰ বিশেষ সাংবিধানিক স্থিতি কি?

উত্তৰ : ইয়াৰ নিজস্ব সংবিধান আছে।

২) প্ৰশ্ন : ভাৰতীয় সংবিধান সভাৰ উদ্বোধনী অনুষ্ঠানৰ সভাপতি কোন আছিল?

উত্তৰ : শচীদানন্দ সিনহা।

৩) প্ৰশ্ন : ড° বি. আৰ. আম্বেদকাৰে ভাৰতীয় সংবিধানৰ কোনটো অধিকাৰক সংবিধানৰ অন্তৰ আত্মা আখ্যা দিছিল?

উত্তৰ : সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ।

৪) প্ৰশ্ন : লোক সভাৰ প্ৰথম অধ্যক্ষ কোন আছিল?

উত্তৰ : জি. ভি. মাভালাংকাৰ।

৫) প্ৰশ্ন : বিধান পৰিষদৰ সদস্য সংখ্যা বিধান সভাৰ সদস্য সংখ্যাতকৈ কিমান অধিক হ’ব নালাগে?

উত্তৰ : ১/৩।

৬) প্ৰশ্ন : ভাৰতত কিমান খন উচ্চ ন্যায়ালয় আছে?

উত্তৰ : ২১ খন।

৭) প্ৰশ্ন : ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতি ন্যায়ালয়ত কাৰ্য্যকৰী কৰিব পাৰিনে?

উত্তৰ : নোৱাৰি।

৮) প্ৰশ্ন : ৰাজ্য সভাৰ কাৰ্যকাল কিমান?

উত্তৰ : স্থায়ী।

৯) প্ৰশ্ন : স্বাধীন ভাৰতৰ প্ৰথম গৰাকী মহিলা ৰাজ্যপাল কোন আছিল?

উত্তৰ : সৰোজিনী নাইডু।

১০) প্ৰশ্ন : ভাৰতত নতুন ৰাজ্য প্ৰতিষ্ঠা কৰাৰ চূড়ান্ত কতৃত্ব কাৰ?

উত্তৰ : ৰাষ্ট্ৰপতিৰ।

১১) প্ৰশ্ন : লোক সভাৰ সংখ্যা গৰিষ্ঠ দলৰ নেতা জনক ৰাষ্ট্ৰপতিয়ে কি পদত নিযুক্তি দিয়ে?

উত্তৰ : ভাৰতৰ প্ৰধানমন্ত্ৰী।

১২) প্ৰশ্ন : ভাৰতীয় সংবিধানৰ নৱম অনুসূচীটো কি?

উত্তৰ : প্ৰথম সংশোধনী ৰ দ্বাৰা অন্তৰ্ভূক্ত হৈছে।

১৩) প্ৰশ্ন : ৪৪ তম সংশোধনীৰ বিষয় কি আছিল?

উত্তৰ : মৌলিক অধিকাৰ সংযতাকৰণ।

১৪) প্ৰশ্ন : পোন প্ৰথম বাৰৰ বাবে ভাৰতীয় সংবিধান কেতিয়া সংশোধন কৰা হৈছিল?

উত্তৰ : ১৯৫১ চনত।

১৫) প্ৰশ্ন : তলৰ কোনটো গাওঁ পঞ্চায়ত আয়ৰ উৎস?

(ক) আয় কৰ

(খ) বিক্ৰী কৰ

(গ) বৃত্তিগত কৰ

(ঘ) বলেৰে সংগ্ৰহ কৰা কৰ্তব্য কৰ

উত্তৰ : বিক্ৰী কৰ।

১৬) প্ৰশ্ন : ভাৰতীয় জাতীয় পতাকা খনৰ দীঘ আৰু প্ৰস্থৰ অনুপাত কিমান?

উত্তৰ : ৩ : ২।

১৭) প্ৰশ্ন : কোনখন দেশৰ সংবিধান দীৰ্ঘতম?

উত্তৰ : ভাৰত।

১৮) প্ৰশ্ন : ভাৰতৰ প্ৰধান মন্ত্ৰী জন চৰকাৰৰ কি হয়?

উত্তৰ : চৰকাৰৰ মূৰব্বী।

১৯) প্ৰশ্ন : ২৪ নং অনুচ্ছেদে শিশু শ্ৰমৰ বাধা দিয়া ক্ষেত্ৰটো কি হয়?

উত্তৰ : বিপদসংকুল উদ্যোগত।

২০) প্ৰশ্ন : তলৰ কোন গৰাকীক ৰাষ্ট্ৰপতিয়ে নিযুক্তি নিদিয়ে?

(ক) মুখ্য নিৰ্বাচনী আয়ুক্ত

(খ) মহাধিবক্তা

(গ) ভাৰতৰ মুখ্য ন্যায়ধীশ

(ঘ) মহান্যায়বাদী

উত্তৰ : মহাধিবক্তা।

২১) প্ৰশ্ন : ভাৰতৰ ৰাষ্ট্ৰপতি ৰুপে কাৰ্য্যনিৰ্বাহ কৰা ভাৰতৰ মুখ্য ন্যায়াধীশ গৰাকীৰ নাম কি?

উত্তৰ : ন্যায়াধীশ এম. হিদায়াতুল্লা।

২২) প্ৰশ্ন : ভাৰতৰ ৰাষ্ট্ৰপতিৰ নিৰ্বাচন সম্বন্ধীয় বিবাদ নিস্পত্তিৰ লগত জড়িত অংগটো কি?

উত্তৰ : নিৰ্বাচন আয়োগ।

২৩) প্ৰশ্ন : বিত্ত আয়োগ কিহেৰে গঠিত?

উত্তৰ : অধ্যক্ষ আৰু চাৰিজন সদস্য।

২৪) প্ৰশ্ন : ভাৰতীয় সংবিধান খন কেনেকুৱা প্ৰকৃতিৰ?

উত্তৰ : আংশিকভাৱে একাত্মক আংশিক ভাৱে যুক্তৰাষ্ট্ৰীয়।

২৫) প্ৰশ্ন : ভাৰত চৰকাৰৰ সাংবিধানিক মূৰব্বী কোন?

উত্তৰ : ৰাষ্ট্ৰপতি।

 

উৎস : শেহতীয়া বস্তুনিষ্ঠ সাধাৰণ জ্ঞান।

3.140625
ভাৰত মেধি Oct 16, 2018 09:03 AM

ভাল লাগিল

সত্যজিত কলিতা Aug 03, 2018 07:25 AM

লোকপাল আৰু লোকআয়ুক্ত সম্পৰ্কে

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top