অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ ২০১৭

সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ ২০১৭

 

১)পৃথিৱীৰ কোনখন দেশত ভূমিকম্পৰ সম্ভাৱনা আটাইতকৈ বেছি?

উত্তৰ: জাপান।

২)তলত দিয়া কোনবিধ উচ্চ উৎপাদনক্ষম গম ধানৰ প্ৰজাতি ভাৰতীয় কৃষি গৱেষণা কেন্দ্ৰত শেহতীয়াভাৱে উদ্ভাৱন কৰা হৈছে?

উত্তৰ: গংগা HD 2643।

৩)তলত দিয়া কোনটো পৰিৱেশত আটাইতকৈ কম পৰিমাণৰ জৈৱ পদাৰ্থ প্ৰতি বছৰে উৎপন্ন হয়?

উত্তৰ: গভীৰ সমুদ্ৰ।

৪)পৰ্ণপাতী বনাঞ্চলত পোৱা এবিধ মূল্যৱান গছ হৈছে?

উত্তৰ: শাল গছ।

৫)বৃহৎ নদী বান্ধৰ সৈতে জড়িত আন্দোলনত আগ ভাগ লোৱা সংগঠন?

উত্তৰ: কৃষক মুক্তি সংগ্ৰাম সমিতি, অসম।

৬)অসমৰ আটাইতকৈ পুৰণি তেল শোধানাগাৰ কোনটো?

উত্তৰ: ডিবগৈ।

৭)বিশ্বখাদ্য আৰু কৃষিসংস্থাৰ(FAO) মতে এজন সুস্থ মানুহে দৈনিক নিম্নতম কিমান কেলৰি খাদ্য গ্ৰহণ কৰিব লাগে?

উত্তৰ: 2500 কেলৰি।

৮)বাষ্পমোচন প্ৰক্ৰিয়াৰ দ্বাৰা বনাঞ্চলে

উত্তৰ: জনসমতা ৰক্ষা কৰে।

৯)খনিজ সম্পদত ভাৰতৰ কোনখন ৰাজ্য চহকী নহয়?

উত্তৰ: উত্তৰ প্ৰদেশ।

১০)দেহত আইৰণৰ অভাৱত হোৱা ৰোগবিধ কি?

উত্তৰ: এনিমিয়া।

১১)আয়’ডিনৰ অভাৱত কি ৰোগ হয়?

উত্তৰ: গৰল।

১২)কোনবিধ কয়লা সৰ্বোত্তম?

উত্তৰ: এনথ্ৰাচাইট।

১৩)এজন সুস্থ মানুহক দৈনিক কিমান লিটাৰ খোৱা পানী লাগে?

উত্তৰ: 2.7।

১৪)তলত দিয়া কোনবিধ সম্পদ নৱীকৰণ যোগ্য?

উত্তৰ: বায়ুত থকা অক্সিজেন।

১৫)তলত দিয়া কোনবিধ ইন্ধন জীৱাষ্ম নহয়?

উত্তৰ: খৰি।

১৬)পৃথিৱীৰ জলমণ্ডলৰ শতকৰা কিমান ভাগত মহাসাগৰ আছে?

উত্তৰ: 97।

১৭)ভাৰতৰ কোনখন তৈলক্ষেত্ৰত খাৰুৱা তেলৰ ভাণ্ডাৰ সৰ্ববৃহৎ?

উৎস: বোম্বে হাই।

১৮)তলত দিয়া কোনবিধ সজুঁলিৰ দ্বাৰা ভূমিকম্পৰ প্ৰৱলতা জোখা হয়?

উত্তৰ: চিস্ম’গ্ৰাফ।

১৯)তলত দিয়া কোনবিধ লৱণৰ বাবে সাগৰৰ পানী অধিক লুণীয়া হয়?

উত্তৰ: চোডিয়াম ক্ল’ৰাইড।

২০)পৃথিৱীৰ কম উন্নত(LDC) দেশবোৰৰ মুঠ জনসংখ্যা পৃথিৱীৰ মুঠ জনসংখ্যাৰ শতকৰা প্ৰায় কিমান ভাগ?

উত্তৰ: 78।

২১)পৰুৱাবোৰ-

উত্তৰ: মৃতভোজী বা উচ্ছিষ্টভোজী।

২২)পৃথিৱীৰ বায়ুমণ্ডলৰ বহিৰ্ভাগত আপতিত হোৱা মুঠ সৌৰ বিকিৰণৰ শতকৰা কিমান ভাগ বায়ুমণ্ডলৰ দ্বাৰা শোষিত হয়?

উত্তৰ: 20।

২৩)গৰু, ছাগলী, হাতী আদি তৃণভোজী প্ৰাণীবোৰ কোনটো পৌষ্টিক স্তৰৰ অন্তৰ্গত?

উত্তৰ: দ্বিতীয়।

২৪)বায়ুমণ্ডলত নাইট্ৰ’জেনৰ শতকৰা পৰিমাণ কিমান?

উত্তৰ: 78 ভাগ।

২৫)পৰিস্থিতি তন্ত্ৰ(ecosystem)নামটো কোনে দিছিল?

উত্তৰ: Hackel

২৬)নদীৰে বৈ যোৱা পানীক কি ধৰণৰ পানী বোলা হয়?

উত্তৰ: প্ৰবাহমান জলজ(lotic)।

২৭)তলত দিয়া কোনবিধ উপাদান স্বপোষী?

উত্তৰ: সেউজীয়া উদ্ভিদ।

২৮)কি অনুজীৱ নাইট্ৰ’জেন স্থিৰীকৰণৰ সৈতে জড়িত?

উত্তৰ: নীলা সেউজীয়া শেলাই, এনাবিনা।

২৯)কোনো এটা নিৰ্দ্ধাৰিত অঞ্চলত(যেনে: এটা হ্ৰদত) থকা আটাইবোৰ প্ৰাণী আৰু উদ্ভিদক একেলগে কি বুলি কোৱা হয়?

উত্তৰ: বায়’ম।

৩০)এশিঙীয়া গঁড় কোন অঞ্চলৰ থলুৱা প্ৰাণী?

উত্তৰ: অসম।

৩১)বিৰল প্ৰজাতিৰ প্ৰাণী আৰু উদ্ভিদ থকা নিজম উপত্যকা(Silent Valley) ক’ত অৱস্থিত?

উত্তৰ: কেৰেলা।

৩২)বহি:স্থানিক সংৰক্ষণ ব্যৱস্থাৰ উদাহৰণ কি?

উত্তৰ: চিৰিয়াখানা।

৩৩)ৰাষ্ট্ৰীয় উদ্যান এখনত কি সংৰক্ষণ কৰা হয়?

উত্তৰ: উদ্ভিদ আৰু প্ৰাণী।

৩৪)কি ধৰণৰ প্ৰাণী সংৰক্ষণ কৰা উচিত?

উত্তৰ: অৱলুপ্ত হৈ যাব ধৰা প্ৰাণী।

৩৫)কোনবিধ বৰ্গৰ প্ৰাণী আটাইতকৈ বেছি সংকটাপন্ন হৈছে?

উত্তৰ: সৰীসৃপ।

৩৬)ভাৰতৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যান কোনখন?

উত্তৰ: কৰ্বেট।

৩৭)ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰাণী কি?

উত্তৰ: বাঘ।

৩৮)উত্তৰ-পূৰ্বাঞ্চলৰ এবিধ লুপ্তপ্ৰায় প্ৰাণী হৈছে-

উত্তৰ: কলচী উদ্ভিদ।

৩৯)সৰ্পগন্ধা কি?

উত্তৰ: এবিধ বনৌষধি।

৪০)মৰিচাছ দ্বীপত এসময়ত সততে দেখা পোৱা ডড’ চৰাই এতিয়া-

উত্তৰ: লুপ্ত প্ৰজাতি।

৪১)জাপানত হোৱা মিনামাটা ৰোগৰ কাৰণ আছিল-

উত্তৰ: জল প্ৰদূষণ।

৪২)ইউক্ৰেইনত অৱস্থিত চেৰ্ন’বিল নিউক্লীয় ৰিয়েক্টৰত কোন চনত দুৰ্ঘটনা ঘটিছিল?

উত্তৰ: 1986।

৪৩)উদ্ভিদ আৰু প্ৰাণীৰ মাজত থকা সম্পৰ্কৰ এটা মুখ্য কাৰণ হ’ল-

উত্তৰ: খাদ্য।

৪৪)ভাৰতত সেউজ বিপ্লৱৰ পিতৃ কোন?

উত্তৰ: ড° এম.এচ.স্বামীনাথন।

৪৫)বিশ্ব পৰিৱেশ দিৱস-

উত্তৰ: 5 জুন।

৪৬)ভাৰতৰ ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস-

উত্তৰ: 30 জানুৱাৰী।

৪৭)বিশ্ব জল দিৱস-

উত্তৰ: 20 মাৰ্চ।

৪৮)বিশ্ব বন দিৱস(World Forest Day)-

উত্তৰ: 21 মাৰ্চ।

৪৯)বিশ্ব স্বাস্থ্য দিৱস-

উত্তৰ: 7 এপ্ৰিল।

৫০)বসুধা দিৱস(Earth Day)-

উত্তৰ: 22 এপ্ৰিল।

৫১)বিশ্ব জনসংখ্যা দিৱস-

উত্তৰ: 11 জুলাই।

৫২)ধপাত নিষিদ্ধ দিৱস(World No-Tobacco Day)-

উত্তৰ: 31 মে’।

৫৩)ভূপাল গেছ দুৰ্ঘটনা কেতিয়া ঘটিছিল?

উত্তৰ: 1984 চনৰ 2 ডিচেম্বৰ।

৫৪)ভূপাল গেছ দুৰঘৰ্টনাত কোনবিধ বিষাক্ত গেছৰ কাৰণে প্ৰায় 5100 লোক মৃত্যু মুখত পৰিছিল?

উত্তৰ: MIC

৫৫)ৰিখটাৰ স্কেলত যি ভূমিকম্পৰ প্ৰাবল্য 7 আৰু 7.9ৰ ভিতৰত থাকে তাকে বোলে-

উত্তৰ: বৃহৎ ভূমিকম্প।

৫৬)উইলি উইলি কি?

উত্তৰ: অষ্ট্ৰেলীয়াৰ চক্ৰবাত।

৫৭)ইন্দোনেচিয়াৰ কোন দ্বীপত 2004 চনৰ 26 ডিচেম্বৰত হোৱা বৃহৎ ভূমিকম্পৰ বাবে চুনামী হৈছিল?

উত্তৰ: সুমাত্ৰা।

৫৮)ষ্ট্ৰেট’সফিয়াৰত থকা কি গেছে অতি বেগুনী ৰশ্মি শোষণ কৰে?

উত্তৰ: অ’জন।

৫৯)তলত দিয়া কোনবিধ গেছক সেউজ গৃহ গেছ নোবোলে?

উত্তৰ: অক্সিজেন।

৬০)ফ্ল’ৰাইড প্ৰদূষণৰ দ্বাৰা মানুহৰ দেহৰ অংগ প্ৰথমে প্ৰভাৱিত হয়?

উত্তৰ: দাঁত।

৬১)কোনবিধ প্ৰদূষকৰদ্বাৰা তাজমহলৰ ক্ষতি হ’ব পাৰে বুলি আশংকা কৰা হৈছে?

উত্তৰ: চালফাৰ ডায়’ক্সাইড।

৬২)কোনবিধ প্ৰদূষকৰ কাৰণে মিনামাটা ৰোগ হয়?

উত্তৰ: পাৰা।

৬৩)কি এককৰ দ্বাৰা কোলাহল প্ৰদূষণ জোখা হয়?

উত্তৰ: ডেছিবেল।

৬৪)এলনিন(EL Nimo)কি?

উত্তৰ: গৰম পানীৰ সাগৰীয় সোঁত।

৬৫)সেউজগৃহ পৰিঘটনা-

উত্তৰ: J.Fourier

৬৬)এন্টাৰ্কটিকাত অ’জন হোল-

উত্তৰ: J.C.Farman

৬৭)কলাকৰ্ষণ(Tissue Culture)-

উত্তৰ: Harrison

৬৮)তলত দিয়া কোনবিধ গেছে অ’জন বিনষ্ট নকৰে?

উত্তৰ: হাইড্ৰ’জেন।

৬৯)বসন্ত ৰোগৰ বীজাণুৰ নাম কি?

উত্তৰ: ভেৰিছেলা জ’ষ্টাৰ ভাইৰাছ।

৭০)জলাতংক ৰোগৰ বীজাণুৰ নাম কি?

উত্তৰ: ৰেবিজ ভাইৰাছ।

৭১)কলেৰা ৰোগৰ বীজাণুৰ নাম কি?

উত্তৰ: ভিব্ৰিঅ’ক’লেৰি।

৭২)কুষ্ঠ ৰোগৰ বীজাণুৰ নাম কি?

উত্তৰ: মাইক’ বেক্টেৰিয়াম লেপ্ৰি।

৭৩)মেলেৰীয়া ৰোগৰ বীজাণুৰ নাম কি?

উত্তৰ: প্লাজম’ডিয়াম।

৭৪)এমিবিক গ্ৰহণীৰ বীজাণু কি?

উত্তৰ: এন্টামিবা হিষ্ট’লাইটিকা।

৭৫)প্লেগ ৰোগৰ বীজাণুৰ নাম কি?

উত্তৰ: পেষ্টিঅ’ৰেলা পেল্টিছ।

৭৬)কোনবিধ ৰোগ বেক্টেৰিয়া সংক্ৰমণৰ দ্বাৰা নহয়?

উত্তৰ: বসন্ত।

৭৭)কোনবিধ ৰোগ ভাইৰাছ সংক্ৰমণৰ দ্বাৰা নহয়?

উত্তৰ: কলেৰা।

৭৮)কোনবিধ ৰোগ পৰজীৱীৰ সংক্ৰমণৰ দ্বাৰা হয়?

উত্তৰ: মেলেৰিয়া।

৭৯)তলত দিয়া কোনবিধ ৰোগ সংক্ৰামক নহয়?

উত্তৰ: হৃদৰোগ।

৮০)তলত দিয়া কোনবিধ ৰোগ বংশানুক্ৰমে আহে?

উত্তৰ: বৰ্ণান্ধতা।

৮১)জনসংখ্যা বৃদ্ধি হোৱাৰ কোনটো কাৰব নগণ্য?

উত্তৰ: উচ্চ শিক্ষা।

৮২)নিজম উপত্যকা আন্দোলনৰ(Silent Valley Movement) গুৰি ধৰোতা কোন আছিল?

উত্তৰ: কেৰেলা শাস্ত্ৰ পৰিষদ।

৮৩)শব্দ প্ৰদূষণৰ দ্বাৰা মানুহৰ কি শক্তি হ্ৰাস হয়?

উত্তৰ: শ্ৰৱণ।

৮৪)কোনো স্থানত পানী বন্ধ হৈ থাকিলে মাটিৰ গুণাগুণ-

উত্তৰ: নষ্ট হয়।

৮৫)সেউজ গৃহ প্ৰভাৱত কাৰ্বন ডাই অক্সাইডৰ অৱদান-

উত্তৰ: সৰ্বোচ্চ।

৮৬)1972 চনত বিশ্ব পৰিৱেশ সন্মিলন ক’ত অনুষ্ঠিত হৈছিল?

উত্তৰ: ষ্ট’কহ’ম।

৮৭)মাটিৰ বিকল্প-

উত্তৰ: নাই।

৮৮)কোনটো উৎসৰ পৰা মিথেন গেছ পোৱা নাযায়?

উত্তৰ: গৰুৰ গাখীৰ।

৮৯)নাইট্ৰাছ অক্সাইডৰ পৰা

উত্তৰ: এচিড বৰষুণ হয়।

৯০)খাদ্য শৃংখল যিমানে দীঘল হয় সিমানে-

উত্তৰ: শক্তিৰ অপচয় বৃদ্ধি হয়।

৯১)সালোক সংশ্লেষণ বিক্ৰিয়াত কোনবিধ গেছে মুখ্য ভূমিকা লয়?

উত্তৰ: কাৰ্বন ডায়’ক্সাইড।

৯২)কোন চনৰ পৰা ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় পৰ্য্যাৱৰণ পুৰস্কাৰ দি অহা হৈছে?

উত্তৰ: 1987।

৯৩)নৰ্মদা বচাও আন্দোলনৰ নেতৃত্ব কোনে দিছিল?

উত্তৰ: মেধা পাটেকাৰ।

৯৪)কোনবিধ ভাইৰাছৰ কাৰণে পক্ষীজ্বৰ(Bird’s flu) হয়?

উত্তৰ: H1N1

৯৫)ভাৰত চৰকাৰৰ পৰিৱেশ বিজ্ঞান বিভাগ কোন চনত স্থাপন কৰা হৈছিল?

উত্তৰ: 1980

কোন চনত ভাৰতৰ তলত দিয়া আইনসমূহ প্ৰণয়ন কৰা হৈছিল?

৯৬)বায়ু প্ৰদূষণ আৰু নিয়ন্ত্ৰণ আইন-

উত্তৰ: 1981

৯৭)বনসংৰক্ষণ আইন-

উত্তৰ: 1980

৯৮)জল প্ৰদূষণ সংৰক্ষণ আইন-

উত্তৰ: 1974

৯৯)বন্যপ্ৰাণী সংৰক্ষণ আইন-

উত্তৰ: 1972

১০০) পৰিৱেশ(সংৰক্ষণ) আইন-

উত্তৰ: 1980

১০১)তলত দিয়াবোৰৰ ভিতৰত কোনবিধ আৱৰ্জনা আটাইতকৈ অপকাৰী?

উত্তৰ: তেজস্ক্ৰিয় আৱৰ্জনা।

১০২)কি যন্ত্ৰৰ দ্বাৰা বায়ুত প্ৰলম্বিত ধূলিকণাৰ পৰিমাণ জুখিব পাৰি?

উত্তৰ: কনিমিটাৰ।

১০৩)তলত দিয়া কোনবিধ সম্পদ নৱীকৰণযোগ্য?

উত্তৰ: পানী।

১০৪)তলত দিয়া কোনবিধ শক্তিৰ উৎস ব্যৱহাৰ কৰিলে প্ৰদূষণ নহয়?

উত্তৰ: সৌৰশক্তি।

১০৫) মহা জৈৱ বৈচিত্ৰ্যৰ দেশৰ ভিতৰত ভাৰতৰ স্থান কি:

উত্তৰ: দশম।

১০৬)কোনবিধ জীৱ অক্সিজেঞ্জ নোহোৱাকৈও জীয়াই থাকিব পাৰে?

উত্তৰ: কিছুমান বেক্টেৰিয়া।

১০৭)কি ৰাসায়নিক পদাৰ্থৰ কাৰণে বায়ুমণ্ডলৰ অ’জন স্তৰ ঘাইকৈ অৱক্ষয় প্ৰাপ্ত হ’ব ধৰিছে?

উত্তৰ: ক্ল’ৰফ্ল’ৰকাৰ্বন।

১০৮)গ্ৰীণহাউচ গেছবোৰে ঘাইকৈ কি ৰশ্মি শোষণ কৰে?

উত্তৰ: অৱলোহিত ৰশ্মি।

১০৯)যি জীৱে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰিব পাৰে সেইবোৰক বোলে-

উত্তৰ: স্বপোষী।

১১০)তলত দিয়া কোনটো নদীবান্ধ হৈ উঠা নাই?

উত্তৰ: শৰাইঘাট।

১১১)পশ্চিম প্ৰশান্ত মহাসাগৰ অঞ্চলত উঠা ভয়ানক ঘূৰ্ণী বতাহক কি বোলে?

উত্তৰ: টাইফুন।

১১২)পৃথিৱীত আটাইতকৈ বেছি পৰিমাণে থকা জীৱাষ্ম ইন্ধন হৈছে?

উত্তৰ: কয়লা।

১১৩)উদ্ভিদৰ পাতত থকা ক্ল’ৰ’ফিলৰ ৰং কি?

উত্তৰ: সেউজীয়া।

১১৪)ক্ল’ৰ’ফ্ল’ৰ কাৰ্বন কি?

উত্তৰ: ষ্টেট’সফিয়াৰত থকা অ’জন ধ্বংসকাৰী গেছ।

১১৫)ইউক্ৰেইনত স্থাপিত 1000 MW ক্ষমতাৰ চেৰ্নবিল নিউক্লীয় ৰিয়েক্টৰৰ দুৰ্ঘটনা-

উত্তৰ: 1986 চনত হৈছিল আৰু ২০০০তকৈ অধিক লোকৰ মৃত্যু হৈছিল।

১১৬)তৃণভোজী প্ৰাণীক ভক্ষণ কৰি জীয়াই থকা প্ৰাণী(যেনে: ভেকুলী) বোৰক বোলে-

উত্তৰ: গৌণ উপভোক্তা।

১১৭)জৈৱ গেছ হৈছে এবিধ প্ৰদূষণমুক্ত ইন্ধন, ইয়াৰ প্ৰধান উপাদান হৈছে-

উত্তৰ: মিথেন, কাৰ্বন ডায়’ক্সাইড, হাইড্ৰ’জেন আৰু হাইড্ৰ’জেন চালফাইড।

১১৮)পানীৰ উপস্থিতিত অবায়ৱিক বেক্টেৰিয়াৰ সহায়ত পচন ঘটাই উৎপন্ন কৰা গোবৰ গেছ কি?

উত্তৰ: এবিধ প্ৰদূষণযুক্ত জৈৱ গেছ(bio gas)।

১১৯)অবায়ৱিক বেক্টেৰিয়াই(anaerobic bacteria)কি কৰে?

উত্তৰ: অক্সিজেনৰ অনুপস্থিতিত জৈৱ পদাৰ্থৰ(organic matter) বিযোজন ঘটায়।

১২০)চুনামী(Tsunami)কি?

উত্তৰ: সমুদ্ৰত ভূমিকম্প হোৱাৰ ফলত সৃষ্টি হোৱা বিধ্বংসী সাগৰীয় ঢৌ।

১২১)চিপকো আন্দোলন(Chipko Movement) কোন ৰাজ্যত হৈছিল?

উত্তৰ: উত্তৰ প্ৰদেশ।

১২২)প্ৰদূষণৰ পৰা তাজমহল ৰক্ষা কৰাৰ বাবে সুদীৰ্ঘ দিন ধৰি ভাৰতৰ উচ্চতম ন্যায়ালয়ত আইনী যুদ্ধ চলোৱা ব্যক্তিগৰাকী হ’ল-

উত্তৰ: এম চি মেহতা।

১২৩)নিজম উপত্যকা(Silent Valley) কোন ৰাজ্যত হৈছিল?

উত্তৰ: কেৰেলাত অৱস্থিত বৰ্ষাৰণ্য(tropical rain forest)

১২৪)ভাগীৰথী নদীত তেহৰী বন্ধাৰ বিৰুদ্ধে চলোৱা আন্দোলনৰ নেতৃত্ব কোনে দিছিল?

উত্তৰ: সুন্দৰলাল বহুগুণা।

১২৫)পৰিৱেশৰ ওপৰত প্ৰথম আন্তৰ্জাতিক সন্মিলন কেতিয়া অনুষ্ঠিত হৈছিল?

উত্তৰ: 1972, জুন।

১২৬)সুস্থ পৰিৱেশৰ বাবে কোনো এখন দেশৰ মাটিকালিৰ শতকৰা নিম্নতম কিমান ভাগত বনাঞ্চল থাকিব লাগে?

উত্তৰ: 33

১২৭)অসমত থকা দুখন বৃহৎ কয়লা ক্ষেত্ৰৰ নাম হ’ল-

উত্তৰ: লিডু আৰু মাৰ্ঘেৰিটা।

১২৮)বায়ুত প্ৰলম্বিত কণাৰ(SPM) সহনযোগ্য পৰিমাণ কি?

উত্তৰ: প্ৰতি ঘনছেন্টিমিটাৰত 100 মাইক্ৰ’গ্ৰাম।

১২৯)ভাৰতৰ ভয়াৱহ প্ৰদূষণৰ উৎস(Red) বুলি চিহ্নিত 17টা উৎসৰ কেইটা উৎস অসমত আছে?

উত্তৰ: 7

১৩০)অসমৰ কোন কোন নগৰত চিকিৎসালয় আৰু নাৰ্ছিংহোমৰ পৰা নিষ্কাশিত জৈৱ-ৰাসায়নিক আৱৰ্জনাৰ সমস্যা আটাইতকৈ গুৰুতৰ?

উত্তৰ: গুৱাহাটী আৰু ডিব্ৰুগড়।

১৩১)ব্ৰহ্মপুত্ৰ নদীখন বৈ গৈছে গুৱাহাটী মহানগৰীৰ-

উত্তৰ: উত্তৰেদি।

১৩২)গুৱাহাটী মহানগৰীৰ সমতল ভাগৰ উচ্চতা সমুদ্ৰপৃষ্ঠৰ পৰা প্ৰায়-

উত্তৰ: 55 মিটাৰ ওপৰত।

১৩৩)গুৱাহাটী মহানগৰীত বায়ুৰ প্ৰদূষণত যান-বাহনৰ যোগদান প্ৰায়-

উত্তৰ: 80%

১৩৪)গুৱাহাটী মহানগৰীৰ জনসংখ্যা-

উত্তৰ: 22 লাখৰ অধিক।

১৩৫)মানুহৰ বসতিপ্ৰধান অঞ্চলত কোলাহল প্ৰদূষণ(noise pollution) মাত্ৰা কিমানত সীমিত থাকিব লাগে?

উত্তৰ: 70 ডেচিবেল।

১৩৬)নিৰ্বনানীকৰণৰ ফলত-

উত্তৰ: বেছি ভূমি স্খলন হয়।

১৩৭)জল আৱদ্ধকৰণ(water logging) কিয় হয়?

উত্তৰ: অধিক বৰষুণ হোৱা আৰু অধিক পৰিমাণে জনসিঞ্চন কৰা কোনো ঠাইৰ পৰা বন্ধ পানী ওলাই যাব নোৱাৰা কাৰণে।

১৩৮)জৈৱ গেছ(biogas)-

উত্তৰ: এবিধ প্ৰদূষণমুক্ত ইন্ধন।

১৩৯)সাৰ ব্যৱহাৰ কৰিলে খেতি পথাৰত-

উত্তৰ: অজৈৱ আৰু জৈৱ যৌগৰ যোগান ধৰা হয়।

১৪০)জনসংখ্যা বাঢ়িলে কি হয়?

উত্তৰ: সীমিত ভূমি সম্পদৰ ওপৰত হেঁচা বৃদ্ধি হয়।

১৪১)কাগজ কলত(Peper Mill) কি বিষাক্ত পদাৰ্থ ব্যৱহাৰ কৰা হয়?

উত্তৰ: পাৰা।

১৪২)ঔদ্যোগিক আৱৰ্জনাবোৰ-

উত্তৰ: মাৰাত্মক জল প্ৰদূষক।

১৪৩) গংগা নদীৰ প্ৰদূষণৰ মুখ্য কাৰণ কি?

উত্তৰ: ঘৰুৱা নল-নৰ্দমা আৰু ঔদ্যোগিক আৱৰ্জনাবোৰ পেলোৱা কাৰণে।

১৪৪)তলত দিয়া কি ৰোগ পানীৰ যোগেদি সংক্ৰমিত হয়?

উত্তৰ: কলেৰা আৰু ডিছেন্ট্ৰি।

১৪৫)এয়ৰ’ছল(aerosol) কি?

উত্তৰ: বায়ুত ওপঙি থকা গোটা আৰু জুলীয়া পদাৰ্থৰ ক্ষুদ্ৰ কণিকা।

১৪৬)কোনবিধ বিষাক্ত গেছৰ কাৰণে ভূপাল গেছ দূৰ্ঘটনাটো ঘটি বহুলোকৰ মৃত্যু হৈছিল?

উত্তৰ: মিথাইল আইচ’চায়েনেট(MIC)।

১৪৭)মথুৰা তেল শোধনাগাৰৰ পৰা নিৰ্গত হোৱা কোনবিধ গেছে তাজমহল প্ৰদূষিত কৰিব বুলি শংকা কৰা হৈছে?

উত্তৰ: চালফাৰ ডায়’ক্সাইড।

১৪৮)কাৰ্বন ডাই অক্সাইডে-

উত্তৰ: অৱলোহিত ৰশ্মি শোষণ কৰিব পাৰে।

১৪৯)স্মগ(smog) কি?

উত্তৰ: নগৰ অঞ্চলত ধোঁৱাৰ সৈতে মিশ্ৰিত কুঁৱলী।

১৫০) জলবায়ুৰ অস্বাভাৱিক পৰিৱৰ্তন কিয় হ’ব পাৰে?

উত্তৰ: বায়ু প্ৰদুইষণ আৰু নিৰ্বনানীকৰণৰ কাৰণে।

১৫১)ঔদ্যোগিক বিপ্লৱ(Industrial Revolution) কোন শতিকাত হৈছিল?

উত্তৰ: ওঠৰ।

১৫২)বায়ুমণ্ডলৰ কোনটো স্তৰত অ’জন তৰপ থাকে?

উত্তৰ: ষ্ট্ৰেট’সফিয়াৰ।

১৫৩)তেজস্ক্ৰিয় পদাৰ্থ-

উত্তৰ: এটুকুৰাৰ পৰা আলফা, বিটা আৰু গামা ৰশ্মি নিজে নিজে ওলাই থাকে।

১৫৪)কীটনাশক বোৰ কি?

উত্তৰ: শস্য আক্ৰমণকাৰী কীট পতংগ মাৰিবলৈ ব্যৱহাৰ কৰা জৈৱ বা অজৈৱ ৰাসায়নিক পদাৰ্থ।

১৫৫) অ’জন হোল(Ozone hole)-

উত্তৰ: পাৰ হৈ অনিষ্টকাৰী অতিবেগুনী ৰশ্মি ভূ-পৃষ্ঠত পৰেহি।

১৫৬)নিউক্লীয় দ্বি-ভঙ্গন-

উত্তৰ: ঘটাৰ ফলত এটা নিউক্লিয়াছৰ পৰা দুটা নিউক্লিয়াছ উৎপন্ন হয়।

১৫৭)অৱলোহিত ৰশ্মি হৈছে-

উত্তৰ: ৰঙা পোহৰতকৈ অধিক তৰংগ দৈৰ্ঘ্যৰ অদৃশ্য পোহৰ।

১৫৮)ষ্ট্ৰেট’সফিয়াৰত থকা অ’জন গেছৰ-

উত্তৰ: তৰপটোৰ মাজেদি অনিষ্টকাৰী অতিবেগুনী ৰশ্মি ভূ-পৃষ্ঠলৈ আহিব নোৱাৰে।

১৫৯)সেউজ গৃহ প্ৰভাৱৰ কাৰণে:

উত্তৰ: পৃথিৱীৰ গড় উষ্ণতা একে থাকে।

১৬০)কি গেছৰ কাৰণে অম্ল বৰষুণ(acid rain) পৰে?

উত্তৰ: চালফাৰ ডাই অক্সাইড আৰু নাইট্ৰ’জেন অক্সাইড।

১৬১)অ’জন কি?

উত্তৰ: এবিধ গেছ।

১৬২)নগৰ এখনত বায়ু প্ৰদূষণৰ ঘাই উৎস কি?

উত্তৰ: যান-বাহন।

১৬৩)গাড়ীমটৰৰ পৰা ওলোৱা ধোঁৱাত কি থাকে?

উত্তৰ: হাইড্ৰ’কাৰ্বন, কাৰ্বন মন’ক্সাইড আৰু নাইট্ৰিক অক্সাইড।

১৬৪)কি কাৰণে নগৰবোৰত জনসংখ্যা বেছি হয়?

উত্তৰ: জীৱিকা উপাৰ্জনৰ পথ সহজে পায়।

১৬৫)কোনবোৰ দেশত জনসংখ্যা বিসফোৰণ ৰোধ কৰিব পৰা হৈছে?

উত্তৰ: উন্নত দেশত।

১৬৬) বৰ্তমান পৃথিৱীৰ জনসংখ্যা-

উত্তৰ: প্ৰায় 7 বিলিয়ন।

১৬৭)কি কি প্ৰধান কাৰকৰ বাবে বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বাঢ়ি আছে?

উত্তৰ: নিৰ্বনানীকৰণ আৰু জীৱাষ্ম ইন্ধনৰ দহন।

১৬৮)প্ৰাকৃতিক গেছৰ প্ৰধান উপাদান কি?

উত্তৰ: মিথেন।

১৬৯)বায়ুত থকা যিবোৰ গেছে ভূপৃষ্ঠৰ পৰা অহা অৱলোহিত ৰশ্মি শোষণ কৰিব পাৰে সেইবোৰক সেউজগৃহ গেছ বোলে আৰু সেইবোৰ হৈছে-

উত্তৰ: CO2, CH4, CFC আৰু N2O ।

১৭০)জনসংখ্যা বৃদ্ধিৰ হাৰ ক’ত সৰ্বাধিক?

উত্তৰ: লেটিন আমেৰিকা।

১৭১)তলত দিয়াবোৰৰ ভিতৰত কোনটো নৱীকৰণযোগ্য?

উত্তৰ: বায়ুত থকা অক্সিজেন।

১৭২)বতৰৰ পৰিঘটনাবোৰ ক’ত ঘটে?

উত্তৰ: ট্ৰপ’সফিয়াৰ।

১৭৩)হিউমাছ(humus) কি?

উত্তৰ: মাটিত থকা মুগাবৰণৰ এই অংশই মাটি সাৰুৱা কৰে।

১৭৪)সালোক সংশ্লেষণ-

উত্তৰ: উদ্ভিদৰ সকলো অংশতে হয়।

১৭৫)উৎপাদকে-

উত্তৰ: নিজে নিজৰ খাদ্য উৎপাদন কৰে।

১৭৬)বহুতো সম্প্ৰদায় বসবাস কৰা একেটা বৃহৎ অঞ্চলক কি বোলে?

উত্তৰ: বায়’ম(biome)।

১৭৭)জন্মৰ হাৰৰ পৰা মৃত্যুৰ হাৰ বিয়োগ কৰিলে কি পোৱা যায়?

উত্তৰ: জনসংখ্যাসূচক(population index)।

১৭৮)জৈৱ সম্প্ৰদায়ৰ ভিতৰত প্ৰাথমিক উপভোক্তাবোৰ-

উত্তৰ: তৃণভোজী।

১৭৯)জৈৱ নাইট্ৰ’জেন যৌগবোৰ এম’নিয়াম যৌগলৈ ৰূপান্তৰিত হোৱা প্ৰক্ৰিয়াক কি বোলে?

উত্তৰ: Ammonification.

১৮০)খাদ্য শৃংখলত শক্তি কিদৰে প্ৰ্ৱেশ কৰে?

উত্তৰ: উৎপাদকৰ যোগেদি।

১৮১)ভাৰতত তলত দিয়াবোৰৰ ভিতৰত কাৰ জিন বৈচিত্ৰ্য(genetic diversity) সৰ্বাধিক?

উত্তৰ: আম।

১৮২)কৃষিভূমিৰ উৰ্বৰতা কি কাৰণে হ্ৰাস পায়?

উত্তৰ: পচিব ধৰা জৈৱ পদাৰ্থৰ কাৰণে।

১৮৩)আটাইতকৈ বেছি পৰিমাণৰ পৰিস্কাৰ পানী(fresh water) ক’ত পোৱা যায়?

উত্তৰ: হ্ৰদ।

১৮৪)পাহাৰ অঞ্চলৰ ভূমিস্খলন কমাবলৈ কেনে কৃষি পদ্ধতি ল’ব লাগে?

উত্তৰ: তৰপ পদ্ধতি(terracing)।

১৮৫)শস্যাৱৰ্ত্তনৰ কাৰণে(crop rotation)-

উত্তৰ: মাটিৰ উৰ্বৰতা বাঢ়ে।

১৮৬)চিনকোনা(chincona) গছৰ কোনটো অংশৰ পৰা কুইনাইন উৎপন্ন কৰা হয়?

উত্তৰ: বাকলি।

১৮৭)ভাৰতৰ গ্ৰাম্যাঞ্চলত বায়’ডিজেল(biodiesel) উৎস হিচাপে কি ব্যৱহাৰ কৰা হয়?

উত্তৰ: Pongamia

১৮৮)ভাৰতত সাম্প্ৰতিক কালত কোনবিধ প্ৰাণী বিলুপ্ত(extinct) হৈছে?

উত্তৰ: চিতা বাঘ।

১৮৯)তলত দিয়া কোনবিধ প্ৰাণী ভাৰতত সংকতাপন্ন(endangered)?

উত্তৰ: বনৰীয়া গাধ।

১৯০)কানহা(Kanha) ৰাষ্ট্ৰীয় উদ্যান ক’ত অৱস্থিত?

উত্তৰ:মধ্যপ্ৰদেশ।

১৯১)ভাৰতৰ সংসদত জৈৱ বৈচিত্ৰ্য আইন(Biodiversity Act) কেতিয়া প্ৰৱৰ্তন কৰা হয়?

উত্তৰ: 2002

১৯২)তলত দিয়া কোনটো যোৰ মিলিছে?

উত্তৰ: সিংহ- গিৰ ৰাষ্ট্ৰীয় উদ্যান।

১৯৩)বৰ্ষাৰণ্যবোৰত থকা কিছুমান প্ৰজাতিৰ বিলুপ্তিৰ প্ৰধান কাৰণ-

উত্তৰ: নৰ্বনানীকৰণ(deforestation)।

১৯৪)গিৰ ৰাষ্ট্ৰীয় উদ্যান ক’ত অৱস্থিত?

উত্তৰ: গুজৰাট।

১৯৫)নাগাৰ্জুন সাগৰ অভয়াৰণ্য(sanctuary) ক’ত অৱস্থিত?

উত্তৰ: অন্ধ্ৰ প্ৰদেশ।

১৯৬)তলত দিয়া কোনটো যোৰ মিলা নাই-

উত্তৰ: ঘড়িয়াল-কাজিৰঙা।

 

উৎস: সহায়ক হাতপুথি টেট

শেহতীয়া উন্নীতকৰণ: : 12/4/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate