অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ৰাষ্ট্ৰীয় প্ৰতীক চিহ্নসমূহ

ৰাষ্ট্ৰীয় পতাকা

ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাখন সমান্তৰালভাৱে থকা তিনিটা ৰঙেৰে গঠিত:ওপৰত গেৰুৱা, মাজত বগা, আৰু তলত সেউজীয়া,ইয়াৰেগেৰুৱা ৰং ত্যাগ আৰু সাহসৰ প্ৰতীক; মাজৰ বগা ৰং শান্তি আৰু সত্যৰ প্ৰতীক; তলৰ সেউজীয়া ৰং বিশ্বাস আৰু সৌন্দৰ্যৰ প্ৰতীক|মাজৰ বগা ৰঙৰ মাজত গাঢ় নীলা ৰঙৰ এটা চক্ৰ আছে। এই চক্ৰটি সাৰনাথৰ অশোক স্তম্ভৰ পৰা লোৱা হৈছে। এয়াত ২৪ ডাল দাণ্ডি আছে। এই ২৪ ডাল দাণ্ডিয়ে বৌদ্ধ দৰ্শনৰ ২৪ টা আদৰ্শক নিৰ্দেশ কৰে। পতাকা খনৰ দীঘ আৰু প্ৰস্থৰ অনুপাত ৩:২। ১৯৪৭ চনৰ ২২ জুলাইত এই পতাকা খনক ৰাষ্ট্ৰীয় পতাকা হিচাপে স্বীকৃতি দিয়া হয়।

ৰাষ্ট্ৰীয় প্ৰতীক

সাৰনাথৰ অশোক স্তম্ভৰ ওপৰত থকা প্ৰতীকটো ভাৰতৰ ৰাষত্ৰীয় প্ৰতীকৰ মৰ্যাদা দিয়া হৈছে। এই প্ৰতীকটোৰ ওপৰৰ অংশৰ তিনিটা মুখ মেলি থকা সিংহ (চতুৰ্থ সিংহটো সন্মুখৰ ফালৰ পৰা দেখা নাযায়), তাৰ তলত সোঁমাজত এটি চক্ৰ (অশোক চক্ৰ); চক্ৰটোৰ সোঁফালে এটা ষাঁৰ গৰু আৰু বাঁও ফালে এটা ঘোঁৰা আছে। জন্ত দুটাৰ কাষত আৰু দুটা চক্ৰৰ আধা আধা অংশ দেখা যায়। একেবাৰে তলত মুণ্ডক উপনিষদৰ পৰা ‘সত্যমেৱ জয়তে’ (সত্যৰ সদায় জয়) নামৰ বাক্যশাৰী দেৱনাগৰী লিপিত লিখা হৈছে।১৯৫০ চনৰ ২৬ জানুৱাৰীৰ দিনা ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীকটো গ্ৰহণ কৰা হয়।

ৰাষ্ট্ৰীয় সংগীত

কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ ‘জন গণ মন অধিনায়ক’ গীতটিক ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতৰ (National Anthem) মৰ্যাদা দিয়া হৈছে। এই গীতটি ১৯১১ চনৰ ২৭ ডিচেম্বৰত কলকাতাত অনুষ্ঠিত ভাৰতীয় জাতীয় কগ্গ্ৰেছৰ অধিবেশনত পোন প্ৰথম বাৰৰ বাবে গোৱা হৈছিল। মূল গীতটি পাঁচটা স্তৱক আছে। তাৰে প্ৰথম স্তৱকটিক ১৯৫০ চনৰ ২৪ জানুৱাৰীৰ পৰা ৰাষ্ট্ৰীয় সংগীত হিচাপে স্বীকৃতি দিয়া হৈছে। প্ৰায় ৫২ ছেকেণ্ডৰ ভিতৰত আমাৰ এই ৰাষ্ট্ৰীয় সংগীতটিগাই শেষক্কৰা হয়। কোনো কোনো বিশেষ উপলক্ষ বা প্ৰয়োজনত ৰাষ্ট্ৰীয় সংগীতটিৰ প্ৰথম আৰু শেষৰ শাৰী দুটা গোৱা বা বজোৱা হয়। এনে অৱস্থাত গীতটি ২০ ছেকেণ্ডৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগে। আমাৰ ৰাষ্ট্ৰীয় সংগীতটি হ’ল:

জন-গণ-মন অধিনায়ক গয়হে, ভাৰত-ভাগ্য-বিধাতা,

পঞ্জাৱ-সিন্ধু-গুজৰাট-মাৰাঠা-দ্ৰাবিড় উৎকল বংগ।

বিন্ধ্য-হিমাচল যমুনা-গংগা উচ্ছল জলধি তৰংগ।

তব শুভ নামে জাগে, তব শুভ আশিস মাগে,

গাহে তব জয় গাথা।

জনগণ মংগল-দায়ক জয়হে, ভাৰত-ভাগ্য-বিধাতা।

জয় হে, জয় হে, জয় হে, জয় জয় জয় হে

বংকিম চন্দ্ৰ চেটাৰ্জীৰ ‘বন্দে মাতৰম’ গীতটিকো ভাৰতৰ ৰাষত্ৰীয় সংগীতৰ সম-মৰ্যাদাৰে ৰাষ্ট্ৰীয় গীতৰুপে (National Song) স্বীকৃতি দিয়া হৈছে। স্বাধীনতা সংগ্ৰামৰ সময়ত স্বাধীনতা প্ৰয়াসী জনগণৰ বাবে এই গীতটি আছিল প্ৰবল প্ৰেৰণাৰ উৎস। ১৮৯৬ চনৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিবেশনত এই গীতটি পোন প্ৰথম বাৰৰ বাবে গোৱা হৈছিল। গীতটি হ’ল :

বন্দে মাতৰম্‌।

সুজলম্‌ সুফলম্‌ মলয়জশীতলাম্‌

শস্যশ্যামলাম মাতৰম্‌।

শুভ্ৰা জ্যোৎস্না পুলকিত যামিনীম্‌

ফুল্ল কুসুমিত দ্ৰুম দল শোভিনীম্‌

সুভাসিনীম্‌ সুমধুৰ ভাষিণীম্‌

সুখদাম্‌ বৰদাম্‌ মাতৰম্‌।

ৰাষ্ট্ৰীয় পশু

উজ্জ্বল দীপ্তিশীল ৰাজকীয় গাম্ভীৰ্যপূৰ্ণ পশু ঢেকীয়াপতীয়া বাঘক ১৯৭২ চনৰ ১৮ নৱেম্বৰৰ পৰা ভাৰতৰ ৰাষ্ট্ৰীয় পশুৰ (National Animal) মৰ্যাদা দিয়া হৈছে। এই বাঘ ভাৰতৰ প্ৰায়বোৰ অঞ্চলতেই পোৱা যায়।


ৰাষ্ট্ৰীয় ফুল


ভাৰতত পানীৰ মাজত পোৱা ফুলৰ ভিতৰত পদুম ফুলেই আটাইতকৈ ডাঙৰ আৰু ধুনীয়া। এই ফুলক ভাৰতৰ ৰাষ্ট্ৰীয় ফুলৰ(National Flower) মৰ্যাদা দিয়া হৈছে|

 


ৰাষ্ট্ৰীয় পঞ্জিকা

১৯৫৭ চনৰ ২২ মাৰ্চৰ পৰা ভাৰতৰ ৰাষ্ট্ৰীয় পঞ্জিকা (National Calendar) প্ৰৱৰ্তন কৰা হয়। এই পঞ্জিকা অনুসৰি চ’ত মাহ বছৰৰ প্ৰথম মাহ। ভাৰতৰ সকলো ঠাইতে বৈজ্ঞানিক ভিত্তিত একে জাতীয় পঞ্জিকা প্ৰচলন কৰাই হ’ল ৰাষ্ট্ৰীয় পঞ্জিকাৰ প্ৰধান উদ্দেশ্য। অসমীয়া মাহৰ ৮ চ’ত ৰাষ্ট্ৰীয় পঞ্জিকাৰ ১ চ’ত হয়।

ৰাষ্ট্ৰীয় পঞ্জিকাৰ সময় গণনা

(৩০/৩১ দিনীয়া) মাৰ্চৰ ২২/২১

হাগ (৩১ দিনীয়া) এপ্ৰিল ২১

জেঠ (৩১ দিনীয়া) মে২২

আহাৰ (৩১ দিনীয়া) জুন ২২

শাওণ (৩১ দিনীয়া) জুলাই ২৩

ভাদ (৩১ দিনীয়া) আগষ্ট ২৩

আহিন (৩০ দিনীয়া) ছেপ্তেম্বৰ ২৩

কাতি (৩০ দিনীয়া) অক্টোবৰ ২৩

আঘোণ (৩০ দিনীয়া) নৱেম্বৰ ২২

পুহ (৩০ দিনীয়া) ডিচেম্বৰ ২২

মাঘ (৩০ দিনীয়া) জানুৱাৰী ২১

ফাগুন (৩০ দিনীয়া) ফেব্ৰুৱাৰী ২০

 

ৰাষ্ট্ৰীয় বৃক্ষ

ভাৰতৰ ৰাষ্ট্ৰীয় বৃক্ষ হিচাপে আহত গছক স্বীকৃতি দিয়া হৈছে|অনেক ঠাল ঠেঙুলি শাখা প্ৰশাখাৰে ভৰা আহঁত এবিধ সকলোৰে পৰিচিত বৃহৎ বৃক্ষ।ইয়াৰ বৈজ্ঞানিক নাম হৈছে “ফিকাছ” ৰিলিজিওছা” আৰু ই মোৰাছি গোত্ৰৰ উদ্ভিদ|ভাৰতীয় পৰম্পৰাত আহতঁ গছৰ বিশেষ স্থান আছে আৰু ই হিন্দু,বৌদ্ধ আদিকে ধৰি বিভিন্ন ধৰ্মাৱালম্বী লোকৰ আদৰৰ আৰু পূজনীয়


ৰাষ্ট্ৰীয় পক্ষী

সুন্দৰ জাকজমকীয়া চৰাই ম’ৰাক ১৯৬৩ চনৰ ৩১ জানুৱাৰীৰ পৰা ভাৰতৰ ৰাষ্ট্ৰীয় পক্ষীৰ (National Bird) স্বীকৃতি দিয়া হৈছে|

 

 

 

ৰাষ্ট্ৰীয় নদী

গংগা নদী দেশৰ সবাতকৈ দীঘল নদী,ইয়াৰ দৈৰ্ঘ্য ২,৫২৫ কিমি(১,৫৬৯ মাইল)|গংগা নদীৰ মূল উৎস স্থল ভাগীৰথী আৰু অলকানন্দা নদীৰ সংগমস্থল ইয়াৰ পৰা দক্ষিণ আৰু পূৰ্বে গাংগেয় সমভূমি অঞ্চলৰ উপৰেদি প্ৰবাহিত হৈ গংগা মিলিছে বংগোপসাগৰত|এই গংগা নদীক ৰাষ্ট্ৰীয় নদী হিচাপে স্বীকৃতি দিয়া হৈছে|


ৰাষ্ট্ৰীয় ক্ৰীড়া

হকী এবিধ আউটডৰ ক্ৰীড়া|এই খেল পৃথিৱীৰ জনপ্ৰিয় খেলসমূহৰ মাজত অন্যতম|হকী খেলৰ প্ৰত্যক দলত ১১ জনকৈ খেলুৱৈ থাকে| এই খেল হকী ষ্টিকৰ দ্বাৰা খেলা হয়|এই খেলক ভাৰতৰ ৰাষ্ট্ৰীয় ক্ৰীড়া হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছে|

 


ৰাষ্ট্ৰীয় ফল

 

 

আম এবিধ ৰসাল আৰু সুস্বাদু ফল|আমক ফলৰ ৰজা বুলি কোৱা হয়|আমৰ বৈজ্ঞানিক নাম মেঞ্জিফেৰা ইণ্ডিকা,ই মেঞ্জিফেৰা গোত্ৰৰ অন্তৰ্গত|আম পকা আৰু কেঁচা দুই ধৰণে খোৱা হয়|এই বিধ সুস্বাদু ফলক ৰাষ্ট্ৰীয় ফলৰ স্বীকৃতি দিয়া হৈছে|

লেখক: শান্তনু কৌশিক বৰুৱা

লেখিকা: প্ৰীতিমা কৌশিক বৰুৱা

উৎস: নতুন জানানে



 

 

 

 




 

 


 

শেহতীয়া উন্নীতকৰণ: : 3/12/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate