মূল পৃষ্ঠা / শিক্ষা / শিশুসকলৰ ক্ষেত্ৰ / কেকোঁৰা, মিছামাছৰ মাজত ম’বাইল ফ’ন পৰীক্ষা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কেকোঁৰা, মিছামাছৰ মাজত ম’বাইল ফ’ন পৰীক্ষা

কেকোঁৰা, মিছামাছৰ মাজত ম’বাইল ফ’ন পৰীক্ষা

সাধাৰণতে ম’বাইল ফ’নৰ কোম্পানীবিলাকে প্ৰচাৰৰ সময়ত তেওঁলোকৰ ফ’নবোৰ অত্যন্ত প্ৰতিকূল অৱস্থাত পৰীক্ষা কৰে। ফ’নৰ গুণ-মান সম্পৰ্কত কিছুমান বিশেষ দিশ যেনে ইয়াৰ স্থায়িত্ব, পানী প্ৰতিৰোধ ক্ষমতা, আচোৰ প্ৰতিৰোধ ক্ষমতা (স্ক্ৰেচ-ৰেজিষ্টেণ্ট) আৰু ভাঁজ কৰিব পৰা যায় নে নাযায় আদিবোৰ প্ৰমাণ কৰি চোৱা হয়। উল্লেখযোগ্য যে চীনৰ ম’বাইল ফ’ন নিৰ্মাণকাৰী জিঅ’মি এম আই ফ’ৰ ফ’নবিধক স্বচ্ছ পানীত থকা কেঁকোৰা, জাপানী নীলা কেঁকোৰা আৰু দীঘল হাতৰ মিছামাছৰ মাজত পেলাই থৈ ইয়াৰ আচোৰ প্ৰতিৰোধ ক্ষমতাৰ প্ৰমাণ কৰি চায়। জিঅ’মিৰ দ্বাৰা প্ৰস্তুত কৰা এটা ভিডিঅ’ত দেখা গৈছে যে সাগৰীয় মাছ আৰু কেঁকোৰাৰ তীক্ষ্ণ হাতোৰায়ো এই পৰীক্ষাত জিঅ’মি এম আই ফ’ৰ ফ’নবিধত আচোৰ পেলাব পৰা নাই। মন কৰিবলগীয়া যে এই সাগৰীয় মাছ আৰু কেঁকোৰাবিলাকে পাচলি, কাচৰ গিলাচ আৰু কণীকো ইয়াৰ তীক্ষ্ণ হাতোৰাৰে একেই পৰীক্ষাত মোহাৰি নেফা নেফ কৰি পেলাইছিল।

3.02816901408
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top