মূল পৃষ্ঠা / শিক্ষা / শিশুসকলৰ ক্ষেত্ৰ / কৈশোৰ কাল এক মনস্তাত্ত্বিক বিশ্লেষণ :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কৈশোৰ কাল এক মনস্তাত্ত্বিক বিশ্লেষণ :

কৈশোৰ কালৰ বিষয়ে লিখা হৈছে ।

 

শিশুৰ পৰা প্ৰাপ্তবয়স্কৰ মাজৰ সময়খিনিক কৈশোৰ কাল (ADOLE SCENT PERIOD) বুলি ধৰা হয়। বয়স হিচাপে ১২ বছৰৰ পৰা এই স্তৰ আৰম্ভ হৈ ১৯ বছৰ বয়সত শেষ হয়। ২০ বছৰ বয়সৰ পৰা এজন ব্যক্তিক প্ৰাপ্তবয়স্ক বুলি ধৰা হয়।

কৈশোৰ অৱস্থা আৰম্ভ হোৱাৰ লগে লগে ব্যক্তি এজনৰ মানসিক, বৌদ্ধিক, আৱেগিক আৰু সামাজিক সম্পৰ্কৰ ক্ষেত্ৰত আমুল পৰিৱৰ্তন আহে। এই পৰিৱৰ্তনসমুহৰ লগত খাপ খুৱাই যিয়ে এক সুস্থ নিজস্ব পৰিচয় লৈ প্ৰাপ্তবয়স্কত ভৰি দিয়ে, তেওঁলোক সুস্থ ব্যক্তি। দেখা যায় যে ৭৫ শতাংশ কিশোৰ-কিশোৰীয়ে (ইয়াৰ পাছত কিশোৰ-কিশোৰী বুজাবলৈ অকল কিশোৰ শব্দটো ব্যৱহাৰ কৰা হ’ব) এই অৱস্থাটো সফলতাৰে অতিক্ৰম কৰে।

এইখিনি সময়ত কিশোৰ এজন ঘৰুৱা গণ্ডীৰ পৰা ওলাই গৈ বন্ধু মহলত নিজৰ পৰিচয় দাঙি ধৰিব বিচাৰে। প্ৰখ্যাত মনোবিজ্ঞানী এৰিক এৰিকছনে (Erik Erikson) মানুহৰ মনোসামাজিক বিৱৰ্তন (Psychosocial Development)ক আঠটা স্তৰত ভাগ কৰিছে, যিটো শিশুৰ জন্মৰ পৰা বৃদ্ধলৈকে এক নিৰৱচ্ছিন্নধাৰা। কৈশোৰ অৱস্থাৰ এই স্তৰটো হৈছে পৰিচয় বনাম চৰিত্ৰ-ধুসৰতা (Identity versus role confusion) । প্ৰত্যেকটো স্তৰতে কিছুমান মানসিক বাধা আহে, যিয়ে এই বাধা সফলভাৱে অতিক্ৰম কৰিব পাৰে তেৱেঁ মানসিকভাৱে সুস্থ। এই বয়সত ব্যক্তি এজনে মনৰ বিভিন্ন দুৱাৰ খুলি দিয়ে- নিজকে কোনোবা নায়ক  অথবা সংগীতজ্ঞ বা ৰাজনৈতিক নেতাৰ অনুগামী হিচাপে পৰিচয় বিচাৰে (Role model ) । কিছুমান কিশোৰে এই অনুগামিত্বতে বিলীন হৈ যায়, নিজৰ পৰিচয় বিচাৰি নাপায়। কিন্তু যিসকল কিশোৰৰ বন্ধু মহলত একাত্মতা আছে আৰু অন্যান্য কৰ্মত নিজকে নিয়োজিত কৰিব পাৰে, তেওঁলোকে আদৰ্শ চৰিত্ৰত বিলীন হৈ নাযায়। তাৰ বিপৰীতে যিখিনি কিশোৰ বন্ধু মহলত সমাদৃত ন হয়, তেওঁলোক আদৰ্শ চৰিত্ৰত বিলীন হৈ যায়, আত্মপৰিচয় দাঙি ধৰাত বিফল হৈ যায়, আত্মপৰিচয় দাঙি ধৰাত বিফল হয়। এওঁলোক আৱেগজনিত সমস্যাত ভোগে আৰু ভৱিষ্যতে মানসিক চিকিত্‌সাৰ প্ৰয়োজনীয়তাৰ সম্ভাৱনা থাকে। এইখিনি বয়সত ব্যক্তি এজনে নিজে কিছুমান আচাৰ-ব্যৱহাৰ বা ধৰণ-কৰণ বাছি লয়, কাপোৰ-কানি পিন্ধাৰ বা কথা-বতৰা কোৱাৰ বিশেষ ষ্টাইল গ্ৰহন কৰে, সাধাৰণতে নিজৰ বন্ধু মহলত এইখিনি গ্ৰহণযোগ্য হয়। কিশোৰ এজনৰ প্ৰশ্ন জাগে-মই আচলতে কেনেকুৱা, কি হ’ব বিচাৰোঁ, মই কোন? সামাজিক আৰু ঘৰুৱা ৰীতি-নীতিৰ ওপৰত প্ৰশ্ন কৰে-যাৰ কাৰণে অভিভাৱক বা শিক্ষক-শিক্ষয়িত্ৰীৰ লগত বহুত ক্ষেত্ৰত সংঘাত হয়। কাম-কাজ, চিন্তা-ধাৰাত স্বনিৰ্ভৰশীলতা বিচাৰে, চিন্তাধাৰাৰ বিকাশ ঘটে, বিপৰীত লিংগৰ প্ৰতি আকৰ্ষণ বৃদ্ধি পায়। নিজৰ পৰিয়ালতকৈ বন্ধু মহলত বেছি সময় পাৰ কৰে, পৰিয়ালৰ স্বীকৃতিতকৈ বন্ধু মহলৰ স্বীকৃতিয়ে আগস্থান পায়, দুৰ্বাৰ মনে কোনো বাধা মানিব নিখোজে, চিন্তাধাৰাত যুক্তিযুক্ততা বৃদ্ধি পায়। এইসমুহ পৰিৱৰ্তনৰ মাজেৰে গতি কৰি কিশোৰ এজনে এক স্বকীয় পৰিচয় লাভ কৰে, নিজা এক ব্যক্তিত্ব গঢ় দি প্ৰাপ্তবয়স্কলৈ ৰুপান্তৰ ঘটে। অভিভাৱকৰ কৰণীয়: ইয়াত অভিভাৱক মানে পিতৃ- মাতৃৰ লগতে শিক্ষক –শিক্ষয়ত্ৰীকো সাঙুৰি লোৱা হৈছে। মনোসামাজিক পৰিৱৰ্তন এক প্ৰাকৃতিক নিয়ম-ই এক নিৰৱচ্ছিন্ন ধাৰা। এক সুস্থ মানসিকতা গঢ়িবলৈ সুস্থ বাতাৱৰণৰ প্ৰয়োজন। কিশোৰ এজনৰ আত্মসন্মান, আত্মবিশ্বাস, সামাজিক প্ৰাণী হিচাপে নিজৰ কাৰণে আৰু অন্যৰ কাৰণে কৰণীয়, বন্ধু-বান্ধৱৰ লগত ব্যৱহাৰ আদি গঢ় দিয়াত অভিভাৱকৰ কৰণীয় যথেষ্ট থাকে। পিতৃ-মাতৃৰ ব্যৱহাৰ কতৃত্বশীল হোৱাৰ লগে লগে সহযোগিতামুলক হোৱা উচিত। এক নিৰ্দিষ্ট দুৰত্বলৈ তেওঁলোকক আগবাঢ়ি যাব দিব লাগে-কিন্তু লক্ষণৰেখা পাৰ হ’ব খুজিলে সকীয়াই দিব লাগে। তেওঁলোকৰ অসুবিধাসমুহৰ কথা মনোযোগসহকাৰে শুনিব লাগে। সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত তেওঁলোকৰ মতামত গুৰুত্বসহকাৰে শুনিব লাগে আৰু ভুল-ক্ৰটিবোৰ যুক্তিপুৰ্ণভাৱে বুজাই দিব লাগে-ইয়ে কিশোৰসকলৰ আত্মপ্ৰত্যয়, আত্মসন্মান বৃদ্ধি কৰে- যিয়ে ভৱিষ্যতে তেওঁলোকক সুস্থ মানসিকতাৰ প্ৰাপ্তবয়স্ক হোৱাত সহায় কৰে। কিশোৰসকলৰ এই বয়সত অসাধ্য কাম কৰিব বিচৰা, নিজকে প্ৰবল শক্তিমান বুলি ভবা , সামাজিক কাঠামো ভাঙিব বিচৰা, অত্যধিক আৱেগপ্ৰৱণতা এই বয়সৰ স্বাভাৱিক পৰিণতি। তদুপৰি চিগাৰেটকে আদি কৰি অন্যান্য ৰাগিয়াল বস্তুৰ প্ৰতি আকৰ্ষণ বাঢ়িব পাৰে। এইবিলাক কথা কিশোৰ এজনৰ লগত মুক্ত আৰু যুক্তিপুৰ্ণভাৱে আলোচনা কৰিব লাগে। আগতে উল্লেখ কৰাৰ দৰে মানসিক বিকাশ এক নিৰৱচ্ছিন্ন ধাৰা। শিশু অৱস্থাৰ পৰা আমি অভিভাৱকসকলে কেনেকুৱা মানসিক পুষ্টি যোগাইছোঁ, ইয়ে ব্যক্তি এজনৰ মানসিকতা নিৰ্ণয় কৰে। আজিৰ প্ৰতিযোগিতাৰ যুগত শিশু এটি ছাত্ৰ হোৱাৰ পাছৰ পৰাই আজৰি সময় নোহোৱা হয়। ঘৰ-স্কুল টিউচন বৃত্তটোত ছাত্ৰ জীৱন ঘুৰ্ণীমান। যিখিনি সময় আজৰি পায়, সেইখিনি সময় ম’বাইল, টিভি অথবা লেপটেপ লৈ ব্যস্ত থাকে। শিশু বা কিশোৰ এজনৰ প্ৰকৃত বিকাশত সামাজিকীকৰণৰ এক গুৰুত্বপুৰ্ণ ভুমিকা আছে। অথচ এই বিষয়ে বেছিভাগ অভিভাৱকে আগ্ৰহ নেদেখুৱায়। অন্য ল’ৰা-ছোৱালীৰ লগ হ’লে নিজৰ ল’ৰা-ছোৱালী বিপথে যাব বুলি ভয় কৰে, খেলা-ধুলা কৰিলে ভাগৰ লাগিব, পঢ়াত লোকচান হ’ব, গতিকে ঘৰৰ ল’ৰা ঘৰতে থাকক –বেছিভাগ অভিভাৱকৰে সেয়াই কাম্য। নিজৰ ল’ৰা-ছোৱালীৰ মানসিক পৰিপুষ্টিৰ ওপৰত গুৰুত্ব দিয়া নহয়, শিশুৰ হাততো ম’বাইল তুলি দিয়ে। কাৰণ ম’বাইলৰ বুটাম টিপি শিশু ব্যস্ত হৈ থাকিলে মা-দেউতাক মুক্ত।

সামৰণি: কৈশোৰ অৱস্থাটো মানৱ জীৱনৰ এক স্পৰ্কতাৰ সময়। দৈহিক, সামাজিক, মানসিক তথা আৱেগিক পৰিৱৰ্তনৰ উচ্চসীমা এইখিনি সময়তে স্পৰ্শ কৰে। এই সংঘাতপুৰ্ণ সময়খিনি পাৰ হোৱাটো যথেষ্ট কঠিন। অৱশ্যম্ভাৱী এই পৰিৱৰ্তনসমুহৰ মাজেৰে পৰিক্ৰমা কৰি আত্মপৰিচয়ৰ সংঘাতত ভোগা কিশোৰ এজনে আত্মপৰিচয় লাভ কৰে-নিজৰ অনুভুতিক, ব্যৱহাৰ আৰু মানসিকতাই এক নিৰ্দিষ্ট ৰুপ লৈ তেওঁক প্ৰাপ্তবয়স্ক হিচাপে গঢ় দিয়ে। এই কঠিন পৰিক্ৰমাত অভিভাৱকে সময়সাপেক্ষে পথ প্ৰদৰ্শক, সহযাত্ৰী অথবা উদ্ধাৰকাৰীৰ ভুমিকা পালন কৰিবলগীয়া হ’ব পাৰে।

লেখক: ডা: নিপুল মহন্ত (শিক্ষা বাৰ্তা)

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top