মূল পৃষ্ঠা / শিক্ষা / শিশুসকলৰ ক্ষেত্ৰ / খেলা-ধূলাৰ মাজেৰে সন্তানক শিকাওক :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

খেলা-ধূলাৰ মাজেৰে সন্তানক শিকাওক :

খেলা-ধূলাৰ মাজেৰে সন্তানক শিকাওক, সেই বিষয়ে লিখা হৈছে ।

 

কোৱা হয় যে শিশু এটি কুমলীয়াব বাঁহচটাৰ দৰে, তাক যেনে ধৰণে গঢ় দিব বিচৰা হয়, তেনে ধৰণেই গঢ়িব পৰা যায়। এই গঢ় দিয়াৰ শুভাৰম্ভ হয় শিশুৱে খোজ কাঢ়িব, কথা ক’ব বা বস্তু চিনিব পৰা হ’লে। আপুনি যিটো বস্তু বা বিষয়ৰ প্ৰতি তাৰ ৰুচি বঢ়াব বিচাৰে, সেই বিষয়ত মন বহুওৱাৰ সঠিক সময়।

সং দিয়ক -

সন্তানৰ স’তে পৰাপক্ষত দিনটোৰ সৰহভাগ সময় অতিবাহিত কৰক। সিঁহতৰ মনত বিভিন্ন প্ৰশ্নই খেলা কৰি থাকে, সেই প্ৰশ্নসমূহৰ সঠিক উত্তৰ ভাবি-চিন্তি দিয়া উচিত, কিয়নো আপোনাৰ সেই প্ৰত্যুত্তৰে সন্তানটিৰ গোটেই জীৱনটোক প্ৰভাৱাম্বিত কৰিব পাৰে। এবাৰ এটা উত্তৰ পায়েই সিহঁত সন্তুষ্ট নহয়, বৰং তাৰ ওপৰত বিচাৰ-বিবেচনা কৰে আৰু পাছত পুনৰ প্ৰশ্ন কৰে। আপুনি কোৱা প্ৰতিটো কথা সিহঁতে মনতো ৰাখে আৰু ভৱিষ্যতে সেই শিকনি কামতো আহে। গতিকে সন্তানটিৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিয়া সময়ত সতৰ্কতা অৱলম্বন কৰা উচিত।

সন্তানক বুজাৰ যত্ন কৰক -

ধৰা হ’ল, স্কুলৰ শীতকালীন বন্ধ আৰম্ভ হৈ গ’ল। সেইবুলি বন্ধৰ অৰ্থ এইটো নহয় যে সিহঁতক আৰু অধিক ব্যস্ত কৰি ৰখা হওক। এইটো এনে সময়, যেতিয়া অভিভাৱকে সিহঁতক সৰহ সময় দিব পাৰে। সিহঁতৰ লগত কথা পাতক, বুজক, সিহঁতৰ কোমল মনৰ খবৰ ৰাখক। সিহঁতৰ লগত অতিবাহিত কৰা সময়খিনিত বিভিন্ন শিক্ষা সম্বন্ধীয় জ্ঞানো দিব পাৰে। এনে কৰিলে সময়খিনি জীৱনৰ স্মৰণীয় মুহূৰ্তও হৈ ৰ’ব।

কিছু পৰামৰ্শ -

*বৰ বেছিকৈ টিভি চাবলৈ নিদিব। সন্তানটিয়ে কোনটো চেনেল চাই ভাল পায়- ইও মহত্ত্বপূৰ্ণ কথা।

*দিনটোত অন্ততঃ এবাৰ হ’লেও পৰিয়ালৰ সকলো সদস্যই একেলগে বহি আহাৰ গ্ৰহণ কৰক। এনে কৰিলে সি পৰিয়ালৰ মহত্ত্ব উপলব্ধি কৰিব পাৰিব। ককাক-আইতাকে নাতি-নাতিনীক নিজৰ অভিজ্ঞতাৰে সাধু আদি কওক।

*সন্তানটিক জনাওক যে আগৰ আৰু এতিয়াৰ সময়ৰ মাজত পাৰ্থক্য দেখা গৈছে। পাৰ্থক্য যিমানেই নহওক, আমাৰ নিজৰ সংস্কৃতি, ৰীতি-নীতি আজিও অটুট আছে। বয়োজ্যেষ্ঠজনক মান-সন্মান তথা শ্ৰদ্ধা জনোৱা আদিও মহত্ত্বপূৰ্ণ কথা আৰু ই আমাৰ পৰম্পৰাও।

*ৰন্ধা-বঢ়া কৰাৰ সময়ত ল’ৰা-ছোৱালীৰ সহযোগো বিচাৰক। যেনে- আলুৰ বাকলি গুচোৱা, টেবুল সজোৱা ইত্যাদি। এনে কৰিলে ঘৰুৱা কাম-কাজত সিহঁতৰ ৰুচি বাঢ়িব আৰু বহু কথা শিকিবও পাৰিব।

*এনে কৰাৰ ফলত সিহঁতে বিবিধ দাইল, পাচলি, ফল-মূলৰ নাম আৰু ব্যৱহাৰ সম্পৰ্কে জানিব পাৰিব।

*মাজে-সময়ে পৰিয়ালৰ আটায়ে মিলি অনাথ আশ্ৰম বা অন্য সামাজিক সংস্থালৈ যাওক। সিহঁতক জনাওক যে কেনে ধৰণে সেই সংস্থাসমূহে প্ৰয়োজনবোধে মানুহক সহায় কৰে। সিহঁতৰ সেই শ্ৰেণীটোৰ সমস্যাসমূহৰ লগত পৰিচয় কৰাওক। সিহঁতৰ হাতেৰে দান কৰাওক। এনে কৰিলে সন্তানৰ মাজত মানৱতা আৰু বিনম্ৰতা গুণৰ বিকাশ হ’ব আৰু সমাজৰ সকলো শ্ৰেণীৰ ব্যক্তিৰ সৈতে সমান ব্যৱহাৰ কৰাৰ মনোভাব উৎপন্ন হ’ব।

*কিতাপ পঢ়াৰ অভ্যাস গঢ়ি তোলক। লক্ষ্য ৰাখিব যে সিহঁতে কেনে কিতাপ পঢ়ি ভাল পায়। ভাল কিতাপ এখন পঢ়াৰ বাবে নিৰ্বাচন কৰিব পৰাটো জৰুৰী কথা। পঢ়াৰ প্ৰতি ধাউতি বাঢ়ি আহিব।

*শিশুক ককাক-আইতাকৰ সৈতে বহুওৱাৰ অভ্যাস কৰক। তেওঁলোকৰ পৰা শিশুৱে ৰামায়ণ-মহাভাৰতৰ কাহিনী, পশু-পক্ষীৰ কথা আদি শুনি খুব ভাল পাব। এনে কাহিনীসমূহৰ যোগেদি বিভিন্ন কথাৰ সম্ভেদ দিব পৰা যায়।

*বন্ধৰ দিনত শিশুক লৈ মিউজিয়াম, পাৰ্ক, চিৰিয়াখানা, নদীৰ পৰা আদিলৈ যাওক। ইয়াৰ দ্বাৰা সিহঁতৰ খেলা-ধূলাৰ মাজেৰে বহু কথা শিকাব পাৰিব।

*যদি বাছ বা ট্ৰেইনেৰে গৈ থাকে, তেন্তে সন্তানটিক টিকট কাটিবলৈ কওক। এনে কৰিলে সিহঁতৰ আত্মবিশ্বাস বাঢ়িব আৰু হিচাপ-নিকাচ কৰাৰ অভিজ্ঞতা আৰু যোগ্যতা বাঢ়িব।

*পাৰ্কত বহি তাত থকা বিবিধ ফুল-ফলৰ নামৰ লগতে ৰং আৰু প্ৰজাতিৰ বিষয়ে জ্ঞান দিয়ক। ফুলৰ কোমল স্পৰ্শৰ দ্বাৰা আপুনি সিহঁতক কোমল আৰু কঠোৰৰ মাজৰ প্ৰভেদ বুজাব পাৰিব।

*বজাৰ কৰিবলৈ যাওঁতে সিহঁতকো লগত নিয়ক। সিহঁতৰ পছন্দৰ বস্তু কিনক। লগে লগে আপোনাৰ পছন্দ-অপছন্দৰ কথাও জনাওক। ইয়াৰ পৰা আপুনি বুজিব পাৰিব সন্তানটিৰ স্বভাৱ কেনে কি কি ভাল পায়। টকাৰ হিচাপে হিচাপ কৰোতেও সিহঁতক ওচৰতে ৰাখক। ওজনৰ ধাৰণাও বুজাওক। এনে কৰিলে মিটাৰ, গ্ৰাম, লিটাৰ আদিৰ মাজত প্ৰভেদো বুজিব পাৰিব।

এনে বহু সৰু সৰু কথা আছে, যিবোৰৰ প্ৰতি আমি সাধাৰণতে ধ্যানেই নিদিওঁ। কিন্তু এনে ধৰণৰ সৰু-সুৰা প্ৰচেষ্টাৰ দ্বাৰা আপুনি নিজৰ সন্তানক বহুতো অত্যাৱশ্যকীয় জ্ঞানৰ সম্ভেদ দিব পাৰিব।

লেখিকা: ৰীণা দেৱী(অসম বাণী)

2.89473684211
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top