মূল পৃষ্ঠা / শিক্ষা / শিশুসকলৰ ক্ষেত্ৰ / গোৱালপৰীয়া লোককথা: ৰজা আৰু টুনটুনি চৰাই
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

গোৱালপৰীয়া লোককথা: ৰজা আৰু টুনটুনি চৰাই

গোৱালপৰীয়া লোককথা: ৰজা আৰু টুনটুনি চৰাই

বহু বহু দিনৰ আগৰ কথা। তেতিয়াৰ দিনত মানুহৰ অভাৱ বুলি একোৱেই নাছিলে, তেতিয়া মানুহৰ ইমানেই টকা আছিলে যে মানুহে বৰষুণীয়া বতৰৰ পিছত ৰ’দ উঠিলে টকাবোৰ ৰ’দত শুকাব দিছিলে। সেই তেতিয়াৰ দিনত আমাৰ টুনটুনি চৰাইও মানুহৰ মাত-কথা বুজিব পাৰিছিল আৰু মানুহৰ দৰেই মাতিব পাৰিছিলে, এয়া সেই তেতিয়াৰ দিনৰে কথা৷

এখন দেশত আছিলে এজন ৰজা ! সেই ৰজাৰ আছিল এক বিশাল ৰাজ-প্ৰাসাদ… সেই প্ৰাসাদৰ মস্ত মস্ত ঘৰ বোৰত কিমান যে লগুৱা- লিগিৰী, সন্ত্ৰি-চিপাহী, উজিৰ-নাজিৰ, মন্ত্ৰী-তন্ত্ৰী… আছিলে হিচাপ কৰাই টান। ৰাজ-প্ৰাসাদৰ একাষে আছিলে এটা ধুনীয়া পুখুৰী তাৰ চাৰিওকাষে পাৰে পাৰে সজোৱা সুন্দৰ ফুলনিত কিমান যে বৰণীয়া ফুলৰ বাহাৰ ! তাৰেই এখন ফুলনিৰ মাজত আছিলে এটি ওখ দেৱদাৰুৰ গছ আৰু সেই গছটোৰে আটাইতকৈ ওখ ডানিটোত আছিলে এটি টুনটুনি চৰাইৰ বাহ। টুনটুনি চৰাইটোৱে ৰাজ-প্ৰাসাদতে থকা অলেখ খোৱা বস্তু বিচাৰি খায় আৰু মনৰ আনন্দতে গোটেই দিনটো গান গায়। কেতিয়াব গান গাই গাই আমনি লাগিলে সি মনৰ আনন্দতে নাচে বা ফুৰুৎ ফুৰুতকৈ গছৰ ইডালে সিডালে ঘুৰি ফুৰে। ইফালে বৰষুণীয়া বতৰৰ পিছত এদিন ভালকৈ ৰ’দ দিয়াত ৰজাৰ আদেশ মতেই লগুৱা সকলে ৰাজ-প্ৰাসাদৰ ছাটত ৰাজকোষৰ টকা খিনি ৰ’দত শুকাব দিলে। গছৰ পৰা টুনটুনিয়ে গোটেই খিনি চাই আছিলে আৰু লগুৱা সকলৰ অলপমান অন্যমনস্কতাৰ সুযোগতে সি উৰিগৈ ওঁঠৰে তাৰ পৰা টকা এটা আনি নিজৰ বাহত থলে আৰু মনতেই ভাবিলে- আজিৰ পৰা সিও ৰজাৰ দৰেই ধনৱান।

পিছ দিনাখন ৰাতিপুৱাৰ পৰাই টুনটুনিয়ে গাব ধৰিলে:
“মোৰ ল’গত আছে যি ধন,
ৰজাৰও আছে সেই একে ধন।”
কিছুসময়ৰ পিছত টুনটুনীয়ে নাচি নাচি গাব ধৰিলে:
“ৰজাৰ ঘৰত যি ধন আছে
সেই ধন মোৰো আছে।”
বিশাল সেই ৰাজ-প্ৰাসাদত সকলো সময়তেই নানান জনৰ ভিৰ! ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা দৈনিক কিমানযে নাগৰিক আহে… তাৰোপৰি সন্ত্ৰি-চিপাহী, ৰাজমিত্ৰ ইত্যাদিৰে ৰাজসভাত লোক সমাগম পুৱাৰে পৰাই আৰম্ভ হয় আৰু তাৰে মাজতেই টুনটুনিয়ে অনবৰতে নাচি নাচি গাইছে :

“ৰজাৰ ঘৰত যি ধন আছে
সেই ধন মোৰো আছে।”

টুনটুনিয়ে অনবৰতে গোৱা সেই গীত শুনি, ৰাজসভালৈ অহা বহুতেই মুখ টিপি টিপি হাঁহি আছিলে। ৰজাৰ এইবাৰ খং উঠিলে, ৰাজসভা বহিছে, পিছে সকলোৰে মুখত হাঁহি…!!! ৰজাই অৱশেষত ৰাজসভা ভাঙি দিলে আৰু এই হাঁহিৰ কাৰণ গম পাই ৰজাই এজন অনুচৰক হুকুম দিলে- দুষ্ট এই টুনটুনিটোৰ ঘৰত কি এনে ধন-ৰত্ন আছে যে সি নিজকে ৰজাৰ সমান বুলিছে৷ ৰজাৰ হুকুমত অনুচৰ জন ওখ গছৰ ডানিত টুনটুনিৰ বাহত বিচাৰি পালে এটি সোনৰ মোহৰ। অনুচৰে মোহৰটো আনি ৰজাৰ হাতত দিলে। অনুচৰ জনে যেতিয়া মোহৰটো বাহৰ পৰা আনিছিলে, টুনটুনিয়ে তেতিয়া আন এটি গছৰ পৰা লুকাই সকলোখিনি চাই আছিলে। পিছদিনাখন ৰাতিপুৱা আকৌ ৰাজসভাৰ কাম-কাজ আৰম্ভ হওঁ হওঁ, দেশ-বিদেশৰ নানা ৰাজমিত্ৰ, ৰাজাসভাৰ তন্ত্ৰী-মন্ত্ৰী সকলোকে ৰজাই হাঁহিমুখে সম্ভাসন জনাই আছে… ঠিক এনে সময়তে- আকৌ এবাৰ ভাহি আহিল টুনটুনিৰ গান! পিছে টুনটুনিয়ে কৈছে কি?

“হৰিহৰি… হৰিহৰি!!
চোৱা ৰজাৰ বাহাদুৰী!
টুনটুনিৰ ধন কৰিলে চুৰি!!”

ৰাজসভাৰ সকলোৱে টুনটুনিৰ এই কথা শুনি হাঁহিব ধৰিলে৷ ৰজাই লাজতে ৰঙাচিঙা পৰি গ’ল, বদমাছ টুনটুনিটোয়ে জ্বলাই মাৰিলে! সভা ভাঙি গ’ল। ৰজা তাৰ অনুচৰক হুকুম দিলে, যেনেকৈ নহওঁক কিয় এই বদমাছ টুনটুনিটোক ধৰি আনিব লাগে। ৰজাৰ হুকুম কেনেকৈ অমান্য কৰা যায় ! সেয়ে অতি সোনকালে জালেৰে নানান কায়দা কৌশল কৰি অৱশেষত টুনটুনিক বন্দী কৰিলে চিপাহীহঁতে। ৰজাই নিজৰ লম্বা গোঁফত হাতেৰে পাক এটা মাৰি গৰ্বৰে চৰাইটোৰ ফালে চাই ক’লে- কিহে দুষ্ট, বদমাচ, ব্যভিচাৰী…৷ শিষ্টাচাৰ কাক কয় নাজানিছিলি হাঁ৷ এইবাৰ তোৰ কি হ’ব? কোনে বচাবলৈ আহিব তোক এইবাৰ? ৰজাই তাৰ সাতৰাণীক মাতি হুকুম দিলে এতিয়াই এই দুৰাচাৰী টুনটুনিটোক ভাজি পেলোৱা ! আজি মই ভাতৰ ল’গত এই টুনটুনি ভাজি খাম। ৰজা বেচ নিশ্চিন্ত মনেৰে এইবাৰ ৰাজসভালৈ গ’লেগৈ।

ইফালে সৰু সুন্দৰ টুনটুনি চৰাইটো ডাঙৰৰাণীয়ে হাতত লৈ চাই আছিলে৷ ডাঙৰ ৰাণীগৰাকীৰ পৰা এজন এজনকৈ টুনটুনি চৰাইটো শেষত সৰুৰাণীৰ হাতত পালেগৈ। সৰুৰাণীৰ বয়স নিচেই কম, সেইবাবেই তাই অলপ অসাৱধানীও৷ সৰুৰাণীয়ে চৰাইটোক ইহাত সিহাত কৰাতেই ফাঁকেদি হঠাৎ টুনটুনি ফুৰুৎকে উৰি পলাই গ’ল !!! সাত ৰাণীৰ মূৰত যেন আকাশখন ভাঙি পৰিল। এতিয়া উপায়? কি কৰা যায় এতিয়া !!! সকলোৱে সৰু ৰাণীক গালিশপনি দিয়াত লাগিল। ৰজা যদি খাবলৈ আহি টুনটুনি ভাজি নাপায় আজিযে কি হ’ব ভগৱানেহে জানে আৰু ! পিছে সৰু ৰাণীক গালি পাৰিলেইতো সমস্যাৰ সমাধান নহ’ব ! কিবা এটা উপায় ভাবিব লাগে অতি সোনকালে…! সাত ৰাণীৰ মাজত মাজুৰাণীগৰাকীৰ বুদ্ধি আটাইতকৈ বেছি৷ সেয়ে বাকি ৰাণীকেইগৰাকীয়ে তাইক খাটনি ধৰিলে ‘তুমিয়ে এটা বুদ্ধি দিয়ানা’ মাজুৰাণীয়ে ক’লে, যি হ’বলগীয়া আছিল হৈয়ে গৈছে৷ গতিকেই পুখুৰীৰ পৰা বেং এটাকে ধৰি আনি মহাৰজাক টুনটুনিটো বুলি ভাজি খুৱাব লাগিব, তাৰ বাহিৰে আৰু আন উপায় নাই! ইয়াত আমি কেইজনীয়েই আছোঁ আৰু কাকো নজনালেই হ’ল কথাটো৷ ৰজাই ভাৱিব তেওঁ টুনটুনি চৰাইটোৰে ভাজি খাই আছে। বুদ্ধিটো বাকি ৰাণীকেইগৰাকীৰ পছন্দ হ’ল৷ আৰু সেইমতেই কামটো কৰিলে। দুপৰীয়া ৰজাই খাব বহি খুউৱ গৰ্বিত ভাৱেই বেং ভাজিকে চৰাইটো বুলি খাব ধৰিলে আৰু টুনটুনিক উদ্দেশ্যি ক’লে “বদমাছ চৰাই এতিয়া পালিনে ৰজাৰ ল’গত কৰা ব্যৱহাৰৰ ফল ! হাঃ হাঃ হাঃ…

পিছৰদিনা ৰাজসভাৰ কাম আৰাম্ভ হৈছেহে মাত্ৰ ৰজা ৰাজসিংহাসনত বহি আছে, দুফালে দুজন সেৱিকাই চোঁৱৰ বুলাই মাখি খেদিছে, ৰজাই হাঁহিমনে প্ৰধানমন্ত্ৰীক সভাৰ কাম আৰাম্ভ কৰিবলৈ নিৰ্দেশ দিলে মাত্ৰ ঠিক সেই সময়তে ৰাজসভাৰ ওচৰৰ গছৰ ডালৰ পৰা দুষ্ট টুনটুনিয়ে গাই উঠিল-

“আহা হৰি হৰি,
চোৱা ৰজাৰ বাহাদুৰী…!
ইমান ডাঙৰ ৰজাহৈও
কৰে টুনটুনিৰ ধন চুৰি…!

ৰজা কেনে মজাটো পালি
টুনটুনি ভাজি খাবলৈ গৈ
বেঙ ভাজিকেই খালি “

ৰাজসভাত উপস্থিত সকলোৱে হাঃ হাঃ শব্দে হাঁহি দিলে। বেং ভাজি খোৱা ৰাজধৰ্মৰ নিষেধ ! তাৰোপৰি বেং হ’ল এটা অপৱিত্ৰ লেতেৰা জীৱ ! আৰু সেই বেঙকেই ভাজি কৰি খালে স্বয়ং ৰজাই ? ৰজা লাজে- অপমানে ৰাজসভাৰ পৰা উঠি প্ৰাসাদৰ অন্দৰ মহল পালেগৈ৷ অন্দৰ মহল পাইয়ে ৰজাই সৰুৰাণীক ল’গ পালে৷ খঙতে ৰজাৰ দুই চকু ৰঙা সৰুৰাণীয়ে ভয়তে ৰজাক সকলো কথা খুলি ক’লে৷ এইবাৰ খঙত ৰজাৰ কঁপিব ধৰিলে আৰু তাৰ পিছত একে একে সাত ৰাণীক মাতি আনি তৰোৱালেৰে গোটেই কেইজন ৰাণীৰ নাক কাটি দিলে। পিছৰদিনা ৰাজসভাৰ কাম আৰাম্ভ হোৱাৰ লগে লগে ডাঙৰ মাতেৰে সুৰ কৰি টুনটুনিয়ে আকৌ গাব ধৰিলে এটি নতুন গান-

“বাহঃ বাহঃ-কি মজা
টুনটুনি ভাজি খাব গৈছিল আমাৰ দেশৰ ৰজা,
খালে বেঙ ভজা !
ৰাণীয়ে ৰান্ধি খুৱালে বেং ভাজি ৰজাক,
সেই দোষতে কাটা গ’ল সাতৰাণীৰ নাক !!”

ৰজা খঙতে ৰঙা-চিঙা পৰি কঁপিব ধৰিলে আৰু ৰাজ-প্ৰাসাদ সকলোকে হুকুম দিলে, যেনেকৈ নহওক এই টুনটুনিক ধৰি আনিবই লাগিব- নহ’লে সকলোকে মৃত্যুদণ্ড দিয়া হব! ৰাজপ্ৰাসাদৰ সকলোৱে প্ৰাণৰ ভয়তে গোটেইদিন ইফালে-সিফালে টুনটুনিৰ পিছে পিছে খেদাখেদি কৰি অৱশেষত সন্ধিয়া তাক ধৰি আনিলে। ৰজা ইমানেই খঙত আছিলে যে, তেওঁ তেতিয়াই তাৰ এজন অনুচৰক হুকুম দিলে এতিয়াই এক গিলাচ পানী আনা মই এইবাৰ আৰু কাকোৱেই বিশ্বাস নকৰো, কেঁচাই কেঁচাই আজি এই টুনটুনিক খাম৷ অনুচৰে এগিলাচ পানী আনিলে আৰু ৰজাই এক মুহূৰ্ত্ততে টুনটুনিক কেঁচাই কেঁচাই গিলি দিলে !

অলপ সময়ৰ পিছত ৰজাই পেটৰ ভিতৰত টুনটুনি খচমচনি অনুভৱ কৰিব ধৰিলে। দুষ্ট টুনটুনিয়ে ৰজাৰ পেটৰ ভিতৰত খুটিব ধৰিলে৷ লাহে লাহে ৰজাই পেটৰ ভিতৰত অসহ্য যন্ত্ৰণাত ৰ’ব নোৱাৰি ৰাজবৈদ্যৰ কাষ চাপিল৷ ৰাজবৈদ্যই ৰজাক পাইখানা কৰিলেই সেই চৰাই ওলাই যাব বুলি উপদেশ দিলে। ৰজাই ভাবিলে যে যি উপায়ে নহওক কিয় টুনটুনিক জীৱন্তে যাব দিব নোৱাৰি নহ’লে ৰজাৰ সকলো মান সন্মান এই দুষ্ট চৰাইটোৱে শেষ কৰি পেলাব। এইবাৰ ৰজাই বিশ্বস্ত অনুচৰ কেইজন মানক ল’গত লৈ পাইখানা কৰিব গ’ল। ৰজাই হুকুম দিলে যে পাইখানা কৰাৰ সময়ত চৰাইটো ওলোৱা মাত্ৰকে তাক তৰোৱালেৰে কাটি দুচেও কৰিব লাগিব! ৰজাৰ অনুচৰ তৈয়াৰ হৈয়ে আছিলে, গতিকেই চৰাইটো ওলোৱাৰ লগেলগেই দিলে এক কোপ, কিন্তু তৰোৱালৰ সেই কোপ টুনটুনি চৰাইটোৰ ওপৰত নপৰি পৰিলেগৈ ৰজাৰ টিকাত, ৰজাই টিকাৰ এবখলা এৰাই বিষতে আঁআঁ উঁউঁ উঁহু উঁহু কৰিব ধৰিলে।

পিছৰদিনা পুৱা ৰাজপ্ৰাসাদৰ বাহিৰৰ গছ এটাৰ পৰা সুৰ কৰি টুনটুনিয়ে আকৌ গাব ধৰিলে এটি নতুন গান:

মই টুনিয়ে টুন-টুনালোঁ,
সাত ৰাণীৰ নাক কটালোঁ…
মই টুনিয়ে টুন-টুনালোঁ,
আমাৰ ৰজাৰ টিকা কটালোঁ।
এই দৰে বহু সময় গাই অৱশেষত ৰাজপ্ৰাসাদ এৰি টুনটুনি চৰাইটো চিৰদিনৰ বাবে উৰা মাৰি গুচি গ’ল।

( ৰূপকথা বোৰৰ আজি ঠাই লৈছেহি কাৰ্টুন চেনেল সমূহৰ ছোটা ভিম, ডৰেমন, অগী, মটু-পাতলু আদিয়ে… সেয়ে আমাৰ লোকসাধুকথা বোৰ আজি হেৰাই যোৱাৰ পথত । শিশু সকলোৰ মাজত অতি জনপ্ৰিয় এই কাহিনীটো অসমৰ আন ঠাইত প্ৰচলিত হয় নে নহয় বা তাৰ কিবা ছপা ৰূপ আছে নে নাই সেই বিষয়ে একোকেই নাজানোঁ । নিজে সৰুৰে পৰা শুনা আৰু আমাৰ অঞ্চলৰ অতি জনপ্ৰিয় এই সাধুকথাটো সেয়ে ইউনিকোড ৰূপান্তৰকৰণ কৰি ৰাইজলৈ আগবঢ়াই দিলোঁ। ৰাইজৰ সহাঁৰি আৰু প্ৰতিক্ৰিয়া পালে ভাল লাগিব)

সংগ্ৰহ : জয়দীপ চক্ৰৱৰ্তী

2.95833333333
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top