মূল পৃষ্ঠা / শিক্ষা / শিশুসকলৰ ক্ষেত্ৰ / ছেপাৰেচন এংজাইটী ডিছঅৰ্ডাৰ :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ছেপাৰেচন এংজাইটী ডিছঅৰ্ডাৰ :

ছেপাৰেচন এংজাইটী ডিছঅৰ্ডাৰৰ বিষয়ে লিখা হৈছে ।

 

শিশুৰ ক্ষেত্ৰত সততে প্ৰত্যক্ষ কৰা এটা অতি গুৰুত্বপূৰ্ণ সমস্যা হ’ল ছেপাৰেচন এংজাইটী । এংজাইটী, অৰ্থাৎ উদ্বিগ্নতাত আমি প্ৰত্যেকেই প্ৰায় প্ৰতিদিনেই কম-বেছি পৰিমাণে ভোগো । কিন্তু শিশু এটাই ভোগা এই ছেপাৰেচন এংজাইটীনো আচলতে কি ? সহজ ভাষাত ক’বলৈ হ’লে ছেপাৰেচন এংজাইটী ডিছঅৰ্ডাৰ হ’ল এনে এক অৱস্থা, য’ত শিশু এটাই নিজৰ জীৱনৰ লগত জন্মৰে পৰা গভীৰভাৱে সম্বন্ধ বা জড়িত হৈ থকা ব্যক্তি বা ঘৰৰ পৰা আঁতৰি থাকিব লগা হ’লে বা বিচ্ছিন্ন হৈ পৰিলে মাত্ৰাধিক উদ্বিগ্নতাত ভোগে । উদ্বিগ্নতাৰ মাত্ৰাধিক যন্ত্ৰণাই বাৰে বাৰে সিঁহতক অসুবিধা দিয়ে  । দেখা যায় যে, ‘মেজৰ এটাচমেন্ট ফিগাৰ’, অৰ্থাৎ পিতৃ-মাতৃ বা অভিভাৱক বা এনে ব্যক্তি, যাৰ লগত শিশুটো সৰুৰে পৰা এক বিশেষ সম্পৰ্কৰে ডাঙৰ হৈছে, তেওঁলোকক হেৰুওৱাৰ চিন্তাই সিহঁতক উদ্বিগ্ন কৰি তোলে । তেওঁলোকৰ কিবা অনিষ্ট হ’ব পাৰে বুলি শিশুটো চিন্তাত পৰে । সিহঁতক এনেকুৱা চিন্তাই খুলি খুলি খাবলৈ ধৰে যে কিজানি সিহঁতৰ পিতৃ-মাতৃ বা অভিভাৱক বেমাৰত পৰে, দূৰ্ঘটনাত পতিত হয়, কিবা দূৰ্যোগত পৰে, যদি তেওঁলোকৰ মৃত্যু হয় ইত্যাদি  । সিহঁতৰ জীৱনত  হ’ব পৰা কোনো দুৰ্ভাগ্যজনক ঘটনাই সিহঁতক পিতৃ-মাতৃ বা অভিভাৱকৰ পৰা আতঁৰাই ৰাখিব পাৰে বুলি অতিমাত্ৰা চিন্তা কৰিবলৈ ধৰে । উদাহৰণস্বৰূপে, শিশু এটাই ভাবিবলৈ ধৰে যে যদি সিহঁতক অপহৰণ কৰা হয়, নাইবা সিহঁত যদি হেৰাই যায়, কিবা দূৰ্ঘটনা হয় বা কিবা অসুখত পৰে । আনকি এনে শিশুৱে ঘৰৰ পৰা বা পিতৃ-মাতৃৰ পৰা বিচ্ছিন্ন হৈ পৰাৰ অনেক দুঃস্বপ্ন সঘনে দেখে বা দেখিব পাৰে । সপোনত সিহঁতে হয়তো কেতিয়াবা দেখে ক’লা কাপোৰ পিন্ধা কোনো দুষ্ট মানুহে সিহঁতক ধৰি লৈ গৈছে, বজাৰত বা কেতিয়াবা বাছেৰে মাকৰ লগত একেলগে গৈ থাকোতে ভিৰৰ মাজত হেৰাই গৈছে, নাইবা মাক-দেউতাক নিজে  ক’ৰবাত হেৰাই গৈছে, মাক-দেউতাকৰ মৃত্যু ঘটিছে ইত্যাদি । ছেপাৰেচন এংজাইটীত ভোগা শিশু এটাই টোপনিৰ সমস্যাত ভোগাও দেখা যায় । সাধাৰণতে শিশু এটাই টোপনি যাবৰ বাবে মাক-দেউতাক ওচৰতে থকাটো বিচাৰে । আনকি এই সমস্যা বেছি গভীৰ হৈ পৰিলে সিহঁত খন্তেক সময়ৰ বাবেও অকলে শোৱাতো জটিল হৈ পৰে । মাক দেউতাকৰ নিচেই ওচৰতহে শুবলৈ বিচাৰিব পাৰে । এনে শিশুৰ বহুতে আক’ এনে আচৰণ কৰাও দেখা যায় যে সিহঁতে আন্ধাৰলৈ ভয় কৰিবলৈ লয় । বিভিন্ন কল্পনাৰে সজা চিন্তাই সিহঁতক আমনি কৰিবলৈ ধৰে । এনে শিশুৱে ঘৰতে হওক বা ঘৰৰ বাহিৰতে হওক, মাক-দেউতাক বা অভিভাৱক লগত নাথাকিলে অসুবিধা পায় আৰু তেওঁলোকৰ অবিহনে ক’লৈকো যাবলৈও নিবিচাৰে । আনকি মাক-দেউতাকে জোৰ কৰিলেও বন্ধুৰ ঘৰ, খেলপথাৰ আদিলৈ যাবলৈ নিবিচাৰে ।

কোনো এটা শিশুৱে যেতিয়া স্কুললৈ নাযাওঁ বুলি কয় আৰু স্কুললৈ যোৱাৰ ঘোৰ বিৰোধিতা কৰে, তেতিয়া তাৰ সেই আচৰণৰ হয়তো বহুতো কাৰণ থাকিব পাৰে । কিন্তু সাধাৰণতে দেখা যায় যে শিশু এটাই স্কুললৈ যাবলৈ নিবিচৰাৰ বহুতো কাৰণৰ ভিতৰত হ’ব পৰা এটা প্ৰধান কাৰণ কিন্তু শিশুটোৰ ছেপাৰেচন এংজাইটী । নিজৰ ঘৰৰ চিনাকি পৰিৱেশ আৰু মাক-দেউতাকৰ পৰা বিচ্ছিন্ন কৰি শিশু এটাক যেতিয়া স্কুলত থৈ অহা হয়, শিশুটো এংজাইটীত ভোগে । অৱশ্যে এটা কথা ঠিক যে শিশু এটা মাক-দেউতাক বা প্ৰাথমিক তত্বাৱধায়কৰ পৰা বিচ্ছিন্ন হৈ পৰিলে কান্দি উঠা, তেওঁলোকক জোৰেৰে সাৱটি ধৰা, খং কৰা ইত্যাদিবোৰ শিশুটোৱে দেখুওৱা স্বাভাৱিক প্ৰক্ৰিয়া । কিন্তু এই আচৰণবোৰ যদি মাত্ৰাধিক হয় আৰু দীৰ্ঘদিন ধৰি থাকে, তেন্তে এই আচৰণ কেতিয়াও স্বাভাৱিক হ’ব নোৱাৰে । ছেপাৰেচন এংজাইটীত ভুগি স্কুললৈ যাবলৈ নিবিচৰা কেইবাটাও শিশু মই নিজেও প্ৰত্যক্ষ কৰিছোঁ । এই সমস্যাত ভোগা শিশুৰ ক্ষেত্ৰত কিছুমান শাৰীৰিক লক্ষণো প্ৰত্যক্ষ কৰা হয় । দেখা যায় যে সিহঁত যেতিয়াই মাক-দেউতাক বা কোনো Major attachment figure-ৰ পৰা আঁতৰ হ’ব লগা পৰিৱেশৰ উদ্ভৱ হয় সিহঁতে বাৰে বাৰে কিছুমান শৰীৰিক কষ্ট বা অসুবিধাৰ বিষয়ে অভিযোগ কৰে । উদাহৰণস্বৰূপে, সিহঁতৰ মূৰ বিষাবলৈ ধৰে, পেটৰ বিষ হ’ব পাৰে, বমিৰ ভাব হয় ইত্যাদি । কিছু ডাঙৰ শিশুৱে হয়তো এনেকৈও অভিযোগ কৰিব পাৰে যে তাৰ বুকু ধপ্‌ধপাইছে, মূৰ ঘূৰাইছে ইত্যাদি । খোৱা-লোৱাত সিহঁতে অসুবিধা পায় । বহুতে আকৌ মাক-দেউতাকৰ পৰা আঁতৰিবলগীয়া হ’লে নানা ওজৰ-আপত্তিৰে মাক-দেউতাকৰ ওচৰত পেনপেনাবলৈ ধৰে । মাক-দেউতাকক জোৰেৰে ধৰি কান্দিবলৈ ধৰে । সিহঁত বিৰক্ত হৈ পৰে ।

ছেপাৰেচন এংজাইটীত ভোগা শিশুৰ বিদ্যায়তনিক, সামাজিক বা আন বহুতো ক্ষেত্ৰত জটিলতা আহে । সিহঁতে স্কুললৈ যাবলৈ নিবিচৰা বাবে স্কুলত বয়স অনুযায়ী সময়মতে শিকিবলগীয়া বিভিন্ন কথা আৰু দিশত সিহঁত পিছপৰি ৰয়  । তদুপৰি লাহে লাহে সিহঁত হৈ পৰে সামাজিকভাৱে অকলশৰীয়া । সিহঁতক জন্মৰে পৰা গভীৰ সম্বন্ধৰে বান্ধ খাই থকা ব্যক্তিৰ পৰা যদি বিচ্ছিন্ন কৰি ৰখা হয় সিহঁত হৈ পৰিব পাৰে উদাসীন আৰু দুখী । তদুপৰি সিহঁতে খেলা-ধূলা কৰা বা কোনো কাম কৰাত অমনোযোগী হৈ পৰিব পাৰে  । লাহে লাহে নিজৰ আৰু মাক-দেউতাক বা পৰিয়ালৰ বাবে বিপদ সৃষ্টি কৰিব পৰা যিকোনো বস্তু বা পৰিৱেশৰ প্ৰতি সিহঁতে ভয় কৰিবলৈ ধৰে । উৰাজাহাজেৰে যাত্ৰা কৰা, হ’ব পৰা গাড়ীৰ দূৰ্ঘটনা, ভীতিপ্ৰদ বস্তু, কল্পনাৰে সজা কোনো দৈত্য, কোনো প্ৰতাৰক চোৰ, অপহৰণকাৰী বা যিকোনো বিপদ সৃষ্টি কৰিব পৰা চিন্তাই সিহঁতক জুৰুলা কৰিব পাৰে । আনকি বহুতৰ ক্ষেত্ৰত দেখা যায় যে, সন্ধিয়াৰ আন্ধাৰত যদি অকলে নিজৰ কোঠাত থাকে তেন্তে সিহঁতৰ এনে কিছুমান চিন্তা আহিব পাৰে যে কোনো মানুহে সন্ধানী দৃষ্টিৰে সিহঁতৰ কোঠলৈ চাই আছে, ভয়াৱহ কোনো জীৱ সিহঁতৰ ওচৰলৈ আগুৱাই আহিছে ইত্যাদি । এই সমস্যাত ভুগিলে ভুক্তভোগী শিশুৱে এনেকুৱাও কৰিব পাৰে যে যিয়ে সিহঁতক মাক-দেউতাক বা ঘনিষ্ঠজনৰ পৰা আতঁৰাই ৰাখিছে বা যাৰ বাবে বিচ্ছিন্ন হৈ থাকিব লগা হৈছে তেওঁৰ প্ৰতি খং প্ৰদৰ্শন কৰাৰ উপৰি আক্ৰমণাত্মক হৈ উঠিবও পাৰে । তদুপৰি গভীৰভাৱে ছেপাৰেচন এংজাইটীত ভোগা শিশুৰ আত্মহত্যা কৰাৰ সম্ভাৱনা থকাও দেখা যায় । যদি শিশু এটাই ছেপাৰেচন এংজাইটী ডিছঅৰ্ডাৰত ভুগিছে, তেন্তে সেই বিষয়ে সোনকালে চিনাক্ত কৰা খুব দৰকাৰী । গতিকে শিশু অৱস্থাত দেখুওৱা শিশুটোৰ প্ৰতিটো আচৰণ আমি খুব সতৰ্কতাৰে নিৰীক্ষণ কৰা উচিত । বহুতো পিতৃ-মাতৃ বা অভিভাৱকৰ ক্ষেত্ৰত দেখা যায় যে যদি তেওঁলোকৰ সন্তানটো স্কুললৈ যাবলৈ নাই বিচৰা, তেন্তে তেওঁলোকে তাৰ সেয়া ইচ্ছাকৃত আচৰণ বুলি ধৰি    লয় । কিন্তু আন বহুতো কাৰণৰ বাদেও ছেপাৰেচন এংজাইটীৰ বাবেও শিশুটো স্কুললৈ যাব নিবিচাৰিব পাৰে । প্ৰতিটো এংজাইটী ডিছঅৰ্ডাৰৰে চিকিৎসা বা নিৰাময় আছে । গতিকে পিতৃ-মাতৃ বা অভিভাৱকসকল এই বিষয়ত সজাগ হোৱা অতি প্ৰয়োজন । কেৱল উপযুক্ত সময়ত সঠিকভাৱে লোৱা নিৰাময় ব্যৱস্থাৰ জড়িয়তেহে তেওঁলোকে শিশুটোক সহায় কৰিব পাৰে ।

 

লেখিকা- জয়শ্ৰী বুঢ়াগোহাঁই(জিএনআৰচি স্বাস্থ্য)

2.75
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top