অংশিদাৰী

জোনবাই কুঁৱাত পৰিল

লোককথাৰ আধাৰত ৰচিত শিশুৰ বাবে এটি সুখপাঠ্য।

পুহ মহীয়া জাৰ। মধুকায়ে কুঁৱাৰ ভিতৰৰ পানীত জোনবাইজনীক দেখিলে। কঁপি আছে। মধুকাই বৰ দয়ালু। কেনেকৈ পৰি গ’ল বাইজনী কুঁৱাত? এই জাৰত জোনবাইজনী কেনেকৈ কুঁৱাত কঁপি কঁপি পৰি আছে দেহি ঐ! বেছেৰী উঠিব নোৱাৰা হ’ল ছাগৈ! মধুকায়ে দুবাৰ মান মাতিলে। কিন্তু জোনবাইজনীয়ে মাতবোল নকৰে।

কাইটিৰ বৰ বেয়া লাগিল।নিশাটো পানীত পৰি থাকিলে নিউম’নিয়া হ’ব। তেওঁ ৰছী এডাল বিচাৰি আনিলে। তাৰ আগত বৰশীৰ কাঁইট এডাল গাঠি দিলে। তেওঁ ৰছীডাল কুঁৱাৰ ভিতৰলৈ পেলাই দিলে। ক’লে, “তুমি চিন্তা নকৰিবা বাই, মই তোমাক তুলি আনিম”।

কাঁইটডাল গৈ শিলত লাগি ধৰিলে। কাইটিয়ে টানেহে টানে কিন্তু ৰছীডাল নাহে। পূৰ্ণিমাৰ বাই, সেয়ে ওজন বেছি – কাইটিয়ে মনে মনে ভাবিলে। গাৰ সকলো শক্তিৰে টানোঁতে ৰছী ছিগি কাইটি মাটিত তিকা থেকেচা খাই পৰিল। কঁকালত দুখ পাই কাইটিয়ে কান্দি পেলালে। এনেতে কাইটিৰ আকাশলৈ চকু গ’ল। আকাশত জোনবাইজনীয়ে হাঁহি আছে। -হওক তেও, বাইজনীক তুলিব পাৰিলোঁ… তিকা মোহাৰি মোহাৰি কাইটিয়ে ভাবিলে।

লিখক: পংকজ নেওগ

3.109375
হীৰেন Jul 14, 2019 07:21 PM

বহুত ভাল লাগিল আগলৈওঁ লিখিব বুলি আশা ৰাখিলো

ধন গগৈ Jun 14, 2018 08:00 PM

ভাল লাগিল দেই

কুসুম May 18, 2018 01:22 PM

ভাল লাগিল । আগলেও লিখি থাকিব ।

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top