অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

পাইথাগোৰাছ

পাইথাগোৰাছ

মহাজাগতিক স্ংগীতৰ সুৰ

আজিৰ পৰা প্ৰায় অৰ্দ্ধ শতিকাৰ আগেয়ে তীৰ্থনাথ শৰ্মাৰ সম্পাদনাত প্ৰকাশিত ষষ্ঠ শ্ৰেণীৰ পাঠ্যপুঠি ‘অসমীয়া সাহিত্য-স্ংগ্ৰহ’ত পাইঠাগোৰাছৰ নামটো দেখাৰ আৰু তেওঁৰ বিষয়ে দুটা কথা জনাৰ সুবিধা আমাৰ বহুতৰে হৈছিল। কালিৰাম বৈশ্যই ৰচনা কৰা এটা প্ৰৱন্ধত উল্লেখ কৰা হৈছিল যে পাইথাগোৰাছ একধৰণৰ ‘মৌলিক আলোচনামূলক শিক্ষাৰ পক্ষপাতী আছিল’। প্ৰবন্ধটোত আনকি পাইথাগোৰাছৰ এটা উপদেশবাণীও উদ্ধৃত কৰা হৈছিল: ‘ পাৰিলে সত কথাৰ আলোচনা কৰিবা, নহ’লে নীৰৱে থাকিবা।’ কালীৰাম বৈশ্যই লিখিছিল যে পাইথাগোৰাছে শিষ্যসকলক প্ৰথম ছবছৰ কাল নীৰৱে অধ্যয়ন কৰিবলৈ দিছিল। পিছত কোনো সজ কথা আলোচনা কৰিব পৰাকৈ জ্ঞান সঞ্চয় হ’লেহে তেওঁলোকৰ ভিতৰত কোনো বিষয়ে আলোচনা বা তৰ্ক কৰিবালৈ দিছিল। পাইঠাগোৰাছৰ শিক্ষা- প্ৰণালীৰ তাতপৰ্য এই আছিল যে আঁপইতা বুদ্ধিৰে কোনো গধুৰ বিষয়ত আলোচনাত যোগ দিলে নাইবা অমূলক কথাত কাল ঘৰণ কৰিলে বিদ্যাৰ্থীসকলৰ মিছাতে মানসিক শক্তিৰ অপচস্য হয়মাথোন।’ ‘অসমীয়া সাহিত্য স্ংগ্ৰহ’, ত্ৰিতীয় স্ংস্কৰণ, পৃ: ৯২। বৈশ্য ডাঙৰীয়াই ‘পিথাগোৰাছ’ এই বানান ব্যৱহাৰ কৰিছিল। প্ৰৱন্ধটোৰ শেষত সম্পাদকে ‘পিথাগোৰাছ’ৰ বিষয়ে এটা সৰু টোকাও যুটি দিছিল।

ছাত্ৰ-ছাত্ৰীয়ে পাইথাগোৰাছৰ নামটোৰ সৈতে পৰিচিত হোৱাৰ সুবিধা পায় সাধাৰণতে গণিতৰ পাঠ্যপুথিৰ জৰিয়তে। জ্যামিতিৰ এটা বিখ্যাত উপপাদ্য তেওঁ আগবঢ়াইছিল। পৰৱৰ্তী কালত সেই উপপাদ্যটো ‘পঈথাগোৰাছৰ উপপাদ্য’ নামেৰে ইউক্লিডৰ জ্যামিতিৰ কিতাপত স্ংকলিত হৈছিল। এই উপপাদ্যটোত কোৱা হৈছে যে সমকোণী ত্ৰিভুজৰ অতিভুজৰ বৰ্গ তাৰ অন্য দুটা বাহূৰ দুটা বৰ্গৰ যোগফলৰ সমান। (এইখিনিতে উল্লেখ কৰিব পাৰি যেপ্ৰাচীন ভাৰতিউইয় গণিতজ্ঞসকলেও স্বতন্ত্ৰ ভাৱে এই উপপাদ্যটোৰ সত্যতা প্ৰমাণিত কৰিছিল। জ্যামিতিক প্ৰাচীন ভাৰতত ‘শুলব-সূত্ৰ’ নামেৰে জনা গৈছিল আৰু সি বেদাংগৰ ‘কল্প-সূত্ৰ’ৰ অংগ আছিল। শুলব্‌কাৰসকলে পইথাগোৰাছৰ উপপাদ্যটোক নিজাকৈ আৱিস্কাৰ কৰিছিল। (দ্ৰষ্টব্য: ‘ প্ৰাচীন ভাৰতেৰ গনিতচিন্তা’-ৰমাতোষ চৰকাৰ, পৃ: ৭০)।

পাইথাগোৰাছ(আনুমানিক ৫৮০ খ্ৰিষ্টপূৰ্ব-৫০০খ্ৰীষ্টপূৰ্ব) নিজে আছিল এজন গ্ৰীক দাৰ্শনীক, গণিতজ্ঞ আৰু জ্যোতিৰ্বিজ্ঞানী। তেওঁৰ অনুগামীও আছিল বহূত। এই অনুগামীসকলে ভাতৃত্ববোধৰ দ্বাৰা পৰিচালিত ধৰ্মীয় স্ংঘৰ সৈতে তুলনীয় এটা স্ংঘই স্থাপন কৰিছিল। পাইথাগোৰাছে নিজে লিখা কিতাপ এতিয়া পাবলৈ নাই। কালৰ সোঁতত সেইবোৰ হয়তো হেৰাই গ’ল। কোনবোৰ পাইথাগোৰাছৰ নিজা মত আৰু কোনবোৰ তেওঁৰ অনুগামীসকলৰ মত সেই বিষয়েও এতিয়া কোনো থিৰাং সিদ্ধান্ত দিব পৰা নাযযায়। বৈজ্ঞানিক অনুসন্ধান আৰু ৰহস্যবাদী অস্পষ্টতা দুয়োটাই পাইথাগোৰাছৰ চিন্তাত যেন স্ংমিশ্ৰিত হৈ গৈছে। এতিয়া মাত্ৰ ইয়াকে ক’ব পৰা যায় যে গ্ৰীছ দেশৰ ছাম’ছ দ্বীপত জন্মগ্ৰহণ কৰা পাইথাগোৰাছে হয়তো ৰাজনৈতিক নিপীড়নৰপৰা হাত সাৰিব্লৈ দক্ষিণ ইটালীলৈ গুচি গৈছিল আৰু তাৰ ক্ৰ’ট’ন নামৰ চহৰখনত এটা শিক্ষানুষ্ঠান গঢ়ি তুলিছিল। লগতে আমি এইটোও জানো যে দাৰ্শনিক প্লেটো পাইথাগোৰাছৰ চিন্তাৰ দ্বাৰা গভীৰভাৱে প্ৰভাৱিত হৈছিল। প্লেটোৰ চিন্তাৰ জলঙাইদিহে আমি পাইথাগোৰাছক চাব পাৰো।   এম্‌পিড’ক্লিছ,হেৰ’ড’টাছ আদিয়ে পাইথাগোৰাছক এজন মহান শিক্ষক বুলি উল্লেখ কৰিছে। আনহাতে, হেৰাক্লাইটাছে তেওঁৰ বিষয়ে কুম্ভিলকতাৰ অভিযোগ আনিছিল আৰু তেওঁক অন্তদৃষ্টিবিহীন এজন সাধাৰণ ব্যক্তি বুলি গণ্য কৰিছিল। খুব সম্ভৱত: হেৰাক্লাইটাছে পাইথাগোৰাছৰ ৰহস্যবাদী চিন্তাৰ আগজাননী দেখিবলৈ পাইছিল Orophic cult-ৰসৈতে জড়িত কিছুমান লেখকৰ ৰচনাত।

গণিতজ্ঞ পাইথাগোৰাছে উপলব্ধি কৰিছিল যে বিশ্ব ব্ৰহ্মাণ্ডৰ অন্তৰালত আছে গাণিতিক সুষমা। এই গাণিতিক সুষমা মূলত: আকাৰগত, বস্তুগত নহয়। এই গাণিতিক সুষমাক স্ংখ্যাৰ পৰস্পৰিক সম্পৰ্কৰ দ্বাৰা ব্যক্ত কৰিব পৰা যায়। সংখ্যা আৰু স্ংখ্যাগত সম্পৰ্কৰ একৰুপতাসমূহক বাখ্যা কৰিব পৰা নাযায়। এইধৰণৰ চিন্তাৰপ্ৰা এখোজ আগুৱাই গৈ পাইথাগোৰাছৰ এই সিদ্ধান্তত উপনীত হ’ল যে বিশ্বজগতৰ অন্তৰালত আছে স্ংখ্যা আৰু স্ংখ্যাগত সম্পৰ্ক। এক গাণিতিক অন্তৰ্দৃষ্টি আৰু ৰহস্যবাদীচিন্তাৰ যেন সমাৱেশ ঘটিছে এই কথাখিনিৰ মাজত। গণিতৰ পথেৰে বিশ্বজগতৰ নিয়ম আৰু সত্যসমূহক উপলব্ধি কৰাৰ প্ৰয়াসৰ এটা দীঘলীয়া পৰম্পৰা আছে। সেই প্ৰম্পৰাৰ জনক পাইথাগ্গোৰাছ বুলি ক’ব পাৰি। পাইথাগোৰাছৰ এই মতটোৱে প্লেটোক প্ৰভাৱিত কৰিছিল। প্লেটোৱে তেওঁৰ একাডেমিৰ প্ৰৱেশদ্বাৰৰ তোৰণৰ ওপৰত খোদিত কৰোৱাই থৈছিল এইটো বাক্য : ‘যি সকলে জ্যামিতি নাজানে তেওঁলোকে ইয়াত প্ৰৱেশ নকৰিব।“ গেলিলিওৰ বাক্যতো এই চিন্তাৰ অনুৰণন শুনিবলৈ পোৱা যায় : ‘প্ৰকৃতি জগতৰ কিতাপখন গণিতৰ ভাষাত ৰচিত’।

একধৰণৰ গাণিতিক ৰহস্যবাদৰ পৃষ্ঠপোষকতাকৰা পাইথাগোৰাছে বোধহয় ভাবিছিল যে বিশ্বব্ৰ্হ্মাণ্ডৰ মূল সত্য আকাৰগত, ই গাণিতিক চিন্তাৰ্দ্বাৰা উপলব্ধ।স্ংখ্যা আৰু অংখ্যাগত সম্পৰ্কৰ বিষয়ে যিবোৰ কথা সত্য হ’ব বাস্তৱ জগতত উপলব্ধ বস্তুবোৰৰ বিষয়েও সেইবোৰ কথা সত্য হ’ব। গাণিতিক অনুসন্ধানে সেইবাবে পাইথাগোৰাছৰ চিন্তাত এক কেন্দ্ৰীয় স্থান লাভ কৰিছে। বৈপৰীত্যৰ দ্বন্দৰ ধাৰণাও তেওঁ গাণিতিক অনুসন্ধানৰ জৰিয়তেই আৱিস্কাৰ কৰিছিল, অসীম আৰু সসীমৰ দ্বন্দৰ স্ংখ্যাগত দিশ তেইঁ অনুধাৱন কৰিছিল। দ্বন্দমূলক পদ্ধতিৰ দূৰণিবটীয়া আগজাননীও যেন আমি ইয়াত পাঁও। গণিত আৰু দৰ্শনৰ স্ংযোগ সেতুৰে খোজখঢ়া মহান চিন্তাবিদসকলৰ তালিকা বৰ দীঘলীয়া। প্লেটো, ডেকাৰ্টো, স্পিনোজা, লাইবনিতছ, ৰাছেল আদিৰ নাম সেই তালিকাৰ অন্তৰ্ভুক্ত। এই তালিকাৰ সৰ্বপ্ৰথমত আছে পাইথাগোৰাছৰ নাম।

পাইথাগোৰাছ আছিল এজন জ্যোতিৰ্বিজ্ঞানীও। পৃথিৱীৰ চাৰিওফালে অন্য গ্ৰহ-উপগ্ৰহ আৰু নক্ষত্ৰসমূহ ঘূৰি আছে বুলি কৰা বিশ্বাসটোক তেওঁ গ্ৰহণ কৰা নাছিল। বৰ্ং তেওঁ কৈছিল যে পৃথিৱী, সূৰ্য আদিয়ে প্ৰদক্ষিণ কৰি আছে এক কেন্দ্ৰীয় অগ্নিক যি আমাৰ বাবে দৃশ্যমান নহয়।এই কথাখিনিৰ আঁত ধৰিয়েই পৰৱৰ্তী কালত ছাম’ছ দ্বীপৰ নামৰ এজন বিজ্ঞানীয়ে খ্ৰীষ্টপূৰ্ব ২৮০ চনমানত সৌৰকেন্দ্ৰিক ব্ৰহ্মাণ্ডৰ তত্বটো আগবঢ়ালে। জ্যোতিৰ্বিজ্ঞানী হিচাপে পাইথাগোৰাছে কোৱা আপাত দৃষ্টিত অদ্ভুত কথাবোৰৰ মাজতো কিছু চিন্তাৰ খোৰাক তেওঁৰ পৰৱৰ্তী জ্যোতিৰ্বিজ্ঞানীসকলে বিচাৰি পাইছিল।

পাইথাগোৰাছৰ সৈতে জড়িত হৈ আছে মহাজাগতিক সুৰ-সমলয়ৰ এটা বিখ্যাত ধাৰণা। পাইথাগোৰাছে ভাৱিছিল যে ‘আকাশৰ গ্ৰহ-নক্ষত্ৰসমূহৰ সঞ্চালনে এক সুৰ-সমলয়ৰ সৃষ্টি কৰে।’ পাইথাগোৰাছে হয়তো ভাৱিছিল যে সাঙ্গীতিক সুষমাৰ সৈতে মহাজাগতিক গ্ৰহ-নক্ষত্ৰসমূহৰ সঞ্চালনৰ সুষমাক তুলনা কৰিব পৰা যায়। মহাজাগতিক এক সাঙ্গীতিক সুৰ যেন তেওঁ শুনিবলৈ পাইছিল-ঠিক আক্ষৰিক অৰ্থত নহয় ৰুপকাত্মকভাৱে। (ইয়েই পাইথাগোৰাছৰ ৰ তত্ব, যাৰ বিষয়ে আলোচনা এৰিষ্টটলৰ নামৰ কিতাপক্খনত পোৱা যায়।) পাইথাগোৰাছৰ এই ধাৰণাৰ সৌন্দৰ্যই মুগ্ধ কৰিছিল প্লেটোক, মুগ্ধ কৰিছিল ৰোমান দাৰ্শনিক ক। এই সৌন্দৰ্যৰ ৰেঙণি আমি পাওঁ এ ৰচনা কৰা নামৰ ৰচনাখনত। পাইথাগোৰাছে বিশ্বাস কৰিছিল আত্মাৰ অবিনশ্বৰতা আৰু পুনৰ্জন্মৰ ধাৰণাক।

‘জীৱন্ত পুথিভৰাল আৰু চলন্ত মিউজিয়াম’ হিচাপে খ্যাতি লাভ কৰা দাৰ্শনিক পৰ্‌ফিৰিয়ে (আনুমানিক ২৩৩ খ্ৰী-৩০৫ খ্ৰী ৰচনা কৰা নামৰ কিতাপখনত গ্ৰীক দাৰ্শনিক এম্‌পিড’ক্লিছৰ (খ্ৰীষ্টপূৰ্ব ৫ম শতিকা) এটা কবিতা উদ্ধৃঅত কৰা হৈছে। কবিতাটোৰ অনুবাদ ইয়াত আগবঢ়ালো:

তেওঁলোকৰ মাজত আছিল তেতিয়া

বিৰল জ্ঞানৰ অধিকাৰী এজন মানুহ,

সকলো প্ৰজ্ঞা-প্ৰসূত কৰ্মৰ কৰ্তা,

সৰ্বোত্তম মানসিক সমৃদ্ধিৰ অধিষ্ঠাতা:

সমগ্ৰ বৌদ্ধিক শক্তি প্ৰয়োগ কৰি যিজনে সহজে

ইমান বেছি বস্তু প্ৰত্যক্ষ কৰিছিল যে সেইটো

আনৰ বাবে সম্ভৱ দহটা বা কুৰিটা জীৱনতহে।

চিন্তাৰ ইতিহাসত পাইথাগোৰাছৰ স্থান কি হ’ব পাৰে তাৰ ইঙ্গিত এই কথাখিনিৰ মাজতে সোমাই আছে।

প্ৰদীপ খাটনিয়াৰ, দৈনিক অসম

2.97222222222
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top